Monday, December 13, 2021

Triangle and it's properties | ত্ৰিভূজ আৰু ইয়াৰ ধৰ্ম।

Triangle and it's properties.

ত্ৰিভূজ আৰু ইয়াৰ ধৰ্ম: 


  ত্ৰিভূজৰ তিনিটা বাহু থাকে, তিনিটা কোণ থাকে আৰু তিনিটা শীৰ্ষবিন্দু থাকে। প্ৰতিটো শীৰ্ষবিন্দুত দুডাল বাহু মিলিত হয় আৰু এইদৰে এটা বন্ধ বক্ৰৰ সৃষ্টি হয় যাক ত্ৰিভূজ বোলা হয়। এই ত্ৰিভুজৰ তিনিটা বাহুৱে কিছু ঠাই আগুৰি থাকে।  সেয়ে কোৱা হয় - তিনিটা বাহুৱে আগুৰি থকা সমতলি ক্ষেত্ৰক ত্ৰিভূজ বোলে।  লেটিন ভাষাৰ শব্দ Triangulum ৰ পৰা Triangle শব্দৰ উৎপত্তি হৈছে বুলি জনা যায়। টলেমি নামৰ এগৰাকী জ্যোতিৰ্বিদে খ্ৰীষ্টীয় দ্বিতীয় শতিকাত ৪৮ টা নক্ষত্ৰপুঞ্জ আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰে এটাৰ নাম আছিল Triangulum । এই Triangulum ত তিনিটা ভিন্ন উজ্বল নক্ষত্ৰ আছিল যিয়ে এটা ত্ৰিভূজ আকৃতিৰ সৃষ্টি কৰিছিল। কালক্ৰমত সেই নামৰ পৰা হ'ল Triangle আৰু ইয়াৰ অসমীয়া প্ৰতিশব্দ ত্ৰিভূজ। 



ত্ৰিভূজক ছয় প্ৰকাৰত ভাগ কৰা হৈছে। বাহুৰ মাপৰ ওপৰত ভিত্তি কৰি তিনিটা আৰু কোণৰ মাপৰ ওপৰত ভিত্তি কৰি তিনিটা ত্ৰিভূজ পোৱা যায়। বাহু হিচাপে পোৱা ত্ৰিভূজ তিনি প্ৰকাৰৰ হ'ল- ১/ সমবাহু ত্ৰিভূজ  ২/ সমদ্বিবাহু ত্ৰিভূজ আৰু ৩/ বিষম বাহু ত্ৰিভূজ। আনহাতে কোণ হিচাপে তিনি প্ৰকাৰৰ ত্ৰিভূজ হ'ল - ১/ সুক্ষ্মকোণী ত্ৰিভূজ ‌‌ ২/ সমকোণী ত্ৰিভূজ আৰু  ৩/ স্হূলকোণী ত্ৰিভূজ।

সমবাহু ত্ৰিভূজ ::  তিনিটা বাহুৰ দৈৰ্ঘ্য সমান হ'লে আকৃতিটোক  সমবাহু ত্ৰিভূজ বোলে। যেনে চিত্ৰত দেখুওৱাৰ দৰে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান হ'ব লাগে। ∆ABC এটা সমবাহু ত্ৰিভূজ কাৰণ ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান। 

সমদ্বিবাহু ত্ৰিভূজ : দুটা বাহুৰ দৈৰ্ঘ্য সমান হ'লে আকৃতিটোক সমদ্বিবাহু ত্ৰিভূজ বোলে। চিত্ৰত ∆PQR এটা সমদ্বিবাহু ত্ৰিভূজ। কাৰণ ইয়াৰ দুটা বাহুৰ দৈৰ্ঘ্য সমান। 
বিষমবাহু ত্ৰিভূজ : যদি এটা ত্ৰিভূজৰ বাহু তিনিটাৰ জোখ সমান নহয় তেন্তে ত্ৰিভূজটোক বিষমবাহু ত্ৰিভূজ বোলা হয়। চিত্ৰত ∆XYZ এটা বিষমবাহু ত্ৰিভূজ। কাৰণ ইয়াৰ তিনিটা বাহুৰ জোখ অসমান। 

সুক্ষ্মকোণী ত্ৰিভূজ : এটা ত্ৰিভূজৰ প্ৰতিটো কোণৰ জোখ 90° তকৈ সৰু হ'লে ত্ৰিভূজটোক সুক্ষ্মকোণী ত্ৰিভূজ বোলে। চিত্ৰত দেখুওৱা ত্ৰিভূজ টোৰ প্ৰতিটো কোণৰ জোখ 90° তকৈ সৰু। সেয়ে ত্ৰিভূজটোক সুক্ষ্মকোণী ত্ৰিভূজ বোলা হৈছে।

সমকোণী ত্ৰিভূজ : এটা ত্ৰিভূজৰ যিকোনো এটা কোণৰ জোখ 90° হ'লে ত্ৰিভূজটোক সমকোণী ত্ৰিভূজ বোলে। যেনে ∆ABC এটা সমকোণী ত্ৰিভূজ কাৰণ ইয়াৰ B কোণৰ জোখ 90° । 

স্হূলকোণী ত্ৰিভূজ : যি ত্ৰিভুজৰ যিকোনো এটা কোণৰ জোখ 90° তকৈ ডাঙৰ হয় বা স্হূল হয় সেই ত্ৰিভুজক স্হূলকোণী ত্ৰিভূজ বোলে। ∆XYZ এটা স্হূলকোণী ত্ৰিভূজ কাৰণ ইয়াৰ Y কোণৰ জোখ 90°তকৈ ডাঙৰ। 

ত্ৰিভূজৰ মধ্যমা : এটা ত্ৰিভূজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুৰ ওপৰত সমানে দুভাগ হোৱাকৈ টনা ৰেখাখণ্ডক ত্ৰিভুজৰ মধ্যমা বোলা হয়। অৰ্থাৎ মধ্যমাই বিপৰীত বাহুডালক সমানে বিভক্ত কৰে। এটা ত্ৰিভূজত তিনিডাল মধ্যমা থাকে। মধ্যমা ত্ৰিভূজৰ সদায় ভিতৰফালে থাকে।

ত্ৰিভূজৰ উন্নতি : উন্নতি হৈছে ত্ৰিভূজৰ যিকোনো বাহুৰ ওপৰত অংকণ কৰা লম্ব বা এটা ত্ৰিভূজৰ উচ্চতা। মধ্যমাৰ দৰে উন্নতিও এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ ওপৰত 90° কোণ কৰাকৈ অংকণ কৰা হয়। অৱশ্যে উন্নতি কোনো কোনো ত্ৰিভূজৰ ক্ষেত্ৰত বাহিৰৰ ফালেও থাকে। 


ত্ৰিভূজৰ ধৰ্ম :
১/ ত্ৰিভুজৰ অন্ত:কোণৰ যোগৰ ধৰ্ম 
     এটা ত্ৰিভূজত থকা তিনিটা কোণৰ মাপৰ সমষ্টি বা যোগফল 180° হয়। এই নিয়ম লৰফৰ নহয়। এয়া এটা নিৰ্দিষ্ট নিয়ম। সেয়ে ইয়াক অভেদ বা ধৰ্ম হিচাপে গণ্য কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে এইটো স্হায়ী ভাৱে মনত ৰাখিব লাগে। 
২/ত্ৰিভুজৰ বাহুৰ জোখৰ ধৰ্ম
    এটা ত্ৰিভূজৰ যিকোনো দুটা বাহুৰ মাপৰ সমষ্টি ইয়াৰ তৃতীয় বাহুৰ জোখতকৈ বেছি বা ডাঙৰ। যেনে - এটা ত্ৰিভুজৰ তিনিটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে ৫ ছে.মি. ,৬ ছে.মি.  ৩ ছে.মি. হ'লে 
৫ ছে.মি.+ ৩ ছে.মি.> ৬ ছে.মি. অৰ্থাৎ দুটা বাহুৰ মাপৰ যোগফলটো তৃতীয় বাহুৰ জোখতকৈ ডাঙৰ। এনেদৰে আটাইকেইটা বাহুৰ ক্ষেত্ৰত প্ৰমাণ প্ৰমাণ কৰিব পাৰি।
৩/ ত্ৰিভুজৰ এটা বহি:কোণৰ জোখ ইয়াৰ দূৰৱৰ্তী অন্ত:কোণ দুটাৰ যোগফলৰ সমান হয়। চিত্ৰত  দেখুওৱা হৈছে। 

বাস্তৱ জীৱনত ত্ৰিভূজৰ প্ৰয়োগ : দৈনন্দিন জীৱনৰ প্ৰায় অৰ্ধেক কামতেই ত্ৰিভুজৰ ব্যৱহাৰ কৰা হয় আমি যিবোৰ সচৰাচৰ মন নকৰোঁ। বিভিন্ন আচবাব প্ৰস্তুত কৰোঁতে, ঘৰৰ খিৰিকী লগাওতে, পকীঘৰৰ মজিয়াত টাইলচ লগাওতে --আদি কামবোৰত ত্ৰিভুজৰ প্ৰয়োগ কৰা হয়। খিৰিকী খন বনাওতে জোখ-মাখৰ সময়ত সমকোণী ত্ৰিভূজ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ চুকবোৰে সাধাৰণতে সমকোণৰ সৃষ্টি কৰে। আনকি সমবাহু ত্ৰিভুজৰ আৰ্হিত বনোৱা হয় বিস্কুট বিলাকৰ আকাৰ। আমাৰ ছাত্ৰ ছাত্ৰী সকলে ত্ৰিভূজৰ সম্পৰ্কে সেয়ে গুৰুত্ব সহকাৰে বুজিবলৈ চেষ্টা কৰিব লাগে। 

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts