ABOUT PUBLIC OPINION
👉জনমত কি?
জনমত হ'ল এক নিৰ্দিষ্ট সংখ্যক মানুহৰ দ্বাৰা একে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মত। যদি এচাম মানুহে নিৰ্দিষ্ট বিষয়ৰ ওপৰত, নিৰ্দিষ্ট উদ্দীপকৰ প্ৰতি একে মত প্ৰকাশ কৰে তেতিয়া সেই মত বা সিদ্ধান্ত জনমত হিচাপে পৰিগণিত হয়। এনে ক্ষেত্ৰত মানুহবোৰে একেটা মতৰ ওপৰত সমৰ্থন আগবঢ়ায় আৰু মানুহবোৰে কথাবোৰ মানি চলে। যেতিয়ালৈ একে মতত সিদ্ধান্ত অটল থাকে তেতিয়ালৈকে মানুহবোৰ একগোট হৈ থাকে আৰু মততো যদি মীমাংসা হয় বা মতৰ যদি পৰিবৰ্তন হয় তেন্তে একগোট হৈ থকা মানুহখিনিও সিঁচৰিত হৈ যায়। বিশেষকৈ কোনো এটা সমস্যাৰ ওপৰত ভিত্তি কৰিয়েই জনমতৰ সৃষ্টি হয়। অসমৰ জ্বলন্ত সমস্যা সমূ্হৰ ওপৰত ভিত্তি কৰি বহু জনমতৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে বিদেশী সমস্যাৰ ওপৰত জনমতৰ সৃষ্টি হৈছিল। আৰু বিষয়বস্তুৰ কিছু সমাধান হোৱা লগে লগে এই জনমতৰ সাময়িকভাৱে অৱসান ঘটিল। একেদৰে কা' আইনৰ ওপৰত জনমতৰ সৃষ্টি হৈছিল কিন্তু মতটো তল পৰা লগে লগে মানুহবোৰ সিঁচৰিত হৈ গ'ল। যেতিয়াই ই আইনত পৰিণত হ'ল তেতিয়াৰ পৰাই জনমত ওৰ পৰিল। আকৌ সোঁৱনশিৰী বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধেও জনমতৰ সৃষ্টি হৈছিল, কিন্তু সময়ত এই মত ফুটুকাৰ ফেনত পৰিণত হ'ল। এনেকৈ সময়ে সময়ে নিৰ্দিষ্ট এটা বিষয়বস্তুৰ ওপৰত জনমতৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।
জনমত সকলো শ্ৰেণীৰ মানুহৰ হিতাৰ্থে হ'ব লাগে। তেতিয়া ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পায়। দেশ এখনৰ আভ্যন্তৰত উৎপত্তি হোৱা সমস্যা সমূ্হৰ সমাধানৰ উপায় উলিওৱাত জনমতে প্ৰত্যক্ষভাৱে সহায় কৰে।
জনমত কেনেধৰণৰ হোৱা উচিত ?
এটা কথা মনত ৰখা প্ৰয়োজন যে জনমত মানে মানুহৰ সৰ্বসন্মত মত নহয়। সমাজৰ একাংশ লোকৰ মতৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত জনমতৰ সৃষ্টি হয়। জনমত স্থায়ী নহয়,ই পৰিবৰ্তনশীল। মোৰ মতে জনমত গঠনৰ বাবে মানুহৰ একতাৰ প্ৰয়োজন হয়। একতাৰ মনোভাৱ সকলো মানুহৰ মাজত জগাই তোলিব পাৰিলে মূল সমস্যা সমাধানৰ পথ উদ্ভৱ হয়। গোটখোৱা মানুহবোৰৰ মাজত একতা নাথাকিলে, চিপৰাংমৰা মানুহ অন্তৰ্ভুক্ত হৈ থাকিলে কোনো জনমত সফল হ'ব নোৱাৰে।
👉জনমতৰ বিভিন্ন পৰ্যায় :
জনমতৰ তিনিটা পৰ্যায় আছে। ইয়াৰ অৰ্থ আৰু বিৱৰণৰ প্ৰতি লক্ষ্য ৰাখি ভাগ কৰা পৰ্যায় কেইটা হৈছে - ১/ জনতাৰ লগত জড়িত সমস্যাটোৰ সংজ্ঞা প্ৰদান, ২/ পুংখানুপুংখ অনুসন্ধান আৰু ৩/ সমস্যাৰ সংঘাত।
👉১/ জনমতৰ লগত জড়িত সমস্যাটোৰ সংজ্ঞা প্ৰদান:
এখন সমাজত বহুতো সমস্যা থাকে। কিছুমান সমস্যাই মানুহৰ মনত সাঁচ বহুৱাই বা অত্যাধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয়, এনেধৰণৰ সমস্যা সমূ্হৰ প্ৰতি মানুহে আকৃষ্ট হয় আৰু ইয়াৰ সমাধানৰ পথ বিচাৰে। সকলো শ্ৰেণীৰ মানুহে এনে সমস্যাৰ সপক্ষে উঠিপৰি লাগে। সমস্যাটোৰ স্বৰূপ বুজিবলৈ প্ৰয়াস কৰে আৰু জনতাক সচেতন কৰিবলৈ চেষ্টা চলাই। এই সমস্যাটোৰ সম্পৰ্কে যিখিনি কথা বুজি লোৱাৰ প্ৰয়োজন প্ৰকৃততে সেয়াই হৈছে সমস্যাটোৰ সংজ্ঞা। উদাহৰণস্বৰূপে ক'ব পাৰি যে বিদেশী সমস্যা সম্পৰ্কে। প্ৰথমতে এই সমস্যাটোৰ সম্পৰ্কে সকলো মানুহে বুজি পোৱা নাছিল। এটা নিৰ্দিষ্ট সংস্থা বা নেতাৰ জৰিয়তে সমস্যাটোৰ সৈতে জড়িত কথাবোৰ মানুহক বুজোৱা হৈছিল আৰু যেতিয়াই বিষয়বস্তুৰ সম্পৰ্কে স্পষ্টকৈ বুজিব সক্ষম হৈছিল তেতিয়াৰ পৰাই মিছিলত অংশগ্ৰহণ কৰিছিল। ঠিক একেদৰে দেশৰ সীমা সমস্যা, ভাষা আন্দোলন , গ্ৰন্থ আন্দোলন আদি সমস্যা সমূ্হৰ সম্পৰ্কে আমি একে ব্যাখ্যা আগবঢ়াব পাৰোঁ।
👉 2 পুংখানুপুংখ অনুসন্ধান :
সমস্যাটোৰ সংজ্ঞা নিৰ্ণয় কৰিবলৈ অনুসন্ধানৰ প্ৰয়োজন হয়। মানুহে সমস্যাটোৰ সম্পৰ্কে আঁতিগুৰি জানিলেহে সমস্যাটোৰ সমাধানৰ উপায় উলিওৱাত সমৰ্থ হ'ব পাৰে। কি কৰিলে বা কি পদক্ষেপ গ্ৰহণ কৰিলে সমস্যাটোৰ সহজ সমাধান নিশ্চিত হ'ব সেই সম্পৰ্কে বিশদ অনুসন্ধান কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰা হয়। এই তথ্যৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হয়। পৰৱৰ্তী পদক্ষেপ কাৰ্যকৰী হ'লে সমস্যাটোৰ সমাধানৰ পথ উদ্ভৱ হয়। এইটো হ'ল জনমতৰ দ্বিতীয় পৰ্যায় ।
👉 ৩/ সমস্যাৰ সংঘাত :
সমস্যাটোৰ সমাধানৰ বাবে অনুসন্ধান কৰোঁতে বিভিন্ন মানুহৰ লগত সংস্পৰ্শত আহিব লগা হয়। এনে সময়তে বিভিন্ন জনৰ চিন্তা চৰ্চাৰে সমস্যাটোৰ সমাধানৰ ভিন্ন পথ উদ্ভাষিত হয়, কিন্তু সমাধানৰ পথ বাৰেকুৰী হোৱাৰ বাবে ইহঁতৰ মাজত সংঘাত বা সংঘৰ্ষৰ সৃষ্টি হয়। অৱশ্যে এনে সংঘাত ক্ষণন্তেকীয়া , ই চিন্তনীয় বিষয় নহয়। যেতিয়া এনে সংঘাত আলোচনাৰ মাধ্যমেৰে অন্ত পৰে, তেতিয়াই সমস্যাটোৰ সমাধানৰ পথ নিৰ্দিষ্টলৈ পৰিবৰ্তন হয়। ইয়াৰ পৰৱৰ্তী সময়ত মানুহবোৰ একত্ৰিত হয় আৰু সমস্বৰে জনমতৰ সপক্ষে মাৰবান্ধি থিয় দিয়ে। ঐক্যবদ্ধ মনোভাৱ পোষণ কৰি সমস্যাটোৰ সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়।
👉জনমত গঠণত কিহে প্ৰভাৱ পেলায় ?
জনমত গঠণত প্ৰভাৱ পেলোৱা মূল উপাদান হৈছে- আবেগ। আবেগে জনমত গঠণত প্ৰত্যক্ষভাৱে সহায় কৰে। আবেগ নাথাকিলে জনমত গঠন নহয়। আমি দেখা প্ৰতিটো জনমতৰ ক্ষেত্ৰত আবেগ সন্নিবিষ্ট হৈ আছে। বিদেশী খেদা আন্দোলন, কাগজ কলৰ পুনৰুজ্জীৱিতকৰণ , ভাষা আন্দোলন, কা আন্দোলন, গড় হত্যা ৰোধৰ আন্দোলন, বিভিন্ন সময়ত হোৱা শৈক্ষিক আন্দোলন আদি সৃষ্টিত আবেগৰ অৰিহণা আছে। আবেগৰ উপৰিও সমাজৰ ঐতিহ্য, বিশ্বাস, অনুভূতি, আদৰ্শ আদি কাৰক সমূহে জনমত গঠণত প্ৰভাৱ বিস্তাৰ কৰে।
আমি মনত ৰখা উচিত যে জনমত প্ৰকৃততে বিজ্ঞান সন্মত আৰু সম্পূৰ্ণৰূপে যুক্তিৰ আধাৰত প্ৰতিষ্ঠিত নহয়। কেতিয়াবা ইয়াৰ কু-প্ৰভাৱ সমাজত বাৰুকৈয়ে প্ৰতিফলিত হোৱা দেখা যায়। আমাৰ চৌপাশৰ পৰিৱেশৰ পৰা তেনে বহুতো উদাহৰণ ল'ব পাৰোঁ। যেনে বিদেশী খেদা আন্দোলনৰ ক্ষেত্ৰতে দেখা যায় ,এচাম মানুহে জোৰদাৰ ইয়াৰ ভয়াবহতাৰ প্ৰতি দোহাই দি আন্দোলনৰ জৰিয়তে জনমত গঠণৰ বাবে অহৰহ চেষ্টা চলাইছিল কিন্তু মূৰকত এই আন্দোলনৰ বাবে বহুতো নিৰীহলোক শ্বহীদ হ'ব লগা হ'ল। ইয়াৰ জৰিয়তে সমস্যাটোৰ সমাধানৰ পথ উদ্ভাষিত হ'ল যদিও ইয়াৰ কু-প্ৰভাৱ ইতিহাসৰ পাতত আজিও জিলিকি ৰ'ল। ই যি কি নহওঁক, জনমত হ'ব লাগে মানুহৰ হিতাৰ্থে, মানুহক হেৰুৱাবৰ বাবে নহয়।
কেতিয়াবা জনমত মানুহৰ ওপৰত জোৰ কৰি জাপি দিয়া হয়। এইবোৰ সাধাৰণতে ৰাজনৈতিক দলবোৰৰ জৰিয়তে অথবা মুনাফা অৰ্জনৰ বাবে ব্যৱহৃত দলবোৰৰ জৰিয়তে হ'ব পাৰে। এনে জনমতত বিশৃংখলতা আৰু বদআচৰণ জড়িত হৈ থাকে। এনে জনমতৰ বাবে মানুহে সদায় সচেতন হোৱাৰ প্ৰয়োজন।
👉সামৰণি :
সকলো শ্ৰেণীৰ মানুহেই জনমতক সচেতন অথবা অসচেতনভাৱে মানি চলে। জনমত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ উন্নয়নৰ আৰু দুৰ্নীতিৰোধৰ মূল আহিলা। প্ৰয়োজন সাপেক্ষে জনমতে ৰাষ্ট্ৰৰ উন্নয়নত সহায় কৰে। ইয়াৰ স্বৰূপ সামূহিক হোৱাৰ বাবে প্ৰতিজন ব্যক্তিয়ে জনতক উপেক্ষা কৰিব নোৱাৰে। আহক আমি নিকা, সততা আৰু সত্যৰ জনমত গঠণত আগভাগ লওঁ । ইয়াৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত অংশগ্ৰহণ কৰোঁ আৰু নিজকে সুন্দৰ মানসিকতাৰ ব্যক্তি হিচাপে পৰিচয় দিওঁ।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল। আৰৈমূৰীয়া গাঁৱ ।
🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻
No comments:
Post a Comment
dudulsonowal32@gmail.com