পাঠ পৰিকল্পনাৰ চমু আভাস । পাঠদান কাৰ্যসূচীৰ ফলপ্ৰসূ ব্যৱস্থা হৈছে পাঠ পৰিকল্পনা যাক ইংৰাজীত Lesson plan বুলি কোৱা হয়। পাঠদান কৰিবলগীয়া অংশ পৰিকল্পনা কৰি আগবাঢ়িলে পাঠদান ফলপ্ৰসূ আৰু সফল হোৱা দেখা যায়। সেয়েহে প্ৰতি জন শিক্ষকে শিষ্যক পাঠদান দিব যোৱাৰ পূৰ্বে পৰিকল্পনা কৰি মন মগজু সক্ৰিয় কৰি ল'ব লাগে। তেতিয়া কোনো খোকোজা নোহোৱাকৈ পাঠদান দিব পাৰি।
পৰিকল্পনাত কি কি থাকে ?
পৰিকল্পনাত কেইবাটাও অংশ থাকে। সেইবোৰ হৈছে ক্ৰমে -- ১/ পাঠৰ বিশেষ উদ্দেশ্য - জ্ঞান, বোধ, প্ৰয়োগ আৰু কৌশল, ২/ স্তৰ , ৩/ সময় ,৪/ শিকনীয় বিষয়বস্তু বা অৰ্হতা, ৫/ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্যাৱলী, ৬/ শিকন শিক্ষণ সজুঁলিৰ ব্যৱহাৰ, ৭/ আকাংক্ষিত ফলাফল।
১/ পাঠৰ বিশেষ উদ্দেশ্য - জ্ঞান, বোধ, প্ৰয়োগ আৰু কৌশল।
পাঠদান কৰিব লগীয়া পাঠটোৰ উদ্দেশ্য সমূহ পৰিকল্পনাত সন্নিবিষ্ট থাকিব লাগে। ইয়াৰ পৰা কিয় পাঠদান কৰা হৈছে স্পষ্টকৈ বুজা যায়। কৰিবলগীয়া পাঠদানৰ পৰা ছাত্ৰ ছাত্ৰীৰ কিহত লাভ হ'ব। কিবা উপকাৰত আহিবনে নাই সেই কথাবোৰ উদ্দেশ্যেত জলজল পটপটকৈ উল্লেখ থকাৰ প্ৰয়োজন আছে। জ্ঞানৰ দিশত হ'ব পৰা উপকাৰ, বোধৰ দিশত হ'ব পৰা উপকাৰ, প্ৰয়োগ কৰিবলৈ কিদৰে শিকিব পাৰিব, কৌশল কিদৰে খুটুৱাব আদি সকলোবোৰ কথা সামৰি উদ্দেশ্যত লিখা হয়। সাধাৰণতে প্ৰতিটো পাঠৰ বাবে পৰিকল্পনা কৰা উচিত। বিনা উদ্দেশ্যেৰে পাঠদান কৰিলে পাঠদান ফলৱতী হ'ব নোৱাৰে। নতুন উদ্ভাৱনৰ জৰিয়তে পাঠদান অধিক কাৰ্যকৰী আৰু ফলপ্ৰসূ হয়।
২/স্তৰ
স্তৰত সাধাৰণতে প্ৰাৰম্ভিক প্ৰস্তুতি, উপস্থাপন আৰু মূল্যায়ন এই তিনিটা ভাগত ভাগ কৰা হয়।
৩/ সময়
সময় ভাগত প্ৰস্তুতিৰ বাবে কিমান সময় ল'ব, উপস্থাপনত কিমান সময় ল'ব আৰু মূল্যায়ন কিমান সময়ৰ বাবে ল'ব আদি নিৰ্দিষ্টকৈ বিভক্ত কৰি লোৱা হয়। উল্লেখ্য যে এটা পূৰ্ণাংগ পাঠদান ৪৫ মিনিটৰ ভিতৰত শেষ কৰা প্ৰয়োজন। ইয়াতকৈ দীঘলীয়া হ'লে ছাত্ৰ-ছাত্ৰী সকলে আমনি অনুভৱ কৰিব।
৪/শিকনীয় বিষয়বস্তু বা অৰ্হতা
পাঠদানৰ বাবে লোৱা বিষয়বস্তু স্পষ্ট হোৱা প্ৰয়োজন আছে। এই ভাগত সাধাৰণতে প্ৰথমে পাঠৰ আলমত পূৰ্ব জ্ঞান পৰীক্ষা কৰা হয়। তাৰপাছত অৰ্হতাৰ উপস্থাপন কৰিব লাগে। অৰ্হতা কেইটা ল'ব সেয়া শিক্ষকজনৰ ওপৰত নিৰ্ভৰ কৰে। সময়ৰ অৰ্হতা বা বিষয়বস্তু সন্নিবিষ্ট কৰিলে ভাল হয়।
৫/ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্যাৱলী
অৰ্হতাৰ বিপৰীতে শিক্ষকে কি কৰিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব লাগিব তাক এই ভাগত সন্নিবিষ্ট কৰা হয়। শিক্ষকজনে বুজাই দিয়া বিলাক বিলাক ছাত্ৰ ছাত্ৰীয়ে মনোযোগ দি শুনিব লাগে আৰু প্ৰয়োজনীয় কথাবোৰ ছাত্ৰ ছাত্ৰীসকলে বহীত টুকি ৰাখিব লাগে। এই ভাগটোত শিক্ষকৰ কৰণীয় শৃংখলিত আৰু উদ্ভাৱনমূলক বা সৃজনীমূলক হোৱাটো বাঞ্ছনীয়। তেহে ছাত্ৰ ছাত্ৰীয়ে আদান প্ৰদানত গুৰুত্বসহকাৰে ভাগ ল'ব।
৬/ শিকন শিক্ষণ সজুঁলিৰ ব্যৱহাৰ(Teaching Learning Materials) :
পাঠদানৰ কাৰ্যসূচী ফলপ্ৰসূ হ'বলৈ শিকন শিক্ষণ সজুঁলিৰ ব্যৱহাৰৰ ক্ষেত্ৰত মনোনিবেশ কৰাৰ প্ৰয়োজন আছে। শিকন শিক্ষণ সজুঁলিৰ সহায়ত অৰ্হতা সহজে বোধগম্য হয়। সেয়ে শিক্ষকে শিকন শিক্ষণ সজুঁলিৰ ব্যৱহাৰ কৰা উচিত।
৭/ ফলাফল
শিকনৰ জৰিয়তে লাভ হোৱা জ্ঞান,বোধ, প্ৰয়োগ আৰু কৌশলৰ সূচাংকই হৈছে শিকনৰ ফলাফল। অৰ্থাৎ শিক্ষণ ভাল নহ'লে ফলাফলো নিশ্চয় ভাল নহ'ব। সেয়েহে শিক্ষণ প্ৰক্ৰিয়াত যিমানেই নতুনত্ব আনিব পাৰি সিমানেই ভাল। সহজ আৰু সৰল পদ্ধতি প্ৰয়োগ আৰু সহজ সৰল ভাষা প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীক বুজালে জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়। এই দিশত শিক্ষক জন সদায় সজাগ আৰু সচেতন হোৱা দৰকাৰ।
ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 'কৃষি,উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ।' পাঠটোৰ আৰ্হি পৰিকল্পনা দিয়া হ'ল :
সময় : ৪৫ মিনিট
১/বিশেষ উদ্দেশ্য সমূহ:
জ্ঞান : ১/ বৃত্তিয়ে মানুহৰ জীৱন ধাৰণত কেনেদৰে সহায় কৰে তাক বুজিব পাৰিব।
২/ বৃত্তি সমূহ যে তিনিটা অৰ্থনৈতিক খণ্ডৰ লগত জড়িত তাক জানিব আৰু বুজিব।
৩/ বিভিন্ন বৃত্তিৰ লগত জড়িত ক্ষেত্ৰৰ বিষয়ে জ্ঞান অৰ্জন।
বোধ : ১/ কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱৰ বিষয়ে উপলব্ধি হ'ব।
২/ প্ৰযুক্তিৰ অদক্ষ আৰু অসাৱধান ব্যৱহাৰে যে ব্যক্তিৰ তথা সমাজলৈ বিপদ আনিব পাৰে সেই বিষয়ে উপলব্ধি হ'ব।
প্ৰয়োগ : ১/ বিভিন্ন বৃত্তিৰ লগত জড়িত ক্ষেত্ৰসমূহৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়াব পাৰিব।
২/উদ্যোগ বা কুটিৰ শিল্পৰ সম্পৰ্কে টোকা প্ৰস্তুত কৰিব সক্ষম হ'ব।
৩/ উদ্যোগত ব্যৱহৃত কেঁচা সামগ্ৰী সম্পৰ্কে ব্যাখ্যা আগবঢ়াব পাৰিব।
৪/ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ফলত উদ্যোগ খণ্ডত হোৱা লাভৰ সম্পৰ্কে বৰ্ণনা আগবঢ়াব সক্ষম হ'ব।
কৌশল : ১/ আধুনিক প্ৰযুক্তি কৌশল ক'ত ক'ত ব্যৱহাৰ হৈছে তাৰ তালিকা প্ৰস্তুত কৰিব পাৰিব।
২/ আধুনিক যন্ত্ৰপাতিৰ তালিকা , যোগাযোগৰ ক্ষেত্ৰত ব্যৱহৃত আধুনিক প্ৰযুক্তিৰ সম্পৰ্কে তালিকাকৰণ কৰিব সক্ষম হ'ব।
স্তৰ : প্ৰস্তুতি -
শিক্ষণীয় অৰ্হতা : পাঠৰ আলমত পূৰ্বৰ জ্ঞান
পৰীক্ষা।
শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্যাৱলী : শিক্ষকে হাঁহি মুখে শ্ৰেণীকক্ষত প্ৰৱেশ কৰিব আৰু ছাত্ৰ-ছাত্ৰীৰ সম্ভাষণ গ্ৰহণ কৰি প্ৰতি সম্ভাষণ জনাব। প্ৰয়োজন সাপেক্ষে শ্ৰেণীকোঠা সজাই ল'ব। ইয়াৰ পিছত পাঠটোৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰীৰ কিমান জ্ঞান আছে তাক জানিবৰ বাবে পূৰ্বজ্ঞানৰ পৰীক্ষা তলত উল্লেখ কৰা প্ৰশ্নৰ জৰিয়তে ল'ব। --
ক) কৃষি কাৰ্যত ব্যৱহাৰ হোৱা এবিধ আধুনিক প্ৰযুক্তিৰে তৈয়াৰী সজুঁলিৰ নাম কোৱা ?
ক) শিক্ষাৰ ক্ষেত্ৰত ব্যৱহৃত এবিধ আধুনিক প্ৰযুক্তিৰে তৈয়াৰী সজুঁলিৰ নাম কোৱা ?
গ) উদ্যোগত ব্যৱহৃত যন্ত্ৰপাতিবোৰ কি কৌশলেৰে তৈয়াৰ কৰা হৈছে ?
ঘ) কম্পিউটাৰ দেখিছানে ? কম্পিউটাৰ কেনেকৈ তৈয়াৰ কৰা হয় ,জানানে ?
ছাত্ৰ-ছাত্ৰী সকলে মনোযোগেৰে শুনিব আৰু প্ৰশ্নোত্তৰ দিবলৈ প্ৰয়াস কৰিব।
ইয়াৰ পিছত শিক্ষকে ক'ব যে আজি তোমালোকক সমাজ বিজ্ঞানৰ'কৃষি উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ' পাঠটো প্ৰদান কৰিম বুলি কৈ পাঠৰ নাম ঘোষণা কৰিব আৰু ব'ৰ্ডত লিখি দিব।
ছাত্ৰ-ছাত্ৰী সকলে কিতাপ মেলি পাঠটো উলিয়ায় ল'ব।
ফলাফল : পূৰ্বৰ জ্ঞান লাভ হ'ব।
স্তৰ - উপস্থাপন
শিক্ষণীয় অৰ্হতা : (ক) বৃত্তিয়ে মানুহৰ জীৱন
ধাৰণত কেনেদৰে সহায় কৰিছে।
শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্যাৱলী :
শিক্ষকে পুনৰ ক'ব যে বৃত্তিৰ সহায়ত মানুহে জীৱন ধাৰণ কৰি আছে। বৃত্তি সমূহৰ লগত জড়িত হৈ মানুহে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বৃত্তি বিভিন্ন ধৰণৰ হ'ব পাৰে। আমি আমাৰ জীৱনৰ প্ৰতিটো পদক্ষেপতে বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কোনোৱে চাকৰি, কোনোৱে ব্যৱসায়, কোনোৱে খেতি আদি বৃত্তিৰ লগত জড়িত হৈ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিছে। এইদৰে বিভিন্ন বৃত্তিসমূহে যেনে কম্পিউটাৰ শিকন, হাঁহ-কুকুৰা পালন, মীন পালন, খেতি, উদ্যোগ স্থাপন , কেঁচামাল সৰবৰাহ আদি, মানুহক সহায় কৰি আহিছে।
ছাত্ৰ-ছাত্ৰী সকলে মনোযোগেৰে শুনিব আৰু বহীত টুকি ৰাখিব।
ফলাফল : জ্ঞান লাভ।
শিক্ষণীয় অৰ্হতা: (খ) বৃত্তি সমূহ যে তিনিটা অৰ্থনৈতিক খণ্ডৰ লগত জড়িত সেই সম্পৰ্কে ব্যাখ্যা।
শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্যাৱলী:
পুনৰাই শিক্ষকে ক'ব যে ওপৰত উল্লেখিত বৃত্তি সমূহ তিনিটা অৰ্থনৈতিক খণ্ডৰ লগত জড়িত। সেয়া হৈছে - কৃষিখণ্ড, উদ্যোগ খণ্ড, আৰু সেৱা খণ্ড । এই তিনিওটা খণ্ডৰ সন্মিলিত প্ৰচেষ্টাতহে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু কল্যাণ সাধন সম্ভৱ। ইয়াৰ প্ৰতিটো খণ্ডই এটা আনটোৰ পৰিপূৰক আৰু ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল বুলি ক'ব।
ছাত্ৰ-ছাত্ৰী সকলে মনোযোগেৰে শুনিব আৰু প্ৰয়োজনীয় কথাবোৰ বহীত লিখি ল'ব।
ফলাফল : বৃত্তিৰ সম্পৰ্কে জ্ঞান লাভ ।
স্তৰ: মূল্যায়ন।
শিক্ষণীয় বিষয়বস্তু : প্ৰয়োগৰ জৰিয়তে আলোচ্য বিষয়ৰ ওপৰত মূল্যায়ন।
শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্যাৱলী :
আলোচিত বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে কিমান জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ল তাক জানিবৰ বাবে মূল্যায়ন কৰিব। তলত আৰ্হি প্ৰশ্ন উল্লেখ কৰা হ'ল। --
ক) তুমি জনা অসমৰ কেইটামান উদ্যোগৰ নাম কোৱা ?
খ) কম সময়ৰ ভিতৰতে ফচল পাবলৈ কৃষকে কি কি ব্যৱস্থা গ্ৰহণ কৰে ?
গ) তিনিটা অৰ্থনৈতিক খণ্ড কি কি ?
ছাত্ৰ-ছাত্ৰী সকলে উত্তৰ দিবলৈ প্ৰয়াস কৰিব।
গৃহকৰ্ম : শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক পাঠত থকা অনুশীলনৰ প্ৰশ্নসমূহ কৰি আনিবলৈ দিব।
No comments:
Post a Comment
dudulsonowal32@gmail.com