এজোপা কবিতাৰ বটবৃক্ষ !
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
ভোগালীত আমাৰ পণ
পৰিবৰ্তন হ'ল সকলো হেৰাল
শাশ্বত নিয়ম-নীতি
শাশ্বত সত্য
কৃষ্টিৰ পথাৰত উভতগোৰে নাচিলে সময় ।
সজা হ'ল ভেলাঘৰ-কোনোবা বুৰঞ্জীৰ তলাতলঘৰ,
ৰংঘৰ, কাৰেংঘৰ কিম্বা টাইটানিক জাহাজ,
আগ্ৰাৰ তাজমহল ..!
কি যে বহুৱালি !
হেৰাল পৰম্পৰাগত গৰখীয়া মেজি,
হেৰাল ঢুতি মেজি ,
হেৰাল বাঁহী মেজি,
হেৰাল বুঢ়া মেজি আৰু যে কত কি !
বৰঘৰৰ মজিয়াত সেয়া ফেঁটিসাপৰ ফুচফুচনি !
কঁকাল চিধা কৰি নাচিলে কৰেনো বঙালৰ মেম !
আবতৰীয়া! আবতৰীয়া !
ৰঙালীৰে একাকাৰ হ'ল ভোগালী
পুৰণি কৃষ্টি আজি দেখোন নাইকিয়া হ'ল
হেৰৌ অসমীয়া, আজি আমি নিজক চিনিবৰ হ'ল ;
নতুন পুৰুষ অবাটে ধাৱমান হ'ল
ইজনে সিজনক নিচিনা হ'ল।
এয়া সময় সজাগ হোৱাৰ
অসমীয়াৰ কৃষ্টি নিৰাপদে ৰখাৰ
নহ'লে এদিন ইতিহাসে হিয়াঢাকুৰি কান্দিব
কেৱল কপালত ধৰি নতুন প্ৰজন্মই
পূৰ্বপুৰুষক দিব হেৰুওৱাৰ শাওপাত ।
আহা আহা মূঢ়মতি জনতা আগুৱাই
এয়া যে সময় পণ লোৱাৰ
জাতিৰ নিষ্প্ৰভ প্ৰদীপ জ্বলাই ৰখাৰ ..!!!
--- দুদুল সোণোৱাল ।
১৪/০১/২০২২
💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜
অব্যক্ত বেদনা
তুমি হাঁহিলা
ময়ো হাঁহিলো
তুমি কান্দিলা
ময়ো কান্দিলো
জীৱনৰ প্ৰতিটো আহুকলীয়া সময়ত ;
তোমাৰ হাঁহি আৰু কান্দোন
মোৰ স'তে মাথোঁ ক্ষণিক তফাৎ
সময়ৰ কোনোবা নিৰৱ মূহুৰ্তত
তোমাৰ হাঁহিত ফুটি উঠে উপহাসৰ লহৰ !
তোমাক এৰিব নোৱাৰোঁ বাবেই
কেতিয়াবা ফুল হৈ ফুলি উঠাৰ কৰোঁ প্ৰয়াস
উদীপ্ত নক্ষত্ৰ হোৱাৰ কৰোঁ ব্যৰ্থ কছৰৎ
জুই হৈ জুই স'তে খেলিবলৈ নকৰোঁ কুণ্ঠাবোধ ।
গোলাপ বুলি আজুৰি অনা বিহমেটেকাৰ ফুলবোৰো
মোৰ বুকুত থিতাপি লয় সুখৰ অনুভূতি হৈ ।
তথাপিও তোমাৰ হিয়াখন কঠোৰ হৈয়ে ৰয়
ক্ষণিক অজুহাত দেখুৱাই আঁতৰি যোৱা
মোৰ পৰা দূৰলৈ ;
এনেকৈয়ে দিন মাহ বাগৰে
চকুত ৰংহীন এখন পৃথিৱী
বুকুত সহস্ৰ দুখৰ শিলাখণ্ডৰ ভৰত
চলি থাকে জীৱন ৰথৰ চকৰি...
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
জীৱনৰ কবিতা
এটা সপোন আছিল মানুহ হোৱাৰ
যি বছৰৰ শেষলৈ নিৰ্বাপিত হৈয়ে ৰ'ল।
সহস্ৰ আশাবোৰ ফুল হৈ ফুলাৰ আগতে
মৰহি শুকাল কোনোবা নিৰৱ ক্ষণত এতিয়া
যদি জীৱনৰ জালিকটা বেৰেৰে ভুমুকিয়াই চাওঁ
মাথোঁ দৃষ্টিগোচৰ হয় কেনভাচত
অপ্ৰাপ্তিৰ সীমাহীন বিৰহ বেদনা ।
বুকুৰ মাজৰ নীল সমুদ্ৰৰ দিগবলয়ত
তুলুঙা নাওখন এনেকৈয়ে হেৰাই
থাকি যায় জীৱন-খহনীয়াৰ ৰংহীন পলস ।
🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀
সময়
নিপীড়িত
তিমিৰাচ্ছন্ন
আকাশ
নিৰ্যাতিত
ধুৱঁলি-কুঁৱলি
বতাহ
নিৰুদ্দিষ্ট
মানৱতা
প্ৰতিটো
পদে পদে
মৃত্যুৰ
সংশয়... !
কেতিয়া
জ্বলিব
আশাৰ
একুৰা
জুই
উত্তাপত
আতঁৰিব
নৰখাদক
কীট..
নিৰহকৈ
জীৱনৰ
ক্ষণবোৰ
অতিক্ৰমিবলৈ ..!!
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
সংযম
💖💖💖💖💖
সীমা থাকে
সকলোৰে।
মৰম চেনেহ
গালি-গালাজ
কিম্বা ধেমালিৰ ;
বিৰাগে
দি যাব
গধূৰ সময়ৰ
বাৰ্তা ।
তুমি
সংযম হ'লে
আগন্তুক
দিনবোৰত
কুসুম ফুলিব ।
ভটিয়নী
জীৱনত
জোনাকে
হাঁহিব
মনৰ
বাকৰি
উজলাই ।
💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖
সেই সপোনটোৰ পমখেদি
সেই সময়তেই দেখিছিলো মই
এটা তজবজীয়া বাখৰুৱা সপোন
যাৰ পিছে পিছে অহৰহ দৌৰি ফুৰিবলৈ
কুণ্ঠাবোধ কৰা নাছিলোঁ । কিতাপৰ পৃষ্ঠাবোৰ
লুটিয়াইছিলো ছবিবোৰ চাইছিলো বাৰে বাৰে
পঢ়িছিলোঁ ইটোৰ পিছত সিটো সাৰুৱা গল্প
আওৰাইছিলো ইটোৰ পিছত সিটো হিৰণ্ময় কবিতা
গল্পৰ মাজত ময়ো এটা গল্প হৈ থিয় হৈ আছিলোঁ
কবিতাৰ মাজত নিজক বিচাৰিছিলো
তাহানিতে পিতাইৰ মুখত শুনা কথাষাৰ -
"ডাঙৰ হ'লে তই মানুহ হ'বি ঠিক হাকিমৰ দৰে"
হ'ব পাৰিলো জানো মানুহ ?
হ'ব পাৰিলো জানো হাকিম ?
নাই, ৰ'দৰ ঠিকনা বিচাৰি শেষ হ'ল সময়
জোনাকৰ সপোনটো বিচাৰি ক'ৰ্ট কাছাৰী ৰেলৱে
বাট ঘাট সৰ্বত্ৰে চলাথ কৰিলো এতিয়াও
ভাবিলে বুকুখন দুখৰ অগনিত দহে পুৰে
এমুঠি অন্নৰ তাড়নাত পেটে কলমলাইছিল
দুভাগ ৰাতিও অজানিতে দেহে বিনাইছিল
শোঁকে খুন্দিয়াইছিল সত্তা
তথাপিও সপোনটোৱে খেদি ফুৰিছিল মোক
মই দৌৰিছিলো বিৰামহীনভাৱে অহনিৰ্শে
সপোনক থাপমাৰি ধৰাৰ আগতেই
কুৱলিৰ দৰে উলমি আছিল মহাশূন্যত
যি আজিও অস্পৃশ্য যি আজিও নিৰুদ্দেশ..!
💕💕💕💕💕💕💕💕💕💕💕💕💕💕
ধুনীয়া তিৰোতা জনী
তুমি কেতিয়াবা প্ৰেমত পৰিছা নে
ধুনীয়া তিৰোতা জনীৰ আকুণ্ঠ প্ৰেমত ?
তাইৰ দুনয়নৰ প্ৰগলভ চাৱনিত মুকুতা সৰে
কিচকিচীয়া ডালিমগুটীয়া শুকুলা দাঁত দুপাৰি
কথাই প্ৰতি ওলাওঁতে ধুনীয়া দেখি।
কেতিয়াবা মুখপুথিত , কেতিয়াবা পথত
তাইক দেখিলে এনে লাগে যেন- সৰগৰ পৰী !
বাটত ভেটাভেটি হ'লে মিচিকিয়াই সম্ভাষণ জনায়
সুধে- ক'লৈ য়ায় ?
প্ৰতি সম্ভাষণ জনায় (মই) কওঁ - লক্ষ্যহীন যাত্ৰা !
তাই হাঁহে আৰু মূৰটো সামান্য লৰাই
আৰু ভৰিৰ মৃদু কম্পন তুলি আগুৱাই যায়
গন্তব্যস্হানলৈ পদৰ শেষত এৰি যায়
সুগন্ধিৰ সৌৰভ।
তাই চকুত চালে দেখা পাওঁ - বিধ্বস্ত পৃথিৱীৰ অসুখ
শৰীৰৰ কমনীয়তাত সৰে - সমুদ্ৰৰ উত্তাল লহৰ
খোজৰ শব্দত- দানৱ বধৰ অগ্নিময় সৱল সুৰ
ককাঁলটো লৰিলে - সহস্ৰ ধৰ্ষণকাৰী নিপাত যোৱাৰ
বৰকাঁহ বাঁজে । সময়ৰ ঘড়ীত তাই স্ৰজক
ত্ৰানকৰ্তা দুৰৰ্ভীক্ষ মানুহৰ অন্নদায়িনী
মৰিশালীৰ নিস্তব্ধতা বিনাশি
তাই বিচৰণ কৰে সমাজৰ মাজত
শান্তি আৰু আনন্দৰ সৌৰভ বিলাই।
সকলোৱে প্ৰেমত পৰিব তাইৰ ডেউকাত গজা
সুখৰ সুন্দৰৰ সপোন সম্ভাৰ বুকুত বান্ধি
প্ৰতিনিয়ত মনত কল্লোলিত হ'ব প্ৰেমৰ জোৱাৰ ।
তাইৰ মনৰ অন্তেষপুৰত বাৰু দুখ নাই নেকি ?
নে চাদৰৰ আঁচলত নিকপকপীয়াকৈ বান্ধি ৰাখে
'অনিমেষ' যন্ত্ৰনাৰ হিমালয় শোঁক
নতুবা কপাল উঁকা কৰা সেনাৰ বাগদত্তাৰ
নিৰ্মম আঘাতবোৰ লো'ৱে তাপ সহ্য কৰাৰ দৰে
নিৰৱে সাঁচি থয় বুকুৰ নিভৃতকোণত।
যিয়েই নহওঁক মই তাইক ভালপাওঁ অজস্ৰ
তাই নাজিলেও কথা নাই
তাই বৰ্তমানতেই সৃষ্টি হ'ব মোৰ
মানস উপত্যকাত সেউজীয়া অৰণ্যৰ নিৰিবিলি, কেঁচা কপালত আঁকি থোৱা ৰঙচুৱা জোনাক ।
💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖
(শ্ৰদ্ধাৰ কবি সনন্ত তাঁতীৰ নামত উৎসৰ্গিত।)
এজোপা কবিতাৰ বটবৃক্ষৰ মৃত্যুত
ইয়াত যোৱাকালি এজাক
প্ৰৱল ধুমুহা বলিছিল। ধুমুহাৰ প্ৰকোপত
উচন হৈছিল আকাশৰ নক্ষত্ৰ
হেৰাই গৈছিল পোহৰ, বায়ু আৰু তাপ
শোকত বিহ্বল মানুহবোৰে প্ৰলাপ বকিছিল
নিঠৰুৱা কবিতাৰ বাগানত কবিতাবোৰে
এটা দুখৰ মৌনসমদল উলিয়াইছিল ;
শেষ হৈছিল সকলো তুঁহগুড়ি ধোৱাৰ দৰে
উমি উমি জ্বলিছিল দুখত মানুহৰ বুকু।
ঠিক আজিৰ পৰা বহুবছৰৰ আগতে
তাঁতীৰ যুগত কবিতাৰ বৃক্ষবোৰ
লহপহাই বাঢ়িছিল বেলিটোৰ দিশেৰে
অৰণ্যত বিলাইছিল ছাঁ সি
আগৰ ষ্টপেজত ৰৈ নামি দিছিল
আৰু আমি ৰৈ ৰৈ বিনাইছোঁ
এজোপা কবিতাৰ বটবৃক্ষৰ মৃত্যুত !
-- দুদুল সোণোৱাল।
২৬/১১/২০২১
💔💔💔💔💔💔💔💔💔💔💔💔💔💔💔
কবিতাবোৰ স্ব-ৰচিত আৰু মৌলিক চিন্তা ধাৰাৰ ফচল। কোনো ব্যক্তিয়ে যাতে ইয়াৰ পৰা চোৰ নকৰে তাৰ বাবে বিশেষ অনুৰোধ জনালোঁ।
পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। দুদুল সোণোৱাল।
💞💞💞💞💞💞💞💞💞💞💞💞💞💕💞
এজোপা কলগছত দুটা ডিল কিয় মেলে ? জানো আহক । ইয়াৰ পৰৱৰ্তী প্ৰৱন্ধ পঢ়ক। ইয়াত হেচি দিয়ক --
https://draft.blogger.com/blog/post/preview/5200793508663998650/1277237386711312837