Wednesday, December 29, 2021

💐💐💐অ'মিক্ৰণ আৰু কিছু কথা :💐💐💐

💐💐💐অ'মিক্ৰণ আৰু কিছু কথা :💐💐💐
এজন ভাইৰাছ বিশেষজ্ঞৰ আলোকপাত।


        কভিড-১৯ৰ হেজাৰটা 'ভেৰিয়েন্ট' ওলাইছে, কিন্তু এই আটাইবোৰে একলগে বিস্তাৰ লাভ কৰিব নোৱাৰে। ইয়াৰ মাজৰ কোনো এবিধ  বিস্তাৰ লাভ কৰিব পৰা হয় যদিহে ইয়াৰ এনে এটা নতুন গুণ লাভ হৈছে যিটোৱে পূৰ্বসূৰী বিধানটোক প্ৰতিযোগিতাত পিছ পেলাবলৈ সুবিধা কৰি দিয়ে। 


এই প্ৰতিযোগিতা হৈছে ভাইৰাচ এবিধ সোঁচৰাত আমি যি বাধা প্ৰদান কৰোঁ (যেনে দূৰত্ব বজাই ৰাখোঁ, হাত ধোওঁ, বন্ধ কোঠাত একেলগে বহুজন নাথাকোঁ বা প্ৰতিযেধক লৈছোঁ, ইত্যাদি), সেই বাধা অতিক্ৰম কৰিবলৈ ভাইৰাচবোৰে নিজৰ ভিতৰতে প্ৰতিযোগিতা কৰিব লাগে। যেনে ইনফ্লুয়েঞ্জাই কভিড-১৯ৰ সৈতে বা কভিড-১৯ৰ 'ভেৰিয়েন্ট' বা বিধান বোৰে নিজৰ ভিতৰতে। কাৰণ এটা অংগত যেনে হাওফাওত একাধিক ভাইৰাচ প্ৰজাতি বা এটা প্ৰজাতিৰেই একাধিক ভেৰিয়েন্টে একে সময়তে আক্ৰান্ত কৰিব নোৱাৰে। এবিধে কৰিলে আনবিধৰ সুবিধা হেৰাই যায়। ই এক প্ৰতিযোগিতা। 

এই প্ৰতিযোগিতাত ইনফ্লুয়েঞ্জাই যোৱা দুবছৰত হাৰ মানিছে। কভিড-১৯ জিকিছে। ঠিক তেনেকৈ কভিড-১৯ 'আলফা' 'ভেৰিয়েন্ট'ৰ তুলনাত (যিটো ইংলণ্ডত প্ৰথম ওলাইছিল) 'ডেল্টা' 'ভেৰিয়েন্ট' (যিটো ভাৰতত প্ৰথম ওলাইছিল) জিকিছে। 

মনকৰিবলগীয়া ডেল্টা ভাৰতত ওলাইছিল ঠিকেই, কিন্তু বিস্তৰ প্ৰসাৰ হ'ল ইউৰোপ আৰু আমেৰিকাতহে। আজি ভাৰতত কভিড নাই (তুলনামূলকভাৱে)। জনমূৰি ভাৰতত ৫ ডিছেম্বৰত ১৭ হাজাৰটা, ১,৩৮০,০০০,০০০ জনৰ ভিতৰত, যিটো শতকৰা ০.০০১%। একে হিচাপত বৃটেইনত ৫ ডিছেম্বৰত ৪৩ হেজাৰটা কভিড-১৯ৰ সংক্ৰমণ, ৬৭,০০০,০০০ নিযুত জনসংখ্যা, অৰ্থাত ০.০৫৯%। প্ৰতি এশহেজাৰত ক্ৰমে ১ আৰু ৬০। ই আকাশ পাতাল পাৰ্থক্য। 

অৰ্থাত ভাইৰাচ বা বীজানু এবিধ অনুকূল পৰিবেশতহে অধিক বিস্তাৰ হ'ব পাৰে। 

কভিড-১৯ বা ইনফ্লুয়েঞ্জা মূলতঃ শীতপ্ৰধান উত্তৰ গোলাৰ্ধৰ দেশবোৰৰ অসুখ। শীত কালত ইয়াৰ প্ৰাদূৰ্ভাব বাঢ়ে। বসন্তৰ লগে লগে কমি যায়। মই চমুকৈ কৈছোঁ - কিয় এনে হয় কাৰণ-ব্যাখ্যা আছে। ইয়াৰ বিপৰীতে গ্ৰহণী আৰু টিবি ভাৰতৰ দৰে দেশৰ সমস্যা। প্ৰায় ৪০% ভাৰতীয়ৰ দেহত সু্প্ত অৱস্থাত টিবি আছে, যি বিশেষ শাৰিৰীক অৱস্থাত জাগ্ৰত হৈ লক্ষণযুক্ত হৈ পৰিব পাৰে। মই মূল বিষয়ৰ পৰা কিছু আঁতৰি আহিছোঁ যেন লাগিলেও এই আটাইখিনি প্ৰাংসগিক।

এতিয়া অ'মিক্ৰণ কভিড-১৯ ভেৰিয়েন্টটোৰ কথালৈ আহোঁ। ভয় খাবলৈ কিটো আছে নিজে ভাবক। আমি এতিয়াও এই বিধানবিধৰ কথা শিকিহে আছোঁ। কিন্তু প্ৰথম দৃষ্টিত এইটো প্ৰায় নিশ্চিত হৈছে যে ই মাৰাত্মক নহয়। এতিয়ালৈ এজনৰো এইবিধৰ পৰা মৃত্যু হোৱা নাই। দক্ষিণ আফ্ৰিকাৰ পৰা আমি জানো যে ই অতি সাধাৰণ পানীলগা ধৰণৰ বেমাৰ কৰিছে বিশেষকৈ যুৱচামৰ মাজত। ইয়াৰ ডেল্টাতকৈ অধিক বিস্তাৰ হোৱাৰ ক্ষমতা আছে বুলি ভবা হৈছে কিন্তু খাটাং প্ৰমাণ ওলোৱা নায়। যদিহে ই সঁচা প্ৰমাণিত হয় সেইটোও ভাল খবৰহে। কাৰণ মই পূৰ্বতেও লিখিছোঁ যে ভাইৰাচৰ বিধান এটা অধিক সংক্ৰমণশীল হ'ব পাৰে গুৰুতৰ অসুখ নকৰাৰ চৰ্ততহে। ই প্ৰকৃতিৰ বিধান। প্ৰায় নিউটনৰ সূত্ৰৰ দৰে। 'আলফা'তকৈ 'ডেল্টা' নতুন আৰু অধিক সংক্ৰমণশীল। কিন্তু কম গুৰুতৰ। আজি বৃটেইনত প্ৰতিষেধকৰ দুটা পালি হৈ তৃতীয়টো পালি পৰিব ধৰিছে কিন্তু 'ডেল্টা' মাহৰ পিছত মাহ ধৰি নিয়মীয়াকৈ প্ৰায় ৪০ হেজাৰকৈ (কিছু দৈনিক তাৰতম্য আছে) হৈ আছে। কিন্তু হস্পিটালত গুৰুতৰ ৰোগীৰ সংখ্যা অতি কম বা দৈনিক মৃত্যুৰ সংখ্যা ২০০ৰ‌ অলপ কম-বেছি। এই ২০০জনৰ প্ৰতিজনেই যে কভিডৰ বাবে মৰিছে সেয়া নহয়, তেওঁলোকৰ শৰীৰত মৃত্যুক ২৮ দিনৰ ভিতৰত কভিড-১৯ পজিটিভ পোৱা গৈছিল।‌সেইটোহে এই পৰিসংখ্যাই কয়। মই কাম কৰি ইংলেণ্ডৰ হস্পিটালত কভিড-১৯ত মৃত্যু হোৱা বা গুৰুতৰ বেমাৰী সংখ্যা আঙুলীৰ মূৰত গণ্টি কৰিব পাৰোঁ। সৰহ সংখ্যক পজিটিভৰ লক্ষণেই নাথাকে। আন এটা কথাও মই বাৰংবাৰ কৈ আহিছোঁ। স্ক্ৰিনিং কৰোতে ধৰা পৰা কিন্তু লক্ষণ নথকা সকলৰ সৰহ সংখ্যাকৰেই 'মিছা পজিটিভ' ৰিজাল্ট।

 'আৰটিপিচিআৰ' বা যিকোনো মেডিকেল পৰীক্ষাই ১০০% নিৰ্ভুল নহয়। ৰোগ এটাৰ প্ৰাদূৰ্ভাৱৰ ওপৰত মেডিকেল পৰীক্ষাৰ নিৰ্ভুলতা নিৰ্ভৰ কৰে। অৰ্থাত উদাহৰণ স্বৰূপে কভিড-১৯ পৰীক্ষাৰ বিশ্বাসযোগ্যতা ভাৰততকৈ বৃটেইনত বেছি কাৰণ তুলনামূলক ভাৱে তাত প্ৰাদূৰ্ভাব বেছি। কিমান আচৰিত কথা। নহয় নে? কিন্তু আইনষ্টাইনৰ সূত্ৰৰ দৰেই ই সঁচা বা মিছা। এইটো Bayes' theoremৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰতিজন ডাক্তৰে স্বভাৱজাতভাৱে এইটো জানে কিন্তু বেচিভাগেই সচেতনভাৱে জ্ঞাত নহয়। সেয়ে পৰীক্ষাগাৰৰ পৰা অহা ৰিজাল্ট এটা যদি কভিড-১৯ পজিটিভ হয়, মানি লয় কাৰণ পৰিবেশৰ চাপ আছে। কিন্তু অপ্ৰত্যাশিতভাবে বেমাৰী এজনৰ কেঞ্চাৰ হোৱা বুলি আহিলে স্বভাৱজাতভাৱে কয়, ৰ'ব, এইটো মানিব নোৱাৰি, আকৌ এবাৰ কৰাই চাওঁ বা এটা 'কনফাৰ্মেটৰি' পৰীক্ষা কৰাওঁ। কভিড-১৯ আৰু মনঃস্তত্বৰ কথা মই আগতেও কৈছেোঁ। মানুহে প্ৰচলিত 'নেৰেটিভ' এটা মিছা হ'লেও অবিসম্বাদেৰে মানি লয়। এয়া মানুহৰ প্ৰবৃত্তি। 

মই আকৌ মূল কথাৰ পৰা প্ৰসংগক্ৰেমে হলেও আঁতৰি আহিছোঁ। মই দৰাচলতে ক'ব বিচাৰিছোঁ যে অ'মিক্ৰণ ভেৰিয়েন্টটো যদি অধিক সংক্ৰমণশীলো হয়, ই হ'ব অতি সাধাৰণ, যাৰ আমি আভাস ইতিমধ্যেই পাইছোঁ। সেয়ে অধিক সংক্ৰমণশীল বুলি সঁচা প্ৰমাণিত হ'লেও ই একো বেয়া খবৰ নহয়।

শেষত এটা কথাৰে সামৰোঁ। মই কভিড-১৯ উত্তৰ গোলাৰ্ধৰ শীতপ্ৰধান দেশৰ অসুখ বুলি কৈছোঁ। এইটো নিৰংকুশ বাণী নহয়। এইটো মূলতঃ বা তুলনামূলকভাৱেহে। মই ওপৰত শতকৰা হিচাপ কৰি বৃটেইন আৰু ভাৰতৰ পাৰ্থক্য দেখুৱাইছোঁ। কিন্তু ভাৰত কভিডৰ বাবে প্ৰতিকূল হ'লেও কভিডে-১৯এ সমস্যা কৰিব পাৰে। চহৰাঞ্চলৰ ঘণ বসতিৰ সৰু সৰু খিৰীকী বন্ধ ফ্লেট বা আনধৰণৰ বন্ধ আৱহাওৱাত বহু মানুহ একেলগে থাকিলে কভিডে-১৯এ যিকোনো দেশতে সুবিধা কৰিব পাৰে। 'চুপাৰ স্প্ৰেডিং' ঘটনা হ'ব পাৰে। ইয়াৰ উপৰি ঝতুগত সহায়ো কভিডে ল'ব পাৰে। মোৰ আশংকা ২০২২ৰ এপ্ৰিল-মে' মাহত ভাৰতৰ দিল্লী-মুম্বাইৰ দৰে চহৰত কভিড ২০২১ৰ দৰে বাঢ়িব পাৰে। কিন্তু ই ভয়ৰ কাৰণ নহয়। ই সাময়িক হ'ব। ২০২১ত বিশৃংখলা আৰু ভয়ৰ বাবেহে এক অভুতপূৰ্ব পৰিবেশ হৈ নমৰিবলগীয়া বেমাৰী মৰিছিল। কভিডত কিমানজন মৰিছিল আমি সঠিক নাজানোঁ - যি পৰিসংখ্যা আমি দেখোঁ সেয়া কভিড পজিটিভ হৈ মৰা বেমাৰীৰ সংখ্যাহে। মৃত্যুৰ কাৰণ কভিড হ'বও পাৰে নতুবা আন ৰোগ, তেনেদৰে 'চেপচিচ' হৈ বা ভুল চিকিৎসাৰ কাৰণেও কিছু মৰিছিল। ভীতিগ্ৰস্ত হৈও বহুতৰ অৱস্থা শোচনীয় হৈছিল। যথেমধে ৰেমডেচিভিৰ আৰু ষ্টেৰইড দিয়াৰ বাবে বহুতৰ পাৰ্শ্বক্ৰীয়া হৈছিল। 'ব্লেক ফাংগাচ'ৰ দৰে সংক্ৰমণ কেৱল ভাৰততহে হৈছিল। কিমান অযথা ষ্টেৰইড খুৱালে 'ব্লেক ফাংগাচ' সংক্ৰমণ হ'ব পাৰে অভাবৱনীয়। এই আটাইখিনি গৱেষণাৰ বিষয়। কোনো ভাৰতীয় গবেষকৰ আগ্ৰহ হ'বনে লক্ষণীয় হ'ব। 

কিন্তু যদি যোৱাবাৰৰ দৰে ভয়-ভীতিৰ পৰিবেশ নহয় আৰু হস্পিটালবোৰে ধন-ঘটাৰ প্ৰতিযোগিতাত নামানে, ২০২২ৰ এপ্ৰিল-মে'ত কভিড বাঢ়িলেেও একো ক্ষতি নহয়। নাবাঢ়ক, সেই আশাই মই কৰিছোঁ। বৃটেইনত যেনেকৈ দৈনিক ইমান কভিড হোৱাৰ পিছতো হস্পিটালত ভীৰ বঢ়া নাই, তেনেকৈ ভাৰততো ডেল্টা বা অ'মিক্ৰণ কিছু বাঢ়িলেও হৈ চৈ নকৰিলে সকলো নিৰ্বিঘ্নে পাৰ হৈ যাব।

শ্বেয়াৰ কৰিব পাৰিব। অনুমতিৰ প্ৰয়োজন নাই।


=================
লেখক:: ডা: জয়ন্ত বিশ্ব শৰ্মা
ভাইৰাছ বিশেষজ্ঞ, ইংলেণ্ড
=================
++++++++++++++++++++++++++++++++

Thursday, December 23, 2021

আকৌ এটা বছৰ পুৰণি হ'ব..It will be a year old again...

👉 আকৌ এটা বছৰ পুৰণি হ'ব..। চাওঁতে চাওঁতে বছৰটোৱে কেতিয়ানো মেলানি মাগিবলৈ সাজু হ'ল ততকে ধৰিব নোৱাৰিলোঁ। 

বিগত বছৰটোত কি পালোঁ কি হেৰুৱালো , কোন নিঠৰুৱা হ'ল,কোন লাখপতিলৈ উন্নীত হ'ল আদি বোৰ কেৱল ইতিহাস হ'ব আৰু আমাৰ মনত দি থাকিব পেন্দুলামৰ দৰে দোলা। বিগত বছৰটোৰ লাভ-লোকচানৰ খতিয়ান পষ্টমৰ্টেম কৰি চাওঁচোন আহক।
   ব্যক্তিগত , সামাজিক , ৰাজনৈতিক, অৰ্থনৈতিক আদি প্ৰতিটো ক্ষেত্ৰতে বহু পৰিবৰ্তন হ'ল আৰু বহু পৰিবৰ্তন হ'বলৈ অদ্যাপি বাকী থাকিল। 
   মোৰ ব্যক্তিগত জীৱনত ভুমুকি মাৰি চালে দেখা পাওঁ চৌদিশে কেৱল শূণ্য। ২০২১ বৰ্ষটোত দুখন কিতাপ প্ৰকাশিত কৰাৰ যি মনোবাঞ্ছা আছিল সেয়া  অপূৰ্ণ হৈয়ে ৰ'ল। ঘৰটোৰ মেৰামতি অসম্পূৰ্ণ হৈয়ে ৰ'ল। বেংকৰ ঋণৰ পৰিমাণ ডিঙিৰ গুৰিলৈকে পালেহি। ইয়াৰ মাজতে দুটা নিজাকৈ ভাললগা খবৰ হৈছে দুটা সন্তানৰ দিশ নিৰ্ণয় সঠিকভাৱে আগবাঢ়িছে। ই যি কি নহওঁক সময়ৰ লগত ফেৰ মাৰিব নোৱাৰিলেও ধীৰে ধীৰে হ'লেও আগুৱাবই লাগিব সময়ৰ পিছে পিছে। হাজাৰ বাধা বিঘিনি আতৰাই আগুৱাই যাবলৈ কৰা প্ৰয়াসেই হৈছে জীৱন। কাৰণ জীৱন মানেই হৈছে সংঘাত । জীৱন মানেই হৈছে ঘাত-প্ৰতিঘাত আৰু সংযোগৰ সমষ্টি। 
সামাজিকভাৱে যদি চকু ফুৰাও তেন্তে দেখিবলৈ পাওঁ বহু ঘটনাৰ প্ৰৱাহ। বহু উত্থান-পতনৰ সাক্ষী হৈ ৰ'ব ২০২১ বৰ্ষটো । এই বৰ্ষতে আমি হেৰুৱাব লগা হ'ল বহু বিজ্ঞজনক। আমাৰ অতিকৈ প্ৰিয় গায়িকা ভিতালী দাস বাইদেউক আমি হেৰুৱালো , শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি ভাউৰীয়াক আমি হেৰুৱালো চিৰদিনলৈ।  প্ৰায় পাঁচ শতাধিক গীত গাই অসমৰ সংগীতৰ ভঁৰাল চহকী কৰা ভিতালী দাস বাইদেউৰ সুমধুৰ কণ্ঠই আমাক মোহিত কৰিছিল আৰু তেখেত জনপ্ৰিয় হৈ পৰিছিল। তেখেতৰ মৃত্যু সংগীত জগতৰ অন্যতম ক্ষতি। অসমৰ স্বনামধন্য লেখক সাহিত্যিক, উপন্যাসিক , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে খ্যাতি অৰ্জন কৰা হোমেন বৰগোহাঞি ডাঙৰীয়াৰ মৃত্যুৱে সাহিত্যৰ জগতক নিঠৰুৱা কৰিলে। তেখেতৰ মৃত্যু অসমৰ জনসাধাৰণৰ বাবে, অসমৰ সাহিত্য সংস্কৃতিৰ বাবে বৃহৎ অপূৰণীয় ক্ষতি বুলি ক'ব পাৰি।

তদুপৰি এই বৰ্ষতে আমি আৰু কেইবাজনো অখ্যাত লোকক অস্বাভাৱিক আৰু পাশৱিক ভাৱে হোৱা অত্যাচাৰত হেৰুৱাব লগা হ'ল। অনিমেষ,  দেৱেন্দ্ৰনাথ আদি নিৰপৰাধী লোকসকলক আমি বিনাকাৰণত হেৰুৱাব লগা হ'ল। মানুহে মানুহক নিচিনি অমানুষিক ভাৱে আমাৰ সমাজৰে এচাম অবিবেচক লোকৰ হাতত নৃশংসতাৰ বলি হ'ব লগা হ'ল এইসকল লোকে । যিয়ে অসমৰ বুৰঞ্জীত কালিমা সানি থৈ গ'ল ২০২১ বৰ্ষত। 
  অৱশ্যে সামাজিক দিশত অত্যন্ত ভাল খবৰো নথকা নহয়। এই বৰ্ষতে প্ৰাক্তন জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক তেখেতে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২১ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। তিনিচুকীয়া জিলাৰ গায়ক তথা চাহ জনগোষ্ঠীৰ লোক দুলাল মানকিয়ে পদ্মশ্ৰী বঁটা লাভ কৰি জিলাখনলৈ কঢ়িয়াই আনিলে সন্মান। অতি শেহতীয়াকৈ কাব্যঋষি নীলমণি ফুকন ভাউৰীয়াক কাব্যৰ জগতত অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে প্ৰায় একৈশ বছৰৰ ব্যৱধানত আগবঢ়ালে ভাৰতৰ সাহিত্যৰ সৰ্বোচ্চ বঁটা 'জ্ঞানপীঠ বঁটা' । তদুপৰি এই বৰ্ষতে শান্তিস্বৰূপ  ভটনাগৰ বঁটা বিজ্ঞানৰ চমকপ্ৰদ উদ্ভাৱনৰ বাবে ড° বিনয় কুমাৰ শইকীয়াই আজুৰি আনিবলৈ সক্ষম হৈছিল। 

মহামাৰীৰ প্ৰৱল প্ৰকোপৰ ফলত বৰ্ষটোত অসমৰ অৰ্থনৈতিক অৱস্থাই কিছু শোচনীয় ৰূপ ধাৰণ কৰিলে। বহু মানুহৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হ'ল। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ জুই-ছাই দামে মানুহৰ অৰ্থনৈতিক দিশত আঘাত হনাৰ ফলত জীয়াই থকাৰে মুচকিল হৈ পৰিল। হ'লেও যেনিবা ঈশ্বৰৰ আশীৰ্বাদ আৰু কৃপা দৃষ্টিয়ে শেহতীয়াকৈ জনসাধাৰণৰ শোচনীয় ৰূপ ভাললৈ আহিবলৈ ধৰিছে। ৰাজনৈতিক দিশতো কিছুমান পৰিৱৰ্তন পৰিলক্ষিত হ'ল। বিজেপিৰ অভাৱনীয় উত্থান আৰু কংগ্ৰেছৰ দুখলগাকৈ পতন ৰাজনৈতিক প্ৰেক্ষাপটত এক উল্লেখযোগ্য ঘটনাৰ সাক্ষী হৈ ৰ'ব ২০২১ বৰ্ষ। 
  খেলৰ জগতত ভূমুকি মাৰিলে দেখা যায় এই বৰ্ষটো অসমৰ বহু ভাল আছিল। যদিও মহামাৰীৰ কৱলত বিশ্বৰ থাওনি হেৰাইছিল, তথাপিও জাপানে নিজৰ দক্ষতাৰে অলিম্পিক অনুষ্ঠিত কৰি বিশ্বৰ খেলুৱৈ সকলক ইয়াৰ আমোদ দিবলৈ সক্ষম হৈছিল। এই  অলিম্পিকতেই ভাৰতৰ খেলুৱৈয়ে আজুৰি আনিবলৈ সক্ষম হৈছিল সাতোটাকৈ মেডেল । তাৰে ভিতৰত অসমৰ লাভলীনা বৰগোহাঁইয়ে বক্সিংত ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল এই বৰ্ষতে। 

  কোৰোণাৰ  ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্যৰ সাংস্কৃতিক জগতলৈ আহিছিল এটা ভাল খবৰ। অভিনেত্ৰী আইমী বৰুৱাই লাভ কৰিছিল বিশেষ বঁটা। চলচিত্ৰ নিৰ্মাণৰ দ্বাৰা বিশেষ সন্মান লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে নিৰ্মাণ কৰা ডিমাছা ভাষাৰ ছবি 'SEMKHOR'ৰ বাবে TAGORE INTERNATIONAL FILM FESTIVALত এই আন্তঃ ৰাষ্ট্রীয় সন্মান লাভ কৰিবলৈ সক্ষম হয় অভিনেত্ৰী আইমী বৰুৱাই। উল্লেখ্য যে, প্ৰথম খন ডিমাছা ভাষাৰ ছবি 'SEMKHOR'ৰ বাবে তিনিটা শিতানত বঁটা লাভ কৰিছে আইমীয়ে। উল্লেখ্য যে, টেগৰ ইনটাৰনেচনেল ফিল্ম ফেষ্টিভেলত ডিমাছা ভাষাৰ প্ৰথমখন ছবি SEMKHORৰ বাবে BEST NARRATIVE, BEST WOMEN FILM, BEST DEBUT FILM MAKERৰ শিতানত শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আইমী বৰুৱাই। কেৱল নিৰ্মাণেই নহয়, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয়ো কৰিছিল অভিনেত্ৰীগৰাকীয়ে। 

তদুপৰি শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ দুগৰাকী শিক্ষকে লাভ কৰিবলৈ সক্ষম হৈছিল  ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষকৰ ৰাষ্ট্ৰীয় সন্মান। সন্মান লাভ কৰা শিক্ষক দুগৰাকী হৈছে যোৰহাটৰ টীয়কৰ কংকন কিশোৰ দত্ত আৰু বাক্সা জিলাৰ বিনন্দ স্বৰ্গীয়াৰী। যোৰহাট জিলাৰ টীয়কৰ বামুনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তলৈ ভাৰত চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়াইছিল ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষক বঁটা৷ উল্লেখ্য যে কংকন কিশোৰ দত্তই ইয়াৰ পূৰ্বে, ২০১৮ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰণালয়ৰ দ্বাৰা অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষক সমাৰোহত শ্ৰেষ্ঠ গৱেষণা পত্ৰ পুৰস্কাৰ লাভ কৰাৰ লগতে ২০১৯ চনত ইউনেস্কোৰ দ্বাৰা আয়োজিত Dell policy Hack কাৰ্যসূচীত অংশগ্ৰহণ কৰিও বঁটা লাভ কৰিছিল।

    বহু উত্থান-পতনৰ মাজেৰে অতিবাহিত হোৱা বছৰটোৰ শেষাৰ্ধত সাহিত্যৰ জগতক টনকিয়াল কৰিলে জ্ঞানপীঠ বঁটা বিজয়ীয়ে। সাহিত্যৰ উন্নতিৰ দিশত বিশেষকৈ কাব্যৰ চৰ্চা কৰিবলৈ কবি লেখক লেখিকা সমাজক এই বঁটাই অনুপ্ৰাণিত কৰিব। উল্লেখযোগ্য যে এই বৰ্ষতে মাজুলীয়ে আনুষ্ঠানিক ভাৱে লাভ কৰিলে সকলোৰে আশাৰ এখন দলং। ( অৱশ্যে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছেহে, যদিও আৰম্ভ হ'ল যেতিয়া ইয়াৰ সমাপ্ত নিশ্চয় অতি সোনকালেই হ'ব ? গতিকে ইয়াক পোৱা বুলিয়ে ক'ব পাৰি )  অদূৰ ভৱিষ্যতে মাজুলীয়ে যে পৰ্যটনৰ দিশত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব সেয়া নিশ্চিত হৈ পৰাৰ বাবে আমি আনন্দিত অনুভৱ কৰিছোঁ। দলং নিৰ্মাণ পূৰ্ণ হোৱাৰ লগে লগে অসমৰ তথা অসমীয়াৰ বহু দিনীয়া এটা অভাৱৰ অৱসান ঘটিব। মাজুলীৰ নামি আহিব আশাৰ বতঁৰা । পৰ্যটকৰ পদধূলাত মাজুলীয়ে প্ৰাণ পাই উঠিব বিশ্বৰ দৰবাৰ গচকি। এনেকৈয়ে এদিন উন্নত ৰাজ্যলৈ পৰিৱৰ্তন হ'ব আমাৰ কেঁচা মাটিৰ গোন্ধ থকা  অসম ।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক -- দুদুল সোণোৱাল। প্ৰৱন্ধটোত আৰু বহু কথা সন্নিৱিষ্ট কৰিবলৈ ৰৈ গ'ল। হ'লেও মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক পঢ়ুৱৈ সমাজে নিশ্চয় আদৰি ল'ব বুলি আশা ৰাখিলোঁ।

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏


Friday, December 17, 2021

👉 আপুনি কেনেকৈ এজন 'ৰ'(RAW) এজেণ্ট বা আইবি বিষয়া হ'ব পাৰিব ? জানো আহক।



 👉 আপুনি কেনেকৈ এজন 'ৰ'(RAW) এজেণ্ট বা আইবি বিষয়া হ'ব পাৰিব ?



'ৰ'ৰ এজেণ্ট হ'বলৈ 3 টা উপায় আছে:

👉1/ অসামৰিক সেৱা সমাপ্ত কৰক আৰু আই.পি.এছ. বা ভাৰতীয় আৰক্ষী সেৱাত ভৰ্তি হওক। ভাৰতীয় আৰক্ষী সেৱাৰ বাবে আৰক্ষীৰ একাডেমীত নামভৰ্তি কৰাব লাগিব আৰু তেতিয়া ৰ'য়ে আপোনাক নিৰ্বাচিত কৰিব । আপোনাৰ দক্ষতা নিৰীক্ষণ কৰি আপোনাক যোগদান কৰাৰ সুযোগ দিয়া হ'ব। যদি আপুনি তেওঁলোকৰ মূল্যাঙ্কন উত্তীৰ্ণ হয়, তেন্তে আপুনি ৰ'ৰ আওতালৈ আহিবলৈ সক্ষম হ'ব ।

👉2/ এছ.এছ.চি. বা চিভিল চাৰ্ভিচ কমিচনৰ জৰিয়তে "কেবিনেট সচিবালয়"ত "ক্ষেত্ৰ বিষয়া"ৰ পদৰ বাবে আবেদন কৰক । পৰীক্ষা/সাক্ষাৎকাৰ আদি সম্পূৰ্ণ কৰক আৰু আপুনি ইয়াত উত্তীৰ্ণ যদি হৈছে তেন্তে ৰ'এজেণ্টৰ বাবে এখোজ আগবাঢ়িলে বুলি ভাবিব পাৰে।

👉3/ সেনা/অৰ্ধসামৰিক/কেন্দ্ৰীয় আৰক্ষী (দিল্লী আৰক্ষী) বা যিকোনো ৰাজ্যিক আৰক্ষীত যোগদান কৰিবলৈ অৰ্হতা অৰ্জন কৰিব লাগিব। আপোনাৰ ব্যক্তিগত শান্ত্বনাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ আৰু যিকোনো পৰিমাণে গৈ দেশৰ বাবে যিকোনো ত্যাগ কৰাৰ ইচ্ছাৰে সততা, সততা, আনুগত্যৰ সৈতে আপোনাৰ কৰ্তব্য পালন কৰক। কেইবছৰমান সেৱাৰ পিছত আপোনাক ৰ'/আই.বি য়ে যোগ্যতা অনুসৰি আপোনাৰ ওচৰলৈ চাকৰি এটা আগবঢ়াবলৈ আহিব, আৰু আপুনি তেতিয়া যোগদান কৰি দেশৰ সেৱা আগবঢ়াব পাৰে ।
 এই সকলোবোৰ পদক্ষেপ গোপন সেৱাত প্ৰৱেশ কৰাৰ এক উপায়। আপোনাৰ গাত সঁচাকৈয়ে কেইটামান বিশেষ গুণ থাকিব লাগিব, অন্যথা আপুনি এই চাকৰি কৰিব নোৱাৰে।

তদুপৰি এই চাকৰিৰ বাবে আৰু কিছুমান গুৰুত্বপূৰ্ণ গুণৰ অধিকাৰী হোৱাটো প্ৰয়োজনীয়। মনত কিছুমান নেতিবাচক দোষ থাকিলে এই চাকৰিৰ বাবে আগনবঢ়াই ভাল।

👉1/ যদি আপুনি আপোনাৰ দেশৰ বিৰুদ্ধে কিবা শুনিলে আপোনাৰ তেজ উতলা নহয় আৰু ই সংস্কৃতি, তেনেহ'লে ৰ'/আই.বি. পাহৰি যাওক।

👉2/ যদি আপুনি জেমছ বণ্ড/ইথান হান্ট/জেচন বোৰ্ণ/টাইগাৰৰ দৰে জীৱন আশা কৰি আছে, তেন্তে ৰ'/আই.বি. পাহৰি যাওক। যদি আপুনি এজন বদমাচ, ঠগবাজ হ'বলৈ অনুপ্ৰাণিত হয় যি এই সকলো জোকাৰৰ দৰে ভাৰতৰ শত্ৰুক লাথি মাৰে, চিনেমা চাই, তেন্তে ৰ'/আই.বি পাহৰি যোৱাই মঙ্গল।

👉3/ যদি আপুনি ভাবে যে গোপন সেৱাবোৰ কেৱল পৃথিৱী, নিৰ্দোষক ৰক্ষা কৰাৰ বাবে, তেনেহ'লে আপোনাৰ হৃদয় ভাল, কিন্তু ৰ'/আই.বি.-ৰ বাবে উপযুক্ত নহয়। ৰ'/আই.বি.-ৰ চাকৰিটো সমগ্ৰ বিশ্বৰ আটাইতকৈ নিষ্ঠুৰ। কেতিয়াবা আপুনি আপোনাৰ বন্ধুবৰ্গৰ বিৰুদ্ধে কাম কৰিব লাগিব, কেৱল উচ্চ উদ্দেশ্যৰ বাবে তেওঁলোকক বিশ্বাসঘাতকতা কৰিব লাগিব। যদি আপুনি গধুৰ বিষয়তো আগবাঢ়িবলৈ সাজু, তেনেহ'লে আপুনি ৰ'/আই.বি.-ৰ বাবে প্ৰস্তুত হয় আৰু এনে চাকৰিৰ বাবে উপযুক্ত প্ৰাৰ্থী।

👉4/ আপোনাৰ তীক্ষ্ণ বুদ্ধি আৰু গুৰুত্ব সহকাৰে মনোনিৱেশ কৰিব পৰা মন থাকিব লাগিব। প্ৰতিশ্ৰুতি আৰু সম্পূৰ্ণ ইচ্ছা, অটুট সংকল্প, প্ৰত্যাহ্বান আৰু অত্যাচাৰ লোৱাৰ সাহস, আপোনাৰ শিৰাৰ মাজেৰে চলি থকা নেতৃত্ব আৰু সাহসিকতা আদি থাকিব লাগিব, তাৰ পিছতহে আপোনাক ৰ'/আই.বি.-ৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব ।

👉5/ যদি আপুনি আপোনাৰ কেৰিয়াৰ, আপোনাৰ পৰিয়াল, আপোনাৰ পদোন্নতি, ব্যক্তিগত সুৰক্ষা, ব্যক্তিগত বিকাশৰ বাবে একেবাৰে গুৰুত্ব নিদিয়ে, আপুনি কেৱল ভাৰতৰ শত্ৰুসকলক মুষিমূৰ কৰা আৰু ইয়াক বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ইচ্ছুক, তেনেহ'লে আপুনি সম্পূৰ্ণৰূপে ৰ'/আইবিৰ বাবে নিৰ্মিত।

সদৌ শেষত কওঁ আপুনি আপোনাৰ দেশক ভাল পাওঁক, প্ৰয়োজন আৰু সুযোগ থাকিলে সাহসী আৰু বুদ্ধিমান হওঁক, যদি আপুনি ৰ'/আইবি বিষয়া হ'ব বিচাৰে তেন্তে প্ৰত্যাহ্বান আৰু চাপৰ বাবে সাজু হওঁক। এটা কথা মনত ৰাখিব লাগিব যে হনুমান সকলোৱে হ'ব নোৱাৰি কিন্তু হনুমানৰ দৰে হ'বলৈ হনুমানৰ বল, শক্তি, ধৈৰ্য,সাহস আদি মহৎ গুণসমূহ অৰ্জন কৰিব পাৰিব লাগিব । তেতিয়াহে জীৱনৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব পৰা যায়। পৰিশ্ৰম আৰু অধ্যৱসায় গুণেৰে এনে লক্ষ্যত উপনীত হোৱাত সহায় কৰে। 


  আপুনি ৰ'ৰ' (RAW) এজেণ্ট হ'বলৈ কৰা প্ৰচেষ্টাক মোৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক
     --- দুদুল সোণোৱাল। 🙏

Monday, December 13, 2021

Triangle and it's properties | ত্ৰিভূজ আৰু ইয়াৰ ধৰ্ম।

Triangle and it's properties.

ত্ৰিভূজ আৰু ইয়াৰ ধৰ্ম: 


  ত্ৰিভূজৰ তিনিটা বাহু থাকে, তিনিটা কোণ থাকে আৰু তিনিটা শীৰ্ষবিন্দু থাকে। প্ৰতিটো শীৰ্ষবিন্দুত দুডাল বাহু মিলিত হয় আৰু এইদৰে এটা বন্ধ বক্ৰৰ সৃষ্টি হয় যাক ত্ৰিভূজ বোলা হয়। এই ত্ৰিভুজৰ তিনিটা বাহুৱে কিছু ঠাই আগুৰি থাকে।  সেয়ে কোৱা হয় - তিনিটা বাহুৱে আগুৰি থকা সমতলি ক্ষেত্ৰক ত্ৰিভূজ বোলে।  লেটিন ভাষাৰ শব্দ Triangulum ৰ পৰা Triangle শব্দৰ উৎপত্তি হৈছে বুলি জনা যায়। টলেমি নামৰ এগৰাকী জ্যোতিৰ্বিদে খ্ৰীষ্টীয় দ্বিতীয় শতিকাত ৪৮ টা নক্ষত্ৰপুঞ্জ আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰে এটাৰ নাম আছিল Triangulum । এই Triangulum ত তিনিটা ভিন্ন উজ্বল নক্ষত্ৰ আছিল যিয়ে এটা ত্ৰিভূজ আকৃতিৰ সৃষ্টি কৰিছিল। কালক্ৰমত সেই নামৰ পৰা হ'ল Triangle আৰু ইয়াৰ অসমীয়া প্ৰতিশব্দ ত্ৰিভূজ। 



ত্ৰিভূজক ছয় প্ৰকাৰত ভাগ কৰা হৈছে। বাহুৰ মাপৰ ওপৰত ভিত্তি কৰি তিনিটা আৰু কোণৰ মাপৰ ওপৰত ভিত্তি কৰি তিনিটা ত্ৰিভূজ পোৱা যায়। বাহু হিচাপে পোৱা ত্ৰিভূজ তিনি প্ৰকাৰৰ হ'ল- ১/ সমবাহু ত্ৰিভূজ  ২/ সমদ্বিবাহু ত্ৰিভূজ আৰু ৩/ বিষম বাহু ত্ৰিভূজ। আনহাতে কোণ হিচাপে তিনি প্ৰকাৰৰ ত্ৰিভূজ হ'ল - ১/ সুক্ষ্মকোণী ত্ৰিভূজ ‌‌ ২/ সমকোণী ত্ৰিভূজ আৰু  ৩/ স্হূলকোণী ত্ৰিভূজ।

সমবাহু ত্ৰিভূজ ::  তিনিটা বাহুৰ দৈৰ্ঘ্য সমান হ'লে আকৃতিটোক  সমবাহু ত্ৰিভূজ বোলে। যেনে চিত্ৰত দেখুওৱাৰ দৰে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান হ'ব লাগে। ∆ABC এটা সমবাহু ত্ৰিভূজ কাৰণ ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান। 

সমদ্বিবাহু ত্ৰিভূজ : দুটা বাহুৰ দৈৰ্ঘ্য সমান হ'লে আকৃতিটোক সমদ্বিবাহু ত্ৰিভূজ বোলে। চিত্ৰত ∆PQR এটা সমদ্বিবাহু ত্ৰিভূজ। কাৰণ ইয়াৰ দুটা বাহুৰ দৈৰ্ঘ্য সমান। 
বিষমবাহু ত্ৰিভূজ : যদি এটা ত্ৰিভূজৰ বাহু তিনিটাৰ জোখ সমান নহয় তেন্তে ত্ৰিভূজটোক বিষমবাহু ত্ৰিভূজ বোলা হয়। চিত্ৰত ∆XYZ এটা বিষমবাহু ত্ৰিভূজ। কাৰণ ইয়াৰ তিনিটা বাহুৰ জোখ অসমান। 

সুক্ষ্মকোণী ত্ৰিভূজ : এটা ত্ৰিভূজৰ প্ৰতিটো কোণৰ জোখ 90° তকৈ সৰু হ'লে ত্ৰিভূজটোক সুক্ষ্মকোণী ত্ৰিভূজ বোলে। চিত্ৰত দেখুওৱা ত্ৰিভূজ টোৰ প্ৰতিটো কোণৰ জোখ 90° তকৈ সৰু। সেয়ে ত্ৰিভূজটোক সুক্ষ্মকোণী ত্ৰিভূজ বোলা হৈছে।

সমকোণী ত্ৰিভূজ : এটা ত্ৰিভূজৰ যিকোনো এটা কোণৰ জোখ 90° হ'লে ত্ৰিভূজটোক সমকোণী ত্ৰিভূজ বোলে। যেনে ∆ABC এটা সমকোণী ত্ৰিভূজ কাৰণ ইয়াৰ B কোণৰ জোখ 90° । 

স্হূলকোণী ত্ৰিভূজ : যি ত্ৰিভুজৰ যিকোনো এটা কোণৰ জোখ 90° তকৈ ডাঙৰ হয় বা স্হূল হয় সেই ত্ৰিভুজক স্হূলকোণী ত্ৰিভূজ বোলে। ∆XYZ এটা স্হূলকোণী ত্ৰিভূজ কাৰণ ইয়াৰ Y কোণৰ জোখ 90°তকৈ ডাঙৰ। 

ত্ৰিভূজৰ মধ্যমা : এটা ত্ৰিভূজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুৰ ওপৰত সমানে দুভাগ হোৱাকৈ টনা ৰেখাখণ্ডক ত্ৰিভুজৰ মধ্যমা বোলা হয়। অৰ্থাৎ মধ্যমাই বিপৰীত বাহুডালক সমানে বিভক্ত কৰে। এটা ত্ৰিভূজত তিনিডাল মধ্যমা থাকে। মধ্যমা ত্ৰিভূজৰ সদায় ভিতৰফালে থাকে।

ত্ৰিভূজৰ উন্নতি : উন্নতি হৈছে ত্ৰিভূজৰ যিকোনো বাহুৰ ওপৰত অংকণ কৰা লম্ব বা এটা ত্ৰিভূজৰ উচ্চতা। মধ্যমাৰ দৰে উন্নতিও এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ ওপৰত 90° কোণ কৰাকৈ অংকণ কৰা হয়। অৱশ্যে উন্নতি কোনো কোনো ত্ৰিভূজৰ ক্ষেত্ৰত বাহিৰৰ ফালেও থাকে। 


ত্ৰিভূজৰ ধৰ্ম :
১/ ত্ৰিভুজৰ অন্ত:কোণৰ যোগৰ ধৰ্ম 
     এটা ত্ৰিভূজত থকা তিনিটা কোণৰ মাপৰ সমষ্টি বা যোগফল 180° হয়। এই নিয়ম লৰফৰ নহয়। এয়া এটা নিৰ্দিষ্ট নিয়ম। সেয়ে ইয়াক অভেদ বা ধৰ্ম হিচাপে গণ্য কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে এইটো স্হায়ী ভাৱে মনত ৰাখিব লাগে। 
২/ত্ৰিভুজৰ বাহুৰ জোখৰ ধৰ্ম
    এটা ত্ৰিভূজৰ যিকোনো দুটা বাহুৰ মাপৰ সমষ্টি ইয়াৰ তৃতীয় বাহুৰ জোখতকৈ বেছি বা ডাঙৰ। যেনে - এটা ত্ৰিভুজৰ তিনিটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে ৫ ছে.মি. ,৬ ছে.মি.  ৩ ছে.মি. হ'লে 
৫ ছে.মি.+ ৩ ছে.মি.> ৬ ছে.মি. অৰ্থাৎ দুটা বাহুৰ মাপৰ যোগফলটো তৃতীয় বাহুৰ জোখতকৈ ডাঙৰ। এনেদৰে আটাইকেইটা বাহুৰ ক্ষেত্ৰত প্ৰমাণ প্ৰমাণ কৰিব পাৰি।
৩/ ত্ৰিভুজৰ এটা বহি:কোণৰ জোখ ইয়াৰ দূৰৱৰ্তী অন্ত:কোণ দুটাৰ যোগফলৰ সমান হয়। চিত্ৰত  দেখুওৱা হৈছে। 

বাস্তৱ জীৱনত ত্ৰিভূজৰ প্ৰয়োগ : দৈনন্দিন জীৱনৰ প্ৰায় অৰ্ধেক কামতেই ত্ৰিভুজৰ ব্যৱহাৰ কৰা হয় আমি যিবোৰ সচৰাচৰ মন নকৰোঁ। বিভিন্ন আচবাব প্ৰস্তুত কৰোঁতে, ঘৰৰ খিৰিকী লগাওতে, পকীঘৰৰ মজিয়াত টাইলচ লগাওতে --আদি কামবোৰত ত্ৰিভুজৰ প্ৰয়োগ কৰা হয়। খিৰিকী খন বনাওতে জোখ-মাখৰ সময়ত সমকোণী ত্ৰিভূজ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ চুকবোৰে সাধাৰণতে সমকোণৰ সৃষ্টি কৰে। আনকি সমবাহু ত্ৰিভুজৰ আৰ্হিত বনোৱা হয় বিস্কুট বিলাকৰ আকাৰ। আমাৰ ছাত্ৰ ছাত্ৰী সকলে ত্ৰিভূজৰ সম্পৰ্কে সেয়ে গুৰুত্ব সহকাৰে বুজিবলৈ চেষ্টা কৰিব লাগে। 

Sunday, December 5, 2021

মহামাৰীৰ সময়ত অনু-শিক্ষণ পদ্ধতিৰ প্ৰয়োগ --চমু আলোচনা। Application of Micro-teaching method during epidemic -- short discussion.

মহামাৰীৰ সময়ত অনু-শিক্ষণ পদ্ধতিৰ প্ৰয়োগ --চমু আলোচনা । 
Application of Micro-teaching method during epidemic -- short discussion.

অনু-শিক্ষণ পদ্ধতি কি ? What is Micro Teaching Method ? 


অনুশিক্ষণ পদ্ধতি বিশেষকৈ শিক্ষক প্ৰশিক্ষণৰ উদ্দেশ্যেৰে ব্যৱহাৰ কৰা হয়। শিক্ষক শিক্ষয়িত্ৰী সকলৰ আচাৰ আচৰণ পৰিবৰ্তন সাধন কৰাৰ উদ্দেশ্যে অনুশিক্ষণ পদ্ধতি প্ৰয়োগ কৰা দেখা যায়। এই পদ্ধতি পোনপ্ৰথমে আমেৰিকাৰ ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ত ১৯৬৩ চনত প্ৰয়োগ কৰা হৈছিল। পৰৱৰ্তী সময়ত এই পদ্ধতিৰ অধিক বিকাশ ঘটাইছিল শিক্ষাবিদ ডুইড ডব্লিউ এলেন, ৰায়ান,টাৰ্নি, ব্ৰাউন আৰু ভাৰতৰ পাচি আৰু সিং নামৰ শিক্ষাবিদ সকলৰ যুটীয়া গৱেষণাৰ প্ৰচেষ্টাত। ১৯৭৫ চনৰ পৰা এই পদ্ধতি কাৰ্যকৰীভাৱে প্ৰয়োগ কৰা হৈছিল বুলি জনা যায়। এইসকল শিক্ষাবিদৰ মতে অনুশিক্ষণ পদ্ধতি হৈছে শ্ৰেণীৰ আকাৰ আৰু শ্ৰেণীৰ সময়ৰ হ্ৰাস ঘটাই আগবঢ়োৱা শিক্ষাদান প্ৰক্ৰিয়া। 
  
   যদিও কেৱল শিক্ষক প্ৰশিক্ষণৰ উদ্দেশ্যেৰে এই পদ্ধতি ব্যৱহাৰ কৰা হয়, তথাপিও ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰাৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। এই শিক্ষণ প্ৰক্ৰিয়া সাধাৰণতে খুব সংক্ষিপ্ত হয় । নিয়ম অনুসৰি ৫ জনৰ পৰা ১০ জনৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব লাগে।
     সীমিত সংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজত ৰিমেডিয়েল পাঠদান কৰিবলৈ এই পদ্ধতি অতি উত্তম। এনে পদ্ধতিৰে কৰা পাঠদান কাৰ্যসূচী ভিডিঅ' কৰি ৰাখিব পাৰে আৰু পৰৱৰ্তী সময়ত শিক্ষক জনৰ ভুল ত্ৰুটী পৰ্যালোচনা কৰাত সহায়ক হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগিতা আৰু মনৰ ভাৱ বুজাত সহজ হয়।  

   অনুশিক্ষণ পদ্ধতিৰ মূল উদ্দেশ্য হৈছে শিক্ষক প্ৰশিক্ষাৰ্থী সকলক নিয়ন্ত্ৰিত পৰিৱেশত নতুন কৌশল আয়ত্ব আৰু প্ৰয়োগ কৰাৰ সুযোগ প্ৰদান কৰা। বাস্তৱ পৰিস্থিতিৰ লগত সংগতি ৰাখিবলৈ সুযোগ দিয়া।  এই পদ্ধতিৰ জৰিয়তে বিষয়বস্তুৰ জ্ঞান আৰু অভিজ্ঞতা সহজে আহৰণ কৰিব পৰাৰ বাবে এক পৰিৱেশ প্ৰদান কৰা হয়। ই যি কি নহওঁক, ইয়াক আমি বিদ্যালয়ৰ গণ্ডীৰত ছাত্ৰ ছাত্ৰীক পুনৰ:শিকণ পাঠদানত (Remedial class) প্ৰয়োগ কৰিব পাৰি নেকি ? সেই সম্পৰ্কে আমি আলোচনা আগবঢ়াবলৈ সংক্ষিপ্ত প্ৰয়াস কৰিম।
    অনুশিক্ষণৰ বাবে পাঁচৰ পৰা দহজনৰ ভিতৰত ছাত্ৰ ছাত্ৰী হ'ব লাগে। এই পাঠদানত মুঠ সময় লোৱা হয় পাঁচ মিনিটৰ পৰা দহ মিনিটৰ ভিতৰত। ছাত্ৰ-ছাত্ৰী সকলক এই পদ্ধতিৰে পাঠদান কৰিলে ছাত্ৰ ছাত্ৰীৰ পাঠ আয়ত্ত কৰণৰ সক্ষমতা বৃদ্ধি পায়। শিক্ষণ প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীৰ শিকণ প্ৰক্ৰিয়াও খৰতকীয়া হোৱাত প্ৰভাৱ পৰে। হাতৰ মুঠিৰ কলমৰ বেগ বঢ়াত সহায়ক হয়। অৰ্থাৎ লিখন সামৰ্থ্যতা বৃদ্ধি পায়। চিন্তা শক্তি বাঢ়ে। প্ৰয়োগ কৰিবলৈ শিকে। বিষয়বস্তুৰ জ্ঞান স্পষ্ট হয়। 


অনু-শিক্ষণৰ সুবিধা 
  
    অনুশিক্ষণৰ কিছুমান সুবিধা বা গুণ আছে। বিশ্বত বৰ্তমান এই পদ্ধতিৰ জনপ্ৰিয়তা বাঢ়িছে আৰু সমাদৃত হৈছে। গুণসমূহ এনেধৰণৰ --
১/ এই পদ্ধতি অতি কাৰ্যকৰী আৰু পৰিপুষ্টি দান কৰা এক প্ৰক্ৰিয়া যাৰ ফলত প্ৰশিক্ষাৰ্থীৰ আচৰণ পৰিবৰ্তন সাধন কৰাত সহজ।
২/ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে কম হোৱাৰ বাবে পাঠদানত আৰু গ্ৰহণত সুবিধা হয়।
৩/ শিকোৱা বিষয়বস্তু শিক্ষাৰ্থীসকলে বুজিল নে লগে লগে পৰিপুষ্টি ল'ব পাৰি। সেয়ে ছাত্ৰ ছাত্ৰীৰ বা শিক্ষকৰ আচৰণ পৰিবৰ্তনত প্ৰভাৱ পৰে।
৪/ বেছি ছাত্ৰ ছাত্ৰী মাজত জ্ঞান আহৰণত হোৱা অসুবিধা দূৰ কৰে।
৫/ অনুশিক্ষণ পদ্ধতি বিশেষকৈ প্ৰাককালীন আৰু চাকৰি কৰি থকা শিক্ষকৰ বাবে উপযোগী শিক্ষণ আৰ্হি।
৬/ অনুশিক্ষণে বেছি ছাত্ৰ ছাত্ৰী আৰু বেছি সময়ৰ শ্ৰেণীৰ শিক্ষাদানৰ বোজা লাঘৱ কৰে।
৭/ শিক্ষকক শিক্ষাৰ গুৰুত্ব আৰু জটিলতাৰ সম্পৰ্কে সজাগ হোৱাত সহায় কৰে।



অনু-শিক্ষণৰ অসুবিধা
অনুশিক্ষণ পদ্ধতিৰ জৰিয়তে যদিও নিদানমূলক শিক্ষা প্ৰদান কৰিব পাৰি বা ইয়াৰ সুবিধা যিমান আছে অসুবিধাও সিমানেই আছে বুলি ক'লেও অত্যুক্তি কৰা নহয়। ইয়াৰ অসুবিধা সমূহ থোৰতে আগবঢ়োৱা হ'ল-- 
১/ এই পদ্ধতি প্ৰয়োগৰ বাবে অসুবিধা আছে কাৰণ অতি কম সময়তে বিষয়বস্তুৰ জ্ঞান প্ৰদান কৰিব লাগে।
২/ কোনো বিদ্যালয়ৰ প্ৰধান শিক্ষকে কেৱল দহজন বা পাঁচজনক এই পদ্ধতি প্ৰয়োগ কৰি শিক্ষা প্ৰদান কৰিবলৈ অনুমতি নিদিয়ে।
৩/ আনহাতে এই পদ্ধতি সম্পৰ্কীয় কোনো সহায়ক গ্ৰন্থও সুলভ নহয়।
৪/ শিক্ষণীয় বিষয়বস্তু খণ্ড খণ্ডকৈ পঢ়াব লগা হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকল বুজাত অসুবিধাৰ সৃষ্টি হয়।
৫/ তুলনামূলকভাৱে এই পদ্ধতি প্ৰয়োগৰ ক্ষেত্ৰত খৰচৰ পৰিমাণ বেছি হয়।


    মহামাৰীৰ সময়ত অনু-শিক্ষণৰ প্ৰয়োজনীয়তা
অনুশীক্ষণ যদিও  শিক্ষক প্ৰশিক্ষণৰ হেতু প্ৰয়োগ কৰা হয়, তথাপিও ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ নিদান মলক
 শিক্ষা প্ৰদান কৰিবলৈ এই পদ্ধতি অতি উত্তম হ'ব বুলি ক'ব পাৰি। যিহেতু নিদানমূলক শিক্ষা প্ৰদান কৰিবলৈ সৰ্বশিক্ষাৰ তৰফৰ পৰাও সময়ে সময়ে নিৰ্দেশ দি আহিছে। গতিকে বিদ্যালয়ৰ প্ৰশাসক গৰাকীয়ে এই ক্ষেত্ৰত বিষয়টো বিবেচনা কৰি এই পদ্ধতি বিশেষকৈ উচ্চ প্ৰাথমিক পৰ্যায়ত প্ৰয়োগৰ বাবে ব্যৱস্থা হাতত ল'ব পাৰে।  এই পদ্ধতিৰ উদ্ভাৱক কেলাৰৰ মতে শিক্ষক প্ৰশিক্ষণ বা শিক্ষাৰ্থীসকলক বিশেষ এটা বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি এই পদ্ধতি প্ৰয়োগৰ জৰিয়তে ফলপ্ৰসূ শিক্ষা প্ৰদান কৰিব পাৰি। তদুপৰি শিক্ষাদানৰ ক্ষেত্ৰত পদ্ধতি পৰিবৰ্তন কৰিলে ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পাই। শিক্ষাৰ ক্ষেত্ৰত এই পদ্ধতিয়ে শিকাৰু আৰু শিক্ষকক নতুন দিশৰ সন্ধান দিয়াৰ সম্ভাৱনা আছে। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল। 



সহায়ক উৎস:: 1.  Educational Technology.
                           শৈক্ষিক প্ৰযুক্তিবিদ্যা ।
                       ২. Internet . 

আৰু পঢ়ক..
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgMWGy6Y3InvOdjZEQU_PFCH1ZXqZhMWQK2B4DWFcSJcBRFZc7c1EuioBVa8g_wMVgaUWN3Fj3hkf6Q_Nm9f9UmfCyR1OgL5HXGOwAg2IwPk7W51HGYLveU-90F6ujb9wG4fZOspE03BdvC/s1600/1636545898276314-0.png
http://anuragblogadress.blogspot.com/2021/11/blog-post_10.html

Saturday, December 4, 2021

🐶🐶কুকুৰে কামুৰিলে কি কৰিব?🐶🐶

🐶🐶কুকুৰে কামুৰিলে কি কৰিব?🐶🐶

আপুনি এফালে ওলাই গৈ আছিল। হঠাৎ কুকুৰে কামুৰিলে। ওচৰত চিকিৎসালয় নাই। যাবলৈ বহু দূৰ। এনেকুৱা অৱস্থাত আপুনি কি কৰিব?


   প্ৰথম কথা আপুনি অলপো ভয় নাখাব। বিপদত ভয় খালে বুদ্ধি হেৰাই যায়। সব কুকুৰৰ গাতে Rabies virus নাথাকে। যদি থাকে, এই ভাইৰাছটো তেজত সোমাই আপোনাৰ স্নায়ু পাব লাগিব। তাৰ পিছতহে বেমাৰটো হয়। গতিকে , কুকুৰে কামোৰাৰ পিছত আমাৰ হাতত বহুত সময় থাকে। 
প্ৰাথমিক চিকিৎসা:

প্ৰথমে আপুনি এডোখৰ চাবোন হাতত লওক। কুকুৰে কামোৰা ঠাই ডোখৰ ভালকে চাবোন ঘঁহক। চাবোন ফেন যিমানেই ওলাব , সিমানেই ভাল। প্ৰায়ে দুই মিনিট মান চাবোন মাৰি , পাঁচ মিনিট মান খোলা পানী টেপত হাত ৰাখি থওক। তেতিয়া প্ৰটিন জাতীয় ভাইৰাছ বোৰ চাবোন ফেনত লাগি আঁতৰি যাব । প্ৰয়োজন হলে এই প্ৰক্ৰিয়াটো তিনিবাৰ মান কৰিব পাৰে। এই দৰে কৰিলে আপোনাৰ জ্বলাতংক ৰোগ হোৱা সম্ভাৱনা একেবাৰে কমি যাব। 

 ইয়াৰ পিছতে , আপুনি নিকটতম স্বাস্থ্য কেন্দ্ৰলৈ গৈ RABIES VACCINE ,T.T. INJ, ANTIBIOTC,OINTMENT ল'ব পাৰে। কুকুৰে কামোৰা ঠাইত কেতিয়াও চিলাই মাৰিব নালাগে। ইয়াক নিজে-নিজে শুকাব দিব লাগে।
  আশা কৰোঁ, মোৰ কথাখিনিয়ে আপোনাক জ্বলাতংক ৰোগৰ পৰা বাচিবলে সহায় কৰিব। গতিকে , বিপদত ধৈৰ্য ধৰি , মই কোৱা ধৰণে ব্যৱস্থা লওক। জ্বলাতংক ৰোগৰ কোনো চিকিৎসা নাই।
✈️সকলোকে জানিবলৈ দিয়ক পষ্টটো শ্বেয়াৰ কৰি দিব👍

💐💐ডা: হীৰেণ গগৈ💐💐

IVF SPECIALIST

JJ MEMORIAL HOSPITAL

এজন সন্মানীয় ডাক্তৰৰ সচেতন মূলক লেখাটো মোৰ ব্লগতো শ্বেয়াৰ কৰি দিছোঁ যাতে সকলো শ্ৰেণীৰ লোকৰে উপকাৰ সাধিত হয়। যিহেতু তেখেতে লিখিছে  'সকলোকে জানিবলৈ দিয়ক পষ্টটো শ্বেয়াৰ কৰি দিব' সেয়ে লেখকৰ বিনা অনুমতিত ব্লগত প্ৰকাশ কৰা হৈছে। 

বৰ্তমান সময়ত বিষয়টো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। আজিকালি বাটে পথে কেৱল পগলা কুকুৰ। গৃহস্থই দুদিনমান ৰাখি এৰি দিয়ে আৰু খাবলৈ নাপায় পগলা শাৰীত পৰেগৈ। খেদি খেদি কেতিয়াবা এইবিলাকে গৰু, ছাগলী, ল'ৰা ছোৱালীকো উৎপাত নলগোৱা নহয়। গতিকে এনে সময়তে সৰু ল'ৰা-ছোৱালীক কামুৰিলে বহু সমস্যা হ'ব পাৰে সেয়েহে ইয়াৰ আগতীয়া সাৱধানতাৰ সম্পৰ্কে জ্ঞাত হোৱাৰ প্ৰয়োজন আছে। আপুনি পঢ়ক আনকো পঢ়ুৱাই সচেতন কৰাওক। 


ধন্যবাদ জনালো আপোনাক।

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts