Tuesday, March 29, 2022

হাঁহখাটী বনাঞ্চল আৰু হলৌ বান্দৰ। Hahkhati Forest and hoolock gibbon.

হাঁহখাটী বনাঞ্চল আৰু হলৌ বান্দৰ


আজিৰ পৰা ত্ৰিশ বছৰৰ আগতে হাঁহখাটী বনাঞ্চল ঘন অটব্য অৰণ্যৰে আৱৰা আছিল। বিভিন্ন জীৱ-জন্তু গছ-গছনিৰে ভৰি আছিল অৰণ্যৰ ভূ-ভাগ। বিশেষকৈ শিমলু গছ, হলক গছ, এজাৰ গছ, পিচলা গছ, তিতা চম্পা, পয়েং, বেলকল, গোমাৰী, শিলিখা, বুলা, ডিমৰু, শাল, কেচেও, চেগুন, ঈদগছ, কঠাল গছ, লেটেকু গছ, বনচোম , বনবগৰী, উৰিয়াম, চাম, চহৰ গছ, ভেৰগছ, হেঙালূ, বৰ ডিমৰু , চতিয়না, কুউল গছ, মুহিতা, খকন আৰু শেহতীয়াকৈ লগোৱা হুলোং গছ আদি বহু উল্লেখযোগ্য গছেৰে পৰিপূৰ্ণ আছিল অৰণ্যখন। 

    জীৱ জন্তুৰ ভিতৰত ঘাইকৈ সাপ, বাঘ, হাতী, হৰিণা পহু, বাংকেক (উৰণীয়া কেৰ্কেটুৱা), বান্দৰ, হলৌ বান্দৰ, শিয়াল, কুকুৰনেছীয়া বাঘ, লতা বাঘ, কেৰ্কেটুৱা, নেউল, উদ্, গেদেয়া, নিগনি, ডাল নিগনি, শহাপহু .. আদিয়ে প্ৰধান। চৰাই জাতীয় প্ৰাণীৰ ক্ষেত্ৰত - মইনা চৰাই, চেতিয়া শালিকি, ঘৰ শালিকি, ডৰিক, ডাউক, বুলবুলি চৰাই, হুইতা চৰাই (স্থানীয় নাম) , শেন, উলুকুকুৰা, বন কুকুৰা, কাউৰী, বিভিন্ন পৰিভ্ৰমী চৰাই, বগলী, কনাইমুচি, বৰটোকোলা, শগুন, হাড়গিলা... আদি । প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি গছৰ নাম বৈজ্ঞানিক নামৰ সৈতে উল্লেখ কৰিলোঁ। ---

ক্ৰ.নং      নাম                বৈজ্ঞানিক নাম               

১/          শিমলু গছ      Bombax ceiba
       (Redsilk cotton)             

২/      তিতাচম্পা                 Michelia 
        (,Champa)              Champaca

৩/.   চেগুন (Teak).           Tectona grandis

৪/.    শালগছ (Saltree).    Shorea robusta

৫/.     শিচু গছ                  Dalbergia sissoo
       (Indian Rosewood)

৬/.       বনজালুক.         Oldenlandia diffusa
          (White flower 
      Snake tongure Grass)

৭/.      এজাৰ.                 Lagerstroemia 
         ( Pride of India)       speciosa

৮/.     ভোমোৰা               Terminalea catappa
      ( Belleric Myrobalan)

৯/.     চতিয়না.               Alstonia Scholaris 
         ( Devil's tree)
১০/.   ধূনা গছ                Canarium strictum 
         ( Black Dammer)

১১/     গমাৰি.                  Gmelinaa arborea
           (Gamari)

১২/       ডিমৰু                  Ficus racemosa
           ( Country flig)  

১৩/    পানী অমৰা.          Garuga Pinnata
            (Garuga) 

১৪/         ঔটেঙা              Dillenia Indica
         ( Elephant Apple)

১৫/        পমা গছ           Swietenia mahagoni       (Indian Mahagony)

১৬/       অৰ্জুন গছ            Terminalia arjuna
            (Arjun tree)

১৭/       মধুৰিআম.            Psidium guajava 
           ( Guava )

১৮/     লেটেকু গছ         Baccurea ramiflora         (Baccurea sapida)

১৯/     হুলোং গছ.              Dipterocarpus
        ( Hollong tree).          Retusus

২০/     খকন গছ           Duabanga grandiflora
        (Duabanga)

      বিভিন্ন জীৱ-জন্তু আৰু উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থকা অৰণ্যখন আজি আগৰ দৰে নাই। 'ওপৰে ৰংচং ভিতৰে কোৱাভাতুৰি' বোলাৰ দৰে ইয়াৰ বাহিৰৰ ভাগতহে কেৱল ডাঙৰ ডাঙৰ কেইজোপামান গছ দেখা যায় ভিতৰৰ ভাগত তেনেই খালী। যাৰবাবে বহু প্ৰজাতিৰ প্ৰাণী এই বনাঞ্চলৰ পৰা আতঁৰি আন অৰণ্যত থিতাপি ল'লেগৈ। বিশেষকৈ হলৌ বান্দৰ এই বনাঞ্চলৰ আপুৰুগীয়া প্ৰাণী আছিল। কিন্তু বাসস্থান আৰু খাদ্যৰ নাটনিৰ ফলত আজি হলৌ বান্দৰ এই বনাঞ্চলত নাই বুলি কলেও বেয়া নহয়। কেতিয়াবা ভাগ্যৰ বলত দুই এটা দেখা যায়। আনুমানিক দুই চাৰিটা হলৌ বান্দৰ আছে বুলি এতিয়াও সকলোৱে কয়। পিয়ল কৰিলেহে ইয়াৰ প্ৰকৃত তথ্য পোৱা যাব।

   বিগত ১৯৯২ চনত চুমনি মথাউৰি ভাগিছিল। তেতিয়া মথাউৰিয়েদি পাৰহৈ অহা দিহিংৰ বাঢ়নীপানীয়ে গোটেই বনাঞ্চল ঢাহিমুহি নিছিল। অৰণ্যৰ মাজত থকা জীৱ-জন্তুৰ বাসস্থান সলাবলগীয়া হৈছিল। তদুপৰি মানুহৰ অতপালি আছেই। মথাউৰি ভাঙি পানী ইকুল-সিকুল হোৱাৰ লগে লগে মানুহক কোনে পায়। গছ কাটি পানীত সহজে উটাই আনি অৰণ্য তহিলং কৰা হ'ল। যাৰবাবে আজিৰ সময়ত অৰণ্যখনত উল্লেখিত বহু প্ৰজাতিৰ প্ৰাণী এই বনাঞ্চলত নাইকিয়া হ'ল। আনকি বান্দৰবোৰো এই বনাঞ্চলত আগৰ দৰে দেখা নাযায়। 
   এই বনাঞ্চলৰ বান্দৰ বিশেষকৈ ঢলাগাওঁ, ডাঙৰী, বৰপথাৰ আদি ঠাইলৈ যোৱা যেন অনুমান হয়। নহ'লে সেই ঠাইবোৰত কৰপৰা আহিল ইমান বান্দৰ ? ই যি কি নহওঁক, বৰ্তমান সময়ত যিমান বান্দৰ হাঁহখাটী বনাঞ্চলত দেখা যায় সেয়াও এদিন হেৰাই যাব ধূৰূপ। কাৰণ বান্দৰ জাতীয় প্ৰাণীৰ বাসস্থান হৈছে ওখ ওখ ডাঙয় গছবোৰ। লগতে বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ গছ থকাটো বাঞ্চনীয়। কিন্তু বৰ্তমান অৰণ্য বিলাকত এই দুয়োটাৰে অভাৱ ঘটিব ধৰিছে যাৰ বাবে বান্দৰ বা বাঘ বা হাতী আজি মানুহৰ বাসভূমিত প্ৰৱেশ কৰিছে। কপিকূল আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। হাতী আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। 
   অৰণ্যত থকা বনকলৰ ডিল, তৰা গাজ, ঔটেঙা, লেটেকু, কঁঠাল ,মধুৰিআম, জলফাই আদি আজি মানুহৰ খাদ্য হ'ল। বনকলৰ ডিল আনিবলৈ যাওঁতে গছ জোপাও কাটি তহিলং কৰে মানুহে। তৰাগাজ আনোতে বুঢ়া তৰাবোৰ কাটি খাস্তাং কৰা হয়। যাৰ বাবে দিনক দিনে হ্ৰাস ঘটিব লাগিছে এনেবোৰ উদ্ভিদ অৰণ্যৰ মাজত। ফলত জন্তুৰ বাবে খাদ্য নাটনিয়ে দেখা দিছে। আগৰ দিনত ঔটেঙা উভয়নদী আছিল। কিন্তু যেতিয়াৰ পৰা বেপাৰীয়ে ঔটেঙাত হাত দিলে তেতিয়াৰ পৰা ঔটেঙাৰো হাবিত নাটনিয়ে দেখা দিলে । একেদৰে লেটেকু মানুহৰ খাদ্য হ'ল। বনৰ মাজত থকা লেটেকু পকিল কি নপকিল মানুহে তাক চিঙি আনি বজাৰত বিক্ৰী কৰিবলৈ ল'লে। মধুৰিআমৰ ক্ষেত্ৰতো একেই দশা। জলফাইৰ কথা নকলোৱেই যেনিবা। এইধৰনে মানুহে জীৱ-জন্তুৰ বাসস্থানত আঘাত হানিছে। খাদ্যৰ ভঁৰাল উদং কৰিছে। ফলত মানুহৰ ওপৰত হিংসুক হৈ উঠিছে জীৱ-জন্তু। 
   দেখা যায় যে আমাৰ দেশত থকা বন বিভাগৰ বিষয়া সকলেও বৰ দকৈ এনেবোৰ কথা নাভাৱে যেন অনুভৱ হয়। নহ'লেনো বনাঞ্চলত বাঁহগছ লগাই নে ? জীৱ জন্তুৰ বাবে বাঁহ গছ উপকাৰত আহিবনে বাৰু ? বান্দৰে বাঁহ পাত খাই নেকি ? হাতীয়ে বাঁহ গাজ খাই কিন্তু পহুৱে নাখায় । গতিকে এনেধৰণৰ গছৰ অৰণ্যত প্ৰয়োজন নাই। ইয়াৰ সলনি যদি মধুৰিআম, জলফাই,লেটেকু আৰু কলগছ ডাঙৰ গছৰ মাজে মাজে লগাই দিলেহেতেঁন তেন্তে আটাইবোৰ জীৱ-জন্তুৰ বাবে উপকাৰত আহিলহেতেঁন। 

সামৰণি
বন বিভাগ আছে কেৱল নামত। বন ৰক্ষকৰ বাবে চৰকাৰে ঘৰ সাজি দিছে অৰণ্যত, কিন্তু থাকে কোনে ? হাঁহখাটী বনাঞ্চলত ১৯৯০ দশকৰ আগৰ পৰা বনবিষয়া নিগাজিকৈ আছিল। সুন্দৰ আবাস গৃহও আছিল। এটা বৰমূৰীয়া বিষয়াৰ বাবে আই বিও আছিল । মেৰামতিৰ অভাৱত সেই গোটেই বোৰ ঘৰ ভাঙি পচি চিন মোকাম নোহোৱা হ'ল। তেতিয়া মুঠ চাৰিটা গৃহ আছিল। আচলতে সেই সময়ত কাঠৰ মুকুলি বেহা হৈছিল। বনবিভাগৰ দ্বাৰা কাঠৰ ডিপো তৈয়াৰ কৰা হৈছিল। তাত ডাঙৰ বয়সস্থ গছবোৰ কাটি বিক্ৰিৰ বাবে ৰখা হৈছিল। দিনে ৰাতিয়ে সেইবোৰ টিপি কাটি লৰিত উঠাই চালান দিয়া হৈছিল। গতিকে এনে ৰমৰমীয়া বেহা চলোৱাৰ বাবে বনৰক্ষকৰো অভাৱ হোৱা নাছিল । আনকি চিচিএফ পৰ্যন্ত এই বনাঞ্চল পৰিদৰ্শনৰ বাবে আহিছিল। কিন্তু যেতিয়াৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গছ কটা বন্ধ হৈ পৰিল সেই তেতিয়াৰ পৰাই বনবিভাগৰ বনৰক্ষকৰো অভাৱ ঘটিল আৰু ঘৰবোৰো ভাঙি চিঙি শেষ হ'ল। ইয়াৰ পাছত লাহে লাহে গাঁৱৰ মানুহে অবাধ গতিত খৰিৰ বাবে আৰু ঘৰ সাজিবলৈ গছ কাটি তহিলং কৰিলে। এনেদৰে হাঁহখাটী বনাঞ্চল আজি ধ্বংসৰ গৰাহত । ইয়াৰ কু-প্ৰভাৱ জীৱ-জন্তুৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিল।
   এতিয়াও সময় শেষ হোৱা নাই। পৰিৱেশ সন্তুলন অৱস্থাত ৰাখিবৰ বাবে অবিৰতভাৱে গছপুলি ৰোপণ কৰিব লাগে। বনবিভাগে এনে কাৰ্যসূচী আন্তৰিকতাৰে গ্ৰহণ কৰিলে অৰণ্যখন পুনৰুজ্জীৱিত হোৱাৰ থল আছে। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। 
লেখক : দুদুল সোণোৱাল।


   
   
   

Friday, March 18, 2022

🙏🙏ফাঁকুৱা আৰু অসমৰ দৌলোৎসৱ🙏🙏 HOLI and Assam's Doul utsav.

🙏🙏ফাঁকুৱা আৰু অসমৰ দৌলোৎসৱ🙏🙏


 👉 ফাঁকুৱা হ'ল ৰঙৰ উৎসৱ। ফাঁকুৱাৰ ইংৰাজী প্ৰতিশব্দ Holi । ফাগুন মাহৰ পূৰ্ণিমাৰ তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে ফাঁকুৱা ৰঙৰ উৎসৱ উদযাপন কৰে। বিভিন্ন নামেৰে ফাঁকুৱাক নামাকৰণ কৰা দেখা যায়। ফাঁকুৱাক - হোলী, দৌলোৎসৱ, ফল্গুৎসৱ , ফাঁগুৱা, ফাঁকু, মদনোৎসৱ আদি ভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে এই উৎসৱ অতি উলহ মালহেৰে উৎযাপন কৰা হয়। এই উৎসৱক প্ৰাচীন মদন পূজাৰ সৈতে সম্পৰ্ক থকা এক উৎসৱ হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উপাসনাৰ উদ্দেশ্যেৰে এই উৎসৱ পালন কৰা দেখা যায়। উল্লেখযোগ্য যে এই ফল্গুৎসৱৰ সৈতে ধৰ্মীয় আৰু লৌকিক কিছুমান পৌৰাণিক কাহিনী জড়িত হৈ আছে। মুখে মুখে প্ৰচলিত এনে দুটা কাহিনী তলত উল্লেখ কৰা হৈছে।


পৌৰাণিক আখ্যানৰ মতে ফাঁকুৱাৰ দিনটোক 'কাম দহন' ৰ দিন হিচাপে গণ্য কৰা হয়। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে হেনো আদি দেৱ মহাদেৱক পতি হিচাপে বৰণ কৰিবলৈ ইচ্ছা কৰিছিল। আৰু সেয়ে তাই কঠোৰ তপস্যাত নিমগ্ন হৈছিল। কিন্তু প্ৰভু মহাদেৱে সেই সময়ত ঘোৰ তপস্যাত বিলীন হৈ আছিল যাৰ বাবে পাৰ্বতীৰ প্ৰাৰ্থনা সিদ্ধি হোৱা নাছিল। মহাদেৱৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰাৰ আন উপায় নেদেখি মহাদেৱৰ তপস্যা ভঙ্গ কৰাৰ বাবে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দেৱীৰ আহ্বান মৰ্মে প্ৰাৰ্থনা জনায়। কামদেৱৰ কামবাণত শিৱৰ তপস্যা ভঙ্গ হয় কিন্তু তেওঁৰ ক্ৰোধান্বিত হৈ পৰিছিল। শিৱৰ এই ক্ৰোধৰ জুইত কামদেৱ ভস্মীভূত হৈছিল। কামদহনৰ এই আখ্যানৰ মতে মানুহৰ সাংসাৰিক জীৱনৰ ৰিপু লোভ,মোহ, কাম,ক্ৰোধ, মায়া আদি ত্যাগৰ অৰ্থকে প্ৰতিফলিত কৰে। সেয়ে ফাঁকুৱাৰ প্ৰথম দিনটোত মেজি সাজি জুই জ্বলাই এই সংসাৰৰ অপশক্তিক নাশ কৰিবলৈ বিচৰা হয়।
   দ্বিতীয় কাহিনী মতে হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈছিল কিন্তু সেই জুইয়ে হোলিকাকেই পুৰি নি:শেষ কৰিছিল। মৃত্যুৰ পিছত হোলিকাই নিজৰ ভুল বুজিব পাৰিছিল আৰু সেয়ে প্ৰহ্লাদৰ ওচৰত ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল। ইয়াৰ বাবে প্ৰহ্লাদে তাইক বৰ দিছিল যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক আনন্দেৰে স্মৰণ কৰিব। এই হোলিকাৰ নামৰ পৰাই হেনো পিছত হোলী শব্দৰ উৎপত্তি হৈছিল বুলি পৌৰাণিক কাহিনী সমূহে ক'ব খোজে। সেয়ে হয়তো ফাঁকুৱাৰ আগদিনা বিভিন্ন ঠাইত অপশক্তি হোলিকাক মেজি সাজি দাহ কৰা হয়। 
   সমগ্ৰ ভাৰতবৰ্ষতে ফাঁকুৱা উৎযাপন কৰা হয়। বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা মেজি সাজি আৰু চাৰিওফালে বহি নৃত্য গীত আনন্দ কৰে আৰু অপশক্তি নাশৰ নিমিত্তে মেজি জ্বলাই দিয়া হয়। 
   অসমৰ দৌলোৎসৱ :
   ফাঁকুৱাক অসমত দৌলোৎসৱ বা ফল্গুৎসৱ বা দেউল নামেৰে জনা যায়। বিশেষকৈ নামনি অসমত ইয়াৰ প্ৰয়োভৰ বেছি। বৰপেটা হৈছে অসমৰ ফল্গুৎসৱৰ আৰম্ভণিৰ কেন্দ্ৰ। বৰপেটাত এই উৎসৱ তিনিৰ পৰা পাঁচ দিনলৈ আয়োজন কৰা পৰিলক্ষিত হয়। উৎসৱৰ প্ৰথম দিনটোক 'গোন্ধযাত্ৰা' , দ্বিতীয় দিনটোক 'ভৰদেউল' আৰু তৃতীয়টো দিনক 'সুৱেৰী' বুলি কোৱা হয়। অসমৰ দৌলোৎসৱৰ এক ইতিহাস আছে। বহু শ বছৰ আগৰে পৰাই অসমত দৌলোৎসৱ ধুমধামেৰে পালন কৰা হয়।

   সংক্ষিপ্ত ইতিহাস :
   
   অসমত দৌলোৎসৱৰ আৰম্ভনি ঘটিছিল ১৫০০ শকৰ আগতে। অৰ্থাৎ শংকৰদেৱৰ জন্মৰ পাছত। অসমত প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে বৰদোৱাত এই উৎসৱ পালন কৰিছিল । ইয়াৰ পৰৱৰ্তী সময়ত শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰত দৌল উৎসৱ উদযাপন কৰা হৈছিল। ১৫১৮ শকত বৰপেটা ধামৰ সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই বৰপেটা ধামত ফাঁকুৱা প্ৰচলন কৰিছিল বুলি জনা যায়। উল্লেখযোগ্য যে বৰপেটা ধাম অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঐতিহ্যপূৰ্ণ সত্ৰ। এই সত্ৰ শ্ৰী শ্ৰী মাধৱদেৱে ১৫০৫ শকত ( ১৫৮৩ খ্ৰীষ্টাব্দত) প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। মাধৱদেৱে সেই সত্ৰত প্ৰায় আঠবছৰ কাল অতিবাহিত কৰিছিল। মাধৱদেৱে মথুৰা দাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। এই বুঢ়া আতাৰ দিনৰ পৰাই ফল্গুৎসৱ বৰপেটাত প্ৰচলন হৈছিল আৰু এই উৎসৱ আজিও একেদৰেই ইয়াত পালন কৰা হয়।
   অসমৰ সকলো ঠাইতে 'হোলী ' উদযাপন কৰা হয় যদিও গ্ৰাম্য অঞ্চলত ইয়াৰ প্ৰভাৱ কিছু কম। বিশেষকৈ উজনি অসমৰ চহৰাঞ্চলত যিমান প্ৰভাৱ আছে গ্ৰাম্য অঞ্চলত সিমান নাই। অৱশ্যে বৰ্তমান সময়ত ইয়াৰ প্ৰয়োভৰ লাহে লাহে বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে। আজিকালি সৰুচামে দূৰদৰ্শন বা চহৰাঞ্চলত দেখি দেখি গ্ৰাম্য সমাজতো প্ৰচলন কৰিবলৈ লৈছে। কেৱল ৰংৰ জৰিয়তে খেলা,ৰং ধেমালি কৰা এক উৎসব হোৱাৰ বাবে ইয়াৰ জনপ্ৰিয়তা মানুহৰ মাজত বৃদ্ধি পাইছে বুলি ক'ব পাৰি।
   বৰপেটাৰ বাদে বৰদোৱাৰ দৌল গোবিন্দ মন্দিৰতো এই উৎসৱ অতি উলহ মালহেৰে উৎযাপন কৰা হয়। অসমৰ দৌল গোবিন্দ আৰু বৰপেটা ধামৰ উপৰিও মাজুলীৰ সত্ৰসমূহতো ফল্গুৎসৱৰ প্ৰয়োভৰ আছে। সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়ম অনুযায়ী এইসমূহ ঠাইত ফাঁকুৱা উৎসৱ উদযাপন কৰা হয়। আকৌ অসমৰ কিছুমান ঠাইত ৰংৰ খেলা হয় যদিও কোনো নীতি নিয়ম পালন কৰা দেখা নাযায়। অৱশ্যে মাৰোৱাৰী, দেচুৱালী, বিহাৰী, বেংগলী, চাহ জনজাতি সকলৰ মাজত পৰম্পৰাগত নিয়মেৰে এই উৎসৱ পালন কৰা দেখা যায়।
   
উপসংহাৰ :

যিয়েই নহওঁক 'হোলী' কিন্তু ৰংৰ উৎসৱ।ৰঙৰ উৎসৱ বুলি আজিকালি বজাৰত উপলব্ধ ৰঙৰ জৰিয়তে বেছিকৈ ৰং নেখেলাই ভাল। কাৰণ বিভিন্ন ৰাসায়নিক দ্ৰব্য মিহলোৱা ৰঙৰ কুফলো নথকা নহয়। চকু,কাণ,নাক আদি নিৰাপদে ৰাখি ৰঙৰ খেল খেলা উচিত। অতিপাত ৰঙৰ স্পৰ্শই চালৰ কমনীয়তাৰ গুণ নষ্ট কৰাৰ সম্ভাৱনা থাকে। চালৰ বেমাৰ থকা লোকে ফাকুৱা নেখেলাই ভাল। সাৱধান হৈ খেলিলে নিজৰে ভাল। বাছি খাবা,জাগি শুবা। শেষত সমগ্ৰ ভাৰতবাসীৰ হোলী প্ৰেমী লোকসকলক 'জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ' ব্লগৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। 
               লেখক- দুদুল সোণোৱাল ।




🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻
 

Tuesday, March 15, 2022

🙏🙏🙏জনমতৰ সম্পৰ্কে অৱলোকন🙏🙏🙏 ABOUT PUBLIC OPINION

🙏🙏🙏জনমতৰ সম্পৰ্কে অৱলোকন🙏🙏🙏
               ABOUT PUBLIC OPINION

👉জনমত কি?

জনমত হ'ল এক নিৰ্দিষ্ট সংখ্যক মানুহৰ দ্বাৰা একে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মত। যদি এচাম মানুহে নিৰ্দিষ্ট বিষয়ৰ ওপৰত, নিৰ্দিষ্ট উদ্দীপকৰ প্ৰতি একে মত প্ৰকাশ কৰে তেতিয়া সেই মত বা সিদ্ধান্ত জনমত হিচাপে পৰিগণিত হয়। এনে ক্ষেত্ৰত মানুহবোৰে একেটা মতৰ ওপৰত সমৰ্থন আগবঢ়ায় আৰু মানুহবোৰে কথাবোৰ মানি চলে। যেতিয়ালৈ একে মতত সিদ্ধান্ত অটল থাকে তেতিয়ালৈকে মানুহবোৰ একগোট হৈ থাকে আৰু মততো যদি মীমাংসা হয় বা মতৰ যদি পৰিবৰ্তন হয় তেন্তে একগোট হৈ থকা মানুহখিনিও সিঁচৰিত হৈ যায়। বিশেষকৈ কোনো এটা সমস্যাৰ ওপৰত ভিত্তি কৰিয়েই জনমতৰ সৃষ্টি হয়। অসমৰ জ্বলন্ত সমস্যা সমূ্হৰ ওপৰত ভিত্তি কৰি বহু জনমতৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে বিদেশী সমস্যাৰ ওপৰত জনমতৰ সৃষ্টি হৈছিল। আৰু বিষয়বস্তুৰ কিছু সমাধান হোৱা লগে লগে এই জনমতৰ সাময়িকভাৱে অৱসান ঘটিল। একেদৰে কা' আইনৰ ওপৰত জনমতৰ সৃষ্টি হৈছিল কিন্তু মতটো তল পৰা লগে লগে মানুহবোৰ সিঁচৰিত হৈ গ'ল। যেতিয়াই ই আইনত পৰিণত হ'ল তেতিয়াৰ পৰাই জনমত ওৰ পৰিল। আকৌ সোঁৱনশিৰী বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধেও জনমতৰ সৃষ্টি হৈছিল, কিন্তু সময়ত এই মত ফুটুকাৰ ফেনত পৰিণত হ'ল। এনেকৈ সময়ে সময়ে নিৰ্দিষ্ট এটা বিষয়বস্তুৰ ওপৰত জনমতৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

    জনমত সকলো শ্ৰেণীৰ মানুহৰ হিতাৰ্থে হ'ব লাগে। তেতিয়া ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পায়। দেশ এখনৰ আভ্যন্তৰত উৎপত্তি হোৱা সমস্যা সমূ্হৰ সমাধানৰ উপায় উলিওৱাত জনমতে প্ৰত্যক্ষভাৱে সহায় কৰে। 


জনমত কেনেধৰণৰ হোৱা উচিত ?

এটা কথা মনত ৰখা প্ৰয়োজন যে জনমত মানে মানুহৰ সৰ্বসন্মত মত নহয়। সমাজৰ একাংশ লোকৰ মতৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত জনমতৰ সৃষ্টি হয়। জনমত স্থায়ী নহয়,ই পৰিবৰ্তনশীল। মোৰ মতে জনমত গঠনৰ বাবে মানুহৰ একতাৰ প্ৰয়োজন হয়। একতাৰ মনোভাৱ সকলো মানুহৰ মাজত জগাই তোলিব পাৰিলে মূল সমস্যা সমাধানৰ পথ উদ্ভৱ হয়। গোটখোৱা মানুহবোৰৰ মাজত একতা নাথাকিলে, চিপৰাংমৰা মানুহ অন্তৰ্ভুক্ত হৈ থাকিলে কোনো জনমত সফল হ'ব নোৱাৰে। 

👉জনমতৰ বিভিন্ন পৰ্যায় : 

জনমতৰ তিনিটা পৰ্যায় আছে। ইয়াৰ অৰ্থ আৰু বিৱৰণৰ প্ৰতি লক্ষ্য ৰাখি ভাগ কৰা পৰ্যায় কেইটা হৈছে - ১/ জনতাৰ লগত জড়িত সমস্যাটোৰ সংজ্ঞা প্ৰদান, ২/ পুংখানুপুংখ অনুসন্ধান আৰু ৩/ সমস্যাৰ সংঘাত।

👉১/ জনমতৰ লগত জড়িত সমস্যাটোৰ সংজ্ঞা প্ৰদান: 
   
  এখন সমাজত বহুতো সমস্যা থাকে। কিছুমান সমস্যাই মানুহৰ মনত সাঁচ বহুৱাই বা অত্যাধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয়, এনেধৰণৰ সমস্যা সমূ্হৰ প্ৰতি মানুহে আকৃষ্ট হয় আৰু ইয়াৰ সমাধানৰ পথ বিচাৰে। সকলো শ্ৰেণীৰ মানুহে এনে সমস্যাৰ সপক্ষে উঠিপৰি লাগে। সমস্যাটোৰ স্বৰূপ বুজিবলৈ প্ৰয়াস কৰে আৰু জনতাক সচেতন কৰিবলৈ চেষ্টা চলাই। এই সমস্যাটোৰ সম্পৰ্কে যিখিনি কথা বুজি লোৱাৰ প্ৰয়োজন প্ৰকৃততে সেয়াই হৈছে সমস্যাটোৰ সংজ্ঞা। উদাহৰণস্বৰূপে ক'ব পাৰি যে বিদেশী সমস্যা সম্পৰ্কে। প্ৰথমতে এই সমস্যাটোৰ সম্পৰ্কে সকলো মানুহে বুজি পোৱা নাছিল। এটা নিৰ্দিষ্ট সংস্থা বা নেতাৰ জৰিয়তে সমস্যাটোৰ সৈতে জড়িত কথাবোৰ মানুহক বুজোৱা হৈছিল আৰু যেতিয়াই বিষয়বস্তুৰ সম্পৰ্কে স্পষ্টকৈ বুজিব সক্ষম হৈছিল তেতিয়াৰ পৰাই মিছিলত অংশগ্ৰহণ কৰিছিল। ঠিক একেদৰে দেশৰ সীমা সমস্যা, ভাষা আন্দোলন , গ্ৰন্থ আন্দোলন আদি সমস্যা সমূ্হৰ সম্পৰ্কে আমি একে ব্যাখ্যা আগবঢ়াব পাৰোঁ।
 
👉 2 পুংখানুপুংখ অনুসন্ধান : 
 
 সমস্যাটোৰ সংজ্ঞা নিৰ্ণয় কৰিবলৈ অনুসন্ধানৰ প্ৰয়োজন হয়। মানুহে সমস্যাটোৰ সম্পৰ্কে আঁতিগুৰি জানিলেহে সমস্যাটোৰ সমাধানৰ উপায় উলিওৱাত সমৰ্থ হ'ব পাৰে। কি কৰিলে বা কি পদক্ষেপ গ্ৰহণ কৰিলে সমস্যাটোৰ সহজ সমাধান নিশ্চিত হ'ব সেই সম্পৰ্কে বিশদ অনুসন্ধান কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰা হয়। এই তথ্যৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হয়। পৰৱৰ্তী পদক্ষেপ কাৰ্যকৰী হ'লে সমস্যাটোৰ সমাধানৰ পথ উদ্ভৱ হয়। এইটো হ'ল জনমতৰ দ্বিতীয় পৰ্যায় ।

 👉 ৩/ সমস্যাৰ সংঘাত :
 
 সমস্যাটোৰ সমাধানৰ বাবে অনুসন্ধান কৰোঁতে বিভিন্ন মানুহৰ লগত সংস্পৰ্শত আহিব লগা হয়। এনে সময়তে বিভিন্ন জনৰ চিন্তা চৰ্চাৰে সমস্যাটোৰ সমাধানৰ ভিন্ন পথ উদ্ভাষিত হয়, কিন্তু সমাধানৰ পথ বাৰেকুৰী হোৱাৰ বাবে ইহঁতৰ মাজত সংঘাত বা সংঘৰ্ষৰ সৃষ্টি হয়। অৱশ্যে এনে সংঘাত ক্ষণন্তেকীয়া , ই চিন্তনীয় বিষয় নহয়। যেতিয়া এনে সংঘাত আলোচনাৰ মাধ্যমেৰে অন্ত পৰে, তেতিয়াই সমস্যাটোৰ সমাধানৰ পথ নিৰ্দিষ্টলৈ পৰিবৰ্তন হয়। ইয়াৰ পৰৱৰ্তী সময়ত মানুহবোৰ একত্ৰিত হয় আৰু সমস্বৰে জনমতৰ সপক্ষে মাৰবান্ধি থিয় দিয়ে। ঐক্যবদ্ধ মনোভাৱ পোষণ কৰি সমস্যাটোৰ সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়। 
  
👉জনমত গঠণত কিহে প্ৰভাৱ পেলায় ?
  
জনমত গঠণত প্ৰভাৱ পেলোৱা মূল উপাদান হৈছে- আবেগ। আবেগে জনমত গঠণত প্ৰত্যক্ষভাৱে সহায় কৰে। আবেগ নাথাকিলে জনমত গঠন নহয়। আমি দেখা প্ৰতিটো জনমতৰ ক্ষেত্ৰত আবেগ সন্নিবিষ্ট হৈ আছে। বিদেশী খেদা আন্দোলন, কাগজ কলৰ পুনৰুজ্জীৱিতকৰণ , ভাষা আন্দোলন, কা আন্দোলন, গড় হত্যা ৰোধৰ আন্দোলন, বিভিন্ন সময়ত হোৱা শৈক্ষিক আন্দোলন আদি সৃষ্টিত আবেগৰ অৰিহণা আছে। আবেগৰ উপৰিও সমাজৰ ঐতিহ্য, বিশ্বাস, অনুভূতি, আদৰ্শ আদি কাৰক সমূহে জনমত গঠণত প্ৰভাৱ বিস্তাৰ কৰে। 
  আমি মনত ৰখা উচিত যে জনমত প্ৰকৃততে বিজ্ঞান সন্মত আৰু সম্পূৰ্ণৰূপে যুক্তিৰ আধাৰত প্ৰতিষ্ঠিত নহয়। কেতিয়াবা ইয়াৰ কু-প্ৰভাৱ সমাজত বাৰুকৈয়ে প্ৰতিফলিত হোৱা দেখা যায়। আমাৰ চৌপাশৰ পৰিৱেশৰ পৰা তেনে বহুতো উদাহৰণ ল'ব পাৰোঁ। যেনে বিদেশী খেদা আন্দোলনৰ ক্ষেত্ৰতে দেখা যায় ,এচাম মানুহে জোৰদাৰ ইয়াৰ ভয়াবহতাৰ প্ৰতি দোহাই দি আন্দোলনৰ জৰিয়তে জনমত গঠণৰ বাবে অহৰহ চেষ্টা চলাইছিল কিন্তু মূৰকত এই আন্দোলনৰ বাবে বহুতো নিৰীহলোক শ্বহীদ হ'ব লগা হ'ল। ইয়াৰ জৰিয়তে সমস্যাটোৰ সমাধানৰ পথ উদ্ভাষিত হ'ল যদিও ইয়াৰ কু-প্ৰভাৱ ইতিহাসৰ পাতত আজিও জিলিকি ৰ'ল। ই যি কি নহওঁক, জনমত হ'ব লাগে মানুহৰ হিতাৰ্থে, মানুহক হেৰুৱাবৰ বাবে নহয়।
  কেতিয়াবা জনমত মানুহৰ ওপৰত জোৰ কৰি জাপি দিয়া হয়। এইবোৰ সাধাৰণতে ৰাজনৈতিক দলবোৰৰ জৰিয়তে অথবা মুনাফা অৰ্জনৰ বাবে ব্যৱহৃত দলবোৰৰ জৰিয়তে হ'ব পাৰে। এনে জনমতত বিশৃংখলতা আৰু বদআচৰণ জড়িত হৈ থাকে। এনে জনমতৰ বাবে মানুহে সদায় সচেতন হোৱাৰ প্ৰয়োজন। 
    
 👉সামৰণি :
  
সকলো শ্ৰেণীৰ মানুহেই জনমতক সচেতন অথবা অসচেতনভাৱে মানি চলে। জনমত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ উন্নয়নৰ আৰু দুৰ্নীতিৰোধৰ মূল আহিলা। প্ৰয়োজন সাপেক্ষে জনমতে ৰাষ্ট্ৰৰ উন্নয়নত সহায় কৰে। ইয়াৰ স্বৰূপ সামূহিক হোৱাৰ বাবে প্ৰতিজন ব্যক্তিয়ে জনতক উপেক্ষা কৰিব নোৱাৰে। আহক আমি নিকা, সততা আৰু সত্যৰ জনমত গঠণত আগভাগ লওঁ । ইয়াৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণ কৰোঁ আৰু নিজকে সুন্দৰ মানসিকতাৰ ব্যক্তি হিচাপে পৰিচয় দিওঁ।
    




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল। আৰৈমূৰীয়া গাঁৱ ।

🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻


Sunday, March 6, 2022

সাম্প্ৰতিক সময়ত পৰিৱেশ শিক্ষা - চমু অৱলোকন।

🙏 পৰিৱেশ শিক্ষা কি আৰু কেনে হোৱা উচিত ?  পৰিৱেশ শিক্ষা কি আৰু কেনে হোৱা উচিত ?



👉   পৰিৱেশৰ সম্পৰ্কে অধ্যয়ন কৰা শিক্ষাই হৈছে চমুকৈ পৰিৱেশ শিক্ষা । পৰিৱেশ অধ্যয়ন মানুহৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। পৰিৱেশ মানুহে সৃষ্টি কৰে। এই মানুহৰ দ্বাৰা সৃষ্ট পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ্থে আমি পৰিৱেশৰ সম্পৰ্কে অধ্যয়ন কৰা প্ৰয়োজন আছে। মানুহৰ হিতৰ বাবে পৰিৱেশ তন্ত্ৰ কেনে হোৱা দৰকাৰ, মানুহে কি কৰিলে পৰিৱেশ প্ৰদূষিত নহ'ব.. আদি আমি অধ্যয়ন কৰি আগবাঢ়িলেহে পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা পৰিব। বৰ্তমান সময়ত প্ৰাকৃতিক ভাৱে সৃষ্ট পৰিৱেশ মানুহে বিভিন্ন কাৰণত ধ্বংস কৰিছে। পূৰ্বতে গছ-গছনিৰে ভৰা, চৰাই চিৰিকতিৰ  শব্দেৰে ভৰা বিলৰ নিজম পৰিৱেশ আজি হেৰাই গ'ল বুলি ক'লেও অত্যুক্তি কৰা নহয়। শব্দ প্ৰদূষণ , বায়ু প্ৰদূষণ, জল প্ৰদূষণ আদিৰ দৰে এশ এটা সমস্যাই আমাৰ চৌদিশ বেৰি ধৰিলে। এইবোৰ মানুহৰে সৃষ্টি এয়া সকলোৰে বিদিত। গতিকে এনেধৰণৰ কু-পৰিৱেশ তন্ত্ৰৰ সৃষ্টি নহ'বৰ বাবে আমি সজাগ আৰু সচেতন হোৱাৰ ঘাই উপায় হৈছে পৰিৱেশ শিক্ষা গ্ৰহণ।
      প্ৰকৃতিয়ে মানুহক ভালদৰে জীৱন-যাপন কৰিবলৈ অজস্ৰ সম্পদ প্ৰদান কৰিছে । সেই সম্পদ সমূহ মানুহে কু-ব্যৱহাৰ বা অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত প্ৰকৃতিৰ ভাৰসাম্যতাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়ছে। মানুহে মনত ৰখা উচিত যে প্ৰাকৃতিক সম্পদবোৰ অফুৰন্ত নহয়। ই সীমিত। মানুহৰ আকাশলঙ্ঘী কামনা আৰু ভোগবাদী আদৰ্শই সম্প্ৰতি বিজ্ঞান প্ৰযুক্তিৰ সহায়েৰে এই প্ৰাকৃতিক সম্পদবোৰ অহনিৰ্শে ক্ষতি আৰু বিনাশ সাধন কৰি থকা হৈছে। প্ৰাকৃতিক সম্পদবোৰৰ সীমাবদ্ধতা আৰু মানুহৰ মন মগজু প্ৰকৃতিৰ সপক্ষে জগাই তোলাৰ নিমিত্তে পৰিৱেশ তন্ত্ৰৰ অধ্যয়ন আজি জৰুৰী হৈ পৰিছে। 

🙏 পৰিৱেশ অধ্যয়নত কি আলোচনা কৰা হয় ?
পৰিৱেশ অধ্যয়নত কি আলোচনা কৰা হয় ? 

👉পৰিৱেশ অধ্যয়নত বিশেষকৈ - ১/কৃষিকাৰ্যৰ বিকাশ ২/ উদ্যোগিক বিকাশ ৩/ বনসম্পদ ধ্বংস ,৪/ অত্যধিক যান-বাহনৰ ব্যৱহাৰ ৫/জনসংখ্যা বৃদ্ধি ,৬/নগৰীয়া কৰণ ,৭/খণিৰ কৰ্ম ৮/মথাউৰি, বান্ধ আদি নিৰ্মাণ ৯/ পৰিবহণ ব্যৱস্থা ১০/ অগ্নি সংযোগ ১১/ তেজস্ক্ৰিয়তা ১২/ প্ৰদূষণ
১৩/ জলসম্পদ আদি বিষয় বিলাকৰ ওপৰত পৰিৱেশ অধ্যয়নত শিকোৱা হয়। এনে কাৰ্য অত্যধিক আৰু বিজ্ঞান সন্মত ভাৱে সমাপন কৰাৰ ফলত কিছু ক্ষেত্ৰত পৰিৱেশৰ ওপৰত পোনপতীয়াকৈ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে গৰুৰ সলনি ট্ৰেক্টৰৰ জৰিয়তে কৰা খেতিৰ বাবে মাটিৰ গুণাগুণ নষ্ট হ'ব পাৰে। ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত খেতি মাটিৰ নিজস্ব গুণ হেৰুৱায় পেলায়। উদ্যোগত ব্যৱহৃত পেলনীয়া আৱৰ্জনা নদীৰ দাঁতিত পেলোৱাৰ ফলত নদীলৈ বিস্তাৰ ঘটে আৰু নদীৰ পানী কলুষিত হোৱাত অৰিহণা যোগায়। তদুপৰি ইয়াৰ পৰা নিৰ্গত বিভিন্ন গেছ - ছালফাৰ, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আদিয়ে পৰিৱেশ দূষিত হোৱাত সহায় কৰে। বনসম্পদ ধ্বংসৰ ফলত জলবায়ুৰ তাৰতম্য সৃষ্টি হয় । বৰষুণৰ পৰিমাণ কমি যাব আৰু আবতৰত শিলাবৃষ্টি আদিৰ দৰে বতৰৰ সৃষ্টি হ'ব। যিবোৰ আজিৰ পৃথিৱীত আমি নিতৌ প্ৰত্যক্ষ কৰিছোঁ। 
গতিকে এনেধৰণৰ বিষয় সমূহ অধ্যয়ন কৰাৰ ফলত ইয়াৰ কু-প্ৰভাৱ আৰু সু-প্ৰভাৱৰ সম্পৰ্কে বুজিব পৰা যায়। সেয়ে পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

🙏 ঐতিহাসিক পটভূমিত পৰিৱেশ শিক্ষা !
ঐতিহাসিক পটভূমিত পৰিৱেশ শিক্ষা !

👉প্ৰায় ঊনৈশ শতিকাৰ পৰাই পৰিৱেশ সংৰক্ষণৰ সম্পৰ্কে বিজ্ঞ সমাজৰ মাজত আলোচিত হৈছে। বিশ্বৰ বিজ্ঞানী আৰু পৰিৱেশ সচেতন ব্যক্তিসকলে সক্ৰিয়তাৰে সময়ে সময়ে গুণাগথা আৰু কাৰ্যকৰী কৰণৰ বাবে একত্ৰিত হৈ আহিছে। ভাৱ বিনিময় অব্যাহত ৰাখিছিল পৰিৱেশ তন্ত্ৰৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ সুৰক্ষিত কৰি ৰাখিবলৈ । তদুপৰি দেশে দেশে পৰিৱেশ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰাও পৰিলক্ষিত হৈছিল। ১৯৭০ চনত আমেৰিকা , জাপান , অষ্ট্ৰেলিয়া, কানাডা আৰু ইউৰোপৰ অন্যান্য দেশবোৰ একত্ৰিত হৈ পৰিৱেশ সংৰক্ষণৰ ওপৰত আলোকপাত কৰিছিল আৰু বিভিন্ন পৰামৰ্শ, কাৰ্যপন্থা হাতত লৈছিল বুলি জনা যায়। ১৯৭২ চনত চুইডেনৰ ষ্টকহ'মত আন্তঃৰাষ্ট্ৰীয় ভিত্তিত পৰিৱেশ সুৰক্ষাৰ ওপৰত এখন সন্মিলনো অনুষ্ঠিত হৈছিল য'ত পৰিৱেশ শিক্ষা সম্পৰ্কে বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰা হৈছিল। ১৯৭৫ চনত বেলগ্ৰডত পুনৰ আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হৈছিল। ইউনেস্ক' আৰু ইউনাইটেড নেচনচ এনভাইৰণমেণ্টেল প্ৰ'গ্ৰামৰ জৰিয়তে পৰিৱেশ শিক্ষা সংক্ৰান্তীয় প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল । এই সন্মিলনত পৰিৱেশ শিক্ষাক কেনেকৈ সাৰ্বজনীন শিক্ষাৰ আওতালৈ আনিব পাৰি সেই সম্পৰ্কে বিশদ আলোচনা কৰা হৈছিল আৰু বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। বিশেষকৈ পৰিৱেশ আৰু পৰিৱেশৰ সম্ভাব্য প্ৰত্যাহ্বান সম্পৰ্কে মানুহৰ মনত সজাগতা সৃষ্টি কৰা আৰু বোধশক্তিৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰাই আছিল মূল লক্ষ্য। ইয়াৰোপৰি পৰিৱেশ সম্পৰ্কে মানুহৰ উদ্বিগ্নতা বৃদ্ধি কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মনোভঙ্গী গঢ়ি তোলা, পৰিৱেশ সংক্ৰান্ত সমস্যা আৰু প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ তদন্ত আৰু গৱেষণাৰ প্ৰতি ধাউতি সৃষ্টি কৰা, পৰিৱেশৰ জটিলতাৰ স্বৰূপ উপলব্ধি কৰিবৰ বাবে উপযুক্ত মানসিকতা গঢ়ি তোলা আদি কামবোৰ কৰিবলৈ এই সন্মিলনে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

🙏 সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰয়োজনীয়তা !
সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰয়োজনীয়তা ?

👉আমাৰ চৌপাশৰ অঞ্চলসমূহৰ অৱস্থা নিৰীক্ষণ কৰিলে দেখা যায় যে আমাৰ মানুহবিলাকৰ মাজত পৰিৱেশৰ সম্পৰ্কে সজাগতা নথকাৰ বাবে নিতৌ কুৎসিত পৰিৱেশৰ সৃষ্টি হ'ব ধৰিছে। এতিয়া যিকোনো এলেকাত থকা যিকোনো এখন বজাৰলৈ গ'লে আমি কেৱল দেখিবলৈ পাওঁ লেতেৰা জাবৰ-জোঁথৰ, গো-মোত, হাই-উৰুমি আদিৰে ভৰা এক কৰ্দয্য ৰূপ। কেৱল বজাৰ বুলিয়ে নহয়,আন ঠাইবিলাকতো তথৈবচ অৱস্থা পৰিলক্ষিত হয়। এয়া হ'বলৈ পোৱা মূল কাৰণ হৈছে পৰিৱেশৰ সম্পৰ্কে আমাৰ অজ্ঞতা । চাফচিকুণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত অনীহা আৰু অসচেতন মনোভাৱ। ভৱিষ্যতৰ সম্ভাৱনাবোৰ আৰু সপোনবোৰ বাস্তৱায়িত কৰাত যে পৰিৱেশে প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে সেই ক্ষেত্ৰত আমি সজাগ আৰু চিন্তিত নহয়। ইতিহাসৰ পৰা জনা যায় যে বহু আগৰেপৰাই পৰিৱেশ সংৰক্ষিত কৰিবলৈ প্ৰয়াস কৰি অহা হৈছে। কিন্তু আজি পৰ্যন্ত এই সমস্যা সমাধান কৰিবলৈ আমি অপাৰগ হৈছোঁ। আচলতে ইয়াৰ বাবে দায়ী আমি মানৱ সমাজ , নহয় নে ? চহৰলৈ গ'লে দেখা যায় গাড়ীৰ ভিতৰৰ পৰা এচামে মৰ্টন, চকলেটৰ পেকেট, চিপছৰ পেকেট খিৰিকীৰে বাহিৰলৈ দলিয়াই দিছে, এচামে কাকো কেৰেপ নকৰি নিলাজীৰ সদৃশ মানুহৰ জুমৰ কাষতে প্ৰস্ৰাৱ কৰিছে, আন এচামে য'তে ত'তে  জাবৰ জোঁথৰ পেলাই দুৰ্গন্ধ বাতাবৰণ সৃষ্টিত অৰিহণা যোগাইছে। এনেবোৰ কাৰ্য সাধাৰণতে কিছু সংখ্যকৰ ক্ষেত্ৰত অজ্ঞানতা আৰু আন কিছুমানৰ ক্ষেত্ৰত জানিও ভাওজুৰি কৰা কাৰ্য বুলি ক'ব পাৰি। আমি সজাগ হ'লে আমাৰ বাবেই ভাল। নতুন প্ৰজন্মই ভালটো দেখিলে সিহঁতেও ভালটো কৰিবলৈ শিকিব। কাৰণ আগৰ হাল যি ফালেদি যায়, পিছৰ হালেও সেই ফালেদিয়ে যায়। সেয়ে পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া পৰিৱেশ শুদ্ধিকৰণৰ এক সুন্দৰ নিদৰ্শন হিচাপে পৰিগণিত। আগন্তুক দিনবোৰতো আমি এই ধাৰাৰ অক্ষুণ্ণ ৰাখিব পাৰিলে সমাজলৈ নিশ্চয় পৰিৱেশ পৰিৱৰ্তনৰ বোৱতী সোঁত বৈ থাকিব। 

🙏 পৰিৱেশ সমতুলকৰণত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ ভূমিকা কেনে হোৱা উচিত ?
পৰিৱেশ সমতুলকৰণত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ ভূমিকা কেনে হোৱা উচিত ?

👉বিদ্যালয়ত পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখি , শব্দ প্ৰদূষণ ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰি, বৃক্ষৰোপণ কাৰ্যসূচীৰে পৰিৱেশ সমতুল কৰি ৰখাত অৰিহণা আগবঢ়াব পাৰে শিক্ষক সমাজে। নতুন নতুন পদক্ষেপ গ্ৰহণেৰে ছাত্ৰ ছাত্ৰীৰ মাজত সু পৰিৱেশ কিয় প্ৰয়োজন বুজাবলৈ প্ৰয়াস কৰিব লাগে। পৰিৱেশৰ সৈতে সংশ্লিষ্ট বিভিন্ন সমস্যাৰ গুৰুত্ব সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক আভাস দি সজাগ কৰি তুলিবলৈ যত্ন কৰিব লাগে। বিদ্যালয়ৰ লগতে নিজ ঘৰতো একেধৰণৰ পৰিৱেশ অটুট যাতে ৰাখে তাৰ প্ৰতি শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ লগতে ক্ষেত্ৰ পৰিভ্ৰমণ কৰি প্ৰমাণ সংগ্ৰহ কৰিব লাগে। তেতিয়াহে তেওঁলোকে স্কুলৰ কাম কেৱল স্কুলতে নহয়, ইয়াৰ পৰিসৰ ব্যাপক আৰু সকলোতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰয়োজন আছে বুলি বুজিব সক্ষম হ'ব। পৰিৱেশৰ সৈতে জড়িত বিভিন্ন সংস্থা , গোট আদি বিদ্যালয়ত আমন্ত্ৰণ কৰি আনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৰ্মশালা অনুষ্ঠিত কৰা উচিত। তেতিয়াহে পৰিৱেশৰ সমস্যা সমূ্হৰ সম্পৰ্কে তেওঁলোকে জ্ঞাত হ'ব আৰু কাৰ্যত আগবাঢ়িবলৈ উৎসাহিত হ'ব।


🙏 উপসংহাৰ :

👉'মানুহে পাতে ঈশ্বৰে ভাঙে' নহৈ বৰ্তমান সময়ত 'ঈশ্বৰে পাতে মানুহে ভাঙে'ৰ সৃষ্টি হৈছে। ঈশ্বৰৰ ইচ্ছাত সৃষ্টি হোৱা সুন্দৰ প্ৰাকৃতিক পৰিবেশ আমি আমাৰ ইচ্ছানুসৰি ভাঙিছো। গছ- গছনি ৰুইছো আকৌ আমিয়ে কাটি তহিলং কৰিছোঁ। বানপানী, ভূমিকম্প, খৰাং বতৰ আদি সৃষ্টিত মানুহৰ হাত বেছি। গতিকে এনেধৰণৰ অনিষ্ট সাধন কৰা প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সকলোৱে সজাগ সচেতন হোৱাৰ বাদে গন্ত্যন্তৰ নাই।


My you tube channel link
https://youtube.com/channel/UCkmn_sJYCyPatwxNEse24xA

💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖
🙏প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক- দুদুল সোণোৱাল ।


👃👃👃👃👃👃👃👃👃👃👃👃👃👃👃


Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts