অসমীয়া সংস্কৃতিৰ স্বৰূপ: সংস্কৃতি কেনেকৈ জীয়াই থাকিব মানুহ যদি সক্ৰিয় নহয় ? Nature of Assamese Culture: How Culture Will Survive ?
সংস্কৃতি কেনেকৈ জীয়াই থাকিব বুলি ক'লে সহজে উত্তৰ দিবলৈ ক'ব পাৰি- 'আমাৰ ইচ্ছাই সংস্কৃতিক জীয়াই ৰাখিব।' অৰ্থাৎ মানুহৰ ইচ্ছাৰ বিপৰীতে সংস্কৃতিৰ অপমৃত্যু নিশ্চিত। সমাজ এখন জীয়াই থাকে সংস্কৃতিৰ ছত্ৰছায়াত। যি সমাজৰ সংস্কৃতিৰ ৰূপ ফোঁপোলা আৰু নিশকতীয়া সেই সমাজৰ স্থায়ীত্ব হ্ৰস্বম্যাদী হয়। সেয়েহে আমি নিজৰ কৃষ্টি-সংস্কৃতিক জীয়াই ৰাখিবলৈ, আয়ুস বঢ়াবলৈ চেষ্টা অটুট ৰখা উচিত। আদিম কালৰে পৰা মানুহে স্ব-কৃষ্টি আৰু সংস্কৃতিক বিভিন্ন উপায়েৰে ধৰি ৰাখিছে। বিভিন্ন উৎসৱ, বিভিন্ন নাটক আদিৰ মাধ্যমেৰে সংস্কৃতিক এচাম সংস্কৃতিৱান মানুহে পুনৰুৰ্জীৱিত কৰিছে। সত্তৰ নব্বৈ দশকৰ সময়ছোৱাত এনে কাৰ্যৰ বলিষ্ঠ ভাৱে সমাজত প্ৰতিফলিত হোৱা পৰিলক্ষিত হৈছিল। তৎকালীন সময়ত গঞাঁ ৰাইজে নিজে নাটকৰ কাহিনী লিখিছিল আৰু সাধাৰণ বাঁহ-কাঠেৰে নিৰ্মিত মঞ্চৰ মাধ্যমেৰে মঞ্চস্থ কৰি সমাজৰ লোকক আনন্দ দান দিয়াৰ লগতে সংস্কৃতিৰ সংৰক্ষণ কৰিছিল। তেনেকৈ বিভিন্ন উৎসৱাদিৰ ক্ষেত্ৰতো তন্দ্ৰুপ কাৰ্যৰে সংস্কৃতিক জীয়াই ৰাখিবলৈ কৰিছিল কুচ-কাৱাজ। আজিৰ সময়ত মানুহৰ মনৰ পৰা তাহানিৰ সেই মানুহৰ সৃজনীমূলক মনোভাৱবোৰ হেৰাই গৈছে নেকি? প্ৰশ্নটোৱে আমাক বাৰু জোকাৰি নাযায় নে ?
বিজ্ঞ সমাজৰ মতে সংস্কৃতি হেনো পৰিবৰ্তনশীল। সেয়ে ইয়াৰ ৰূপ সময়ে সময়ে সলনি হৈ থাকে। পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ সংস্কৃতিৰ ৰেহৰূপো পৰিৱৰ্তন ঘটে। আমাৰ চৌপাশত সংস্কৃতিৰ ওপৰত ঘটা পৰিৱৰ্তনে নিশ্চয় তাকেই দোহাৰে।
আজিৰ পৰা পঞ্চাছ ষাঠি বছৰৰ আগতে যি কৃষ্টি - সংস্কৃতি আছিল সেয়া আজিৰ দিনত তাৰ কেৱল জকাটোহে অৱশিষ্ট ৰৈছেগৈ বুলিলেও অত্যুক্তি কৰা নহ'ব নিশ্চয়। তাৰ বহু উদাহৰণ আমাৰ মাজত বিদ্যমান। শ্ৰীমন্ত শংকৰদেৱৰ চেষ্টাত গাওঁৱে ভূঞেঁ সংস্কৃতিৰ সংৰক্ষণে নৱজাগৰণৰ সৃষ্টি কৰিছিল। নাটক, ভাওনা আৰু নামঘৰক ভেটি হিচাপে লৈ আমাৰ কৃষ্টি আৰু সংস্কৃতিক ন-ৰূপত প্ৰতিষ্ঠা কৰা হৈছিল। সমাজৰ মানুহবিলাকে নিজে নাটক, ভাওনা... আদিৰ কাহিনী সৃষ্টি কৰিছিল আৰু ইয়াক মঞ্চৰ মাধ্যমেৰে মঞ্চস্থ কৰি সমাজৰ সকলো লোককে আনন্দ দান দিয়াৰ লগতে সংস্কৃতি সংৰক্ষণত সহায় কৰিছিল। বিশেষকৈ আহোম, সোণোৱাল কছাৰী জনগোষ্ঠী লোকসকলৰ মাজত সংস্কৃতিৰ প্ৰতি ৰাপ আৰু দায়বদ্ধতা বেছি আছিল বুলি জয়া উৎসৱ, ভাওনা , নাটক, বিভিন্ন প্ৰতিযোগিতা... আদি প্ৰতি বছৰে অনুষ্ঠিত কৰাটোৱে প্ৰতিপন্ন কৰিছিল। ১৯৮৮ চনৰ আশে পাশে বৃহৎ হাঁহখাটী অঞ্চলত অনুষ্ঠিত হোৱা কেইবাখনো জয়া উৎসৱ চোৱাৰ সুবিধা লাভ কৰিছিলো । তেতিয়া আমাৰ বয়স তেনেই কম। আঠ কি ন বছৰীয়া বয়সৰ আছিলোঁ। কিন্তু কথাবিলাক প্ৰায় মনত আছে। বৰ সুন্দৰ ভাৱে অভিনয় কৰিছিল ভাৱৰীয়াসকলে কোনো প্ৰশিক্ষণ নোলোৱাকৈ। ভাওনা বা নাটকৰ ক্ষেত্ৰতো একেই কথা। অৱশ্যে ভাৱৰীয়া সকলে কিছু দিন আখৰা কৰি লয়। আগ্ৰহী তথা কিছু বিজ্ঞজনে আখৰাৰ সময়ত দৃষ্টি দি তদাৰক কৰে। এনেকৈয়ে সেই সময়ত সংস্কৃতিৰ মালাধাৰি সুন্দৰকৈ গাঁথি ৰাখিছিল।
জয়া উৎসৱ আয়োজন কৰিলে হেনো বৰষুণ হয়। কথাটো কিমান দূৰ সত্য নাজানো কিন্তু বাস্তৱত জয়া উৎসৱত সদায় বৰষুণ ধুমুহা বতাহ হোৱাই দেখি আহিছোঁ। অৱশ্যে জয়া উৎসৱ হোৱা সময়তোও বৰষুণ আগমনৰ দিনৰে সময়। জয়া উৎসৱ চ'ত মাহত অনুষ্ঠিত কৰা হয়। সেয়ে বৰষুণ হয় যেন অনুভৱ হয়। মনত পৰিছে হাঁহখাটি মৃদংপৰাত অনুষ্ঠিত হোৱা এখন জয়া উৎসৱৰ কথা। ১৯৮৮ চন মানৰ কথা (স্পষ্টকৈ চনটো মনত নাই) । সুন্দৰ ভাৱে বাঁহৰ খুটা দি মঞ্চ সাজি জয়া উৎসৱ আয়োজন কৰিছিল। আমিও সেই উৎসৱ চাবলৈ ঢাপলি মেলিছিলো । মই অৱশ্যে বাৰ তেৰ বছৰ বয়সীয়া আছিলো । তেতিয়া পথবোৰ একেবাৰে বেয়া। কেঁচা পথ। অৱশ্যে বতৰ পুৱা ভাগত বৰ ফৰকাল আছিল। আবেলি সময়ত বতৰে তৎক্ষণাৎ ৰূপ সলালে । লাহে লাহে বতাহ আহিবও ধৰিলে। আমি তেতিয়া মঞ্চৰ ৰভাৰ তলত বহি আছিলোঁ। বতাহ বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাত উপাই নাপাই আমি সকলোৱে ওচৰৰ মানুহৰ ঘৰত আশ্ৰয় ললোগৈ । আন মানুহ বিলাকো জেনিতেনি ফৰিংছিটিকা দিলে। শেষত বতাহৰ প্ৰকোপ বঢ়াৰ লগতে শিলাবৃষ্টিও হ'ব ধৰিলে। প্ৰৱল ধুমুহা বতাহে মঞ্চ উৰুৱাই লৈ গ'ল। ৰভাৰ তম্বু খতম। প্ৰায় দুই ঘণ্টামানৰ মূৰত বতাহ বৰষুণৰ শাম কাটিল। কিন্তু জয়া উৎসৱ সিদিনাখন প্ৰাকৃতিক দুৰ্যোগে সিমানতে বন্ধ কৰি থৈ গ'ল। এয়া মোৰ প্ৰথম অভিজ্ঞতা আছিল। ইয়াৰ পিছত যিমান বাৰ জয়া উৎসৱ চাইছো প্ৰতিবাৰতে বতাহ বৰষুণ হোৱা দেখি আহিছোঁ।
ইতিহাসৰ পাতত মানুহৰ কৃষ্টি প্ৰদৰ্শনৰ হাবিয়াস :
আজিৰ পৰা পঞ্চাছ বছৰৰ আগতে মানুহ বিলাকৰ স্ব-কৃষ্টি প্ৰদৰ্শনৰ ক্ষেত্ৰত হাবিয়াস অন্ত্যন্ত বেছি আছিল নেকি বাৰু ? নিজৰ কৃষ্টিক ধৰি ৰখাৰ প্ৰৱনতা বৰ্তমান সময়ত কিমান ? আগৰ দৰে মানুহে এতিয়া নিজে নাটক লিখিলেও সেয়া প্ৰফেচনেল হ'ল। আৰু কোনো মঞ্চত প্ৰদৰ্শন কৰিবলৈ নিলিখে লিখে কেৱল কেনেকৈ লিখাৰ জৰিয়তে আয় কৰিব পাৰি আৰু এজন নাট্যকাৰ হিচাপে বিবেচিত হ'ব পাৰি সেই লক্ষ্য আগত ৰাখি। ব্যক্তিগত আৰু ব্যৱসায়িক ভিত্তিত থিয়েটাৰ বা নাটকৰ দ'ল সমূহৰ জৰিয়তেহে আজিকালি সংস্কৃতি জীৱিত অৱস্থাত আছে। কোনো গাওঁতে আজিকালি আগৰ দৰে নিজে নাটক নাপাতে। অৱশ্যে কোনো কোনো গাওঁৰ ৰাইজে একত্ৰিত হৈ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। সেয়াও আঙুলিৰ মূৰত গণিব পৰা বিধৰ।
পূৰ্বতে গাওঁৰ ৰাইজে যি নাটক অনুষ্ঠিত কৰিছিল তাৰ পৰা ৰাইজৰ বহু লোক লাভাম্বিত হৈছিল। গাৱঁৰ নতুন প্ৰজন্মই সুপ্ত প্ৰতিভা বিকাশ ঘটাবলৈ এখন উপযুক্ত মঞ্চ লাভ কৰিছিল। এই মঞ্চক সাৰথি কৰি নতুন প্ৰজন্মৰ নাট্যাভিনয়ৰ কৌশল আয়ত্ব হৈছিল, নাটক লেখাৰুৰ জন্ম হৈছিল আৰু নতুন অভিজ্ঞতা শিশু সকলৰ প্ৰাপ্ত হৈছিল। এই অভিজ্ঞতাই তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছিল।
বৰ্তমান মানুহৰ মানসিক দিশৰ পৰিৱৰ্তন ঘটিল। জীৱন নিৰ্বাহৰ ব্যস্ততাৰ ধামখুমীয়াত পৰি আগৰ দিনত নিজ প্ৰচেষ্টাৰে চলোৱা সংস্কৃতিৰ যুঁজখন আজি কিছু ম্লান পৰিল। বৰ্তমান সংস্কৃতি জীয়াই ৰাখিছে কেৱল থিয়েটাৰ, বোলছবি, মঠ মন্দিৰ, আৰু কিছু দায়িত্বশীল এচাম লোকৰ সক্ৰিয় তৎপৰতাত। আনকি সৃজনীমূলক মানসিক দিশৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ বা লাগিল।
উপসংহাৰ
সময়ৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰো পৰিবৰ্তন ঘটে। নতুন ধাৰণাৰে সংস্কাৰ ঘটি সৃষ্টি হয় নতুন সংস্কৃতিৰ। সলনি হয় পুৰণিকলীয়া ৰীতি-নীতি , মানুহৰ মানসিক উদাৰতা, বিকাশৰ ধাৰা উদ্ভাৱনৰ তৎপৰতা .. আদি। এনেকৈয়ে হয়তো আমাৰ সংস্কৃতিয়ে নিতৌ ৰূপ সলাই আছে। সময়ৰ তাগিদাত। বিৱৰ্তনৰ পথেৰে হ'লেও আমি আমাৰ সংস্কৃতিক ধৰি ৰাখিব লাগিব অনাগত দিনলৈ। তেতিয়া এটা জাতি হিচাপে মেৰুদণ্ডপ পোনাই থিয় হৈ থাকিব পৰা যাব।
নতুন প্ৰজন্মই আমাৰ সংস্কৃতিৰ পথাৰখন জীপাল কৰি ৰাখিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিব লাগিব। নাটক, গীত-মাত, নৃত্য , সাহিত্য আদিৰ মাধ্যমেৰে সংস্কৃতিক জীয়াই ৰাখিবলৈ মনত প্ৰৱল হেঁপাহৰ জন্ম দিব লাগিব নতুন প্ৰজন্মই।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।
💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖
No comments:
Post a Comment
dudulsonowal32@gmail.com