Tuesday, October 18, 2022

কাতি বিহু আধুনিক হ'ল। Kati Bihu has become modern.

🌾 কাতি বিহু আধুনিক হ'ল। কঙালী গুচি ৰঙালী হ'ল  🌾

   কাতি বিহু আধুনিক হ'ল। পুৰণি কালত চলি অহা কিছুমান নীতি নিয়ম আজিকালি নাইকিয়া হ'ল। অৰ্থাৎ গুৰুত্ব নিদিয়া হ'ল। চোতালত আকাশ বন্তি প্ৰজ্বলন কৰিবলৈ চোতাল নাই। ঘৰটো বৈদ্যুতিক বাতিয়ে ৰমক জমক কৰি থোৱা হ'ল।

   
🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾
   কাতি বিহু আধুনিক হ'ল। পুৰণি কালত চলি অহা কিছুমান নিয়ম আজিকালি নাইকিয়া হ'ল। অৰ্থাৎ গুৰুত্ব নিদিয়া হ'ল। এতিয়া এনেধৰণৰ মন্তব্য আগবঢ়ালে কিছুমান চকু-চৰহাই ক'ব 'অমুকে' বৰ দেখুৱাই। যেন সিহে সকলোবোৰ জানে। 
    নব্বৈ দশকৰ সময়ছোৱাত নিশ্চয় আমাৰ বুঢ়ামেথা সকলে কিছু অকৃত্ৰিমতাৰে কাতি বিহু উৎসৱৰ আয়োজন কৰিছিল। চোতালত শাৰী শাৰী আকাশ বন্তি জ্বলাই জকমকাই তুলিছিল। নঙলামুখত কলপুলি দুটা দি এচতি ফলা বাঁহ লগাই দিছিল আটোমটোকাৰিকৈ । তাতেই ঘণ ঘণকৈ জ্বলাইছিল মিঠাতেলৰ চাকি। তুলসীৰ তলত আয়ে পূজা কৰিছিল। আমি নিচেই সৰু কণমইনা সকলেও আইৰ লগত পূজা কৰিছিলো । ভগৱান চিনি নাপালেও 'ৰামচন্দ্ৰ'ৰ নাম মনতে আওৰাইছিলো। মুঠতে ভিতৰে বাহিৰে মিঠাতেলৰ বন্তিৰে পোহৰাই তুলিছিল। গাওঁৰ প্ৰতি ঘৰৰ নঙলামুখত একেদৰে আলোকিত হৈছিল মাটি চাকিৰ প্ৰদীপ। পৰিৱেশ কেনে সৰগ সদৃশ হৈছিল নেদেখিলে অনুভৱ কৰা সঁচাই কঠিন।
    ' তূলসীৰ তলে তলে মৃগ পহু চৰে 
     তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে।'
     
     সঁচাই ৰামচন্দ্ৰই তুলসী তলত চৰি থকা মৃগ পহু দেখিছিল নে ? শৰধনু সঁচাই মাৰিছিল নে ? সেয়া নৱ প্ৰজন্মৰ বাবে সঁচাকৈয়ে সাঁথৰ। তুলসীৰ তলত উপৰোক্ত পংক্তিটো গাইছিলো । কিন্তু বুজা নাছিলো তাৰ আচল গুঢ়াৰ্থ । এতিয়াও একেবাৰে খুদুৱনি নথকা নহয়। যি কি নহওঁক আমি ক'ব পাৰোঁ এয়া কেৱল কল্পনাহে। অৱতাৰী পুৰুষ ৰামচন্দ্ৰৰ দিনত অটব্য অৰণ্যৰে চৌদিশ আৱৰি আছিল। ঘৰৰ তুলসী গছৰ তললৈ মৃগ পহু যে নাহিব তাৰ কি মানে আছে। গতিকে সেই সময়ৰ লগত খাপ খোৱাকৈ ভগৱান ৰামচন্দ্ৰৰ গুণানুকীৰ্তন কৰাৰ নিমিত্তে এইফাঁকি প্ৰবাদ বচন। এই বচন ফাঁকিয়ে সৰুতে আমাক ভগৱানৰ প্ৰতি সহৃদয় হ'বলৈ শিকাইছিল। ভাবিবলৈ শিকাইছিল। আনন্দ দান দিছিল। যি অনুসন্ধিসু মনত স্থায়ী হৈ শিপাইছিল।
     এতিয়া যুগৰ বহু পৰিবৰ্তন হৈছে। সেই ৰামো নাই সেই অযোধ্যাও নাই। সেয়ে হয়তো কাতি বিহুৰ নিয়ম নীতিও কিছু হৰণ ভগন নোহোৱাকৈ থকা নাই। আগতে কাতি বিহুত পথাৰত চাকি দিয়া হয় । কাৰণ এয়া অসমীয়াৰ এক এৰাব নোৱাৰা পৰম্পৰা । এতিয়া চাকি দিয়া হয় কেৱল আনক দেখুৱাই বা দেখুওৱাৰ মনেৰে ( অৱশ্যে সকলোৱে একে নহয় দিয়ক) । তাহানি চোতালত বাঁহৰ খুটা দি কলপুলি দিছিল সম্পূৰ্ণ মূঢ়াৰে সৈতে খান্দি আনি। বিহুৰ পিছ দিনা সেই কলপুলি বাৰীৰ এচুকত লগাব লাগে হেনো। প্ৰবাদ আছে তেনে কলৰ পুলি সোনকালে ঠন ধৰি উঠে। আজিকালি এইবিলাক অন্ধবিশ্বাস বুলি গণ্য কৰা হ'ল। কলপুলি লগাই কেৱল নাম মাত্ৰ । ইয়াৰ পৰা নতুন সৃষ্টি নহয়। আনহাতে আজিকালি চোতাল হ'ল কংক্ৰিটৰে তৈয়াৰী । নগৰৰ মানুহৰ ঘৰত মাটি নাই। কলগছ গাওঁৰ পৰা আমদানি কৰিব লগা হয় বহুতৰে। গতিকে আকাশ বন্তিৰ ৰূপ অন্যধৰণৰ হয়। বজাৰত পোৱা ঢিমিমক ঢামাককৈ জ্বলা বৈদ্যুতিক বাতিয়ে চানি ধৰে নগৰৰ লোকৰ ঘৰৰ বেৰ, গেট আৰু পদূলিৰ ফুলগছ। কেৱল নগৰেই নহয় গাঁৱৰ ঘৰবোৰতো একেই দশা। আনহাতে আজিকালি পদূলি বোলা পথটোও লাহে লাহে হেৰুৱাইছো। এনেদৰে আমি আৰু বহু কিবাকিবি পৰম্পৰা হেৰুৱাই আছোঁ। 
     কাতি বিহু ৰবগৈ কেৱল গাঁৱত। তাৰো সেই কৃষক সকলৰ মাজতহে জীয়াই থকাৰ সম্ভাৱনা বেছি আছে। কাতি বিহু কঙালী কিন্তু আজিৰ সময়ত কাতি বিহু কঙালী নহয় বুলি ক'ব পাৰি। মানুহৰ আগতকৈ অৱস্থা উন্নত হৈছে। অৱশ্যে পথাৰৰ খেতি খোলা কৰা মানুহৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। সেয়ে আজিকালি কাতি বিহুতো ৰং ৰহইছ বেছি। আনকি গায়কেও বিহু গীতেৰে চেনেলবোৰত গৰম কৰি থাকে। গতিকে কঙালীৰ অনুভৱ নহয়। ই সঁচাই বিলুপ্তিৰ পথত।
     পথাৰত চাকি দিয়া হয় বুলি সকলোৱে জানে।কিয় দিয়া হয় তাকো সকলোৱে জানে বুলিলেও অত্যুক্তি কৰা নহয় । কিন্তু সৰহ ভাগেই পথাৰত খেতিয়ে নকৰে, চাকি জ্বলাব ক'ত? গতিকে এই নিয়মো লাহে লাহে সাধাৰণলৈ পৰিণত হোৱাৰ সম্ভাৱনা নথকা নহয়।
     সদৌ শেষত কও -আমি অসমীয়া হাড়ে হিমজুৱে। কাতি বিহুক জীয়াই ৰখাটো আমাৰ মূল কৰ্তব্য। এই দায়িত্ব আমি সকলোৱে পালন কৰিব লাগিব। অসমীয়াৰ মান আকাশ বন্তিৰ পোহেৰে উজ্বলাই তোলিব লাগিব।
     

🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻


   প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।

জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগৰ তৰফৰ পৰা আপোনাক কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
___________&&&&&________&&&&&___________

   

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts