জীৱনে শিকায়। জীৱনে বুজায়। জীৱনে কেতিয়াবা আঁতৰাই। জীৱনে কেতিয়াবা চপায়। আঁতৰোৱা জীৱন বেৰি ধৰে দুখ,শোঁক আৰু নিৰাশাৰ আবিৰে। প'ল অনুপ'ল হৈ পৰে বিৰহ,বেদনা, বিষাদ,বিমৰ্ষৰ সমাহাৰ। জীৱন হৈ পৰে পল্লৱহীন, বীজহীন আৰু পুষ্পহীন। ৰসহীন জীৱন ৰসহীন ফলৰ সদৃশ। এনে জীৱন মানুহ মাত্ৰেই অকাম্য।
আকৌ জীৱনে কেতিয়াবা চপায় আনে। কাৰোবাৰ জীৱন সুখৰ আবিৰৰ পৰশত ৰঙীন হয়। চপায় আনে জীৱনলৈ সুখ, শান্তি, হৰ্ষ উল্লাস, হাঁহিৰ মেটমৰা সম্ভাৰ । এনে জীৱনেই সকলোৰে কাম্য। এনে জীৱন হয় পল্লৱিত , দহোদিশ সুশোভিত।
ই যি কি নহওঁক, আশা-নিৰাশা, হৰ্ষ-বিষাদ, বিৰহ-মিলন আদি উপাদানৰ সংমিশ্ৰণেই হ'ল মানৱ জীৱন । কোৱা হয় মানৱ জীৱন প্ৰাপ্ত হয় বহু যুগৰ সুকৰ্মৰ ফলত । মূল্যৱান মানৱী জীৱনত আমি সকলোৱে ভাৱৰীয়া । আমি সকলোৱে একোজন পূৰঠ পৈণত অভিনেতা।যিদিনাই অভিনয় শেষ হ'ব সেইদিনাই মানৱী দেহ ত্যাগ কৰি বৈকুণ্ঠগামী হয় আমাৰ নশ্বৰ আত্মা। কেৱল মায়া মোহৰ মহাসাগৰত আৱদ্ধ হৈ আমি ককবকাই থাকোঁ । গতিকে সকলো মিছা। সকলো জীৱনৰ মৰীচিকা মাথোন। সত্য কেৱল সময় । সময়ে দি যোৱা সত্যতা। সময়ে দি যোৱা বিশুদ্ধ জ্ঞান। শিক্ষা।.
এদিন সৰু আছিলোঁ। আইয়ে ধুৱাই দিছিল মুখ। আইয়ে খুৱাই দিছিল টোপ। কথা শিকাইছিল ক'বলৈ। ...জিজি খোৱা, বিবি খোৱা ,... শিকাইছিল জীৱনৰ আদিপাঠ। অশিক্ষিত আইৰ অকৃত্ৰিম মমতাৰ আঁচলত ধৰি আমি লাভ কৰিছিলো সময়ৰ জ্ঞান। সময়ৰ শিক্ষা। তাৰ পিছত এদিন দুদিনকৈ সৰ্পিল গতিৰে পাৰ হৈছিল সময় । সময়ৰ বগী ঘোঁৰাত উঠি পাৰ হৈছিল জোনবাইক বেজী এটা খোজা..ল'ৰালি বয়স। পাৰ হৈছিল শৈশৱৰ ধূলি বালি খেলা ধেমেলীয়া আৰু আনন্দৰে ভৰপূৰ জীৱনৰ -সময়। আইৰ শিক্ষালয়ত শিক্ষা সাং কৰি সাত বছৰ বয়সত নাম লগায় দিছিল এদিন সমীপৰ চৰকাৰী বিদ্যালয়খনত। তাতো বহু শিক্ষা। কেৱল পঢ়া আৰু পঢ়া। পঢ়াশালিত শিকিলোঁ মাৰিবলৈ ৰসৰাজৰ হাঁহি। শংকৰদেৱৰ কৰতল কমল নয়ন...। আই সমান হ'ব কোন, নৈৰ সমান বব কোন...। বহুতো.. বহুতো মূল্যৱান মানৱী জ্ঞান। তথাপিও দেখোন শেষ নহয় আইৰ শিক্ষালয়ৰ শিক্ষা। প্ৰতিটো খোজতে আইৰ বহুমূলীয়া শিক্ষা। সোণসেৰীয়া পৰামৰ্শ। সোণসেৰীয়া উপদেশ। য'ত আছিল আস্থা আৰু বিশ্বাসৰ গান। য'ত আছিল সাহস আৰু ধৈৰ্যৰ তান। এক গভীৰ জ্ঞানৰ প্ৰলেপ।
সময়ে শিকালে কঠিনতম সময়ক বুজিবলৈ। সময়ে শিকালে সুখত হাঁহিবলৈ। সময়ে শিকালে দুখত কান্দিবলৈ। আকৌ সেই সময়ৰ অভিজ্ঞতাই শিকাই থৈ গ'ল সহস্ৰাধিক শোকঁ দুখতো ভাঙি নপৰাকৈ থিয়হৈ জীয়াই থাকিবলৈ। সময়ে জ্ঞাপন কৰা ভালবোৰ ঈশ্বৰৰ আশীৰ্বাদ। বেয়াবোৰ ঈশ্বৰৰ অভিশাপ।
যিয়েই নহওঁক আমি শিকিছো- দেখি দেখি, থেকি থেকি জীৱনৰ সম্পৰ্কে। জীৱনৰ গুঢ়াৰ্থ।
পিতৃ মাতৃৰ নীতি শিক্ষাৰ বোকাচাত উঠি ডাঙৰক সন্মান প্ৰদৰ্শন কৰিবলৈ শিকিছিলো । এতিয়াও মনত পৰে জ্যেষ্ঠজনে আগবঢ়োৱা উপদেশ, পৰামৰ্শবোৰৰ কথা। নঙলাটো খুলি সোমোৱাৰ পাছত নঙলাটো বন্ধ কৰিব লাগে, গোসাঁইৰ ঘৰত চেণ্ডেল পিন্ধি সোমাব নালাগে আদি কথাবোৰ আমাক সৰুতে সোৱঁৰাই দিছিল। এই সৰু সৰু কথাবোৰে আমাক বহু জ্ঞান দিছিল। কিন্তু আজিৰ সমাজত এনেধৰণৰ সৰু সৰু কথাবোৰৰৰ প্ৰতি কিছু আওকাণ কৰা দেখা যায়। গুৰুত্ব দিব নিবিচাৰে বহুতো লোকে। সেয়ে হয়তো ইয়াৰ পৰিণতি কিছু ক্ষেত্ৰত দেখিবলৈ পাইছোঁহক ।
নীতি শিক্ষা প্ৰতিটো শিশুৰ বাবে অতিশয় প্ৰয়োজনীয় শিক্ষা। নীতি শিক্ষা দিয়া হয় বিদ্যালয়ত। নীতি শিক্ষা কিছু পোৱা হয় ঘৰত। বিভিন্ন জন মনিষীৰ মহৎ বাণীসমূহ অধ্যয়ন কৰিবলৈ দিয়া হয় বা কোৱা হয়। কিন্তু কিমান জনৰ মনত গভীৰ প্ৰভাৱ পেলায় তাৰ সংখ্যাটো গণনা কৰিব পৰা বিধৰ।আজিৰ নতুন প্ৰজন্মই (অৱশ্যে সকলোৱে নহয়) নীতি শিক্ষাক অনুসৰণ কৰি জ্ঞান অৰ্জন কৰিবলৈ কুণ্ঠাবোধ কৰে।
ই যি কি নহওঁক, সময়বোৰ অতিবাহিত হৈ গৈ আছে আৰু অতিবাহিত হোৱা সময়ক স্পৰ্শ কৰিছে পৰিবৰ্তনৰ সমীৰনে অহনিৰ্শে।
ক্ৰমশঃ
পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।
Very nice topic
ReplyDeleteThank you so much.
DeleteGood feelings
ReplyDeleteThank you so much
Delete