Thursday, October 27, 2022

পলিটেকনিক শিক্ষা আৰু বৰ্তমান ইয়াৰ জনপ্ৰিয়তা। Polytechnic education and its popularity today.

Polytechnic শিক্ষা আৰু বৰ্তমান ইয়াৰ জনপ্ৰিয়তা। Polytechnic education and its popularity today.
১/পাতনি: পলিটেকনিক কি ?
২/পৰীক্ষা পতাৰ ব্যৱস্থা সমূহ কেনেধৰণৰ:
৩/ পলিটেকনিকত নামভৰ্তিৰ বাবে অৰ্হতা সমূহ আৰু অধ্যয়নৰ ভাগবোৰ :
৪/ পলিটেকনিক শিক্ষানুষ্ঠান ক'ত আছে ?
৫/ চাকৰিৰ সুবিধা কিমান ?
৬/ বৰ্তমান সময়ত ইয়াৰ জনপ্ৰিয়তা কিমান ?
৭/ উপসংহাৰ ।

পাতনি: পলিটেকনিক কি ?

       পলিটেকনিক হৈছে এক শিক্ষানুষ্ঠান য'ত অনেক শিল্প শাস্ত্ৰত শিক্ষা প্ৰদান কৰা হয়। শিক্ষাৰ্থী সকলক কাৰিকৰী দিশত আগুৱাই নিবৰ কাৰণে পলিটেকনিক বিদ্যালয় স্থাপন কৰা হৈছে। বিশেষকৈ ইঞ্জিনিয়াৰিং, মেকানিকেল আদিৰ দৰে জীৱন প্ৰস্তুত কৰা শিক্ষা এনে পলিটেকনিক বিদ্যালয়ত শিকোৱা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত বিভিন্ন কৌশলগত শিক্ষাৰ সহায়ত শিকাৰুৰ জীৱন স্থায়ীভাৱে গঢ় দিবলৈ পলিটেকনিকৰ শিক্ষাই সহায় কৰে। ইয়াক 'লাইফ' পঢ়া বুলিও কোৱা হয়। শিক্ষাৰ পৰিসৰ ব্যাপক। ব্যাপক শিক্ষাৰ অন্তৰ্ভুক্ত এক কৌশলগত শিক্ষাৰ ভেটি হৈছে পলিটেকনিক শিক্ষা।

       ভাৰতৰ বিভিন্ন ৰাজ্যত পলিটেকনিক শিক্ষাৰ ব্যৱস্থা আছে। অসমতো পলিটেকনিক শিক্ষাৰ ব্যৱস্থা পূৰ্বৰ তুলনাত বৰ্তমান বহু উন্নত পৰ্যায়ত উপনীত হৈছে। উল্লেখযোগ্য যে আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ অথবা অভিভাৱক সকলৰ পলিটেকনিক শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে মুঠেও জ্ঞান নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে এনে শিক্ষানুষ্ঠানত শিক্ষা আহৰণ কৰি জীৱন গঢ়াৰ সুযোগ নাপায়। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে পলিটেকনিক শিক্ষাৰ সম্পৰ্কে একেবাৰে অজ্ঞ। যাৰ বাবে ভৱিষ্যত গঢ় দিবলৈ কোনো সুন্দৰ সুবিধাজনক স্ক'প নাপাই কলিতে মৰহি যাই এচাম আগ্ৰহী আৰু মেধাসম্পন্ন শিক্ষাৰ্থীৰ জীৱন। সেয়ে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে এনে দিশত নিজকে আগুৱাই নিবৰ বাবে কাৰিকৰী শিক্ষা আহৰণৰ পথসমূহৰ সম্পৰ্কে বিশদ ভাৱে জানিব লাগিব। কি দিশেৰে আগবাঢ়িলে পলিটেকনিক অথবা আন কাৰিকৰী মূলক বা বৃত্তিমুখী শিক্ষা লাভ কৰিব তাক ভালদৰে জানিলেহে জীৱন গঢ় দিবলৈ সক্ষম হ'ব। এই লেখাত পলিটেকনিক শিক্ষাৰ ব্যৱস্থাৰ সম্পৰ্কে আলোকপাত কৰা হৈছে। 

২/পৰীক্ষা পতাৰ ব্যৱস্থা সমূহ :
   
     অসমত পলিটেকনিক শিক্ষাত নামভৰ্তি কৰাৰ বাবে প্ৰথমে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ'লেহে অসমৰ যিকোনো পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পায়। 
     অসম পলিটেকনিক হৈছে ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত কৰা এক পৰীক্ষা, যাক PAT পৰীক্ষা বুলি কোৱা হয়। PAT মানে হৈছে Polytechnic Admission Test. PAT উত্তীৰ্ণৰ জৰিয়তে শিক্ষাৰ্থী সকলে নতুন বৰ্ষৰ বাবে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিষয়ত ডিপ্লমা পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। অসম পলিটেকনিকৰ PAT পৰীক্ষা অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত। প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলে প্ৰত্যক্ষভাৱে বিভিন্ন পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পায়। এই পৰীক্ষা MCQ (multiple choice questions) বা বস্তুনিষ্ঠ প্ৰশ্নৰ ওপৰত ভিত্তি কৰি লোৱা হয়। ইয়াৰ ৱেবছাইটৰ ঠিকনাটি হ’ল - www.dteassam.in । এই প্রৱেশ পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ৰ মুঠ ১০০ নম্বৰৰ প্ৰশ্ন আহে ।
     প্ৰতি বছৰৰ মে' মাহৰ পৰা জুন মাহৰ ভিতৰত পলিটেকনিকৰ PAT পৰীক্ষাৰ বাবে শিক্ষাৰ্থী সকলৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰে। আবেদনৰ সংশোধন আৰু মাছুল পৰিশোধৰ বাবে অন্তিম তাৰিখ শিক্ষা সঞ্চালকালয়ে অনলাইন প'ৰ্টেলত সন্নিৱিষ্ট কৰে। 
    প্ৰাৰ্থীসকলে বিজ্ঞাপন অনুসৰি নিৰ্দিষ্ট সময়ত অনলাইন যোগেদি PAT ৰ বাবে আবেদন দাখিল কৰিব লাগে। অনুসূচিত জাতি , জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ বাবে আবেদনৰ মাচুল বেলেগ বেলেগ। পৰীক্ষা অনুষ্ঠিত কৰা হয় বছৰৰ জুলাই মাহত। পৰীক্ষা অনুষ্ঠিত হোৱা তাৰিখ, বাৰ, মাহ আদি বিভাগীয় website ত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে সন্নিৱিষ্ট কৰা থাকে। তদুপৰি পৰীক্ষাৰ এডমিট কাৰ্ড খনতো সকলোবোৰ উল্লেখ কৰা থাকে। পৰীক্ষাৰ ঠিক দুই সপ্তাহৰ আগতে website ত প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড উপলব্ধ হয় । ইয়াক সময় মতে ডাউনলড কৰি ল'ব লাগে।
    পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তলত উল্লেখ কৰা ধৰণে পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পায়।

৩/ পলিটেকনিকত নামভৰ্তিৰ বাবে অৰ্হতা সমূহ আৰু অধ্যয়নৰ ভাগবোৰ:
    প্ৰৱেশ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত পলিটেকনিক শিক্ষানুষ্ঠান এখনত নামভৰ্তি কৰিব পাৰে। ইয়াৰ বাবে নিম্নতম অৰ্হতা হৈছে মেট্ৰিক উত্তীৰ্ণ বা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগে। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী বা স্নাতক ডিগ্ৰী ধাৰী সকলেও নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰে। পলিটেকনিক প্ৰৱেশ পৰীক্ষাৰ উত্তীৰ্ণ ফলাফলৰ কাউন্সিলিংৰ মতে আবেদনকাৰী প্ৰাৰ্থী সকলে বিভিন্ন পলিটেকনিক স্কুলত নামভৰ্তি কৰিব পাৰে। দেখা যায় যে শতকৰা প্ৰায় ০.০০৩ শতাংশ দশম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰে। উল্লেখ্য যে বহু ছাত্ৰ-ছাত্ৰীয়ে পলিটেকনিকৰ সম্পৰ্কে জ্ঞাত নহয়। আনহাতে কিছুমানৰ মনত পলিটেকনিকৰ সম্পৰ্কে ভাল মনোভাৱ নাই যাৰ বাবে পলিটেকনিকত নামভৰ্তিৰ বাবে বহু ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈ আছে। 
    পলিটেকনিকত তিনি বছৰীয়া পাঠ্যক্ৰম প্ৰদান কৰা হয়। বৰ্তমান ষাণ্মাসিক বা Semester পদ্ধতিত এই শিক্ষা প্ৰদান কৰে। বছৰেকত দুটা Semester আৰু তিনি বছৰত মুঠ Semester ছটা হয় । 
    বৰ্তমান বিশ্বৰ সকলোতে কাৰিকৰী শিক্ষাৰ জনপ্ৰিয়তা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰিয়েই শিক্ষানুষ্ঠান সমূহেও শিক্ষাৰ পাঠ্যক্ৰমৰ বাবে বিভিন্ন ভাগবোৰ সন্নিৱিষ্ট কৰিছে। অসম পলিটেকনিক শিক্ষানুষ্ঠানতো ভিন্ন বিষয়ৰ ভাগবোৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ভাগবোৰৰ লগত সামঞ্জস্য ৰাখি সন্নিৱিষ্ট কৰা হৈছে। অসমৰ পলিটেকনিক শিক্ষানুষ্ঠান সমূহত পঢ়াৰ সুবিধা থকা বিভিন্ন ভাগবোৰ তলত উল্লেখ কৰা হ'ল। -
    i) Architect Assistant (আৰ্কিটেক এছিটেণ্ট)
    ii) Civil engineering (চিভিল ইঞ্জিনীয়াৰিং)
    iii) Mechanical engineering (মেকানিকেল ইঞ্জিনিয়াৰিং)
    iv) Chemical engineering (কেমিকেল ইঞ্জিনিয়াৰিং)
    v) Electrical engineering (ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং)
    vi) Electronics and Telecommunications (ইলেকট্ৰনিকছ এণ্ড টেলিকমিনিউকেশ্বনছ)
    vii) Computer engineering (কম্পিউটাৰ ইঞ্জিনিয়াৰিং)
    viii) Instrumentation (ইনষ্ট্ৰুমেনটেছন)
    ix) Textile Technology (টেক্সটাইল টেকনলজি)
   x) Garment Technology(গাৰমেণ্ট টেকনলজি)
    xi) Automobiles engineering (অটমোবাইলছ ইঞ্জিনিয়াৰিং)
    
৪/ পলিটেকনিক শিক্ষানুষ্ঠান ক'ত আছে :
      অসম চৰকাৰৰ অধীনত অসমত পূৰ্বে কেৱল ১০ খন পলিটেকনিক শিক্ষানুষ্ঠান আছিল।২০১৭-২০১৮ বৰ্ষত আৰু ১১খন শিক্ষানুষ্ঠান নতুনকৈ স্থাপন কৰা হয়। বৰ্তমান অসমত থকা মুঠ পলিটেকনিক শিক্ষানুষ্ঠান হৈছে ২১ খন। 
       অসমত থকা পলিটেকনিক কেইখন হ’ল : ১।অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, গুৱাহাটী ২।গাৰ্লছ পলিটেকনিক, গুৱাহাটী ৩।বঙাইগাঁও পলিটেকনিক, ৪।শিলচৰ পলিটেকনিক, ৫। নগাঁও পলিটেকনিক ,৬। প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি , যোৰহাট ৭। ডিব্রুগড় পলিটেকনিক ৮। গাৰ্লছ পলিটেকনিক, গোলাঘাট ৯।অসম টেক্সটাইল ইনষ্টিটিউট, গুৱাহাটী ১০। ডিফু পলিটেকনিক, ডিফু ।

      ২০১৭-১৮ শিক্ষাবৰ্ষৰ পৰা নতুনকৈ আৰম্ভ কৰা পলিটেকনিক শিক্ষানুষ্ঠান কেইখন হ'ল -১১। বাক্সা পলিটেকনিক, ১২।বৰপেটা পলিটেকনিক, ১৩। ধেমাজি পলিটেকনিক, ১৪। কৰিমগঞ্জ পলিটেকনিক, ১৫। লখিমপুৰ পলিটেকনিক, ১৬। গোলাঘাট পলিটেকনিক, ১৭। গোৱালপাৰা পলিটেকনিক,১৮। নলবাৰী পলিটেকনিক, ১৯। কামৰূপ পলিটেকনিক, ২০। শিৱসাগৰ পলিটেকনিক, ২১। শোণিতপুৰ পলিটেকনিক ।

৫/ চাকৰিৰ সুবিধা কিমান  
   শিক্ষাৰ ভাগবোৰৰ ওপৰত নিৰ্ভৰ্শীল ইয়াৰ চাকৰিৰ সুবিধা। পৰিলক্ষিত হয় যে কাৰিকৰী শিক্ষাৰ জ্ঞান থাকিলে মৰণ নাই। তিনিবছৰীয়া পাঠ্যক্ৰম সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত চৰকাৰে দিয়া বিজ্ঞাপন অনুসৰি চাকৰিৰ বাবে আবেদন কৰিব লাগিব। এইটো সত্য যে প্ৰায়ভাগ শিক্ষাৰ্থীৰে চৰকাৰী চাকৰি প্ৰথম পছন্দ। যি বিভাগত পাঠ্যক্ৰম শেষ কৰিব প্ৰাৰ্থীয়ে সেই বিভাগৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি চৰকাৰী চাকৰিৰ বাবে ৰৈ থকা ইচ্ছা নাই যিকোনো কম্পেনীত সহজে চাকৰি ল'ব পাৰে। অইল ইণ্ডিয়া লিমিটেড, ইণ্ডিয়ান অইলচ , অ .এন. জি.চি. , পেট্ৰকেমিকেলছ নামৰূপ, গেছ ক্ৰেকাৰ, হিন্দুস্তান ইউনিলিভাৰ লিমিটেড.. আদিৰ দৰে আগশাৰীৰ উদ্যোগ সমূহত নিযুক্তিৰ বিজ্ঞাপন অনুসৰি আবেদন কৰিব পাৰে। বিভিন্ন চৰকাৰী অথবা বেচৰকাৰী বাগান সমূহতো মকৰলৰ বাবে সুবিধা আছে। তদুপৰি ঠিকা ভিত্তিতো সৰু সৰু উদ্যোগ সমূহত নিযুক্তিৰ সম্ভাৱনা আছে। যেনে আৰ্কিটেক এছিটেণ্টৰ ক্ষেত্ৰত চৰকাৰী চাকৰি নাপালেও ঘৰতে বহিও বহু টকা ইনকাম কৰিব পাৰি। গৃহসজ্জাৰ বাবে নক্সা প্ৰস্তুত, বিভিন্ন দলং সজাৰ বাবে নক্সা প্ৰস্তুত, লোণ লোৱা লোকসকলৰ বাবে গৃহ নক্সা প্ৰস্তুত.. আদিৰ দৰে কাম কৰি সহজে আয় কৰিব পাৰি।

৬/ বৰ্তমান সময়ত ইয়াৰ জনপ্ৰিয়তা :
    বৃত্তিমুখী শিক্ষা বা কাৰিকৰী শিক্ষা বৰ্তমান সময়ত অতি জনপ্ৰিয় হৈ পৰিছে। বহু ছাত্ৰ-ছাত্ৰীয়ে দশম শ্ৰেণীৰ উত্তীৰ্ণ হোৱাৰ পিছত বি এ, এম এ কৰিবলৈ ইচ্ছুক নহয়। এনে ডিগ্ৰী গ্ৰহণ কৰি অবাবত সময় নষ্ট কৰাৰ পক্ষপাতী নহয়। তেনে ছাত্ৰ-ছাত্ৰীয়ে সদ্যহতে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ে। কাৰিকৰী শিক্ষা গ্ৰহণ কৰা মানে জীৱন গঢ়াৰ সুযোগ এশ শতাংশ প্ৰাপ্ত। অৰ্থাৎ এনেধৰণেও ক'ব পাৰি যে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিলে চাকৰি নিশ্চিত হয়। বেছি চিন্তাত পৰিবলগীয়া নহয়। যিহেতু কাৰিকৰী শিক্ষাত যিকোনো এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভিত্তি কৰি এনেদৰে জ্ঞান প্ৰদান কৰা হয় যাতে শিক্ষাৰ্থী গৰাকীয়ে সেই বিভাগত অনায়াসে চাকৰি পাবলৈ সক্ষম হয়। বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশত কাৰিকৰী শিক্ষা, উদ্ভাৱনীমূলক শিক্ষা, সৃজনীমূলক শিক্ষা... আদিৰ দৰে শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হয়। আমাৰ চুবুৰীয়া দেশ চীন এনে ক্ষেত্ৰত বহুদূৰ আগবাঢ়িলৈ সক্ষম হৈছে। জাপান, ৰাছিয়া, আমেৰিকা... আদি কাৰিকৰী দিশত অতি আগবঢ়া দেশ হিচাপে বিবেচিত। আমাৰ দেশ ভাৰত যদিও বৃহৎ আকাৰৰ তথাপিও কাৰিকৰী দিশত মনপুত: ভাৱে এতিয়াও আগবাঢ়িব পৰা নাই। ইয়াৰ অৱশ্যে কাৰণো নথকা নহয়। ভাৰতত বাস কৰা সৰহ সংখ্যক লোক দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ। যাৰ বাবে সৰহ সংখ্যক লোকৰ সন্তানে এনে শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়িব অপাৰগ। অসমৰ অৱস্থাও তথৈবচ। তথাপি বৰ্তমান সময়ত চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থী সকলক বৃত্তিমুখী শিক্ষা গ্ৰহণত বিভিন্ন আঁচনি গ্ৰহণ কৰি আগুৱাই নিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়ে সমাজলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বুলি ক'ব পাৰি।
     
৭/ উপসংহাৰ :
     ছাত্ৰ-ছাত্ৰী সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত ২। পলিটেকনিকৰ বিভিন্ন বিভাগত ৩। উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত (কলা/বাণিজ্য/বিজ্ঞান) আদিত পঢ়িব পাৰে।
     যিসকল ছাত্ৰ-ছাত্ৰীয়ে জীৱনত সোনকালে উপাৰ্জন কৰিবলৈ সুযোগ বিচাৰে তেওঁলোকে ১ আৰু ২ নং অৰ্থাৎ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ বিভিন্ন বিভাগত অধ্যয়ন কৰাৰ বাদে গত্যন্তৰ নাই। জীৱনৰ দিশ সলনি কৰিবলৈ আমি শিক্ষা গ্ৰহণৰ পথো নিশ্চয় পৰিবৰ্তন কৰিব লাগিব। তেতিয়াহে জীৱনত কিবা এটা লাভ কৰিবলৈ সক্ষম হ'ব পৰা যাব। এয়া সময়ৰ দাবী । সময়ৰ লগত খোজ মিলাই আগবাঢ়িবলৈ সময়ৰ অৱস্থাই আগবঢ়োৱা দিশ আমি গ্ৰহণ কৰা উচিত।
     আমাৰ ছাত্ৰ-ছাত্ৰী সকলে বৃত্তিমুখী শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে নৱম দশম শ্ৰেণীৰ পৰাই নিজকে সাজু কৰি তোলিব লাগিব। যিহেতু 
বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰি পৰীক্ষা লোৱা হয় । সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে ছাত্র-ছাত্রী সকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । সেয়ে ছাত্ৰ-ছাত্ৰী সকলে নিজৰ পাঠ্যক্ৰমৰ জ্ঞানৰ উপৰিও বিভিন্ন বাতৰি কাকত, আলোচনী, দূৰদৰ্শনৰ বাতৰি আৰু ইণ্টাৰনেটত বিভিন্ন বিষয়ত কেৰিয়াৰ ওপৰত জ্ঞান আহৰণ কৰিবলৈ প্ৰয়াস কৰিব লাগিব। বিশেষকৈ সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্ৰবাহৰ সাধাৰণ জ্ঞান ( Current affairs)। দুয়োটাই অতি গুৰুত্বপূৰ্ণ। ইয়াত পৰম্পৰাগত জ্ঞান মানে বিদ্যালয়ৰ গণ্ডীৰত শিকা পাঠ্যক্ৰমৰ জ্ঞানৰ কথা কোৱা হৈছে আৰু সাম্প্ৰতিক ঘটনা প্ৰবাহ হৈছে সমাজত ঘটি থকা বিভিন্ন বিষয়ক জ্ঞান। যি জ্ঞান বিভিন্ন গণমাধ্যমৰ জৰিয়তে আহৰণ কৰিব পৰা যায়।





প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো । লেখক - দুদুল সোণোৱাল।

🌻🌻🌻🌻🌻🌻🌻🌻🌹🌹🌹🌹🌹🌹🌹🌹
 
     
    




Saturday, October 22, 2022

আপুনি জানেনে ? জানিব লগীয়া কথা । Do you know about the ones mentioned below ?



আপুনি জানিবলগীয়া কথা। আপুনি জানেনে তলত উল্লেখ কৰা বোৰৰ বিষয়ে ? পঢ়ক জানিবলৈ। হাঁহি উঠা গেছ কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? পানীত থকা গেছ 'হাইড্ৰজেন'কেতিয়া আৰু কোনে আৱিষ্কাৰ কৰিছিল? ক্ল'ৰফৰ্ম কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? পাতাল ৰে'ল ক'ত আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? অসমত কেতিয়া ৰে'লে উকি মাৰিছিল? মাচুপিপিকচু কি ? বেবিলনৰ শূণ্যোদ্যান ক'ত আছে?



১. হাঁহি উঠা গেছ কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল ?

ইংৰাজ ৰসায়নবিদ হামফ্ৰে ডেভিয়ে ১৭৯৯ খ্ৰীষ্টাব্দত আৱিষ্কাৰ কৰিছিল "হাঁহি উঠা গেছ"। যাক নাইট্ৰাছ অক্সাইড নামেৰে জনা যায়। এই গেছ বিধৰ বৈশিষ্ট্য হৈছে - ই মিঠা গোন্ধ যুক্ত আৰু সোৱাদ থকা বৰণহীন তৰল পদাৰ্থ । গেছ বিধ নাকত লাগিলে হাঁহিৰ উদ্ৰেক হয়। ইয়াক চেতনানাশক ঔষধ হিচাপেও ডাক্টৰ সকলে ব্যৱহাৰ কৰে। বিশেষকৈ ৰোগীক অপাৰেশ্যন কৰোঁতে এই ঔষধ ব্যৱহাৰ কৰা হয়।

২. পানীত থকা গেছ 'হাইড্ৰজেন' কেতিয়া আৰু কোনে আৱিষ্কাৰ কৰিছিল ?
  ১৭৬৬ খ্ৰীষ্টাব্দত ইংৰাজ ৰসায়নবিদ হেনৰি কেভেণ্ডিছে পানীত থকা হাইড্ৰজেন গেছ আৱিষ্কাৰ কৰিছিল। এই গেছ জ্বলনশীল। অক্সিজেনৰ লগত লগ লাগি এই গেছে পানী প্ৰস্তুত কৰে (H2o)। সেয়ে ইয়াৰ নাম ৰখা হয় হাইড্ৰজেন। হাইড্ৰজেন মানে হৈছে পানী।

৩. ক্ল'ৰফৰ্ম কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল ? 

স্কটলেণ্ডৰ এডিনবৰাৰ চিকিৎসক ড° জেমছ ইয়ং ছিম্পছনে ১৮৪৭ চনত আৱিষ্কাৰ কৰি উলিয়াইছিল যুগান্তকাৰী চেতনা নাশক ক্ল'ৰফৰ্ম। ক্ল'ৰফৰ্মৰ সহায়ত ডাক্তৰ সকলে ৰোগীক অজ্ঞান কৰি অস্ত্ৰোপ্ৰচাৰ কৰে। ছেকেণ্ডৰ ভিতৰত নাকত লাগিলে উশাহৰ জৰিয়তে দেহৰ ভিতৰত বায়ুৰ সৈতে ই প্ৰৱেশ কৰিব পাৰে আৰু অচেতন কৰি পেলাই।

৪. পাতাল ৰে'ল ক'ত আৰু কেতিয়া আৱিষ্কাৰ হৈছিল ?

পাতাল ৰে'ল হ'ল মাটিৰ তলেদি চলোৱা একপ্ৰকাৰৰ ৰে'ল। লণ্ডনত পোন প্ৰথমে ১৮৬৩ চনৰ জানুৱাৰী মাহত বিশ্বৰ প্ৰথমখন পাতাল ৰে'ল চলিছিল বুলি জনা যায়। বিশেষকৈ ৰাস্তাৰ যানজঁত কমাবৰ বাবে এই ৰে'লৰ ব্যৱহাৰ কৰা হৈছিল। এনে ৰে'লৰ প্ৰথমটো পথ নিৰ্মাণ কৰা হৈছিল লণ্ডনৰ পেডিংটনৰ পৰা ফেৰিংডন ষ্ট্ৰীটলৈকে। মাজত ষ্টেচন আছিল পাঁচটা।

৫/ অসমত কেতিয়া ৰে'লে উকি মাৰিছিল?

১৮৮২ চনত পোনপ্ৰথমবাৰৰ বাবে অসমত ৰে'লে উকি মাৰিছিল। ইয়াৰ পিছতেই অসমৰ পৰিবহণ ব্যৱস্থাত নতুন অধ্যায়ৰ সূচনা হ'ল। পোন প্ৰথম অসমত ৰে'ল চলিছিল - শদিয়া আৰু ডিব্ৰুগড়ৰ মাজত।

৬. টাইটানিক কেতিয়া আৰু কিয় ডুবিল ?

টাইটানিক ১৯১২ চনৰ এপ্ৰিল মাহত আটলান্টিক মহাসাগৰত ডুব গৈছিল। এই ৰাজকীয় জাহাজ খনৰ নিৰ্মাতা আছিল আয়াৰলেণ্ডৰ 'হেৰল্ড এণ্ড উলফ কোম্পানী'ৰ নিৰ্মাণ সংস্থা 'হোৱাইট ষ্টাৰলাইন' । 
জাহাজ খনৰ বিশেষত্ব :

# ১৯০৭ চনৰ পৰা ১৯১২ চনৰ ভিতৰত জাহাজ খনৰ নিৰ্মাণ কাৰ্য সমাপ্ত ঘটিছিল। 

# জাহাজ খনৰ দৈৰ্ঘ্য আছিল ২৭৫ মিটাৰ, প্ৰস্থ আছিল ৩৫ মিটাৰ ওজন আছিল ৬০ হেজাৰ টন। যিটো কিলোগ্ৰাম হিচাপত হ'ব ৬,০০০,০০০ কিলোগ্ৰাম (ছয় কোটি কিলোগ্ৰাম, আনহাতে ১ টন = ১০০০ কিলোগ্ৰাম) ।

# নিৰ্মাণৰ বাবদ মুঠ ব্যয় হৈছিল ৭৫ লাখ ডলাৰ। (১ আমেৰিকান ডলাৰ= ৮২.৫৪ টকা ) সেয়েহে মুঠ নিৰ্মাণ ব্যয় হৈছিল ভাৰতীয় হিচাপত ৬১,৯০,৬১,২৫০.০০টকা । আখৰেৰে হ'ব এষষ্ঠি কোটি নব্বৈ লাখ এষষ্ঠি হাজাৰ দুশ পঞ্চাছ। 

# জাহাজ খনৰ গতিবেগ আছিল ঘণ্টাত ২২ নট বা ৪০. ৭৪৪ কিলোমিটাৰ।

# যাত্ৰীৰ বহন ক্ষমতা আছিল মুঠ ৩২০০ জন ।

# টাইটানিকৰ ভিতৰত ব্যৱস্থা আছিল - হোটেল, বাৰ, ছেলুন, নাচ ঘৰ, ছুইমিং পুল, উদ্যান, নাট্যশালা, খেলপথাৰ, চিকিৎসালয় , পুথিভঁৰাল, প্ৰাৰ্থনা ঘৰ, শোৱনি কোঠা আদি।

# টাইটানিকৰ সম্পূৰ্ণ নাম আছিল - Royal Male Steamer Titanic বা চুটিকৈ RMS Titanic. 

# বৃহৎ হিমশিলাত (Iceberg) খুন্দা খাই আটলান্টিক মহাসাগৰত সম্পূৰ্ণৰূপে টাইটানিক ডুব গৈছিল।

৭. বেবিলেনৰ শূন্যোদ্যান ক'ত আছে আৰু কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

বেবিলন হ'ল এখন উদ্যান। এখন খলপা খলপি দেৱালৰ ওপৰত এই উদ্যান নিৰ্মাণ কৰিছিল বাবে ই আজিও পৃথিৱীৰ আচৰিত বস্তু হিচাপে বিবেচিত। বেবিলন ইৰাকৰ বেবিলন প্ৰদেশত অৱস্থিত। প্ৰায় ৬৫৫ খ্ৰীষ্টাব্দত বেবিলন সাম্ৰাজ্যৰ সম্ৰাট নেবুচাদনেজাৰে তেওঁৰ পত্নী আমাইতেচৰ মনোৰঞ্জনৰ বাবে বাগিচাখন নিৰ্মাণ কৰিছিল বুলি জনা যায়। বাগিচাৰ উচ্চতা আছিল ৩৫৫ ফুট আৰু প্ৰস্থ আছিল ৮৫ ফুট। 
৮. ৰোমান ক'ল'ছিয়াম ক'ত আছে আৰু বিশেষত্ব কি ?

ৰোমান ক'ল'ছিয়াম ইটালীত আছে। ই পৃথিৱীৰ সপ্ত আশ্বৰ্যৰ ভিতৰত এটা। ফ্লেৰিয়ান এম্পিথিয়েটাৰ হিচাপে বিখ্যাত ৰোমৰ ক'ল'ছিয়াম ৰোম নগৰীৰ ঠিক মাজতে অৱস্থিত। ৰোমৰ যোদ্ধা সকলে এই থিয়েটাৰত বহি মল্লযুদ্ধ প্ৰদৰ্শন কৰিছিল। ইয়াত প্ৰায় পঞ্চাছ হাজাৰ লোকে একেলগে বহি মল্লযুদ্ধ প্ৰদৰ্শন কৰিবলৈ সক্ষম। ৭০ ৰ পৰা ৭২ খ্ৰীষ্টাব্দৰ ভিতৰত এই ৰোমান ক'ল'ছিয়াম নিৰ্মাণ কৰি উলিয়াইছিল বুলি জনা যায়। পিছে এই ক'ল'ছিয়াম ৮০ খ্ৰীষ্টাব্দতহে সম্ৰাট টিটাছৰ দিনত শুভ উদ্বোধন ঘটোৱা হৈছিল।

৯. মাচ্চু পিচ্চু ক'ত আছে আৰু কিয় বিখ্যাত ?

মাচ্চু পিচ্চু হৈছে পৃথিৱীৰ সপ্ত আশ্বৰ্যৰ ভিতৰত আন এটা। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৭৮৭৫ ফুট উচ্চতাত অতি দূৰ্গম পাৰ্বত্য অঞ্চলত এই মাচ্চু পিচ্চু স্থাপন কৰা হৈছিল। কলম্বিয়ান চহৰ মাচ্চু পিচ্চু পেৰুৰ কাছকোৰ পৰা প্ৰায় সত্তৰ কিলোমিটাৰ নিলগৰ উৰুবাম্ব উপত্যকাত অৱস্থিত এখন অতি প্ৰাচীন চহৰ। প্ৰাচীন সভ্যতা আৰু সংস্কৃতিৰে ভৰপূৰ এই চহৰৰ এখন পৰ্বতৰ শিখৰত এই মাচু পিকচু অৱস্থিত। মাচু পিকচু পালিচ কৰা পাথৰৰ দ্বাৰা নিৰ্মিত শিলাখণ্ড। বাস্তুকলাৰ এক অনুপম নিদৰ্শন হিচাপে মাচু পিকচু বিখ্যাত। 
১০. মহাকাশলৈ প্ৰথম মানুহৰ পৰ্দাপণ কেতিয়া আৰু কোনে কৰিছিল ?

১৯৬১ চনত ৰাছিয়াৰ মহাকাশচাৰী ইউৰি গাগাৰিনে ( সম্পূৰ্ণ নাম হৈছে ইউৰি আলেক্সিভিছ গাগাৰিনে) পোন প্ৰথমবাৰৰ বাবে মহাকাশলৈ ঢাপলি মেলিছিল। তেওঁ যোৱা মহাকাশ যানখনৰ নাম আছিল 'ভস্তক'। তেওঁ মহাকাশত ১ ঘণ্টা ৪০ মিনিট ধৰি থাকি পৃথিৱীৰ প্ৰথমজন মহাকাশচাৰীৰ সন্মান অৰ্জন কৰিছিল। উল্লেখযোগ্য যে ভস্তক যানৰ সহায়ত তেওঁ পৃথিৱীক সম্পূৰ্ণ এবাৰ প্ৰদক্ষিণ কৰিবলৈ সক্ষম হৈছিল।





এনেধৰণৰ প্ৰৱন্ধ পঢ়িবলৈ মূল ব্লগত যাবলৈ 'Home' শব্দটিত দবাই দিব। নতুবা view web page ত অকে কৰিব।


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।




👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒



Tuesday, October 18, 2022

কাতি বিহু আধুনিক হ'ল। Kati Bihu has become modern.

🌾 কাতি বিহু আধুনিক হ'ল। কঙালী গুচি ৰঙালী হ'ল  🌾

   কাতি বিহু আধুনিক হ'ল। পুৰণি কালত চলি অহা কিছুমান নীতি নিয়ম আজিকালি নাইকিয়া হ'ল। অৰ্থাৎ গুৰুত্ব নিদিয়া হ'ল। চোতালত আকাশ বন্তি প্ৰজ্বলন কৰিবলৈ চোতাল নাই। ঘৰটো বৈদ্যুতিক বাতিয়ে ৰমক জমক কৰি থোৱা হ'ল।

   
🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾
   কাতি বিহু আধুনিক হ'ল। পুৰণি কালত চলি অহা কিছুমান নিয়ম আজিকালি নাইকিয়া হ'ল। অৰ্থাৎ গুৰুত্ব নিদিয়া হ'ল। এতিয়া এনেধৰণৰ মন্তব্য আগবঢ়ালে কিছুমান চকু-চৰহাই ক'ব 'অমুকে' বৰ দেখুৱাই। যেন সিহে সকলোবোৰ জানে। 
    নব্বৈ দশকৰ সময়ছোৱাত নিশ্চয় আমাৰ বুঢ়ামেথা সকলে কিছু অকৃত্ৰিমতাৰে কাতি বিহু উৎসৱৰ আয়োজন কৰিছিল। চোতালত শাৰী শাৰী আকাশ বন্তি জ্বলাই জকমকাই তুলিছিল। নঙলামুখত কলপুলি দুটা দি এচতি ফলা বাঁহ লগাই দিছিল আটোমটোকাৰিকৈ । তাতেই ঘণ ঘণকৈ জ্বলাইছিল মিঠাতেলৰ চাকি। তুলসীৰ তলত আয়ে পূজা কৰিছিল। আমি নিচেই সৰু কণমইনা সকলেও আইৰ লগত পূজা কৰিছিলো । ভগৱান চিনি নাপালেও 'ৰামচন্দ্ৰ'ৰ নাম মনতে আওৰাইছিলো। মুঠতে ভিতৰে বাহিৰে মিঠাতেলৰ বন্তিৰে পোহৰাই তুলিছিল। গাওঁৰ প্ৰতি ঘৰৰ নঙলামুখত একেদৰে আলোকিত হৈছিল মাটি চাকিৰ প্ৰদীপ। পৰিৱেশ কেনে সৰগ সদৃশ হৈছিল নেদেখিলে অনুভৱ কৰা সঁচাই কঠিন।
    ' তূলসীৰ তলে তলে মৃগ পহু চৰে 
     তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে।'
     
     সঁচাই ৰামচন্দ্ৰই তুলসী তলত চৰি থকা মৃগ পহু দেখিছিল নে ? শৰধনু সঁচাই মাৰিছিল নে ? সেয়া নৱ প্ৰজন্মৰ বাবে সঁচাকৈয়ে সাঁথৰ। তুলসীৰ তলত উপৰোক্ত পংক্তিটো গাইছিলো । কিন্তু বুজা নাছিলো তাৰ আচল গুঢ়াৰ্থ । এতিয়াও একেবাৰে খুদুৱনি নথকা নহয়। যি কি নহওঁক আমি ক'ব পাৰোঁ এয়া কেৱল কল্পনাহে। অৱতাৰী পুৰুষ ৰামচন্দ্ৰৰ দিনত অটব্য অৰণ্যৰে চৌদিশ আৱৰি আছিল। ঘৰৰ তুলসী গছৰ তললৈ মৃগ পহু যে নাহিব তাৰ কি মানে আছে। গতিকে সেই সময়ৰ লগত খাপ খোৱাকৈ ভগৱান ৰামচন্দ্ৰৰ গুণানুকীৰ্তন কৰাৰ নিমিত্তে এইফাঁকি প্ৰবাদ বচন। এই বচন ফাঁকিয়ে সৰুতে আমাক ভগৱানৰ প্ৰতি সহৃদয় হ'বলৈ শিকাইছিল। ভাবিবলৈ শিকাইছিল। আনন্দ দান দিছিল। যি অনুসন্ধিসু মনত স্থায়ী হৈ শিপাইছিল।
     এতিয়া যুগৰ বহু পৰিবৰ্তন হৈছে। সেই ৰামো নাই সেই অযোধ্যাও নাই। সেয়ে হয়তো কাতি বিহুৰ নিয়ম নীতিও কিছু হৰণ ভগন নোহোৱাকৈ থকা নাই। আগতে কাতি বিহুত পথাৰত চাকি দিয়া হয় । কাৰণ এয়া অসমীয়াৰ এক এৰাব নোৱাৰা পৰম্পৰা । এতিয়া চাকি দিয়া হয় কেৱল আনক দেখুৱাই বা দেখুওৱাৰ মনেৰে ( অৱশ্যে সকলোৱে একে নহয় দিয়ক) । তাহানি চোতালত বাঁহৰ খুটা দি কলপুলি দিছিল সম্পূৰ্ণ মূঢ়াৰে সৈতে খান্দি আনি। বিহুৰ পিছ দিনা সেই কলপুলি বাৰীৰ এচুকত লগাব লাগে হেনো। প্ৰবাদ আছে তেনে কলৰ পুলি সোনকালে ঠন ধৰি উঠে। আজিকালি এইবিলাক অন্ধবিশ্বাস বুলি গণ্য কৰা হ'ল। কলপুলি লগাই কেৱল নাম মাত্ৰ । ইয়াৰ পৰা নতুন সৃষ্টি নহয়। আনহাতে আজিকালি চোতাল হ'ল কংক্ৰিটৰে তৈয়াৰী । নগৰৰ মানুহৰ ঘৰত মাটি নাই। কলগছ গাওঁৰ পৰা আমদানি কৰিব লগা হয় বহুতৰে। গতিকে আকাশ বন্তিৰ ৰূপ অন্যধৰণৰ হয়। বজাৰত পোৱা ঢিমিমক ঢামাককৈ জ্বলা বৈদ্যুতিক বাতিয়ে চানি ধৰে নগৰৰ লোকৰ ঘৰৰ বেৰ, গেট আৰু পদূলিৰ ফুলগছ। কেৱল নগৰেই নহয় গাঁৱৰ ঘৰবোৰতো একেই দশা। আনহাতে আজিকালি পদূলি বোলা পথটোও লাহে লাহে হেৰুৱাইছো। এনেদৰে আমি আৰু বহু কিবাকিবি পৰম্পৰা হেৰুৱাই আছোঁ। 
     কাতি বিহু ৰবগৈ কেৱল গাঁৱত। তাৰো সেই কৃষক সকলৰ মাজতহে জীয়াই থকাৰ সম্ভাৱনা বেছি আছে। কাতি বিহু কঙালী কিন্তু আজিৰ সময়ত কাতি বিহু কঙালী নহয় বুলি ক'ব পাৰি। মানুহৰ আগতকৈ অৱস্থা উন্নত হৈছে। অৱশ্যে পথাৰৰ খেতি খোলা কৰা মানুহৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। সেয়ে আজিকালি কাতি বিহুতো ৰং ৰহইছ বেছি। আনকি গায়কেও বিহু গীতেৰে চেনেলবোৰত গৰম কৰি থাকে। গতিকে কঙালীৰ অনুভৱ নহয়। ই সঁচাই বিলুপ্তিৰ পথত।
     পথাৰত চাকি দিয়া হয় বুলি সকলোৱে জানে।কিয় দিয়া হয় তাকো সকলোৱে জানে বুলিলেও অত্যুক্তি কৰা নহয় । কিন্তু সৰহ ভাগেই পথাৰত খেতিয়ে নকৰে, চাকি জ্বলাব ক'ত? গতিকে এই নিয়মো লাহে লাহে সাধাৰণলৈ পৰিণত হোৱাৰ সম্ভাৱনা নথকা নহয়।
     সদৌ শেষত কও -আমি অসমীয়া হাড়ে হিমজুৱে। কাতি বিহুক জীয়াই ৰখাটো আমাৰ মূল কৰ্তব্য। এই দায়িত্ব আমি সকলোৱে পালন কৰিব লাগিব। অসমীয়াৰ মান আকাশ বন্তিৰ পোহেৰে উজ্বলাই তোলিব লাগিব।
     

🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻


   প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।

জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগৰ তৰফৰ পৰা আপোনাক কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
___________&&&&&________&&&&&___________

   

Monday, October 10, 2022

সংখ্যাৰ সৈতে ধেমালি :



সংখ্যাৰ সৈতে ধেমালি ।
সংখ্যাৰ সৈতে ধেমালি : বিভিন্ন সংখ্যাৰ বিভাজ্যতাৰ কিটিপ শিকক। 2,4,8 ৰ বিভাজ্যতাৰ কিটিপ।

বিভাজ্যতা পৰীক্ষা ( Tests of Divisibility).

ক)  2,  4  আৰু 8 ৰে কোনবোৰ সংখ্যাক বিভাজ্য যায় , জানানে ? 
2 ৰ বিভাজ্যতা:
2 ৰে বিভাজ্য যোৱা সংখ্যা বিলাকৰ একক স্থানত 0, 2, 4, 6, 8 থাকে। অৰ্থাৎ 12, 24, 36, 48, 50, .. আদিৰ দৰে সংখ্যা বিলাকক 2 ৰে বিভাজ্য যায়।
   আনহাতে ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত আমি সংখ্যাটোক গোটত ভাগ কৰি সোঁফালৰ অংকটো অকলশৰীয়া কৰি ল'ব লাগে আৰু বাওঁহাতত ৰৈ যোৱা সংখ্যাটোক তাৰ লগত যোগ কৰিব লাগে। যদি সোঁফালৰ অংকটো 2 ৰে বিভাজ্য যায় আৰু বাওঁহাতত থকা গোটটোৰ একক স্থানৰ অংক 0 নতুবা 2 ৰ গুণিতক হয় তেন্তে গোটেই সংখ্যাটোকে 2 ৰে বিভাজ্য যাব। যেনে -
826= 820 + 6
       = 10 × 82 + 6
       = 2×5×82+2×3
 ইয়াত 2 ৰে 826 ৰ দুয়োটা গোটকেই ভাগ যায়। অৰ্থাৎ 820 আৰু 6 দুয়োটাই 2 ৰ গুণিতক, সেয়ে গোটেই সংখ্যাটোকে 2 ৰে বিভাজ্য যাব।

4 ৰ বিভাজ্যতা:
4 ৰে বিভাজ্য যোৱা সংখ্যা বিলাক সেইবিলাক যিবিলাক সংখ্যাৰ প্ৰথম একক আৰু দহক স্থানৰ অংকৰে গঠিত সংখ্যক 4 ৰে বিভাজ্য যায় , তেন্তে সেইবিলাক সংখ্যাক 4 ৰে বিভাজ্য যাব। অৰ্থাৎ 5124 ৰ একক আৰু দহক স্থানৰ অংকৰে গঠিত সংখ্যা হৈছে 24 ,যাক 4 ৰে বিভাজ্য যায় --
( 24 ÷ 4= 6) । সেয়ে গোটেই সংখ্যাটোকে 4 ৰে বিভাজ্য যাব (5124 ÷ 4=1281) । একেদৰে 5136, 5248, 5364,... আদি । 
    আনহাতে আমি আন ধৰণে বিশ্লেষণ কৰিও বিভাজ্যতা পৰীক্ষা কৰিব পাৰোঁ। যেনে -
824 = 800 + 24
        =  8 × 100 + 24
        = 2×4×100+4×6
ইয়াত, 800 আৰু 24 দুয়োটাই  4 ৰ গুণিতক হয়, সেয়ে 824 সংখ্যাটোক 4 ৰে বিভাজ্য যাব।


8 ৰ বিভাজ্যতা:
যিবিলাক সংখ্যাক 2 আৰু 4 ৰে বিভাজ্য যায় সেইবিলাক সংখ্যাক 8 ৰেও বিভাজ্য যায়। অৱশ্যে 2 আৰু 4 ৰে বিভাজ্য যোৱা আন কিছুমান সংখ্যাক 8 ৰে বিভাজ্য নাযাবও পাৰে। উদাহৰণ স্বৰূপে 12 সংখ্যাটোক 2 আৰু 4 ৰে বিভাজ্য যায় কিন্তু 8 ৰে বিভাজ্য নাযায়। সেয়ে আন এটা নিয়মেৰে 8 ৰ বিভাজ্যতা পৰীক্ষা কৰিব পাৰি।
     আনহাতে ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত সংখ্যাটোৰ প্ৰথম তিনিটা অংকৰে গঠিত অৰ্থাৎ একক,দহক আৰু শতক স্থানৰ অংকৰে গঠিত হোৱা সংখ্যাটো উলিয়ায় দি বাকী অংকৰে গঠিত সংখ্যাক যোগ কৰিব লাগে। যদি গোট দুটা 8ৰ গুণিতক হয় তেন্তে গোটেই সংখ্যাটোকে 8 ৰে বিভাজ্য যাব। যেনে -
12328 =12000+328
            = 120×100+ 8×41
            =8 ×15×100 + 8×41
ইয়াত, 12000 আৰু 328 গোট দুটা 8 ৰ গুণিতক হয়, সেয়ে 12328 সংখ্যাটোক 8 ৰে বিভাজ্য যাব।

খ)  3 আৰু 9 ৰে কোনবিলাক সংখ্যাক বিভাজ্য যায় বাৰু ?

3 ৰ বিভাজ্যতা পৰীক্ষা : 
3 য়ে সেইবোৰ সংখ্যাক বিভাজ্য যায়, যিবিলাক সংখ্যাৰ অংককেইটাৰ সমষ্টিক 3ৰে বিভাজ্য যায়। অৰ্থাৎ 345 ক 3ৰে বিভাজ্য যায়,কাৰণ 345ৰ অংককেইটাৰ সমষ্টি  3+4+5 =12 ক 3ৰে বিভাজ্য যায় ,12÷3=4 ।

আনহাতে 3 ৰ গুণিতকবিলাক আৰু সংখ্যাটোৰ এটা উৎপাদক যদি 9 থাকে তেন্তে গোটেই সংখ্যাটোকে 9 ৰে বিভাজ্য যাব। যেনে - 18 সংখ্যাটো 9 ৰে বিভাজ্য যাব কাৰণ 18 সংখ্যাটোত এটা উৎপাদক 9 আছে, সেয়ে গোটেই সংখ্যাটোকে 9 ৰে বিভাজ্য যাব। অৰ্থাৎ 18= 9×2 । ইয়াত 9 উৎপাদক আছে সেয়ে গোটেই সংখ্যাটোকে বা 18 ক 9 ৰে বিভাজ্য যাব, 18÷9= 2 ।
    প্ৰকৃত গাণিতিক নিয়মমতে আন ধৰণে দেখুওৱাব পাৰি। 



Tuesday, October 4, 2022

প্ৰত্যয়ৰৰ সংজ্ঞা আৰু প্ৰকাৰ | Definition and type of suffixes |

     প্ৰত্যয় কাক বোলে? প্ৰত্যয়ৰৰ প্ৰকাৰ- স্ত্ৰী প্ৰত্যয়, বিভক্তি প্ৰত্যয়, কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। কৃৎপ্ৰত্যয় = ধাতু বা ক্ৰিয়াৰ লগত যোগ হোৱা প্ৰত্যয়ক কৃৎপ্ৰত্যয় বোলে। তদ্ধিত প্ৰত্যয় = প্ৰাতিপদিকৰ লগত যোগ হোৱা প্ৰত্যয়ক তদ্ধিত প্ৰত্যয় বোলা হয়। ইয়াত কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় সম্পৰ্কে আলোচনা আগবঢ়োৱা হৈছে।

🍍🍍🍍🍍🍍🍍🍍🍍🍍🍍🍍🍍🍍🍍🍍🍍🍍

প্ৰত্যয় কাক বোলে ? What is verbal affixes ?

প্ৰকৃতি বা মূলৰ লগত যি ধ্বনি বা ধ্বনি সমষ্টি যোগ হৈ নতুন শব্দ সৃষ্টি কৰে তাকেই প্ৰত্যয় বোলে। 
যেনে: কৰ+আ= কৰা, 
         খেত+ ই = খেতি , 
           খা + উৱা= খোৱা, 
      মিতিৰ+আলি=মিতিৰালি
          দন্দ+ উৰা=দন্দুৰা... আদি। ইয়াত আ, ই, উৱা,আলি,উৰা... আদিবোৰ হৈছে প্ৰত্যয়। প্ৰত্যয়ৰ বিশেষকৈ চাৰিটা ভাগ আছে। ভাগবোৰ হ'ল - স্ত্ৰী প্ৰত্যয়, বিভক্তি প্ৰত্যয়, কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। 

   ১/  কৃৎপ্ৰত্যয় (Verbal affixes) 

 ধাতু বা ক্ৰিয়াৰ লগত যোগ হোৱা প্ৰত্যয়ক কৃৎপ্ৰত্যয় বোলে। ওপৰত উল্লেখিত খোৱা শব্দত কৃৎপ্ৰত্যয় যোগ হৈছে। আকৌ কৃৎপ্ৰত্যয়ক দুভাগত ভাগ কৰা হৈছে - অসমীয়া কৃৎপ্ৰত্যয় আৰু সংস্কৃত কৃৎপ্ৰত্যয়।
      ক) অসমীয়া কৃৎপ্ৰত্যয় অসমীয়া মূলৰ শব্দত লগ হৈ নতুন শব্দ সৃষ্টি কৰে। এই প্ৰত্যয়ত ধাতুৰ সৈতে যোগ হৈ নতুন শব্দ গঠন কৰা প্ৰত্যয়বোৰ হৈছে - অ, অক অকা, অতি,অতিয়াল,অতী,ওঁতা, অন, অনি আৰু অনী, অনীয়া,অনিয়াৰ, অৰীয়া, অন্তা , আ: , আৰু, উৰা, ই, ইব্ , ইলে, ইলত, ওঁতে, আত ,আই আদি।
 যেনে - ধাতু   প্ৰত্যয়   শব্দ 
              ⬇️       ⬇️         ⬇️
           উতল্ + অ = উতল
            লিখ্ + অক = লিখক
            জল্ + অকা = জলকা
            ঘুম + অতি = ঘুমতি
           লাগ্+ অতিয়াল = লাগতিয়াল
           মৰ+ অতী। = মৰতী
           লিখ্ + আৰু = লিখাৰু
           হাগ্ + উৰা দন্দুৰা = হাগুৰা
           পান্দ্ + উৰা। = পান্দুৰা
           বুজ্ + আই = বুজাই , ... আদি।

   খ)  সংস্কৃত কৃৎপ্ৰত্যয় = সংস্কৃত কৰ্ম বাচ্য আৰু ভাব বাচ্যত সংস্কৃত প্ৰত্যয় লগলাগি নতুন শব্দ গঠন কৰা প্ৰত্যয়বোৰক সংস্কৃত কৃৎপ্ৰত্যয় বোলা হয়। এই প্ৰত্যয়বোৰ হৈছে - তব্য, অনীয়, ণ্যৎ, যৎ, ক্যপ্ , শতৃ, শানচ্ , ক্ত, ক্তিন্ বা ক্তি , ণক্,আলু, ইত্ৰ ঘঞ্, অন,অনট্, অল্, অ: , ন: ,ড, ক্কিপ্, অচ্ , ক , ৰ , কি, খল্, উ , ত্ৰ, যুচ্, অপ্ আদি। 

 ২/  তদ্ধিত প্ৰত্যয়(, Secondary suffix)        

  প্ৰাতিপদিকৰ লগত যোগ হোৱা প্ৰত্যয়ক তদ্ধিত প্ৰত্যয় বোলা হয়। একেদৰে তদ্ধিত প্ৰত্যয়কো দুভাগত ভাগ কৰা হৈছে - অসমীয়া তদ্ধিত প্ৰত্যয় আৰু সংস্কৃত তদ্ধিত প্ৰত্যয়।
    অসমীয়া তদ্ধিত প্ৰত্যয় : অসমীয়া প্ৰাতিপদিকৰ পাছত যিবোৰ প্ৰত্যয় যোগ হয় সেইবিলাক প্ৰত্যয়ক  
অসমীয়া তদ্ধিত প্ৰত্যয় বোলা হয় । যেনে -                               
  প্ৰতিপাদিক    প্ৰত্যয়   শব্দ 
             ⬇️        ⬇️           ⬇️
           বুদ্ধি + অক = বুদ্ধিয়ক 
            পাঁচ। + অতি = পঁচতি 
            আগ + অতীয়া= আগতীয়া 
            বন + অনি = বননি
            নাও। + অৰীয়া = নাৱৰীয়া
            মিছা। + অলীয়া = মিছলীয়া 
            বাট। + অৰুৱা = বাটৰুৱা
            উতল + আ = উতলা
            সোণ + আই = সোণাই
            গৰ্ভ। + আইত = গভাইত
            কুম্ভ + আৰ = কুমাৰ
            কুম্ভ। + আৰী = কুমাৰী 
            বিহু। + আন= বিহুৱান ... আদি।

অসমীয়া তদ্ধিত প্ৰত্যয়বোৰ হৈছে - অক, অতি,অতী, অতীয়া, অনি, অতিয়াৰ, অৰি, অৰী, অৰীয়া, অলীয়া, অৰুৱা, আ, আই, আইত, আৰ,আৰী, আন, আম, আমি, আং, আক, আল, আলি, আলী, ই, ইয়াল, ইয়াৰ, ইয়া, ইল,ইলা,ইলি, ঈ, ঈয়া, উৱা, ময়, কুৱা, তলী ওৱালী, ওৱা, ঔ, ওঙা, ঐ , এলা, এৰা, উক , উৱৈ আদি।
     সংস্কৃত তদ্ধিত প্ৰত্যয়: সংস্কৃত প্ৰাতিপদিকৰ পাছত যিবোৰ প্ৰত্যয় যোগ হয় সেইবিলাক প্ৰত্যয়ক সংস্কৃত তদ্ধিত প্ৰত্যয় বোলা হয়। যেনে -  
    
প্ৰতিপাদিক  প্ৰত্যয়      শব্দ 
        ⬇️          ⬇️              ⬇️      
        মনু  +  ষ্ণ      =    মানৱ 
       বন্ধু  +  ষ্ণ      = বান্ধৱ 
       ছত্ৰ    + ষ্ণ        = ছাত্ৰ
        মনু  +  ষ্ণ্য       = মনুষ্য
       দিতি  + ষ্ণ্য     =  দৈত্ , ... আদি।
 সংস্কৃত তদ্ধিত প্ৰত্যয়বোৰ হৈছে - ষ্ণ, ষ্ণ্য, ষ্ণি, ষ্ণেয় , ষ্ণায়ন্ , ষ্ণিক, ষ্ণীয়, ইন্ আৰু ৱিন্ , আলু, ত্ব বা তা, ঈন্, ঈয়স্ আৰু ইষ্ঠ, ইমন্, ইত , তৰ আৰু তম, আল, ল , ইল্, শালিন্ , ডামহ , ডিম্, ময়ট্ , ধাচ্,থাল্ , কন্, ম, ত্য, ত্ৰল্ , দা, শ , তনষ্, চিৎ, ক, তীয়, চ্বি, তস্, ডট্,মিন্,ৱতিচ্ (ৎ) আদি।

      প্ৰত্যয় এক দীঘলীয়া অধ্যায়। ইয়াৰ সম্পৰ্কে ভালদৰে তথা গভীৰ ভাৱে অধ্যয়ন কৰিলেহে বুজিব পৰা যায়। সেয়েহে বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলক এই প্ৰৱন্ধটো পঢ়ি ছোৱাৰ লগতে অনুশীলন কৰিবলৈ অনুৰোধ জনালোঁ।
 
 আগলৈ.... স্ত্ৰী প্ৰত্যয় আৰু বিভক্তি প্ৰত্যয় সম্পৰ্কে বিশদ আলোচনা।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।

👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒


    
    

Sunday, October 2, 2022

দূৰ্গাপূজা আৰু মণ্ডপ নিৰ্মাণৰ প্ৰতিযোগিতা। Durga Puja and mandap construction competition ।

 দূৰ্গা পূজা আৰু মণ্ডপ নিৰ্মাণৰ প্ৰতিযোগিতা। Durga Puja and mandap construction competition.

  দুৰ্গাপূজা কৰা হয় দুৰ্গাদেৱীক আৰাধনা কৰিবৰ নিমিত্তে। দেৱী দুৰ্গাৰ প্ৰতিটো আখৰৰ অৰ্থ অনুসৰি দুৰ্গাপূজাৰ তাৎপৰ্য অনুধাৱন কৰিব পাৰি। ‘দ’ -আখৰে দৈত্য নাশ, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’বা ৰ-কাৰ চিনে ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক হিচাপে প্ৰতিফলিত কৰে । অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা । দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি । পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে । আই দুৰ্গা দেৱীৰ ৰূপ ন বিধ জনা যায়। শাস্ত্ৰত বৰ্ণনা কৰা মতে সেইসমূহৰ নাম হ’ল –
১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী

     হিন্দু দেৱী দুৰ্গাক কৰা আৰাধনাক কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা । যাক বৰ্তমান সময়ত দুৰ্গোৎসৱ হিচাপে বিবেচিত কৰা হয়। বৰ্তমান দুৰ্গোৎসৱ ভাৰতত সাধাৰণ উৎসৱ হৈ থকা নাই। এতিয়া দুৰ্গোৎসৱ পৰিণত হৈছে মহাউৎসৱলৈ। এই দুৰ্গোৎসৱক নৱৰাত্ৰি বুলিও কোৱা হয় । 

    আজিৰ এই দুৰ্গোৎসৱৰ পৱিত্ৰ ক্ষণত আহকচোন দুৰ্গোৎসৱৰ বিষয়ে কিছু জানিব প্ৰয়াস কৰোঁ।
       প্ৰকৃততে নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত এই পূজা অনুষ্ঠিত হয়। ষষ্ঠীত দেৱীৰ প্ৰতিমা প্ৰতিষ্ঠা কৰা হয় আৰু নৱমীত সমাপন হয় । ইয়াৰ পিছত দশমী তিথিত দেৱীৰ বিৰ্সজন কৰা হয়। ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয় । নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়। ইতিমধ্যে মহালয়াৰ পবিত্ৰ ক্ষণত দেৱীৰ মত্যলৈ আগমনৰ লগে লগে আৰম্ভ হৈছে নৱৰাত্ৰি ব্ৰত । 
    শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয় । চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত । সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ । এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত । এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায় । পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় । আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় । তদুপৰি সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত ষােড়শােপচাৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে । অষ্টমী আৰু নৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বুলি কোৱা হয়। দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত কৰা হয় আৰু দেৱীক বিসর্জন দিয়াৰ ব্যৱস্থা কৰা হয়। 

       এছিয়াৰ উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে । ভাৰতৰ পশ্চিমবংগ, অসম, ত্ৰিপুৰা বিহাৰ ঝাৰখাণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয় । বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গা পূজা পালন কৰে ।পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হোমৰ গোন্ধ, ডবা,কাহ, শংখ,ঘণ্টাৰ সন্মিলিত সময়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা সানি দিয়েহি । হিংসা, দ্বেষ,কপটতা বিসর্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰদোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বর্যবিভূতি কামনা কৰে । মানুহেৰে উদুলি-মুদুলি পূজামণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয় । তদুপৰি আজিকালি পূজা মণ্ডপৰ জাকজমকতা আৰু বিভিন্ন কৌশল প্ৰয়োগ কৰি সাজি উলিওৱা হয় আৰু এইবোৰ চাবলৈকে মানুহৰ সমাগম আটাইতকৈ বেছি হয় বুলি ভবা হয়। আনকি ক'ৰবাত ক'ৰবাত চলন্ত দেৱী দুৰ্গাৰ মূৰ্ত্তিও স্থাপন কৰা পৰিলক্ষিত হয়। প্ৰকৃত মানুহৰ জৰিয়তেও দুৰ্গাৰ ৰূপ ধাৰণ কৰি পূজা অনুষ্ঠিত কৰা দেখা যায়। মুঠতে কোনে কেনেকৈ মানুহক পূজাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি তাৰেই মেন বৰ্তমান সময়ত প্ৰতিযোগিতা চলিছে। 
      ই যি কি নহওঁক, ক'বলৈ গ'লে এতিয়াৰ পূজা কেৱল ব্যৱসায় ভিত্তিক বুলি কলেও অত্যুক্তি কৰা নহয়। পূজা অনুষ্ঠিত হোৱাৰ সপ্তাহ দিনৰ আগৰ পৰা কাপোৰ বজাৰ, বিভিন্ন আ-অলংকাৰৰ বজাৰ মানুহৰ সমাগমেৰে ভৰি পৰে। লাখ লাখ টকাৰ ব্যৱসায় হাচিল হয়। কোটিপতি সকলৰ বাবে কাপোৰ কানিৰ প্ৰয়োজন নাই, প্ৰয়োজন হয় বিশেষকৈ সেই মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ বাবেহে । সিঁহতেহে দুৰ্গাপূজাৰ বজাৰ ভিৰ কৰেহি। গতিকে ক'ব পাৰি যে বৰ্তমান সময়ত দুৰ্গাপূজা কেৱল পূজা হৈ থকা নাই,ই বৃহৎ বাণিজ্যিক ভেঁটিত পৰিবৰ্তন হৈছে।
     দেখা যায় দুৰ্গাপূজাত বহু গণ্য-মান্য লোকে বিভিন্ন পশু-পক্ষী বলি দি নিজ মনোবাঞ্ছা সিদ্ধি হ'বৰ বাবে মা-দুৰ্গাৰ ওচৰত আৰ্শীবাদ বিচাৰে। প্ৰকৃতিবিদ বা প্ৰকৃতিক ভালপোৱা প্ৰতিজন লোকৰ বাবে এয়া কাম্য নহয়।           

       আপুনি বিচাৰে নেকি যে পৃথিৱীত বলি বিধান অব্যাহত থাকক আৰু জীৱকূলৰ নাশ হওঁক ? জীৱকূল নাশ হ'লে মানৱ জাতিৰে যে প্ৰথম বিপদ হ'ব সেয়া নকলেও হয়তো আপুনি বুজি পায়। জীৱক বলি নিদিয়াকৈ ভগৱানক পাব নোৱাৰি নেকি ?

     শংকৰদেৱে কৈছিল বলি বিধান পূজা পাতলৰ এক বিৰোধ ক্ৰিয়া। তেখেতে কৈছিল, "কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, হেন জানি সবাকে কৰিয়ো প্ৰণাম।" গতিকে সকলো প্ৰাণীৰে জীৱ আছে,আত্মা আছে সেয়ে ভগৱানক পাবৰ বাবে বলিবিধান কৰি প্ৰাণীৰ জীৱটো কাঢ়ি লোৱাটো পাপ আৰু নিষ্ঠুৰ কৰ্ম। কাৰণ পৃথিৱীখন জীয়াই থাকিবলৈ হ'লে প্ৰতিবিধ প্ৰাণীয়ে জীয়াই থাকিব লাগিব। এইবিলাক কথা ভাবিলে দুৰ্গাৰ যি অৰ্থ সেয়া বাস্তৱৰ কাৰ্যৰ সৈতে মিল নথকা যেন লাগে।
     দুৰ্গাপূজাৰ অন্তত দেৱী বিসৰ্জন দিয়াৰ পৰৱৰ্তী সময়ত পূজা সমিতি বিলাকে বিসৰ্জন দিয়া দেৱীৰ প্ৰতিমা উঠাই আনি নদ-নদী পৰিষ্কাৰ কৰি ৰাখিব লাগে। এনে নকৰাৰ ফলতে নদ-নদী জাবৰ-জোথঁৰে ভৰি পৰিব ধৰিছে আৰু নদীৰ গভীৰতাত প্ৰত্যক্ষভাৱে আঘাত হানিছে। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লেখক - দুদুল সোণোৱাল।

🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts