Friday, September 5, 2025

বিদ্যালয়ত আগবঢ়াব পৰাকৈ এটা চমু ভাষণৰ আৰ্হি।

 এটা সাৰুৱা ভাষণ...

   পৰম শ্ৰদ্ধাৰ আজিৰ শিক্ষক দিৱস উপলক্ষে আয়োজিত সমৰ্দ্ধনা সভাৰ সভাপতি ডাঙৰীয়া, তথা উপস্থিত সহকৰ্মীবৃন্দ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়া আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল। 

        জয়জয়তে আজিৰ এই পৱিত্ৰ শিক্ষক দিৱসৰ শুভক্ষণত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
        আজিৰ দিনটো আমাৰ বাবে এক বিশেষ দিন। এই দিনটোতে আমি তথা ভাৰতৰ জনগণই আমাৰ মহান শিক্ষক, আমাৰ পথ প্ৰদৰ্শক, ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিন উদযাপন কৰি আহিছোঁ। আজিও তাৰেই বহিঃপ্ৰকাশ মাথোন। তেওঁৰ মহান আদৰ্শেৰে অনুপ্ৰাণিত হৈ আজি আমি এই দিনটোত শিক্ষকসকলক সন্মান আৰু শ্ৰদ্ধা নিবেদনৰ পৰম্পৰা পালন কৰি আহিছোঁ।
       শিক্ষকসকল হৈছে সমাজৰ এক চালিকা শক্তি। তেওঁলোকৰ অদম্য চেষ্টা আৰু ত্যাগৰ ফলতেই এজন সাধাৰণ মানুহ এজন আদৰ্শ নাগৰিকলৈ পৰিণত হয়। শিক্ষকসকলৰ কোনো নিৰ্দিষ্ট পৰিচয় নাই, তেওঁলোকে গোটেই জীৱনটোকে উৎসৰ্গা কৰে জ্ঞান বিতৰণ কৰিবলৈ আৰু নতুন প্ৰজন্মক এক উন্নত ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিবলৈ। 
       শিক্ষক হিচাপে, মই বিশ্বাস কৰোঁ যে আমাৰ দায়িত্ব কেৱল পাঠ্যপুথিৰ জ্ঞান দিয়াৰ মাজতেই সীমাবদ্ধ নহয়। আমাৰ দায়িত্ব হৈছে ছাত্ৰ-ছাত্ৰীসকলক সু-নাগৰিক হিচাপে গঢ় দিয়া, তোমালোকৰ মাজত নেতৃত্বৰ গুণ বিকশিত কৰা আৰু তোমালোকক জীৱনৰ সকলো প্ৰত্যাহ্বানৰ বাবে সাজু কৰি তোলা। আমি তোমালোকক কেৱল বিষয়-বস্তুৰ জ্ঞানেই নিদিওঁ, বৰঞ্চ তোমালোকৰ চৰিত্ৰ গঠনত সহায় কৰি আহিছোঁ আৰু তোমালোকক মানৱিক মূল্যবোধৰ প্ৰতি সজাগ কৰি আহিছোঁ। 
           আমি সকলোৱে জানো যে আজিৰ সময়ত শিক্ষাৰ লগত জ্ঞান আৰু কেৱল নম্বৰৰ প্ৰতিযোগিতা নহয়, ই হৈছে এক সুন্দৰ ভৱিষ্যত গঢ়ি তোলাৰ এক যাত্ৰা। এই যাত্ৰাত শিক্ষকসকল হৈছে সেই পথ প্ৰদৰ্শক যিয়ে ছাত্ৰ-ছাত্ৰীসকলক সঠিক পথত আগুৱাই নিয়াৰ বাবে তেওঁলোকৰ জীৱনত এক সঠিক দিশৰ নিৰ্দেশনা দিয়ে। 
       প্ৰতিজন ব্যক্তিৰে একোজন শিক্ষাগুৰু থাকে । এই শিক্ষক দিৱসৰ উপলক্ষে, মই মোৰ শিক্ষকসকলকো এই চেগতে শ্ৰদ্ধাৰে সুঁৱৰিছো। তেওঁলোকৰ অক্লান্ত পৰিশ্ৰম, ধৈৰ্য আৰু আমাৰ প্ৰতি থকা তেওঁলোকৰ মৰম আৰু স্নেহৰ বাবে ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ মহান ত্যাগৰ ফলত আজি আমি এই স্থানত উপবিষ্ট হ'বলৈ সক্ষম হৈছোঁ। 
     আজিৰ এই শুভ ক্ষণত, মোৰ ছাত্ৰ-ছাত্ৰীসকলক কও, শিক্ষক দিৱস আয়োজন কৰি যিদৰে শিক্ষাগুৰু সকলক সন্মান জনাইছা, অদূৰ ভৱিষ্যতলৈ এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ পাহৰি নাযাবা। শিক্ষাগুৰুক সদায় শ্ৰদ্ধা জনাবা, ভক্তি কৰিবা। তেতিয়াহে জীৱনত সফলতা লাভ কৰিবা। শিক্ষাগুৰুৱে প্ৰদান কৰা শিক্ষা আয়ত্ব কৰিবলৈ সদায় আগ্ৰহী হবা। নিজৰ জীৱন শিক্ষাৰ পোহৰেৰে আলোকিত কৰিবলৈ শিকাৰ বিনে গন্ত্যন্তৰ নাই। মনোযোগ আৰু ধাউতি নাথাকিলে শিক্ষা জীৱনত সফলতা লাভ কৰিব পৰা নাযায় । শিষ্টাচাৰী হ'বলৈ শিকিবা। ধৈৰ্য, সহিষ্ণুতা, অধ্যৱসায়,  শ্ৰদ্ধা, স্পষ্টবাদী, নম্ৰতা, বিনয়ী, সদাচাৰ, নিয়মানুবৰ্তিতা, সাধুতা, আদি গুণসমূহ আয়ত্ব কৰিবলৈ চেষ্টা কৰিবা। শৃংখলাবদ্ধ হ'বলৈ শিকিবা। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাতো গুৰুত্ব দিবা। মন সদায় স্থিৰ ৰাখিবা। তেতিয়াহে চিন্তাত আউল নালাগে। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ গাত এইসমূহ গুণৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে। যাৰ ফলত বিভিন্ন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত মনোমালিন্য সংঘটিত হোৱা পৰিলক্ষিত হৈছে। ভৱিষ্যত জীৱনৰ কাৰণে সপোন দেখিবলৈ চেষ্টা কৰিবা। সপোন আৰু কল্পনা হ'ল জীৱনৰ সোপান। যিয়ে সপোন দেখিবলৈ শিকে, সিয়ে জীৱনত ভাল ফল লাভ কৰিবলৈ সক্ষম হয়। গতিকে সপোন আৰু কল্পনা দুটা পৰিপূৰক শব্দ। নিজৰ ওপৰত বিশ্বাস ৰাখিবা, জীৱনত সফলতা লাভ কৰিব সক্ষম হবা। মনত ৰাখিবা জীৱনত সফলতা আৰু শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ চেষ্টাৰ বিনে গন্ত্যন্তৰ নাই । অধ্যৱসায় আৰু আন গুণসমূহ আয়ত্ব কৰি ইয়াক বাস্তৱত প্ৰয়োগ কৰি জীৱন সাৰ্থক কৰি তুলিব পাৰি। 
     তদুপৰি বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত ছাত্ৰীসকল পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। ইয়াৰ কাৰণ কি? নিশ্চয় ছাত্ৰী সকলে ধৈৰ্য আৰু অধ্যৱসায়ৰ জ্ঞান আয়ত্ত কৰিবলৈ চেষ্টা কৰিছে। একাগ্ৰতাৰে আৰু মনোযোগেৰে অধ্যয়ন কৰিছে। তদুপৰি নিজৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি আগবাঢ়ি যাবলৈ পণ কৰিছে। সময়ৰ কাম সময়ত সম্পন্ন কৰিলেহে জীৱনত সফলতা অৰ্জন কৰিব পাৰি। ইয়াৰ সমান্তৰালভাৱে আমাৰ ছাত্ৰসকলেও আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিব লাগিব। মই আজিৰ শুভ ক্ষণত তোমালোকৰ প্ৰত্যেকৰে জীৱন সুন্দৰ আৰু সফল হোৱাৰ আন্তৰিক কামনা কৰিছোঁ। 
আৰু বেছি নকওঁ।
       সদৌ শেষত এই শুভ ক্ষণত পুনৰাই মোৰ মৰম তোমালোকক নিবেদন কৰি মোৰ চমু বক্তৃব্যৰ সামৰণি মাৰিলো। 


বিদ্যালয়ত আগবঢ়োৱাৰ সুবিধাৰ্থে এই বক্তৃতাটো নমুনা যুগুত কৰি আগবঢ়ালোঁ। ধন্যবাদ। 


🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴

Friday, August 15, 2025

স্বাধীনতা দিৱস আৰু কিছু চিন্তা ...Independence Day and some thoughts ...

স্বাধীনতা দিৱস আৰু কিছু চিন্তা...
Independence day and some thoughts...



"জয় হিন্দ!" 
                 জাতীয় পতাকা উত্তোলন 
      আজি আমাৰ দেশৰ গৌৰৱৰ দিন! ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ পূৰ্বপুৰুষসকলে ২০০ বছৰীয়া ব্ৰিটিছ শাসনৰ শিকলি চিঙি 'স্বাধীন ভাৰত'ৰ সূৰ্য্য উদয় কৰিছিল। এই দিনটো কেৱল ইতিহাসৰ পৃষ্ঠাত এটা তাৰিখ নহয়—ই হ'ল এখন ত্যাগ, সংগ্ৰাম, আৰু বিজয়ৰ মহাকাব্য । আমি ইতিহাসৰ পাত লুটিয়ালে ইয়াৰ সত্যতা দেখিবলৈ পাওঁ। যেন এতিয়াও লক্ষ লক্ষ শহীদৰ তপত কেঁচা তেজৰ চেকুৰা বান্ধি আছে ইতিহাসৰ পাতে পাতে। আহকচোন জুমি চাওঁ। --

১. স্মৰণ :
         যি ত্যাগৰ বিনিময়ত আমি ভাৰতৰ জনগণই স্বাধীনতা ঘূৰাই পাইছোঁ সেই স্বাধীনতা আমাৰ বাবে মুকুতা সদৃশ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বাধীনতাৰ সম্পৰ্কে এইদৰে কৈ গৈছে -

"স্বাধীনতা কেতিয়াও ভিক্ষা কৰি পোৱা নাযায়, ইয়াৰ বাবে সংগ্ৰাম কৰিব লাগিব।” 

   লক্ষ লক্ষ শহীদৰ তপত কেঁচা তেজৰ বিনিময়ত প্ৰাপ্ত হৈছিল স্বাধীনতা। তেজেৰে ৰাঙলী হৈছিল আমাৰ তিৰংগা । ভগৎ সিং, চন্দ্ৰশেখৰ, মৌলানা আজাদ, সুভাষ চন্দ্ৰ বসু, লক্ষ্মীবাঈ, বাল গঙ্গাধৰ তিলক, ৰাজা ৰামমোহন ৰায়, সৰুজিনী নাইডু ... আৰু অসমৰ বীৰাঙ্গনা কনকলতা বৰুৱা, চন্দ্ৰপ্ৰভা শইকীয়ানী, মূলা গাভৰু, .. আদি বীৰ বীৰঙ্গনাসকলৰ আত্মবলিদানে স্বাধীনতা জীপাল কৰি ৰাখিছে। এইসকলৰ বীৰত্ব ইতিহাসৰ পাতত এতিয়াও লিপিবদ্ধ। অসমৰ কনকলতা বৰুৱা যি ১৬ বছৰ বয়সতে "ভাৰত মাতৃৰ জয়" বুলি মাটিত পৰিব ধৰা জাতীয় পতাকা লৈ আগবাঢ়িছিল বন্দুকৰ গুলিৰ মাজতো গহপুৰৰ থানাৰ অভিমুখে। মহানায়ক মহাত্মা গান্ধীয়ে কৈ গৈছে অহিংসাই পৰম ধৰ্ম। গান্ধীজীৰ ডাণ্ডী যাত্ৰা, আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন,ভাৰত ত্যাগ আন্দোলন , নেতাজীৰ আজাদ হিন্দ ফৌজ আদিয়ে আজিও আমাক অহিংসাৰ মূলমন্ত্ৰক সোঁৱৰাই দিয়ে। ভাৰতৰ জনতাক এই আন্দোলনে বহু শিকালে আৰু ভৱিষ্যত প্ৰজন্মলৈ এই শিক্ষা বিস্তাৰিত হ'ব। স্বাধীনতাৰ কোনো বিকল্প নাই । স্বাধীনতাৰ অবিহনে জাতিয়ে জীয়াই থাকিব নোৱাৰে। "যি জাতিয়ে নিজৰ স্বাধীনতাৰ বাবে যুঁজ দিব নোৱাৰে, সেই জাতি কেতিয়াও স্বাধীন হ'ব নোৱাৰে।" 

২. বৰ্তমানৰ দায়িত্ব : স্বাধীনতাৰ সপোন সাৰ্থক কৰা ইমান সহজ নহয়। ইয়াৰ বাবে লাগিব দেশৰ নাগৰিকৰ সৎপ্ৰচেষ্টা, সৎকৰ্ম আৰু সৎচিন্তা । স্বাধীনতা মানে কেৱল "পৰাধীনতাৰ অবসান" নহয় । প্ৰকৃততে ইয়াৰ অৰ্থ হ’ল পুনৰ্নিৰ্মাণৰ সুন্দৰ সুযোগ। এই সুযোগৰ আমি সদ্ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে স্বাধীনতাৰ সপোন বাস্তৱত সাৰ্থক হ'ব। জাতীয় পতাকা উত্তোলন কৰি সকলো সামৰি থ'লে সপোন সপোন হৈয়ে ৰব। এইখিনিতে জাতীয় পতাকাৰ সম্পৰ্কে দুআষাৰ ক'ব বিছাৰিছো। আজিৰ সময়তো বহুতো লোকে জাতীয় পতাকাৰ সৈতে সম্পৰ্কিত কিছুমান কথা নাজানে। জাতীয় পতাকাক কিয় সন্মান কৰা হয় ? জাতীয় পতাকাৰ ৰং তিনিটাৰ অৰ্থ কি? আদি প্ৰশ্নবোৰ বহুতৰ অজ্ঞাত। জাতীয় পতাকা প্রত্যেক দেশবাসীৰ বাবে অত্যন্ত শ্রদ্ধাৰ বস্তু। ই কেৱল এডোখৰ কাপোৰৰ টুকুৰা নহয়, বৰঞ্চ ই হ'ল দেশৰ স্বাধীনতা, সার্বভৌমত্ব, তথা ঐক্যৰ প্রতীক। জাতীয় পতাকা সন্মান আৰু মৰ্য্যদাৰো প্ৰতীক। জাতীয় পতাকাক ককালৰ তললৈ নমাই ল'ব নালাগে, ওলোটাই ল'ব নালাগে, ভৰিৰে গচকিব নালাগে। সেয়ে জাতীয় পতাকাক সম্মান কৰাটো প্রত্যেক নাগৰিকৰে কর্তব্য। ইয়াৰ তিনিটা ৰংৰ অৰ্থ হৈছে- গেৰুৱা ৰং ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক, বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক আৰু সেউজীয়া ৰং কৃষি আৰু সমৃদ্ধিৰ প্ৰতীক
      উল্লেখ্য যে আমাৰ দেশ ভাৰতৰ ভৱিষ্যৎ আমাৰ যুৱশক্তিৰ হাতত । দৰিদ্ৰতা দূৰীকৰণ, শিক্ষাৰ উন্নতি সাধন ,পৰিৱেশ ৰক্ষা, উদ্যোগীকৰণ আদি যুঁজত আমিয়েই হ'ব লাগিব অক্লান্ত সৈনিক। তেতিয়াহে আমাৰ দেশৰ বিকাশ নিশ্চিত হ'ব। বিশেষকৈ আমাৰ ছাত্ৰ-ছাত্ৰী সকলে এইক্ষেত্ৰত অধিক আগ্ৰহী আৰু মনোযোগী হোৱাৰ সময় সমাগত। আজিৰ ছাত্ৰ কালিলৈ দেশৰ ধৰণী। প্ৰকৃততে ছাত্ৰ-ছাত্ৰী সকলে হ'ল দেশৰ ভৱিষ্যতৰ নাগৰিক। সেয়ে নিতৌ নতুন নতুন উদ্ভাৱন, আৱিষ্কাৰ, পুনৰ্নিৰ্মাণ আদি কাৰকৰ সৈতে একাত্ম হৈ দেশক চহকী কৰাৰ কৌশল ৰচনা কৰিব লাগিব আজিৰ নতুন প্ৰজন্মই। এয়া মাথোঁ সময়ৰ দাবী। 
       বৰ্তমানৰ চৰকাৰে গান্ধীজীৰ স্বপ্নৰ "স্বচ্ছ ভাৰত"ক বাস্তৱত প্ৰতিফলিত কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছে। আমি সকলোৱে এই চেষ্টাক সমৰ্থন কৰা উচিত। 'স্বচ্ছ ভাৰত'ৰ পৰা "ডিজিটেল ভাৰত"লৈ—প্ৰগতিৰ পথত আমি আগুৱাই যাবলৈ হ'লে সকলোৱে সহায় সহযোগিতাৰ হাত আগবঢ়াব লাগিব।  

৩. ঐক্যৰ মন্ত্ৰ : বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সংমিশ্ৰণৰ পিছতো আমাৰ দেশ একতাৰ ডোলেৰে বান্ধ খাই আছে।এয়াই হৈছে বৈচিত্ৰ্যৰ মাজত এক্য। আচলতে 
"ভাৰত হৈছে এখন ফুলৰ তোৰণ। য'ত বিভিন্ন ফুলৰ সজ্জাৰে সজ্জিত হৈ সুশোভিত হৈ থাকে। ইয়াত যেন সকলো ধৰ্ম, ভাষা, সংস্কৃতিয়ে সুগন্ধি বিলাইছে।"  
— ড° এ.পি.জে. আব্দুল কালামে এনেদৰে সোঁৱৰাই গৈছে।
      অসমীয়া, আদিবাসী, বঙালী, পঞ্জাবী, তামিল, মাৰাঠী, গুজৰাটী .. আদি ভাষাৰ ৰংবোৰে সজোৱা আমাৰ সংস্কৃতি। সেয়ে আমাৰ সংস্কৃতিও বাৰেৰহণীয়া। সংস্কৃতিৰ তথা কৃষ্টিৰ পথাৰত এতিয়াও অসমৰ গৌৰৱ মহাপুৰুষ শংকৰদেৱ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম, বৰগীত, ভাওনা হৰিনাম আদিয়ে আমাক বিশ্বৰ দ্বৰবাৰত চিনাকি কৰাই থৈ গৈছে । নামঘৰে এতিয়াও আমাৰ সমাজক একতাৰ ডোলেৰে বান্ধি ৰাখিছে। এয়াই হৈছে মহাপুৰুষজনাৰ অমৰ সৃষ্টি।

৪. আহ্বানঃ 
     শিক্ষা হ’ল মূল অস্ত্ৰ যাৰ সহায়ত আমি নিজৰ লগতে সমাজ তথা দেশক আগুৱাই নিব পাৰোঁ। পাঠ্যপুথিৰ পৰা পৰীক্ষাগাৰলৈ আমি অতি উদ্যম আৰু মনোযোগেৰে জ্ঞান অৰ্জন কৰিবলৈ সাজু হ'ব লাগিব। আমাৰ লক্ষ্য হ'ব লাগিব - জ্ঞানেৰে আকাশ সজোৱা। গ্ৰামাঞ্চল উন্নয়ন হ'লেহে দেশৰ উন্নতি সম্ভৱ। গান্ধীজীৰ আদৰ্শমতে "গ্ৰাম স্বৰাজ" গঢ়িবলৈ হ'লে দেশৰ প্ৰতিজন নাগৰিক দায়বদ্ধ হ'ব লাগিব।  
দেশপ্ৰেমৰ মনোভাৱ পোষণ কৰি প্ৰতিজ্ঞা কৰিব লাগিব যে দেশৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত আমি কাৰোৰে সৈতে কোনো কাৰণত আপোচ নকৰোঁ। দুৰ্নীতি, অসাম্যৰ বিৰুদ্ধে থিয় দিয়াৰ মানসিকতা সৃষ্টি হলেহে দেশখন বিকাশৰ জখলাৰে উঠি উন্নতিৰ শিখৰলৈ আৰোহণ কৰিবলৈ সক্ষম হ'ব।  

৫. সামৰণি:

"স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ। আমি ইয়াক ৰক্ষা কৰাটো আমাৰ মৌলিক কৰ্তব্য।" কেৱল কথাৰ ফুলজাৰিৰে দেশ এখনৰ উন্নতি সম্ভৱ নে? নিশ্চয় নহয়। জনতাৰ সজচিন্তা,সজকৰ্ম, সজউপদেশ আদিয়েহে দেশৰ উন্নতিত প্ৰভাৱ পেলায়। সেয়ে ছাত্ৰ-ছাত্ৰী অৱস্থাৰ পৰাই এনে মহৎ গুণসমূহ আয়ত্ব কৰিবলৈ প্ৰয়াস কৰিব লাগে। বিভিন্ন শিক্ষাৰে নিজক শিক্ষাৱান কৰি নিজৰ লগতে সমাজক আগুৱাই নিবলৈ পৰাটোৱে শিক্ষাৰ সাৰ্থকতা। 
       অসামৰিক সেৱাত যোগ দিয়াৰ প্ৰয়াস কৰা, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফল কঢ়িয়াই আনি সমাজ আলোকিত কৰা আদি কাৰ্যৰ জৰিয়তে দেশপ্ৰেমমূলক মনোভাৱৰ প্ৰকট কৰিব পাৰিলেহে দেশ উন্নতি পথত ধাৱমান হ'ব। তদুপৰি জলবায়ু সুৰক্ষিত কৰিবলৈ - গছ ৰোপণ কৰা, বনাঞ্চল সংৰক্ষণত অৰিহণা যোগোৱা আদিৰ দৰে মহান কামসমূহ কৰি এজন সুনাগৰিক হিচাপে দায়িত্ব পালন কৰিব লাগিব। তেতিয়াহে ভাৰত মাতৃ অধিক শক্তিশালী হ'ব। এয়াই হ’ব আমাৰ সুৰঞ্জিত কৰ্মৰ অঞ্জলি।  

জয় হিন্দ! জয় আই অসম ।


লেখাটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পঢ়ি ভাল পালে এটা পৰামৰ্শমূলক মন্তব্য আগবঢ়াবলৈ নাপাহৰিব।
লেখক: দুদুল সোণোৱাল। শিক্ষক।
 

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Thursday, August 14, 2025

15 আগষ্ট আৰু 26 জানুৱাৰীত ভাৰতীয় জাতীয় পতাকা উত্তোলনৰ নিয়ম কি ? আপুনি জানেনে? জানো আহক।

    15 আগষ্ট আৰু 26 জানুৱাৰীত ভাৰতীয় জাতীয় পতাকা উত্তোলনৰ নিয়ম কি ? আপুনি জানেনে? জানো আহক।



    
     15 আগষ্ট আৰু 26 জানুৱাৰীত ভাৰতীয় পতাকা উত্তোলনৰ পদ্ধতিত পাৰ্থক্য আছে। ১৫ আগষ্টত, যাক স্বাধীনতা দিৱস বুলিও কোৱা হয়, পতাকাখন তলৰ পৰা ওপৰলৈ উত্তোলন কৰা হয়, আৰু ২৬ জানুৱাৰীত, যাক গণৰাজ্য দিৱস বুলি কোৱা হয়, পতাকাখন ওপৰত বান্ধি থকা অৱস্থাত উন্মোচন কৰা হয়। 

      প্ৰধানকৈ, এই দুটা দিনত পতাকা উত্তোলনৰ ক্ষেত্ৰত দুটা পদ্ধতি ব্যৱহাৰ কৰা হয়: 

স্বাধীনতা দিৱস (১৫ আগষ্ট):
     এই দিনটোত, পতাকাখন তলৰ পৰা ওপৰলৈ উত্তোলন কৰা হয়, যিটোৱে ঔপনিবেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ প্রতীক।
গণৰাজ্য দিৱস (২৬ জানুৱাৰী):
এই দিনটোত, পতাকাখন ওপৰত বান্ধি থকা অৱস্থাত থাকে আৰু ইয়াক উন্মোচন কৰা হয়, যিটোৱে সংবিধান গ্ৰহণ কৰাৰ প্রতীক।

অন্য কথাত ক'বলৈ গ'লে, স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰা হয় আৰু গণৰাজ্য দিৱসত পতাকা উন্মোচন কৰা হয়। 







🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺

Tuesday, August 12, 2025

ডালিম আৰু ইয়াৰ ঔষধি গুণ! জানো আহক। Pomegranate and its medicinal properties.

    ডালিম আৰু ইয়াৰ ঔষধি গুণ! জানো আহক। Pomegranate and its medicinal properties.
                               ডালিম 

     ডালিম (Pomegranate) এবিধ অতি পুষ্টিকৰ ফল, ইয়াৰ বহু উপকাৰী গুণ আছে। ডালিম বিশেষকৈ ঔষধি গুণ সমৃদ্ধ এবিধ গুল্মজাতীয় উদ্ভিদ।

     জনজাতীয় লোকসকলৰ মাজত ডালিম অতি প্ৰিয় ফল আৰু ইয়াৰ গা-গছৰ ছাল বিভিন্ন ঔষধৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰবাদ অনুসৰি ডালিম থাকিলে ভূত-প্ৰেত আতৰে। এয়া বিশেষকৈ গ্ৰাম্য সমাজৰ বিশ্বাস। ডালিমৰ কিছু অপকাৰী দিশো নথকা নহয়। তলত ডালিমৰ উপকাৰী আৰু অপকাৰী গুণসমূহ স্পষ্টকৈ উল্লেখ কৰা হ’ল:

ডালিমৰ উপকাৰী গুণ (Beneficial Aspects):
1. শক্তিশালী এণ্টিঅক্সিডেণ্ট সমৃদ্ধ :
   ডালিমত পলিফেনল , এন্থচায়ানিন আদি এণ্টিঅক্সিডেণ্ট থাকে যিয়ে দেহৰ কোষক ক্ষতি কৰা মুক্ত মূলক (Free radicals) ৰ পৰা ৰক্ষা কৰে, এইবিলাকে মানুহৰ বয়স ধৰি ৰখাত সহায় কৰে আৰু বিশেষকৈ ক্ৰনিক ৰোগৰ আশংকা কমায়।

2. হৃদযন্ত্ৰৰ ৰোগ নিৰাময়ত সহায়ক : 
   ই ৰক্তচাপ কমায় , Hypertension ৰোধ কৰে, তেজৰ ঘনত্ব ( Low-Density Lipoprotein ) নিম্ন স্তৰলৈ লৈ যায়। উল্লেখ্য যে তেজৰ ঘনত্ব কমিলে শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। আকৌ তেজত প্ৰ'টিনৰ পৰিমাণ (High Density Lipoprotein) বঢ়াবও পাৰে, ইয়ে ধমনীৰ কাঠিন্য (Atherosclerosis) ৰোধ কৰে। ইয়াৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোকৰ আশংকা হ্ৰাস পায়।

         DL cholesterol ৰ Low-Density Lipoprotein মানে হৈছে 'কম ঘনত্বৰ লিপ'প্ৰ'টিন' বুলি কোৱা হয়। ই এক প্ৰকাৰৰ কলেষ্টেৰল যি তেজত থাকে আৰু ইয়াক বেয়া কলেষ্টেৰল বুলি গণ্য কৰা হয়, কাৰণ ই তেজৰ নলীকাৰ ভিতৰত জমা হৈ হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে। LDL হৈছে এক প্ৰকাৰৰ লিপ'প্ৰ'টিন, যি কলেষ্টেৰলক তেজৰ নলীকাৰ মাজেৰে গোটেই শৰীৰলৈ কঢ়িয়াই নিয়ে। ই তেজৰ নলীকাৰ ভিতৰত জমা হৈ প্লেক (plaque) গঠন কৰিব পাৰে। ইয়াৰ ফলত হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি হয়। সেয়ে ইয়াক বেয়া কলেষ্টেৰল বোলা হয়।

3. প্ৰদাহ নাশক (Anti-inflammatory):
   ডালিমৰ ৰসে শৰীৰৰ প্ৰদাহ কমায়, যাৰ বাবে গাঁঠিৰ বিষ (Arthritis), স্থূলতা আদি ৰোগৰ চিকিৎসাত উপকাৰী হিচাপে চিহ্নিত।

4. কৰ্কট ৰোগৰ বিৰুদ্ধে সুৰক্ষা:
   গৱেষণামতে, ডালিমৰ এণ্টিঅক্সিডেণ্টসমূহে বিশেষকৈ প্ৰষ্টেট কেঞ্চাৰ, স্তন কেঞ্চাৰ আদিৰ কোষ বৃদ্ধি ৰোধ কৰাত সহায় কৰিব পাৰে।

5. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি:
    এটা ডালিমত দৈনিক প্ৰয়োজনৰ ৪০% ভিটামিন C আৰু জিংকৰ উপস্থিতিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

6. পাচনতন্ত্ৰৰ উন্নতি: 
   ডালিমত নিহিত থকা ফাইবেৰে হজমশক্তি উন্নত কৰে, কোষ্ঠকাঠিন্য ৰোধ কৰে, আৰু অন্ত্ৰৰ সুস্থ বেক্টৰীয়াক সমৰ্থন কৰে।

7. স্মৃতিশক্তি বৃদ্ধি :
   কিছুমান গৱেষণাই দেখুৱায় যে ডালিমে মগজুৰ কাৰ্যক্ষমতা উন্নত কৰি এলঝাইমাৰ বা হাপানী ৰোগৰ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

8. ৰক্তত শৰ্কৰা নিয়ন্ত্ৰণ: 
   ডালিমৰ ৰসে টাইপ-২ ডায়েবেটিছৰ ৰোগীৰ ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে। অৱশ্যে পৰিমিতভাৱে খালেহে এই সুফল পোৱা যায়।

ডালিমৰ অপকাৰী গুণ/সাৱধানতা (Side Effects/Precautions): ডালিম যিদৰে উপকাৰী গুণ সমৃদ্ধ সেইদৰে ই অপকাৰী গুণৰ ক্ষেত্ৰতো কম নহয়। কি কি কাৰণে ডালিম বেছিকৈ খোৱা অনুচিত তলত আলোচনা কৰা হৈছে।
1. চেনিৰ মাত্ৰা বেছি :
   ডালিমৰ ৰসত প্ৰাকৃতিক চেনিৰ মাত্ৰা অতি বেছি। ১০০ মিলি ৰসত ১৪ গ্ৰাম চেনি নিহিত থাকে। সেয়ে ডায়েবেটিছৰ ৰোগীয়ে সতৰ্কতাৰে ডালিম খাব লাগে। পৰিমিত ভাৱে খালে কোনো ভয়ৰ কাৰণ নাথাকে।

2. ঔষধৰ সৈতে বিক্ৰিয়া:  
   কিছুমান ঔষধ যেনে ৰক্ত পাতলকাৰী ৱাৰ্ফেৰিন, ৰক্তচাপ কমোৱা ঔষধ, ষ্টেটিন আদিৰ সৈতে ডালিমৰ ৰসে বিক্ৰিয়া কৰিব পাৰে। গতিকে এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

3. এলাৰ্জি:
   কেতিয়াবা ডালিম খোৱাৰ ফলত এলাৰ্জি হোৱাও পৰিলক্ষিত হয়। অৰ্থাৎ ডালিম খোৱাৰ পাছত চৰ্দি, ফোঁহা, খজুৱতি আদিৰ লক্ষণে দেখা দিব পাৰে। 

4. কিল'ৰীজ সমস্যা:
   চিকিৎসা বিজ্ঞানৰ গৱেষণামতে ডালিমৰ ৰসে কিডনিৰ অসুখী লোকৰ কিল'ৰীজৰ মাত্ৰা বঢ়াব পাৰে।

5. পেটৰ অসুবিধা:
   বেছি পৰিমাণে খালে পেট ফুলা, ডায়েৰিয়া বা বমি ভাব হ’ব পাৰে।

উপসংহাৰ:
ডালিম এবিধ অতি উপকাৰী চুপাৰফুড আৰু নিয়মিত সঠিক পৰিমাণে অৰ্থাৎ দৈনিক ১ কাপ ৰস বা অৰ্ধেক ডালিম খালে স্বাস্থ্যৰ বাবে অতি ভাল। কিন্তু ডায়েবেটিছ, কিডনি ৰোগ, বা ঔষধ চলি থকা লোক চিকিৎসকৰ লগত আলোচনা কৰি খোৱা উচিত। গোটেই ফলটো খোৱাতকৈ কেৱল ৰসখিনি খাওক, ই বেছি উপকাৰী কাৰণ ইয়াত ফাইবেৰৰ পৰিমাণ বেছি থাকে। অৱশ্যে ডালিমৰ উপকাৰিতা অপকাৰী গুণতকৈ বহুগুণে বেছি— সেয়ে শৰীৰৰ অৱস্থা বুজি পৰিমিতভাৱে ইয়াক আপুনি আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।


পঢ়ি চোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Thursday, August 7, 2025

পৰিৱেশীয় শিক্ষা কাক বোলে ? পৰিৱেশীয় শিক্ষাৰ আৰু শিক্ষণ পদ্ধতিৰ বিষয়ে আলোকপাত।

পৰিৱেশীয় শিক্ষা কাক বোলে ? পৰিৱেশীয় শিক্ষাৰ  আৰু শিক্ষণ পদ্ধতিৰ বিষয়ে আলোকপাত।  


    🌹 পৰিৱেশীয় শিক্ষা হৈছে পৰিৱেশৰ বিষয়ে জনা আৰু বুজাৰ এক শিক্ষণ প্ৰক্ৰিয়া, যাৰ যোগেদি পৰিৱেশৰ লগত মানুহৰ সম্পৰ্ক কেনে হ'ব লাগে আৰু পৰিৱেশৰ সুৰক্ষাৰ বাবে কি কৰিব লাগে, সেই বিষয়ে জ্ঞান লাভ কৰা যায়।

 পৰিৱেশীয় শিক্ষাৰ প্ৰয়োজনীয়তা হ'ল, ইয়াৰ দ্বাৰা মানুহে পৰিৱেশৰ প্ৰতি সচেতন হয়,জ্ঞান, দক্ষতা, মূল্যবোধ আদিৰ দৰে গুণসমূহ বিকাশ হয় যাৰ ফলত পৰিৱেশৰ সমস্যাবোৰ সমাধান কৰিবলৈ সুবিধা হয়। সেয়ে ইয়াক এক গতিশীল শিক্ষণ প্ৰক্ৰিয়া বুলিও কোৱা হয় য'ত ব্যক্তি বা গোটক পৰিৱেশ সম্পৰ্কীয় জ্ঞান, দৃষ্টিভংগী, মূল্যবোধ, আচৰণ আৰু দক্ষতা বিকাশৰ সুযোগ দিয়া হয়। পৰিৱেশৰ উপাদান- পানী ,বায়ু, মাটি, জৈৱবৈচিত্ৰ্য ,ইকোচিষ্টেম, প্ৰাকৃতিক সম্পদৰ গুৰুত্ব সম্পৰ্কে বিজ্ঞানসন্মত বোধগম্যতা বৃদ্ধি ঘটোৱাই হ'ল পৰিৱেশ শিক্ষাৰ লক্ষ্য। তদুপৰি পৰিৱেশীয় সংকট - জলবায়ু পৰিৱৰ্তন, বনাঞ্চল হ্ৰাস, প্ৰদূষণ, জৈৱবৈচিত্ৰ্যৰ ক্ষতি আদিৰ কাৰণ আৰু প্ৰভাৱৰ বিষয়ে শিকোৱাই হ'ল পৰিৱেশীয় শিক্ষাৰ লক্ষ্য।
      পৰিৱেশীয় শিক্ষা প্ৰদানৰ বাবে দুটা মুখ্য শিক্ষণ পদ্ধতি হ'ল- Project Method বা প্ৰকল্প পদ্ধতি আৰু Field Trip বা ক্ষেত্ৰ ভ্ৰমণ। 

পৰিৱেশীয় শিক্ষাৰ প্ৰয়োজনীয়তা:
      সমাজ-অৰ্থনীতি-পৰিৱেশৰ সমতা ৰক্ষা কৰি উন্নয়নৰ পথ সুগম কৰিবলৈ হ'লে পৰিৱেশীয় শিক্ষাৰ প্ৰয়োজনীয়তা আছে। সুস্থ আৰু নিৰ্মল পৰিৱেশ বৰ্তাই ৰাখিবলৈ হ'লে পৰিৱেশ শিক্ষাৰ বিকল্প নাই। তলত প্ৰয়োজনীয়তাৰ দিশবোৰ উল্লেখ কৰা হ'ল।-

ক) পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে পৰিৱেশীয় শিক্ষাৰ প্ৰয়োজন। এই শিক্ষাই মানুহক পৰিৱেশৰ সমস্যা যেনে- প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন, আৰু বন ধ্বংস আদিৰ বিষয়ে বুজাত সহায় কৰে।
খ) পৰিৱেশৰ সুৰক্ষা অটুট ৰাখিবলৈ পৰিৱেশীয় শিক্ষাৰ প্ৰয়োজন আছে। ইয়াৰ যোগেদি মানুহে পৰিৱেশৰ সুৰক্ষাৰ বাবে কি কৰিব লাগে সেই বিষয়ে শিকিব পাৰে।
গ) পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ জ্ঞান দিয়াত পৰিৱেশ শিক্ষা একক আৰু অন্যতম। পৰিৱেশীয় শিক্ষাই মানুহক পৰিৱেশৰ প্ৰতি অধিক দায়িত্বশীল কৰি তোলে।
ঘ) বহনক্ষম বিকাশৰ বাবে পৰিৱেশীয় শিক্ষাৰ অতীৱ প্ৰয়োজন। ইয়াৰ ফলত বহনক্ষম বিকাশৰ পথ মুকলি হয়।
ঙ) গুণগত জীৱন নিৰ্বাহ কৰিবলৈ হ'লে পৰিৱেশ শিক্ষাৰ গন্ত্যন্তৰ নাই। পৰিৱেশীয় শিক্ষাৰ ফলত মানুহে এখন সুস্থ আৰু ভাল পৰিৱেশত বাস কৰিবলৈ পায়। 
চ) প্ৰকৃতিৰ জটিলতা বুজিবলৈ- জীৱ-জন্তু, উদ্ভিদ, মাটি, পানী, বায়ু আদিৰ মাজৰ আন্তঃসম্পৰ্ক আৰু প্ৰাকৃতিক প্ৰক্ৰিয়া (যেনে: খাদ্য শৃংখল, পানীচক্ৰ) আদিৰ সম্পৰ্কে ভালদৰে বুজিবলৈ এই শিক্ষাৰ অতি প্ৰয়োজন। 
ছ) পৰিৱেশৰ সমস্যা চিনাক্তকৰণ আৰু বিশ্লেষণত এই শিক্ষাই সহায় কৰে। বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ , জলবায়ু পৰিৱৰ্তন, জৈৱবৈচিত্ৰ্য হ্ৰাস, অৰণ্য ধ্বংস আদিৰ কাৰণ, প্ৰভাৱ আৰু জটিলতাৰ বিশদভাৱে জানিবলৈ হ'লে পৰিৱেশ শিক্ষাৰ অত্যন্ত প্ৰয়োজন আছে।
জ) পৰিৱেশ সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু পৰিৱেশ ব্যৱহাৰৰ বাবে ব্যক্তিগত আৰু সমষ্টিগতভাৱে গ্ৰহণ কৰিব পৰা কাৰ্য্যকৰী পদক্ষেপসমূহ অন্বেষণ কৰিব পৰা যায়।
ঝ) দায়িত্বশীলতা আৰু সজাগতা বৃদ্ধিৰ বাবে পৰিৱেশীয় শিক্ষা হ'ল পথপ্ৰদৰ্শক। পৰিৱেশৰ প্ৰতি সংবেদনশীলতা, দায়িত্ববোধ আৰু নৈতিক মূল্যবোধ গঢ়ি তোলাৰ বাবে পৰিৱেশক বুজিব আৰু জানিব লাগিব। এই ক্ষেত্ৰত পৰিৱেশ শিক্ষাই হৈছে একমাত্ৰ সহায়ক আধাৰ। 
ঞ) ক্ৰিয়া প্ৰেৰণা যোগোৱা: জ্ঞানক কাৰ্য্যলৈ ৰূপান্তৰিত কৰি ব্যক্তি আৰু সমাজক পৰিৱেশ বান্ধৱী কৰাৰ সিদ্ধান্ত ল'বলৈ উৎসাহিত কৰাৰ ক্ষেত্ৰত পৰিৱেশ শিক্ষা অতি গুৰুত্বপূৰ্ণ। 
ট) পৰিৱেশীয় সংকটৰ বিৰুদ্ধে যুঁজ: জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, প্ৰাকৃতিক সম্পদৰ অপচয়, জৈৱবৈচিত্ৰ্যৰ ধ্বংস আদি বিশ্বব্যাপী সমস্যাৰ মূৰত আছে মানুহৰ কাৰ্য্য। পৰিৱেশীয় শিক্ষাই এইবোৰৰ কাৰণ, প্ৰভাৱ আৰু সমাধানৰ পথ দেখুৱায় । সেয়ে পৰিৱেশ শিক্ষাৰ অত্যন্ত প্ৰয়োজন।
ঠ) দায়িত্বশীল নাগৰিক গঢ়াৰ বাবে: ই জনসাধাৰণক সচেতন, তথ্যপ্ৰাপ্ত আৰু সক্ৰিয় নাগৰিক হিচাপে গঢ়ি তোলে যিসকলে পৰিৱেশ বান্ধৱী সিদ্ধান্ত ল'ব পাৰে আৰু চৰকাৰী নীতি সমালোচনাৰ দৃষ্টিৰে বিশ্লেষণ কৰিব পাৰে।
ড) সামাজিক ন্যায়: পৰিৱেশীয় সমস্যা (যেনে: বানপানী, খৰাং)ৰ প্ৰভাৱ সৰ্বত্ৰ সমানে নপৰে, দৰিদ্ৰ আৰু প্ৰান্তীয় জনগোষ্ঠী বেছি প্ৰভাৱিত হয়। পৰিৱেশীয় শিক্ষাই এই অসাম্যৰ প্ৰতি দৃষ্টি দিয়ে।
ঢ) স্থানীয় সমস্যা সমাধান: অসমৰ দৰে অঞ্চলত বানপানী, মাটিৰ খহনীয়া, অৰণ্য ধ্বংস, বন্যপ্ৰাণী -মানুহৰ সংঘৰ্ষ আদি স্থানীয় পৰিৱেশীয় সমস্যাৰ বিৰুদ্ধে স্থানীয়ভাৱে সমাধানৰ বাবে সক্ষমতা বৃদ্ধি কৰে।
 ণ) নৈতিক দায়িত্ব: আমাৰ ভৱিষ্যত প্ৰজন্মক এখন সুস্থ, সুন্দৰ আৰু সৰ্বসুৰক্ষিত পৃথিৱী দিয়াটো আমাৰ নৈতিক কৰ্তব্য। পৰিৱেশীয় শিক্ষাই এই দায়িত্ববোধ জাগ্ৰত কৰে।

পৰিৱেশীয় শিক্ষা প্ৰদানৰ শিক্ষণ পদ্ধতি: 
          সৰলকৈ ক'ব গ'লে, পৰিৱেশীয় শিক্ষা হ'ল প্ৰকৃতিৰ লগত থকা আন্তঃসম্পৰ্ক বুজি, তাৰ সুৰক্ষাৰ বাবে দায়িত্বশীলভাৱে কাম কৰিবলৈ শিকা প্ৰক্ৰিয়া। গতিকে এই শিক্ষা সুচাৰুৰূপে প্ৰদান কৰিবলৈ হলে পৰিৱেশীয় শিক্ষা গতিশীল আৰু পদ্ধতিগত হোৱা অতি প্ৰয়োজন। বিভিন্ন পদ্ধতিৰে এই প্ৰদান কৰিব পাৰি যদিও কেৱলমাত্ৰ দুটা পদ্ধতিৰ সম্পৰ্কে বহলাই আলোচনা কৰা হ'ল। 
১. Project Method বা প্ৰকল্প পদ্ধতি :  
     প্ৰকল্প পদ্ধতি হৈছে এটা শক্তিশালী, ক্ৰিয়া-ভিত্তিক আৰু অভিজ্ঞতামূলক শিকন পদ্ধতি। ইয়াত ছাত্ৰ-ছাত্ৰী সকলে বাস্তৱ জীৱনৰ পৰিৱেশ সম্পৰ্কীয় কোনো এটা সমস্যা বা বিষয়বস্তুৰ ওপৰত গৱেষণা, অনুসন্ধান, তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু সমাধানৰ বাবে প্ৰকৃত কাম-কাজত জড়িত হৈ শিকে। এই পদ্ধতিয়ে তেওঁলোকক সক্ৰিয়ভাৱে অংশগ্ৰহণ, সমালোচনাত্মক চিন্তা, সমস্যা সমাধান আৰু দলগত কাম কৰাৰ সুবিধা প্ৰদান কৰে। এই পদ্ধতিটোত ছাত্ৰ-ছাত্ৰীসকলে কোনো এটা নিৰ্দিষ্ট পৰিৱেশ সম্পৰ্কীয় বিষয়ৰ ওপৰত নিজে গৱেষণা কৰে আৰু নিজৰ অভিজ্ঞতাৰ ভিত্তিত এখন প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰে। ইয়াৰ ফলত তেওঁলোকে বিষয়টো গভীৰভাৱে বুজি পায় আৰু নিজৰ সমস্যা সমাধানৰ দক্ষতা বৃদ্ধি পায়। 
      প্ৰকল্প পদ্ধতিৰ বিভিন্ন বৈশিষ্ট্য আছে। ই বাস্তৱ সমস্যা -কেন্দ্ৰিক, শিক্ষাৰ্থীকেন্দ্ৰিক, ক্ৰিয়া ভিত্তিক, ব্যৱহাৰিক, পৰ্যবেক্ষণ আৰু প্ৰামাণিকৰণৰ সুবিধা আদিয়ে প্ৰধান।
   পৰিৱেশীয় শিক্ষাৰ বাবে প্ৰকল্প পদ্ধতি এক অতি ফলপ্ৰসূ পদ্ধতি। ই শিক্ষাৰ্থীক কেৱল পৰিৱেশৰ বিষয়ে জ্ঞান দিয়েই নহয়, তেওঁলোকক পৰিৱেশৰ সমস্যা সমাধানৰ বাবে কৃতকৰ্ম হিচাপে গঢ়ি তোলে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে প্ৰকৃত জীৱনৰ অভিজ্ঞতা লাভ কৰে, দায়িত্ববোধ আৰু কৰ্মপৰায়ণতাৰে পৰিৱেশৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ সক্ষম হয়। যদিও ইয়াৰ কিছু চেলেঞ্জ আছে, সঠিক পৰিকল্পনা, সম্পদৰ ব্যৱস্থাপনা আৰু শিক্ষকৰ সক্ৰিয় সহযোগিতাই প্ৰকল্প পদ্ধতিৰ জৰিয়তে পৰিৱেশীয় শিক্ষাক অধিক ফলপ্ৰসূ, আনন্দদায়ক আৰু অৰ্থপূৰ্ণ কৰি তুলিব পাৰে ।
২. Field Trip বা ক্ষেত্ৰ ভ্ৰমণ : ক্ষেত্ৰ ভ্ৰমণ (Field Trip) হৈছে পৰিৱেশীয় শিক্ষাৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰ্যকৰী আৰু জনপ্ৰিয় শিক্ষণ পদ্ধতি। ইয়াত শিক্ষাৰ্থীসকলক প্ৰকৃত পৰিৱেশৰ মাজলৈ (যেনে: অৰণ্য, পাহাৰ, নদী, জলাভূমি, উদ্যান, সংৰক্ষিত অঞ্চল, কৃষিক্ষেত্ৰ, উদ্যোগ, বনাঞ্চল, প্ৰাকৃতিক অভয়াৰণ্য আদি) লৈ গৈ প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ, অনুসন্ধান আৰু অভিজ্ঞতা লাভৰ সুবিধা কৰি দিয়া হয়। এই পদ্ধতিয়ে শ্ৰেণীকোঠাৰ সীমাবদ্ধতাক অতিক্ৰমি বাস্তৱ জগতৰ সৈতে পৰিৱেশৰ জটিল আন্তঃসম্পৰ্কৰ এক গভীৰ আৰু স্থায়ী ধাৰণা গঠনত সহায় কৰে। প্ৰত্যক্ষ অভিজ্ঞতাই পুথিগত জ্ঞানক বাস্তৱৰ সৈতে সংযোগ স্থাপন কৰি আহৰণ কৰা শিক্ষাক স্থায়িত্ব প্ৰদান কৰিব পাৰি।
ক্ষেত্ৰ ভ্ৰমণৰ ফলত শিক্ষাৰ্থীসকলৰ মনত বৈজ্ঞানিক অনুসন্ধানৰ মন জাগ্ৰত কৰে। পৰ্যবেক্ষণ,তথ্য সংগ্ৰহ, পৰীক্ষণ আৰু বিশ্লেষণৰ দক্ষতা বিকাশতো ই সহায় কৰে। পৰিৱেশৰ জটিলতা , প্ৰাকৃতিক প্ৰণালী- জৈৱিক চক্ৰ, খাদ্য শৃংখল, পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য, প্ৰদূষণৰ প্ৰভাৱ, সংৰক্ষণৰ প্ৰয়োজনীয়তা আদি প্ৰত্যক্ষ কৰাৰ ফলত এই জ্ঞান স্থায়ী হৈ ৰয়। পৰিৱেশৰ প্ৰতি সচেতনতা আৰু মূল্যবোধৰ জ্ঞান বৃদ্ধিত অৰিহণা যোগায়। প্ৰকৃতিৰ প্ৰতি ভালপোৱা, দায়বদ্ধতা আৰু সংৰক্ষণৰ মনোভাৱ গঠন কৰে।
প্ৰায়োগিক জ্ঞান আহৰণ কৰি পৰিৱেশ সংকট (যেনে: বানপানী, মাটি ক্ষয়ীভৱন, জৈৱবৈচিত্ৰ্য হ্ৰাস) আৰু ইয়াৰ সমাধানৰ পথসমূহ নিৰ্ণয় কৰিব পাৰি।
তদুপৰি দলগত কাম আৰু সমাজিক দক্ষতাৰ অভিজ্ঞতাই সহকৰ্মী, শিক্ষক আৰু স্থানীয় লোকৰ সৈতে কাম কৰাৰ সুযোগ দিয়ে।


++++++++++++++++++++++++++++++++++

Sunday, August 3, 2025

ভাৰতীয় শিক্ষালৈ মিছনেৰী সকলৰ অৱদান: সংক্ষিপ্ত আলোচনা ।

ভাৰতীয় শিক্ষালৈ মিছনেৰী সকলৰ অৱদান: সংক্ষিপ্ত আলোচনা । 




            🚀🚀   ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিকাশত মিছনেৰীসকলৰ অৱদান অতি গুৰুত্বপূৰ্ণ আৰু বহুমুখী। বিশেষকৈ ১৮ শতিকাৰ শেষৰ ফালৰ পৰা ১৯ শতিকাৰ মাজভাগলৈ তেওঁলোকে শিক্ষাৰ প্ৰসাৰ, আধুনিকীকৰণ আৰু স্থানীয় ভাষাৰ বিকাশত এক যুগান্তকাৰী ভূমিকা পালন কৰিছিল। তেওঁলোকৰ মূল অৱদানসমূহৰ বিষয়ে তলত আলোচনা আগবঢ়োৱা হৈছে । 

১. আধুনিক শিক্ষাৰ প্ৰতিষ্ঠা:
     ইউৰোপীয় মডেলৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় স্থাপন কৰিছিল আৰু ইয়াৰ জৰিয়তে ভাৰতত আধুনিক শিক্ষাৰ প্ৰসাৰ ঘটাইছিল। উদাহৰণস্বৰূপে চেৰামপুৰ ব্যাপ্টিষ্ট মিছনেৰী স্কুল, যিখন বিদ্যালয় ১৮১৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল। কলিকতাস্থিত আলেকজেণ্ডাৰ ডাফৰ জেনেৰেল অ্যাসেম্বলিজ ইনষ্টিটিউশ্যন আদি বিদ্যালয় সমূহ স্থাপন কৰি ভাৰতত শিক্ষাৰ ভেটি টনকিয়াল কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। তদুপৰি বহু ঠাইত প্ৰথমবাৰৰ বাবে মহিলা শিক্ষাৰ সুবিধাও আগবঢ়াইছিল।

২. স্থানীয় ভাষা বিকাশ:
     অসমীয়া, বাংলা, তামিল আদি ভাষাত ব্যাকৰণ, অভিধান, পাঠ্যপুথি ৰচনা কৰি ভাৰতৰ স্থানীয় ভাষাৰ বিকাশ আৰু উন্নতি সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
    অসমত বিভিন্ন জন মিছনেৰী আগশাৰীৰ ব্যক্তিয়ে বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষাৰ বিকাশত বৰঙণি আগবঢ়াইছিল। বিশেষকৈ নাথান ব্ৰাউনে অসমীয়া ব্যাকৰণ (১৮৪৮) আৰু মাইলছ ব্ৰনছনে "আৰ্যাবৰ্তৰ বুৰঞ্জী" (১৮৪৬) লিখি ভাষাৰ ভেটি মজবুত কৰিছিল। তদুপৰি ছপাশাল স্থাপন কৰিও (যেনে: শিৱসাগৰৰ অৰুণোদই ছপাশাল) স্থানীয় সাহিত্যৰ প্ৰচাৰ কৰিছিল।

৩. শিক্ষাৰ সাংগঠনিক ভেটি:
    শিক্ষাৰ সাংগঠনিক ভেটি টনকিয়াল কৰিবলৈ প্ৰশিক্ষণ স্কুল, টিচাৰ্স ট্ৰেইনিং ইনষ্টিটিউট স্থাপন কৰি শিক্ষক সৃষ্টি কৰিছিল। তাৰোপৰি শিক্ষাৰ ক্ষেত্ৰত পঞ্জীয়ন পদ্ধতি, পাঠ্যক্ৰমৰ মানদণ্ড উন্নতকৰণ আদি কাৰ্য্যৰ প্ৰৱৰ্তন কৰিছিল। 
       মিছনেৰীসকলে শিক্ষকসকলক কেৱল পাঠ্যক্ৰমৰ জ্ঞান বিতৰণকাৰী হিচাপে নহয়, বৰঞ্চ শিক্ষাৰ্থীৰ ব্যক্তিত্ব বিকাশৰ পথ প্ৰদৰ্শক হিচাপেও চাবলৈ কৈছিল। তেওঁলোকে শিক্ষাদানৰ পদ্ধতি সলনি কৰিবলৈ আৰু শিক্ষাৰ্থীসকলক অধিক মনোযোগী আৰু সৃষ্টিশীল কৰিবলৈ শিক্ষকসকলক উৎসাহিত কৰিছিল।

৪. উচ্চশিক্ষাৰ সূচনা:
   উল্লেখ্য যে কলিকতা, মিছনেৰী সকলে তেতিয়াৰ বোম্বাই, মাদ্ৰাজত প্ৰথম খ্ৰীষ্টান মহাবিদ্যালয় স্থাপন কৰি পশ্চিমীয়া বিজ্ঞান, দৰ্শন আদিৰ শিক্ষাৰ দ্বাৰ মুকলি কৰিছিল । ইয়াৰ উদাহৰণ হৈছে চেৰামপুৰ কলেজ, ১৮১৮ চনত এই মহাবিদ্যালয় স্থাপন কৰি ভাৰতত উচ্চ শিক্ষাৰ পাতনি মেলিছিল।

৫. সামাজিক পৰিৱৰ্তন:
     সমাজৰ অনুন্নত সম্প্ৰদায়ক শিক্ষাৰ সুযোগ দি সামাজিক সমতাৰ বাট মুকলি কৰিছিল মিছনেৰী সকলে। তাৰোপৰি বিপন্ন থলুৱা ভাষা সংৰক্ষণৰ ক্ষেত্ৰতো মিছনেৰীসকলে আন্তৰিকতাৰে আগভাগ লৈছিল বুলি জনা যায়। বালিকা শিক্ষা বা মহিলা শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰতো মিছনেৰীসকলে অৱদান আগবঢ়াইছিল। নাৰীৰ ক্ষমতা আহৰণৰ বাবে শিক্ষা যে অতি গুৰুত্বপূৰ্ণ তাক শিক্ষা ব্যৱস্থাৰ দ্বাৰা প্ৰতিপন্ন কৰিছিল ।

৬. শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশ: তেওঁলোকে শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশৰ উপৰিও মানসিক আৰু সামাজিক দিশৰ ওপৰত গুৰুত্ব দিছিল। তেওঁলোকে শিক্ষাৰ্থী সকলক কিতাপৰ জ্ঞানৰ উপৰিও জীৱনৰ প্ৰত্যাহ্বান সমূহৰ সৈতে মোকাবিলা কৰিবলৈ সাজু কৰাৰ পোষকতা কৰিছিল।

৭. ছপাশাল স্থাপন আৰু গ্ৰন্থ প্ৰকাশন:
      মিছনেৰীসকলে ছপাশাল স্থাপন কৰি বিভিন্ন কিতাপ, আলোচনী আৰু বাতৰি কাকত প্ৰকাশ কৰিছিল। ইয়াৰ ফলত জ্ঞানৰ বিস্তাৰ হৈছিল আৰু সাহিত্যৰ বিকাশ হৈছিল। উল্লেখ্য যে "অৰুণোদয়" নামৰ আলোচনীখন মিছনেৰীসকলে অসমত প্ৰকাশ কৰিছিল, যিয়ে অসমীয়া সাহিত্যলৈ এক নতুন দিশৰ উন্মোচন কৰিছিল।

 সমালোচনা আৰু সীমাবদ্ধতা:
 ক) বহু সমালোচকে কিছু ক্ষেত্ৰত ধৰ্মীয় প্ৰোপাগেণ্ডাৰ উদ্দেশ্য আছিল বুলি অভিযোগ কৰে।
 খ) স্থানীয় সংস্কৃতিৰ পৰিৱৰ্তে পাশ্চাত্য মূল্যবোধৰ প্ৰচাৰৰ প্ৰয়াস কৰিছিল।
 গ) ঔপনিৱেশিক শাসনৰ সৈতে তেওঁলোকৰ সম্পৰ্কক লৈ বিতৰ্ক আছে।

     মিছনেৰীসকলে ভাৰতত শিক্ষাৰ আধুনিকী- কৰণৰ ভেটি স্থাপন কৰিছিল, বিশেষকৈ আঞ্চলিক ভাষা, মহিলা শিক্ষা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰসাৰত তেওঁলোকৰ অৱদান অপৰিহাৰ্য্য। যদিও তেওঁলোকৰ কাৰ্য্য ঔপনিৱেশিক পৰিপ্ৰেক্ষিতত হৈছিল, ভাৰতীয় শিক্ষাৰ ইতিহাসত তেওঁলোকৰ প্ৰভাৱ স্থায়ী হৈ আছে।
মিছনেৰীসকলৰ এই অৱদানৰ ফলত ভাৰতত শিক্ষাৰ এক নতুন যুগৰ সূচনা হৈছিল আৰু ইয়াৰ ফলস্বৰূপে দেশৰ বিভিন্ন ক্ষেত্ৰত উন্নয়ন সম্ভৱ হৈছিল। উল্লেখযোগ্য ব্যক্তি মিছনেৰী ব্যক্তি হিচাপে উইলিয়াম কেৰি, আলেকজেণ্ডাৰ ডাফ, নাথান ব্ৰাউন, মাইলছ ব্ৰনছন আদিৰ নাম ল'ব পাৰি। 


লেখাটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Saturday, August 2, 2025

মুছলমান শাসনকালৰ শিক্ষা ব্যৱস্থা : এক সংক্ষিপ্ত বিৱৰণ। The Education System during the Muslim Rule: A short Overview.

মুছলমান শাসনকালৰ শিক্ষা ব্যৱস্থা : এক সংক্ষিপ্ত বিৱৰণ। The Education System during the Muslim Rule: A short Overview.




    ভাৰতবৰ্ষত মুছলমান শাসন, বিশেষকৈ দিল্লী চুলতানি বা পাঠানসকলৰ ১২০৬ চনৰ পৰা ১৫২৬ চনলৈ আৰু মোগল সাম্ৰাজ্যৰ ১৫২৬ চনৰ পৰা ১৮৫৭ চনলৈ কালছোৱাত শিক্ষা ব্যৱস্থাই এক স্বকীয় ৰূপ লৈছিল। ইছলামিক আদৰ্শৰ প্ৰভাৱত গঢ় লোৱা এই ব্যৱস্থাৰ মুখ্য বৈশিষ্ট্যসমূহ তলত সংক্ষিপ্ত ৰূপত বৰ্ণনা কৰা হ'ল:


১. শিক্ষাৰ আদৰ্শ আৰু বৈশিষ্ট্য :

ক) ধৰ্মীয় ভেটি : শিক্ষাৰ প্ৰাথমিক উদ্দেশ্য আছিল
ইছলামিক জ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ। কোৰান, হাদিছ (নবী মুহাম্মাদ) ৰ বাণী আৰু কাৰ্য্য , ফিক্হ (ইছলামিক আইন), তৌহিদ (ঈশ্বৰতত্ত্ব) আদি শিকোৱাটো মুখ্য আছিল। ধৰ্মীয় নেতা (উলেমা), ক্বাৰী (কোৰান পাঠ কৰাজনক ক্কাৰী বোলা হয়), মুফতি (আইনবিদ) আদি গঢ়ি তোলাই আছিল মুখ্য লক্ষ্য।
খ) চৰকাৰী আৰু প্ৰশাসনিক প্ৰয়োজন: সাম্ৰাজ্য চলোৱাৰ বাবে প্ৰয়োজন হোৱা দক্ষ প্ৰশাসক, আমোলা (কৰ্মচাৰী), সেনাধ্যক্ষ, লেখক (কাতিব), পণ্ডিত আদিক সাজু কৰাটোও এক গুৰুত্বপূৰ্ণ উদ্দেশ্য আছিল। ভাষা (পাৰ্চী, আৰবী), সাহিত্য, ইতিহাস, ভূগোল, ৰাজনীতি আদি বিষয় ইয়াৰ অন্তৰ্ভুক্ত আছিল।
ই) ব্যক্তিগত বিকাশ: যুক্তি, নৈতিকতা, চৰিত্ৰ গঠন, সামাজিক দায়িত্ববোধৰ বিকাশ আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল। চুফীবাদৰ (ইছলামিক ৰহস্যবাদ) প্ৰভাৱত আধ্যাত্মিক বিকাশৰ ধাৰণাও জনপ্ৰিয় আছিল।
ঘ) ব্যৱহাৰিক শিক্ষা: চিকিৎসা বিদ্যা , জ্যোতিষ শাস্ত্ৰ, গণিত, ভূগোল, স্থাপত্যকলা, শিল্পকলা আদিৰ দৰে ব্যৱহাৰিক জ্ঞানকো উৎসাহিত কৰা হৈছিল । তদুপৰি চিত্ৰকলা, সংগীত আদিৰ ক্ষেত্ৰতো বিশেষকৈ মোগল যুগত উৎসাহিত কৰা হৈছিল।
ঙ) সহিষ্ণুতা আৰু সংমিশ্ৰণ :বিশেষকৈ মোগল যুগত আকবৰৰ দৰে সম্ৰাটসকলে এক  ধৰ্মনিৰপেক্ষ আৰু সমন্বয়বাদী শিক্ষাৰ ধাৰণা আগবঢ়াইছিল। ফতেহপুৰ চিক্ৰিৰ 'ইবাদত খানা'ৰ দৰে স্থানত বিভিন্ন ধৰ্মৰ পণ্ডিতসকলৰ মাজত আলোচনা হৈছিল। সংস্কৃত আদি ভাৰতীয় ভাষা আৰু দৰ্শনৰ অধ্যয়নকো পৃষ্ঠপোষকতা কৰা হৈছিল।

২. শিক্ষাৰ সংগঠন আৰু অৰ্থনীতি : সেই সময়ত শিক্ষা ব্যৱস্থা কেনেধৰণৰ আছিল আৰু ধনৰ উৎস কি আছিল সেই সম্পৰ্কে আলোচনা কৰা হৈছে।

ক)প্ৰাথমিক শিক্ষা (মুক্তাব): গাঁৱে-ভূঞে, পৰিয়াল সমূহৰ অঞ্চল(মহল্লা) ত স্থাপন কৰা হৈছিল শিক্ষালয়। ইয়াত শিশুসকলে আৰবী লিপি, কোৰানৰ আয়াত, প্ৰাথমিক গণিত, ধৰ্মীয় নীতি-নিয়ম আদি শিকিছিল। এই শিক্ষা প্ৰায়ে স্থানীয় মছজিদৰ লগতো সংলগ্ন হৈ আছিল।
খ) উচ্চ শিক্ষা (মাদ্ৰাছা): দিল্লী, আগ্রা, লাহোৰ, জৌনপুৰ চহৰসমূহত উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াত ধৰ্মশাস্ত্ৰ, দৰ্শন, আইন, যুক্তিবিদ্যা, সাহিত্য, গণিত, জ্যোতিষ, চিকিৎসা আদি উচ্চতৰ বিষয় শিকোৱা হৈছিল। বিখ্যাত মাদ্ৰাছাসমূহ আছিল দাৰ-উল-বাকা (ফতেহপুৰ চিক্ৰি), মাদ্ৰাছা-ই-ৰহিমিয়া (দিল্লী) আদি।

৩. অৰ্থনৈতিক ব্যৱস্থা:
    ক)ৰাজকীয় পৃষ্ঠপোষকতা: সম্ৰাট, চুলতান আৰু উচ্চপদস্থ চৰকাৰী বিষয়াসকলে মাদ্ৰাছা স্থাপন আৰু চলোৱাৰ বাবে ডাঙৰ ডাঙৰ ধন-সম্পত্তি দান কৰিছিল। এইবোৰক ৱাকফ (ধৰ্মীয় অনুষ্ঠানলৈ স্থায়ী দান) বুলি কোৱা হৈছিল। ৱাক্ফৰ জৰিয়তে হোৱা অৱদানৰ পৰা শিক্ষানুষ্ঠানৰ খৰচ চলিছিল।
   খ) সামাজিক দান: ধনী ব্যক্তি, বণিক, চাহাবা সকলেও মুক্তাব আৰু মাদ্ৰাছাত পৃষ্ঠপোষকতা কৰিছিল।
   গ) বিনামূলীয়া বা নামমূলীয়া : বহুতে শিক্ষা বিনামূলীয়াকৈ বা নাম মাত্ৰ হাৰত লাভ কৰিছিল। মাদ্ৰাছাসমূহত থকা, খোৱা আৰু পঢ়া-শুনাৰ বিনিময়ত শিক্ষাৰ্থীসকলে প্ৰায়ে সেৱা আগবঢ়াইছিল বা সামান্য ফিজ দিছিল।
    ঘ) শিক্ষকৰ জীৱিকা: শিক্ষকসকলে (মৌলবী, মৌলানা) সাধাৰণতে ৱাক্ফৰ পৰা পোৱা আয়, ছাত্ৰ-ছাত্ৰীৰ পৰা পোৱা ফিজৰ (হাদিয়া), বা আন কাম-কাজৰ জৰিয়তে উপাৰ্জন হোৱা ধন লাভ কৰি জীৱন নিৰ্বাহ কৰিছিল।

৪. পাঠ্যক্ৰম, পদ্ধতি আৰু শিক্ষক-শিক্ষাৰ্থী সম্পৰ্ক: মাদ্ৰাছাত প্ৰকৃততে কি শিকাইছিল, কেনেকৈ শিকাইছিল আৰু সম্পৰ্ক কেনেকুৱা আছিল সেই সম্পৰ্কে আলোচনা কৰা হৈছে।

ক) পাঠ্যক্ৰম: পাঠ্যক্ৰম আছিল ধৰ্মীয় বিষয়ৰ সৈতে জড়িত। কোৰান, হাদিছ, ফিক্হ (ইছলামিক আইন), তফছিৰ (কোৰানৰ ব্যাখ্যা), কালাম (ইছলামিক দৰ্শন) আদি বিষয়বস্তুৰ ওপৰত শিক্ষা প্ৰদান কৰা হৈছিল।
    খ) ভাষা আৰু সাহিত্য: আৰবী (ধৰ্মীয় ভাষা), পাৰ্চী (ৰাজকীয় আৰু সাহিত্যিক ভাষা), কেতিয়াবা সংস্কৃত, স্থানীয় ভাষা (যেনে হিন্দী/উৰ্দুৰ আদি ৰূপ) আদি ভাষাত শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। উল্লেখযোগ্য যে পাৰ্চী কবিতা আৰু গদ্যৰ ওপৰত বিশেষভাৱে গুৰুত্বও দিয়া হৈছিল।
     গ) দৰ্শন আৰু যুক্তিবিদ্যা: গ্ৰীক দৰ্শন বিশেষকৈ এৰিষ্টটল , ইছলামিক দৰ্শন, যুক্তিবিদ্যা আদিৰ সম্পৰ্কেও শিকোৱা হৈছিল।
     ঘ) বৈজ্ঞানিক বিষয় : গণিতৰ ক্ষেত্ৰত বীজগণিত, জ্যামিতি , জ্যোতিষশাস্ত্ৰ (জ্যোতিবিদ্যাৰ লগত মিশ্ৰিত), ভূগোল, চিকিৎসাবিজ্ঞান , প্ৰাকৃতিক বিজ্ঞান আদিক বৈজ্ঞানিক বিষয় হিচাপে শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছিল।
     ঙ) ব্যৱহাৰিক কলা: ৰাজকীয় পৃষ্ঠপোষকতাত স্থাপত্যকলা, চিত্ৰকলা (বিশেষকৈ মোগল চিত্ৰকলা), সংগীত আদিৰো শিক্ষা দিয়া হৈছিল।
 
৫. শিক্ষণ পদ্ধতি:
    ক) শিক্ষণ পদ্ধতি মৌখিক আৰু স্মৃতিনিৰ্ভৰ আছিল । মুখস্থ কৰাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া হৈছিল । বিশেষকৈ ধৰ্মীয় গ্ৰন্থ আৰু কবিতা সমূহ মুখস্থ কৰিব লগা হৈছিল।
    খ) শিক্ষা ব্যাখ্যামূলক আছিল। শিক্ষকে গ্ৰন্থৰ অৰ্থ আৰু তাৎপৰ্য্য ব্যাখ্যা কৰি শিক্ষাৰ্থীসকলক বুজাব লগীয়া হৈছিল।
     গ) প্ৰশ্নোত্তৰ আৰু আলোচনা পদ্ধতিৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হৈছিল। শিক্ষাৰ্থীয়ে শিক্ষকক প্ৰশ্ন সুধিব পাৰিছিল আৰু জটিল বিষয়ত বিতৰ্ক হৈছিল।
     ঘ) গৱেষণা আৰু টোকা লিখাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। শিক্ষাৰ্থীয়ে নিজে অধ্যয়ন কৰি টোকা লিখিব লগা হৈছিল।
    ঙ) ব্যক্তিগত মনোযোগ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছিল। শিক্ষক-শিক্ষাৰ্থীৰ অনুপাত কম আছিল, সেয়েহে শিক্ষকে প্ৰায়ে ব্যক্তিগতভাৱে শিকাব পাৰিছিল। সেয়ে ব্যক্তিগত মনোযোগ বৃদ্ধি ঘটাত সহায়ক হৈছিল।

৬. শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক:
    ক) গুৰু-শিষ্যৰ সম্পৰ্কটো আছিল অতি গভীৰ, শ্ৰদ্ধাপূৰ্ণ আৰু ব্যক্তিগত। শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে আধ্যাত্মিক জ্ঞান আছিল জৰুৰী । গুৰু বা মৌলবী বা মৌলানা সকলে ধৰ্মীয় জ্ঞান প্ৰদান কৰিছিল।
   খ) সন্মান আৰু আনুগত্য: শিক্ষাৰ্থীয়ে শিক্ষকক অগাধ সন্মান কৰিছিল আৰু তেওঁলোকৰ আদেশ মানি চলিছিল। শিক্ষকে শিক্ষাৰ্থীক তেওঁৰ সন্তানৰ দৰে জ্ঞান কৰিছিল।
    গ) আবাসিক ব্যৱস্থা: বহু মাদ্ৰাছাত শিক্ষক-শিক্ষাৰ্থী একেটা চৌহদতে (হোষ্টেলত) বাস কৰিছিল, যাৰ ফলত সম্পৰ্কটো আৰু ঘনিষ্ঠ হৈছিল।

৭. মহিলাৰ শিক্ষা: শিক্ষাৰ ক্ষেত্ৰত মহিলা সকলৰ অধিকাৰ সীমিত আছিল। পুৰুষৰ পৰা পৃথকীকৰণ ৰীতি-নীতিৰ বাবে মহিলা সকল বাহিৰত শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পোৱা নাছিল। তলত আলোচনা কৰা হৈছে। 

ক) সীমাবদ্ধ সুযোগ: সাধাৰণতে, মুছলমান মহিলাৰ শিক্ষাৰ সুযোগ বেছি সীমিত আছিল। সমাজত প্ৰচলিত ৰীতি-নীতি আৰু "পৰ্দা" (পুৰুষৰ পৰা পৃথকীকৰণ) প্ৰথাই তেওঁলোকৰ বাহিৰত শিক্ষা গ্ৰহণত বাধা আনি দিছিল।
 খ)ঘৰুৱা শিক্ষা: বেছিভাগ ক্ষেত্ৰত মহিলাই শিক্ষা গ্ৰহণ কৰিছিল ঘৰৰ ভিতৰত । তেওঁলোকে প্ৰায়ে পৰিয়ালৰ পুৰুষ সদস্য (দেউতাক, ভাতৃ, স্বামী) বা ঘৰুৱা মহিলা শিক্ষয়িত্ৰীৰ পৰা ধৰ্মীয় জ্ঞান (কোৰান, ধৰ্মীয় কৰ্তব্য), ঘৰুৱা কাম-কাজ, সূতা কটা, সূচী কাম, সংগীত, আৰু কেতিয়াবা প্ৰাথমিক লিখা-পঢ়া শিকিছিল।

গ) ৰাজকীয় আৰু অভিজাত মহিলা: ৰাজকীয় পৰিয়াল আৰু অভিজাত ঘৰৰ ছোৱালীসকলৰ বাবে শিক্ষাৰ সুযোগ অপেক্ষাকৃতভাৱে ভাল আছিল। তেওঁলোকে ঘৰতে গুৰু নিযুক্তি দি ধৰ্মশাস্ত্ৰ, সাহিত্য (পাৰ্চী, উৰ্দু), সংগীত, চিত্ৰকলা, ইতিহাস আদি শিকিছিল। কিছুমান গুণৱতী মহিলাই সাহিত্য ৰচনা, চিত্ৰকলা আদিৰ ক্ষেত্ৰত খ্যাতিও অৰ্জন কৰিছিল । উদাহৰণস্বৰূপে মোগল ৰাজকন্যা জাহানাৰা বেগম, গুলবদন বেগম , চিত্ৰশিল্পী চাহজাদী চেহৰুননেছা আদিৰ নাম ল'ব পাৰি।

ঘ) চুফী কেন্দ্ৰ: কিছুমান চুফী দৰগাহ বা আধ্যাত্মিক কেন্দ্ৰত মহিলাসকলে ধৰ্মীয় আৰু আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰিব পাৰিছিল, কিন্তু ইয়াৰ পৰিসৰো সীমিত আছিল।

ঙ) অধিকাৰৰ অভাৱ: সাধাৰণতে, মহিলাসকলে মাদ্ৰাছাত নামভৰ্তি কৰিব পৰা নাছিল বা ৰাজহুৱাভাৱে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হোৱা নাছিল।

উপসংহাৰ: মুছলমান শাসনকালত (পাঠান আৰু মোগল) শিক্ষা ব্যৱস্থাই ইছলামিক ধৰ্মীয় আদৰ্শৰ প্ৰভাৱত গঢ় লৈছিল যদিও ইয়াৰ ভিতৰত ব্যৱহাৰিক জ্ঞান, চৰকাৰী প্ৰয়োজন আৰু বিশেষকৈ মোগল যুগত ধৰ্মনিৰপেক্ষ বিষয়ৰো স্থান আছিল। মুক্তাব আৰু মাদ্ৰাছাৰ জৰিয়তে সংগঠিত এই শিক্ষা ব্যৱস্থা ৰাজকীয় আৰু সামাজিক দান (ৱাক্ফ)ৰ ওপৰত নিৰ্ভৰশীল আছিল। শিক্ষণ পদ্ধতি মৌখিক, ব্যাখ্যামূলক আৰু আলোচনামূলক আছিল আৰু শিক্ষক-শিক্ষাৰ্থী সম্পৰ্ক গভীৰ আৰু শ্ৰদ্ধাপূৰ্ণ আছিল। মহিলাৰ শিক্ষা প্ৰধানতঃ ঘৰুৱা পৰ্য্যায়ত সীমিত আছিল যদিও ৰাজকীয় আৰু অভিজাত মহিলাসকলে ভাল সুযোগ-সুবিধা পাইছিল। এই কালছোৱাই ভাৰতীয় শিক্ষা জগতত এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সৃষ্টি কৰিছিল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Featured post

বিদ্যালয়ত আগবঢ়াব পৰাকৈ এটা চমু ভাষণৰ আৰ্হি।

  এটা সাৰুৱা ভাষণ...    পৰম শ্ৰদ্ধাৰ আজিৰ শিক্ষক দিৱস উপলক্ষে আয়োজিত সমৰ্দ্ধনা সভাৰ সভাপতি ডাঙৰীয়া, তথা উপস্থিত সহকৰ্মীবৃন্দ, বিদ্যালয় পৰ...

Popular posts