সাম্প্ৰতিক সময়ত গণতন্ত্ৰ আৰু নাগৰিকৰ কৰ্তব্য- সংক্ষিপ্ত আলোকপাত।
গণতন্ত্ৰ মানে কি বহলাই কোৱাৰ প্ৰয়োজন নাই। গণতন্ত্ৰত ৰাইজেই ৰজা। গণতন্ত্ৰ ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ চৰকাৰ । জনসাধাৰণে নিজস্ব ধ্যান ধাৰণাৰে ,স্বাধীনচিতীয়া মনোভাৱেৰে গণতন্ত্ৰত মতামত আগবঢ়াবলৈ পাৰে। স্বাধীন মনোভাৱেৰে জনসাধাৰণে বসবাস কৰিবলৈ পাৰে। সেয়াই হৈছে চমুকৈ গণতন্ত্ৰ।
সময় গতিশীল। গতিশীল সময়ৰ সৈতে পৰিৱৰ্তন হৈছে গণতন্ত্ৰও। গণতন্ত্ৰৰ যি স্বতন্ত্ৰতা আজিৰ সময়ত নিশ্চয় বহু ম্লান পৰিছে। পৰিৱৰ্তিত সময়ৰ লগত গণতন্ত্ৰও পৰিৱৰ্তন হোৱাটো অৱশ্যে স্বাভাৱিক কথা। দৰাচলতে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত জনসাধাৰণে মুখ খুলিব পাৰিব লাগে । যিকোনো বিষয়ত নিজস্ব মত দাঙি ধৰিব পাৰিব লাগে। অৰ্থাৎ নিজৰ মতামত দাঙি ধৰোঁতে কাৰোৰে বাধা প্ৰাপ্ত হ'ব নালাগে। সেয়া লাগিলে চৰকাৰৰ বিৰুদ্ধেই হওঁক নতুবা কোনো ভি,আই,পিৰ বিৰুদ্ধেই হওঁক। কিন্তু বৰ্তমান সময়ত সেই স্বাধীনতা প্ৰায় হেৰাই যোৱা যেন অনুভৱ হয়। বিভিন্ন বিষয়ত সচেতন হৈ মাত মতা যেন পালেই আজিকালি কাৰাগাৰৰ ভাত খাব লগীয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগাও হয়। বিশেষকৈ চৰকাৰী চাকৰি কৰা লোকসকল এনে স্বাধীনতাৰ পৰা সঁচাই বঞ্চিত নেকি ? কিছুমান ক্ষেত্ৰত মাত মতাৰ প্ৰয়োজন অনুভৱ কৰিলেও ৰজা ঘৰীয়াৰ দমনমূলক মন্তব্যৰ বাবে নিশ্চূপ হৈ থাকিব লগা হয়। এয়া নিশ্চয় স্বাধীন দেশৰ নাগৰিক হ'বই নোৱাৰে। সি যি কি নহওঁক, আমি কিন্তু এখন গণতান্ত্ৰিক দেশৰ প্ৰজা। গতিকে গণতন্ত্ৰৰ জলবায়ু, গণতন্ত্ৰৰ পৰিস্থিতি, গণতন্ত্ৰৰ পৰিৱেশ আমিয়েই ৰচনা কৰিব লাগিব। সমাজত সুস্থ বাতাবৰণ সৃষ্টিৰ বাবে সুস্থ চিন্তা ধাৰাৰ প্ৰয়োজন হয়। সুস্থ মানসিকতা প্ৰয়োজন হয়। সততা, ন্যায়পৰায়ণতা , সত্যবাদীতা, সহিষ্ণুতা আদি মহৎ গুণসমূহ গণতান্ত্ৰিক দেশৰ জনসাধাৰণৰ গাত পৰিস্ফুট হোৱা অতিশয় দৰকাৰ। মানৱীয় বিচাৰ-বুদ্ধি, মানৱীয় কাৰ্যৰ জৰিয়তে গণতন্ত্ৰক অধিক প্ৰাণৱন্ত কৰি তোলিব পাৰি।
পৰাধীনতাৰ শিকলি চিঙি আমি স্বাধীন হলো। আজি ৭৩ বছৰ অতিক্ৰম কৰিলে আমাৰ স্বাতীনতাই। সহস্ৰ জনৰ আত্মত্যাগৰ বলত আমি স্বাধীন দেশৰ নাগৰিক হিচাপে পৰিচিত। কিন্তু কিমান স্বাধীন ? আমি অসমীয়া সকল স্বাধীন নে ? এক লাখটকীয়া প্ৰশ্ন ? স্বাধীনতা আনিবলৈ অসমৰ মানুহেও সংগ্ৰামত সহযোগ কৰিছিল। অসমৰ কনকলতা, ভোগশ্বৰী, পিয়লি ফুকন, তৰুণৰাম ফুকন, গোমধৰ কোঁৱৰ , লোকপ্ৰিয় গোপীনাথ বৰদলৈ আদি লোকসকল স্বাধীনতা আন্দোলনৰ জ্বলন্ত উদাহৰণ। এইসকল লোকৰ নাম বুৰঞ্জীৰ পাতত সোণালী আখৰে খোদিত হৈ আছে। ইয়াক নজনা মানুহৰ সংখ্যা খুব কম ওলাব। তথাপিও যেন আমাৰ মনত কিহবাই আমনি কৰি থাকে। কিবা এটাৰ অভাৱ যেন আমি অসমবাসীয়ে সদায়ে অনুভৱ কৰোঁ। এনে নামনজনা অভাৱৰ বাবেই হয়তো অসমমুলূকত কেৱল আন্দোলন আৰু আন্দোলন। বিদেশী খেদা আন্দোলন, নিজৰ প্ৰাপ্য বিচাৰি কৰা আন্দোলন, কা আন্দোলন , জলবোমাৰ বিৰুদ্ধে প্ৰতিবাদ, সীমা সুৰক্ষাৰ বাবে আন্দোলন, ভাষা আন্দোলন , জাতিগত আন্দোলন, মাটিৰ আন্দোলন , ভেটিৰ বাবে আন্দোলন... ইত্যাদি ইত্যাদি কাৰণত অসমত দেখোন আমি জন্ম লগ্নৰে পৰা আন্দোলন দেখি আহিছোঁ। প্ৰতিবাদ দেখি আহিছোঁ। হৰতাল দেখি আহিছোঁ।
আকৌ বুকুত এনে মচিব নোৱাৰা, কোনোকালে নোশুকোৱা ঘা-ডোখৰৰ বাবেই জন্ম হৈছিল হয়তো সশস্ত্ৰ সংগ্ৰামী সংগঠন 'আলফা'। অৰ্থাৎ আন্দোলন বা সংগঠন যিয়েই নহওঁক ইয়াৰ উদ্গীৰণৰ মূলতে হ'ল ৰাজনীতি। ৰাজনীতিৰ মেৰপেচত যেতিয়া সমস্যাবোৰ অন্তৰ্ভুক্ত হয় তেতিয়া সমস্যাবোৰ হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধি হৈ যায়। ইয়াৰ বাবে বহুত উদাহৰণ আছে। প্ৰজাৰ সমস্যা যিমান দিনলৈ বৰ্তি থাকিব সিমান দিনলৈ ৰাজনৈতিক দলবোৰ জীয়াই থাকিব। অসমীয়াৰ সংজ্ঞা আজিও অমীমাংসিত, অসমীয়াৰ ৰক্ষাকৱচ আজিও অমীমাংসিত হৈয়ে ৰ'ল। কিহৰ কাৰণে ? অসমৰ বচা বচা সাৰুৱা আৰু ওখ মাটিবোৰ আজিও বণিয়াৰ হাতত। চাহ বাগিচা বগা বঙালে পাতিলে । দেশ স্বাধীন হ'ল কিন্তু বাগিছাবোৰ ইংৰাজৰ বাগিচাৰ দৰে একে থাকিল। সলনি নহ'ল নিয়ম-নীতি । সলনি নহ'ল মাটিবোৰৰ মালিকীস্বত্ব। অসমীয়াই দ'মাটি, সাৰুৱা মাটি, ভাল মাটি বিচাৰোঁতে বিচাৰোঁতে সময় উকলিল। ঘৰতে মগনীয়ালৈ পৰিণত হ'ল। ঔপনিৱেশিক আৱহ হাৱা চলিয়েই থাকিল। যি আজিও শেষ হোৱা নাই। ফাঁচি বজাৰত গ'লে অসমীয়া মানুহ খুব কমেইহে দেখা যায়। কেৱল ফাঁচী বজাৰেই নহয় প্ৰতিখন জিলাৰ মূল নগৰৰ বজাৰৰ মাটিত অসমীয়া কেইজন আছে ? যদি মাৰোৱাৰী,দেচুৱালী, বিহাৰী লোকসকলক আমাৰে ভাই-ককাই বুলি মানি লও তেতিয়াও সমস্যা নাতঁৰে । এইসকল লোক অসমীয়া কিন্তু কোনোদিনে অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ চেষ্টা নকৰিলে (অৱশ্যে সকলোবোৰৰ ক্ষেত্ৰত এইটো শুদ্ধ নহ'বও পাৰে)। বাগানৰ মালিকে অসমত থাকিও অসমীয়া কথা নাজানে। এইবোৰ মিছা কথা নহয়। আপুনিও দেখিছে,ময়ো নিতৌ প্ৰত্যক্ষ কৰা কথা। অথচ শেষত অসমীয়াই নাম পালে ' এলেহুৱা' । ধিক অসমীয়া জাতি !
ই যি কি নহওঁক, আমাৰ একো নাই বুলি ভাবি হাত সাবতি বহি থকা উচিত নহয়। অসমৰ ইমূৰৰপৰা সিমূৰলৈ অসমীয়াই ব্যৱসায় বানিজ্য কৰক। সকলোৱে আগবাঢ়ি আহক। এনেদৰে আগুৱাই যাওক যাতে মকৰা জালৰ দৰে গোটেই অসমখনতে অসমীয়াৰ ৰাজহাড় পোন হৈ থাকে। নতুন প্ৰজন্মই আন্দোলন বাদ দিয়ক। কেৱল কামৰ জৰিয়তে নিজে আগুৱাই যাওঁক দোপতদোপে আৰু আনকো টানি নিয়াৰ প্ৰয়াস কৰক পোহৰ অহাৰ বাটেৰে। 'আমি আমাৰ বাবে' মানসিকতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। নহ'লে অভিমানী অসমীয়া এদিন অসমতে বিলুপ্ত হোৱাৰ নজিৰ সৃষ্টি হ'ব। বৰ্তমান সময়ত চৰকাৰেও অহনিৰ্শে সমাজৰ উন্নতিৰ হকে কাম আগবঢ়াই নিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। ন ন আঁচনি গ্ৰহণ কৰি সমাজৰ উন্নয়নত অৰিহণা আগবঢ়াইছে। আমি জনগণই ইয়াক সহযোগ আগবঢ়োৱাটো অতিশয় জৰুৰী হৈ পৰিছে। এয়া অসমৰ বাবে, অসমীয়াৰ বাবে নিশ্চয় যোগাত্মক দিশ। নহ'লে এদিন ড° ভূপেন হাজৰিকাই আমাক কোৱাবোৰ সঁচাকৈয়ে ফলিয়াব । জাতিটোক দুখিব আৰু হয়তো দুখৰ চকুলো টুকিব।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক- দুদুল সোণোৱাল।
https://youtu.be/cLv4VKG_Mxg
No comments:
Post a Comment
dudulsonowal32@gmail.com