👉 ফাঁকুৱা হ'ল ৰঙৰ উৎসৱ। ফাঁকুৱাৰ ইংৰাজী প্ৰতিশব্দ Holi । ফাগুন মাহৰ পূৰ্ণিমাৰ তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে ফাঁকুৱা ৰঙৰ উৎসৱ উদযাপন কৰে। বিভিন্ন নামেৰে ফাঁকুৱাক নামাকৰণ কৰা দেখা যায়। ফাঁকুৱাক - হোলী, দৌলোৎসৱ, ফল্গুৎসৱ , ফাঁগুৱা, ফাঁকু, মদনোৎসৱ আদি ভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে এই উৎসৱ অতি উলহ মালহেৰে উৎযাপন কৰা হয়। এই উৎসৱক প্ৰাচীন মদন পূজাৰ সৈতে সম্পৰ্ক থকা এক উৎসৱ হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উপাসনাৰ উদ্দেশ্যেৰে এই উৎসৱ পালন কৰা দেখা যায়। উল্লেখযোগ্য যে এই ফল্গুৎসৱৰ সৈতে ধৰ্মীয় আৰু লৌকিক কিছুমান পৌৰাণিক কাহিনী জড়িত হৈ আছে। মুখে মুখে প্ৰচলিত এনে দুটা কাহিনী তলত উল্লেখ কৰা হৈছে।
পৌৰাণিক আখ্যানৰ মতে ফাঁকুৱাৰ দিনটোক 'কাম দহন' ৰ দিন হিচাপে গণ্য কৰা হয়। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে হেনো আদি দেৱ মহাদেৱক পতি হিচাপে বৰণ কৰিবলৈ ইচ্ছা কৰিছিল। আৰু সেয়ে তাই কঠোৰ তপস্যাত নিমগ্ন হৈছিল। কিন্তু প্ৰভু মহাদেৱে সেই সময়ত ঘোৰ তপস্যাত বিলীন হৈ আছিল যাৰ বাবে পাৰ্বতীৰ প্ৰাৰ্থনা সিদ্ধি হোৱা নাছিল। মহাদেৱৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰাৰ আন উপায় নেদেখি মহাদেৱৰ তপস্যা ভঙ্গ কৰাৰ বাবে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দেৱীৰ আহ্বান মৰ্মে প্ৰাৰ্থনা জনায়। কামদেৱৰ কামবাণত শিৱৰ তপস্যা ভঙ্গ হয় কিন্তু তেওঁৰ ক্ৰোধান্বিত হৈ পৰিছিল। শিৱৰ এই ক্ৰোধৰ জুইত কামদেৱ ভস্মীভূত হৈছিল। কামদহনৰ এই আখ্যানৰ মতে মানুহৰ সাংসাৰিক জীৱনৰ ৰিপু লোভ,মোহ, কাম,ক্ৰোধ, মায়া আদি ত্যাগৰ অৰ্থকে প্ৰতিফলিত কৰে। সেয়ে ফাঁকুৱাৰ প্ৰথম দিনটোত মেজি সাজি জুই জ্বলাই এই সংসাৰৰ অপশক্তিক নাশ কৰিবলৈ বিচৰা হয়।
দ্বিতীয় কাহিনী মতে হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈছিল কিন্তু সেই জুইয়ে হোলিকাকেই পুৰি নি:শেষ কৰিছিল। মৃত্যুৰ পিছত হোলিকাই নিজৰ ভুল বুজিব পাৰিছিল আৰু সেয়ে প্ৰহ্লাদৰ ওচৰত ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল। ইয়াৰ বাবে প্ৰহ্লাদে তাইক বৰ দিছিল যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক আনন্দেৰে স্মৰণ কৰিব। এই হোলিকাৰ নামৰ পৰাই হেনো পিছত হোলী শব্দৰ উৎপত্তি হৈছিল বুলি পৌৰাণিক কাহিনী সমূহে ক'ব খোজে। সেয়ে হয়তো ফাঁকুৱাৰ আগদিনা বিভিন্ন ঠাইত অপশক্তি হোলিকাক মেজি সাজি দাহ কৰা হয়।
সমগ্ৰ ভাৰতবৰ্ষতে ফাঁকুৱা উৎযাপন কৰা হয়। বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা মেজি সাজি আৰু চাৰিওফালে বহি নৃত্য গীত আনন্দ কৰে আৰু অপশক্তি নাশৰ নিমিত্তে মেজি জ্বলাই দিয়া হয়।
অসমৰ দৌলোৎসৱ :
ফাঁকুৱাক অসমত দৌলোৎসৱ বা ফল্গুৎসৱ বা দেউল নামেৰে জনা যায়। বিশেষকৈ নামনি অসমত ইয়াৰ প্ৰয়োভৰ বেছি। বৰপেটা হৈছে অসমৰ ফল্গুৎসৱৰ আৰম্ভণিৰ কেন্দ্ৰ। বৰপেটাত এই উৎসৱ তিনিৰ পৰা পাঁচ দিনলৈ আয়োজন কৰা পৰিলক্ষিত হয়। উৎসৱৰ প্ৰথম দিনটোক 'গোন্ধযাত্ৰা' , দ্বিতীয় দিনটোক 'ভৰদেউল' আৰু তৃতীয়টো দিনক 'সুৱেৰী' বুলি কোৱা হয়। অসমৰ দৌলোৎসৱৰ এক ইতিহাস আছে। বহু শ বছৰ আগৰে পৰাই অসমত দৌলোৎসৱ ধুমধামেৰে পালন কৰা হয়।
সংক্ষিপ্ত ইতিহাস :
অসমত দৌলোৎসৱৰ আৰম্ভনি ঘটিছিল ১৫০০ শকৰ আগতে। অৰ্থাৎ শংকৰদেৱৰ জন্মৰ পাছত। অসমত প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ২১ বছৰ বয়সতে বৰদোৱাত এই উৎসৱ পালন কৰিছিল । ইয়াৰ পৰৱৰ্তী সময়ত শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰত দৌল উৎসৱ উদযাপন কৰা হৈছিল। ১৫১৮ শকত বৰপেটা ধামৰ সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই বৰপেটা ধামত ফাঁকুৱা প্ৰচলন কৰিছিল বুলি জনা যায়। উল্লেখযোগ্য যে বৰপেটা ধাম অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঐতিহ্যপূৰ্ণ সত্ৰ। এই সত্ৰ শ্ৰী শ্ৰী মাধৱদেৱে ১৫০৫ শকত ( ১৫৮৩ খ্ৰীষ্টাব্দত) প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। মাধৱদেৱে সেই সত্ৰত প্ৰায় আঠবছৰ কাল অতিবাহিত কৰিছিল। মাধৱদেৱে মথুৰা দাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। এই বুঢ়া আতাৰ দিনৰ পৰাই ফল্গুৎসৱ বৰপেটাত প্ৰচলন হৈছিল আৰু এই উৎসৱ আজিও একেদৰেই ইয়াত পালন কৰা হয়।
অসমৰ সকলো ঠাইতে 'হোলী ' উদযাপন কৰা হয় যদিও গ্ৰাম্য অঞ্চলত ইয়াৰ প্ৰভাৱ কিছু কম। বিশেষকৈ উজনি অসমৰ চহৰাঞ্চলত যিমান প্ৰভাৱ আছে গ্ৰাম্য অঞ্চলত সিমান নাই। অৱশ্যে বৰ্তমান সময়ত ইয়াৰ প্ৰয়োভৰ লাহে লাহে বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে। আজিকালি সৰুচামে দূৰদৰ্শন বা চহৰাঞ্চলত দেখি দেখি গ্ৰাম্য সমাজতো প্ৰচলন কৰিবলৈ লৈছে। কেৱল ৰংৰ জৰিয়তে খেলা,ৰং ধেমালি কৰা এক উৎসব হোৱাৰ বাবে ইয়াৰ জনপ্ৰিয়তা মানুহৰ মাজত বৃদ্ধি পাইছে বুলি ক'ব পাৰি।
বৰপেটাৰ বাদে বৰদোৱাৰ দৌল গোবিন্দ মন্দিৰতো এই উৎসৱ অতি উলহ মালহেৰে উৎযাপন কৰা হয়। অসমৰ দৌল গোবিন্দ আৰু বৰপেটা ধামৰ উপৰিও মাজুলীৰ সত্ৰসমূহতো ফল্গুৎসৱৰ প্ৰয়োভৰ আছে। সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়ম অনুযায়ী এইসমূহ ঠাইত ফাঁকুৱা উৎসৱ উদযাপন কৰা হয়। আকৌ অসমৰ কিছুমান ঠাইত ৰংৰ খেলা হয় যদিও কোনো নীতি নিয়ম পালন কৰা দেখা নাযায়। অৱশ্যে মাৰোৱাৰী, দেচুৱালী, বিহাৰী, বেংগলী, চাহ জনজাতি সকলৰ মাজত পৰম্পৰাগত নিয়মেৰে এই উৎসৱ পালন কৰা দেখা যায়।
উপসংহাৰ :
যিয়েই নহওঁক 'হোলী' কিন্তু ৰংৰ উৎসৱ।ৰঙৰ উৎসৱ বুলি আজিকালি বজাৰত উপলব্ধ ৰঙৰ জৰিয়তে বেছিকৈ ৰং নেখেলাই ভাল। কাৰণ বিভিন্ন ৰাসায়নিক দ্ৰব্য মিহলোৱা ৰঙৰ কুফলো নথকা নহয়। চকু,কাণ,নাক আদি নিৰাপদে ৰাখি ৰঙৰ খেল খেলা উচিত। অতিপাত ৰঙৰ স্পৰ্শই চালৰ কমনীয়তাৰ গুণ নষ্ট কৰাৰ সম্ভাৱনা থাকে। চালৰ বেমাৰ থকা লোকে ফাকুৱা নেখেলাই ভাল। সাৱধান হৈ খেলিলে নিজৰে ভাল। বাছি খাবা,জাগি শুবা। শেষত সমগ্ৰ ভাৰতবাসীৰ হোলী প্ৰেমী লোকসকলক 'জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ' ব্লগৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক- দুদুল সোণোৱাল ।
🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻
No comments:
Post a Comment
dudulsonowal32@gmail.com