Thursday, December 23, 2021

আকৌ এটা বছৰ পুৰণি হ'ব..It will be a year old again...

👉 আকৌ এটা বছৰ পুৰণি হ'ব..। চাওঁতে চাওঁতে বছৰটোৱে কেতিয়ানো মেলানি মাগিবলৈ সাজু হ'ল ততকে ধৰিব নোৱাৰিলোঁ। 

বিগত বছৰটোত কি পালোঁ কি হেৰুৱালো , কোন নিঠৰুৱা হ'ল,কোন লাখপতিলৈ উন্নীত হ'ল আদি বোৰ কেৱল ইতিহাস হ'ব আৰু আমাৰ মনত দি থাকিব পেন্দুলামৰ দৰে দোলা। বিগত বছৰটোৰ লাভ-লোকচানৰ খতিয়ান পষ্টমৰ্টেম কৰি চাওঁচোন আহক।
   ব্যক্তিগত , সামাজিক , ৰাজনৈতিক, অৰ্থনৈতিক আদি প্ৰতিটো ক্ষেত্ৰতে বহু পৰিবৰ্তন হ'ল আৰু বহু পৰিবৰ্তন হ'বলৈ অদ্যাপি বাকী থাকিল। 
   মোৰ ব্যক্তিগত জীৱনত ভুমুকি মাৰি চালে দেখা পাওঁ চৌদিশে কেৱল শূণ্য। ২০২১ বৰ্ষটোত দুখন কিতাপ প্ৰকাশিত কৰাৰ যি মনোবাঞ্ছা আছিল সেয়া  অপূৰ্ণ হৈয়ে ৰ'ল। ঘৰটোৰ মেৰামতি অসম্পূৰ্ণ হৈয়ে ৰ'ল। বেংকৰ ঋণৰ পৰিমাণ ডিঙিৰ গুৰিলৈকে পালেহি। ইয়াৰ মাজতে দুটা নিজাকৈ ভাললগা খবৰ হৈছে দুটা সন্তানৰ দিশ নিৰ্ণয় সঠিকভাৱে আগবাঢ়িছে। ই যি কি নহওঁক সময়ৰ লগত ফেৰ মাৰিব নোৱাৰিলেও ধীৰে ধীৰে হ'লেও আগুৱাবই লাগিব সময়ৰ পিছে পিছে। হাজাৰ বাধা বিঘিনি আতৰাই আগুৱাই যাবলৈ কৰা প্ৰয়াসেই হৈছে জীৱন। কাৰণ জীৱন মানেই হৈছে সংঘাত । জীৱন মানেই হৈছে ঘাত-প্ৰতিঘাত আৰু সংযোগৰ সমষ্টি। 
সামাজিকভাৱে যদি চকু ফুৰাও তেন্তে দেখিবলৈ পাওঁ বহু ঘটনাৰ প্ৰৱাহ। বহু উত্থান-পতনৰ সাক্ষী হৈ ৰ'ব ২০২১ বৰ্ষটো । এই বৰ্ষতে আমি হেৰুৱাব লগা হ'ল বহু বিজ্ঞজনক। আমাৰ অতিকৈ প্ৰিয় গায়িকা ভিতালী দাস বাইদেউক আমি হেৰুৱালো , শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি ভাউৰীয়াক আমি হেৰুৱালো চিৰদিনলৈ।  প্ৰায় পাঁচ শতাধিক গীত গাই অসমৰ সংগীতৰ ভঁৰাল চহকী কৰা ভিতালী দাস বাইদেউৰ সুমধুৰ কণ্ঠই আমাক মোহিত কৰিছিল আৰু তেখেত জনপ্ৰিয় হৈ পৰিছিল। তেখেতৰ মৃত্যু সংগীত জগতৰ অন্যতম ক্ষতি। অসমৰ স্বনামধন্য লেখক সাহিত্যিক, উপন্যাসিক , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে খ্যাতি অৰ্জন কৰা হোমেন বৰগোহাঞি ডাঙৰীয়াৰ মৃত্যুৱে সাহিত্যৰ জগতক নিঠৰুৱা কৰিলে। তেখেতৰ মৃত্যু অসমৰ জনসাধাৰণৰ বাবে, অসমৰ সাহিত্য সংস্কৃতিৰ বাবে বৃহৎ অপূৰণীয় ক্ষতি বুলি ক'ব পাৰি।

তদুপৰি এই বৰ্ষতে আমি আৰু কেইবাজনো অখ্যাত লোকক অস্বাভাৱিক আৰু পাশৱিক ভাৱে হোৱা অত্যাচাৰত হেৰুৱাব লগা হ'ল। অনিমেষ,  দেৱেন্দ্ৰনাথ আদি নিৰপৰাধী লোকসকলক আমি বিনাকাৰণত হেৰুৱাব লগা হ'ল। মানুহে মানুহক নিচিনি অমানুষিক ভাৱে আমাৰ সমাজৰে এচাম অবিবেচক লোকৰ হাতত নৃশংসতাৰ বলি হ'ব লগা হ'ল এইসকল লোকে । যিয়ে অসমৰ বুৰঞ্জীত কালিমা সানি থৈ গ'ল ২০২১ বৰ্ষত। 
  অৱশ্যে সামাজিক দিশত অত্যন্ত ভাল খবৰো নথকা নহয়। এই বৰ্ষতে প্ৰাক্তন জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক তেখেতে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২১ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। তিনিচুকীয়া জিলাৰ গায়ক তথা চাহ জনগোষ্ঠীৰ লোক দুলাল মানকিয়ে পদ্মশ্ৰী বঁটা লাভ কৰি জিলাখনলৈ কঢ়িয়াই আনিলে সন্মান। অতি শেহতীয়াকৈ কাব্যঋষি নীলমণি ফুকন ভাউৰীয়াক কাব্যৰ জগতত অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে প্ৰায় একৈশ বছৰৰ ব্যৱধানত আগবঢ়ালে ভাৰতৰ সাহিত্যৰ সৰ্বোচ্চ বঁটা 'জ্ঞানপীঠ বঁটা' । তদুপৰি এই বৰ্ষতে শান্তিস্বৰূপ  ভটনাগৰ বঁটা বিজ্ঞানৰ চমকপ্ৰদ উদ্ভাৱনৰ বাবে ড° বিনয় কুমাৰ শইকীয়াই আজুৰি আনিবলৈ সক্ষম হৈছিল। 

মহামাৰীৰ প্ৰৱল প্ৰকোপৰ ফলত বৰ্ষটোত অসমৰ অৰ্থনৈতিক অৱস্থাই কিছু শোচনীয় ৰূপ ধাৰণ কৰিলে। বহু মানুহৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হ'ল। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ জুই-ছাই দামে মানুহৰ অৰ্থনৈতিক দিশত আঘাত হনাৰ ফলত জীয়াই থকাৰে মুচকিল হৈ পৰিল। হ'লেও যেনিবা ঈশ্বৰৰ আশীৰ্বাদ আৰু কৃপা দৃষ্টিয়ে শেহতীয়াকৈ জনসাধাৰণৰ শোচনীয় ৰূপ ভাললৈ আহিবলৈ ধৰিছে। ৰাজনৈতিক দিশতো কিছুমান পৰিৱৰ্তন পৰিলক্ষিত হ'ল। বিজেপিৰ অভাৱনীয় উত্থান আৰু কংগ্ৰেছৰ দুখলগাকৈ পতন ৰাজনৈতিক প্ৰেক্ষাপটত এক উল্লেখযোগ্য ঘটনাৰ সাক্ষী হৈ ৰ'ব ২০২১ বৰ্ষ। 
  খেলৰ জগতত ভূমুকি মাৰিলে দেখা যায় এই বৰ্ষটো অসমৰ বহু ভাল আছিল। যদিও মহামাৰীৰ কৱলত বিশ্বৰ থাওনি হেৰাইছিল, তথাপিও জাপানে নিজৰ দক্ষতাৰে অলিম্পিক অনুষ্ঠিত কৰি বিশ্বৰ খেলুৱৈ সকলক ইয়াৰ আমোদ দিবলৈ সক্ষম হৈছিল। এই  অলিম্পিকতেই ভাৰতৰ খেলুৱৈয়ে আজুৰি আনিবলৈ সক্ষম হৈছিল সাতোটাকৈ মেডেল । তাৰে ভিতৰত অসমৰ লাভলীনা বৰগোহাঁইয়ে বক্সিংত ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল এই বৰ্ষতে। 

  কোৰোণাৰ  ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্যৰ সাংস্কৃতিক জগতলৈ আহিছিল এটা ভাল খবৰ। অভিনেত্ৰী আইমী বৰুৱাই লাভ কৰিছিল বিশেষ বঁটা। চলচিত্ৰ নিৰ্মাণৰ দ্বাৰা বিশেষ সন্মান লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে নিৰ্মাণ কৰা ডিমাছা ভাষাৰ ছবি 'SEMKHOR'ৰ বাবে TAGORE INTERNATIONAL FILM FESTIVALত এই আন্তঃ ৰাষ্ট্রীয় সন্মান লাভ কৰিবলৈ সক্ষম হয় অভিনেত্ৰী আইমী বৰুৱাই। উল্লেখ্য যে, প্ৰথম খন ডিমাছা ভাষাৰ ছবি 'SEMKHOR'ৰ বাবে তিনিটা শিতানত বঁটা লাভ কৰিছে আইমীয়ে। উল্লেখ্য যে, টেগৰ ইনটাৰনেচনেল ফিল্ম ফেষ্টিভেলত ডিমাছা ভাষাৰ প্ৰথমখন ছবি SEMKHORৰ বাবে BEST NARRATIVE, BEST WOMEN FILM, BEST DEBUT FILM MAKERৰ শিতানত শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আইমী বৰুৱাই। কেৱল নিৰ্মাণেই নহয়, ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয়ো কৰিছিল অভিনেত্ৰীগৰাকীয়ে। 

তদুপৰি শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ দুগৰাকী শিক্ষকে লাভ কৰিবলৈ সক্ষম হৈছিল  ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষকৰ ৰাষ্ট্ৰীয় সন্মান। সন্মান লাভ কৰা শিক্ষক দুগৰাকী হৈছে যোৰহাটৰ টীয়কৰ কংকন কিশোৰ দত্ত আৰু বাক্সা জিলাৰ বিনন্দ স্বৰ্গীয়াৰী। যোৰহাট জিলাৰ টীয়কৰ বামুনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কংকন কিশোৰ দত্তলৈ ভাৰত চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়াইছিল ২০২১ বৰ্ষৰ ভাৰতৰ শ্ৰেষ্ঠ শিক্ষক বঁটা৷ উল্লেখ্য যে কংকন কিশোৰ দত্তই ইয়াৰ পূৰ্বে, ২০১৮ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰণালয়ৰ দ্বাৰা অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষক সমাৰোহত শ্ৰেষ্ঠ গৱেষণা পত্ৰ পুৰস্কাৰ লাভ কৰাৰ লগতে ২০১৯ চনত ইউনেস্কোৰ দ্বাৰা আয়োজিত Dell policy Hack কাৰ্যসূচীত অংশগ্ৰহণ কৰিও বঁটা লাভ কৰিছিল।

    বহু উত্থান-পতনৰ মাজেৰে অতিবাহিত হোৱা বছৰটোৰ শেষাৰ্ধত সাহিত্যৰ জগতক টনকিয়াল কৰিলে জ্ঞানপীঠ বঁটা বিজয়ীয়ে। সাহিত্যৰ উন্নতিৰ দিশত বিশেষকৈ কাব্যৰ চৰ্চা কৰিবলৈ কবি লেখক লেখিকা সমাজক এই বঁটাই অনুপ্ৰাণিত কৰিব। উল্লেখযোগ্য যে এই বৰ্ষতে মাজুলীয়ে আনুষ্ঠানিক ভাৱে লাভ কৰিলে সকলোৰে আশাৰ এখন দলং। ( অৱশ্যে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছেহে, যদিও আৰম্ভ হ'ল যেতিয়া ইয়াৰ সমাপ্ত নিশ্চয় অতি সোনকালেই হ'ব ? গতিকে ইয়াক পোৱা বুলিয়ে ক'ব পাৰি )  অদূৰ ভৱিষ্যতে মাজুলীয়ে যে পৰ্যটনৰ দিশত অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব সেয়া নিশ্চিত হৈ পৰাৰ বাবে আমি আনন্দিত অনুভৱ কৰিছোঁ। দলং নিৰ্মাণ পূৰ্ণ হোৱাৰ লগে লগে অসমৰ তথা অসমীয়াৰ বহু দিনীয়া এটা অভাৱৰ অৱসান ঘটিব। মাজুলীৰ নামি আহিব আশাৰ বতঁৰা । পৰ্যটকৰ পদধূলাত মাজুলীয়ে প্ৰাণ পাই উঠিব বিশ্বৰ দৰবাৰ গচকি। এনেকৈয়ে এদিন উন্নত ৰাজ্যলৈ পৰিৱৰ্তন হ'ব আমাৰ কেঁচা মাটিৰ গোন্ধ থকা  অসম ।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক -- দুদুল সোণোৱাল। প্ৰৱন্ধটোত আৰু বহু কথা সন্নিৱিষ্ট কৰিবলৈ ৰৈ গ'ল। হ'লেও মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক পঢ়ুৱৈ সমাজে নিশ্চয় আদৰি ল'ব বুলি আশা ৰাখিলোঁ।

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏


2 comments:

  1. মনজিত কুমাৰ ঠাকুৰDecember 23, 2021 at 8:11 PM

    তথ্য সম্বলিত লিখনি, পাঠকে আকোঁৱালি ল'ব বুলি আশা ৰাখিলোঁ ্

    ReplyDelete

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts