Tuesday, August 30, 2022

জীৱনে দি যোৱা শিক্ষা.... Life's Lesson..!!!

জীৱনে দি যোৱা শিক্ষা...!!! Life's Lesson....!!!

     জীৱনে শিকায়। জীৱনে বুজায়। জীৱনে কেতিয়াবা আঁতৰাই। জীৱনে কেতিয়াবা চপায়। আঁতৰোৱা জীৱন বেৰি ধৰে দুখ,শোঁক আৰু নিৰাশাৰ আবিৰে। প'ল অনুপ'ল হৈ পৰে বিৰহ,বেদনা, বিষাদ,বিমৰ্ষৰ সমাহাৰ। জীৱন হৈ পৰে পল্লৱহীন, বীজহীন আৰু পুষ্পহীন। ৰসহীন জীৱন ৰসহীন ফলৰ সদৃশ। এনে জীৱন মানুহ মাত্ৰেই অকাম্য।

     আকৌ জীৱনে কেতিয়াবা চপায় আনে। কাৰোবাৰ জীৱন সুখৰ আবিৰৰ পৰশত ৰঙীন হয়। চপায় আনে জীৱনলৈ সুখ, শান্তি, হৰ্ষ উল্লাস, হাঁহিৰ মেটমৰা সম্ভাৰ । এনে জীৱনেই সকলোৰে কাম্য। এনে জীৱন হয় পল্লৱিত , দহোদিশ সুশোভিত। 
     ই যি কি নহওঁক, আশা-নিৰাশা, হৰ্ষ-বিষাদ, বিৰহ-মিলন আদি উপাদানৰ সংমিশ্ৰণেই হ'ল মানৱ জীৱন । কোৱা হয় মানৱ জীৱন প্ৰাপ্ত হয় বহু যুগৰ সুকৰ্মৰ ফলত । মূল্যৱান মানৱী জীৱনত আমি সকলোৱে ভাৱৰীয়া । আমি সকলোৱে একোজন পূৰঠ পৈণত অভিনেতা।যিদিনাই অভিনয় শেষ হ'ব সেইদিনাই মানৱী দেহ ত্যাগ কৰি বৈকুণ্ঠগামী হয় আমাৰ নশ্বৰ আত্মা। কেৱল মায়া মোহৰ মহাসাগৰত আৱদ্ধ হৈ আমি ককবকাই থাকোঁ । গতিকে সকলো মিছা। সকলো জীৱনৰ মৰীচিকা মাথোন। সত্য কেৱল সময় । সময়ে দি যোৱা সত্যতা। সময়ে দি যোৱা বিশুদ্ধ জ্ঞান। শিক্ষা।.
     এদিন সৰু আছিলোঁ। আইয়ে ধুৱাই দিছিল মুখ। আইয়ে খুৱাই দিছিল টোপ। কথা শিকাইছিল ক'বলৈ। ...জিজি খোৱা, বিবি খোৱা ,... শিকাইছিল জীৱনৰ আদিপাঠ। অশিক্ষিত আইৰ অকৃত্ৰিম মমতাৰ আঁচলত ধৰি আমি লাভ কৰিছিলো সময়ৰ জ্ঞান। সময়ৰ শিক্ষা। তাৰ পিছত এদিন দুদিনকৈ সৰ্পিল গতিৰে পাৰ হৈছিল সময় । সময়ৰ বগী ঘোঁৰাত উঠি পাৰ হৈছিল জোনবাইক বেজী এটা খোজা..ল'ৰালি বয়স। পাৰ হৈছিল শৈশৱৰ ধূলি বালি খেলা ধেমেলীয়া আৰু আনন্দৰে ভৰপূৰ জীৱনৰ -সময়। আইৰ শিক্ষালয়ত শিক্ষা সাং কৰি সাত বছৰ বয়সত নাম লগায় দিছিল এদিন সমীপৰ চৰকাৰী বিদ্যালয়খনত। তাতো বহু শিক্ষা। কেৱল পঢ়া আৰু পঢ়া। পঢ়াশালিত শিকিলোঁ মাৰিবলৈ ৰসৰাজৰ হাঁহি। শংকৰদেৱৰ কৰতল কমল নয়ন...। আই সমান হ'ব কোন, নৈৰ সমান বব কোন...। বহুতো.. বহুতো মূল্যৱান মানৱী জ্ঞান। তথাপিও দেখোন শেষ নহয় আইৰ শিক্ষালয়ৰ শিক্ষা। প্ৰতিটো খোজতে আইৰ বহুমূলীয়া শিক্ষা। সোণসেৰীয়া পৰামৰ্শ। সোণসেৰীয়া উপদেশ। য'ত আছিল আস্থা আৰু বিশ্বাসৰ গান। য'ত আছিল সাহস আৰু ধৈৰ্যৰ তান। এক গভীৰ জ্ঞানৰ প্ৰলেপ।
     সময়ে শিকালে কঠিনতম সময়ক বুজিবলৈ। সময়ে শিকালে সুখত হাঁহিবলৈ। সময়ে শিকালে দুখত কান্দিবলৈ। আকৌ সেই সময়ৰ অভিজ্ঞতাই শিকাই থৈ গ'ল সহস্ৰাধিক শোকঁ দুখতো ভাঙি নপৰাকৈ থিয়হৈ জীয়াই থাকিবলৈ। সময়ে জ্ঞাপন কৰা ভালবোৰ ঈশ্বৰৰ আশীৰ্বাদ। বেয়াবোৰ ঈশ্বৰৰ অভিশাপ। 
     যিয়েই নহওঁক আমি শিকিছো- দেখি দেখি, থেকি থেকি জীৱনৰ সম্পৰ্কে। জীৱনৰ গুঢ়াৰ্থ। 
     পিতৃ মাতৃৰ নীতি শিক্ষাৰ বোকাচাত উঠি ডাঙৰক সন্মান প্ৰদৰ্শন কৰিবলৈ শিকিছিলো । এতিয়াও মনত পৰে জ্যেষ্ঠজনে আগবঢ়োৱা উপদেশ, পৰামৰ্শবোৰৰ কথা। নঙলাটো খুলি সোমোৱাৰ পাছত নঙলাটো বন্ধ কৰিব লাগে, গোসাঁইৰ ঘৰত চেণ্ডেল পিন্ধি সোমাব নালাগে আদি কথাবোৰ আমাক সৰুতে সোৱঁৰাই দিছিল। এই সৰু সৰু কথাবোৰে আমাক বহু জ্ঞান দিছিল। কিন্তু আজিৰ সমাজত এনেধৰণৰ সৰু সৰু কথাবোৰৰৰ প্ৰতি কিছু আওকাণ কৰা দেখা যায়। গুৰুত্ব দিব নিবিচাৰে বহুতো লোকে। সেয়ে হয়তো ইয়াৰ পৰিণতি কিছু ক্ষেত্ৰত দেখিবলৈ পাইছোঁহক । 
     নীতি শিক্ষা প্ৰতিটো শিশুৰ বাবে অতিশয় প্ৰয়োজনীয় শিক্ষা। নীতি শিক্ষা দিয়া হয় বিদ্যালয়ত। নীতি শিক্ষা কিছু পোৱা হয় ঘৰত। বিভিন্ন জন মনিষীৰ মহৎ বাণীসমূহ অধ্যয়ন কৰিবলৈ দিয়া হয় বা কোৱা হয়। কিন্তু কিমান জনৰ মনত গভীৰ প্ৰভাৱ পেলায় তাৰ সংখ্যাটো গণনা কৰিব পৰা বিধৰ।আজিৰ নতুন প্ৰজন্মই (অৱশ্যে সকলোৱে নহয়) নীতি শিক্ষাক অনুসৰণ কৰি জ্ঞান অৰ্জন কৰিবলৈ কুণ্ঠাবোধ কৰে। 
     ই যি কি নহওঁক, সময়বোৰ অতিবাহিত হৈ গৈ আছে আৰু অতিবাহিত হোৱা সময়ক স্পৰ্শ কৰিছে পৰিবৰ্তনৰ সমীৰনে অহনিৰ্শে।
ক্ৰমশঃ


পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।

Tuesday, August 23, 2022

ক্ৰিকেট কি ? ক্ৰিকেট খেলৰ তিনিটা ভাগ কি কি ?

   ক্ৰিকেট কি ? ক্ৰিকেট খেলৰ তিনিটা ভাগ কি কি ? তলত সংক্ষিপ্তভাৱে আলোচনা আগবঢ়োৱা হ'ল। 
     ক্ৰিকেট খেলৰ সম্পৰ্কে নজনা মানুহ বিশ্বৰ কতো নোলাব নিশ্চয়। বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় খেলবিধ কি (?) বুলি সুধিলে নিশ্চয় আপুনি 'ক্ৰিকেট ' বুলিয়েই উত্তৰ দিব। ই একপ্ৰকাৰে সত্য। প্ৰায় সকলো মানুহেই ক্ৰিকেট খেল ভাল পায়। ক্ৰিকেটৰ জন্ম হৈছিল দক্ষিণ ইংলেণ্ডত ষোড়শ শতিকাত। ওঠৰ শতিকাৰ শেষলৈ ক্ৰিকেট ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হৈ পৰে। ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰসাৰে উনৈছ শতিকাত ক্ৰিকেট খেলক বিভিন্ন দেশলৈ বিয়পাই দিয়ে। প্ৰথম আন্তৰ্জাতিক ক্ৰিকেট খেলা হৈছিল উনৈছ শতিকাৰ মধ্যভাগত। ক্ৰিকেটৰ নিয়ন্ত্ৰণকাৰী সংস্থা ICC-ৰ ১০-খন পূৰ্ণ সদস্যভুক্ত দেশ আছে। ক্ৰিকেট খেল অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰতীয় উপমহাদেশৰ দেশসমূহ, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাত বিশেষ ভাৱে জনপ্ৰিয়।  
    
ক্ৰিকেট খেলৰ লগত জড়িত কেইটামান শব্দ:

    ক্ৰিকেট এবিধ 'বেট আৰু বলৰ খেল'। দুটা দলৰ ১১ জনকৈ সদস্যৰে এই খেল ক্ৰিকেট খেলপথাৰত খেলা হয়। বল কৰা বা দলিওৱা জনক 'বাউলাৰ' বোলে আৰু বেট ধৰি বল কোবোৱা জনক বেট্‌ছমেন বোলা হয়। বল কৰা মাজৰ দীঘলীয়া আয়তাকাৰ ক্ষেত্ৰখনেই হৈছে -পিট্‌চ। পিটচ-ৰ দুমূৰে থকা কাঠৰ খুঁটি তিনিডালক 'উইকেট' বোলা হয়। উইকেইটৰপৰা পিট্‌চৰ ভিতৰৰ ফালে থকা বগা ৰেখা-কেইডালক 'ক্ৰীজ' বোলা হয়। ক্ৰিকেট খেল পৰিচালনা কৰা পৰিচালকক এম্পায়াৰ ( Empire) বোলা হয়। খেলপথাৰৰ সোঁমাজত থকা পিটচখন ২২ গজ দৈৰ্ঘ্যৰ এক আয়তাকাৰ ক্ষেত্ৰ । 

    এটা দলৰ দুজনকৈ খেলুৱৈয়ে এটা সময়ত বেট ধৰে আৰু যিমান বেছিকৈ পাৰে ৰাণ সংগ্ৰহ কৰিবলৈ যত্ন কৰে, য'ত আনটো দলে বেট ধৰা কেইজনলৈ বল নিক্ষেপ কৰি 'আউট' কৰিবলৈ চেষ্টা কৰে, লগতে খেলপথাৰত আনটো দলৰ আটাইকেইজন সদস্যই ৰাণ সংগ্ৰহত বাধা দিবলৈ চেষ্টা কৰে। একোজন বেট ধৰোঁতাক আউট কৰিব পাৰিলে আন এজন খেলপথাৰলৈ আহিব লাগে, এনেকৈ সেই দলৰ ১১ গৰাকী খেলুৱৈয়ে বেট ধৰিবলৈ সুযোগ পায়। বেট ধৰোঁতাজনে নিক্ষেপ কৰা বলটো বেটেৰে দূৰলৈ মাৰি পঠিয়াই পিট্‌চ আনটো মূৰলৈ দৌৰ মাৰি 'ৰাণ' ল'ব পাৰে। বলটো খেল পথাৰৰ এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাব পাৰিলে 'চাৰি' বা 'ছয়' সংখ্যক ৰাণো বেট ধৰোঁতাই সংগ্ৰহ কৰিব পাৰে। এটা দলে এনেদৰে বেট কৰা সময়খিনিক এটা 'ইনিংছ' বোলা হয়। এটা ইনিংছ সমাপ্ত হোৱাৰ পাছত আনটো দলে নিজা ইনিংছ খেলিবলৈ সুযোগ পায়।
   
    ক্ৰিকেট খেলৰ ভাগ আছে। সেইবোৰ হৈছে - ১/ টেষ্ট ক্ৰিকেট ( Test Cricket match) , ২/ ৱান ডে ইণ্টাৰনেচনেল ক্ৰিকেট (One Day International Cricket) আৰু ৩/ টুৱেণ্টি২০ ইণ্টাৰনেচনেল ক্ৰিকেট (Twenty 20 international cricket) আদি। লেখাটোৰ তলত এই ক্ৰিকেট খেলৰ তিনিটা ভাগৰ সম্পৰ্কে আলোচনা আগবঢ়োৱা হ'ল। -
 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থা (ICC- International Cricket Council) ৰ দ্বাৰা কিছু নীতি নিয়মৰ জৰিয়তে ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয়। ক্ৰিকেট খেলৰ নীতি-নিয়ম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাই প্ৰস্তুত কৰে । 

Test cricket:
   টেষ্ট ক্ৰিকেট খেল হৈছে এক প্ৰকাৰৰ পৰম্পৰাগত ঠাঁচত খেলা খেল । এইপ্ৰকাৰৰ খেল ১৮৭৭ চনতেই প্ৰথম খেলাবলৈ আৰম্ভ কৰা হৈছিল যদিও সেইসময়ত ইয়াৰ জনপ্ৰিয়তা বহু কম আছিল। বিশেষকৈ টেষ্ট ক্ৰিকেট বৃটিছ সকলৰ এক আঢ্যৱন্ত সমাজৰ খেল হিচাপে পৰিচিত আছিল। পৰৱৰ্তী সময়ত টেষ্ট ক্ৰিকেটৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিল। বৰ্তমান এই খেল সমগ্ৰ বিশ্বতেই জনপ্ৰিয় হিচাপে পৰিগণিত। পূৰ্বতে টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত কেইদিনত সমাপ্ত হ'ব তেনে ধৰাবন্ধা নিয়ম নাছিল। বৰ্তমান এই খেল পাঁচ দিন বা তিনি দিনৰ বাবে খেলোৱা হয় । য'ত প্ৰতিখন খেলতে দুটা ইনিংছ খেলিব লাগে। ইয়াত পৰ্বতৰ চূড়াৰ সদৃশ টাইদৰ গঠণ কৰা হয় কাৰণ টেষ্ট ক্ৰিকেট খেলৰ দ'ল সমূহ সময়ৰ এটা অংশলৈকে খেলিবলৈ সাজু থাকিব লগা হয়। দ'লৰ খেলুৱৈ সকলে টেষ্ট ক্ৰিকেটত বৰ ধৈৰ্য আৰু সহিষ্ণুতাৰ প্ৰদৰ্শন কৰিব লগা হয় । এই ঠাঁচত খেলা টেষ্ট ক্ৰিকেটত খেলুৱৈসকলে তেওঁলোকৰ বেটধৰা আৰু বল কৰা সময়ত বিভিন্ন কিটিপ প্ৰয়োগ কৰিবলগীয়া হয় আৰু মানসিক স্থিতি সবল কৰি ৰাখিবলগীয়া হয়।
   'টেষ্ট ক্ৰিকেট'ত দল এটাৰ ইংনিছ আটাইকেইজন বেট ধৰোঁতাক 'আউট' নকৰালৈকে চলি থাকে। অৱশ্যে বেট ধৰা দলটোৱে সকলো খেলুৱৈ আউট হোৱাৰ আগেয়েই 'ইংনিছ সমাপ্ত' বুলি ঘোষণা কৰিবও পাৰে । টেষ্ট ক্ৰিকেট পাঁচদিনীয়া বা তিনিদিনীয়া হিচাপে খেলোৱা হয়। 
  
 One day international:
      আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেলক সংক্ষেপে ODIs বুলিও কোৱা হয়। এই খেল নিয়ম অনুসৰি এদিনত শেষ কৰে। এদিনীয়া ক্ৰিকেট খেল ১৯৭১ চনত খেলিবলৈ আৰম্ভ কৰা হৈছিল। প্ৰথম অৱস্থাত এই খেলৰ জনপ্ৰিয়তা একেবাৰে সীমিত আছিল। বিগত ১৯৮০ চনৰ পিচৰ পৰা ক্ৰমান্বয়ে এদিনীয়া ক্ৰিকেট খেলৰ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰে। বৰ্তমান সময়ত এই খেল জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছেহি বুলি কলেও অত্যুক্তি কৰা নহয়। বিশেষকৈ নতুন প্ৰজন্মৰ মাজত ক্ৰিকেট খেল অতি জনপ্ৰিয় খেল হিচাপে পৰিগণিত হৈছে। এই খেল আটাইতকৈ বেছি পঞ্চাছ অভাৰৰ (50 over) বাবে খেলোওৱা হয়। কেৱল এটা ইনিংছতেই খেল সমাপ্ত ঘটে। সেয়েহে এই খেল অলপ খৰ হয় আৰু খেলুৱৈ সকলে নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলৈ বিভিন্ন কিটিপ আৰু কৌশলৰ অৱলম্বন কৰিবলগীয়া হয়। ইণ্টাৰনেচনেল ক্ৰিকেট সন্থা (ICC- International Cricket Council), আই,চি চি ক্ৰিকেট ৱৰ্ল্ড কাপ আদি অনুষ্ঠানৰ দ্বাৰা এদিনীয়া ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয প্ৰতি চাৰি বছৰৰ মূৰে মূৰে।
      50 অভাৰত সীমিত এদিনীয়া ক্ৰিকেট খেলৰ বহু উন্নয়ন ঘটোৱা হৈছে। এই খেলত কোন দেশৰ দলে কিমান পাৰদৰ্শিতা দেখুওৱাবলৈ সক্ষম হৈছে সেই সম্পৰ্কেও তথ্য সংৰক্ষণ কৰা হয়। বিগত সময়ত খেলা সংৰক্ষিত তথ্য অনুসৰি ভাৰত দ্বিতীয় স্থানত আছে আৰু প্ৰথম স্থান অধিগ্ৰহণ কৰি আছে অষ্ট্ৰেলিয়াই।  
      উনৈশ বছৰ অনুৰ্ধ্বৰ চেঙেলীয়া সকলৰ বাবে দুবছৰৰ মূৰে মূৰে ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত কৰা হয়।
      আজিৰ সময়ত পুৰুষৰ লগতে সমানে এই খেলত আগবাঢ়িছে মহিলাও । আনকি অলপতে অনুষ্ঠিত হোৱা বাৰ্মিংহামৰ কমনৱেলথ গেমছত ভাৰতৰ মহিলা দলে ৰূপৰ পদক লাভ কৰিবলৈও সক্ষম হৈছিল। ভাৰতৰ মহিলা ক্ৰিকেট খেলুৱৈ ভিতৰত স্মৃতি মান্ধানা,হৰমনপ্ৰীত কৌৰ, মিতালী ৰাজ আৰু দীপ্তি শৰ্মা , শ্বেফালী বাৰ্মা আদিৰ নাম উল্লেখ কৰিব পাৰি।  
      
T2o or Twenty20 Format :
টুৱেণ্টি ২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট হৈছে ২০০৭ চনত আৰম্ভ হোৱা ক্ৰিকেট খেলৰ নতুন সংস্কৰণ। এই খেলৰ গতি খৰ। কেৱল ২০ অভাৰত খেলখন সীমিত। অভাৰ কম হোৱাৰ বাবে খেলৰ গতি দ্ৰুত হয়। সেয়েহে এটা দলে এখন খেলত খুব কম ৰাণ সংগ্ৰহ কৰিব পাৰে। ২৫০ ৰাণতকৈ বেছি ৰাণ সংগ্ৰহ কৰিব নোৱাৰে বুলি ক'ব পাৰি। ২০০৫ চনৰ পৰা নতুন কৌশল আৰু নতুনত্বৰ প্ৰয়োগেৰে এই নতুন সংস্কৰণৰ খেল অনুষ্ঠিত কৰা হৈছিল। সাধাৰণতে নতুন সংস্কৰণৰ টি২০ খেলবিধ কেৱল তিনি ঘণ্টা ধৰহে অনুষ্ঠিত হয়। অৰ্থাৎ তিনি ঘণ্টাত দুয়োটা দলৰে খেল সমাপ্ত ঘটে। সময়ৰ দিশেৰে চাবলৈ গ'লে এই খেলবিধ সকলোৰে বাবে উপযুক্ত কাৰণ ই কম সময় খৰচ কৰে আৰু আমনিদায়ক নহয়। খেলৰ গোটেই খিনি সময় উৎকণ্ঠা আৰু আনন্দৰে ভৰপূৰ। খেলুৱৈয়ে প্ৰতিটো বলেই মাৰি খেলে । ছয় আৰু চাৰি কোবাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বলিংৰ ক্ষেত্ৰতো নতুনত্ব প্ৰয়োগ কৰা দেখা যায় আৰু ফিল্ডিং বৰ আকৰ্ষণীয়কৈ পৰিচালনা কৰা হয়। সেয়েহে এই খেলৰ জনপ্ৰিয়তা বিশ্বৰ চৌদিশে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। 
    আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাৰ দ্বাৰা অনুষ্ঠিত কৰা বিশ্ব টুৱেণ্টি-২০ হৈছে ২০০৭ চনত আৰম্ভ হোৱা মুখ্য আন্তঃৰাষ্ট্ৰীয় টি-২০ প্ৰতিযোগিতা, আৰু তেতিয়াৰ পৰা ই ২০০৯ চনৰ পৰা পুৰুষৰ ইভেণ্টৰ সৈতে আইচিচি মহিলা বিশ্ব টুৱেণ্টি-২০ ৰো আবিৰ্ভাৱ ঘটিছে আৰু এই খেল পাঁচবাৰ আয়োজন কৰা হৈছে। অৱশ্যে, পৰৱৰ্তী সংস্কৰণ, 2018 চনত কেৰিবিয়ানত অনুষ্ঠিত হৈছিল ই প্ৰথমবাৰৰ বাবে এক অকলশৰীয়া অনুষ্ঠান হৈছিল।

    এতিয়ালৈকে, টেষ্ট মেচৰ মৰ্যাদা থকা 12 খন দেশ আইচিচিৰ সদস্য হিচাপে পৰিগণিত। 2019 চনৰ পৰা, আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ অস্তিত্বত আহিছিল শীৰ্ষ নটা দলে দুবছৰীয়া সময়ৰ ব্যৱধানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এদিনীয়া ক্ৰিকেট খেলৰ মৰ্যদা প্ৰাপ্ত দেশ মুঠ ১৬ খন। তদুপৰি ১০৪ খন সদস্য ৰাষ্ট্ৰক টি-২০ আই'ৰ মৰ্যদা দিয়া হৈছে। 

উপসংহাৰ : 
   ক্ৰিকেট একপ্ৰকাৰৰ বহি: ক্ৰীড়া যদিও আজিকালি ইয়াক অন্ত: ক্ৰীড়া হিচাপেও খেলিব পৰা যায়। ক্ৰিকেট খেলৰ টি-২০ সংস্কৰণৰ খেলত অসমৰ খেলুৱৈয়েও অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে। অনাগত দিনবোৰতো নিশ্চয় অসমৰ সুযোগ্য খেলুৱৈয়ে ক্ৰিকেট খেলত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে আমাৰ অসমৰ খেলুৱৈ সকল নিজকে সাজু কৰা উচিত। খেলৰ জৰিয়তেও আজিৰ সমাজত নিজক প্ৰতিষ্ঠা কৰিব পৰা যায়।
    

 ⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️



Wednesday, August 17, 2022

আত্মহত্যা কি? মানুহে কিয় আত্মহত্যা কৰে ? হিন্দু ধৰ্মৰ দৃষ্টিকোণেৰে আত্মহত্যাৰ পৰিণাম আৰু আত্মহত্যাৰ পৰা মুক্তিৰ উপায়।

আত্মহত্যা কি? মানুহে কিয় আত্মহত্যা কৰে ? হিন্দু ধৰ্মৰ দৃষ্টিকোণেৰে আত্মহত্যাৰ পৰিণাম আৰু আত্মহত্যাৰ পৰা মুক্তিৰ উপায়।

   সাম্প্ৰতিক প্ৰেক্ষাপটত আত্মহত্যা এক ধাৰাবাহিক ঘটনাত পৰিণত হৈছে। ঘৰুৱা কন্দলৰ ফলত, কোনো লক্ষ্যত উপনীত হ'ব নোৱাৰাৰ বেজাৰত, আৰ্থিক অনাটনৰ ফলত কিম্বা প্ৰেমজনিত কাৰণত নিতৌ গড়ে এজনকৈ অসমৰ লগতে দেশত আত্মহত্যাৰ ঘটনা ঘটিয়েই থাকে। ইয়াৰ ভিতৰত কিছু আঢ্যৱন্ত লোক আৰু কিছু দৰিদ্ৰ পৰিয়ালৰ লোকো আছে। এনেদৰে হোৱা মৃত্যুৰ সম্পৰ্কে কিছু জনাৰ লগতে মৃত্যুৰ কাৰণ সমূহ আমি মানু্হ হিচাপে ফঁহিয়াই চোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মনত ভাবৰ উদয় হয়। লগতে এনেদৰে মৃত্যুবৰণ কৰা শৱদেহৰ যি আলৈ-আথানি হয় তাক দেখিও নিজকে বৰ নিম্ন মানদণ্ডৰ প্ৰাণী যেন অনুভৱ হয়।
    আমি প্ৰত্যেকেই নিশ্চয় জানো যে আত্মহত্যা কৰা ব্যক্তি এগৰাকীয়ে কোনো এক গুৰুতৰ কাৰণতেই মৃত্যুক সাৱটি লয়। লাগিলে তাৰ কাৰণ সৰু-বৰ হ'ব পাৰে। এতিয়ালৈকে মই নিজ চকুৰে চাৰিটা আত্মহত্যাৰ দৃশ্য নিচেই কাষৰ পৰা দেখিলোঁ। ইয়াৰে দুটা ডেকা ল'ৰাৰ আৰু দুটা বয়সস্থ পুৰুষ-মহিলাৰ । আনহাতে আত্মহত্যাৰ বাবে প্ৰচেষ্টা কৰা লোকৰো দৃশ্য প্ৰত্যক্ষ কৰিছোঁ। এই মৃত্যু দেখি মোৰ মনলৈ অহা প্ৰথম প্ৰশ্নটো হ'ল- তেওঁ কিয় মৰিল ? দ্বিতীয় প্ৰশ্নটো হ'ল সময়ৰ সৈতে, পৰিস্থিতিৰ সৈতে সন্মুখীন হোৱাৰ সৎসাহস তেওঁৰ নাছিল নেকি?' কিয় মৰিল ' বুলি কওঁতে ইয়াৰ উত্তৰ ইতিবাচক বা নেতিবাচক উভয়ে হ'ব পাৰে। অৰ্থাৎ কিছুমান লোকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিয়েই মৃত্যুক সাৱটি লয় আৰু আন কিছুমান লোকে আৱেগৰ বশৱৰ্তী হৈয়েই মৃত্যুক সাৱটি লয়। হ'লেও কিন্তু জনা উচিত 'আত্মহত্যা' সদায়েই নেতিবাচক আৰু ঘৃণনীয় কাৰ্য। আনহাতে কিছুমানলোকে পৰিস্থিতি আৰু সমস্যাৰ সৈতে মোকাবিলা কৰিব নোৱাৰি আত্মহত্যাৰ সদৃশ নীচ কৰ্মৰে নিজক বিনাশ কৰি দিয়ে। 
 
আত্মহত্যা মহাপাপ হয়নে ?
   আত্মহত্যা মহাপাপ হয়নে নহয় আমি একাষাৰে ক'ব নোৱাৰোঁ। ধৰ্ম গ্ৰন্থৰ মতে মৃত্যু চিৰাচৰিত ঘটনা। ই কেতিয়াবা অন্ত্যন্ত দুখৰ হয়, আৰু কেতিয়াবা দুখ লঘু হয়। 
    "বিখ্যাত সমাজতত্ত্ববিদ ইমাইল ডুৰখেইমৰ মতে,-আত্মহত্যা এটা ব্যক্তিগত ক্ৰিয়া নহয়। ইয়াৰ কাৰক হৈছে এনে এটা শক্তি যি ব্যক্তিসত্তাতকৈ ওপৰত। তেওঁ ব্যাখ্যা কৰিছিল যে,সকলো প্ৰকাৰৰ আত্মহত্যাৰ মূল উৎস হৈছে ব্যক্তিজনে নিজে কৰা যোগাত্মক বা বিয়োগাত্মক কৰ্মৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ,যি কৰ্মটোৰ সম্ভাব্য ফলাফলৰ বিষয়ে জানে।"
    হিন্দু ধৰ্মৰ দৃষ্টিকোণেৰে চালে আত্মহত্যা মহাপাপ। যি গুৰুতৰ কাৰণতেই আত্মহত্যা নকৰক কিয়,এই মৃত্যু কেতিয়াও স্বাভাৱিক হ'ব নোৱাৰে। ই ঈশ্বৰৰ ইচ্ছাৰ পৰিপন্থী। হিন্দু ধৰ্মৰ বিবেচনাত আত্মহত্যা নৰবধৰ সমপৰ্য্যায়ৰ। ই সদায়েই অন্যায় হিচাপে বিবেচিত। আনহাতে খ্ৰীষ্টান ধৰ্মৰ বাইবেলৰ মতেও আত্মহত্যা ঈশ্বৰৰ বিৰুদ্ধে কৰা এক গুৰুতৰ পাপ কৰ্ম। বাইবেলৰ মতেও আত্মহত্যা নৰবধৰ সমপৰ্য্যায়ৰ। আন আন ধৰ্মৰ দৃষ্টিকোণেৰেও আত্মহত্যাক মহাপাপ হিচাপে গণ্য কৰা হয়। সেয়েহে হিন্দু ধৰ্মৰ লোকসকলে আত্মহত্যা কৰা ব্যক্তিক পাপী আখ্যা দিয়ে আৰু ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰে। নিজেই নিজৰ জীৱন বিনাশ কৰাজন সমাজত আত্মঘাতক, আত্মঘাতী বা আত্মঘাতিকা আৰু আত্মঘাতিনী ৰূপে পৰিচিত।
    
সমাজৰ কৰণীয়:
   মানুহ মাত্ৰেই সুখ-দুখ আছে। অলপীয়া দুখতে মানুহে ভাঙি পৰা অনুচিত। কিছুমানে কাজিয়া-পেছালৰ ফলত অগ্নিশৰ্মা হৈ বহু নকৰিব লগা কাম কৰে আৰু আত্মহত্যা কৰিবলৈ উদ্যত হয়। আনহাতে আন কিছুমান লোকে জটিল সমস্যাৰ সন্মুখীন হোৱাৰ ফলত আত্মহত্যাৰ দৰে ঘৃণনীয় পথ বাচি লয়। যাৰবাবে আনকি মৃতলোকজনৰ শৰীৰৰো আলৈ-আথানি হোৱা দেখা যায়। সেয়েহে শোকত বা দুখত পৰি ঋণাত্মক কথা চিন্তা কৰা উচিত নহয়। সদায়েই যিকোনো সমস্যা সমাধানৰ উপায় নহ'লেও যোগাত্মক চিন্তা ধাৰাৰে আগবাঢ়ি যোৱাৰ মানসিকতা ধৈৰ্য্য আৰু সহনশীলতাৰে গঢ় দিয়া উচিত। 
   এই ক্ষেত্ৰত সমাজৰ কৰণীয় অসীম। জীৱিত অৱস্থাত যিমান পাৰি ইজনে সিজনক আমি সহায় সহযোগ কৰা উচিত। মৃত্যুৰ পিছত সি যিদৰেই মৃত্যু নহওঁক,মৃতকক ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰা উচিত নহয় বুলি ভাবোঁ। যি মানুহজনক আমি জীয়াই থকাৰ কালত গুৰুত্ব নিদিলোঁ , সেই মানুহ জনক মৃত্যুৰ পিছত ঘৃণা কৰাৰো আমাৰ অধিকাৰ নাই। গতিকে সমাজৰ গণ্ডীৰত চলি থকা কিছু নীতি নিয়ম আমি সলনি কৰিবলৈ হ'ল। আমাৰ মনোভাৱ পৰিৱৰ্তন কৰিবলৈ হ'ল। 
   যোৱা কিছুদিনৰ আগতে মোৰ এজন শহুৰে আত্মহত্যা কৰিলে। ডিঙিত জৰী দি আত্মহত্যা কৰা এই ব্যক্তি গৰাকীক যিদৰে সমাজে অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত ঘৃণাৰ মনোভাৱ প্ৰকাশি অসহযোগ কৰিলে তাকে দেখি মানুহ জাতিটোৰ ওপৰতে মোৰ বিৰাগ উপজিল। মানুহ ইমান নীচ আৰু স্বাৰ্থপৰ হ'ব পায়নে ? অথচ জীৱিত অৱস্থাত সেইজন মানুহৰ লগত সকলোৰে সঠিক ভাৱে আছিল। সেই মানুহ জনক শ্মশান শালীলৈ নিবলৈ গাঁওৰ মানুহৰ অভাৱ ঘটিল। কিন্তু কিয়? ইয়াৰ উত্তৰ নিশ্চয় আত্মহত্যা কৰাৰ বাবে। 

 মোৰ মতে আত্মহত্যাক ঘৃণাৰ দৃষ্টিৰে চাওক, কিন্তু মানুহজনক অৰ্থাৎ শৱদেহক নহয়। মহৎ ব্যক্তি যিশুখ্ৰীষ্টই আমাক কৈ গৈছে - "পাপক ঘৃণ কৰিবা, কিন্তু পাপীক নহয়।" 


আত্মহত্যাৰ পৰা কিদৰে মুক্তি লভিব !
   আত্মহত্যাৰ পৰা মুক্তিৰ উপায় হৈছে ধৈৰ্য্য আৰু যোগাত্মক চিন্তা। মানুহ হিচাপে জন্ম লাভ কৰাটো আমাৰ ভাগ্য। পূৰ্বৰ জন্মত সৎকৰ্ম কৰাৰ ফল হৈছে মানৱী জনম। শাস্ত্ৰত , বেদ উপনিষদ আদিত ইয়াকে কয়। মানুহ হিচাপে আমি ভাল কৰ্ম আৰু ভাল চিন্তা কৰা উচিত। কোনো সমস্যাৰ মাজত সোমাই থাকি কেৱল চিন্তা কৰি থাকিলে নহ'ব, মুখ্যতঃ ইয়াৰ সমাধানৰ উপায়হে উলিওৱাৰ প্ৰয়োজন। সেয়েহে কোনো দুখৰ বোজা মনত কঢ়িয়াই ফুৰিব নালাগে,বৰঞ্চ কথাবোৰ নিজৰ বিশ্বাসী এজক পৰিষ্কাৰকৈ ভাঙি পাতি কোৱা উচিত। দুখৰ কথাবোৰ আনৰ আগত ব্যক্ত কৰিলে দুখৰ বোজা পাতল হয়। লগতে সমস্যাৰ সমাধানৰ পথ ওলোৱাৰ সম্ভাৱনা থাকে। এইদৰে আত্মহত্যা মনোভাৱ মনোজগতৰ পৰা আঁতৰাই পেলাব পাৰি। 
উপসংহাৰ 
     নিশ্চয় আত্মহত্যা জীৱনৰ সমাধান কেতিয়াও হ'ব নোৱাৰে , বন্ধু বান্ধবী সকল জীৱনত যিমানেই আঘাত বা কষ্ট নোপোৱা কিয়,এনেকুৱা পথ বা চিন্তা মনলৈ কেতিয়াও অনা উচিত নহয়। জীয়াই থাকি আগলৈ আগবাঢ়ি যাব লাগে আৰু সদায় আশা পুহি ৰাখিব লাগে 'এদিন মই মানুহ হ'ম।' তেতিয়া হেৰাই যোৱা বহুত কিবা বিচাৰি পোৱা যাব আমাৰ জটিল জীৱনত , এইয়া মোৰ অনুভৱ আৰু বন্ধুবৰ্গ তথা শুভাকাংশীলৈ বিশেষ অনুৰোধ । মৃত্যুৰ জৰিয়তে জীৱনক জিনিব নোৱাৰি, সঠিক কৰ্ম, ধৈৰ্য, একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত মানুহে জীৱনত বাধাৰ প্ৰাচীৰ ভাঙি জয় লাভ কৰিব পাৰে। আৰু এটা কথা মৃত্যুৰ পিছত মানুহৰ শৰীৰত পাপ নাথাকে। ই জীৱহীন হৈ পৰে। সেয়েহে এনে মূহুৰ্তত আমি সকলোৱে মিলি জ্বলাই নাশ কৰিব লাগে। কাৰণ জ্বলাই নাশ কৰিলে শৱশৰীত থকা বিজানু ধ্বংস হয়। বিজানু ধ্বংস হ'লে পৰিৱেশ সুস্থ হৈ থাকে। 





প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।

🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸






 

Wednesday, August 10, 2022

ভাৰতৰ জাতীয় পতাকা: চমু অৱলোকন। A brief description about the national flag of India.

ভাৰতৰ জাতীয় পতাকা চমু অৱলোকন। A brief discussion about our national flag.


    ভাৰতৰ জাতীয় পতাকা ( National flag of India) হ’ল সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা আৰু দেশৰ পৰিচয়ৰ প্ৰতীক। ১৯৪৭ চনৰ ২২ জুলাই ৰ কংগ্ৰেছৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল। পৰৱৰ্তীকালত এই পতাকা খনে ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় পতাকাৰ মৰ্যাদা লাভ কৰে। ভাৰতত এই পতাকাক সাধাৰণতে "ত্ৰিৰঙ্গা" বা "ত্ৰিবৰ্ণৰঞ্জিত পতাকা" বোলা হয়। পিঙ্গলি ভেংকয়াৰ দ্বাৰা অংকিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ "স্বৰাজ" পতাকাৰ ভিত্তিতে এই পতাকাৰ নক্সা প্ৰস্তুত কৰা হৈছিল বুলি জনা যায়।

    আনুভূমিক ত্ৰিবৰ্ণৰঞ্জিত পতাকাৰ (গেৰুৱা, বগা আৰু সেউজীয়া) সোঁমাজত চৌব্বিশডাল দণ্ডসম্বলিত এটি গাঢ় নীলা ৰঙৰ চক্ৰ আছে। ভাৰতীয় সংবিধানৰ নিয়ম অনুসৰি কেৱলমাত্ৰ খাদী বস্ত্ৰৰেহে জাতীয় পতাকা প্ৰস্তুত কৰা হয়। ভাৰতীয় মানক ব্যুৰোৱে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম-কানুন স্থিৰ কৰি দিছে। উৎপাদনৰ অধিকাৰ খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যনৰ হাতত ন্যস্ত। এই কমিশ্যনে বিভিন্ন আঞ্চলিক গোষ্ঠীক উৎপাদনৰ অধিকাৰ দিব পাৰে। ২০০৯ চনৰ তথ্য অনুযায়ী, কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘ জাতীয় পতাকাৰ একমাত্ৰ উৎপাদক।

পতাকাৰ ব্যৱহাৰবিধি :
   "ভাৰতীয় পতাকাবিধি" আৰু জাতীয় প্ৰতীকাদি সংক্ৰান্ত অন্যান্য আইন অনুসৰি নিয়ন্ত্ৰিত হয়। পুৰণা বিধি অনুযায়ী, স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস সহ অন্যান্য জাতীয় দিৱসৰ বাদে সাধাৰণ নাগৰিকে পতাকা উত্তোলন কৰিব নোৱাৰে। ২০০২ চনত, এজন নাগৰিকৰ আপিলৰ ভিত্তিতে ভাৰতীয় উচ্চতম ন্যায়ালয়ে সাধাৰণ নাগৰিকসকলক জাতীয় পতাকা ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি দিয়াৰ বাবে ভাৰত চৰকাৰক পতাকাবিধি সংস্কাৰৰ নিৰ্দেশ দিয়ে। সেই মতে ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে পতাকাবিধি সংস্কাৰ কৰি কেইটামান সীমিত ক্ষেত্ৰত জাতীয় পতাকাৰ ব্যৱহাৰ অনুমোদিত কৰে। ২০০৫ চনত পতাকাবিধি পুনৰায় সংশোধন কৰি কেইটামান বিশেষ ধৰণৰ বস্ত্ৰ ব্যৱহাৰৰ অতিৰিক্ত ব্যবস্থা কৰা হয়। পতাকা উত্তোলনৰ প্ৰথা আৰু অন্যান্য জাতীয় আৰু অ-জাতীয় পতাকাবিলাকৰ লগত জাতীয় পতাকা ব্যৱহাৰৰ বিধিও পতাকাবিধিত উল্লেখ আছে।

পতাকাৰ কিছু ইতিহাস :
১৯০৭ চনত বাৰ্লিন সমিতিৰ ভিখাজী কামাৰ দ্বাৰা প্ৰথম এই পতাকা খন উত্তোলন কৰা হৈছিল। ইয়াৰোপৰি পতাকাৰ কেন্দ্ৰত যঁতৰ সম্বলিত কৰি এই পতাকাখন ১৯২১ চনত বেচৰকাৰীভাৱে গৃহীত কৰা হৈছিল। আনহাতে এই পতাকা খন ১৯৩১ চনত গৃহীত হৈছিল আৰু আজাদ হিন্দ ফৌজৰ যুদ্ধ পতাকা হিচাপেও ব্যৱহাৰ কৰা হৈছিল।

   ঊনবিংশ শতাব্দীত ভাৰত আছিল ব্ৰিটিছ শাসনৰ অধীনত। ভাৰতৰ স্বাধীনতা আন্দোলন আৰম্ভ হোৱাৰ আগে আগে বিভিন্ন দেশীয় ৰাজ্যৰ শাসকসকলে ভিন্ন ভিন্ন নক্সাৰ একাধিক পতাকা ব্যৱহাৰ কৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰত প্ৰত্যক্ষভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ আহে। ভাৰতৰ তদানীন্তন ব্ৰিটিছ শাসকবৰ্গই প্ৰথমে এখন ভাৰতীয় পতাকাৰ ধাৰণাটি উত্থাপন কৰে। পাশ্চাত্য হেৰাল্ডিক আদৰ্শত নিৰ্মিত ষ্টাৰ অফ ইণ্ডিয়া আছিল কানাডা আৰু অষ্ট্ৰেলিয়াসহ অন্যান্য ব্ৰিটিছ উপনিবেশৰ পতাকাসমূহৰ সমৰূপীয়। ব্লু আৰু ৰেড এনচাইন পতাকাদুখনৰ ঊৰ্ধ্বত-বাম কোয়াড্ৰ্যাণ্টত থাকিছিল ইউনিয়ন ফ্লেগ আৰু দক্ষিণাৰ্ধ্বৰ মাজভাগত ৰাজমুকুট-বেষ্টিত এটা ষ্টাৰ অফ ইণ্ডিয়া। ষ্টাৰটো যে "ভাৰতীয়ত্ব"-ৰ প্ৰকাশক, তাক বুজাবলৈ ৰাণী ভিক্টোৰিয়াই তেওঁৰ ভাৰতীয় প্ৰজাবৰ্গৰ প্ৰতিনিধিস্বৰূপ সাম্ৰাজ্যৰ সেৱাত "নাইট কম্যাণ্ডাৰ অফ দি অৰ্ডাৰ অফ দ্য ষ্টাৰ অফ ইণ্ডিয়া" নামৰ এটা পদ সৃষ্টি কৰিছিল। ইয়াৰ পাছত সকলো দেশীয় ৰাজ্য বিকৃত ৰেড এনচাইন উড্ডীয়নৰ অধিকাৰ সহ ইউৰোপীয় হেৰাল্ডিক মাপকাঠি-সম্মত প্ৰতীকসহ পতাকা লাভ কৰে।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰেড এনচাইনে ব্ৰিটিছৰ ওচৰত ভাৰতৰ প্ৰতিনিধিৰৰূপে সৰ্বাপেক্ষা অধিক গুৰুত্ব অৰ্জন কৰিছিল। লিগ অফ নেশ্যনচ আৰু ১৯৪৫-৪৭ চনৰ সময়ছোৱাত জাতিসংঘই এই পতাকাকেই ভাৰতৰ পতাকা হিচাপে ব্যৱহাৰ কৰিছিল বুলি জনা যায়।

     বিংশ শতাব্দীৰ প্ৰাৰম্ভণিতে ব্ৰিটিচ ঔপনিবেশিক শাসনৰ কবলৰ পৰা মুক্তিলাভৰ উদ্দেশ্যে ভাৰতৰ স্বাধীনতা আন্দোলনে তাৰ গুৰুত্ব অৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়া এখন জাতীয় পতাকাৰ প্ৰয়োজনীয়তা বিশেষভাৱে অনুভূত হৈছিল। সেয়ে ১৯০৪ চনত স্বামী বিবেকানন্দৰ আইৰিচ শিষ্যা ভগ্নী নিবেদিতাই ভাৰতৰ প্ৰথম জাতীয় পতাকাৰ ৰূপদান কৰে। এই পতাকাখন ভগিনী নিবেদিতাৰ পতাকা নামেৰে অভিহিত হয়। ৰঙা চতুষ্কোণ আকাৰৰ এই পতাকাৰ কেন্দ্ৰত আছিল বজ্ৰ আৰু শ্বেতপদ্ম সম্বলিত এটি হালধীয়া ইনচেট। পতাকাত "বন্দে মাতৰম" কথাষাৰ বঙালীত লিখা আছিল। ৰঙা ৰং আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰতীক, হালধীয়া বিজয়ৰ আৰু শ্বেতপদ্ম পবিত্ৰতাৰ প্ৰতীক।

    ১৯০৬ চনৰ ৭ আগষ্টত কলকাতাৰ পাৰ্চিবাগান স্কোয়াৰত বংগ ভংগ বিৰোধী এখন সভাত প্ৰথম ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলিত হয়। এই পতাকা উত্তোলন কৰে শচীন্দ্ৰপ্ৰসাদ বসুৱে। পতাকাখন কলকাতা পতাকা নামেৰে পৰিচিত হয়। এই পতাকাৰ উপৰ, মধ্য আৰু তলত যথাক্ৰমে কমলা, হালধীয়া আৰু সেউজীয়া ৰঙৰ তিনিটি আনুভূমিক ভাগ আছিল। উপৰৰ ভাগটোত আঠপাহ অৰ্ধ-প্ৰস্ফুটিত পদুম আৰু তলৰ ভাগত সূৰ্য আৰু অৰ্ধচন্দ্ৰ অঙ্কিত আছিল। মাজত দেৱনাগৰী হৰফত লিখিত আছিল "বন্দে মাতৰম" কথাষাৰ।

    ১৯০৭ চনৰ ২২ জুলাইত জাৰ্মানীৰ ষ্টাটগাৰ্ট চহৰত ভিখাজী কামাই অন্য এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলন কৰে। এই পতাকাৰ ওপৰত আছিল সেউজীয়া, মাজত গেৰুৱা আৰু তলত আছিল ৰঙা ৰং। সেউজীয়া ৰং আছিল ইছলামৰ প্ৰতীক আৰু গেৰুৱা হিন্দু আৰু বৌদ্ধধৰ্মৰ প্ৰতীক। সেউজীয়া ভাগটোৰ ওপৰত ব্ৰিটিছ ভাৰতৰ আঠখন প্ৰদেশৰ প্ৰতীক হিচাপে আঠপাহ পদুমৰ শাৰী অঙ্কিত আছিল। মাজৰ ভাগত দেৱনাগৰী হৰফত "বন্দে মাতৰম" কথাষাৰ লিখা আছিল আৰু তলৰ ভাগত পতাকাদণ্ডৰ ফালে অৰ্ধচন্দ্ৰ আৰু উত্তোলনৰভাগটোৰ ফালে এটা সূৰ্য অঙ্কিত আছিল। ভিখাজী কামা, বীৰ সাভাৰকৰ আৰু শ্যামজি কৃষ্ণ বৰ্মাই একেলগে এই পতাকাৰ নক্সা অঙ্কন কৰিছিল।প্ৰথম বিশ্বযুদ্ধৰ শেষ হোৱাৰ পাছত বাৰ্লিন কমিটিত ভাৰতীয় বিপ্লৱীসকলে এই পতাকাখন গ্ৰহণ কৰে। সেই তেতিয়াৰ পৰাই ই বাৰ্লিন কমিটি পতাকা নামেৰে অভিহিত হয়। প্ৰথম বিশ্বযুদ্ধত মেছোপটেমিয়াত সক্ৰিয়ভাৱে এই পতাকা ব্যৱহৃত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত গদৰ পাৰ্টিয়ে পতাকাখন কিছু সময়ৰ বাবে ভাৰতৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল।

     ১৯১৭ চনত বাল গংগাধৰ তিলক আৰু এনী বেছাণ্ট পৰিচালিত হোমৰুল আন্দোলনে এখন নতুন পতাকাৰ জন্ম দিয়ে। এই পতাকাত পাঁচটা ৰঙা আৰু চাৰিটা সেউজীয়া আনুভূমিক ভাগ আছিল। উপৰৰ বাওঁফালে আয়তাকাৰ ইউনিয়ন পতাকা আছিল আন্দোলনৰ আকাঙ্ক্ষিত ডোমিনিয়ন মৰ্যাদা লাভৰ প্ৰতীক। ওপৰৰ উত্তোলিতভাগত আছিল বগা অৰ্ধচন্দ্ৰ আৰু তৰা। হিন্দুসকলৰ পবিত্ৰ সপ্তৰ্ষি মণ্ডলৰ প্ৰতীকৰূপে সাতটা বগা তৰা পতাকাত অঁকা আছিল। এই পতাকাই অৱশ্যে সৰ্বসাধাৰণৰ জনপ্ৰিয়তা অৰ্জন কৰাত ব্যৰ্থ হয়।

      এবছৰ আগে ১৯১৬ চনত অধুনা অন্ধ্ৰপ্ৰদেশৰ মছলিপত্তনম চহৰৰ নিকটস্থ ভাটলাপেনামাৰু গাঁৱৰ বাসিন্দা পিঙ্গলি ভেংকয়াই এখন সাধাৰণ জাতীয় পতাকাৰ ৰূপদানৰ চেষ্টা কৰে। তেওঁৰ এই প্ৰচেষ্টাত উমৰ চোবানি আৰু এচ বি বোমানজিৰ চকুত পৰে। এওঁলোকে একেলগে ভাৰতীয় জাতীয় পতাকা মিশ্বন হাতত লয়। ভেঙ্কাইয়াই এই পতাকাৰ বাবে মহাত্মা গান্ধীৰ অনুমোদন বিচাৰি যোৱাত গান্ধীজীয়ে তেওঁক "ভাৰতৰ মূৰ্তপ্ৰতীক আৰু দেশৰ সকলো অমঙ্গলহাৰী" যঁতৰৰ চিত্ৰ পতাকাত যোগ কৰাৰ পৰামৰ্শ দিয়ে। মহাত্মা গান্ধীৰ প্ৰদৰ্শিত পথত হস্তচালিত যঁতৰ আছিল ভাৰতৰ অৰ্থনৈতিক পুনৰ্জাগৰণৰ প্ৰতীক। ভেঙ্কাইয়াই ৰঙা আৰু সেউজীয়া প্ৰেক্ষাপটত যঁতৰৰ ছবি সম্বলিত এখন পতাকা প্ৰস্তুত কৰে। কিন্তু গান্ধীজিয়ে ভাবিলে, এই পতাকাত ভাৰতৰ সকলো ধৰ্মসম্প্ৰদায়ৰ প্ৰতিফলন নঘটিল।

       ঢ়মহাত্মা গান্ধীৰ ইচ্ছানুসাৰে এখন নতুন পতাকাৰ নক্সা তৈয়াৰ কৰা হয়। এই ত্ৰিবৰ্ণৰঞ্জিত পতাকাৰ ওপৰত আছিল বগা, মাজত সেউজীয়া আৰু তলত নীলা; যিবিলাক যথাক্ৰমে সংখ্যালঘু ধৰ্মসম্প্ৰদায়, মুছলমান আৰু হিন্দুৰ প্ৰতীক। তিনিটি ভাগ জুৰি অঁকা আছিল যঁতৰৰ ছবি। আনুভূমিক ত্ৰিৰঙ্গ ভাগ সম্বলিত এই পতাকা আয়াৰলেণ্ডৰ জাতীয় পতাকাৰ সমৰূপ আছিল। উল্লেখযোগ্য যে, আয়ালেণ্ডৰ পতাকা আৰু এখন প্ৰধান ব্ৰিটিছ সাম্ৰাজ্য বিৰোধী আন্দোলনৰ প্ৰতীক। জাতীয় কংগ্ৰেছৰ আহমেদাবাদ অধিবেশনত উত্তোলিত হয়। যদিও ভাৰতীয় জাতীয় কংগ্ৰেছে কোনোদিনে এইখনক চৰকাৰী পতাকা হিচাপে গ্ৰহণ নকৰিলে। স্বাধীনতা আন্দোলনত ইয়াৰ ব্যাপক প্ৰয়োগো দেখা নগ’ল।

      পতাকাৰ এই সাম্প্ৰদায়িক প্ৰতিনিধিত্বৰ বিষয়টোৱে অনেকৰ মনত অসন্তোষৰ সৃষ্টি কৰে। ১৯২৪ চনত কলকাতাত সৰ্বভাৰতীয় সংস্কৃত কংগ্ৰেছে হিন্দুধৰ্মৰ প্ৰতীকৰূপে গেৰুৱা ৰং আৰু বিষ্ণুৰ গদাৰ চিত্ৰ পতাকাত সংযোজনৰ প্ৰস্তাৱ দিয়ে। এই বছৰেই "হিন্দু যোগী আৰু সন্ন্যাসী আৰু মুছলমান ফকীৰ আৰু দৰবেশসকলৰ মাজত প্ৰচলিত ত্যাগৰ প্ৰতীক" গেৰুৱা গিৰিমাটি ৰং পতাকাত যোগ কৰাৰ প্ৰস্তাৱ দিয়া হয়। শিখসকলে দাবী তোলে, হয় তেওঁলোকৰ প্ৰতিনিধিৰূপে হালধীয়া ৰং পতাকাত থাকিব লাগিব, নহয় পতাকাৰ পৰা ধৰ্মীয় প্ৰতীকতত্ত্ব বাদ দিব লাগিব।

      এই সকলো দাবীৰ প্ৰেক্ষাপটত সমস্যা সমাধানৰ লক্ষৰে ১৯৩১ চনৰ ২ এপ্ৰিলত কংগ্ৰেছ কৰ্মসমিতিয়ে সাতজনীয়া এখন পতাকা সমিতি গঠন কৰে। "পতাকাত ব্যৱহৃত তিনিটি ৰঙক লৈ আপত্তি আছে; কাৰণ এই ৰংসমূহ সাম্প্ৰদায়িক ভিত্তিত চিহ্নিত" – এই মৰ্মে এটি প্ৰস্তাৱ গৃহীত হয়। কিন্তু এই সকলো অপ্ৰতিষ্ঠিত  আলাপ-আলোচনাৰ ফল হয় অভাবনীয়। পতাকাত একমাত্ৰ ৰং হালধীয়াৰ সলনি কমলা ৰখা হয় আৰু ওপৰৰ দণ্ডৰ ফালে যঁতৰৰ চিত্ৰ অঁকা হয়। পতাকা সমিতিয়ে এই পতাকাৰ প্ৰস্তাৱ ৰাখিলেও, সমগ্ৰ প্ৰকল্পত সাম্প্ৰদায়িক ভাবধাৰাৰ প্ৰতিফলন ঘটিছে বুলি মন কৰি, কংগ্ৰেছে এই পতাকা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে।

     আজাদ হিন্দৰ ডাকটিকটত আজাদ হিন্দ পতাকা
পাছত ১৯৩১ চনৰ কৰাচী কংগ্ৰেছ অধিবেশনত পতাকা সংক্ৰান্ত সৰ্বশেষ প্ৰস্তাৱটো গৃহীত হয়। পিঙ্গলি ভেংকয়া অঙ্কিত এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা গৃহীত হয়। এই পতাকাত আনুভূমিক গেৰুৱা, বগা আৰু সেউজীয়াৰ সোঁমাজত এটা যঁতৰ অঁকা আছিল। গেৰুৱা ত্যাগ; বগা সত্য আৰু শান্তি আৰু সেউজীয়া বিশ্বাস আৰু প্ৰগতিৰ প্ৰতীক তথা যঁতৰ ভাৰতৰ অৰ্থনৈতিক পুনৰুজ্জীৱন আৰু দেশবাসীৰ শ্ৰমশীলতাৰ প্ৰতীক হিচাপে গৃহীত হয়।

একেই সময়ত আজাদ হিন্দ ফৌজে ব্যৱহৃত পতাকাত "Azad Hind" (আজাদ হিন্দ) কথাষাৰ আৰু যঁতৰৰ পৰিবৰ্তে এটা জঁপিয়াই থকা বাঘৰ ছবি যোগ কৰা হয়। এইটো আছিল মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি অনাস্থাৰে সুভাষচন্দ্ৰ বসুৰ সশস্ত্ৰ সংগ্ৰামৰ প্ৰতীক। মণিপুৰত প্ৰথমবাৰ সুভাষচন্দ্ৰই এই পতাকা উত্তোলন কৰে।

      স্বাধীনতা প্ৰাপ্তিৰ কিছুদিন পূৰ্বে ভাৰতৰ জাতীয় পতাকাৰ বিষয়ে সিদ্ধান্তত উপনীত হোৱাৰ বাবে গণপৰিষদ স্থাপিত হয়। গণপৰিষদে ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এক বিশেষ কমিটি গঠন কৰে। এই কমিটিৰ সদস্যসকল আছিল মৌলানা আবুল কালাম আজাদ, সৰোজিনী নাইডু, চক্ৰবৰ্তী ৰাজাগোপালাচাৰী, কে এম মুন্সী আৰু বি আৰ আম্বেডকাৰ। পতাকা কমিটি স্থাপিত হয় ১৯৪৭ চনৰ ২৩ জুনত। এই কমিটিয়ে পতাকাক লৈ আলোচনা আৰম্ভ কৰে। তিনি সপ্তাহৰ পাছত ১৯৪৭ চনৰ ১৪ জুলাইত তেওঁলোক এই সিদ্ধান্তত উপনীত হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন উপযুক্ত সংস্কাৰৰ পাছত সকলো দল আৰু সম্প্ৰদায়ৰ কাষতেই গ্ৰহণীয় কৰি তুলি জাতীয় পতাকা হিচাপে গৃহীত হ’ব। পাছত এই প্ৰস্তাৱো গৃহীত হয় যে ভাৰতৰ জাতীয় পতাকাত কোনো সাম্প্ৰদায়িক গুৰুত্ব থাকিব নোৱাৰিব। যঁতৰৰ পৰিৱৰ্তে সাৰনাথ স্তম্ভৰ পৰা ধৰ্মচক্ৰ-টো গৃহীত হয় পতাকাত। ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতত প্ৰথমবাৰ এই পতাকা উত্তোলিত হয়।

পতাকাৰ ৰংৰ অৰ্থ আৰু অশোক চক্ৰ:

   তলত বিভিন্ন বৰ্ণ মডেল অনুসৰি ভাৰতীয় পতাকাৰ সম্ভাব্য ৰং সমূহৰ বৰ্ণনা দিয়া হল। গেৰুৱা, বগা, সেউজীয়া আৰু নীলা – এই চাৰিটা ৰং পতাকাত ব্যৱহৃত হৈছে।

    স্বাধীনতা প্ৰাপ্তিৰ কিছুদিন পূৰ্বে বিশেষভাবে গঠিত গণপৰিষদে এই সিদ্ধান্তত উপনীত হয় যে ভাৰতৰ জাতীয় পতাকাক সকলো দল আৰু সম্প্ৰদায়ৰ পক্ষে গ্ৰহণযোগ্য কৰাব লাগিব। এই কাৰণে, অশোক চক্ৰ সম্বলিত গেৰুৱা, বগা আৰু সেউজীয়া ত্ৰিবৰ্ণৰঞ্জিত পতাকা গৃহীত হয়। সৰ্বপল্লী ৰাধাকৃষ্ণনে, যি পৰৱৰ্তীকালত ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হৈছিল, তেওঁ গৃহীত পতাকাৰ প্ৰতীকতত্ত্বটোৰ ব্যাখ্যা কৰি নিম্নলিখিত ভাষাত তাৰ গুৰুত্ব বৰ্ণনা কৰে:

   "গেৰুৱা ৰঙ ত্যাগ আৰু বৈৰাগ্যৰ প্ৰতীক। আমাৰ নেতৃবৃন্দই পাৰ্থিৱ লাভৰ প্ৰতি উদাসীন আৰু নিজৰ নিজৰ কাম কৰা প্ৰতি যত্নবান হব লাগিব। মধ্যস্থলত থকা বগা ৰং আমাৰ আত্মনিয়ন্ত্ৰণ আৰু স্বভাৱৰ পথপ্ৰদৰ্শক সত্যপথৰ পোহৰৰ প্ৰতীক। সেউজীয়া মাটি তথা সকলো প্ৰাণৰ প্ৰাণ উদ্ভিদ জগতৰ লগত আমাৰ সম্বন্ধৰ কথা ব্যক্ত কৰিছে। বগা অংশৰ সোঁমাজত অশোক চক্ৰ ধৰ্ম অনুশাসনৰ প্ৰতীক। সত্য আৰু ধৰ্ম এই পতাকাৰতলত কৰ্মৰত সকলোৰে নীতি নিয়ন্ত্ৰণ হব। ইয়াৰোপৰি, চক্ৰটো গতিৰ প্ৰতীক। স্থবিৰতাত মৃত্যু আহে। গতিৰ মাজেৰেই জীৱন। পৰিবৰ্তনক বাধাদান কৰাটো আৰু ভাৰতৰ বাবে উচিত নহব, ভাৰতক সম্মুখলৈ অগ্ৰসৰ হবই লাগিব। এই চক্ৰটো শান্তিপূৰ্ণ পৰিবৰ্তনৰ গতিশীলতাৰ প্ৰতীক।"

    ISI ৰ দ্বাৰা প্ৰমাণিত এখন ভাৰতৰ জাতীয় পতাকা ১৯৫০ চনত ভাৰতত সাধাৰণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। তাৰ এবছৰ পাছতেই, অৰ্থাৎ ১৯৫১ চনত, ভাৰতীয় মানক ব্যুৰো (বিএচআই) প্ৰথম বাৰ জাতীয় পতাকা উৎপাদন সংক্ৰান্তত কিছু বিধি নিৰ্দেশ জাৰি কৰে। ১৯৬৪ চনত ভাৰতত মেট্ৰিক পদ্ধতি গ্ৰহণ কৰাত এই বিধিনিৰ্দেশত কিছু সংশোধনী অনা হয়। তাৰপাছত ১৯৬৮ চনৰ ১৭ আগষ্টত পুনৰায় বিধিসমূহ সংশোধিত কৰা হয়। আকাৰ, ডাই ৰং, ক্ৰোমাটিক মূল্য, উজ্জ্বলতা, ব্যৱহৃত সূতাৰ সংখ্যা আৰু উত্তোলনৰজ্জু সহ পতাকা উৎপাদনৰ সকলো আৱশ্যক বিষয়ৰ উল্লেখ এই বিধিনিৰ্দেশত পোৱা যায়। এই নিৰ্দেশনামা কঠোৰভাবে অনুসৃত হয়। পতাকা উৎপাদনত কোনো খুঁত ৰখা আইনত: অপৰাধ; আৰু তাৰ শাস্তি জেল, জৰিমনা অথবা দুয়োটাই হ’ব পাৰে।

    পতাকা উৎপাদনৰ বাবে একমাত্ৰ খাদী নামৰ হস্তচালিত তাঁতবস্ত্ৰই ব্যবহাৰ কৰা যায়। তুলা, ৰেচম আৰু উল বাদ দি অন্য কোনো খাদীৰ কেঁচামাল হিচাবে ব্যবহাৰ কৰা নাযায়। পতাকা উৎপাদনত দুই ধৰণৰ খাদী ব্যবহাৰ কৰা হয়; প্ৰথমটো হ’ল খাদী-বাণ্টিং, যিহেৰে পতাকাৰ মূল অংশটো প্ৰস্তুত কৰা হয় আৰু দ্বিতীয়টো হ’ল পাতল বাদামী ৰঙৰ খাদী-ডাক বস্ত্ৰখণ্ড, যিয়ে পতাকাক পতাকাদণ্ডৰ ৰছীৰ সৈতে ধৰি ৰাখে। খাদী-ডাক এক অপ্ৰচলিত বয়নপদ্ধতি। এই পদ্ধতিত তিনিডাল সূতা একেলগে জালৰ আকাৰত বোৱা হয়। উল্লেখ্য, প্ৰচলিত বয়নপদ্ধতিত দুডাল সূতাক একেলগে বোৱা হয়। খাদী-ডাক অত্যন্ত দুৰ্লভ এক বয়নপদ্ধতি। ভাৰতত এক ডজনৰো কম বয়নশিল্পী এই ধৰণৰ বয়নত সক্ষম। নিৰ্দেশিকাত আৰু কোৱা হৈছে যে, প্ৰতি চেণ্টিমিটাৰত ১৫০ডাল সূতাৰ বেছি বা কম থাকিব নোৱাৰে, প্ৰতি চিলাইতে চাৰিডালকৈ সূতা থাকিব আৰু এক বৰ্গফুট পতাকাৰ ওজন ২৫ গ্ৰামৰ বেছি বা কম হব নোৱাৰিব।

    উত্তৰ কৰ্ণাটকৰ ধৰৱাদ আৰু বাগালকোট জিলাৰ নিকটস্থ গদগৰৰ দুটা তাঁত গোটৰ পৰা বয়নকৃত খাদী অনা হয়। বৰ্তমানে হুবলি-ভিত্তিক কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘ ভাৰতৰ একমাত্ৰ লাইচেঞ্চ-প্ৰাপ্ত জাতীয় পতাকা উৎপাদন আৰু সৰবৰাহ গোট। খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যন (কেভিআইচি) ভাৰতত পতাকা উৎপাদন গোট স্থাপনৰ বাবে অনুমতি প্ৰদানৰ ক্ষমতাপ্ৰাপ্ত। তথাপি বিধিনিৰ্দেশ অগ্ৰাহ্য কৰা হলে বিএচআই অনুমতিপ্ৰাপ্ত সংস্থাৰ অনুমতি বাতিল কৰা হ'ব পাৰে।

     পতাকাৰ বাবে কাপোৰ বোৱাৰ পাছত পতাকাৰ উপাদানসমূহ বিএচআই লেবৰেটৰীত পৰীক্ষাৰ বাবে পঠোৱা হয়। বিধিনিৰ্দেশ অনুযায়ী পৰীক্ষাৰ পাছত যদি উপাদানসমূহ উত্তীৰ্ণ হয়, তেতিয়াহ’লে সেইবিলাক ফেক্টৰীলৈ ঘূৰাই পঠোৱা হয়। তাৰপাছত নিৰ্ধাৰিত ৰঙত এইবিলাক ব্লিচ আৰু ডাই কৰা হয়। সোঁমাজৰ অশোক চক্ৰটো হয় স্ক্ৰিন প্ৰিণ্ট, অথবা ষ্টেনচিল বা যথাযথ বয়ন মাধ্যমত অংকিত কৰা হয়। অশোক চক্ৰ অত্যন্ত সযত্নে পতাকাত আঁকা হয়, যাতে পতাকাৰ দুই দিশৰ পৰাই তাক দেখা পোৱা যায়। বিএচআইয়ে তাৰপাছত ৰং পৰীক্ষা কৰে; আৰু তাৰপাছতেই পতাকা বিক্ৰী কৰা যায়।

    ভাৰতত প্ৰতি বছৰে চাৰি কোটি পতাকা বিক্ৰী হয়। মহাৰাষ্ট্ৰ চৰকাৰৰ সচিবালয় মন্ত্ৰালয় ভৱনৰ শীৰ্ষস্থ পতাকাখন দেশৰ বৃহত্তম পতাকা (আকাৰ ৬.৩ × ৪.২ মিটাৰ) হিচাপে বিবেচিত।

ভাৰতীয় পতাকাবিধি
     ২০০২ চনৰ পূৰ্বাবধি ভাৰতৰ সাধাৰণ নাগৰিকসকল জাতীয় ছুটিৰ দিনবিলাকৰ বাহিৰে অন্য সময়ত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী নাছিল। শিল্পপতি নবীন জিন্দালে পতাকাবিধি ভঙ্গ কৰি তেওঁৰ কাৰ্য্যালয় ভৱনৰ শীৰ্ষত জাতীয় পতাকা উত্তোলন কৰাত পতাকাখন বাজেয়াপ্ত কৰা হয় আৰু তেওঁক সতৰ্ক কৰি দিয়া হয় যে এই ধৰণৰ বিধি ভঙ্গ কৰিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যবস্থা লোৱা হ’ব পাৰে। জিন্দালে দিল্লী উচ্চতম ন্যায়ালয়ত এখন জনস্বাৰ্থ মামলা দাখিল কৰে। তেওঁৰ বক্তব্য আছিল, পূৰ্ণ মৰ্যাদা আৰু যথাযথ ব্যবহাৰবিধি অনুসৰণ কৰি জাতীয় পতাকা উত্তোলন তেওঁৰ নাগৰিক অধিকাৰত পৰে; কাৰণ এই দেশৰ প্ৰতি তেওঁৰ ভালপোৱা ব্যক্ত কৰাৰ এইটো এটা উপায়। বিষয়টো দিল্লী উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰিত হ’লত সৰ্বোচ্চ আদালতে ভাৰত চৰকাৰক এই বিষয়টো পৰ্যালোচনাৰ বাবে এখন কমিটি স্থাপনৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কেবিনেটে জাতীয় পতাকাবিধি সংস্কাৰ কৰে আৰু ২০০২ চনৰ ২৬ জানুৱাৰীৰ পৰা সংশোধিত বিধি আৰম্ভ হয়। এই নতুন পতাকাবিধি অনুযায়ী মৰ্যাদা, গৌৰৱ আৰু সম্মান অক্ষুণ্ণ ৰাখি যি কোনো নাগৰিকে বছৰৰ যি কোনো দিনতেই জাতীয় পতাকা উত্তোলন কৰিব পাৰিব।

       অন্যহাতে ভাৰতীয় সংঘ বনাম যশোবন্ত শৰ্মা বিচাৰত পৰিষ্কাৰকৈ জনাই দিয়া হয় যে, জাতীয় পতাকাবিধি বিধিবদ্ধ আইন নহলেও এই বিধিৰ বিধিনিষেধসমূহ জাতীয় পতাকাৰ গৌৰৱৰক্ষাৰ্থে অৱশ্যে পালনীয়। জাতীয় পতাকা উত্তোলনৰ অধিকাৰ পৰম অধিকাৰ নহয়; ই এক অৰ্জিত অধিকাৰ আৰু সংবিধানৰ ৫১ নং ধাৰা অনুযায়ী ইয়াক মান্য কৰা উচিত।

    ভাৰতীয় আইন অনুসৰি জাতীয় পতাকাৰ ব্যবহাৰ সৰ্বদা "মৰ্যাদা, আনুগত্য আৰু সম্মান" ("dignity, loyalty and respect") সহকাৰে হোৱা উচিত। "প্ৰতীক আৰু নাম (অপব্যৱহাৰ ৰোধ) আইন, ১৯৫০" ("The Emblems and Names (Prevention of Improper Use) Act, 1950") অনুসৰি জাৰি কৰা "ভাৰতীয় পতাকা বিধি – ২০০২" ("Flag Code of India – 2002") পতাকাৰ প্ৰদৰ্শনী আৰু ব্যৱহাৰ সংক্ৰান্ত যাবতীয় নিৰ্দেশিকা বহন কৰে। চাৰকাৰী বিধিত কোৱা হৈছে যে, জাতীয় পতাকাই কেতিয়াও মাটি বা পানীক স্পৰ্শ নকৰে; ইয়াক টেবুলক্লথ হিচাবে বা কোনো প্লেটফৰ্মৰ সম্মুখত আচ্ছাদন হিচাবে ব্যবহাৰ কৰিব নোৱাৰিব; জাতীয় পতাকাৰে কোনো মূৰ্তি, নামলিপি বা শিলান্যাস প্ৰস্তৰ আবৰিব নোৱাৰিব ইত্যাদি। ২০০৫ চন পৰ্যন্ত জাতীয় পতাকা বস্ত্ৰ, ইউনিফৰ্ম বা সাজপোছাক হিচাবে ব্যবহাৰ কৰা নগৈছিল। ২০০৫ চনৰ ৫ জুলাইত চৰকাৰে পতাকাবিধি সংশোধন কৰি বস্ত্ৰ বা ইউনিফৰ্ম হিচাবে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। যদিও নিম্নাবৰণ বা অন্তৰ্বাস হিচাবে জাতীয় পতাকা ব্যবহাৰৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকে। ইয়াৰোপৰি গাৰুৰ কভাৰ বা ডিঙিত মেৰুৱা ৰুমাল জাতীয় পতাকা বা অন্য কোনো প্ৰতীকচিহ্ন অঙ্কণ কৰা নিষিদ্ধ। ইচ্ছাকৃতভাবে ওভতা অৱস্থাত পতাকা উত্তোলন, কোনো পানীয়ত ডুবোৱা বা উত্তোলনৰ আগতে ফুলৰ পাপৰিৰ বাহিৰে অন্য কোনো বস্তু তাত বন্ধা বা পতাকাখনত কিবা কিবি লিখা সেয়াও নিষিদ্ধ।

    ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ কোনো ব্যাৱসয়িক কাৰণত কৰিব নোৱাৰিব কোনো ব্যক্তি বা বস্তুক সন্মান (চালামী)জনাবৰ কাৰণে ৰাষ্ট্ৰীয় পতাকা নত কৰিব নোৱাৰিব। চৰকাৰী আদেশ অবিহনে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰিব নোৱাৰিব। কোনো প্ৰকাৰৰ পোচাক, ইউনিফৰ্ম আদিৰ যিকোনো ভাগত বা ৰুমাল, নেপকিন, গাৰু গিলিপ আদিত ৰাষ্ট্ৰীয় পতাকা অংকিত বা ছপা কৰিব নোবাৰিব। ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত কোনো আখৰ লিখিব বা ছবি আঁকিব নোৱাৰিব। গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস আদিৰ ফুলৰ পাহি ৰখাৰ বাহিৰে ৰাষ্ট্ৰীয় পতাকাখন কোনো বস্তু গ্ৰহণ কৰা,দিয়া বা লৈ যোৱা আৰু বন্ধাৰ কামত ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো অনুষ্ঠানত ৰক্তাৰ টেবুল ঢকাৰ কামত,মঞ্চ সজোৱাৰ কামত কোনো ভৱনত দুৱাৰ খিৰিকীৰ পৰ্দা হিচাপে বা কোনো বাহন,ৰে’ল ,উৰাজাহাজ,বৰটোপ আদিৰ যিকোনো অংশ ঢাকিবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো প্ৰতিমা,প্ৰতিমূৰ্তি বা স্মাৰক উন্মোচনৰ পূৰ্বে ঢাকি ৰখা কামত ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। ইচ্ছাকৃত ভাৱে ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ উত্তোলন কৰা বা ইয়াক মাটি বা পানীত পৰিবলৈ দিয়া কাৰ্য কৰিব নোৱাৰিব। ফটা-চিতা, সোঁতমোচ খোৱা বা লেতেৰা আৰু একেডাল দণ্ডতে বেলেগ পতাকাৰ সৈতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব নোৱাৰিব। যিমান দূৰ সম্ভৱ ৰাষ্ট্ৰীয় পতাকাৰ জোখ বা আকাৰ পতাকা সংহিতা ২০০২ৰ প্ৰথম ভাগত উল্লেখ কৰা জোখৰ অনুৰূপ হোৱা উচিত আৰু যদি পতাকাখন দীঘলে প্ৰদৰ্শন কৰা হয় ,সেই ক্ষেত্ৰত গেৰুৱা ৰংটো পতাকাখনৰ সোঁফালে অৰ্থাৎ দৰ্শকৰ বাওঁফালে হ’ব লাগিব। বিভিন্ন মহত্ত্বপূৰ্ণৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু ক্ৰীড়া সমাৰোহত কাগজৰ পতাকা জনতা হাতত লৈ ব্যৱহাৰ কৰিব পাৰিব কিন্তু সেই সমাৰোহৰ অন্তত পতাকাবোৰ বিকৃত কৰা বা মাটিত পেলাই দিয়া অনুচিত। তেনে পতাকা বা ব্যৱহাৰৰ অনুপযোগী পতাকা নিৰলে জ্বলাই দিব লাগে বা মৰ্য্যদা সহকাৰে অন্য ধৰণে নষ্ট কৰি পেলাব লাগে।

জাতীয় পতাকাৰ ব্যৱহাৰ আৰু প্ৰদৰ্শনী সংক্ৰান্তত একাধিক প্ৰথা অনুসৰণ হয়। মুকলি আকাশৰ তলত সূৰ্যোদয়ৰ সময়ত পতাকা উত্তোলিত হয় আৰু সূৰ্যাস্তৰ সময়ত নমাই দিয়া হয়। বিশেষ বিশেষ ক্ষেত্ৰত চৰকাৰী ভৱনত ৰাতিও জাতীয় পতাকা উত্তোলনৰ ৰীতি আছে।

জাতীয় পতাকা কেতিয়াও ওভতা অৱস্থাত বৰ্ণনা কৰা, প্ৰদৰ্শিত কৰা, বা উত্তোলন কৰা অনুচিত। প্ৰথা অনুসৰি পতাকাখন ৯০ ডিগ্ৰীৰ বেছি আৱৰ্তিত কৰা নাযায়। যিকোনো ব্যক্তিয়ে পতাকাক ওপৰৰ পৰা তললৈ আৰু বাওঁফালৰ পৰা সোঁফাললৈ কিতাপৰ পাত পঢ়াৰ দৰে"পঢ়িব" পাৰে আৰু আবৰ্তিত হোৱাৰ পাছতো যেন এই বৈশিষ্ট্যৰ ব্যতিক্ৰম নহয়। ফটা-ছিঙা বা অপৰিষ্কাৰ অৱস্থাত পতাকাৰ প্ৰদৰ্শনী অপমানজনক। পতাকাদণ্ড বা উত্তোলন ৰছীৰ ক্ষেত্ৰতো একই নিয়ম প্ৰযোজ্য; এইবিলাক যথাযথভাবে ব্যবহাৰ কৰিব লাগে।

    কোনো ষ্টেডিয়াম আদিৰ দেৱালত দুটি পৰস্পৰ অভিমুখী পতাকাদণ্ডত গেৰুৱা ভাগটো ওপৰত ৰাখি আনুভূমিকভাবে পতাকাদুখনক পূৰ্ণ প্ৰসাৰিত অৱস্থাত প্ৰদৰ্শিত কৰিব লাগে। ক্ষুদ্ৰাকাৰ পতাকাদণ্ডত পতাকা প্ৰদৰ্শিত কৰিলে দণ্ডডালক দেৱালত কৌণিকভাবে স্থাপন কৰি তাক ৰুচিসম্মতভাৱে উলমায় দিব লাগে। পৰস্পৰ লগালগি দুডাল পতাকাদণ্ডৰ ওপৰত দুখন জাতীয় পতাকা একত্ৰে প্ৰদৰ্শিত হলে দণ্ডদুডালৰ অভিমুখ পৰস্পৰৰ ফালে ৰাখিব লাগে আৰু পতাকাদুখন পূৰ্ণ প্ৰসাৰিত অৱস্থাত প্ৰদৰ্শিত কৰিব লাগে।

    জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকাই দেশ এখনক চিনাকি দিয়ে।ই দেশৰ অতি সন্মানীয় সজুঁলি হিচাপে বিবেচিত। সেয়েহে ৰাষ্ট্ৰীয় পতাকাক আমি সন্মান প্ৰদান কৰা উচিত।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক ধন্যবাদ জনালো। দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Tuesday, August 2, 2022

নতুন শিক্ষা নীতি 2020 সম্পৰ্কে কিছু কথা।Brief discussion about new education policy 2022.

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ সম্পৰ্কে কিছু কথ । Brief discussion about new education policy 2022.
 
 🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️
    শিক্ষাই শক্তি। প্ৰতিজন ব্যক্তি তথা প্ৰতিখন দেশ আগুৱাই যোৱাত শিক্ষাই অপৰিসীম গুৰুত্ব বহন কৰে। শিক্ষা হৈছে জীৱনৰ চালিকা শক্তি। শিক্ষাই মানুহৰ জীৱনৰ দিক নিৰ্ণায়কৰ ভূমিকা পালন কৰে। প্ৰতিখন দেশে নিজ নিজ দেশৰ উন্নতিৰ বাবে এক নির্দিষ্ট শিক্ষানীতি গ্ৰহণ কৰে। আমাৰ দেশ ভাৰতেও স্বাধীনতাৰ পাছৰে পৰাই “ৰাষ্ট্ৰীয় শিক্ষা নীতি” অভিধাৰে নিৰ্দিষ্ট কিছুমান শিক্ষানীতি গ্ৰহণ কৰি আহিছে। আৰু প্ৰয়োজনসাপেক্ষে সময়ে সময়ে ভাৰতৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি” সলনি হৈ আছে। ভাৰতৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি”য়ে সদায় এটা নিৰ্দিষ্ট জাতীয় পৰিচয় বৰ্তাই ৰাখিছে। 

   ভাৰতবৰ্ষৰ নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০” ত যোৱা ২০২০ চনৰ ২৯ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। ভাৰতৰ এই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে পূৰ্বৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি,১৯৮৬”ৰ স্থান ল’ব। এই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে ভাৰতৰ গ্ৰাম্য আৰু চহৰাঞ্চল উভয়তে প্ৰাথমিক স্তৰৰ পৰা উচ্চ স্তৰলৈকে শিক্ষাক লগতে বহুমুখী শিক্ষাকো এক নতুন দৃষ্টিভংগীৰে বহল প্ৰেক্ষাপটত সামৰি ল’ব। এই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”ৰ লক্ষ্য হৈছে ২০৪০ চনলৈ ভাৰতৰ বৰ্তমানৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰি এক নতুন ৰূপ তথা গাঁথনি প্ৰদান কৰা। 


নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ পটভূমিঃ
   বৰ্তমানৰ নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০” পূৰ্বৱৰ্তী “ৰাষ্ট্ৰীয় শিক্ষা নীতি,১৯৮৬”ৰ স্থানত স্থলাভিষিক্ত হৈছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰকাশ পোৱা ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী মেনিফেষ্টোত এই কথা উল্লেখ আছিল যে দেশত শিক্ষাৰ মানদণ্ড আৰু ব্যৱস্থা উন্নত কৰিবলৈ নতুন শিক্ষা নীতিৰ প্ৰচলন কৰা হ’ব। সেই উদ্দেশ্যক বাস্তৱায়িত কৰিবলৈ ২০১৫ চনৰ জানুৱাৰীত প্ৰাক্তন কেবিনেট সচিব টি এছ আৰ সুব্রমনিয়ামৰ অধীনত এখন কমিটিয়ে নতুন শিক্ষা নীতিৰ বাবে পৰামৰ্শদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।
   তাৰপাছত ২০১৭ চনত এই কমিটিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰে। এই কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)ৰ প্ৰাক্তন অধ্যক্ষ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ নেতৃত্বত এখন খচৰা কমিটি গঠন কৰি দিয়া হয়। আৰু এই কমিটিয়ে খচৰা দাখিল কৰে ২০১৯ চনত। এই নতুন শিক্ষা নীতিৰ খচৰাখন দেশৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰে। এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰাখন সৰ্বমুঠ ৪৮৪ পৃষ্ঠাযুক্ত আছিল। অৱশেষত প্ৰায় ২ লাখতকৈ অধিক জনসাধাৰণৰ পৰামৰ্শ গ্ৰহণ কৰি সকলো চালি-জাৰি চাই ২০২০ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি মুকলি কৰা হয়। 

ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ নীতি-নিয়মসমূহঃ
   নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০য়ে ভাৰতৰ শিক্ষা ব্যৱস্থাত বহুতো পৰিৱৰ্তন বলবৎ কৰিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ৰ মতে ভাৰতে প্ৰত্যেক বছৰে নিজৰ দেশৰ মুঠ জি ডি পি(GDP)ৰ ৪ ৰ পৰা ৬ শতাংশ শিক্ষাক্ষেত্ৰত খৰছ কৰিব। আৰু ভাৰতৰ ৰাজ্যসমূহেও এই হিচাপতে ব্যয় কৰিব। 

নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”ত ঘটা পৰিৱৰ্তন আৰু ইয়াৰ উদ্দেশ্যঃ

■ ভাষাৰ ক্ষেত্ৰতঃ
   ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০য়ে মাতৃভাষা আৰু ৰাজ্যিক ভাষাসমূহক অধিক গুৰুত্ব প্ৰদান কৰিব। পঞ্চম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীক নিজৰ ৰাজ্যৰ মাতৃভাষাতে পাঠদান কৰিব লাগিব। সংস্কৃত আৰু অন্যান্য বিদেশী ভাষাকো গুৰুত্ব প্ৰদান কৰা হ’ব। এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০য়ে কোনো শিক্ষাৰ্থীৰ ওপৰত কোনো ভাষা বলপূৰ্বকভাৱে প্ৰয়োগ নকৰে। 

■ বিদ্যালয়ৰ শিক্ষাঃ
◆ ভাৰতৰ বিদ্যালয়সমূহৰ বৰ্তমানৰ গঠন “১০+২” ম’ডেলৰ সলনি “৫+৩+৩+৪” ম’ডেলত গঠন কৰা হ’ব। এই নতুন “৫+৩+৩+৪” ম’ডেল অনুসৰি এনেদৰে গঠন হ’ব-

    ১) নিৰ্মাণৰ স্তৰ- এই স্তৰটো বহুলভাৱে দুভাগত বিভক্ত কৰা হ’ব-প্ৰথমতে,তিনি বছৰৰ প্ৰাক-স্কুল বা অংগনবাদী আৰু দ্বিতীয়তে,প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীক প্ৰাথমিক বিদ্যালয় বিদ্যালয়ত হ’ব। এই স্তৰে ৩ৰ পৰা ৮ বছৰীয়া শিশুক সামৰি ল’ব। ইয়াৰ জৰিয়তে মূলতঃ কাৰ্যকলাপৰ জৰিয়তে অধ্যয়নক গুৰুত্ব আৰোপ কৰা হ’ব। 
   ২) প্ৰাথমিক স্তৰ- এই স্তৰত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সন্নিৱিষ্ট হ’ব আৰু এই স্তৰে ৮ ৰ পৰা ১১ বছৰৰ শিক্ষাৰ্থীক সামৰি ল’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ৰ মতে এই স্তৰতে ক্ৰমান্বয়ে লাহে লাহে কোৱা,পঢ়া,লিখা,শাৰীৰিক শিক্ষা,ভাষা,কলা,বিজ্ঞান আৰু গণিত আদি বিষয় সন্নিৱিষ্ট কৰিব। 
   ৩) মধ্যম স্তৰ- এই স্তৰত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সন্নিৱিষ্ট হ’ব আৰু লগতে ইয়াত ১১ ৰ পৰা ১৩ বছৰৰ শিক্ষাৰ্থী সকলক সামৰি ল’ব। এইটো স্তৰত সমাজ বিজ্ঞান,কলা,বিজ্ঞান,গণিত আৰু ইংৰাজী বিষয় বহল প্ৰেক্ষাপটত আলোচনা কৰা হ’ব। 

   ৪) মাধ্যমিক স্তৰ- এই স্তৰত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সন্নিৱিষ্ট হ’ব আৰু ই ১৪ ৰ পৰা ১৮ বছৰৰ শিক্ষাৰ্থীসকলক সামৰি ল’ব। আৰু এই মাধ্যমিক স্তৰটো দুটা পৰ্য্যায়ৰ হ’ব। প্ৰথম পৰ্য্যায়ত- নৱম আৰু দশম শ্ৰেণীৰ আৰু দ্বিতীয় পৰ্য্যায়ত- একাদশ আৰু দ্বাদশ শ্ৰেণী। শিক্ষাৰ এই চাৰিবছৰতে শিক্ষাৰ্থীক বহুমুখী পাঠ্যক্ৰমৰ জ্ঞান দিয়া হ’ব আৰু লগতে গভীৰ আৰু জটিল চিন্তা-ধাৰাৰ প্ৰতি আকৃষ্ট কৰা হ’ব। শিক্ষাৰ এইটো স্তৰত বহু বিষয় গ্ৰহণৰ বিকল্প দিয়া হ’ব। 
◆ বিদ্যালয় পৰ্য্যায়ত শিক্ষাৰ্থীসকলে অষ্টম শ্ৰেণীলৈকে কেৱল মাত্ৰ তিনিটা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব আৰু সেইকেইটা হৈছে – তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীত। 


◆ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে বৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব যদিও তাক বেলেগ ধৰণে অনুষ্ঠিত কৰা হ’ব। পৰশ(PARAKH) নামৰ এখন মূল্যায়ন বৰ্ডৰ জৰিয়তে এই পৰীক্ষাৰ মান নিৰ্ণয় কৰা হ’ব। পৰীক্ষা পদ্ধতি সহজ কৰিবলৈ এবছৰত দুটাকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব অৰ্থাৎ চেমিষ্টাৰ পদ্ধতিত মূল্যায়ন কৰা হ’ব। এই পৰীক্ষাৰ দুটা ভাগ থাকিব – বিকল্পধৰ্মী আৰু বৰ্ণনাধৰ্মী। 

◆ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ মতে ছাত্ৰ-ছাত্ৰীৰ পৰা পাঠ্যক্ৰমৰ অযথা বোজা হ্ৰাস কৰা হ’ব। আৰু এই শিক্ষানীতিত এটা বিভাগৰ শিক্ষাৰ্থীয়ে আন এটা বিভাগৰ বিষয়ো অধ্যয়ন কৰিব পাৰিব আৰু ইচ্ছা অনুযায়ী যিকোনো ভাষা অধ্যয়নৰ সুবিধা লাভ কৰিব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ত দক্ষতাত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব। 

◆ এই শিক্ষা নীতিত ষষ্ঠ শ্ৰেণীৰ পৰাই কম্পিউটাৰৰ কডিং শিক্ষণৰ আৰম্ভণি কৰিব আৰু অভিজ্ঞতাসম্পন্ন শিক্ষণৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব। 

◆ শিক্ষাৰ্থীৰ বাবে থকা মধ্যাহ্ন ভোজন আঁচনিৰ প্ৰসাৰ ঘটোৱা হ’ব আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ মতে প্ৰাতঃভোজনো আগবঢ়োৱা হ’ব। মুখ্যতঃ শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত গুৰুত্ব প্ৰদান কৰা হ’ব। 

   এনেদৰেই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০” য়ে ভাৰতৰ শিক্ষাক্ষেত্ৰত এক আলোড়নৰ সৃষ্টি কৰিব আৰু ই হ’ব বিশ্ব নেতৃত্বৰ ক্ষেত্ৰত ভাৰতৰ এক সবল খোজ। এই “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ পৰিসৰ বহল কৰিব আৰু শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিব। “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিব আৰু ই এক অতি সাহসী পদক্ষেপ।

 Copied post.
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। --দুদুল সোণোৱাল।

     .
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

Featured post

বিদ্যালয়ত আগবঢ়াব পৰাকৈ এটা চমু ভাষণৰ আৰ্হি।

  এটা সাৰুৱা ভাষণ...    পৰম শ্ৰদ্ধাৰ আজিৰ শিক্ষক দিৱস উপলক্ষে আয়োজিত সমৰ্দ্ধনা সভাৰ সভাপতি ডাঙৰীয়া, তথা উপস্থিত সহকৰ্মীবৃন্দ, বিদ্যালয় পৰ...

Popular posts