Monday, January 17, 2022

এজোপা কলগছত দুটা ডিল কিয় মেলে ? জানো আহক। Why do two dills open in a single banana tree ? Let's know.

এজোপা কলগছত দুটা ডিল মেলে কিয়  ? জানো আহক । Why do two dills open in a single banana tree? Let's know

কলগছ এবিধ অতি মূল্যৱান গছ। যদিও কলগছক গছ বুলি কোৱা হয়, ই কিন্তু প্ৰকৃততে গছ নহয় । কলগছ গুল্মজাতীয় উদ্ভিদ। যিয়েই নহওঁক ই এবিধ অতি লাগতিয়াল উদ্ভিদ। ফলৰ পৰা মূললৈ বিভিন্ন কামত ইয়াৰ প্ৰয়োজন হয়। পাতবোৰ জীৱ জন্তুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। তাৰোপৰি মানুহৰ বিভিন্ন নৈমিত্তিক কাম কাজত পাত ,গা-গছৰ ডোং , গা-গছ আদি প্ৰয়োজন হয়। ইয়াৰ ফল অতি সুস্বাদু। কল বিভিন্ন পূজা-পাৰ্বনত ব্যৱহাৰ কৰা হয়।কলগছ বিভিন্ন প্ৰকাৰৰ আছে সেয়া সকলোৰে জ্ঞাত। সকলোৰে বাৰীত কলগছ এজোপা হলেও থাকে। কলগছৰ ডিল আইৰণ আৰু ভিটামিন যুক্ত খাদ্য। সেয়ে ইয়াৰ বিক্ৰী-বাৰ্তাও ভাল। বজাৰত এটা মধ্যমীয়া আকাৰৰ কলডিলৰ মূল্য ত্ৰিশৰ পৰা চল্লিশ টকা পৰ্যন্ত পাই। 
  ই যি কি নহওঁক এই কলগছক লৈ অসমীয়া সমাজত বিভিন্ন অন্ধবিশ্বাস, অমঙ্গলীয়া মনোভাৱ আদিও প্ৰচলিত হৈ আছে। যেনে পেটত কলৰ ডিল মেলিলে ঘৰখনত অমঙ্গল দেখা দিয়ে বুলি ভবা হয়। এজোপা কলগছত দুটা ডিল মেলিলে ঘৰখনত কোনোবা এজন হানি হয় বুলি ভবা হয়। এইবোৰ ভাৱনা সমাজৰ মানুহৰ মাজত  বহু যুগ যুগ ধৰি চলি আহিছে। পূৰ্বৰ কথা বেলেগ কাৰণ তেতিয়া বিজ্ঞানৰ প্ৰভাৱ বেছি নাছিল কিন্তু আজিৰ যুগত এনে কথাবোৰ বিশ্বাস কৰিবলৈ কিছু টান হয়। 
    আজিৰ পৰা পছিশ বছৰৰ আগতে মোৰ ঘৰত এজোপা কলগছৰ পেট ফাটি ডিল মেলিছিল। জেষ্ঠ্য ভাতৃয়ে মঙ্গলতিয়া ( বেজ, জৰা ফুকা কৰা মানুহ ) ৰ ওচৰত গৈছিল আৰু সমিধান পাইছিল যে মৃতকৰ দোষ , পৰিত্ৰাণৰ বাবে 'কীৰ্তন' কৰিব লাগিব । সেই দিহা মতে 'কীৰ্তন' কৰা হৈছিল ( উল্লেখযোগ্য যে কীৰ্তন সাধাৰণতে শ্ৰাদ্ধৰ দৰে এবিধ সকাম। অৱশ্যে শ্ৰাদ্ধৰ দৰে একে নহয়। কীৰ্তন কৰিলে ঘৰৰ সকলো সিদ্ধি হয় বুলি বিশ্বাস আছে। বৈষ্ণৱপন্হী লোকসকল ইয়াৰ সমৰ্থক ) । 
     এতিয়া ঠিক একেধৰণৰ কাকতালীয় ঘটনা ঘটিছে মোৰ ঘৰত। ২০২১ ৰ ডিচেম্বৰ মাহত এজোপা কলগছত দুটা ডিল মেলিছে। ইতিমধ্যে কলকেইথোক পূৰঠ আৰু ডাঙৰ হ'বলৈ ধৰিছে। এতিয়া মই দোধোৰমোধোৰ অৱস্থাত আছোঁ কাৰণ বিজ্ঞানৰ এই জয়জয় ময়ময় সময়ত কি স'তে মই সেই অন্ধবিশ্বাসৰ জখলাৰে নামি যাঁও ।
    তিনিচুকীয়া জিলাৰ কৃষি বিভাগৰে জড়িত এগৰাকী কৃষি বিজ্ঞানীৰ মতে এই কলৰ ডিল মেলা কাৰ্যটোত কোনো আচৰিত হ'ব লগা কাৰণ নাই।  যিজোপা কলগছ বেমাৰী হয় আৰু পুলি অৱস্থাত যদি কাটি দিয়া হয় তেন্তে সেইজোপা কলগছত এনেদৰে ডিল মেলে। আকৌ কেতিয়াবা এনেও হয় যে কলগছৰ ডোঙেৰে কেঁচু ওপৰলৈকে উথিব পাৰে তেতিয়া কেঁচুৱে খোৱাৰ বাবে মূল কুঁহিটো নষ্ট হৈ যায় আৰু তাৰ ওচৰতে আৰু এটা কুঁহি থুটিয়াই।  আকৌ নষ্ট হোৱা কুঁহিৰ গুৰিত এইদৰে দুটাও কুঁহি থুটিয়াব পাৰে। যদি দুটা কুঁহি থুটিয়াই ডাঙৰ হয় তেন্তে তাত দুটা ডিল মেলিবই সেয়া ধ্ৰুৱসত্য।  এয়া আনকি প্ৰাকৃতিক পৰিঘটনাও নহয় , ইয়াৰ মূল কাৰণ হৈছে কলগছত হোৱা ৰোগ আৰু বিভিন্ন জৈৱিক কাৰকসমূহ। কেঁচু, পেলু জাতীয় জীৱৰ উৎপাততে এনে হয় বুলি বিশ্বাস কৰা হয়।  
 সদাশয় ব্যক্তিয়ে ইয়াৰ সমিধান দিলে সুখী হ'ম ? 



লেখক - দুদুল সোণোৱাল।
           ১৭/০১/২০২২










🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏


 

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts