🌴পানী বিশুদ্ধ কৰণত জলজ উদ্ভিদৰ ভূমিকা ।The role of aquatic plants in purifying water.
🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱
১/আৰম্ভণি
২/জলজ উদ্ভিদ কি আৰু ইয়াৰ প্ৰকাৰ
৩/পানী বিশুদ্ধ কৰণত কিদৰে সহায় কৰে
৪/ বিভিন্ন জলজ প্ৰাণীৰ খাদ্য হিচাপে জলজ উদ্ভিদ
৫/ পৰিস্থিতিতন্ত্ৰৰ সমতুলকৰণত জলজ উদ্ভিদ
৬/মানুহৰ জীৱন শৈলীত জলজ উদ্ভিদৰ প্ৰভাৱ
৭/পৰামৰ্শ আৰু সামৰণি
১/আৰম্ভণি :
পানী বিশুদ্ধ কৰণত জলজ উদ্ভিদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ তাক ভালদৰে জানিবৰ বাবে ইয়াৰ বিষয়ে অধ্যয়ন কৰিবই লাগিব। আপোনালোকে নিশ্চয় দেখিছে পানীত বহু প্ৰজাতিৰ উদ্ভিদ থাকে। সৰু ডাঙৰ উদ্ভিদৰ জৰিয়তে পানীৰ নিৰ্দিষ্ট অংশ আৱৰি একোটাহঁত পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি কৰে। এনে পৰিস্থিতি তন্ত্ৰত জলজ উদ্ভিদে মূখ্য ভূমিকা পালন কৰে। জলজ উদ্ভিদে পানীত বাস কৰা জীৱৰ উপৰিও স্থলজ প্ৰাণীৰো উপকাৰ সাধন কৰে।
২/জলজ উদ্ভিদ কি আৰু ইয়াৰ প্ৰকাৰ :
জলজ উদ্ভিদ হৈছে পানীত আপোনা-আপুনি গজা কিছুমান সৰু-ডাঙৰ উদ্ভিদ। জনা যায় যে কিছুমান উদ্ভিদক বহু পানীৰ প্ৰয়োজন হয় এই পানীৰ প্ৰয়োজন পূৰাবলৈ সেই বিলাক উদ্ভিদ পানীৰ যুৱলি বা খাল,বিল, গভীৰ হ্ৰদ আদিত জন্ম লৈ নিজৰ পূৰ্ণতা বৃদ্ধি ঘটায়। উদ্ভিদৰ ভাগ অনুসৰি জলজ উদ্ভিদকো চাৰিটা ভাগত ভাগ কৰিব পাৰি। লতা,গুল্ম,বৃক্ষ আৰু ঘাঁহ জাতীয় উদ্ভিদ পানীত সচৰাচৰ পোৱা যায়।
লতা জাতীয় উদ্ভিদ : ইহঁত পানীৰ ওপৰত ওপঙি থাকে আৰু লতা বগাই যায়।এই শ্ৰেণীৰ উদ্ভিদৰ ভিতৰত কলমৌ, দাতোন লতা, এৰালি, দ'ল, বেত গছ, .... আদি।
কলমৌ : কলমৌৰ পাতৰ আকাৰ বহল সাজিয়া। কোমল আৰু সেউজীয়া ৰঙৰ হয়। ইয়াৰ কাণ্ড কোমল আৰু ফোঁপোলা। মাজত নলা থাকে। ই সহজে পানীত ওপঙি থাকিব পাৰে কাৰণ ইয়াৰ মাজনা নলা সদৃশ, বাকলি পাতল অৰ্থাৎ ফোঁপোলা। সেয়ে ইয়াৰ ওজন কম আৰু সহজে পানীত ওপঙি থাকে। পানীত ওপৰত পৰা ধূলি বালি ইয়াৰ পাতে ধৰি ৰাখে আৰু লতা ডালত পানীত থকা বোকা আৰু বালি ধৰি ৰাখিব পাৰে। এইদৰে কলমৌয়ে পানীত ওপঙি থাকি পানী বিশুদ্ধ কৰণত সহায় কৰে।
দাতোন লতা: পানীৰ যুৱঁলিত বা পানীৰ মাজত থাকে। কিন্তু ই পানীৰ ওপৰত বগোৱা পৰিৱৰ্তে পানীত থকা যিকোনো জোপোহাৰ আশ্ৰয় লয়। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মানুহে দাঁত ঘঁহা আহিলা হিচাপে ব্যৱহাৰ কৰে। সেয়ে দাতোন লতা বুলিও কয় কিন্তু প্ৰকৃত নাম কি মইয়ো নাজানো। বিজ্ঞজনে সন্নিৱিষ্ট কৰিবলৈ সুবিধা দিব বুলি আশা ৰাখিলোঁ। ইয়াৰ শিপা পানীৰ তলৰ মাটিত থাকে।শিপাই পানীৰ তলিখন টান হোৱাত সহায় কৰে। সেয়ে এনে লতা থকা পানী সহজে ঘোলা নহয়।
এৰালি: ই এবিধ ঘাঁহ জাতীয় লতা। পানীৰ ওপৰত বগাই থাকে। বিশেষকৈ গৰু মহৰ ই উত্তম খাদ্য। ইও বায়ুমণ্ডলত থকা ধূলি বালি পানীত নপৰাকৈ ধৰি ৰাখে।
দ'ল: ইও এবিধ পানীত বগাই ফুৰা লতা জাতীয় উদ্ভিদ। পাতবোৰ দীঘলীয়া।বৰণ সেউজীয়া। বিশেষকৈ গৰু আৰু মহৰ খাদ্য হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। দলে বায়ুমণ্ডলৰ ধূলি বালি পানীত নপৰাকৈ ধৰি ৰাখে। ইয়াৰ পানীত থকা বোকা আৰু বালি ধৰি ৰাখে।
গুল্মজাতীয় উদ্ভিদ: গুল্মজাতীয় উদ্ভিদসমূহ পানীৰ তলত আৰু কিছুমান পানীৰ ওপৰত থাকে। পানীৰ ওপৰত থকা উদ্ভিদ হৈছে - মেটেকা,সৰু পুনি, ডাঙৰ পুনি ,.... আদি।
মেটেকা: মেটেকাৰ শিপাবোৰ পানীৰ তলত ওপঙি থাকে। থোপা শিপা থাকে। মেটেকা মানুহে বহু কামত ব্যৱহাৰ কৰে। সাৰ হিচাপে আৰু খাদ্য হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। মেটেকাৰ কাণ্ড ফোঁপোলা আৰু ই পানী ধৰি ৰাখিব পাৰে। মেটেকাই বোকা বিভিন্ন পোক পতংগ আৰু মাছ ধৰি ৰখাত সহায় কৰে। ইয়াক মাছৰ ঘৰ বুলিও ক'ব পৰা যায়। মেটেকাৰ শিপাই পানীত ওপঙি থকা ঘোলা মাটি আৰু পলস ধৰি ৰাখে যাৰ পানী বিশুদ্ধ হৈ থাকে। মেটেকাবোৰ উপৰলৈ উঠাই দিলে সেয়ে লেতেৰা বোকা পানী,পলসযুক্ত পানী সিচঁৰিত হৈ যায় যাৰ বাবে পানী ভাগ ঘোলা হ'ব ধৰে। ইয়াৰ পৰা গম পোৱা যায় মেটেকাই পানী বিশুদ্ধ কৰণত সহায় কৰে।
পুনি: সৰু সৰু পাত থকা এবিধ উদ্ভিদ যি কেৱল পানীতহে থাকে পানীত থকা পোক পতংগ আৰু মাছৰ ই উত্তম খাদ্য।
বৃক্ষজাতীয় উদ্ভিদ: যি বিলাক উদ্ভিদৰ গা-গছ আৰু ডাল পাত থাকে সেইবিলাক উদ্ভিদক বৃক্ষজাতীয় উদ্ভিদ বোলে। পানীত থকা বৃক্ষজাতীয় উদ্ভিদৰ ভিতৰত - ভেৰ গছ, পানী মধুৰি, নল, খাগৰি, ইকৰা, তৰা গছ, ... আদি।
ভেৰ গছ: ভেৰ গছৰ গা-গছ বৰ টান আৰু আকাৰত ডাঙৰ। ডাল ঠাল ঠেঙুলি থাকে। পাতবোৰ সেউজীয়া আৰু দীঘল সাজিয়া। পানীত গজিলেও ইয়াৰ পাত ছাগলী আৰু গৰুৰ উত্তম খাদ্য। এই গছৰ শিপা বহু দূৰলৈকে যায় বাবে পানীৰ তলৰ মাটিবোৰ টান হোৱাত সহায় কৰে। মাটিবোৰ টান আৰু সহজে এৰাই নগ'লে পানী সহজে ঘোলা নহয়। গতিকে বৃক্ষই পানী বিশুদ্ধ কৰণত শিপাৰ জৰিয়তে সহায় কৰে।
পানী মধুৰি: সৰু সৰু ডাল আৰু পাত থকা এবিধ সৰু আকাৰৰ গছ। দ বা বাম সকলো পানীতে এই গছ থাকে। ইও শিপাৰ জৰিয়তে পানী ঘোলা হোৱাৰ পৰা ৰক্ষা কৰে। পানীত মিহলি হৈ থকা ধূলি বালি ইয়াৰ গা-গছ আৰু ডাল পাতে ধৰি ৰাখে।
গুল্মজাতীয় উদ্ভিদ : গুল্মজাতীয় উদ্ভিদ পানীত তেনেকৈ নাথাকে বুলিব পাৰি। পাটিদৈ গছ, ইকৰা,নল, খাগৰি আদিক গুল্মজাতীয় উদ্ভিদ হিচাপে ধৰিব পাৰি।
ইকৰা: ইয়াৰ পাত দীঘল সাজিয়া। গা-গছ ৰঙচুৱা বৰণৰ। থোপা শিপা থাকে। পানীৰ বহু দূৰলৈকে শিপাই মাটি খামোছ মাৰি ধৰে। যাৰ বাবে ইকৰা থকা পানী খিনি চাফা আৰু শীতল হৈ থাকে। ইয়াৰ শিপাই মাটি খামোছ মাৰি ধৰি ৰাখে বাবে সহজে মাটিৰ পৰা বোকা উঠি পানী ঘোলা নকৰে।
পাটিদৈ: পাটিদৈৰ শিপা থাকে পানীৰ তলত আৰু গা-গছৰ অংশ ওপৰত ওলাই থাকে। ইয়াৰ পাত তিনি কোণীয়া হয়। কৌপাতৰ নিচিনা কোমল। গা-গছৰ ছাল বিভিন্ন আকৃতিৰ ঢাৰি পাতি বনাবলৈ ব্যৱহাৰ কৰে। যাক চিতল পাটি বুলিও কোৱা হয়। ইয়াৰ শিপাই বহুদূৰলৈ পানী তলৰ মাটিবোৰ ধৰি ৰাখে আৰু সেয়ে মাটিৰ উপৰি অংশ টান হৈ থাকে। টান হৈ থকা বাবে সহজে মাটি এৰি নাযায় আৰু মাটিবোৰ বোকা নহয়। সেয়ে এনে গছৰ তলত থকা পানী চাফা আৰু পৰিষ্কাৰ হৈ থাকে।
নল-খাগৰি: নল খাগৰি সকলোৱে নিশ্চয় দেখিছে। নলবোৰ বাঁহৰ সদৃশ পাব থাকে।পাত সৰু দীঘল সাজিয়া।বৰণ সেউজীয়া। পাবে পাবে ডাল ওলাই আৰু জোপোহা হৈ পৰে। ইয়াৰ শিপাও পানীৰ তলত থাকে আৰু গা-গছ পানীৰ এক দুই মিটাৰ পৰ্যন্ত ওখ হয়। শিপাই পানীত থকা মাটি টানকৈ খামোছ মাৰি ধৰে বাবে এই উদ্ভিদ থকা পানীভাগ চাফা হৈ থাকে। তদুপৰি গা-গছ আৰু পাতে পানীত ওপঙি থকা ঘোলা মাটি আৰু পলস সহজে ধৰি ৰাখে যাৰ বাবে পানী বিশুদ্ধ হৈ থাকে।
ইয়াৰোপৰি শেলাই জাতীয় উদ্ভিদ, শিঙৰী উদ্ভিদ আদিও পানীত থাকি পানী বিশুদ্ধ কৰণত সহায় কৰে। এনেধৰণৰ উদ্ভিদ বিলাকে পানীত ওপঙি থকা ঘোলা মাটি,বালি, জাবৰ আদি ধৰি ৰাখে। সেয়ে এনে উদ্ভিদ থকা পানীভাগ চাফা হৈ থাকে।
৩/পানী বিশুদ্ধ কৰণত কিদৰে সহায় কৰে:
ওপৰত উল্লেখিত উদ্ভিদ সমূহৰ গঠন আৰু প্ৰকৃতিৰ পৰা বুজিব পাৰি যে জলজ উদ্ভিদ সমূহে পানী বিশুদ্ধ কৰণত সহায় কৰে। ঘাইকৈ ইয়াৰ শিপা আৰু পানীৰ সীমনালৈ থকা গা-গছ আৰু ডাল পাতে পানী বিশুদ্ধ কৰণত সহায় কৰে। শিপাই পানী তলৰ মাটিবোৰ খামোছ মাৰি ধৰি টান কৰি ৰাখে যাৰ বাবে ইয়াৰ তলৰ মাটিবোৰ বোকাময় নহয়। ফলত ইয়াৰ পৰা বোকা, বালি উঠি পানীভাগ লেতেৰা কৰিব নোৱাৰে। তদুপৰি বায়ুমণ্ডলত থকা ধূলি বালি গা-গছৰ উপৰি অংশ ডাল পাতে ধৰি ৰাখে। সেয়ে তলৰ পানী স্ফটিক অৱস্থাত থাকে। তাৰোপৰি গছৰ পাতবোৰেও পানী বিশুদ্ধ কৰণত সহায় কৰে। পানীত মিহলি হৈ থকা বিভিন্ন লেতেৰা পদাৰ্থবোৰ পানীত পৰা পাতবোৰৰ গাত লাগি থাকে। আনকি সহজে এনেধৰণৰ পদাৰ্থ এৰাই নাযায় যাৰ বাবে পানী বিশুদ্ধ হৈ থাকে। আনহাতে পাতবোৰে পানী তলৰ মাটিবোৰ ওপৰলৈ উপঙি অহাত বাধা দি পুতিজল সৃষ্টি হোৱাত বাধা দি ৰাখে। সেয়ে পানী সহজে ঘোলা নহয়। পুণি শিঙৰী উদ্ভিদ থকা পানীভাগ সোনকালে লেতেৰা নহয়। পুণিয়ে পুখুৰী বা হ্ৰদ বা জলাশয় বা খাল বিল আদিত সহজে বংশৰ বৃদ্ধি ঘটাব পাৰে। পুখুৰী বা হ্ৰদ বা জলাশয় বা খাল বিলৰ সমস্ত পানী ভাগ ই আগুৰি থাকে। যাৰ বাবে ইয়াৰ তলৰ পানীভাগ বিশুদ্ধ অৱস্থাত থাকে।
পানীত থকা উদ্ভিদৰ পৰা পানীত থকা জীৱই বিশুদ্ধ অস্কিজেন লাভ কৰিব পাৰে।
৪/ বিভিন্ন জলজ প্ৰাণীৰ খাদ্য হিচাপে জলজ উদ্ভিদ :
পানীত থকা সৰহ ভাগ উদ্ভিদেই জলজ প্ৰাণীৰ লগতে স্থলজ প্ৰাণীৰো খাদ্য। পুণি মাছৰ খাদ্য। সৰু বা ডাঙৰ আটাইবোৰ মাছেই পুণি খায়। শিঙৰী কাইটৰ গুটিৰ ভিতৰৰ কোমল অংশ মাছৰ খাদ্য। উদ্ভিদ বিলাকৰ গা-গছৰ ছালত লাগি থকা পোক পতংগ মাছৰ খাদ্য হিচাপে মাছে পায়। ঠিক সেইদৰে মেটেকাও মাছৰ খাদ্য। মেটেকাৰ শিপাৰ কোমল অংশ মাছে আহাৰ হিচাপে খায়। লগতে মেটেকাক বিভিন্ন সৰু সৰু পোক পতংগও বাহ লয়। এই সৰু প্ৰাণীবোৰ মাছৰ খাদ্য হিচাপে মাছে পায়। একেদৰে কলমৌৰ পৰাও মাছে আহাৰ পায়। কলমৌৰ শিপা কোমল আৰু লেহুকা। সেয়ে শিপাবোৰ মাছে আহাৰ হিচাপে খায়।
৫/ পৰিস্থিতিতন্ত্ৰৰ সমতুলকৰণত জলজ উদ্ভিদ :
পৰিস্থিতি তন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত জলজ উদ্ভিদৰ ভূমিকা আছে। জলজ উদ্ভিদ বিলাকেও অক্সিজেনৰ সৃষ্টিত সহায় কৰে। লগতে পৰিস্থিতি তন্ত্ৰত থকা আৱহহাৱা জলজ উদ্ভিদ সমূহে বিশুদ্ধ কৰি ৰখাত সহায় কৰে।
৬/মানুহৰ জীৱন শৈলীত জলজ উদ্ভিদৰ প্ৰভাৱ :
জলজ উদ্ভিদৰ পৰা মানুহে পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে সহায় পায়। বহু জলজ উদ্ভিদ মানুহে বিভিন্ন খাদ্য হিচাপেও ব্যৱহাৰ কৰে। বিশেষকৈ কলমৌৰ পোখা, মেটেকাৰ ফুল, বেতৰ গাজ, চেংমৰা গছৰ পোখা আদি মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। শিঙৰীৰ ফল মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। ভেৰ গছ, পানী মধুৰিৰ পৰা কাঠ আৰু খৰি মানুহে পাবলৈ সক্ষম হয়। ইকৰা, নল, খাগৰি আদি ঘৰৰ বেৰ আৰু জেওৰা দিবলৈ মানুহে ব্যৱহাৰ কৰে।
মেটেকাৰ পৰা মানুহে বিভিন্ন আহিলা তৈয়াৰ কৰিব পাৰে যেনে- যোগাসন কৰা কঠ, নামঘৰত ভকত বহা কঠ, ডাইনিং মেট, পুৰুষ-মহিলাৰ বিভিন্ন ধৰণৰ বেগ, বটল বেগ, বাস্কেট, ফাইল কভাৰ, জপা, পেন হ’ল্ডাৰ, টুপি ট্ৰে, ফুলদানি, ড্রয়িংৰূমত সজোৱা সামগ্রীকে ধৰি বিভিন্ন ধৰণৰ সা-সামগ্রী তৈয়াৰ কৰিব পৰা যায় । এনেকৈয়ে মানুহৰ জীৱনত প্ৰত্যক্ষ ভাৱে জলজ উদ্ভিদ সমূহে প্ৰভাৱ বিস্তাৰ কৰিছে।
৭/পৰামৰ্শ আৰু সামৰণি
পানী বিশুদ্ধ কৰণত জলজ উদ্ভিদ বিলাকে সহায় কৰিলেও এইবোৰ উদ্ভিদে বহুক্ষেত্ৰত মানুহক অপকাৰ নকৰাও নহয়। মেটেকা এনে এবিধ উদ্ভিদ যি অতি সহজে আৰু সোনকালে নিজৰ বংশ বৃদ্ধি ঘটাব পাৰে। বোৱতী নদী, সুঁতি আদিৰ পানী সঠিক মতে ওলাই যোৱাত মেটেকাই বাধা দিয়ে। মেটেকাই নদী বা সোঁতিৰ মাজেৰে অহা বিভিন্ন পচা কাঠ,ডাল পাত, বিভিন্ন পেলনীয়া সামগ্ৰী বাধা দি ৰখাই থোৱাৰ ফলত নদীৰ পানী ওফন্দি বানপানীৰ সৃষ্টি কৰাত অৰিহণা যোগায়। খেতি পথাৰত মেটেকা পৰিলে মেটেকাই খেতি পথাৰ নষ্ট কৰে। তদুপৰি মেটেকাত অত্যধিক পৰিমাণে থকা ৰাসায়নিক দ্ৰব্য পটাচ, নাইট্ৰজেন আদিও মানুহৰ বাবে ক্ষতিকাৰক হিচাপে বিবেচিত। একেদৰে দ'ল বা এৰালিয়ে পানী চলাচল কৰাত বাধা দিয়ে। দ পথাৰবোৰত এৰালি, দ'ল আদি অপতৃণ বিলাকে পথাৰ নষ্ট কৰি খেতিয়কক আহুকালত পেলায়।
ই যি কি নহওঁক, পৰিস্থিতি তন্ত্ৰত থকা প্ৰতিটো উপাদানে পৰিৱেশ সৃষ্টিত অৱদান আগবঢ়াই। প্ৰতিটো উপাদান সমান হলেহে পৰিৱেশ সমতুল অৱস্থাত থাকিব। সেয়ে আমি সকলো উপাদানৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সংৰক্ষণ কৰিব চেষ্টা কৰা উচিত।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।
🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾
No comments:
Post a Comment
dudulsonowal32@gmail.com