Wednesday, August 17, 2022

আত্মহত্যা কি? মানুহে কিয় আত্মহত্যা কৰে ? হিন্দু ধৰ্মৰ দৃষ্টিকোণেৰে আত্মহত্যাৰ পৰিণাম আৰু আত্মহত্যাৰ পৰা মুক্তিৰ উপায়।

আত্মহত্যা কি? মানুহে কিয় আত্মহত্যা কৰে ? হিন্দু ধৰ্মৰ দৃষ্টিকোণেৰে আত্মহত্যাৰ পৰিণাম আৰু আত্মহত্যাৰ পৰা মুক্তিৰ উপায়।

   সাম্প্ৰতিক প্ৰেক্ষাপটত আত্মহত্যা এক ধাৰাবাহিক ঘটনাত পৰিণত হৈছে। ঘৰুৱা কন্দলৰ ফলত, কোনো লক্ষ্যত উপনীত হ'ব নোৱাৰাৰ বেজাৰত, আৰ্থিক অনাটনৰ ফলত কিম্বা প্ৰেমজনিত কাৰণত নিতৌ গড়ে এজনকৈ অসমৰ লগতে দেশত আত্মহত্যাৰ ঘটনা ঘটিয়েই থাকে। ইয়াৰ ভিতৰত কিছু আঢ্যৱন্ত লোক আৰু কিছু দৰিদ্ৰ পৰিয়ালৰ লোকো আছে। এনেদৰে হোৱা মৃত্যুৰ সম্পৰ্কে কিছু জনাৰ লগতে মৃত্যুৰ কাৰণ সমূহ আমি মানু্হ হিচাপে ফঁহিয়াই চোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মনত ভাবৰ উদয় হয়। লগতে এনেদৰে মৃত্যুবৰণ কৰা শৱদেহৰ যি আলৈ-আথানি হয় তাক দেখিও নিজকে বৰ নিম্ন মানদণ্ডৰ প্ৰাণী যেন অনুভৱ হয়।
    আমি প্ৰত্যেকেই নিশ্চয় জানো যে আত্মহত্যা কৰা ব্যক্তি এগৰাকীয়ে কোনো এক গুৰুতৰ কাৰণতেই মৃত্যুক সাৱটি লয়। লাগিলে তাৰ কাৰণ সৰু-বৰ হ'ব পাৰে। এতিয়ালৈকে মই নিজ চকুৰে চাৰিটা আত্মহত্যাৰ দৃশ্য নিচেই কাষৰ পৰা দেখিলোঁ। ইয়াৰে দুটা ডেকা ল'ৰাৰ আৰু দুটা বয়সস্থ পুৰুষ-মহিলাৰ । আনহাতে আত্মহত্যাৰ বাবে প্ৰচেষ্টা কৰা লোকৰো দৃশ্য প্ৰত্যক্ষ কৰিছোঁ। এই মৃত্যু দেখি মোৰ মনলৈ অহা প্ৰথম প্ৰশ্নটো হ'ল- তেওঁ কিয় মৰিল ? দ্বিতীয় প্ৰশ্নটো হ'ল সময়ৰ সৈতে, পৰিস্থিতিৰ সৈতে সন্মুখীন হোৱাৰ সৎসাহস তেওঁৰ নাছিল নেকি?' কিয় মৰিল ' বুলি কওঁতে ইয়াৰ উত্তৰ ইতিবাচক বা নেতিবাচক উভয়ে হ'ব পাৰে। অৰ্থাৎ কিছুমান লোকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিয়েই মৃত্যুক সাৱটি লয় আৰু আন কিছুমান লোকে আৱেগৰ বশৱৰ্তী হৈয়েই মৃত্যুক সাৱটি লয়। হ'লেও কিন্তু জনা উচিত 'আত্মহত্যা' সদায়েই নেতিবাচক আৰু ঘৃণনীয় কাৰ্য। আনহাতে কিছুমানলোকে পৰিস্থিতি আৰু সমস্যাৰ সৈতে মোকাবিলা কৰিব নোৱাৰি আত্মহত্যাৰ সদৃশ নীচ কৰ্মৰে নিজক বিনাশ কৰি দিয়ে। 
 
আত্মহত্যা মহাপাপ হয়নে ?
   আত্মহত্যা মহাপাপ হয়নে নহয় আমি একাষাৰে ক'ব নোৱাৰোঁ। ধৰ্ম গ্ৰন্থৰ মতে মৃত্যু চিৰাচৰিত ঘটনা। ই কেতিয়াবা অন্ত্যন্ত দুখৰ হয়, আৰু কেতিয়াবা দুখ লঘু হয়। 
    "বিখ্যাত সমাজতত্ত্ববিদ ইমাইল ডুৰখেইমৰ মতে,-আত্মহত্যা এটা ব্যক্তিগত ক্ৰিয়া নহয়। ইয়াৰ কাৰক হৈছে এনে এটা শক্তি যি ব্যক্তিসত্তাতকৈ ওপৰত। তেওঁ ব্যাখ্যা কৰিছিল যে,সকলো প্ৰকাৰৰ আত্মহত্যাৰ মূল উৎস হৈছে ব্যক্তিজনে নিজে কৰা যোগাত্মক বা বিয়োগাত্মক কৰ্মৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ,যি কৰ্মটোৰ সম্ভাব্য ফলাফলৰ বিষয়ে জানে।"
    হিন্দু ধৰ্মৰ দৃষ্টিকোণেৰে চালে আত্মহত্যা মহাপাপ। যি গুৰুতৰ কাৰণতেই আত্মহত্যা নকৰক কিয়,এই মৃত্যু কেতিয়াও স্বাভাৱিক হ'ব নোৱাৰে। ই ঈশ্বৰৰ ইচ্ছাৰ পৰিপন্থী। হিন্দু ধৰ্মৰ বিবেচনাত আত্মহত্যা নৰবধৰ সমপৰ্য্যায়ৰ। ই সদায়েই অন্যায় হিচাপে বিবেচিত। আনহাতে খ্ৰীষ্টান ধৰ্মৰ বাইবেলৰ মতেও আত্মহত্যা ঈশ্বৰৰ বিৰুদ্ধে কৰা এক গুৰুতৰ পাপ কৰ্ম। বাইবেলৰ মতেও আত্মহত্যা নৰবধৰ সমপৰ্য্যায়ৰ। আন আন ধৰ্মৰ দৃষ্টিকোণেৰেও আত্মহত্যাক মহাপাপ হিচাপে গণ্য কৰা হয়। সেয়েহে হিন্দু ধৰ্মৰ লোকসকলে আত্মহত্যা কৰা ব্যক্তিক পাপী আখ্যা দিয়ে আৰু ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰে। নিজেই নিজৰ জীৱন বিনাশ কৰাজন সমাজত আত্মঘাতক, আত্মঘাতী বা আত্মঘাতিকা আৰু আত্মঘাতিনী ৰূপে পৰিচিত।
    
সমাজৰ কৰণীয়:
   মানুহ মাত্ৰেই সুখ-দুখ আছে। অলপীয়া দুখতে মানুহে ভাঙি পৰা অনুচিত। কিছুমানে কাজিয়া-পেছালৰ ফলত অগ্নিশৰ্মা হৈ বহু নকৰিব লগা কাম কৰে আৰু আত্মহত্যা কৰিবলৈ উদ্যত হয়। আনহাতে আন কিছুমান লোকে জটিল সমস্যাৰ সন্মুখীন হোৱাৰ ফলত আত্মহত্যাৰ দৰে ঘৃণনীয় পথ বাচি লয়। যাৰবাবে আনকি মৃতলোকজনৰ শৰীৰৰো আলৈ-আথানি হোৱা দেখা যায়। সেয়েহে শোকত বা দুখত পৰি ঋণাত্মক কথা চিন্তা কৰা উচিত নহয়। সদায়েই যিকোনো সমস্যা সমাধানৰ উপায় নহ'লেও যোগাত্মক চিন্তা ধাৰাৰে আগবাঢ়ি যোৱাৰ মানসিকতা ধৈৰ্য্য আৰু সহনশীলতাৰে গঢ় দিয়া উচিত। 
   এই ক্ষেত্ৰত সমাজৰ কৰণীয় অসীম। জীৱিত অৱস্থাত যিমান পাৰি ইজনে সিজনক আমি সহায় সহযোগ কৰা উচিত। মৃত্যুৰ পিছত সি যিদৰেই মৃত্যু নহওঁক,মৃতকক ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰা উচিত নহয় বুলি ভাবোঁ। যি মানুহজনক আমি জীয়াই থকাৰ কালত গুৰুত্ব নিদিলোঁ , সেই মানুহ জনক মৃত্যুৰ পিছত ঘৃণা কৰাৰো আমাৰ অধিকাৰ নাই। গতিকে সমাজৰ গণ্ডীৰত চলি থকা কিছু নীতি নিয়ম আমি সলনি কৰিবলৈ হ'ল। আমাৰ মনোভাৱ পৰিৱৰ্তন কৰিবলৈ হ'ল। 
   যোৱা কিছুদিনৰ আগতে মোৰ এজন শহুৰে আত্মহত্যা কৰিলে। ডিঙিত জৰী দি আত্মহত্যা কৰা এই ব্যক্তি গৰাকীক যিদৰে সমাজে অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত ঘৃণাৰ মনোভাৱ প্ৰকাশি অসহযোগ কৰিলে তাকে দেখি মানুহ জাতিটোৰ ওপৰতে মোৰ বিৰাগ উপজিল। মানুহ ইমান নীচ আৰু স্বাৰ্থপৰ হ'ব পায়নে ? অথচ জীৱিত অৱস্থাত সেইজন মানুহৰ লগত সকলোৰে সঠিক ভাৱে আছিল। সেই মানুহ জনক শ্মশান শালীলৈ নিবলৈ গাঁওৰ মানুহৰ অভাৱ ঘটিল। কিন্তু কিয়? ইয়াৰ উত্তৰ নিশ্চয় আত্মহত্যা কৰাৰ বাবে। 

 মোৰ মতে আত্মহত্যাক ঘৃণাৰ দৃষ্টিৰে চাওক, কিন্তু মানুহজনক অৰ্থাৎ শৱদেহক নহয়। মহৎ ব্যক্তি যিশুখ্ৰীষ্টই আমাক কৈ গৈছে - "পাপক ঘৃণ কৰিবা, কিন্তু পাপীক নহয়।" 


আত্মহত্যাৰ পৰা কিদৰে মুক্তি লভিব !
   আত্মহত্যাৰ পৰা মুক্তিৰ উপায় হৈছে ধৈৰ্য্য আৰু যোগাত্মক চিন্তা। মানুহ হিচাপে জন্ম লাভ কৰাটো আমাৰ ভাগ্য। পূৰ্বৰ জন্মত সৎকৰ্ম কৰাৰ ফল হৈছে মানৱী জনম। শাস্ত্ৰত , বেদ উপনিষদ আদিত ইয়াকে কয়। মানুহ হিচাপে আমি ভাল কৰ্ম আৰু ভাল চিন্তা কৰা উচিত। কোনো সমস্যাৰ মাজত সোমাই থাকি কেৱল চিন্তা কৰি থাকিলে নহ'ব, মুখ্যতঃ ইয়াৰ সমাধানৰ উপায়হে উলিওৱাৰ প্ৰয়োজন। সেয়েহে কোনো দুখৰ বোজা মনত কঢ়িয়াই ফুৰিব নালাগে,বৰঞ্চ কথাবোৰ নিজৰ বিশ্বাসী এজক পৰিষ্কাৰকৈ ভাঙি পাতি কোৱা উচিত। দুখৰ কথাবোৰ আনৰ আগত ব্যক্ত কৰিলে দুখৰ বোজা পাতল হয়। লগতে সমস্যাৰ সমাধানৰ পথ ওলোৱাৰ সম্ভাৱনা থাকে। এইদৰে আত্মহত্যা মনোভাৱ মনোজগতৰ পৰা আঁতৰাই পেলাব পাৰি। 
উপসংহাৰ 
     নিশ্চয় আত্মহত্যা জীৱনৰ সমাধান কেতিয়াও হ'ব নোৱাৰে , বন্ধু বান্ধবী সকল জীৱনত যিমানেই আঘাত বা কষ্ট নোপোৱা কিয়,এনেকুৱা পথ বা চিন্তা মনলৈ কেতিয়াও অনা উচিত নহয়। জীয়াই থাকি আগলৈ আগবাঢ়ি যাব লাগে আৰু সদায় আশা পুহি ৰাখিব লাগে 'এদিন মই মানুহ হ'ম।' তেতিয়া হেৰাই যোৱা বহুত কিবা বিচাৰি পোৱা যাব আমাৰ জটিল জীৱনত , এইয়া মোৰ অনুভৱ আৰু বন্ধুবৰ্গ তথা শুভাকাংশীলৈ বিশেষ অনুৰোধ । মৃত্যুৰ জৰিয়তে জীৱনক জিনিব নোৱাৰি, সঠিক কৰ্ম, ধৈৰ্য, একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত মানুহে জীৱনত বাধাৰ প্ৰাচীৰ ভাঙি জয় লাভ কৰিব পাৰে। আৰু এটা কথা মৃত্যুৰ পিছত মানুহৰ শৰীৰত পাপ নাথাকে। ই জীৱহীন হৈ পৰে। সেয়েহে এনে মূহুৰ্তত আমি সকলোৱে মিলি জ্বলাই নাশ কৰিব লাগে। কাৰণ জ্বলাই নাশ কৰিলে শৱশৰীত থকা বিজানু ধ্বংস হয়। বিজানু ধ্বংস হ'লে পৰিৱেশ সুস্থ হৈ থাকে। 





প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।

🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸






 

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts