আপোনাক জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগলৈ আন্তৰিক স্বাগতম জনাইছো। জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগটো জীৱনত প্ৰাপ্ত অভিজ্ঞতাৰে সজাব প্ৰয়াস কৰা হৈছে। প্ৰতিটো লেখা স্বকীয় চিন্তাধাৰাৰ ফচল। কোনো লেখকে লেখা কাহিনীৰ লগত মিলি গ'লে লেখক দায়ী নহয় আৰু এই ব্লগত সদাশয় পাঠকৰ উৎসাহপূৰ্ণ মন্তব্য কামনা কৰাৰ লগতে বিভিন্ন লেখা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদেৰে -
Wednesday, November 22, 2023
শিশুৰ চৰিত্ৰ গঠনত প্ৰবৃত্তিৰ প্ৰভাৱ - চমু আলোকপাত। Effect of instincts on child character formation - brief overview.
Friday, November 10, 2023
মোৰ মনৰ কথা। It's in my mind.
মোৰ মনৰ কথা। It's in my mind. মোৰ মনৰ কথা। IT'S IN MY MIND.
ব্লগত প্ৰৱন্ধ-পাতি লিখাৰ বাবে বহুতে এটা কথাই সুধে -"সময় ক'ত পাই প্ৰৱন্ধ লিখিবলৈ। কেনেকৈ লিখে আৰু কৰ পৰা তথ্যপাতি পায়?" উত্তৰত মই ক'ব খোজোঁ যে প্ৰৱন্ধ লিখাটো যিমান টান বুলি ভবা হয় প্ৰকৃততে সি সিমান টান নহয়। প্ৰৱন্ধ এটা যুগুতাবলৈ লাগে মাথোঁ ধৈৰ্য আৰু একাগ্ৰতা। বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি অধ্যয়ন কৰিব লাগে। অধ্যয়নৰ বাবে উপযোগী হোৱাকৈ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি বিষয়বস্তুক উপ ভাগত বিভক্ত কৰি ল'লে সুবিধা হয়। যি কি নহওঁক, ইয়াৰ সম্পৰ্কে বাৰু কিছু পৰৱৰ্তী অংশত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হ'ব।
আধুনিক যুগত মোবাইল ফোন, দূৰদৰ্শন, বাতৰি কাকত, বিভিন্ন আলোচনী আদি আমাৰ সমাজত সুলভ পৰিমাণে পোৱা যায়। এই মাধ্যম বিলাকৰ জৰিয়তে আমি আমাৰ প্ৰয়োজনীয় তথ্যপাতি এটা প্ৰৱন্ধৰ বাবে সহজে সংগ্ৰহ কৰিব পাৰোঁ। অধ্যয়নপুষ্ট মন থাকিলে সকলোতে তথ্য পাব পাৰি। প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি ডাঙৰীয়াই এদিনতে নিশ্চয় এজন সাহিত্যিক হ'ব পৰা নাছিল। 'এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি,ভৰি গ'ল বহল সাগৰ.. ' বোলাৰ দৰে হোমেন বৰগোহাঞি দেৱেও এখোপ এখোপ কৰি আগবাঢ়ি নিজক সাহিত্যিক হিচাপে গঢ় দিবলৈ সক্ষম হৈছিল নিশ্চয়। তেখেতে কিমান অধ্যয়ন কৰে, কিদৰে লিখাৰ তপস্যাত নিমগ্ন হয় সেই সম্পৰ্কে প্ৰজ্ঞাৰ সাধনা আৰু উচ্চাকাংক্ষা নামৰ গ্ৰন্থৰ জৰিয়তে বহু কথা বুজিব পাৰি।
হিতেশ ডেকাই আমাক দি গৈছে জীৱন সংসাৰৰ সুন্দৰ বাৰ্তা। তেওঁৰ দ্বাৰা ৰচিত এয়েতো জীৱন, আজিৰ মানুহ, আচল মানুহ, ভাৰাঘৰ, গাৱৰ মানুহ আদি সমাজৰ বাবে একোখন অতি মূল্যৱান গ্ৰন্থ। তেখেতে এই গ্ৰন্থবোৰ ৰচনা কৰিবলৈ এদিনতে পৰা নাছিল নিশ্চয়। মাহ বছৰ জুৰি সংসাৰৰ সম্পৰ্কে কৰিবলগীয়া হৈছিল অধ্যয়ন। অভিজ্ঞতা আৰু জ্ঞানৰ সংমিশ্ৰণৰ ফলত জন্ম হয় একোটা নতুন চিন্তাধাৰা । নতুন চিন্তাধাৰাই সৃষ্টি কৰে একোটা প্ৰৱন্ধ বা এটা গল্প বা এখন উপন্যাস। ঠিক একেদৰে হিতেশ ডেকাৰ ক্ষেত্ৰতো সদৃশ ঘটনাই ঘটিছিল নিশ্চয় আৰু জন্ম হৈছিল মূল্যৱান গ্ৰন্থৰ।
কেইদিনমানৰ আগতে এজন বন্ধুৱে কৈছিল, "তুমি প্ৰৱন্ধ লিখাৰ একমাত্ৰ কাৰণ হ'ল মনত অহা হতাশা ভাৱ নেকি ?" প্ৰত্যুত্তৰত কলো, এয়া শুদ্ধ নহয়। কাৰণ প্ৰৱন্ধ এটা এনে বিষয় যত থাকিব লাগে - চিন্তা, বুদ্ধি, বিবেচনা আৰু সমালোচনা। ইহঁতৰ সংমিশ্ৰিত ৰুপেই হ'ল প্ৰৱন্ধ। গতিকে ইয়াত হতাশা আৰু নিৰাশা আদিৰ দৰে নেতিবাচক মনোভাবৰ স্থান নাই। তথ্যপাতি হ'ব লাগে সত্য আৰু বাস্তৱ ভিত্তিক। সত্যৰ ওপৰত প্ৰতিষ্ঠিত লেখা এটাই প্ৰবন্ধৰ আকাৰ পৰিগ্ৰহ কৰিব পাৰে।
ড° ভূপেন হাজৰিকাৰ বিষয়ে নকলেও তেখেতৰ বিষয়ে মানুহে যৎকিঞ্চিত হ'লেও জ্ঞাত। তেখেত আমাৰ পাথেয়। তেখেত আমাৰ অগ্ৰদূত। বহু অধ্যৱসায় , ধৈৰ্য, একাগ্ৰতা আৰু চৰম ইচ্ছাৰ জৰিয়তে তেওঁ আমাক দি গৈছে মানুহ হোৱাৰ পথ নিৰ্দেশনা। গীতৰে, সুৰেৰে মানুহক মানুহ হোৱাৰ পাঠ দি গৈছে। যি পাঠৰ মাজত তেওঁক আমাৰ কাষতে পাওঁ। মানুহে মানুহৰ বাবে চিন্তা কৰাৰ অৱকাশ বিচাৰিবলৈ শিকাই গৈছে তেৱেঁই। ভূপেন হাজৰিকা কেৱল এটা নাম নহয়, তেওঁ হৈছে এটা অনুষ্ঠান সদৃশ। অগাধ শ্ৰদ্ধা আৰু অনুৰাগৰ বাবেই শ্ৰোতাৰ মাজত তথা সমাজৰ মাজত আজিও জীয়াই আছে তেখেতৰ কীৰ্তি। নিশ্চয় তেখেতেও এদিনতে নামজ্বলা গায়ক হিচাপে পৰিগণিত হোৱা নাছিল। ইয়াৰ বাবে নিজকে তেওঁ বহু ত্যাগ কৰিবলগীয়া হৈছিল। সময়ক মূল্য দিব লগা হৈছিল। নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ থকাটো বৰ সহজ কথা নহয়। কিন্তু চেষ্টাৰ অসাধ্য একো নাই। সৎচেষ্টা আৰু সদিচ্ছাৰ বলত মানুহে অসাধ্যক সাধন কৰিব পাৰি। কেৱল এইবোৰ আমাৰ বাবে একোটা জীয়া নিদৰ্শন।
ড° এপিজে আব্দুল কালামৰ নাম নজনা মানুহৰ সংখ্যা তেনেই তাকৰ। তেওঁ এজন সাধক। মানুহক নতুন স্বপ্ন দেখুওৱাব পৰা এজন ব্যক্তি। স্বপ্নদ্ৰষ্টা। মহান বিজ্ঞানীজনে কৈছিল," সফলতাৰ গল্প নপঢ়িবা, কাৰণ তাত তুমি শুদ্ধ গল্পটোহে পাবা । ব্যৰ্থতাৰ গল্প পঢ়া, তাৰ পৰা সফল হোৱাৰ কিছু উপায় পাবা।" পণ্ডিত বিজ্ঞানী গৰাকীৰ মন্তব্য অতি সাৰুৱা আৰু উপযোগী আছিল।সঁচাই কোনো এটা কামত সফলতা লাভ কৰিবলৈ হলে আমি সফলতাৰ কাৰণৰ পৰিৱৰ্তে বিফলতাৰ কাৰণসমূহ পৰ্যালোচনা কৰা অতি প্ৰয়োজন। অৰ্থাৎ বিফলতাই হৈছে সফলতাৰ মাপকাঠি। আকৌ আন এটা মন্তব্যত কৈছে - "মানুহে তাৰ ভৱিষ্যতটোক পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে।" একেবাৰে সত্য কথা যে মানুহে কেতিয়াও নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে। কিন্তু অভ্যাস পৰিৱৰ্তন কৰি নিজৰ জীৱনৰ ভৱিষ্যত সলাব পৰা যায়। উদাহৰণ স্বৰূপে এজন ব্যক্তিয়ে তেওঁৰ ভৱিষ্যত কি হ'ব বা ইয়াক কেনেকৈ সলাব পৰা যায়, তেনেকৈ চিন্তা কৰি হাত সাবতি বহি থাকিলে কোনো কালে ভৱিষ্যত গঢ় দিব নোৱাৰে। তাতকৈ কষ্ট কৰি নিজৰ জীৱনৰ পথ সলনি কৰিবলৈ চেষ্টা কৰা উচিত। পৰিশ্ৰম হ'ল মানুহৰ উদগতিৰ মূল। গতিকে পৰিশ্ৰমে মানুহক উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ শক্তি যোগায়। ঠিক সেইদৰে ব্যক্তি এজনে পৰিশ্ৰম কৰি আগবাঢ়িলে লক্ষ্যত উপনীত হোৱাটো সম্ভৱ হয়।
আকৌ আমাৰ সপোন পূৰ্ণ হওঁক অথবা নহওঁক কোনো কথা নাই। আমি সপোন দেখা উচিত। কিন্তু সপোন কেৱল শুই শুই দেখা অনুচিত। সপোন সেইটোহে হ'ব লাগে যিয়ে তোমাক শুবলৈ আহৰি নিদিয়ে। গতিকে ড° এ পি জে আব্দুল কালামৰ দৰে কও যে প্ৰৱন্ধ এটা যুগুতাবলৈ বৰ কঠিন নহয়। আমাক লাগে কেৱল এটা আশুসুধীয়া প্ৰচেষ্টাৰ মন, যিয়ে আমাক ঈস্পিত লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
Monday, November 6, 2023
উদ্ভৱকালৰ অসমীয়া নাটকৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।
উদ্ভৱকালৰ অসমীয়া নাটকৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।
🖊️উদ্ভৱকালৰ অসমীয়া নাটক বুলিলে অতি প্ৰাচীন কালৰে পৰা অসমত চলি অহা নাট্যধৰ্মী অনুষ্ঠান সমূহৰ সম্পৰ্কে বুজা যায়। এনে নাট্যধৰ্মী অনুষ্ঠান সমূহক লোকনাট্য হিচাপে গণ্য কৰা হয় আৰু ই পঞ্চদশ শতিকাৰ আগৰে পৰা চলি আহিছিল। নৃত্য-গীত প্ৰধান লোকনাট্য অনুষ্ঠানৰ ভিতৰত ঘাইকৈ পুতলা নাচ, ভাওনা, ঢুলীয়াৰ ভাও,খুলীয়াৰ ভাও, ওজাপালি, কুশান গান, ভাৰীগান আদিয়েই প্ৰধান।
Friday, November 3, 2023
প্ৰাৰম্ভিক শিক্ষক এজনে শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা সমস্যা আৰু সম্ভাব্য সমাধানৰ উপায়।Problems and possible solutions that an early teacher may face in the classroom.
প্ৰাৰম্ভিক শিক্ষক এজনে শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা সমস্যা আৰু সম্ভাব্য সমাধানৰ উপায়।Problems and possible solutions that an early teacher may face in the classroom.
🖊️প্ৰাৰম্ভিক শিক্ষক এজনে শিক্ষাৰ পৰ্যায় অনুসৰি শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা সমস্যা সমূহ ভিন ভিন হ'ব পাৰে। উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয় পৰ্যায়ত ন-শিক্ষক এজনে প্ৰাৰম্ভিক অৱস্থাত যিবোৰ সমস্যাৰ সন্মুখীন হ'ব , সেইবোৰ প্ৰাথমিক পৰ্যায়ৰ ন-শিক্ষকে সন্মূখীন হোৱা সমস্যাৰ সৈতে একে নহ'বও পাৰে। অৱশ্যে ইয়াৰ দুই এটা সমস্যা সদৃশ হোৱাও পৰিলক্ষিত হয়। বিশেষকৈ প্ৰাৰম্ভিক অৱস্থাত প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ত ন-শিক্ষকে শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা কেইটামান সমস্যা এনেধৰণৰ হ'ব পাৰে - (ক)অভিযোজনৰ সমস্যা,(খ) শ্ৰেণীকোঠাত অৱস্থা - টেবুল,চকী,ডেস্ক বেঞ্চ সজ্জন, (গ) TLM ব্যৱহাৰৰ সমস্যা, (ঘ) পূৰ্ব প্ৰস্তুতিৰ সমস্যা, (ঙ) ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সম্পৰ্কে অজ্ঞাত সমস্যা, (চ) ভয় বা শংকা বা দ্বিধাবোধ, (ছ) ছাত্ৰ ছাত্ৰীৰ অমনোযোগিতাৰ সৈতে মোকাবিলা, (জ) ব্লেকবৰ্ডৰ সুচল ব্যৱহাৰ আদি।
(ক)অভিযোজনৰ সমস্যা :
(খ) শ্ৰেণীকোঠাৰ সুব্যৱস্থা -
(গ) পূৰ্ব প্ৰস্তুতিৰ সমস্যা:
(ঘ) ব্লেকবৰ্ডৰ সুচল ব্যৱহাৰ:
(ঙ) ছাত্ৰ-ছাত্ৰীৰ অমনোযোগিতাৰ সৈতে মোকাবিলা:
(চ) ভয় বা শংকা বা দ্বিধাবোধ :
(ছ) ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সৈতে অপৰিচিত:
(জ) শিক্ষণ শিকন সঁজুলি (Teaching Learning Material) ব্যৱহাৰৰ সমস্যা:
Featured post
২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !
২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 ! স্বামী বিবেকানন্দ 🚀🚀আজি ২৩ তা...
Popular posts
-
খেল-ধেমালি : খেল-ধেমালি বুলি কওঁতে ইয়াত মাইনৰ গেমছ আৰু আন সৰু সৰু খেল সমূহৰ কথা কোৱা হৈছে যিবোৰ সৰু সৰু ল'ৰ...
-
গণিতৰ ব্যৱহাৰ প্ৰাচীন কালত মানুহে হাঁহিব বা কান্দিব জনা মুহূৰ্ত্তৰ পৰাই বা কিছু বুজিবৰ সক্ষম হোৱা দিনৰে পৰা গণিতৰ ব্যৱহাৰ আমা...
-
পঢ়ক আৰু পঢ়ুৱাওক: পাঠ্য সূচী : * নৈতিক শিক্ষা কি ? : * কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?: * মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ! : * সামৰণি :...
-
বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা:: A development plan of a school. কোনো এটা কাম কৰিব যোৱাৰ আগতে কামটো কেতিয়া কৰিব, কাৰ দ্বাৰা কৰিব, কামটো সমাপ...
-
১. বৃত্তিমূলক শিক্ষা কি ? ২. ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ? ৩. কিয় প্ৰয়োজন/ বিৱৰণ ? ৪. বৃত্তিমূলক শিক্ষাই ...