এজন ভাইৰাছ বিশেষজ্ঞৰ আলোকপাত।
কভিড-১৯ৰ হেজাৰটা 'ভেৰিয়েন্ট' ওলাইছে, কিন্তু এই আটাইবোৰে একলগে বিস্তাৰ লাভ কৰিব নোৱাৰে। ইয়াৰ মাজৰ কোনো এবিধ বিস্তাৰ লাভ কৰিব পৰা হয় যদিহে ইয়াৰ এনে এটা নতুন গুণ লাভ হৈছে যিটোৱে পূৰ্বসূৰী বিধানটোক প্ৰতিযোগিতাত পিছ পেলাবলৈ সুবিধা কৰি দিয়ে।
এই প্ৰতিযোগিতা হৈছে ভাইৰাচ এবিধ সোঁচৰাত আমি যি বাধা প্ৰদান কৰোঁ (যেনে দূৰত্ব বজাই ৰাখোঁ, হাত ধোওঁ, বন্ধ কোঠাত একেলগে বহুজন নাথাকোঁ বা প্ৰতিযেধক লৈছোঁ, ইত্যাদি), সেই বাধা অতিক্ৰম কৰিবলৈ ভাইৰাচবোৰে নিজৰ ভিতৰতে প্ৰতিযোগিতা কৰিব লাগে। যেনে ইনফ্লুয়েঞ্জাই কভিড-১৯ৰ সৈতে বা কভিড-১৯ৰ 'ভেৰিয়েন্ট' বা বিধান বোৰে নিজৰ ভিতৰতে। কাৰণ এটা অংগত যেনে হাওফাওত একাধিক ভাইৰাচ প্ৰজাতি বা এটা প্ৰজাতিৰেই একাধিক ভেৰিয়েন্টে একে সময়তে আক্ৰান্ত কৰিব নোৱাৰে। এবিধে কৰিলে আনবিধৰ সুবিধা হেৰাই যায়। ই এক প্ৰতিযোগিতা।
এই প্ৰতিযোগিতাত ইনফ্লুয়েঞ্জাই যোৱা দুবছৰত হাৰ মানিছে। কভিড-১৯ জিকিছে। ঠিক তেনেকৈ কভিড-১৯ 'আলফা' 'ভেৰিয়েন্ট'ৰ তুলনাত (যিটো ইংলণ্ডত প্ৰথম ওলাইছিল) 'ডেল্টা' 'ভেৰিয়েন্ট' (যিটো ভাৰতত প্ৰথম ওলাইছিল) জিকিছে।
মনকৰিবলগীয়া ডেল্টা ভাৰতত ওলাইছিল ঠিকেই, কিন্তু বিস্তৰ প্ৰসাৰ হ'ল ইউৰোপ আৰু আমেৰিকাতহে। আজি ভাৰতত কভিড নাই (তুলনামূলকভাৱে)। জনমূৰি ভাৰতত ৫ ডিছেম্বৰত ১৭ হাজাৰটা, ১,৩৮০,০০০,০০০ জনৰ ভিতৰত, যিটো শতকৰা ০.০০১%। একে হিচাপত বৃটেইনত ৫ ডিছেম্বৰত ৪৩ হেজাৰটা কভিড-১৯ৰ সংক্ৰমণ, ৬৭,০০০,০০০ নিযুত জনসংখ্যা, অৰ্থাত ০.০৫৯%। প্ৰতি এশহেজাৰত ক্ৰমে ১ আৰু ৬০। ই আকাশ পাতাল পাৰ্থক্য।
অৰ্থাত ভাইৰাচ বা বীজানু এবিধ অনুকূল পৰিবেশতহে অধিক বিস্তাৰ হ'ব পাৰে।
কভিড-১৯ বা ইনফ্লুয়েঞ্জা মূলতঃ শীতপ্ৰধান উত্তৰ গোলাৰ্ধৰ দেশবোৰৰ অসুখ। শীত কালত ইয়াৰ প্ৰাদূৰ্ভাব বাঢ়ে। বসন্তৰ লগে লগে কমি যায়। মই চমুকৈ কৈছোঁ - কিয় এনে হয় কাৰণ-ব্যাখ্যা আছে। ইয়াৰ বিপৰীতে গ্ৰহণী আৰু টিবি ভাৰতৰ দৰে দেশৰ সমস্যা। প্ৰায় ৪০% ভাৰতীয়ৰ দেহত সু্প্ত অৱস্থাত টিবি আছে, যি বিশেষ শাৰিৰীক অৱস্থাত জাগ্ৰত হৈ লক্ষণযুক্ত হৈ পৰিব পাৰে। মই মূল বিষয়ৰ পৰা কিছু আঁতৰি আহিছোঁ যেন লাগিলেও এই আটাইখিনি প্ৰাংসগিক।
এতিয়া অ'মিক্ৰণ কভিড-১৯ ভেৰিয়েন্টটোৰ কথালৈ আহোঁ। ভয় খাবলৈ কিটো আছে নিজে ভাবক। আমি এতিয়াও এই বিধানবিধৰ কথা শিকিহে আছোঁ। কিন্তু প্ৰথম দৃষ্টিত এইটো প্ৰায় নিশ্চিত হৈছে যে ই মাৰাত্মক নহয়। এতিয়ালৈ এজনৰো এইবিধৰ পৰা মৃত্যু হোৱা নাই। দক্ষিণ আফ্ৰিকাৰ পৰা আমি জানো যে ই অতি সাধাৰণ পানীলগা ধৰণৰ বেমাৰ কৰিছে বিশেষকৈ যুৱচামৰ মাজত। ইয়াৰ ডেল্টাতকৈ অধিক বিস্তাৰ হোৱাৰ ক্ষমতা আছে বুলি ভবা হৈছে কিন্তু খাটাং প্ৰমাণ ওলোৱা নায়। যদিহে ই সঁচা প্ৰমাণিত হয় সেইটোও ভাল খবৰহে। কাৰণ মই পূৰ্বতেও লিখিছোঁ যে ভাইৰাচৰ বিধান এটা অধিক সংক্ৰমণশীল হ'ব পাৰে গুৰুতৰ অসুখ নকৰাৰ চৰ্ততহে। ই প্ৰকৃতিৰ বিধান। প্ৰায় নিউটনৰ সূত্ৰৰ দৰে। 'আলফা'তকৈ 'ডেল্টা' নতুন আৰু অধিক সংক্ৰমণশীল। কিন্তু কম গুৰুতৰ। আজি বৃটেইনত প্ৰতিষেধকৰ দুটা পালি হৈ তৃতীয়টো পালি পৰিব ধৰিছে কিন্তু 'ডেল্টা' মাহৰ পিছত মাহ ধৰি নিয়মীয়াকৈ প্ৰায় ৪০ হেজাৰকৈ (কিছু দৈনিক তাৰতম্য আছে) হৈ আছে। কিন্তু হস্পিটালত গুৰুতৰ ৰোগীৰ সংখ্যা অতি কম বা দৈনিক মৃত্যুৰ সংখ্যা ২০০ৰ অলপ কম-বেছি। এই ২০০জনৰ প্ৰতিজনেই যে কভিডৰ বাবে মৰিছে সেয়া নহয়, তেওঁলোকৰ শৰীৰত মৃত্যুক ২৮ দিনৰ ভিতৰত কভিড-১৯ পজিটিভ পোৱা গৈছিল।সেইটোহে এই পৰিসংখ্যাই কয়। মই কাম কৰি ইংলেণ্ডৰ হস্পিটালত কভিড-১৯ত মৃত্যু হোৱা বা গুৰুতৰ বেমাৰী সংখ্যা আঙুলীৰ মূৰত গণ্টি কৰিব পাৰোঁ। সৰহ সংখ্যক পজিটিভৰ লক্ষণেই নাথাকে। আন এটা কথাও মই বাৰংবাৰ কৈ আহিছোঁ। স্ক্ৰিনিং কৰোতে ধৰা পৰা কিন্তু লক্ষণ নথকা সকলৰ সৰহ সংখ্যাকৰেই 'মিছা পজিটিভ' ৰিজাল্ট।
'আৰটিপিচিআৰ' বা যিকোনো মেডিকেল পৰীক্ষাই ১০০% নিৰ্ভুল নহয়। ৰোগ এটাৰ প্ৰাদূৰ্ভাৱৰ ওপৰত মেডিকেল পৰীক্ষাৰ নিৰ্ভুলতা নিৰ্ভৰ কৰে। অৰ্থাত উদাহৰণ স্বৰূপে কভিড-১৯ পৰীক্ষাৰ বিশ্বাসযোগ্যতা ভাৰততকৈ বৃটেইনত বেছি কাৰণ তুলনামূলক ভাৱে তাত প্ৰাদূৰ্ভাব বেছি। কিমান আচৰিত কথা। নহয় নে? কিন্তু আইনষ্টাইনৰ সূত্ৰৰ দৰেই ই সঁচা বা মিছা। এইটো Bayes' theoremৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰতিজন ডাক্তৰে স্বভাৱজাতভাৱে এইটো জানে কিন্তু বেচিভাগেই সচেতনভাৱে জ্ঞাত নহয়। সেয়ে পৰীক্ষাগাৰৰ পৰা অহা ৰিজাল্ট এটা যদি কভিড-১৯ পজিটিভ হয়, মানি লয় কাৰণ পৰিবেশৰ চাপ আছে। কিন্তু অপ্ৰত্যাশিতভাবে বেমাৰী এজনৰ কেঞ্চাৰ হোৱা বুলি আহিলে স্বভাৱজাতভাৱে কয়, ৰ'ব, এইটো মানিব নোৱাৰি, আকৌ এবাৰ কৰাই চাওঁ বা এটা 'কনফাৰ্মেটৰি' পৰীক্ষা কৰাওঁ। কভিড-১৯ আৰু মনঃস্তত্বৰ কথা মই আগতেও কৈছেোঁ। মানুহে প্ৰচলিত 'নেৰেটিভ' এটা মিছা হ'লেও অবিসম্বাদেৰে মানি লয়। এয়া মানুহৰ প্ৰবৃত্তি।
মই আকৌ মূল কথাৰ পৰা প্ৰসংগক্ৰেমে হলেও আঁতৰি আহিছোঁ। মই দৰাচলতে ক'ব বিচাৰিছোঁ যে অ'মিক্ৰণ ভেৰিয়েন্টটো যদি অধিক সংক্ৰমণশীলো হয়, ই হ'ব অতি সাধাৰণ, যাৰ আমি আভাস ইতিমধ্যেই পাইছোঁ। সেয়ে অধিক সংক্ৰমণশীল বুলি সঁচা প্ৰমাণিত হ'লেও ই একো বেয়া খবৰ নহয়।
শেষত এটা কথাৰে সামৰোঁ। মই কভিড-১৯ উত্তৰ গোলাৰ্ধৰ শীতপ্ৰধান দেশৰ অসুখ বুলি কৈছোঁ। এইটো নিৰংকুশ বাণী নহয়। এইটো মূলতঃ বা তুলনামূলকভাৱেহে। মই ওপৰত শতকৰা হিচাপ কৰি বৃটেইন আৰু ভাৰতৰ পাৰ্থক্য দেখুৱাইছোঁ। কিন্তু ভাৰত কভিডৰ বাবে প্ৰতিকূল হ'লেও কভিডে-১৯এ সমস্যা কৰিব পাৰে। চহৰাঞ্চলৰ ঘণ বসতিৰ সৰু সৰু খিৰীকী বন্ধ ফ্লেট বা আনধৰণৰ বন্ধ আৱহাওৱাত বহু মানুহ একেলগে থাকিলে কভিডে-১৯এ যিকোনো দেশতে সুবিধা কৰিব পাৰে। 'চুপাৰ স্প্ৰেডিং' ঘটনা হ'ব পাৰে। ইয়াৰ উপৰি ঝতুগত সহায়ো কভিডে ল'ব পাৰে। মোৰ আশংকা ২০২২ৰ এপ্ৰিল-মে' মাহত ভাৰতৰ দিল্লী-মুম্বাইৰ দৰে চহৰত কভিড ২০২১ৰ দৰে বাঢ়িব পাৰে। কিন্তু ই ভয়ৰ কাৰণ নহয়। ই সাময়িক হ'ব। ২০২১ত বিশৃংখলা আৰু ভয়ৰ বাবেহে এক অভুতপূৰ্ব পৰিবেশ হৈ নমৰিবলগীয়া বেমাৰী মৰিছিল। কভিডত কিমানজন মৰিছিল আমি সঠিক নাজানোঁ - যি পৰিসংখ্যা আমি দেখোঁ সেয়া কভিড পজিটিভ হৈ মৰা বেমাৰীৰ সংখ্যাহে। মৃত্যুৰ কাৰণ কভিড হ'বও পাৰে নতুবা আন ৰোগ, তেনেদৰে 'চেপচিচ' হৈ বা ভুল চিকিৎসাৰ কাৰণেও কিছু মৰিছিল। ভীতিগ্ৰস্ত হৈও বহুতৰ অৱস্থা শোচনীয় হৈছিল। যথেমধে ৰেমডেচিভিৰ আৰু ষ্টেৰইড দিয়াৰ বাবে বহুতৰ পাৰ্শ্বক্ৰীয়া হৈছিল। 'ব্লেক ফাংগাচ'ৰ দৰে সংক্ৰমণ কেৱল ভাৰততহে হৈছিল। কিমান অযথা ষ্টেৰইড খুৱালে 'ব্লেক ফাংগাচ' সংক্ৰমণ হ'ব পাৰে অভাবৱনীয়। এই আটাইখিনি গৱেষণাৰ বিষয়। কোনো ভাৰতীয় গবেষকৰ আগ্ৰহ হ'বনে লক্ষণীয় হ'ব।
কিন্তু যদি যোৱাবাৰৰ দৰে ভয়-ভীতিৰ পৰিবেশ নহয় আৰু হস্পিটালবোৰে ধন-ঘটাৰ প্ৰতিযোগিতাত নামানে, ২০২২ৰ এপ্ৰিল-মে'ত কভিড বাঢ়িলেেও একো ক্ষতি নহয়। নাবাঢ়ক, সেই আশাই মই কৰিছোঁ। বৃটেইনত যেনেকৈ দৈনিক ইমান কভিড হোৱাৰ পিছতো হস্পিটালত ভীৰ বঢ়া নাই, তেনেকৈ ভাৰততো ডেল্টা বা অ'মিক্ৰণ কিছু বাঢ়িলেও হৈ চৈ নকৰিলে সকলো নিৰ্বিঘ্নে পাৰ হৈ যাব।
শ্বেয়াৰ কৰিব পাৰিব। অনুমতিৰ প্ৰয়োজন নাই।
=================
লেখক:: ডা: জয়ন্ত বিশ্ব শৰ্মা
ভাইৰাছ বিশেষজ্ঞ, ইংলেণ্ড
=================
++++++++++++++++++++++++++++++++
No comments:
Post a Comment
dudulsonowal32@gmail.com