প্ৰকৃতি, স্মৃতি আৰু সংগ্ৰামৰ এক কাব্যিক দলিল: 'দ্য য়েলো মেটাফৰ'।
অসমৰ সমসাময়িক কবিতা জগতৰ অন্যতম শক্তিশালী কণ্ঠস্বৰ কবি জীৱন নৰহৰ দীৰ্ঘদিনীয়া কাব্যিক যাত্ৰাৰ এক অনন্য ফচল হৈছে 'দ্য য়েলো মেটাফৰ: পয়েমছ ফ্ৰম আছাম' (The Yellow Metaphor: Poems from Assam)। পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়াৰ দ্বাৰা প্ৰকাশিত এই সংকলনখনে কবিৰ তিনিটা দশকৰো অধিক সময়ৰ নিৰ্বাচিত অসমীয়া কবিতাক সামৰি লৈছে। লেখিকা তথা শিক্ষাবিদ অনিন্দিতা কৰে অতি সংবেদনশীলতাৰে এই কবিতাসমূহ ইংৰাজীলৈ অনুবাদ কৰি অসমৰ সমাজ-সংস্কৃতিক গোলকীয় পাঠকৰ কাষলৈ লৈ গৈছে। মোৰ এই চুটি পৰ্যালোচনাত গ্ৰন্থখনৰ অন্তৰ্নিহিত মূল ভাব আৰু ইয়াৰ সাহিত্যিক গুৰুত্বক আলোকপাত কৰাৰ প্ৰয়াস কৰিছোঁ ।
থলুৱা উপাদান আৰু লোক-সংস্কৃতিৰ সুবাসেৰে আমোলমোল জীৱন নৰহৰ কবিতা। তেওঁৰ কবিতাৰ মূল চালিকা শক্তি হৈছে অসমৰ সমৃদ্ধ লোক-সংস্কৃতি, বিশেষকৈ মিচিং জনজীৱনৰ চহা পৰম্পৰা। তেওঁৰ কবিতাত ব্যৱহৃত উপমাবোৰ কেৱল শব্দ নহয়, বৰঞ্চ ব্ৰহ্মপুত্ৰ আৰু অবনৰী নদীৰ পাৰৰ মানুহৰ তেজ-মাংসৰ ইতিহাস। 'নিনামৰ সপোন' (Ninaam's Dream) আদি কবিতাৰ জৰিয়তে কবিয়ে জনজাতীয় লোক-বিশ্বাস, কিংবদন্তি আৰু নদীৰ সৈতে থকা মানুহৰ সম্পৰ্কক এক ট্ৰেজিক ৰূপত দাঙি ধৰিব সক্ষম হৈছে। একেদৰে বিহু আৰু গ্ৰাম্য জীৱনৰ যি উষ্ম আতিথ্যৰ ছবি তেওঁৰ কবিতাত প্ৰকাশ পাইছে, সি পাঠকক অসমীয়া গ্ৰাম্য সমাজৰ সহজ-সৰল আৰু আন্তৰিক পৰিৱেওশটোৰ সৈতে একাত্ম কৰাই তোলাত সহায় কৰিছে।
ৰং, প্ৰকৃতি আৰু ইন্দ্ৰিয়সুখৰ নান্দনিকতা
সংকলনটিৰ নামকৰণতেই 'হালধীয়া' (Yellow) ৰঙটোক এক গভীৰ ৰূপক বা মেটাফৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। জীৱন নৰহৰ কবিতাত প্ৰকৃতিৰ বিভিন্ন ৰং— বিশেষকৈ সেউজীয়া, ৰঙা, হালধীয়া আৰু ক'লা— কেৱল দৃশ্যমান ৰং হৈ থকা নাই, বৰঞ্চ এইবোৰ মানৱীয় আৱেগ, কামভাৱ আৰু সংগ্ৰামৰ প্ৰতীক হৈ পৰিছে। পকা ধানৰ হালধীয়া সুবাসেৰে প্ৰেমিকাক আকৰ্ষণ কৰা বা 'তগৰৰ জোপোহা' (A Crepe Jasmine Thicket) কবিতাৰ মাজেৰে প্ৰকৃতিৰ মাজত থকা আদিম কামভাৱাত্মক সুন্দৰতা (Nature eroticism) কবিয়ে অতি নান্দনিকভাৱে উপস্থাপন কৰি পাঠকক আকৰ্ষণ কৰিব সক্ষম হৈছে। প্ৰকৃতি আৰু মানুহ যে পৰস্পৰৰ পৰা বিছিন্ন নহয়, বৰঞ্চ একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি তাক পৰিস্ফুট কৰিবলৈ সক্ষম হৈছে।
বাস্তৱৰ ৰাজনীতি আৰু উচ্ছেদৰ বেদনা
কেৱল প্ৰকৃতি বা প্ৰেমতেই কবিৰ কলম আৱদ্ধ থকা নাই। সংকলনটিত থকা কবিতাসমূহে অসমৰ নব্বৈৰ দশকৰ অশান্ত ৰাজনৈতিক পৰিৱেশ, আলফা দমনৰ নামত চলা সামৰিক অভিযান আৰু তাৰ মাজত নিষ্পেষিত হোৱা সাধাৰণ মানুহৰ ভয় আৰু আতংকৰ জীৱন্ত ছবিও অংকন কৰিছে। ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াই সৃষ্টি কৰা উচ্ছেদৰ যন্ত্ৰণা, সংস্থাপন হেৰুওৱাৰ বেদনা আৰু নিজৰ ঘৰ ভেটিটোলৈ থকা ব্যাকুলতাই তেওঁৰ কবিতাক এক নীৰৱ বিদ্ৰোহৰ ৰূপ ধাৰণ কৰাত সহায় কৰিছে।
অনুবাদক অনিন্দিতা কৰৰ প্ৰশংসনীয় প্ৰচেষ্টা অবিহনে এই গ্ৰন্থখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে সঁহাৰি লাভ কৰা অসম্ভৱ আছিল যেন অনুভৱ হয়। অসমীয়া ভাষাৰ খণ্ডবাক্য, থলুৱা শব্দ আৰু কবিতাৰ অন্তৰ্নিহিত লয়টোক ইংৰাজী ভাষাত অক্ষুণ্ণ ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ শযদিও, অনুবাদকে সেইটো কাম অতি নিপুণতাৰে কৰি দেখুৱাইছে। ভাৰ্জিনিয়া উলফ বা টি. এছ. এলিয়টৰ দৰে বিশ্ব সাহিত্যৰ প্ৰসংগসমূহ থলুৱা পটভূমিৰ সৈতে মিহলাই দি কবিয়ে কবিতাখিনিক এক গোলকীয় মাত্ৰা প্ৰদান কৰাত সফল হৈছে বুলিব পাৰি।
সামগ্ৰিকভাৱে ক'বলৈ গ'লে, 'দ্য য়েলো মেটাফৰ' কেৱল এটা কবিতা সংকলন নহয়, ই হৈছে অসমৰ মাটি, মানুহ, নদী আৰু ইতিহাসৰ এক অনন্য কাব্যিক দলিল। ইয়াত থকা প্ৰতিটো কবিতাই পাঠকক অসমৰ প্ৰকৃতিৰ সুবাস দিয়াৰ লগতে ইয়াৰ মানুহখিনিৰ সংগ্ৰামৰ কথাও সোঁৱৰাই দিয়ে। কবিতা ভালপোৱা যিকোনো পাঠকৰ বাবে এই গ্ৰন্থখন সংগ্ৰহ কৰি ৰাখিবলগীয়া এখন অপৰিহাৰ্য গ্ৰন্থ হিচাপে চিহ্নিত কৰিব পাৰি।
লেখাটো ভাল লাগিলে Comment এটা দি উৎসাহিত কৰিব।🙏🔥