থলুৱা শস্যৰ সম্ভাব্য চাহিদা অনুসৰি বজাৰ দখল: এক তুলনামূলক অধ্যয়ন ।
A comparable field study on demand of local crops in the market.
বজাৰত থলুৱা শস্যৰ চাহিদা আছে নে নাই , সম্ভাব্য চাহিদা কিমান (?) আদি কথাবোৰ স্পষ্টকৈ নজনাকৈয়ে আমাৰ কৃষক বন্ধুসকলে ঐতিহাসিক দিনৰে পৰাই বজাৰত বিক্ৰী কৰি আহিছে 'থলুৱা জাতৰ শস্য'। কিন্তু কৃষকসকলে উৎপাদিত থলুৱা সামগ্ৰীৰ উচিত মূল্য পাইছে বুলি আজিলৈকে কৰ্ণগোচৰ হোৱা নাই। ইয়াৰ কাৰণ কি ? থলুৱা জাতৰ শস্যৰ চাহিদা কিমান? চাহিদা অনুসৰি বজাৰ অধিকাৰ কৰিব সক্ষম নে ? ইত্যাদি প্ৰশ্নৰ উত্তৰ পাবলৈ কিছু অধ্যয়নৰ প্ৰয়োজন।
থলুৱা শস্য বুলিলে ধান,মাহ, সৰিয়হ, ঘেঁহু, ৰঙালাউ জাতিলাও, বেঙেনা, গোমধান, তিঁয়হ অমিতা কচু বিলাহী আলু, কল, ... আদি শস্যবোৰৰ কথাকেই বুজা যায়। পৰিলক্ষিত হয় যে থলুৱা বীজৰ দ্বাৰা উৎপাদিত থলুৱা শস্যৰ বজাৰ চাহিদা বৰ্তমান সময়ত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ কাৰণ হৈছে- থলুৱা জাতৰ শস্য সমূহ কোনো অনিষ্ট কাৰী সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা নহয়। গৰুৰ গোবৰ আৰু বালিঅহীয়া সাৰুৱা মাটিত থলুৱা জাতৰ শস্য সহজে উৎপাদিত হয়। সেয়ে এনে শস্যৰ খাদ্য অধিক সুস্বাদু হোৱাৰ লগতে পুষ্টিকাৰক হয়। থলুৱা জাতৰ শস্যৰ চাহিদা সেয়ে বজাৰত বৃদ্ধি পাবলৈ ধৰিছে। বৈজ্ঞানিক পদ্ধতিৰে থলুৱা শস্য খেতি কৰি বজাৰ সহজে চাহিদা অনুসৰি অধিগ্ৰহণ কৰিব পৰা যায়। আনহাতে বৰ্তমান সময়ত বজাৰত প্ৰাপ্ত বৰ্ণসংকৰ জাতৰ শস্যৰ প্ৰতি মানুহে আকৃষ্ট হ'লেও, শস্যৰ গুণাগুণ আৰু অধিক সাৰ প্ৰয়োগেৰে উৎপাদন কৰা বাবে এনে খাদ্য শস্য কিনিবলৈ কিছু ইতস্ত:বোধ কৰা দেখা যায়।
তদুপৰি থলুৱা জাতৰ শস্যৰ বহন ক্ষমতা অধিক হোৱাৰ বাবে এনে জাতৰ শস্যৰ খেতি কৰি বজাৰ দখল কৰি কৃষকসকল স্বাৱলম্বীহ'ব পাৰে।
থলুৱা জাতৰ শস্যৰ চাহিদা বজাৰত কিমান (?), বা চাহিদা আছে নে নাই, উৎপাদিত সামগ্ৰীসমূহ বৰ্ণসংকৰ জাতৰ শস্যৰ সমান উচ্চ হাৰত দাম পাবলৈ সক্ষম নে , সক্ষম নহয়... ইত্যাদি কথাবোৰ বিভিন্ন কৃষক বন্ধুসকলৰ পৰা জানিবলৈ প্ৰয়াস কৰা হৈছিল। বিভিন্ন প্ৰশ্ন কৰি থলুৱা শস্যৰ বজাৰ চাহিদা আৰু সম্ভাব্য চাহিদাৰ সম্পৰ্কে কিছু বুজিবলৈ সক্ষম হৈছিলো।
আৰৈমূৰীয়া গাওঁ এখন অতি পুৰণি ভোগালী গাওঁ হিচাপে খ্যাতি আছে। গাওঁখনৰ খেতিয়ক সকল বৰ্তমান সময়ত পূৰ্বৰ তুলনাত বহু পৰিমাণে উন্নত হৈছে। চাকৰি বাকৰিও বহুঘৰৰ মানুহে কৰা হ'ল। সেয়ে পৌৰাণিক নিয়মেৰে কৰা খেতিৰ দিহা প্ৰায় মানুহে এৰিছে বুলি ক'ব পাৰি। গম পোৱা মতে পূৰ্বৰ কৃষক সকলে যি খেতি খোলা কৰিছিল তাৰবাবে বীজ নিজে সংৰক্ষণ কৰিছিল। গোমধান,তিঁয়হ, অমিতা, মাটিমাহ, ধান, সৰিয়হ,ঘেঁহু, বিলাহী আলু, কচু ... আদিৰ ক্ষেত্ৰত কৃষকে বজাৰৰ পৰা কিনি অনা নাছিল।
পৰম্পৰাগত প্ৰথাৰে বীজবোৰ ৰাখিছিল। কোনো ঔষধৰ ব্যৱহাৰ কৰা নাছিল। ফলত এনে বীজৰ সহায়ত কৰা শস্যৰ গুণাগুণ নষ্ট হোৱা নাছিল। আনহাতে খেতিৰ সময়ত কোনো ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ পৰা বিৰত আছিল। বৰ্তমান সময়তো এনে প্ৰক্ৰিয়াৰে গাওঁৰ চহা কৃষক বন্ধুসকলে শস্যৰ উৎপাদন অব্যাহত ৰাখিছে। এনে সতেজ আৰু খাটীভাৱে উৎপাদিত থলুৱা জাতৰ শস্যৰ খাদ্য খোৱাৰ বাবে হয়তো গাওঁৰ মানুহবোৰ শকত-আবত আৰু নিপোটল। তেওঁলোকৰ মতে থলুৱা জাতৰ শস্যৰ চাহিদা আছে। কিন্তু বহিৰাগত বনিয়া সকলে বা বেপাৰী বিলাকে দাম দিবলৈ নিবিচাৰে। কম দামত গাৱঁৰ ৰাইজৰ পৰা বেপাৰী বিলাকে সামগ্ৰী উঠাই লয় আৰু নিজে এইবোৰ দামত বিক্ৰী কৰে । বৰ্ণসংকৰ জাতৰ শস্যৰ দৰে উচ্চ হাৰত দাম পাবলৈ হ'লে ৰাইজে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লাগিব। বৈজ্ঞানিক পদ্ধতিৰে থলুৱা জাতৰ শস্যৰ খেতি খোলা কৰিব লাগিব। কিন্তু ৰাসায়নিক দ্ৰব্য ভূলতেও ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ পৰা বুজিব পাৰি যে থলুৱা শস্যৰে বজাৰ দখল কৰাত বৰ অসুবিধা নাই।
দীঘল মেছাকী গাওঁ, ন-মেছাকী গাওঁ, আজোখা গাওঁ আৰু বোকাপথাৰ গাওঁৰ সমূহ ৰাইজৰ প্ৰায়ভাগৰ মুখেৰে জানিব পৰা মতে পূৰ্বতে তেওঁলোকে ঘৰতেই নিজে বিভিন্ন বীজ সংৰক্ষণ কৰিছিল আৰু সেইবোৰৰ জৰিয়তে খেতি কৰিছিল। উৎপাদিত সামগ্ৰীসমূহ পুৰণি ছৈখোৱা বজাৰত বিক্ৰীৰ বাবে কৃষকসকলে নিছিল। ১৯৫০ চনৰ পৰৱৰ্তী সময়ত মথাউৰিৰ দক্ষিণ পাৰলৈ অনা ছৈখোৱা বজাৰত বিক্ৰীৰ বাবে নিছিল আৰু বৰ্তমানেও উক্ত বজাৰতে বস্তুৰ বেচাকিনা অব্যাহত আছে। তেওঁলোকৰ মতে থলুৱা জাতৰ শস্যৰ চাহিদা বজাৰত আছে যদিও উচিত মূল্য পোৱা নাযায়। দূৰৰ ঠাইসমূহৰ পৰা অহা বেপাৰী বিলাকে কিছু ভালদাম দিলেও স্থানীয় বেপাৰী বিলাকে একেবাৰে দাম দিবলৈ নিবিচাৰে। আনকি কিছুলোকে থলুৱা সামগ্ৰী ঘৰলৈ পুনৰ ঘূৰাই নিব লগা পৰিস্থিতিও সৃষ্টি হোৱা পৰিলক্ষিত হয়।
ইয়াৰ বিপৰীতে কিন্তু বৰ্ণসংকৰ জাতৰ শস্য গ্ৰাহকে বেপাৰীৰ পৰা বেছি দাম দি হ'লেও ক্ৰয় কৰি নিয়ে। আৰু গ্ৰাহক সকলে থলুৱা শস্য বিলাক কিনিব ইচ্ছা নকৰাৰ মূল কাৰণ হ'ল থলুৱা শস্যবোৰ পোকে নষ্ট কৰাৰ পৰিমাণ বেছি। এইক্ষেত্ৰত গ্ৰাহকসকলৰ খাদ্য শস্যৰ ওপৰত থকা গুণাগুণৰ অজ্ঞানতাৰেও প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে বুলি ক'ব পাৰি। সেয়ে থলুৱা জাতৰ শস্যৰ চাহিদা বজাৰত কম হোৱা পৰিলক্ষিত হয়। কৃষকসকলে সেয়ে অধিক গোবৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি শস্য উৎপাদন কৰিব লাগিব। শস্যৰ বীজ মাটিত লগোৱা পাছত উঠোৱা লৈকে শস্যৰ প্ৰতিপালন সঠিক মতে কৰিব লাগিব। পথাৰখন বা বাৰীখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ প্ৰয়াস কৰিব লাগে যাতে কোনো পোক পতংগই বাহ ল'ব নোৱাৰে। জনা যায় যে অধিক সাৰ প্ৰয়োগ কৰিলেহে শস্যৰ চেহেৰা নিপোটল হয়। আৰু লগতে গ্ৰাহক সকলক থলুৱা জাতৰ শস্যৰ গুণাগুণ আৰু খাদ্যৰ উপকাৰী দিশসমূহৰ বিষয়ে অৱগত কৰি সজাগ কৰিব পাৰিব লাগিব। তেতিয়াহে থলুৱা জাতৰ খাদ্য শস্যই বজাৰ ধৰি ৰখাত সক্ষম হ'ব।
যিহেতু বেছিভাগ কৃষকৰ মতে থলুৱা শস্যৰ চাহিদা বেছি আছে যদিও এনে জাতৰ উৎপাদিত সামগ্ৰী নিচেই কম হোৱাৰ বাবে বজাৰত ইয়াৰ স্থায়ীত্ব হ্ৰস্বম্যাদী হয়। সেয়ে যদি কৃষকসকলে বৈজ্ঞানিক পদ্ধতিৰে অধিক উৎপাদনৰ ব্যৱস্থা কৰিব পাৰে তেন্তে বজাৰত এনে থলুৱা শস্য বৃদ্ধি ঘটাব পাৰিব। থলুৱা শস্যৰ বৃদ্ধি ঘটাব পাৰিলে ইয়াৰ চাহিদাও সেই অনুপাতে বৃদ্ধি ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে থলুৱা জাতৰ শস্যৰ চাহিদাৰ সম্পৰ্কে আমি প্ৰথমতে বজাৰৰ পৰিৱেশ অধ্যয়ন কৰি লোৱা অতি প্ৰয়োজন। আনহাতে অধিক হাৰত যাতে বেপাৰী বিলাকে বাহিৰৰ পৰা বৰ্ণসংকৰ জাতৰ শস্য বজাৰলৈ আমদানি নকৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মুঠতে প্ৰতিযোগিতা মূলক মনোভাৱ পোষণ কৰি কৃষকসকল আগবাঢ়িবলৈ চেষ্টা কৰিলেহে থলুৱা শস্যই বজাৰ অধিগ্ৰহণ কৰিবলৈ সক্ষম হ'ব।
ওপৰোক্ত লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি কৃষকসকলৰ মাজত সজাগতা সভা অনুস্থিত কৰা উচিত। কিদৰে আগবাঢ়িলে থলুৱা জাতৰ শস্যৰ উৎপাদন বৃদ্ধি ঘটাব পাৰি আৰু চাহিদা বৃদ্ধি ঘটাব পাৰি সেই সম্পৰ্কে কৃষকসকলক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা প্ৰয়োজন আছে। এনেধৰণৰ প্ৰক্ৰিয়াৰে আগবাঢ়িলে কৃষক সকল লাভৱান হব পাৰিব।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।
বৰ সুন্দৰ হৈছে লেখাটো।
ReplyDeleteঅশেষ ধন্যবাদ জনালো
Delete