Sunday, April 24, 2022

কেইটামান জানিবলগীয়া কথা । A few things to know.

কেইটামান জানিবলগীয়া কথা।  A few things to know. আধুনিক চছমাৰ আৱিষ্কাৰ : গণিতত চিনৰ ব্যৱহাৰ : লিঅ'নাৰ্ডো ডা-ভিন্সিৰ 'মনালিছা' : বেৰোমিটাৰ বা চাপমান যন্ৰ : বিজুলী বাতি আৱিষ্কাৰ।


আধুনিক চছমা

আধুনিক চছমা মানে কাঁচ সংলগ্ন ধাতুৰ ফ্ৰেম যুক্ত চছমা ১২৯৯ BC বৰ্ষত বিকাশ সাধন কৰা হৈছিল। ইয়াৰ আগতে কাঠৰ ফ্ৰেমেৰে চছমা বনাইছিল বুলি জনা যায়। বহু অভিজ্ঞ পণ্ডিতৰ মতে 'পোপ দশম লিঅ'ই অৱতল লেন্সেৰে তৈয়াৰ কৰা চছমা ষষ্ঠদশ শতিকাৰ প্ৰথম ভাগত আৱিষ্কাৰ কৰিছিল বুলি অনুমান কৰে। 
     বৰ্তমান সময়ত চছমাৰ বহু পৰিমাণে বিকাশ সাধন কৰা হৈছে। এতিয়া চছমা আমাৰ প্ৰাত্যহিক জীৱনৰ লগত জড়িত থকা এক আহিলা হিচাপে পৰিগণিত। আধুনিক প্ৰযুক্তিয়ে মানুহৰ মাজলৈ কঢ়িয়াই অনা মোবাইল ফোনৰ অতিমাত্ৰা ব্যৱহাৰ আৰু খাদ্য ভেজালকৰণৰ ফলত আজি কালি মানুহৰ খুব কম বয়সতে দৃষ্টি শক্তিৰ অসুবিধাই দেখা দিয়ে। সেয়ে ল'ব লগীয়া হয় চছমা। চছমাৰ অবিহনে দিনতে আন্ধাৰ।

গণিতত চিনৰ ব্যৱহাৰ:

গণিতত আমি নিতৌ ব্যৱহাৰ কৰা পাটিগণিতৰ চিনবোৰ হৈছে - ÷ (হৰণ), × (পূৰণ), + (যোগ), -- (বিয়োগ)। ইয়াৰে যোগ আৰু বিয়োগ চিন দুটা জাৰ্মানীৰ জোহান বিডমানে ১৪৮৯ BC ত আৱিষ্কাৰ কৰিছিল বুলি জনা যায়। দুটা গুৰুত্বপূৰ্ণ গাণিতিক প্ৰক্ৰিয়াক বুজাবলৈ দুডাল সাধাৰণ সৰল চিনৰ আৱিষ্কাৰে গণিতৰ বিকাশত অৰিহণা যোগাইছিল। যি আজিও আমি একেদৰে গণিতত ব্যৱহাৰ কৰি আহিছোঁ। পৰৱৰ্তী সময়ত এই চিনৰ আৱিষ্কাৰে গণিতৰ বহু ক্ষেত্ৰত সহায় কৰিলে। 

আনহাতে পূৰণৰ বাবে × পূৰণ চিন উইলিয়াম অটৰেডে (William oughtred) ১৬৩১ চনত প্ৰথম ব্যৱহাৰ কৰিছিল বুলি জনা যায়। অৱশ্যে একেটা সময়তে আন এজন ইংৰাজ লোকেও ব্যৱহাৰ কৰিছিল। লোকজনৰ নাম আছিল টমাছ হেৰিয়ট। অৱশ্যে তেখেতৰ কথাটো মৰণোত্তৰভাৱে প্ৰকাশ পোৱা লেখা এটাৰ পৰাহে গম পোৱা গৈছিল।

হৰণৰ বাবে ÷ হৰণ চিন প্ৰথমে জোহান ৰনে ১৬৫৯ চনত ব্যৱহাৰ কৰিছিল। হৰণ চিন÷ ক / এই চিনেৰেও বুজোৱা হয় আৰু ইয়াক ভগ্নাংশ হিচাপে ব্যৱহাৰ কৰা হয়। যেনে ⅔ বা 2 ÷ 4 ।

লিঅ'নাৰ্ডো ডা-ভিন্সিৰ মনালিছা :

লিঅ'নাৰ্ডো ডা-ভিন্সি হৈছে ইটালীৰ এজন বিখ্যাত চিত্ৰশিল্পী। মানে আৰ্টিষ্ট। শিল্পী গৰাকীয়ে ১৫০৭ BC ত 'মনালিছা' নামৰ এখন চিত্ৰ অংকন কৰিছিল। এই চিত্ৰ অংকন কৰোঁতে সময় লাগিছিল চাৰিবছৰ। অৰ্থাৎ ১৫০৩ বৰ্ষত আৰম্ভ কৰি ১৫০৭ বৰ্ষত চিত্ৰখনৰ অংকন সমাপ্ত কৰিছিল। ছবিখনৰ দৈৰ্ঘ্য ৭৭ ছেণ্টিমিটাৰ আৰু প্ৰস্থ ৫৩ ছেণ্টিমিটাৰ । 'ছুমেটো' পদ্ধতিৰে এই ছবিখন বনাইছিল বুলি জনা যায়। বৰ্তমান এই ছবিখন ফ্ৰান্সৰ পেৰিচত অৱস্থিত লুভ্ৰে (Louvre) যাদুঘৰত সংৰক্ষণ কৰি ৰখা হৈছে।

পিছলৈ এই ছবিখন বিশ্ববিখ্যাত ছবি হিচাপে পৰিগণিত হয়। বিশেষকৈ মনালিছাৰ মুখৰ ৰহস্যময়ী হাঁহিটোৰ পৰাই এই ছবিৰ বিখ্যাত হৈছিল বুলি অনুমান কৰা হয়। উল্লেখ্য যে শিল্পী গৰাকী ১৫১৯ বৰ্ষৰ ২ মে'তাৰিখে বৈকুণ্ঠগামী হৈছিল।

বেৰোমিটাৰ বা চাপমান যন্ৰ :

বায়ুৰ চাপ সকলো সময়তে সমানে থাকে নে নাথাকে নতুবা পৃথিৱীৰ বিভিন্ন প্ৰান্তত বায়ুৰ চাপৰ পৰিমাণ কিমান বা খনিগৰ্ভত বায়ু চাপৰ তাৰতম্য ঘটে নেকি (?) ইত্যাদি কথাবোৰ জানিবলৈ টৰিচেলি নামৰ ইটালীৰ এজন পদাৰ্থবিদে ১৬৪৩ বৰ্ষত আৱিষ্কাৰ কৰিছিল বেৰোমিটাৰ বা চাপমান যন্ৰ। উল্লেখ্য যে 
পৃথিবীৰ চাৰিওফালে আকাশৰ কিছু ওপৰলৈ বায়ু আছে। বায়ু এবিধ পদাৰ্থ, ইয়াৰো ভৰ আছে; এই কাৰণে পৃথিবী বা ইয়াত থকা সকলো বস্তুতে বায়ুৰ চাপ বা হেঁচা পৰি থাকে। পৃথিবীৰপৰা যিমান ওপৰলৈ উঠা যায়, বায়ুৰ চাপ ক্ৰমে কমি যায়; কিয়নো পৃথিবীৰপৰা বায়ুমণ্ডলৰ ওপৰ সীমা যিমান দূৰ, ওপৰলৈ উঠি গলে তাৰ দূৰত্ব ক্ৰমে কমি যায়; সেই গতিকে বায়ুৰ ভৰ বা হেঁচাও কমি গৈ থাকে।
 বায়ুমণ্ডলৰ এই বায়ুৰ চাপ জোখা যন্ত্ৰ বিধকেই চাপমান যন্ত্ৰ বা বেৰোমিটাৰ বোলা হয়।

বিজুলী বাতি আৱিষ্কাৰ: 

বিজুলী বাতি আৱিষ্কাৰ কৰিছিল টমাছ আলভা এডিচনে Thomas alva adison.txt মাৰ্কিন বিজ্ঞানী আলভা এডিচনে ১৮৭৯ বৰ্ষত এই সজুঁলি আৱিষ্কাৰ কৰি উলিয়াইছিল। এবছৰ ধৰি এডিচনে গৱেষণা কৰিছিল আৰু প্ৰায় নহেজাৰ বিভিন্ন পদাৰ্থৰ ফিলামেন্ট তৈয়াৰ কৰি পৰীক্ষা নিৰীক্ষা চলাইছিল। কিন্তু আৱিষ্কাৰ কৰিবলৈ কৰিবলৈ সক্ষম হোৱা নাছিল। পিছত কাৰ্বনৰ এডাল ফিলামেন্ট তৈয়াৰ কৰি কাঁচৰ জাৰৰ ভিতৰত ৰাখি বায়ুশূন্য  অৱস্থাত বেটেৰীৰ লগত সংযোগ কৰি কৰোঁতে বিজুলী বাতি জ্বলি উঠিছিল। প্ৰথমে লগোৱা বিজুলী বাতিটো প্ৰায় ৪৫ মিনিটৰ বাবে জ্বলিছিল বুলি জনা যায়। পৰৱৰ্তী সময়ত ইয়াৰ বিকাশ সাধন কৰি জ্বলোৱাৰ ব্যৱস্থা কৰিছিল।

লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক :  দুদুল সোণোৱাল।

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts