Sunday, April 10, 2022

বাঁহ আৰু বেতৰ কাম । Bamboo and Cane's Work.

বিদ্যালয়ত বেত আৰু বাঁহৰ কাম । Work of Bamboo and Cane in School. ডলা,খৰাহী, মূঢ়া কিদৰে বনোৱা হয়। কেইটামান কিটিপ।


    সাম্প্ৰতিক সময়ত বিদ্যালয়ত বেত আৰু বাঁহৰ কাম এক গুৰুত্বপূৰ্ণ কাম হিচাপে গণ্য কৰা হৈছে। মাধ্যমিক শিক্ষাৰ নতুন শিক্ষা নীতিতো হস্ত শিল্পক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। হস্ত শিল্প বুলি ক'লে বিশেষকৈ বাঁহ বেতৰ শিল্প, মৃৎ শিল্প, বয়ন শিল্প .. আদিকে বুজা যায়। গ্ৰাম্য অঞ্চলত বাঁহ বেতৰ কাম অত্যধিকহাৰত প্ৰচলিত। কিন্তু সেই অনুপাতে বৰ্তমান সময়ত নতুন প্ৰজন্মই বাঁহ বেতৰ গুৰুত্ব সম্পৰ্কে এতিয়াও বুজিবলৈ বাকী। আকৌ দেখা যায় যে বহুতে বাঁহ বেতৰ কাম কৰি ভাল নাপাই। এনেও নজনাৰ বাবে যিকোনো কাম প্ৰিয় নহয়। তোম, খৰা, বিচনী, পাচি,খৰাহী, ডলা, চালনী, বাঁহৰে নিৰ্মিত বিভিন্ন আচবাব, বেতৰ আচবাব আদি হাতেৰে প্ৰস্তুত কৰা হয়। ইয়াৰ ব্যৱসায়িক দিশো উজ্জ্বল। ঘৰৰ চৌহদত এটা সাধাৰণ ঘৰ সাজি এনে হস্ত শিল্পৰ কাম কৰিব পৰা যায়। 
    বাঁহ বেতৰ কামৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ ধৈৰ্য, একাগ্ৰতা, আৰু ঐকান্তিক প্ৰচেষ্টা বৃদ্ধি ঘটাব পাৰি। এনেধৰণৰ সামগ্ৰী প্ৰস্তুতকৰণৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথিৰ একঘেয়ামী শিক্ষাৰ পৰা কিছু হ'লেও অৱসাদ প্ৰদান কৰিব পৰা যায়। বাঁহ বেতৰ কামৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বাস্তৱ অভিজ্ঞতা লাভ কৰিব সক্ষম হয়। লগতে ছাত্ৰ ছাত্ৰীসকলৰ মনোজগতত শ্ৰমৰ প্ৰতি সদ্ভাৱ আৰু শ্ৰমৰ মৰ্যাদা সম্পৰ্কে অনুভূত কৰাব পাৰি। সেয়ে বিদ্যালয় পৰ্যায়ত বাঁহ বেতৰ কামৰ প্ৰয়োজনীয়তা আহি পৰা যেন অনুভৱ হয়।
    তলত কেইটামান বাঁহ বেতৰ সামগ্ৰী প্ৰস্তুতকৰণৰ কিছু নিয়ম আগবঢ়োৱা হ'ল। 

১/ 'মূঢ়া'ৰ প্ৰস্তুতকৰণ:
     উৎপাদিত সামগ্ৰী 'মূঢ়া' আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষণতে প্ৰয়োজন হোৱা এক সামগ্ৰী। ইয়াক বহাৰ আসন হিচাপে ব্যৱহাৰ কৰা হয়। নিতৌ ঘৰলৈ অহা অভ্যাগতক গৃহস্থই প্ৰথমে আগবঢ়াই দিয়া বহাৰ সঁজুলি হৈছে - মূঢ়া। গ্ৰাম্য সমাজত মূঢ়াৰ প্ৰাধান্য বেছি। ইয়াৰ কাৰণ হৈছে প্ৰতি গৰাকী গ্ৰাম্য সমাজৰ লোকে চোফাচেট বা দামী আচবাব কিনিবলৈ নোৱাৰে। কিন্তু মূঢ়াৰ মূল্য কম আৰু ইয়াক সহজে লৰচৰ কৰিব পাৰি বাবে ইয়াৰ আদৰো বেছি। অৱশ্যে নগৰ চহৰতো ইয়াৰ ব্যৱহাৰ আছে। আজিৰ যুগত প্লাষ্টিকৰ মূঢ়াৰ প্ৰচলন অত্যধিক হোৱাত বাঁহ বেতৰ মূঢ়াৰ প্ৰতি কিছু আকৰ্ষণ হ্ৰাস পোৱা যেন লাগে।
     প্ৰস্তুতকৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী: মূঢ়া প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হৈছে - এখন চোকা কটাৰী, এখন দা, কৰত, গজাল, প্ৰয়োজন অনুসৰি ফেবিকল আঠা, এডাল জোঙা আৰু আগটো বেঙা বিধৰ সৰু হাকুটি।
     ব্যৱহৃত কেঁচা সামগ্ৰী : বাঁহ, বেত, এটা চাইকেলৰ টায়াৰ। 
     প্ৰস্তুত প্ৰণালী : বাঁহ এফুট বা দেৰ ফুট জোখত কৰতেৰে কাটি ল'ব লাগে। বাঁহ পাবটো দাৰে ফালি সৰু সৰু কাঠি আকাৰ কৰি ল'ব লাগে। কাঠিবোৰ কটাৰীৰে মিহিকৈ চাঁচিব লাগে। একেদৰে মুথুৰি বান্ধিবৰ বাবে বেত সৰু সৰুকৈ ফালি কটাৰীৰে চাঁচি মিহি কৰিব লাগে। ইয়াৰ পিছত ছবিত দেখুওৱাৰ দৰে বাঁহৰ কাঠিখিনি ক্ৰমান্বয়ে বেকাবেকিকৈ তল-ওপৰ কৰি দি বেতৰ সহায়ত গাঁঠি যাব লাগে। এইদৰে দুহাতমান গাঁঠিলে দুয়োটা মূৰ লগ কৰিব পৰা জোখৰ হ'ব তেতিয়া ইয়াক লগলগাই দিব লাগে। তাৰপাছত ই গোটা আকৃতিৰ ৰূপ ল'ব আৰু লগে লগে ওপৰৰ ফালটোত বেতৰ বুকুবোৰেৰে মোথা কৰি মুথুৰি বান্ধি দিব লাগে। ইয়াৰ পিছত ওপৰৰ অংশত বেতেৰে এখন সুন্দৰ জালি গাঁথিব লাগে। ওপৰৰ ফালটো সমাপ্ত হোৱাৰ পাছত তলৰ ফালটোত একেদৰে বেতৰ বুকুৰে মোথা কৰি মুথুৰি বান্ধি দিব লাগে। এই মুথুৰিটোত চাইকেলৰ টায়াৰেৰে বান্ধি দিলে মচবুত হয়। এইদৰে মূঢ়া প্ৰস্তুত কৰিব পৰা যায়।
     
২/ খৰাহীৰ প্ৰস্তুতকৰণ : 
    খৰাহী প্ৰস্তুতকৰণৰ বাবেও একেধৰণৰ আহিলাৰ প্ৰয়োজন হয়। অৰ্থাৎ দা, কটাৰী ,এডাল সৰু হাকুটি। খৰাহী অসমীয়া সমাজৰ এক এৰাব নোৱাৰা পাকঘৰৰ সামগ্ৰী ৰখা যতন। গ্ৰাম্য সমাজত ইয়াৰ প্ৰচলন অত্যধিক। ইয়াৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য কৰি ক'ব পাৰি ব্যৱসায়িক দিশৰ কথা। বহু গ্ৰাম্য সমাজৰ লোকে খৰাহী বনাই বিক্ৰী জৰিয়তে হাত খৰচ উপাৰ্জন কৰে। আজিকালি নগৰ চহৰতো এনে বাঁহৰ সামগ্ৰীৰ বিপনী বৃদ্ধি পাইছে। ক্ৰেতাৰ সংখ্যাও সন্তোষজনক। সেয়ে ইয়াৰ ব্যৱসায়িক সম্ভাৱনা উজ্বল। গতিকে এই হস্ত শিল্প ভালদৰে শিকি বুজি ল'লে জীৱন নিৰ্বাহৰ উপায় নিশ্চিত হ'ব। 
  প্ৰয়োজনীয় কেঁচা সামগ্ৰী : বাঁহ আৰু বেত ।

  প্ৰস্তুত প্ৰণালী : বাঁহ এপাব কৰতেৰে কাটি ল'ব লাগে। দাৰে বাঁহ পাব ফালি সৰু সৰু অংশলৈ পৰিবৰ্তন কৰিব লাগে। কিছু সময় ফলা বাঁহ খিনি ৰ'দত দি ল'লে ভাল। তেতিয়া তমাল বনাওতে সহজে চিৰি উঠে। কটাৰীৰে বাঁহৰ ফাল বিলাকৰ পৰা পাতল পাতলকৈ তমাল তোলাব লাগে।তমালবোৰৰ সহায়ত 'দুডলীয়া মৰ' প্ৰয়োগ কৰি ( তমাল গোঠা পদ্ধতিক দুডলীয়া মৰ' বুলি কোৱা হয়। আন এটা পদ্ধতি হৈছে অজলা মৰ পদ্ধতি। ) গাঁঠি যাব লাগে। তমালবোৰেৰে প্ৰথমে চেণ্ডালিখন গুঠি ল'ব লাগে। চেণ্ডালিখন গুঠিবলৈ সোঁমাজৰ পৰা আৰম্ভ কৰা হয়। দুডাল তমাল ওপৰত কৰি দুডাল তমাল তললৈ পঠিয়াই গাঁঠি যাব লাগে। এইদৰে দুই ফুট বা দেৰ ফুট মান বহলকৈ গুঠাৰ পাছত বাঁহৰ কুৱল (মুথুৰি) বান্ধি দিয়া হয়। 

ক্ৰমশঃ 

    প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক :: দুদুল সোণোৱাল ।

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts