Sunday, February 5, 2023

হিংসুক আৰু স্বাৰ্থপৰ মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। Violent and selfish people can never be happy.

হিংসুক আৰু স্বাৰ্থপৰ মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। Violent and selfish people can never be happy.

             🙏👉  দুৰ্যোধন হৈছে মহাভাৰতৰ আটাইতকৈ বেয়া চৰিত্ৰ। হিংসা আৰু স্বাৰ্থপৰতাই দুৰ্যোধনক মহাভাৰতৰ পাতত এজন বেয়া মানুহ হিচাপে চিহ্নিত কৰি গ'ল। মহাভাৰতৰ মই বেয়া পোৱা আটাইতকৈ বেয়া চৰিত্ৰ দুৰ্যোধন । আপুনিও এওঁৰ বিষয়ে যথেষ্ট জ্ঞাত নিশ্চয়, হ'লেও আহকচোন চাওঁ কিয়নো তেওঁৰ সম্পৰ্কে এনেকৈ কোৱা হৈছে ---
         
       দুৰ্যোধনে সদাই এটা চিন্তা কৰি কৰিয়েই জীৱনটো পাৰ কৰিলে,এটা চিন্তাতেই মগ্ন থাকিলে,এটা চিন্তাৰ পিছে পিছে খেদি খেদি দৌৰি থাকিল,দুৰ্যোধন যেন সেই এটা চিন্তাৰ বাবেই জনম ল'লে,দুৰ্যোধনে জীৱনৰ প্ৰতিটো ক্ষণ সেই চিন্তাতে নিজক আৱদ্ধ কৰিলে;সেই চিন্তাটোৱেই হৈছে পাণ্ডৱক হিংসা কৰিব লাগে পাণ্ডৱক নি:শেষ কৰিব লাগে আৰু পাণ্ডৱক যিকোনো প্ৰকাৰে হত্যা কৰিব লাগে। খাওতে শুওতে উঠোতে বঢ়োতে দিঠকে সপোনে দুৰ্যোধনক সেই একেটা চিন্তাই খেদি ফুৰে আৰু দুৰ্যোধনৰ পাণ্ডৱ বিদ্বেষী হিংসা এটা মাৰাত্মক বেমাৰত পৰিণত হৈ পৰিল আৰু যি দুৰ্যোধনকে নহয় সেই হিংসাৰ অগ্নিকুণ্ডত পৰি সমস্ত কৌৰৱকুল ভষ্ম হ'ল।
          ভীমৰ শক্তি দেখি শংকিত হৈ সৰুতেই ভীমক বিহৰ লাৰু খোৱাই মৰিবলৈ পানীত পেলাই দিলে। কিন্তু ভীম অচেতন হোৱা পাছত যেতিয়া পাতালৰ নাগে পৰিচয় পালে তেতিয়া ভীমৰ বল হেজাৰ হাতীৰ সমান হোৱাৰ বৰ লাভ কৰিলে আৰু শক্তিশালী গদা লাভ কৰিলে।
      দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰি ৰাজহুৱাভাৱে অপদস্থ কৰিলে আৰু দ্ৰৌপদীয়ে কিন্তু তাৰ ফলত যুগেশ্বৰ সৰ্বেশ্বৰ ভগৱন্ত পূৰ্ণ কৃষ্ণৰ কৃপা লাভ কৰিলে।
      পাণ্ডৱক জতুগৃহত পুৰি মাৰিবলৈ গৈ কুলকলঙ্কী কুবুদ্ধিৰ ভাণ্ডাৰ দুৰ্যোধন বিফল হ'ল।
       পাশাখেলত শকুনিৰ মন্ত্ৰণাত ছল কৰি পাণ্ডৱক হৰুৱাই 12 বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস দিলে।কিন্তু এই বনবাসৰ কালত পাণ্ডৱে সাধু সন্তক পালে অনেক দৈত্যক বধ কৰিলে আৰু সাধনাৰ দ্বাৰা অনেক দিব্য অস্ত্ৰ লাভ কৰিলে।
         বনবাসৰ পৰা ঘূৰি আহি পাণ্ডৱে মাত্ৰ পাঁচখন গাঁৱ বিচাৰিছিল;কিন্তু মহা অহংকাৰী দাম্ভিক কুমতি দুৰ্যোধনে বেজিৰ আগত অহা মাটি কণো নিদিও বুলি কোৱাত কুৰুক্ষেত্ৰ যুদ্ধ হ'ল আৰু কৌৰৱকুল সমূলঞ্চে নিপাত গ'ল।
       শিক্ষা:=দুৰ্যোধনৰ দৰে কিছুমান হিংসুক স্বাৰ্থপৰ দাম্ভিক মানুহ নগৰ চহৰ গাঁৱ কৰ্মক্ষেত্ৰ অফিচ কাছাৰী সকলোতে থাকে।সিহঁতৰ উদ্দেশ্য হৈছে আনক কেনেকৈ অনবৰতে হিংসা ঈৰ্ষা অসুবিধা অন্যায় কৰিব পাৰি তাত ব্যস্ত থকা।সেই শ্ৰেণী মানুহৰ লক্ষ্য সৎ মানুহ।সিহঁতে নিজে নোৱাৰিলে আনক সেই সৎ মানুহৰ বিৰুদ্ধে মিছা কথা লগাই লগাই উচটাই দিয়ে আৰু লগনীয়াৰ কথা শুনি নিজৰ বিবেকেৰে বিবেচনা নকৰি লাগি যায়।সত্যৰ অপলাপ কৰা লগনীয়াৰ কথা শুনি সৎ মানুহৰ বিৰুদ্ধে গৈ অপৰাধ কৰে।
      ই আমাৰ ফালৰ মানুহ নহয় বুলি কিছু মানুহে ঈৰ্ষা হিংসা অবান্তৰ অপপ্ৰচাৰ বদনাম কৰা মানুহ আছে।ইয়াৰ অন্তৰালত মানুুহৰ কুঅভিপ্ৰায় লুকাই থাকে।এইবোৰ নিচেই ঠেক মনোবৃত্তিৰ কথা। তাক যদি বুজি নাপাই তেনেহ'লে বিপদ হোৱাৰ 100% সম্ভাৱনা আছে।ঠিক তেনেকৈ অনেক কথা চলি থাকে।নিজৰ নীচ স্বাৰ্থ সিদ্ধিৰ কুঅভিপ্ৰায়ৰ অবান্তৰ লিপ্সাৰ বাবে ভাল মানুহৰ বিৰুদ্ধে অপপ্ৰচাৰ বদনাম কৰা মানুহৰ হৃদয়বোৰ কিমান নিষ্ঠুৰ নিৰ্দয় পাষাণ হ'ব পাৰে বাৰু!সফল নহয় বুলি জানিও ঈৰ্ষা হিংসা চক্ৰান্তত লিপ্ত হয়।কাৰোবাক বঞ্চিত কৰিলেই কাৰোবাৰ স্বাৰ্থ সিদ্ধি হ'ব বুলি ভাৱি চক্ৰান্তৰ আশ্ৰয় লোৱা মনোভাৱনা অপৰাধেই নহয় ই এক দুৰাৰোগ্য ৰোগ।এই ৰোগত আক্ৰান্ত মানুহ কেতিয়াও সফল নহয়।মই এনে মানুহ দেখিছোঁ।ভাৰতীয় সংস্কৃতিয়ে আমাক এইবোৰ শিকোৱা নাই। 
    কিছুমান মানুহে হিংসা নামৰ ৰোগটোত আক্ৰান্ত হৈ নিজৰহে ধ্বংস মাতে।তেনে মানুহৰ কেতিয়াও সুখ শান্তি নহয়;নিজে জ্বলি জ্বলি মৰে। ভগৱানে হিংসুক দাম্ভিক মানুহক কৃপা কৰি শুদ্ধমতি দিয়ক।
          
                        🌹 ধন্যবাদেৰে 🌹

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। প্ৰৱন্ধটো ফেচবুকৰ পৰা সংগ্ৰহ কৰা হৈছে । বিশেষ ভাল লগাৰ বাবে সংগ্ৰহ কৰি মোৰ ব্লগ পেইজত প্ৰকাশ কৰিলোঁ। অৱশ্যে লেখকৰ নাম মোৰ জ্ঞাত নহয়। 
     ‌সংগ্ৰহ : দুদুল সোণোৱাল।




🌻🌻🌻🌺🌺🌺🌻🌻🌺🌺🌻🌻🌻🌺🌺🌺

2 comments:

dudulsonowal32@gmail.com

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts