Tuesday, November 15, 2022

কিয় শংকৰদেৱ অসমীয়াৰ বাবে বিখ্যাত আছিল ? জাত-পাত, এঘৰীয়া কৰাৰ দৰে মনোভাৱ শ্ৰীমন্ত শংকৰদেৱৰ আছিল নে ?

কিয় 'শংকৰদেৱ' অসমীয়াৰ বাবে বিখ্যাত আছিল ? জাত-পাত, এঘৰীয়া কৰাৰ দৰে মনোভাৱ শ্ৰীমন্ত শংকৰদেৱৰ আছিল নে ?

  🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀
   শ্ৰীমন্ত শংকৰদেৱ আছিল একাধাৰে এগৰাকী ধৰ্মপ্ৰচাৰক, সমাজ সংগঠক, সমাজ সংস্কাৰক, গায়ক,নৰ্তক, অভিনেতা, চিত্ৰকৰ,কবি, সাহিত্যিক আদি। শংকৰদেৱ অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা তথা একান্ত সাধক আছিল বুলি জনা যায়। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ জৰিয়তে নতুবা এক শৰণ ধৰ্মৰ প্ৰৱৰ্তন কৰি অসমীয়া সমাজ জীৱন একত্ৰিত কৰি ভেদভাৱ, বৈষম্য মনোভাৱ আঁতৰাবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিছিল। সেয়ে শংকৰদেৱ অসমীয়াৰ বাবে আজিও বিখ্যাত । এই মহান পুৰুষৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁওৰ আলিপুখুৰীত। পিতৃ আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। মহাপুৰুষ গৰাকীৰ মৃত্যু হৈছিল ছ'কুৰি বছৰত ১৫৫৮ খ্ৰীষ্টাব্দত কোচবিহাৰৰ ভোলা-ডোঙা নামৰ এখন সত্ৰত।

 'শংকৰদেৱ' শিশু কালত খুব ধুৰন্ধৰ, খটাসুৰ স্বভাৱৰ আছিল বুলি জনা যায়। বদমাছ আছিল বাবেই আইতাক খেৰসূতীয়ে কৈছিল - "ভাল আমৰ পুলি হৈ বকৰাণিত গজিলি,তই কূলৰ উজ্বল বন্তি নোমোৱালি।" সকলোৰে বিদ্যমান নিশ্চয় যে শংকৰদেৱৰ মাক দেউতাক সি সৰু অৱস্থাত থাকোঁতে ঢুকাইছিল। সেয়ে আইতাক খেৰসূতীয়ে তাক সৰুৰে পৰা ডাঙৰ দীঘল কৰিব লগীয়া হৈছিল। সৰুৰে পৰা বৰ টেঙৰ আৰু বুদ্ধিয়ক আছিল তেওঁ। 
     আইতাক খেৰসূতীয়ে ঘৰত বেছি আমনি কৰাৰ বাবে শংকৰদেৱক প্ৰায় বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগাই দিছিল। শিক্ষাৰ আদিতেই শংকৰদেৱে কেৱল ব্যঞ্জনবৰ্ণৰ সহায়ত 'কৰতল কমল দল নয়ন...' নামৰ কবিতা লিখি গুৰু মহেন্দ্ৰ কন্দলিৰ লগতে সহপাঠী সকলক চমক খুৱাই দিছিল। এই জন খটাসুৰ ল'ৰাই এটা সময়ত শ্ৰীমন্ত শংকৰদেৱ হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল কেৱল নিজৰ কৃতিত্বৰ বলত। 
     মহেন্দ্ৰ কন্দলিৰ টোলত চাৰিখন বেদৰ জ্ঞান (চাৰিবেদ হ'ল- ঋকবেদ,যজুবেদ, অথৰ্ববেদ আৰু সামবেদ।), চৈধ্য শাস্ত্ৰৰ জ্ঞান ( চৈধ্য শাস্ত্ৰ হ'ল - শিক্ষা, কল্প, জ্যোতিষ, ৰীতি, নীতি, নিৰুক্ত, ছন্দঃ, শ্ৰুতি, স্মৃতি, মীমাংসা, তৰ্ক, কলাপ, তৃক, ন্যায়), ওঠৰ পুৰাণ (মৎস্য, শিৱ, বিষ্ণু, স্কন্দ, বৰাহ, কুৰ্ম, গৰুড়, মাৰ্কণ্ডেয়, বামন, লিঙ্গ, ভৱিষ্য, ব্ৰহ্মাণ্ড, বৈৱৰ্ত্ত, পদ্ম, নাৰদী, বৃহত , অগ্নি, ভাগৱত), অষ্টাদশ ভাৰত, কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিষয়ত অতি দক্ষতাৰে জ্ঞান আহৰণ কৰি বিদগ্ধ পণ্ডিত হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বহু জ্ঞান আহৰণ কৰি বহু গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। 
     শংকৰদেৱে সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰি অসমীয়াৰ সমাজ জীৱনক একত্ৰিত কৰাৰ লগতে মানুহৰ মনৰ পৰা ভেদভাৱ, বৈষম্য মনোভাৱ আঁতৰাবলৈ সক্ষম হৈছিল। তেখেতে অসমীয়া আৰু ভাৰতীয় সমাজ জীৱনলৈ যি অৱদান আগবঢ়াই থৈ গ'ল তাৰ বাবে তেখেতে জীৱিত অৱস্থাতে পাইছিল 'মহাপুৰুষ' উপাধি। আনহাতে মহেন্দ্ৰ কন্দলিৰ টোলত অধ্যাপক মহেন্দ্ৰ কন্দলিয়ে তেওঁৰ মেধাৰ প্ৰতি সন্মান জনাই 'দেৱ' উপাধি প্ৰদান কৰিছিল। 
     শ্ৰীমন্ত শংকৰদেৱ আছিল এগৰাকী মানৱতাবাদী লোক। নিষ্ঠা, সততা আৰু সেৱাৰ মনোভাৱৰ এগৰাকী যুগস্ৰষ্টা পুৰুষ। নামঘৰ , হৰিমন্দিৰ প্ৰতিষ্ঠা কৰি হৰিনাম, ভাওনা,নাটক আদিৰ জৰিয়তে শংকৰদেৱে নামধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। সেয়ে আজিও অসমীয়াৰ হাড়ে-হিমজুৱে মহাপুৰুষ শংকৰদেৱৰ প্ৰতিচ্ছবি বিদ্যমান। শংকৰদেৱৰ গুণত মুগ্ধ হৈ আৰু তেখেতৰ সৰ্বগুণ নিৰীক্ষণ কৰি সেয়ে প্ৰিয় শিষ্য মাধৱদেৱেও তেওঁক 'সৰ্বগুণাকৰ ' বুলি অভিহিত কৰি গৈছে।
     শংকৰদেৱৰ জীৱনত সাহিত্যৰ কীৰ্তিস্তম্ভ আছিল 'কীৰ্তণ ঘোষা' । তদুপৰি তেখেতে ৰচনা কৰিছিল ভাগৱতৰ কেইবাটাও স্কন্ধ, উত্তৰাখণ্ড ৰামায়ণ, ৰুক্মিণী হৰণ, হৰিশচন্দ্ৰ উপাখ্যান আদিৰ দৰে মহৎ কাব্য গ্ৰন্থ। অংকীয়া নাটৰ ভিতৰত তেখেতে ৰচনা কৰিছিল - ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালিয়দমন,ৰামবিজয় আদি। শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ আছিল 'ভক্তি ৰত্নাকৰ'। আনহাতে 'চিহ্নযাত্ৰা' নাট আছিল শংকৰদেৱৰ সংলাপ বিহীন ৰচনা। 
    যি কি নহওঁক, আমি জানো যে শ্ৰীমন্ত শংকৰদেৱে জাতিক একত্ৰিত কৰিবলৈ কাম কৰিছিল। মানুহৰ মাজত মানৱতাৰ গান গাইছিল। কোনো জাত পাতৰ সৃষ্টি কৰা নাছিল। কোনো ভেদভাৱ, বৈষম্য মনোভাৱ পোষণ কৰা নাছিল। ভক্তি ৰসেৰে ভক্ত গণক, ৰাইজক এক কৰি শান্তি স্থাপন কৰিছিল। 
   সাম্প্ৰতিক সময়ত শংকৰদেৱৰ সকলো অৱদান অক্ষুণ্ণ ৰখাৰ মানসেৰে হয়তো জন্ম লভিছিল শংকৰী সংঘ। টি ভি, মোবাইলত এইকেইদিন তাৰেই হাল্লা। সাধাৰণ তামোল পাণ খোৱাৰ কথাতে মানুহক যিদৰে এঘৰীয়া কৰিবলৈ লৈছে, ই নিশ্চয় সমাজৰ বাবে শুভ লক্ষণ নহয় যেন অনুভৱ হয়। শংকৰদেৱৰ সেই কীৰ্তি, শংকৰদেৱৰ সেই যশস্যা আজিৰ সময়ত ঘটি থকা এনে তুচ্ছ বাক বিতনণ্ডাবোৰে লাঘৱ কৰা নাই নে ? কথাবোৰ সময় থাকোঁতেই ভালদৰে ভবা উচিত।





প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷





1 comment:

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts