Thursday, October 27, 2022

পলিটেকনিক শিক্ষা আৰু বৰ্তমান ইয়াৰ জনপ্ৰিয়তা। Polytechnic education and its popularity today.

Polytechnic শিক্ষা আৰু বৰ্তমান ইয়াৰ জনপ্ৰিয়তা। Polytechnic education and its popularity today.
১/পাতনি: পলিটেকনিক কি ?
২/পৰীক্ষা পতাৰ ব্যৱস্থা সমূহ কেনেধৰণৰ:
৩/ পলিটেকনিকত নামভৰ্তিৰ বাবে অৰ্হতা সমূহ আৰু অধ্যয়নৰ ভাগবোৰ :
৪/ পলিটেকনিক শিক্ষানুষ্ঠান ক'ত আছে ?
৫/ চাকৰিৰ সুবিধা কিমান ?
৬/ বৰ্তমান সময়ত ইয়াৰ জনপ্ৰিয়তা কিমান ?
৭/ উপসংহাৰ ।

পাতনি: পলিটেকনিক কি ?

       পলিটেকনিক হৈছে এক শিক্ষানুষ্ঠান য'ত অনেক শিল্প শাস্ত্ৰত শিক্ষা প্ৰদান কৰা হয়। শিক্ষাৰ্থী সকলক কাৰিকৰী দিশত আগুৱাই নিবৰ কাৰণে পলিটেকনিক বিদ্যালয় স্থাপন কৰা হৈছে। বিশেষকৈ ইঞ্জিনিয়াৰিং, মেকানিকেল আদিৰ দৰে জীৱন প্ৰস্তুত কৰা শিক্ষা এনে পলিটেকনিক বিদ্যালয়ত শিকোৱা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত বিভিন্ন কৌশলগত শিক্ষাৰ সহায়ত শিকাৰুৰ জীৱন স্থায়ীভাৱে গঢ় দিবলৈ পলিটেকনিকৰ শিক্ষাই সহায় কৰে। ইয়াক 'লাইফ' পঢ়া বুলিও কোৱা হয়। শিক্ষাৰ পৰিসৰ ব্যাপক। ব্যাপক শিক্ষাৰ অন্তৰ্ভুক্ত এক কৌশলগত শিক্ষাৰ ভেটি হৈছে পলিটেকনিক শিক্ষা।

       ভাৰতৰ বিভিন্ন ৰাজ্যত পলিটেকনিক শিক্ষাৰ ব্যৱস্থা আছে। অসমতো পলিটেকনিক শিক্ষাৰ ব্যৱস্থা পূৰ্বৰ তুলনাত বৰ্তমান বহু উন্নত পৰ্যায়ত উপনীত হৈছে। উল্লেখযোগ্য যে আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ অথবা অভিভাৱক সকলৰ পলিটেকনিক শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে মুঠেও জ্ঞান নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে এনে শিক্ষানুষ্ঠানত শিক্ষা আহৰণ কৰি জীৱন গঢ়াৰ সুযোগ নাপায়। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে পলিটেকনিক শিক্ষাৰ সম্পৰ্কে একেবাৰে অজ্ঞ। যাৰ বাবে ভৱিষ্যত গঢ় দিবলৈ কোনো সুন্দৰ সুবিধাজনক স্ক'প নাপাই কলিতে মৰহি যাই এচাম আগ্ৰহী আৰু মেধাসম্পন্ন শিক্ষাৰ্থীৰ জীৱন। সেয়ে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে এনে দিশত নিজকে আগুৱাই নিবৰ বাবে কাৰিকৰী শিক্ষা আহৰণৰ পথসমূহৰ সম্পৰ্কে বিশদ ভাৱে জানিব লাগিব। কি দিশেৰে আগবাঢ়িলে পলিটেকনিক অথবা আন কাৰিকৰী মূলক বা বৃত্তিমুখী শিক্ষা লাভ কৰিব তাক ভালদৰে জানিলেহে জীৱন গঢ় দিবলৈ সক্ষম হ'ব। এই লেখাত পলিটেকনিক শিক্ষাৰ ব্যৱস্থাৰ সম্পৰ্কে আলোকপাত কৰা হৈছে। 

২/পৰীক্ষা পতাৰ ব্যৱস্থা সমূহ :
   
     অসমত পলিটেকনিক শিক্ষাত নামভৰ্তি কৰাৰ বাবে প্ৰথমে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ'লেহে অসমৰ যিকোনো পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পায়। 
     অসম পলিটেকনিক হৈছে ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত কৰা এক পৰীক্ষা, যাক PAT পৰীক্ষা বুলি কোৱা হয়। PAT মানে হৈছে Polytechnic Admission Test. PAT উত্তীৰ্ণৰ জৰিয়তে শিক্ষাৰ্থী সকলে নতুন বৰ্ষৰ বাবে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিষয়ত ডিপ্লমা পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। অসম পলিটেকনিকৰ PAT পৰীক্ষা অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত। প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলে প্ৰত্যক্ষভাৱে বিভিন্ন পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পায়। এই পৰীক্ষা MCQ (multiple choice questions) বা বস্তুনিষ্ঠ প্ৰশ্নৰ ওপৰত ভিত্তি কৰি লোৱা হয়। ইয়াৰ ৱেবছাইটৰ ঠিকনাটি হ’ল - www.dteassam.in । এই প্রৱেশ পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ৰ মুঠ ১০০ নম্বৰৰ প্ৰশ্ন আহে ।
     প্ৰতি বছৰৰ মে' মাহৰ পৰা জুন মাহৰ ভিতৰত পলিটেকনিকৰ PAT পৰীক্ষাৰ বাবে শিক্ষাৰ্থী সকলৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰে। আবেদনৰ সংশোধন আৰু মাছুল পৰিশোধৰ বাবে অন্তিম তাৰিখ শিক্ষা সঞ্চালকালয়ে অনলাইন প'ৰ্টেলত সন্নিৱিষ্ট কৰে। 
    প্ৰাৰ্থীসকলে বিজ্ঞাপন অনুসৰি নিৰ্দিষ্ট সময়ত অনলাইন যোগেদি PAT ৰ বাবে আবেদন দাখিল কৰিব লাগে। অনুসূচিত জাতি , জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ বাবে আবেদনৰ মাচুল বেলেগ বেলেগ। পৰীক্ষা অনুষ্ঠিত কৰা হয় বছৰৰ জুলাই মাহত। পৰীক্ষা অনুষ্ঠিত হোৱা তাৰিখ, বাৰ, মাহ আদি বিভাগীয় website ত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে সন্নিৱিষ্ট কৰা থাকে। তদুপৰি পৰীক্ষাৰ এডমিট কাৰ্ড খনতো সকলোবোৰ উল্লেখ কৰা থাকে। পৰীক্ষাৰ ঠিক দুই সপ্তাহৰ আগতে website ত প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড উপলব্ধ হয় । ইয়াক সময় মতে ডাউনলড কৰি ল'ব লাগে।
    পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তলত উল্লেখ কৰা ধৰণে পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পায়।

৩/ পলিটেকনিকত নামভৰ্তিৰ বাবে অৰ্হতা সমূহ আৰু অধ্যয়নৰ ভাগবোৰ:
    প্ৰৱেশ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত পলিটেকনিক শিক্ষানুষ্ঠান এখনত নামভৰ্তি কৰিব পাৰে। ইয়াৰ বাবে নিম্নতম অৰ্হতা হৈছে মেট্ৰিক উত্তীৰ্ণ বা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগে। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী বা স্নাতক ডিগ্ৰী ধাৰী সকলেও নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰে। পলিটেকনিক প্ৰৱেশ পৰীক্ষাৰ উত্তীৰ্ণ ফলাফলৰ কাউন্সিলিংৰ মতে আবেদনকাৰী প্ৰাৰ্থী সকলে বিভিন্ন পলিটেকনিক স্কুলত নামভৰ্তি কৰিব পাৰে। দেখা যায় যে শতকৰা প্ৰায় ০.০০৩ শতাংশ দশম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰে। উল্লেখ্য যে বহু ছাত্ৰ-ছাত্ৰীয়ে পলিটেকনিকৰ সম্পৰ্কে জ্ঞাত নহয়। আনহাতে কিছুমানৰ মনত পলিটেকনিকৰ সম্পৰ্কে ভাল মনোভাৱ নাই যাৰ বাবে পলিটেকনিকত নামভৰ্তিৰ বাবে বহু ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈ আছে। 
    পলিটেকনিকত তিনি বছৰীয়া পাঠ্যক্ৰম প্ৰদান কৰা হয়। বৰ্তমান ষাণ্মাসিক বা Semester পদ্ধতিত এই শিক্ষা প্ৰদান কৰে। বছৰেকত দুটা Semester আৰু তিনি বছৰত মুঠ Semester ছটা হয় । 
    বৰ্তমান বিশ্বৰ সকলোতে কাৰিকৰী শিক্ষাৰ জনপ্ৰিয়তা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰিয়েই শিক্ষানুষ্ঠান সমূহেও শিক্ষাৰ পাঠ্যক্ৰমৰ বাবে বিভিন্ন ভাগবোৰ সন্নিৱিষ্ট কৰিছে। অসম পলিটেকনিক শিক্ষানুষ্ঠানতো ভিন্ন বিষয়ৰ ভাগবোৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ভাগবোৰৰ লগত সামঞ্জস্য ৰাখি সন্নিৱিষ্ট কৰা হৈছে। অসমৰ পলিটেকনিক শিক্ষানুষ্ঠান সমূহত পঢ়াৰ সুবিধা থকা বিভিন্ন ভাগবোৰ তলত উল্লেখ কৰা হ'ল। -
    i) Architect Assistant (আৰ্কিটেক এছিটেণ্ট)
    ii) Civil engineering (চিভিল ইঞ্জিনীয়াৰিং)
    iii) Mechanical engineering (মেকানিকেল ইঞ্জিনিয়াৰিং)
    iv) Chemical engineering (কেমিকেল ইঞ্জিনিয়াৰিং)
    v) Electrical engineering (ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং)
    vi) Electronics and Telecommunications (ইলেকট্ৰনিকছ এণ্ড টেলিকমিনিউকেশ্বনছ)
    vii) Computer engineering (কম্পিউটাৰ ইঞ্জিনিয়াৰিং)
    viii) Instrumentation (ইনষ্ট্ৰুমেনটেছন)
    ix) Textile Technology (টেক্সটাইল টেকনলজি)
   x) Garment Technology(গাৰমেণ্ট টেকনলজি)
    xi) Automobiles engineering (অটমোবাইলছ ইঞ্জিনিয়াৰিং)
    
৪/ পলিটেকনিক শিক্ষানুষ্ঠান ক'ত আছে :
      অসম চৰকাৰৰ অধীনত অসমত পূৰ্বে কেৱল ১০ খন পলিটেকনিক শিক্ষানুষ্ঠান আছিল।২০১৭-২০১৮ বৰ্ষত আৰু ১১খন শিক্ষানুষ্ঠান নতুনকৈ স্থাপন কৰা হয়। বৰ্তমান অসমত থকা মুঠ পলিটেকনিক শিক্ষানুষ্ঠান হৈছে ২১ খন। 
       অসমত থকা পলিটেকনিক কেইখন হ’ল : ১।অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, গুৱাহাটী ২।গাৰ্লছ পলিটেকনিক, গুৱাহাটী ৩।বঙাইগাঁও পলিটেকনিক, ৪।শিলচৰ পলিটেকনিক, ৫। নগাঁও পলিটেকনিক ,৬। প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি , যোৰহাট ৭। ডিব্রুগড় পলিটেকনিক ৮। গাৰ্লছ পলিটেকনিক, গোলাঘাট ৯।অসম টেক্সটাইল ইনষ্টিটিউট, গুৱাহাটী ১০। ডিফু পলিটেকনিক, ডিফু ।

      ২০১৭-১৮ শিক্ষাবৰ্ষৰ পৰা নতুনকৈ আৰম্ভ কৰা পলিটেকনিক শিক্ষানুষ্ঠান কেইখন হ'ল -১১। বাক্সা পলিটেকনিক, ১২।বৰপেটা পলিটেকনিক, ১৩। ধেমাজি পলিটেকনিক, ১৪। কৰিমগঞ্জ পলিটেকনিক, ১৫। লখিমপুৰ পলিটেকনিক, ১৬। গোলাঘাট পলিটেকনিক, ১৭। গোৱালপাৰা পলিটেকনিক,১৮। নলবাৰী পলিটেকনিক, ১৯। কামৰূপ পলিটেকনিক, ২০। শিৱসাগৰ পলিটেকনিক, ২১। শোণিতপুৰ পলিটেকনিক ।

৫/ চাকৰিৰ সুবিধা কিমান  
   শিক্ষাৰ ভাগবোৰৰ ওপৰত নিৰ্ভৰ্শীল ইয়াৰ চাকৰিৰ সুবিধা। পৰিলক্ষিত হয় যে কাৰিকৰী শিক্ষাৰ জ্ঞান থাকিলে মৰণ নাই। তিনিবছৰীয়া পাঠ্যক্ৰম সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত চৰকাৰে দিয়া বিজ্ঞাপন অনুসৰি চাকৰিৰ বাবে আবেদন কৰিব লাগিব। এইটো সত্য যে প্ৰায়ভাগ শিক্ষাৰ্থীৰে চৰকাৰী চাকৰি প্ৰথম পছন্দ। যি বিভাগত পাঠ্যক্ৰম শেষ কৰিব প্ৰাৰ্থীয়ে সেই বিভাগৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি চৰকাৰী চাকৰিৰ বাবে ৰৈ থকা ইচ্ছা নাই যিকোনো কম্পেনীত সহজে চাকৰি ল'ব পাৰে। অইল ইণ্ডিয়া লিমিটেড, ইণ্ডিয়ান অইলচ , অ .এন. জি.চি. , পেট্ৰকেমিকেলছ নামৰূপ, গেছ ক্ৰেকাৰ, হিন্দুস্তান ইউনিলিভাৰ লিমিটেড.. আদিৰ দৰে আগশাৰীৰ উদ্যোগ সমূহত নিযুক্তিৰ বিজ্ঞাপন অনুসৰি আবেদন কৰিব পাৰে। বিভিন্ন চৰকাৰী অথবা বেচৰকাৰী বাগান সমূহতো মকৰলৰ বাবে সুবিধা আছে। তদুপৰি ঠিকা ভিত্তিতো সৰু সৰু উদ্যোগ সমূহত নিযুক্তিৰ সম্ভাৱনা আছে। যেনে আৰ্কিটেক এছিটেণ্টৰ ক্ষেত্ৰত চৰকাৰী চাকৰি নাপালেও ঘৰতে বহিও বহু টকা ইনকাম কৰিব পাৰি। গৃহসজ্জাৰ বাবে নক্সা প্ৰস্তুত, বিভিন্ন দলং সজাৰ বাবে নক্সা প্ৰস্তুত, লোণ লোৱা লোকসকলৰ বাবে গৃহ নক্সা প্ৰস্তুত.. আদিৰ দৰে কাম কৰি সহজে আয় কৰিব পাৰি।

৬/ বৰ্তমান সময়ত ইয়াৰ জনপ্ৰিয়তা :
    বৃত্তিমুখী শিক্ষা বা কাৰিকৰী শিক্ষা বৰ্তমান সময়ত অতি জনপ্ৰিয় হৈ পৰিছে। বহু ছাত্ৰ-ছাত্ৰীয়ে দশম শ্ৰেণীৰ উত্তীৰ্ণ হোৱাৰ পিছত বি এ, এম এ কৰিবলৈ ইচ্ছুক নহয়। এনে ডিগ্ৰী গ্ৰহণ কৰি অবাবত সময় নষ্ট কৰাৰ পক্ষপাতী নহয়। তেনে ছাত্ৰ-ছাত্ৰীয়ে সদ্যহতে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ে। কাৰিকৰী শিক্ষা গ্ৰহণ কৰা মানে জীৱন গঢ়াৰ সুযোগ এশ শতাংশ প্ৰাপ্ত। অৰ্থাৎ এনেধৰণেও ক'ব পাৰি যে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিলে চাকৰি নিশ্চিত হয়। বেছি চিন্তাত পৰিবলগীয়া নহয়। যিহেতু কাৰিকৰী শিক্ষাত যিকোনো এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভিত্তি কৰি এনেদৰে জ্ঞান প্ৰদান কৰা হয় যাতে শিক্ষাৰ্থী গৰাকীয়ে সেই বিভাগত অনায়াসে চাকৰি পাবলৈ সক্ষম হয়। বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশত কাৰিকৰী শিক্ষা, উদ্ভাৱনীমূলক শিক্ষা, সৃজনীমূলক শিক্ষা... আদিৰ দৰে শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হয়। আমাৰ চুবুৰীয়া দেশ চীন এনে ক্ষেত্ৰত বহুদূৰ আগবাঢ়িলৈ সক্ষম হৈছে। জাপান, ৰাছিয়া, আমেৰিকা... আদি কাৰিকৰী দিশত অতি আগবঢ়া দেশ হিচাপে বিবেচিত। আমাৰ দেশ ভাৰত যদিও বৃহৎ আকাৰৰ তথাপিও কাৰিকৰী দিশত মনপুত: ভাৱে এতিয়াও আগবাঢ়িব পৰা নাই। ইয়াৰ অৱশ্যে কাৰণো নথকা নহয়। ভাৰতত বাস কৰা সৰহ সংখ্যক লোক দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ। যাৰ বাবে সৰহ সংখ্যক লোকৰ সন্তানে এনে শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়িব অপাৰগ। অসমৰ অৱস্থাও তথৈবচ। তথাপি বৰ্তমান সময়ত চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থী সকলক বৃত্তিমুখী শিক্ষা গ্ৰহণত বিভিন্ন আঁচনি গ্ৰহণ কৰি আগুৱাই নিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়ে সমাজলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বুলি ক'ব পাৰি।
     
৭/ উপসংহাৰ :
     ছাত্ৰ-ছাত্ৰী সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত ২। পলিটেকনিকৰ বিভিন্ন বিভাগত ৩। উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত (কলা/বাণিজ্য/বিজ্ঞান) আদিত পঢ়িব পাৰে।
     যিসকল ছাত্ৰ-ছাত্ৰীয়ে জীৱনত সোনকালে উপাৰ্জন কৰিবলৈ সুযোগ বিচাৰে তেওঁলোকে ১ আৰু ২ নং অৰ্থাৎ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ বিভিন্ন বিভাগত অধ্যয়ন কৰাৰ বাদে গত্যন্তৰ নাই। জীৱনৰ দিশ সলনি কৰিবলৈ আমি শিক্ষা গ্ৰহণৰ পথো নিশ্চয় পৰিবৰ্তন কৰিব লাগিব। তেতিয়াহে জীৱনত কিবা এটা লাভ কৰিবলৈ সক্ষম হ'ব পৰা যাব। এয়া সময়ৰ দাবী । সময়ৰ লগত খোজ মিলাই আগবাঢ়িবলৈ সময়ৰ অৱস্থাই আগবঢ়োৱা দিশ আমি গ্ৰহণ কৰা উচিত।
     আমাৰ ছাত্ৰ-ছাত্ৰী সকলে বৃত্তিমুখী শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে নৱম দশম শ্ৰেণীৰ পৰাই নিজকে সাজু কৰি তোলিব লাগিব। যিহেতু 
বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰি পৰীক্ষা লোৱা হয় । সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে ছাত্র-ছাত্রী সকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । সেয়ে ছাত্ৰ-ছাত্ৰী সকলে নিজৰ পাঠ্যক্ৰমৰ জ্ঞানৰ উপৰিও বিভিন্ন বাতৰি কাকত, আলোচনী, দূৰদৰ্শনৰ বাতৰি আৰু ইণ্টাৰনেটত বিভিন্ন বিষয়ত কেৰিয়াৰ ওপৰত জ্ঞান আহৰণ কৰিবলৈ প্ৰয়াস কৰিব লাগিব। বিশেষকৈ সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্ৰবাহৰ সাধাৰণ জ্ঞান ( Current affairs)। দুয়োটাই অতি গুৰুত্বপূৰ্ণ। ইয়াত পৰম্পৰাগত জ্ঞান মানে বিদ্যালয়ৰ গণ্ডীৰত শিকা পাঠ্যক্ৰমৰ জ্ঞানৰ কথা কোৱা হৈছে আৰু সাম্প্ৰতিক ঘটনা প্ৰবাহ হৈছে সমাজত ঘটি থকা বিভিন্ন বিষয়ক জ্ঞান। যি জ্ঞান বিভিন্ন গণমাধ্যমৰ জৰিয়তে আহৰণ কৰিব পৰা যায়।





প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো । লেখক - দুদুল সোণোৱাল।

🌻🌻🌻🌻🌻🌻🌻🌻🌹🌹🌹🌹🌹🌹🌹🌹
 
     
    




No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts