আখৰ জোঁটনি আৰু ইয়াৰ সমস্যাৰ সম্পৰ্কে সংক্ষিপ্ত অৱলোকন। A brief overview of the letter structure and its problems.
🖊️আখৰ জোঁটনি হ'ল ভাষা এটাৰ লিখিত ৰূপৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বিষয়। ভাষা এটাৰ লিখন আৰু পঠনৰ বাবে বৰ্ণ বা প্ৰতীকৰ আধাৰত যি শব্দগুচ্ছ লিখা হয়, প্ৰকৃততে সেয়াই হ'ল ভাষা এটাৰ আখৰ জোঁটনি।
ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে পদ্ধতিগত ভাৱে যি লিখন ৰীতি ভাষা শিকণত প্ৰয়োগ কৰা হয় সেয়াই ভাষাটোৰ আখৰ জোঁটনি। আনহাতে অসমীয়া হেমকোষ অভিধানৰ মতে আখৰ জোঁটনিৰ অৰ্থ- বৰ্ণ বিন্যাস, বানান, আখৰ জোঁটোৱা আৰু উচ্চাৰণ কৰা কাৰ্য (the art of spelling) ক বুজায়। পাশ্চাত্য সাহিত্যৰ লেখক মাৰিঅ' এ পাই ( Mario A. Pai) আৰু ফ্ৰাংক গায়েনৰ (Frank Gayenor) নামৰ দুগৰাকী লেখকৰ দ্বাৰা ৰচিত ভাষাৰ অভিধান "Dictionary Of Linguistic" ৰ মতে "কথিত শব্দ এটাৰ ৰূপদানৰ পৰম্পৰাগত উপায় আৰু ইয়াৰ পৰম্পৰাগত লিখিত ৰূপদানেই হৈছে জোঁটনি।" ( The conventional way of representing also the conventional represention in writing of a spoken word.)
উল্লেখযোগ্য যে ভাষা এটাত ব্যৱহৃত শব্দৰ আখৰ জোঁটনি যদি সঠিক আৰু শুদ্ধ নহয় তেন্তে অৰ্থ প্ৰকাশত বিভ্ৰান্তিৰ সৃষ্টি হয়। আন ভাষাৰ দৰে অসমীয়া ভাষাটো আখৰ জোঁটনিৰ প্ৰতিশব্দ ৰূপে বৰ্ণবিন্যাস, বানান , উচ্চাৰণ আদি শব্দ সৃষ্টিত প্ৰয়োগ কৰা হয়। অসমীয়া ভাষাৰ আখৰ জোঁটনিৰ ক্ষেত্ৰত ভাষাবিদৰ দ্বাৰা কিছুমান গুৰুত্বপূৰ্ণ নিৰ্দিষ্ট নিয়ম বান্ধি দিয়া পৰিলক্ষিত হয়। আখৰ জোঁটনিৰ ক্ষেত্ৰত এনে নিয়মবোৰ মানি নচলিলে ভাষাৰ শুদ্ধ প্ৰয়োগত আউল লাগে।
সাম্প্ৰতিক সময়ত আখৰ জোঁটনি সমস্যাই এক গুৰুতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। অসমীয়া ভাষাৰ আখৰ জোঁটনিৰ খেলিমেলিৰ অন্তৰালত কিছুমান গুৰুত্বপূৰ্ণ সমস্যা লুকাই আছে বুলি আমি আখৰ জোঁটনিৰ সম্পৰ্কে সঠিক ভাৱে অধ্যয়ন কৰিলে ঠাৱৰ কৰিব পাৰোঁ। তলত সমস্যা সমূহৰ সম্পৰ্কে আলোচনা আগবঢ়োৱা হ'ল।
প্ৰথম সমস্যা হ'ল আখৰ জোঁটনিৰ সুসমন্বয়ৰ অভাৱ। অসমীয়া ভাষাৰ আখৰ জোঁটনিৰ বেমেজালিৰ প্ৰধান সমস্যা বুলি ইয়াক গণ্য কৰিব পাৰি। কাৰণ অসমীয়া ভাষাত উচ্চাৰিত ধ্বনিমালা আৰু আখৰমালাৰ মাজত বৃহৎ প্ৰভেদ বা অসামঞ্জস্য দেখা যায় যাৰ ফলত অসমীয়া আখৰ জোঁটনিত সমস্যাৰ সৃষ্টি হৈ আহিছে। ভালদৰে গণনা কৰি চালে আপুনি দেখিব যে অসমীয়া ভাষাত ধ্বনিগত বৰ্ণতকৈ লিখিত আখৰ বহু পৰিমাণে বেছি। উদাহৰণস্বৰূপে, উচ্চাৰিত স্বৰবৰ্ণ মাথোন আঠোটা, কিন্তু আখৰ এঘাৰটা আছে। সেইদৰে উচ্চাৰিত ব্যঞ্জনবৰ্ণ তেইচটা আছে, কিন্তু লিখিত আখৰ আছে চল্লিশটা। অৰ্থাৎ স্বৰবৰ্ণ আঠটা আৰু ব্যঞ্জনবৰ্ণৰ তেইচটা মুঠ একত্ৰিশ(৮+২৩=৩১) টা বৰ্ণ লিখিবলৈ সৰ্বমুঠ একাৱন্ন (৪০+১১=৫১)টা আখৰ ব্যৱহাৰ কৰা হয়। উল্লেখ্য যে অসমীয়া ভাষাত একোটা বৰ্ণৰ বিপৰীতে একাধিক আখৰ প্ৰয়োগ কৰা হয় বাবে আখৰ জোঁটনিত খেলিমেলিৰ সৃষ্টি হয়। বিশেষকৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এনে অসুবিধাই বিশেষভাৱে প্ৰভাৱ পেলায়ছে। অৰ্থাৎ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ত এই সমস্যা উদ্ভৱ হোৱা পৰিলক্ষিত হয়।
দ্বিতীয়তে, হ্ৰস্ব আৰু দীৰ্ঘ ৰূপৰ প্ৰয়োগৰ সমস্যা। অসমীয়া ভাষাত 'ই' আ 'ঈ' এই বৰ্ণ দুটাৰ ভিতৰত হ্ৰস্ব/ই/ -- হে উচ্চাৰণ হয় বুলি জনা যায়। একেদৰে 'উ' আৰু 'ঊ' ৰ ক্ষেত্ৰত হ্ৰস্ব/উ/-- ৰ উচ্চাৰণ পোৱা যায়। গতিকে দুটা উচ্চাৰিত ধ্বনিৰ বাবে চাৰিটা আখৰ প্ৰয়োগ কৰাৰ কাৰণে সততে বানান ভুল হয়।
তৃতীয়তে, চ আৰু ছ প্ৰয়োগত উদ্ভৱ হোৱা সমস্যা । অসমীয়া ভাষাত চ আৰু ছ ৰ উচ্চাৰণ সদায় চ হয়। সেয়ে এই ধ্বনিৰ বিপৰীতে আখৰ প্ৰয়োগত সমস্যাই দেখা দিয়ে। শব্দ গঠন কৰিবলৈ অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয়। যেনে - ছাতি শব্দত 'চাতি' হ'ব নে 'ছাতি' হ'ব তাক সহজতে ঠিৰাং কৰিবলৈ অসুবিধা হয়। দিছপুৰ / দিচপুৰ, ছাল / চাল, --- আদি।
চতুৰ্থতে, ত/ট/ৎ , থ/ঠ , দ/ড , ধ/ঢ ,ন/ণ ৰ প্ৰয়োগত দেখা দিয়া সমস্যা। অসমীয়া ভাষাত সংস্কৃতৰ দন্ত্য আৰু মৰ্ধূন্য ধ্বনিৰ বিপৰীতে দন্তমূলীয় ত,থ,দ,ধ,ন ধ্বনিৰ উচ্চাৰণহে আছে । কিন্তু এই পাঁচোটা ধ্বনিৰ বিপৰীতে মুঠ এঘাৰটা ( ত/ট/ৎ , থ/ঠ , দ/ড , ধ/ঢ ,ন/ণ) আখৰ ব্যৱহাৰ কৰাৰ ফলত আখৰ জোঁটনিত খেলিমেলি সমস্যাৰ উদ্ভৱ হয়।
পঞ্চমতে শ,ষ,স -ৰ প্ৰয়োগত দেখা দিয়া সমস্যা। অসমীয়া ভাষাত শ,ষ,স - এই তিনিটা আখৰৰ ক্ষেত্ৰত কেৱল 'স' ৰূপতহে উচ্চাৰণ হয়। বাকী আখৰ কেইটা শ,ষ ৰূপত শব্দত উচ্চাৰণৰ প্ৰয়োগ কৰা নহয় । অথচ শ,ষ আখৰৰ জৰিয়তেও শব্দ গঠন কৰা হয়। গতিকে উচ্চাৰণগত কাৰণত শব্দ গঠনত খেলিমেলিৰ সৃষ্টি হয়। তদুপৰি অসমীয়া ভাষাত ষত্ববিধিৰ নিয়মো মানি চলিব লগীয়া হয়।
ষষ্ঠতে, ব আৰু ৱ ব্যৱহাৰত দেখা দিয়া সমস্যা। ৱ আৰু ব'ৰ উচ্চাৰণ অসমীয়া ভাষাত সুকীয়া সুকীয়া। ৱ ধ্বনিৰ উচ্চাৰণ শব্দৰ আদি অৱস্থানত অসমীয়া ভাষাত পাবলৈ নাই বা ৱ ধ্বনি শব্দৰ আদি অৱস্থানত নবহে বুলিলেও হয়। সেয়েহে সংস্কৃতৰ পৰা অহা বহু শব্দৰ আদি স্থানত থকা ৱ'ৰ উচ্চাৰণ ব হৈছে। যেনে - সংস্কৃতৰ 'ৱাণি'(কাপোৰ বোৱা কাৰ্য) শব্দৰ অসমীয়া ৰূপ 'বাণি' , 'ৱাণ' শব্দৰ অসমীয়া ৰূপ 'বাণ'(কাঁড়), 'ৱৰ্ণবিন্যাস' শব্দৰ অসমীয়া ৰূপ 'বৰ্ণবিন্যাস', -- আদি। এনে বহু উদাহৰণ উল্লেখ কৰিব পাৰি।
সপ্তমমতে, চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যা। অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ অবিহনে কিছুমান শব্দই অন্য অৰ্থ বহন কৰে নতুবা শব্দটো অৰ্থহীন হৈ পৰে। সেয়ে এনে শব্দত চন্দ্ৰবিন্দু প্ৰয়োগ কৰাটো অপৰিহাৰ্য হৈ পৰে। কিন্তু কোনবোৰ শব্দত চন্দ্ৰবিন্দু বহুৱাব লাগিব বা কোনবোৰত নালাগে আদি কথাবোৰ স্পষ্টকৈ নাজানিলে চন্দ্ৰবিন্দুৰ প্ৰয়োগত খেলেমেলিৰ সৃষ্টি হয়।
চন্দ্ৰবিন্দু হৈছে অসমীয়া ভাষাৰ এটা বিশিষ্ট ধ্বনি। চন্দ্ৰবিন্দু য'ত দিব লাগে ত'ত নিদিলে শব্দৰ অৰ্থ সলনি হৈ যায়। যেনে --
আঁহ --- আহি
বাঁহ ---- বাহ
পাঁচ -----পাচ
আঁহত --- আহত
কাঁহ -----কাহ , আদি।
অসমীয়া ভাষাত চন্দ্ৰবিন্দু সদায় স্বৰবৰ্ণৰ সৈতেহে বহে বা উচ্চাৰিত হয়। যেনে - অঁকা, অঁকৰা, আঁচনি, আঁক, আঁতৰি, আঁহ, ওঁঠ, ----আদি। চন্দ্ৰবিন্দু বহোৱাৰ আৰু বহু নিয়ম আছে। পৰৱৰ্তী সময়ত ইয়াৰ সম্পৰ্কে লিখিবলৈ প্ৰয়াস কৰা হ'ব।
অষ্টমতে, ৰ/ড় ৰ প্ৰয়োগত সমস্যা। অসমীয়া ভাষাত ৰ আৰু ড় আখৰ দুটাৰ উচ্চাৰণ 'ৰ' হয়। গতিকে কোনটো শব্দত ৰ আৰু কোনটো শব্দত ড় বহিব তাৰ কোনো ধৰাবন্ধা নিয়ম নাই যাৰ বাবে শব্দ গঠনত খেলিমেলিৰ সৃষ্টি হয়।
নৱমতে, উ আৰু ঊ বা অনুস্বাৰৰ উচ্চাৰণ একে যদিও আখৰ দুটা হোৱাৰ বাবে আখৰ জোঁটনিত খেলিমেলিৰ সৃষ্টি হয়। ক'ত উ-কাৰ আৰু ক'ত ঊ-কাৰ বহিব বাচনি কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয়।
দশমতে, জ, ঝ আৰু য (অন্ত:স্থ য) ৰ প্ৰয়োগত পৰিলক্ষিত হোৱা সমস্যা । এই তিনিওটা আখৰৰ উচ্চাৰণ 'জ' হয়। যাৰ বাবে শব্দ গঠনত খেলিমেলিৰ সৃষ্টি হয়।
উপৰোক্ত আলোচনাৰ পৰা বুজা গ'ল যে অসমীয়া ভাষাৰ আখৰ জোঁটনিত যথেষ্ট খেলিমেলি উদ্ভৱ হোৱা সমস্যা পৰিলক্ষিত হয় যিবোৰ আজিকোপতি আমাৰ ভাষাবিদ সকলে, বৌদ্ধিক সমাজে সমাধানৰ পথ প্ৰশস্ত কৰিব সক্ষম হোৱা নাই। অৰুণোদয় যুগতে মিছনেৰী লেখক তথা চিন্তাবিদ সকলে আখৰ জোঁটনিৰ সমস্যা নাইকিয়া কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সমৰ্থ নহ'ল। হেমচন্দ্ৰ, গুণাভিৰাম বৰুৱাৰ দিনত তেওঁলোকে সৃষ্টি কৰি থৈ যোৱা আখৰ জোঁটনিয়েই আজিও চলি আছে। যাৰ সহায়ত অসমীয়া ভাষা বৰ্ণবিন্যাসৰ দিশটো চলাই থকা হৈছে। আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে আমাৰ বয়োজেষ্ঠ্য অগ্ৰদূত সকলে এই ক্ষেত্ৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে আখৰ জোঁটনিৰ সমস্যা নাইকিয়া কৰি অৰ্থাৎ চমু কৰি নতুন প্ৰজন্মৰ ভাষা শিকনৰ পথ প্ৰশস্ত কৰিব।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
সংক্ষিপ্ত প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। - লেখক: দুদুল সোণোৱাল।
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
No comments:
Post a Comment
dudulsonowal32@gmail.com