আজিৰ পৰা ত্ৰিশ বছৰৰ আগতে হাঁহখাটী বনাঞ্চল ঘন অটব্য অৰণ্যৰে আৱৰা আছিল। বিভিন্ন জীৱ-জন্তু গছ-গছনিৰে ভৰি আছিল অৰণ্যৰ ভূ-ভাগ। বিশেষকৈ শিমলু গছ, হলক গছ, এজাৰ গছ, পিচলা গছ, তিতা চম্পা, পয়েং, বেলকল, গোমাৰী, শিলিখা, বুলা, ডিমৰু, শাল, কেচেও, চেগুন, ঈদগছ, কঠাল গছ, লেটেকু গছ, বনচোম , বনবগৰী, উৰিয়াম, চাম, চহৰ গছ, ভেৰগছ, হেঙালূ, বৰ ডিমৰু , চতিয়না, কুউল গছ, মুহিতা, খকন আৰু শেহতীয়াকৈ লগোৱা হুলোং গছ আদি বহু উল্লেখযোগ্য গছেৰে পৰিপূৰ্ণ আছিল অৰণ্যখন।
জীৱ জন্তুৰ ভিতৰত ঘাইকৈ সাপ, বাঘ, হাতী, হৰিণা পহু, বাংকেক (উৰণীয়া কেৰ্কেটুৱা), বান্দৰ, হলৌ বান্দৰ, শিয়াল, কুকুৰনেছীয়া বাঘ, লতা বাঘ, কেৰ্কেটুৱা, নেউল, উদ্, গেদেয়া, নিগনি, ডাল নিগনি, শহাপহু .. আদিয়ে প্ৰধান। চৰাই জাতীয় প্ৰাণীৰ ক্ষেত্ৰত - মইনা চৰাই, চেতিয়া শালিকি, ঘৰ শালিকি, ডৰিক, ডাউক, বুলবুলি চৰাই, হুইতা চৰাই (স্থানীয় নাম) , শেন, উলুকুকুৰা, বন কুকুৰা, কাউৰী, বিভিন্ন পৰিভ্ৰমী চৰাই, বগলী, কনাইমুচি, বৰটোকোলা, শগুন, হাড়গিলা... আদি । প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি গছৰ নাম বৈজ্ঞানিক নামৰ সৈতে উল্লেখ কৰিলোঁ। ---
ক্ৰ.নং নাম বৈজ্ঞানিক নাম
১/ শিমলু গছ Bombax ceiba
(Redsilk cotton)
২/ তিতাচম্পা Michelia
(,Champa) Champaca
৩/. চেগুন (Teak). Tectona grandis
৪/. শালগছ (Saltree). Shorea robusta
৫/. শিচু গছ Dalbergia sissoo
(Indian Rosewood)
৬/. বনজালুক. Oldenlandia diffusa
(White flower
Snake tongure Grass)
৭/. এজাৰ. Lagerstroemia
( Pride of India) speciosa
৮/. ভোমোৰা Terminalea catappa
( Belleric Myrobalan)
৯/. চতিয়না. Alstonia Scholaris
( Devil's tree)
১০/. ধূনা গছ Canarium strictum
( Black Dammer)
১১/ গমাৰি. Gmelinaa arborea
(Gamari)
১২/ ডিমৰু Ficus racemosa
( Country flig)
১৩/ পানী অমৰা. Garuga Pinnata
(Garuga)
১৪/ ঔটেঙা Dillenia Indica
( Elephant Apple)
১৫/ পমা গছ Swietenia mahagoni (Indian Mahagony)
১৬/ অৰ্জুন গছ Terminalia arjuna
(Arjun tree)
১৭/ মধুৰিআম. Psidium guajava
( Guava )
১৮/ লেটেকু গছ Baccurea ramiflora (Baccurea sapida)
১৯/ হুলোং গছ. Dipterocarpus
( Hollong tree). Retusus
২০/ খকন গছ Duabanga grandiflora
(Duabanga)
বিভিন্ন জীৱ-জন্তু আৰু উদ্ভিদেৰে পৰিপূৰ্ণ হৈ থকা অৰণ্যখন আজি আগৰ দৰে নাই। 'ওপৰে ৰংচং ভিতৰে কোৱাভাতুৰি' বোলাৰ দৰে ইয়াৰ বাহিৰৰ ভাগতহে কেৱল ডাঙৰ ডাঙৰ কেইজোপামান গছ দেখা যায় ভিতৰৰ ভাগত তেনেই খালী। যাৰবাবে বহু প্ৰজাতিৰ প্ৰাণী এই বনাঞ্চলৰ পৰা আতঁৰি আন অৰণ্যত থিতাপি ল'লেগৈ। বিশেষকৈ হলৌ বান্দৰ এই বনাঞ্চলৰ আপুৰুগীয়া প্ৰাণী আছিল। কিন্তু বাসস্থান আৰু খাদ্যৰ নাটনিৰ ফলত আজি হলৌ বান্দৰ এই বনাঞ্চলত নাই বুলি কলেও বেয়া নহয়। কেতিয়াবা ভাগ্যৰ বলত দুই এটা দেখা যায়। আনুমানিক দুই চাৰিটা হলৌ বান্দৰ আছে বুলি এতিয়াও সকলোৱে কয়। পিয়ল কৰিলেহে ইয়াৰ প্ৰকৃত তথ্য পোৱা যাব।
বিগত ১৯৯২ চনত চুমনি মথাউৰি ভাগিছিল। তেতিয়া মথাউৰিয়েদি পাৰহৈ অহা দিহিংৰ বাঢ়নীপানীয়ে গোটেই বনাঞ্চল ঢাহিমুহি নিছিল। অৰণ্যৰ মাজত থকা জীৱ-জন্তুৰ বাসস্থান সলাবলগীয়া হৈছিল। তদুপৰি মানুহৰ অতপালি আছেই। মথাউৰি ভাঙি পানী ইকুল-সিকুল হোৱাৰ লগে লগে মানুহক কোনে পায়। গছ কাটি পানীত সহজে উটাই আনি অৰণ্য তহিলং কৰা হ'ল। যাৰবাবে আজিৰ সময়ত অৰণ্যখনত উল্লেখিত বহু প্ৰজাতিৰ প্ৰাণী এই বনাঞ্চলত নাইকিয়া হ'ল। আনকি বান্দৰবোৰো এই বনাঞ্চলত আগৰ দৰে দেখা নাযায়।
এই বনাঞ্চলৰ বান্দৰ বিশেষকৈ ঢলাগাওঁ, ডাঙৰী, বৰপথাৰ আদি ঠাইলৈ যোৱা যেন অনুমান হয়। নহ'লে সেই ঠাইবোৰত কৰপৰা আহিল ইমান বান্দৰ ? ই যি কি নহওঁক, বৰ্তমান সময়ত যিমান বান্দৰ হাঁহখাটী বনাঞ্চলত দেখা যায় সেয়াও এদিন হেৰাই যাব ধূৰূপ। কাৰণ বান্দৰ জাতীয় প্ৰাণীৰ বাসস্থান হৈছে ওখ ওখ ডাঙয় গছবোৰ। লগতে বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ গছ থকাটো বাঞ্চনীয়। কিন্তু বৰ্তমান অৰণ্য বিলাকত এই দুয়োটাৰে অভাৱ ঘটিব ধৰিছে যাৰ বাবে বান্দৰ বা বাঘ বা হাতী আজি মানুহৰ বাসভূমিত প্ৰৱেশ কৰিছে। কপিকূল আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। হাতী আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।
অৰণ্যত থকা বনকলৰ ডিল, তৰা গাজ, ঔটেঙা, লেটেকু, কঁঠাল ,মধুৰিআম, জলফাই আদি আজি মানুহৰ খাদ্য হ'ল। বনকলৰ ডিল আনিবলৈ যাওঁতে গছ জোপাও কাটি তহিলং কৰে মানুহে। তৰাগাজ আনোতে বুঢ়া তৰাবোৰ কাটি খাস্তাং কৰা হয়। যাৰ বাবে দিনক দিনে হ্ৰাস ঘটিব লাগিছে এনেবোৰ উদ্ভিদ অৰণ্যৰ মাজত। ফলত জন্তুৰ বাবে খাদ্য নাটনিয়ে দেখা দিছে। আগৰ দিনত ঔটেঙা উভয়নদী আছিল। কিন্তু যেতিয়াৰ পৰা বেপাৰীয়ে ঔটেঙাত হাত দিলে তেতিয়াৰ পৰা ঔটেঙাৰো হাবিত নাটনিয়ে দেখা দিলে । একেদৰে লেটেকু মানুহৰ খাদ্য হ'ল। বনৰ মাজত থকা লেটেকু পকিল কি নপকিল মানুহে তাক চিঙি আনি বজাৰত বিক্ৰী কৰিবলৈ ল'লে। মধুৰিআমৰ ক্ষেত্ৰতো একেই দশা। জলফাইৰ কথা নকলোৱেই যেনিবা। এইধৰনে মানুহে জীৱ-জন্তুৰ বাসস্থানত আঘাত হানিছে। খাদ্যৰ ভঁৰাল উদং কৰিছে। ফলত মানুহৰ ওপৰত হিংসুক হৈ উঠিছে জীৱ-জন্তু।
দেখা যায় যে আমাৰ দেশত থকা বন বিভাগৰ বিষয়া সকলেও বৰ দকৈ এনেবোৰ কথা নাভাৱে যেন অনুভৱ হয়। নহ'লেনো বনাঞ্চলত বাঁহগছ লগাই নে ? জীৱ জন্তুৰ বাবে বাঁহ গছ উপকাৰত আহিবনে বাৰু ? বান্দৰে বাঁহ পাত খাই নেকি ? হাতীয়ে বাঁহ গাজ খাই কিন্তু পহুৱে নাখায় । গতিকে এনেধৰণৰ গছৰ অৰণ্যত প্ৰয়োজন নাই। ইয়াৰ সলনি যদি মধুৰিআম, জলফাই,লেটেকু আৰু কলগছ ডাঙৰ গছৰ মাজে মাজে লগাই দিলেহেতেঁন তেন্তে আটাইবোৰ জীৱ-জন্তুৰ বাবে উপকাৰত আহিলহেতেঁন।
সামৰণি
বন বিভাগ আছে কেৱল নামত। বন ৰক্ষকৰ বাবে চৰকাৰে ঘৰ সাজি দিছে অৰণ্যত, কিন্তু থাকে কোনে ? হাঁহখাটী বনাঞ্চলত ১৯৯০ দশকৰ আগৰ পৰা বনবিষয়া নিগাজিকৈ আছিল। সুন্দৰ আবাস গৃহও আছিল। এটা বৰমূৰীয়া বিষয়াৰ বাবে আই বিও আছিল । মেৰামতিৰ অভাৱত সেই গোটেই বোৰ ঘৰ ভাঙি পচি চিন মোকাম নোহোৱা হ'ল। তেতিয়া মুঠ চাৰিটা গৃহ আছিল। আচলতে সেই সময়ত কাঠৰ মুকুলি বেহা হৈছিল। বনবিভাগৰ দ্বাৰা কাঠৰ ডিপো তৈয়াৰ কৰা হৈছিল। তাত ডাঙৰ বয়সস্থ গছবোৰ কাটি বিক্ৰিৰ বাবে ৰখা হৈছিল। দিনে ৰাতিয়ে সেইবোৰ টিপি কাটি লৰিত উঠাই চালান দিয়া হৈছিল। গতিকে এনে ৰমৰমীয়া বেহা চলোৱাৰ বাবে বনৰক্ষকৰো অভাৱ হোৱা নাছিল । আনকি চিচিএফ পৰ্যন্ত এই বনাঞ্চল পৰিদৰ্শনৰ বাবে আহিছিল। কিন্তু যেতিয়াৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গছ কটা বন্ধ হৈ পৰিল সেই তেতিয়াৰ পৰাই বনবিভাগৰ বনৰক্ষকৰো অভাৱ ঘটিল আৰু ঘৰবোৰো ভাঙি চিঙি শেষ হ'ল। ইয়াৰ পাছত লাহে লাহে গাঁৱৰ মানুহে অবাধ গতিত খৰিৰ বাবে আৰু ঘৰ সাজিবলৈ গছ কাটি তহিলং কৰিলে। এনেদৰে হাঁহখাটী বনাঞ্চল আজি ধ্বংসৰ গৰাহত । ইয়াৰ কু-প্ৰভাৱ জীৱ-জন্তুৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিল।
এতিয়াও সময় শেষ হোৱা নাই। পৰিৱেশ সন্তুলন অৱস্থাত ৰাখিবৰ বাবে অবিৰতভাৱে গছপুলি ৰোপণ কৰিব লাগে। বনবিভাগে এনে কাৰ্যসূচী আন্তৰিকতাৰে গ্ৰহণ কৰিলে অৰণ্যখন পুনৰুজ্জীৱিত হোৱাৰ থল আছে।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক : দুদুল সোণোৱাল।
No comments:
Post a Comment
dudulsonowal32@gmail.com