Independence day and some thoughts...
"জয় হিন্দ!"
আজি আমাৰ দেশৰ গৌৰৱৰ দিন! ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ পূৰ্বপুৰুষসকলে ২০০ বছৰীয়া ব্ৰিটিছ শাসনৰ শিকলি চিঙি 'স্বাধীন ভাৰত'ৰ সূৰ্য্য উদয় কৰিছিল। এই দিনটো কেৱল ইতিহাসৰ পৃষ্ঠাত এটা তাৰিখ নহয়—ই হ'ল এখন ত্যাগ, সংগ্ৰাম, আৰু বিজয়ৰ মহাকাব্য । আমি ইতিহাসৰ পাত লুটিয়ালে ইয়াৰ সত্যতা দেখিবলৈ পাওঁ। যেন এতিয়াও লক্ষ লক্ষ শহীদৰ তপত কেঁচা তেজৰ চেকুৰা বান্ধি আছে ইতিহাসৰ পাতে পাতে। আহকচোন জুমি চাওঁ। --
১. স্মৰণ :
যি ত্যাগৰ বিনিময়ত আমি ভাৰতৰ জনগণই স্বাধীনতা ঘূৰাই পাইছোঁ সেই স্বাধীনতা আমাৰ বাবে মুকুতা সদৃশ। জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বাধীনতাৰ সম্পৰ্কে এইদৰে কৈ গৈছে -
"স্বাধীনতা কেতিয়াও ভিক্ষা কৰি পোৱা নাযায়, ইয়াৰ বাবে সংগ্ৰাম কৰিব লাগিব।”
লক্ষ লক্ষ শহীদৰ তপত কেঁচা তেজৰ বিনিময়ত প্ৰাপ্ত হৈছিল স্বাধীনতা। তেজেৰে ৰাঙলী হৈছিল আমাৰ তিৰংগা । ভগৎ সিং, চন্দ্ৰশেখৰ, মৌলানা আজাদ, সুভাষ চন্দ্ৰ বসু, লক্ষ্মীবাঈ, বাল গঙ্গাধৰ তিলক, ৰাজা ৰামমোহন ৰায়, সৰুজিনী নাইডু ... আৰু অসমৰ বীৰাঙ্গনা কনকলতা বৰুৱা, চন্দ্ৰপ্ৰভা শইকীয়ানী, মূলা গাভৰু, .. আদি বীৰ বীৰঙ্গনাসকলৰ আত্মবলিদানে স্বাধীনতা জীপাল কৰি ৰাখিছে। এইসকলৰ বীৰত্ব ইতিহাসৰ পাতত এতিয়াও লিপিবদ্ধ। অসমৰ কনকলতা বৰুৱা যি ১৬ বছৰ বয়সতে "ভাৰত মাতৃৰ জয়" বুলি মাটিত পৰিব ধৰা জাতীয় পতাকা লৈ আগবাঢ়িছিল বন্দুকৰ গুলিৰ মাজতো গহপুৰৰ থানাৰ অভিমুখে। মহানায়ক মহাত্মা গান্ধীয়ে কৈ গৈছে অহিংসাই পৰম ধৰ্ম। গান্ধীজীৰ ডাণ্ডী যাত্ৰা, আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন,ভাৰত ত্যাগ আন্দোলন , নেতাজীৰ আজাদ হিন্দ ফৌজ আদিয়ে আজিও আমাক অহিংসাৰ মূলমন্ত্ৰক সোঁৱৰাই দিয়ে। ভাৰতৰ জনতাক এই আন্দোলনে বহু শিকালে আৰু ভৱিষ্যত প্ৰজন্মলৈ এই শিক্ষা বিস্তাৰিত হ'ব। স্বাধীনতাৰ কোনো বিকল্প নাই । স্বাধীনতাৰ অবিহনে জাতিয়ে জীয়াই থাকিব নোৱাৰে। "যি জাতিয়ে নিজৰ স্বাধীনতাৰ বাবে যুঁজ দিব নোৱাৰে, সেই জাতি কেতিয়াও স্বাধীন হ'ব নোৱাৰে।"
২. বৰ্তমানৰ দায়িত্ব : স্বাধীনতাৰ সপোন সাৰ্থক কৰা ইমান সহজ নহয়। ইয়াৰ বাবে লাগিব দেশৰ নাগৰিকৰ সৎপ্ৰচেষ্টা, সৎকৰ্ম আৰু সৎচিন্তা । স্বাধীনতা মানে কেৱল "পৰাধীনতাৰ অবসান" নহয় । প্ৰকৃততে ইয়াৰ অৰ্থ হ’ল পুনৰ্নিৰ্মাণৰ সুন্দৰ সুযোগ। এই সুযোগৰ আমি সদ্ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে স্বাধীনতাৰ সপোন বাস্তৱত সাৰ্থক হ'ব। জাতীয় পতাকা উত্তোলন কৰি সকলো সামৰি থ'লে সপোন সপোন হৈয়ে ৰব। এইখিনিতে জাতীয় পতাকাৰ সম্পৰ্কে দুআষাৰ ক'ব বিছাৰিছো। আজিৰ সময়তো বহুতো লোকে জাতীয় পতাকাৰ সৈতে সম্পৰ্কিত কিছুমান কথা নাজানে। জাতীয় পতাকাক কিয় সন্মান কৰা হয় ? জাতীয় পতাকাৰ ৰং তিনিটাৰ অৰ্থ কি? আদি প্ৰশ্নবোৰ বহুতৰ অজ্ঞাত। জাতীয় পতাকা প্রত্যেক দেশবাসীৰ বাবে অত্যন্ত শ্রদ্ধাৰ বস্তু। ই কেৱল এডোখৰ কাপোৰৰ টুকুৰা নহয়, বৰঞ্চ ই হ'ল দেশৰ স্বাধীনতা, সার্বভৌমত্ব, তথা ঐক্যৰ প্রতীক। জাতীয় পতাকা সন্মান আৰু মৰ্য্যদাৰো প্ৰতীক। জাতীয় পতাকাক ককালৰ তললৈ নমাই ল'ব নালাগে, ওলোটাই ল'ব নালাগে, ভৰিৰে গচকিব নালাগে। সেয়ে জাতীয় পতাকাক সম্মান কৰাটো প্রত্যেক নাগৰিকৰে কর্তব্য। ইয়াৰ তিনিটা ৰংৰ অৰ্থ হৈছে- গেৰুৱা ৰং ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক, বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক আৰু সেউজীয়া ৰং কৃষি আৰু সমৃদ্ধিৰ প্ৰতীক
উল্লেখ্য যে আমাৰ দেশ ভাৰতৰ ভৱিষ্যৎ আমাৰ যুৱশক্তিৰ হাতত । দৰিদ্ৰতা দূৰীকৰণ, শিক্ষাৰ উন্নতি সাধন ,পৰিৱেশ ৰক্ষা, উদ্যোগীকৰণ আদি যুঁজত আমিয়েই হ'ব লাগিব অক্লান্ত সৈনিক। তেতিয়াহে আমাৰ দেশৰ বিকাশ নিশ্চিত হ'ব। বিশেষকৈ আমাৰ ছাত্ৰ-ছাত্ৰী সকলে এইক্ষেত্ৰত অধিক আগ্ৰহী আৰু মনোযোগী হোৱাৰ সময় সমাগত। আজিৰ ছাত্ৰ কালিলৈ দেশৰ ধৰণী। প্ৰকৃততে ছাত্ৰ-ছাত্ৰী সকলে হ'ল দেশৰ ভৱিষ্যতৰ নাগৰিক। সেয়ে নিতৌ নতুন নতুন উদ্ভাৱন, আৱিষ্কাৰ, পুনৰ্নিৰ্মাণ আদি কাৰকৰ সৈতে একাত্ম হৈ দেশক চহকী কৰাৰ কৌশল ৰচনা কৰিব লাগিব আজিৰ নতুন প্ৰজন্মই। এয়া মাথোঁ সময়ৰ দাবী।
বৰ্তমানৰ চৰকাৰে গান্ধীজীৰ স্বপ্নৰ "স্বচ্ছ ভাৰত"ক বাস্তৱত প্ৰতিফলিত কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছে। আমি সকলোৱে এই চেষ্টাক সমৰ্থন কৰা উচিত। 'স্বচ্ছ ভাৰত'ৰ পৰা "ডিজিটেল ভাৰত"লৈ—প্ৰগতিৰ পথত আমি আগুৱাই যাবলৈ হ'লে সকলোৱে সহায় সহযোগিতাৰ হাত আগবঢ়াব লাগিব।
৩. ঐক্যৰ মন্ত্ৰ : বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সংমিশ্ৰণৰ পিছতো আমাৰ দেশ একতাৰ ডোলেৰে বান্ধ খাই আছে।এয়াই হৈছে বৈচিত্ৰ্যৰ মাজত এক্য। আচলতে
"ভাৰত হৈছে এখন ফুলৰ তোৰণ। য'ত বিভিন্ন ফুলৰ সজ্জাৰে সজ্জিত হৈ সুশোভিত হৈ থাকে। ইয়াত যেন সকলো ধৰ্ম, ভাষা, সংস্কৃতিয়ে সুগন্ধি বিলাইছে।"
— ড° এ.পি.জে. আব্দুল কালামে এনেদৰে সোঁৱৰাই গৈছে।
অসমীয়া, আদিবাসী, বঙালী, পঞ্জাবী, তামিল, মাৰাঠী, গুজৰাটী .. আদি ভাষাৰ ৰংবোৰে সজোৱা আমাৰ সংস্কৃতি। সেয়ে আমাৰ সংস্কৃতিও বাৰেৰহণীয়া। সংস্কৃতিৰ তথা কৃষ্টিৰ পথাৰত এতিয়াও অসমৰ গৌৰৱ মহাপুৰুষ শংকৰদেৱ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম, বৰগীত, ভাওনা হৰিনাম আদিয়ে আমাক বিশ্বৰ দ্বৰবাৰত চিনাকি কৰাই থৈ গৈছে । নামঘৰে এতিয়াও আমাৰ সমাজক একতাৰ ডোলেৰে বান্ধি ৰাখিছে। এয়াই হৈছে মহাপুৰুষজনাৰ অমৰ সৃষ্টি।
৪. আহ্বানঃ
শিক্ষা হ’ল মূল অস্ত্ৰ যাৰ সহায়ত আমি নিজৰ লগতে সমাজ তথা দেশক আগুৱাই নিব পাৰোঁ। পাঠ্যপুথিৰ পৰা পৰীক্ষাগাৰলৈ আমি অতি উদ্যম আৰু মনোযোগেৰে জ্ঞান অৰ্জন কৰিবলৈ সাজু হ'ব লাগিব। আমাৰ লক্ষ্য হ'ব লাগিব - জ্ঞানেৰে আকাশ সজোৱা। গ্ৰামাঞ্চল উন্নয়ন হ'লেহে দেশৰ উন্নতি সম্ভৱ। গান্ধীজীৰ আদৰ্শমতে "গ্ৰাম স্বৰাজ" গঢ়িবলৈ হ'লে দেশৰ প্ৰতিজন নাগৰিক দায়বদ্ধ হ'ব লাগিব।
দেশপ্ৰেমৰ মনোভাৱ পোষণ কৰি প্ৰতিজ্ঞা কৰিব লাগিব যে দেশৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত আমি কাৰোৰে সৈতে কোনো কাৰণত আপোচ নকৰোঁ। দুৰ্নীতি, অসাম্যৰ বিৰুদ্ধে থিয় দিয়াৰ মানসিকতা সৃষ্টি হলেহে দেশখন বিকাশৰ জখলাৰে উঠি উন্নতিৰ শিখৰলৈ আৰোহণ কৰিবলৈ সক্ষম হ'ব।
৫. সামৰণি:
"স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ। আমি ইয়াক ৰক্ষা কৰাটো আমাৰ মৌলিক কৰ্তব্য।" কেৱল কথাৰ ফুলজাৰিৰে দেশ এখনৰ উন্নতি সম্ভৱ নে? নিশ্চয় নহয়। জনতাৰ সজচিন্তা,সজকৰ্ম, সজউপদেশ আদিয়েহে দেশৰ উন্নতিত প্ৰভাৱ পেলায়। সেয়ে ছাত্ৰ-ছাত্ৰী অৱস্থাৰ পৰাই এনে মহৎ গুণসমূহ আয়ত্ব কৰিবলৈ প্ৰয়াস কৰিব লাগে। বিভিন্ন শিক্ষাৰে নিজক শিক্ষাৱান কৰি নিজৰ লগতে সমাজক আগুৱাই নিবলৈ পৰাটোৱে শিক্ষাৰ সাৰ্থকতা।
অসামৰিক সেৱাত যোগ দিয়াৰ প্ৰয়াস কৰা, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফল কঢ়িয়াই আনি সমাজ আলোকিত কৰা আদি কাৰ্যৰ জৰিয়তে দেশপ্ৰেমমূলক মনোভাৱৰ প্ৰকট কৰিব পাৰিলেহে দেশ উন্নতি পথত ধাৱমান হ'ব। তদুপৰি জলবায়ু সুৰক্ষিত কৰিবলৈ - গছ ৰোপণ কৰা, বনাঞ্চল সংৰক্ষণত অৰিহণা যোগোৱা আদিৰ দৰে মহান কামসমূহ কৰি এজন সুনাগৰিক হিচাপে দায়িত্ব পালন কৰিব লাগিব। তেতিয়াহে ভাৰত মাতৃ অধিক শক্তিশালী হ'ব। এয়াই হ’ব আমাৰ সুৰঞ্জিত কৰ্মৰ অঞ্জলি।
জয় হিন্দ! জয় আই অসম ।
লেখাটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পঢ়ি ভাল পালে এটা পৰামৰ্শমূলক মন্তব্য আগবঢ়াবলৈ নাপাহৰিব।
লেখক: দুদুল সোণোৱাল। শিক্ষক।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
No comments:
Post a Comment
dudulsonowal32@gmail.com