Monday, July 24, 2023

অসমৰ বানপানী আৰু কিছু ইতিবাচক চিন্তা। Assam Floods and some positive thoughts.

অসমৰ বানপানী আৰু কিছু ইতিবাচক চিন্তা। Flood of Assam and some thoughts about it.

💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

                 বানপানীৰ মৰ্মান্তিক দৃশ্য !
 
🚀 অসম বানপানী প্ৰৱণ এলেকা। যাক আমি সকলোৱে জানো। জন্মলগ্নৰে পৰা আমি দেখি আহিছোঁ যে ক'ৰবাত মথাউৰি ভগাৰ ফলত বানপানী হৈছে, ক'ৰবাত নদী বান্ধে এৰা পানীৰ ফলত বানপানী, ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী প্ৰৱেশৰফলত বানপানী হৈছে, অতিপাত বৰষুণৰ ফলত বানপানী হৈছে আদি। অৰ্থাৎ অসমৰ জ্বলন্ত সমস্যা হ'ল বানপানী। বাৰিষাকাল অৰ্থাৎ আহাৰ মাহৰ পৰাই অসমত বানপানী হোৱা দেখা যায়।

     বানপানী হোৱাৰ মূলতঃ কাৰণ - ১) নদ-নদীৰ গভীৰতা হ্ৰাস,২) প্ৰৱল ভাৱে হোৱা মৌচুমী বৰষুণ, ৩/ নদীৰ দাঁতি কাষৰ বনধ্বংস, ৪) ব্ৰহ্মপুত্ৰ নদীৰ উপচি পৰা পানী বা ব্ৰক্ষ্মপুত্ৰ নদীৰ ধাৰণক্ষমতাৰ হ্ৰাস।


     নদীৰ বিস্তৃত প্ৰণালীৰ বাবে, অসম বান পানী আৰু খহনীয়াৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সংবেদনশীল, যি ৰাজ্যখনৰ সামগ্ৰিক প্ৰগতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। অসমত বানপানীৰ প্ৰাথমিক কাৰণ হৈছে ৰাজ্যখনত প্ৰতি বছৰে হোৱা প্ৰচুৰ মৌচুমী বৰষুণ। ওপৰত উল্লেখ কৰা অনুসৰি আমি কাৰণ চালি জাৰি চাব বিচাৰিছো।
    ১) নদ-নদীৰ গভীৰতা হ্ৰাস: অসমৰ মানচিত্ৰত নদ-নদীৰ পৰিমাণ বহু বেছি। ব্ৰহ্মপুত্ৰৰ লগত উত্তৰৰ পৰা ৫৭খন আৰু দক্ষিণৰ পৰা ৩৩খন সৰু-বৰ উপনৈ যোগ হৈ মুঠ ৯০খন নদী অসমত আছে। বাৰিষাকালত হোৱা প্ৰৱল বৰষুণৰ ফলত এই নদ-নদী পানীৰে উপচি পৰে আৰু পানীবোৰ যেনি-তেনি সিঁচৰিত হৈ বিস্তৃত অঞ্চল বোৰাই পেলায়। যাক আমি বানপানী হোৱা বুলি কও। ইয়াৰ মূলতে হ'ল নদীৰ গভীৰতা হ্ৰাস। বিভিন্ন কাৰণত নদী সমুহৰ গভীৰতা হ্ৰাস পাবলৈ ধৰিছে। মানুহৰ কু-কৰ্মই নদীৰ গভীৰতা হ্ৰাসৰ ক্ষেত্ৰত মুখ্য অৰিহণা যোগাইছে। বিভিন্ন কলকাৰখানাৰ পৰা নিৰ্গত তৈল জাতীয় পদাৰ্থ, সহজে নপচা প্লাষ্টিক, ঘৰ সাজোতে ব্যৱহাৰ্য পেলনীয়া সামগ্ৰী, নদীৰ পাৰত থকা গছ-গছনি কটাৰ ফলত সৃষ্টি হোৱা পাৰ্শ্ব ক্ৰিয়াই নদীৰ গভীৰতা হ্ৰাসত প্ৰভাৱ পেলায়ছে। কিন্তু কেনেকৈ ? পেলনীয়া পদাৰ্থ সমূহ নদীত পেলোৱা লগে লগে এইবোৰ নদীৰ তলিত জমা হৈছে। জমা হোৱা পদাৰ্থবোৰত পলস পৰি এটা এটা টিলাত পৰিণত হৈছে যাৰ বাবে পানীয়ে ইয়াৰ মাজেৰে পাৰ হ'ব নোৱাৰি আন ফালে গতি লৈছে। এনেদৰে পানী তলৰ মাটিৰ লগত অপচনশীল পদাৰ্থ লগলাগি পানীৰ গভীৰতা হ্ৰাসত প্ৰভাৱ পেলায়। আমি সকলোৱে স্ব-চক্ষুৰে দেখি আহিছোঁ যে নদীত প্লাষ্টিকৰ জোতা,চেণ্ডেল, বেগ, পলিথিন আদি ওপঙি যায়। এইবোৰ কোনো গছৰ মুঢ়া বা নদীত গজা সৰু গছত লাগি ধৰি পানীক বাধাৰ সৃষ্টি কৰে। এনেকৈ বাঢ়ি গৈ ডাঙৰ বাধালৈ পৰিণত হয়। এই বাধাত সাৰপানী জগাই পলসে বা বালীয়ে। পানীত উটি অহা বালি বা পলস এনে জেং বিলাকত লাগি বালি চাপৰিৰ সৃষ্টি হোৱাত অৱদান আগবঢ়াই। সেয়ে পানীত কোনো পৰিস্থিতিতে অপচনশীল পদাৰ্থ পেলোৱা অনুচিত। দৰাচলতে নদীৰ গভীৰতা হ্ৰাস পোৱা আন কাৰণ হৈছে গৰাখহনীয়া ৰোধৰ বাবে কৰা অপচেষ্টা। গঢ়াখহনীয়া ৰোধৰ নিমিত্তে বহু আগৰ পৰাই চৰকাৰে পাৰ্কিউপাইন পদ্ধতি অৱলম্বন কৰি আহিছে। এই পদ্ধতিত পকা খোটা তিনিটাকৈ একেলগ কৰি খহনীয়া ৰোধৰ বাবে দিয়া হয়। অৰ্থাৎ পানীৰ সোঁত সলাবলৈ এই ব্যৱস্থা কৰা হয় যদিও পদ্ধতিটো যে সুচল নহয় তাক ইতিমধ্যে প্ৰমাণ পোৱা গৈছে। এনেধৰণে ব্যৱহাৰ কৰা খুটাবোৰেও পানীৰ মাজত পলস আৰু বালিক অৱৰোধ কৰি বালি চাপৰিৰ সৃষ্টিত অৰিহণা যোগাইছে। এনেবোৰ কাৰণতে নদীৰ গভীৰতা নিতৌ হ্ৰাস পাবলৈ ধৰিছে।

২) প্ৰৱল ভাৱে হোৱা মৌচুমী বৰষুণ : ৰাজ্যত প্ৰৱল ভাৱে হোৱা মৌচুমী বৰষুণৰ ফলত খাল-বিল, নদ-নদী আদি পানীৰে উপচি পৰে। প্ৰায় জেঠ মাহ সোমোৱাৰ লগে লগে মৌচুমী বায়ু অসমত প্ৰৱেশ ঘটে আৰু নেৰানেপেৰা বৰষুণ হ'ব ধৰে। প্ৰচুৰ বৰষুণ দিয়াৰ ফলত পথাৰ, খাল-বিল, নদ-নদী আদি পানীৰে পৰিপূৰ্ণ হয় বিস্তৃত অঞ্চল বোৰাই পেলায়। গ্ৰামাঞ্চলত থকা নলা-নৰ্দমা, পুখুৰী আদিও তথৈবচ অৱস্থাৰ সৃষ্টি হয়। একেসময়তে ব্ৰক্ষ্মপুত্ৰৰ বুকুত উফন্দি উঠা পানীয়ে অন্য ৰূপ লয় আৰু দাঁতি-কাষৰীয়া অঞ্চল পানীৰে বোৱাই পেলায়। একেৰাহে হোৱা বৰষুণে এই পানীক আন আন ঠাইলৈ বোৱাই নিয়াত সহায় কৰে। সেয়ে মৌচুমী বৰষুণেও অসমৰ বানপানীত সহায় কৰা বুলি কোৱা হয়। অৰ্থাৎ এয়াই হৈছে প্ৰাকৃতিক দুৰ্যোগ।
    
৩/ নদীৰ দাঁতি কাষৰ বনধ্বংস : গছ-গছনিৰ শিপাই মাটি খামোচ মাৰি ধৰি ৰখাত সহায় কৰে। বিশেষকৈ নদ-নদীৰ দাঁতিত বিভিন্ন গছ-গছনি থকা উচিত। উদ্ভিদৰ অবিহনে নদীৰ পাৰ কোমল হৈ পৰে আৰু পানী বঢ়া মাত্ৰকে নদীৰ পাৰ খহিবলৈ ধৰে। আকৌ পানী কমি যোৱাৰ লগে লগেও পাৰৰ মাটি খহি নদীত পৰে। ইয়ে নদীৰ গভীৰতা হ্ৰাসত প্ৰভাৱ পেলায়। কিন্তু যদি বিভিন্ন গছ-গছনি আৰু উদ্ভিদে পাৰটো পৰিপূৰ্ণ হৈ থাকে, তেতিয়া পাৰৰ মাটি তাৰ শিপাই টানকৈ ধৰি ৰাখে যাৰ বাবে মাটিবোৰ সহজতে খহি নাযায়। এনে দৃশ্য যিকোনো নদীৰ পাৰত গ'লে নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিব। তদুপৰি নদীৰ বাঢ়ি অহা পানীবোৰ সহজে বিস্তৃৰ্ণ এলেকাত প্ৰৱেশ নকৰিবলৈ গছ-গছনিৰ প্ৰয়োজন। নদীখনৰ উফন্দি উঠা পানী সহজে বা দ্ৰুত বেগত বৈ যোৱাত গছ-গছনিয়ে বাধা প্ৰদান কৰিব পাৰে। অৰ্থাৎ বানপানী নহ'বৰ বাবে গছ-গছনিয়ে প্ৰত্যক্ষভাৱে সহায় কৰে। সেয়ে নদীৰ পাৰৰ গছ-গছনি‌ কটা অনুচিত। সুবিধা অনুসৰি গছ-গছনি ৰোপন কৰাটো অতি প্ৰয়োজন।
   
৪) ব্ৰহ্মপুত্ৰ নদীৰ উপচি পৰা পানী বা ব্ৰক্ষ্মপুত্ৰ নদীৰ ধাৰণক্ষমতাৰ হ্ৰাস : 
     অসমৰ আয়ুসৰেখা সদৃশ ব্ৰহ্মপুত্ৰ নদ অসমৰ মাজেৰে অৰ্থাৎ শদিয়াৰ পৰা ধুবুৰীলৈ বৈ গৈছে। নদীখনৰ ধাৰণক্ষমতা পূৰ্বে যিমান আছিল, আজিৰ দিনত ইয়াৰ পৰিমাণ বহু পৰিমাণে যে হ্ৰাস পাইছে এয়া নকলেও সকলোৱে জানে। পূৰ্বতে অসমৰ জনসংখ্যাৰ পৰিমাণ কম আছিল আৰু সেয়ে বিস্তৃৰ্ণ এলেকাত মানুহৰ ঘৰ-বাৰী নাছিল। সৰহসংখ্যক ঠাই বা মাটি হাবিৰে পৰিপূৰ্ণ আছিল আৰু খাল-বিলৰ সংখ্যাও বেছি আছিল। অতিপাত বৰষুণৰ ফলত হোৱা পানী খাল-বিল সমূহে ধৰি ৰাখিবলৈ সক্ষম হৈছিল। যাৰ বাবে বানপানীৰ পৰিমাণো কম আছিল। কিন্তু বৰ্তমান সময়ত তেনে খালী ঠাই সমূহ, ডাঙৰ ডাঙৰ খাল-বিলসমূহ মাটিৰে পুতি অট্টালিকা নতুবা আবাসগৃহ সজা হ'ল। আকৌ কৰবাত মানুহৰ প্ৰয়োজনাৰ্থে পাৰ্ক ,খেলৰ বাবে ষ্টেডিয়াম আদি দ খাৱৈ পুতি বনাবলৈ ধৰিলে। অসমৰ সকলো ঠাইতে আগৰ খালী ঠাই এতিয়া নাই। চুকে কোনে অনিয়ন্ত্ৰিত ভাৱে নিয়মবৰ্হিভূতভাৱে ঘৰ সাজি সমভূমিত পৰিণত কৰিলে। বৰ্ধিত জনসংখ্যাই ইয়াৰ ঘাই কাল। ফলস্বৰূপে নদীৰ পানী নতুবা অলপ বৰষুণতে আমাৰ চৌপাশ পানীৰে ভৰি পৰা হ'ল। সেয়ে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী প্ৰৱেশৰ মাত্ৰকে আগৰে পৰা জমা হৈ থকা পানীৰ সৈতে মিলি বৃহৎ বানপানীৰ আকাৰ পৰিগ্ৰহ কৰে। 
     আনহাতে ব্ৰক্ষ্মপুত্ৰ মাজভাগত বালি আৰু পলসৰ আঘাতত ডাঙৰ ডাঙৰ বালি চাপৰি নিতৌ গঢ় ল'ব ধৰিছে। ইয়াৰ ফলত নদীয়ে সুঁতি সলাবলৈ ধৰিছে। ফলস্বৰূপে ব্ৰহ্মপুত্ৰ নদীৰ আকাৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত আপুনি অনায়াসে ঘৰ সাজি বাস কৰিব পাৰে। আনকি বহু লোকে মহৰ খুটি আৰু গৰুৰ খুটি পাতি এনে আবাদী চৰ অঞ্চলত বাস কৰি আহিছে। গতিকে ব্ৰহ্মপুত্ৰই যে ধাৰণ ক্ষমতা হেৰুৱাইছে সেই কথা ইয়াৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি। উদাহৰণস্বৰূপে শদিয়াৰ পাৰঘাটৰ পৰা ছৈখোৱা পাৰঘাটৰ দূৰত্ব পৰিমাপণ কৰিলে ইয়াৰ উত্তৰ পাব পাৰিম। নব্বৈ দশকৰ আগতে ইয়াৰ দৈৰ্ঘ্য প্ৰায় তিনি কিলোমিটাৰ মান ( বয়োজ্যেষ্ঠজনৰ মুখেৰে শুনা কথা) আছিল, কিন্তু সাম্প্ৰতিক ইয়াৰ দৈৰ্ঘ্য ইয়াৰ তিনি গুণ হ'ব। ইতিহাসৰ মতে ইয়াৰ গভীৰতাও বহু বেছি আছিল। বৰ ভূমিকম্পৰ আগতে বহু ঠেক আছিল বুলি জনা যায়। বৰ্তমান গৰাখহনীয়াৰ কৱলত পৰি ব্ৰহ্মপুত্ৰৰ আগৰ ৰূপ সলনি হ'ল। আকাৰ হ'ল বহল কিন্তু মাজৰ ঠাইখণ্ড পৰিণত হ'ল চাপৰিলৈ। অৱশ্যে শদিয়াৰ ব্ৰহ্মপুত্ৰৰ আকাৰ বহল হোৱাৰ আন এটা কাৰণ হৈছে ব্ৰহ্মপুত্ৰৰ কেইবাখনো উপনৈৰ ই সংগম স্থল । পাগলাদিয়া, দিহিং আদি উপনৈ সমূহ লগ লাগিছে। তথাপিও আমি একেআষাৰে ক'ব পাৰোঁ যে ব্ৰহ্মপুত্ৰৰ গভীৰতা বহু পৰিমাণে হ্ৰাস পাইছে। 
   
সামৰণি : 
    ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত বাৰিষা ঋতুত যথেষ্ট পৰিমাণৰ পানী থাকে। নদীখনৰ ইয়াৰ পাৰবোৰ উপচি পৰে, যাৰ ফলত ৰাজ্যখনত ব্যাপক বানপানী হয়। বনধ্বংসই মাটি খহনীয়াৰ সম্ভাৱনা বৃদ্ধি কৰে, আৰু বান্ধ আৰু জলাশয় সৃষ্টিত প্ৰভাৱ পেলায়, যি নদীৰ প্ৰবাহ সলনি কৰিব পাৰে। বানপানীয়ে মানৱ জীৱন আৰু পৰিৱেশ দুয়োটাকে প্ৰভাৱিত কৰে, যাৰ ফলত ৰাজ্যখনৰ অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি কৰে। 
     অসমৰ জ্বলন্ত সমস্যাটো সমাধানাৰ্থে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ব্যৱস্থা গ্ৰহণৰ কথা আছিল। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে পথ নিৰ্মাণ আৰু ব্ৰহ্মপুত্ৰৰ খনন এই দুটা সিদ্ধান্ত সোণোৱাল চৰকাৰে যদি কাৰ্যকৰী কৰিল হেঁতেন তেন্তে আজিৰ দিনত সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা অক্ষত অৱস্থাত থাকিল হেঁতেন। কিন্তু দুৰ্ভাগ্য , সেইটো কাৰ্যকৰী নহ'ল ফলত সমস্যাটো সমস্যাভাগে জীয়াই থাকিল। আৰু কোনো এখন চৰকাৰে যে এই সিদ্ধান্ত নলয় সেয়া ধ্ৰুৱসত্য। কাৰণ ই অতি ব্যয়বহুল কাম। কিন্তু মোৰ মতে ইয়াক দীৰ্ঘম্যাদী পৰিকল্পনাৰে সমাধান কৰিব পৰা যাব। 
  সমস্যাটো সমাধানাৰ্থে কেইটামান ল'ব পৰা দিশ:
     ক) ব্ৰহ্মপুত্ৰ খনন কৰা আৰু দুয়োপাৰে মথাউৰি নিৰ্মাণ কৰা।
     খ) মথাউৰিৰ পাৰ (পানীৰ দিশত) অতি কমেও ত্ৰিশ ফুট তললৈ বৈজ্ঞানিক পদ্ধতিৰে পকীকৰণৰ ব্যৱস্থা কৰা। 
     গ) অসমৰ মূল উপনৈ সমূহ খনন কৰা আৰু পাৰত বৃক্ষৰোপণ কাৰ্যসূচী অব্যাহত ৰখা।
     ঘ) বৃক্ষৰোপণৰ বাবে অসমৰ প্ৰতিখন গাঁওৰ মানুহে বিশেষ দিন এটা নিৰ্বাচন কৰি সেই অনুসৰি বৃক্ষৰোপণৰ কাৰ্যসূচী গুৰুত্ব সহকাৰে লোৱা উচিত।
     ঙ) গছ নিধন যজ্ঞ বন্ধ কৰাত ৰাইজে সচেতনতা অৱলম্বন কৰিব লাগে।
     চ) প্ৰতিজন লোককেই ঘৰ সাজোতে পানী উলাই যাবলৈ অতি কমেও তিনি মিটাৰ প্ৰস্থৰ নলা খন্দাটো বাধ্যতামূলক কৰিব লাগে। আকৌ মূল নলাৰ সৈতে সংযোগৰ ব্যৱস্থাও কৰোৱাব লাগে।

    অসমৰ বানপানী সমস্যা এক জটিল সমস্যা। ইয়াক ইমান সহজে সমাধান কৰাটো সম্ভৱ নহয়। অসমত আদি কালৰে পৰা বানপানী আছে আৰু থাকিব। কিন্তু ইয়াৰ পৰিমাণ নিশ্চয় হ্ৰাস কৰিব পৰা যাব। 



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

   

 
     চন্দ্ৰযান -৩ ৰ অভিযান, চাওক।
  











Thursday, July 13, 2023

📌বৰ্তমানৰ প্ৰেক্ষাপটত ধৰ্মীয় অসহিষ্ণুত।📌 Religious Intolerance in the Present Situation.

📌 বৰ্তমানৰ প্ৰেক্ষাপটত ধৰ্মীয় অসহিষ্ণুতা : চমু অৱলোকন। Religious Intolerance in the Present Context: A Brief Overview.

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    
           সামাজিক বৈষম্যৰ কৰুণ দৃশ্য...!!

  🚀 ধৰ্মীয় অসহিষ্ণুতা অতি প্ৰাচীন কালৰে পৰাই সমাজৰ বাবে অভিশাপ স্বৰূপ হৈ আহিছে। ডাঙৰ দুখটো হ'ল, আমি আমাৰ বৈজ্ঞানিক উন্নতিৰ বিষয়ে যি সময়ত গৌৰৱ কৰিছোঁ, সেইটো সময়তে ই এতিয়াও আমাৰ সমাজত অব্যাহত আছে। বহুসংখ্যক নিৰীহ মানুহে এতিয়াও এই ৰোগত ভুগি আছে কাৰণ তেওঁলোক এটা নিৰ্দিষ্ট ধৰ্ম বা জাতিৰ লোক। 

    প্ৰৱল ভাৱে বাঢ়ি অহা ধৰ্মীয় গোঁড়ামি আৰু সাম্প্ৰদায়িকতাৰ প্ৰকোপে মানুহক বনৰীয়া জন্তুতকৈও বেয়া প্ৰাণীলৈ পৰিণত কৰিছে।

সকলো ধৰ্মতে তৃণমূল স্তৰত কাম কৰা পুৰোহিতসকলৰ পৰা এই ৰোগ উদ্ভৱ হয় বুলি ভাবিবলৈ থল আছে। তেওঁলোকৰ ধৰ্ম্মত সন্নিবিষ্ট উচ্চ আদৰ্শক উপেক্ষা কৰি তেওঁলোকে তেওঁলোকৰ শাস্ত্ৰ আৰু পৰম্পৰাগত বিশ্বাসৰ ভুল ব্যাখ্যা কৰি তেওঁলোকৰ সহ-ধৰ্মবাদীসকলক ভুল পথ প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও, স্বাৰ্থপৰ ৰাজনীতিবিদসকলে তেওঁলোকৰ নিজৰ সম্প্ৰদায়ৰ লোকসকলক আন ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে উচতাই দিয়ে যাতে তেওঁলোকৰ ভোট বেংক বিস্তৃত আৰু শক্তিশালী হয়।
    তেওঁলোকে কেতিয়াবা উদ্দেশ্যপূৰ্ণভাৱে সাম্প্ৰদায়িক সংঘাতৰ পৰিকল্পনাও কৰে। সাধাৰণ মানুহে এনে কথাবোৰৰ বিষয়ে অৱগত হোৱা উচিত। সঠিক ধৰণৰ শিক্ষাই এই দিশত যথেষ্ট সহায় কৰিব পাৰে। সকলো ধৰ্মই অত্যাৱশ্যকীয় আৰু অপ্ৰয়োজনীয় উপাদানেৰে গঠিত। বিড়ম্বনাটো হ'ল যে বিভিন্ন ধৰ্মৰ স্বঘোষিত ৰক্ষকসকলে অত্যাৱশ্যকীয় বস্তুবোৰ উপেক্ষা কৰে আৰু অপ্ৰয়োজনীয় বস্তুবোৰৰ ওপৰত যুঁজ দিয়ে আৰু ৰক্তপাতৰ সৃষ্টি কৰে। তেওঁলোকে কেতিয়াও ভাবিবলৈ বন্ধ নকৰে যে সকলো ধৰ্ম তেওঁলোকৰ মৌলিক নীতিত একে ।

     আমি ইতিহাস খুচুৰিলে দেখা পাওঁ যে দৰাচলতে সকলো মহান ভৱিষ্যতবক্তা আৰু সাধু মানৱতাৰ মহান প্ৰেমী আছিল। তেওঁলোকে তেওঁলোকৰ নিজৰ সম্প্ৰদায়ত যথেষ্ট অন্যায়, নিষ্ঠুৰতা আৰু অসদাচৰণ দেখিছিল আৰু ইয়াৰ বিৰুদ্ধে মাত মাতিছিল। 
কিন্তু তাৰ পৰিণতি কি হৈছিল ? স্বাৰ্থপৰ মানসিকতাৰ নিহিত স্বাৰ্থই কোনো সংস্কাৰ বিচৰা নাছিল ; তেওঁলোকে তেওঁলোকৰ বিৰোধিতা কৰিছিল আৰু প্ৰায় সকলো ভৱিষ্যতবক্তা, সাধু আৰু সংস্কাৰকসকলে কোনো নহয় কোনো ধৰণে ভুগিব লগা হৈছিল।
    উদাহৰণস্বৰূপে, ভৱিষ্যতবক্তা মহম্মদে আৰৱ জনজাতিসকলৰ মাজত মূৰ্তিপূজা আৰু অন্যান্য অসদাচৰণৰ বিৰুদ্ধে মাত মাতিছিল যাৰ বাবে মক্কা এৰি মদিনালৈ পলাই যাব লগা হৈছিল।
    আনহাতে নিৰীহ সাধু যীচুক নিৰ্দয়ভাৱে ক্ৰছত বিদ্ধ কৰি হত্যা কৰা হৈছিল কিয়নো তেওঁৰ নিজৰ ইহুদী সম্প্ৰদায়ৰ পুৰোহিত শ্ৰেণীয়ে তেওঁৰ সংস্কাৰবাদী উৎসাহ পছন্দ কৰা নাছিল। তেওঁৰ একমাত্ৰ দোষ আছিল যে 'তেওঁ বিচৰা মানুহৰ সৎ জীৱন যাপন আৰু তেওঁলোকৰ ধৰ্মত অপ্ৰয়োজনীয় বিষয়বস্তুৰ প্ৰতি আকৃষ্ট নহ'বলৈ দিয়া পৰামৰ্শ।'
    বেকা পথেৰে হ'লেও সুযোগ লাভ কৰা পুৰোহিতসকলে ইয়াক তেওঁলোকৰ কৰ্তৃত্ব আৰু স্বাৰ্থৰ বাবে এক প্ৰত্যাহ্বান বুলি ভাবিছিল আৰু সেয়েহে অঞ্চলটোৰ ৰোমান শাসকক তেওঁক মৃত্যুদণ্ড দিবলৈ উদগনি দিছিল। যীচুক তেওঁলোকে 'ৰোমান সাম্ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উচতাই দিয়া ব্যক্তি হিচাপে উপস্থাপন কৰিছিল' । যাৰ বাবে তেওঁ ৰোমানসকলৰ দৃষ্টিত আটাইতকৈ ডাঙৰ অপৰাধী বিবেচিত হৈছিল।
    
   আমি সকলোৱে ক'ব পাৰোঁ যে আৰম্ভণিতে সকলো ধৰ্ম্ম শুদ্ধ আছিল, তেওঁলোকে মানুহৰ সামাজিক আৰু আধ্যাত্মিক জীৱন উন্নত কৰাৰ লক্ষ্য ৰাখিছিল। কিন্তু অপ্ৰয়োজনীয় ৰীতি-নীতিৰ দ্বাৰা আৰু ইয়াৰ দ্বাৰা ধৰ্মৰ মূল ধাৰণাবোৰক অতিক্ৰম কৰাৰ ফলত ধৰ্মৰ মূল বিষয়বস্তুৰ নষ্ট হৈছিল। সেয়েহে ভাৰতৰ মহান কবি সন্ত কবীৰেও তেওঁৰ শ্লোকত ইছলাম আৰু হিন্দু ধৰ্ম দুয়োটা ভাষাত ৰীতি-নীতি নমনাৰ বাবে গৰিহণা দিছিল।
    সাম্প্ৰতিক সময়তো এনে এটা বাতাবৰণ ধৰ্মৰ নামত সৃষ্টি হোৱা পৰিলক্ষিত হয়। তুমি হিন্দু আমি মুছলিম, আমি হিন্দু তুমি মুছলিম কোৱা মানসিকতাৰে এতিয়াৰ সমাজ চলিব ধৰিছে। ধৰ্মৰ নামত সমাজত বিভেদৰ জাল পেলোৱা হৈছে। যাৰ বাবে থানবান হৈছে একতা, সমন্বয়, মৰম-চেনেহৰ এনাজৰীৰে বান্ধ খাই থকা মজবুত ভেটি। ৰাজনৈতিক দল বিলাকে এই ভেটিত বেছিকৈ বিহমেটেকা ৰোপন কৰিব লাগিছে। অসহিষ্ণুতা, ঘৃণা, মাৰপিট আদিৰ জৰিয়তে সমাজত এক অৰাজক পৰিস্থিতি সৃষ্টি কৰি কিছুমানে ইয়াৰ সুযোগ গ্ৰহণ কৰিছে। ইফালে আন কিছুমান লোকে ইয়াৰ পৰিণাম ভোগ কৰিব লগা হৈছে। সৌসিদিনা পশ্চিম বংগত ৰাজনৈতিক ভাৱে হোৱা হিংসাত্মক ঘটনাৰ স্বৰূপো নিশ্চয়কৈ ধৰ্মৰ সৈতে সংপৃক্ত। তেনেধৰণৰ উদাহৰণ অসমৰ বা ভাৰতৰ মাটিত অজস্ৰ। ভাৰত যদিও ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ তথাপিও ধৰ্মৰ বৈষম্য এতিয়াও অন্ত পৰা নাই। 
    অতীজৰে পৰা ভাৰত নামৰ বিশাল ভূখণ্ডত জ্ঞানৰ সাধনা চলি আহিছে। ঋষি মুনি সকলৰ তপস্যাৰ বলত ঠাইখণ্ড হৈ পৰিছিল ধন্য। গৌতম বুদ্ধ, বিবেকানন্দ, অশোক, শংকৰদেৱ, মাধৱ দেৱ আদিৰ যুগ গুৰু তথা যুগধৰ্মীয় নেতা সকলৰ আৰ্ৱিভাৱে ভাৰতক মহান দেশলৈ পৰিণত কৰিছিল। ভাৰতক তপোবনত পৰিণত কৰি গৈছে এইসকল মহান যুগগুৰুৱে। তেতিয়া কোনো জাতিভেদ নাছিল। ভেদাভেদ, উচ্চ নীচ আদি বৈষম্যৰ মনোভাৱ নাছিল বুলিলেও অত্যুক্তি কৰা নহ'ব নিশ্চয়। 'সকলো মানুহ এক' তেনে সমভাৱ পোষণেৰে সমাজ ব্যৱস্থা অতিবাহিত হৈছিল। শংকৰদেৱৰ যুগৰ ইতিহাসে তাকে সোঁৱৰাই দিয়ে।
    কিন্তু আধুনিক যুগে সময়ক স্পৰ্শ কৰাৰ মাত্ৰকে যেন মানুহৰ মনলৈও বৃহৎ পৰিৱৰ্তনে ছানি ধৰিলে। ধৰ্মীয় কাৰণত বা আন সাধাৰণ কাৰণত মানুহৰ মনত অসহিষ্ণুতা মনোভাৱে প্ৰাণ পাই উঠিল। যিয়ে সমাজৰ একতাৰ পৰিকাঠামো বিনষ্ট কৰিবলৈ ধৰিলে। অথচ এইখন দেশৰ সংবিধানেও ধৰ্মীয় নিৰপেক্ষক্ষতাক আগস্থান দি আহিছে। সেয়ে এনে এখন দেশত ধৰ্মীয় অসহিষ্ণুতাই গা-কৰি উঠা বিষয়টো সঁচাকৈয়ে অতি চিন্তনীয়।
  ধৰ্মীয় অসহিষ্ণুতাৰ ওপৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দ বৰা ডাঙৰীয়াই কৈছিল , 'বৰ্তমানৰ পৃথিৱীত যথেষ্ট ধৰ্ম বিৰোধ ঘটিছে। ধৰ্মীয় মৌলবাদী সকল বিশ্বৰ এটা প্ৰধান সমস্যা হৈ পৰিছে। ভাৰততো ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পাইছে, ধৰ্মই মানুহক ভাগ ভাগ কৰিছে। গতিকে বৰ্তমান সময়ত শংকৰ দেৱে প্ৰচাৰ কৰা ধৰ্মৰ প্ৰয়োজন আহি পৰিছে। শংকৰী ধৰ্মই হে এনে সমস্যা দূৰ কৰিব পাৰে।' 
     অসমত গা-কৰি উঠা ধৰ্মীয় অসহিষ্ণুতাও এক স্পৰ্শকাতৰ বিষয় হিচাপে চিহ্নিত হৈছে। এনে সময়ত সঁচাই শংকৰদেৱৰ সমন্বয় আৰু সম্প্ৰীতিৰ ধৰ্ম অতি প্ৰয়োজন হৈ পৰিছে। শংকৰদেৱৰ ধৰ্মত সাম্প্ৰদায়িকতা নাই, জাতি ভেদ নাই, নাই উচ্চ নীচৰ ভেদাভেদ। এই ধৰ্মৰ লোক সকলে সকলোকে সম মৰ্যাদা দিয়ে আৰু সকলোৰে সমানে বৈষয়িক, আধ্যাত্মিক উন্নতি হোৱাটো বিচাৰে। সেয়ে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম আৰু ভাওনা আদি অনুষ্ঠানৰ প্ৰাসঙ্গিকতা আজি আহি পৰিছে।
      
     সামৰণিত মাথোঁ কও - ধৰ্মক সাৰ্বজনীন ভাতৃত্ববোধৰ আদৰ্শ হিচাপে প্ৰচাৰ কৰিবলৈ আমি সকলোৱে সাজু হোৱা উচিত আৰু মানুহৰ মনত সামাজিক ন্যায়ৰ আকাংক্ষা সৃষ্টি কৰাটো আমাৰ প্ৰধান কৰ্তব্য হিচাপে বিবেচিত হোৱা প্ৰয়োজন।



🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল।
শিক্ষক, হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।

ফটো: ইণ্টাৰনেটৰ পৰা সংগৃহীত।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Monday, July 10, 2023

'হৰমোহনৰ পৰা' । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ । Harmohonor pora' Shrimanta Shankardev.

📌 'হৰমোহনৰ পৰা' কাব্যাংশটিৰ মাজেৰে প্ৰকাশ পোৱা ভক্তিৰ আকুলতাৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।

  📌 'হৰমোহন পৰা' কাব্যাংশটি শংকৰদেৱৰ 'কীৰ্তন ঘোষা'ৰ অন্তৰ্গত। শংকৰদেৱৰ 'হৰমোহন পৰা' কাব্যাংশটিৰ আধাৰ গ্ৰন্থ হ'ল ভাগৱত পুৰাণ। অসমৰ বৈষ্ণৱ ধৰ্মৰ 'চাৰি পুথি'ৰ অন্তৰ্গত কীৰ্তন ঘোষাত 'হৰমোহন পৰা' অংশটি অন্তৰ্ভুক্ত। কবিয়ে ভগৱানৰ মহিমাৰ বিষয়ে কাব্যাংশটিৰ জৰিয়তে এটি বিৱৰণ দাঙি ধৰিছে। ভক্ত কবিয়ে ভগৱানৰ মহিমাৰ বিষয়ে সুন্দৰকৈ বিশ্লেষণ কৰি দেখুৱাইছে। গতিকে এই কবিতাটোৰ বৰ্ণনা শংকৰদেৱৰ মৌলিক অৱদান। কবিতাটো বিশেষকৈ বিষ্ণু স্তুতিৰ যোগেদি বেদান্ত দৰ্শন,দাস্যভক্তি আদি দাৰ্শনিক ভাৱ প্ৰথমৰ পৰা শেষলৈ বিয়পি পৰিছে।

    মহাপুৰুষ শংকৰদেৱৰ মতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত ভগৱান তথা ব্ৰহ্মাই সত্য। সত্যৰ অবিহনে জগত , সংসাৰ সকলো মিছা। ব্ৰহ্মই নিত্য, বাকী সকলো অনিত্য। তেওঁ সমস্ত প্ৰাণীতে বিৰাজমান। পৃথিৱীৰ সকলো বস্তুৰে তেওঁৱেই স্ৰজনা, তেওঁৱেই পালন কৰোঁতা আৰু অৱশেষত সকলো তেওঁতেই নিমজ্জিত হয়। বৰ্হি প্ৰকৃতিৰ প্ৰতিটো বস্তুৰে সৃষ্টি কাৰক হৈছে তেওঁ অৰ্থাৎ ভগৱান বা ব্ৰহ্ম। সত্ব,ৰজ আৰু ত্বম এই তিনি গুণৰ একমাত্ৰ তেওঁৱেই অধিকাৰী। সোণ আৰু কুণ্ডলৰ মাজত পাৰ্থক্য নোহোৱাৰ দৰে জগত আৰু পৰমাত্মাৰ মাজত কোনো প্ৰভেদ নাই। কবিতাটোত তেখেতে এনেদৰে উল্লেখ কৰিছে -
    
   "তুমি কাৰ্য কাৰণ সমস্তে চৰাচৰ, 
    সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।
    তুমি পশু-পক্ষী সুৰাসুৰ তৰু-তৃণ,
    অজ্ঞানত মূঢ়জনে দেখে ভিন ভিন।"

   কাঠৰ ভিতৰত যেনেকৈ জুই বিদ্যমান ঠিক তেনেকৈ প্ৰকৃতিৰ প্ৰতিটো বস্তুতে তেওঁ বিৰাজমান। প্ৰকৃত ভক্তই আচল ভক্তিৰে তেওঁৰ স্বৰূপ হৃদয়ত উপলব্ধি কৰিব পাৰে। প্ৰকৃত বৈষ্ণৱেহে কৰ্ম বন্ধনৰ পৰা মুক্তি হৈ হৃদয়ত তেওঁক উপলব্ধি কৰিব পাৰে। কবিয়ে মুক্তি সুখকো বাঞ্ছা নকৰি পৰমেশ্বৰৰ চৰণত একান্ত ভকতিহে কামনা কৰিছে। তেওঁ কবিতাটোত উল্লেখ কৰি কৈছে -
       "নবাঞ্চোহো সুখ ভোগ নমাগো মুকুতি।
       তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি।।"

মহাপুৰুষ জনাৰ মতে পৰমাত্মাই একমাত্ৰ গৰাকী। যি সকলে ভগৱানৰ স্বৰূপ উপলব্ধি কৰিব পাৰিছে, পৰমাত্মাৰ বিষয়ক জ্ঞান উপলব্ধি কৰিব পাৰিছে তেনে জ্ঞানী আৰু সাধুজনে মুক্তিৰ অভিলাষী নহয়। বৈষ্ণৱ ধৰ্মত মোক্ষ বা মুকুতিয়েই হ'ল ভক্তৰ চৰম লক্ষ্য। কিন্তু যিজন পৰম বৈষ্ণৱ আৰু যিজন উচ্চতম ভক্তিৰ সাধক তেওঁ মুক্তিৰ কথা চিন্তা নকৰে, কাৰণ ভগৱানৰ ভক্তিহে তেওঁলোকৰ চৰম প্ৰাপ্য, মুক্তি নহয়। মহাপুৰুষ মাধৱদেৱে'যত্ৰ জীৱ তত্ৰ শিৱ' এই বাণী সাৰোগত কৰি কবিতাটোত বৰ্ণনা আগবঢ়াইছে । বাক্যাংশত শিৱই ভগৱানৰ স্তুতি কৰি কৈছে যে তেওঁ স্বৰ্গীয় সুখ বাঞ্ছা নকৰে, মুকুতিও নিবিচাৰে, বিচাৰে মাথোঁ ভগৱানৰ প্ৰতি তেওঁৰ অচলা ভক্তি। তেওঁৰ মুখেৰে যেন সদায় ভগৱানৰ নাম লয়, তেওঁৰ কানে যেন সদায় ভগৱানৰ নামহে শুনিব পাৰে, তেওঁৰ হৃদয়ত ভগৱান যেন সদায় বিৰাজমান হৈ থাকে, তেওঁ যেন সদায় সাধু সজ্জনৰ সংগ লাভ কৰিব পাৰে, তেনেধৰণৰ আৰ্শীবাদহে ভগৱানৰ পৰা শিৱই কামনা কৰে।
    
      মহাপুৰুষ শংকৰদেৱক ভক্তি কবি বুলিও কোৱা হয়। তেওঁ বিশুদ্ধ চিত্তেৰে পৰমেশ্বৰৰ চৰণত একান্ত ভকতিৰে শ্ৰৱণ কীৰ্তন কৰাৰ ওপৰত মনোনিবেশ কৰিছে। একান্ত বৈষ্ণৱ ভাৱধাৰাই মোক্ষকো নেওচি ভকতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। 
    
      মহাপুৰুষীয়া ধৰ্মত মুক্তিৰ বাঞ্ছা নাই, সেয়েহে মুক্তিক শংকৰদেৱে 'মুক্তিতনিস্পৃহ --' বুলি কৈছে। শংকৰদেৱৰ মতে মুকুতিত বাঞ্ছা নকৰি একান্ত ভকতিৰে পৰমেশ্বৰৰ চৰণত নিজক সমৰ্পণ কৰা । এই আত্ম সমৰ্পণৰ সুৰ 'হৰমোহনৰ পৰা' কাব্যাংশত সুন্দৰ ভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তদুপৰি মহাপুৰুষ মাধৱদেৱে একান্ত ভকতিৰ নিদৰ্শন হিচাপে দেৱ-দেৱীৰ পূজাত গুৰুত্ব নিদি কেৱল সাধু সজ্জনৰ সংগৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে। 'হৰমোহনৰ পৰা' কাব্যাংশত কবি শংকৰদেৱে অতি কম কথাৰে বৈষ্ণৱ ভক্তি তত্ত্বৰ সম্পৰ্কে বৰ্ণনা আগবঢ়াবলৈ সক্ষম হৈছে।
    
সম্পূৰ্ণ কবিতাটো তলত উল্লেখ কৰিলোঁ:
               
           হৰমোহনৰ পৰা 
                                    - শংকৰদেৱ ।
           

নমো নমো মাধৱ বিধিৰ বিধি দাতা।
তুমি জগতৰ গতি মতি পিতা মাতা।।
তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোমাত বিতিৰেক।।
তুমি কাৰ্য কাৰণ সমস্তে চৰাচৰ।
সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।।
তুমি পশু-পক্ষী সুৰাসুৰ তৰু-তৃণ।
অজ্ঞানত মূঢ়জনে দেখে ভিন ভিন।।
তোমাৰেসে মায়ায়ে মোহিত সৰ্ব্বক্ষণে।
তুমি আত্মা তোমাক নজানে একোজনে।।
সমস্ত ভূতৰে তুমি আছা হৃদয়ত।
তত্ত্ব নপাই তোমাক বিচাৰে বাহিৰত।।
তুমিসে কেৱলে সত্য মিছা সৱে আন।
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান।।
নবাঞ্চোহো সুখ ভোগ নমাগো মুকুতি।
তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি।।
মুখে লৌক নাম মোৰ কৰ্ণে তৱ কথা।
হৃদয়ত পাদ-পদ্ম থাকোক সৰ্ব্বথা।।
সজ্জনৰ সংগ নুগুচোক সৰ্ব্বক্ষণে।
এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে।।

-------------------+-----------------------
 📌 প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

Sunday, July 2, 2023

নলিনীবালা দেৱী আৰু তেখেতৰ কবিতাত অতীন্দ্ৰিয় ভাৱধাৰা। Nalinibala Devi and the transcendental thought in her poetry.

নলিনীবালা দেৱী আৰু তেখেতৰ কবিতাত অতীন্দ্ৰিয় ভাৱধাৰা। Nalinibala Devi and the transcendental thought in her poetry.



        🖊️নলিনীবালা দেৱী আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ কন্যা। তেখেতৰ জন্ম হৈছিল ১৮৯৮ চনত। নলিনীবালা দেৱী আছিল ঘৰুৱা শিক্ষাৰে শিক্ষিত এগৰাকী বিশিষ্ট লেখিকা । এই গৰাকী মহান লেখিকাৰ ব্যক্তিগত জীৱন অতি কাৰুণ্যৰে ভৰপূৰ। তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত ভিত্তি কৰি ১৯৫৭ চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। তদুপৰি তেখেতে সাহিত্যিক পেঞ্চনো লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৪ চনত অসম সাহিত্য সভাৰ যোৰহাটৰ অধিৱেশনত সভানেত্ৰী পদ অলংকৃত কৰিছিল।
        নলিনীবালা দেৱীয়ে বহু কবিতা পুথি আৰু জীৱনীমূলক গ্ৰন্থ ৰচনা কৰি অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। 

    নলিনীবালা দেৱীৰ সাহিত্য সমূহ হ'ল - সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, স্মৃতিতীৰ্থ, পৰশমণি, যুগদেৱতা, জাগৃতি, অলকানন্দা , বিশ্বদীপা, চৰ্দাৰ পেটেল, কৰ্মবীৰ বৰদলৈৰ জীৱনী, আত্মজীৱনী এৰি অহা দিনবোৰ আদি উল্লেখযোগ্য।

        'সন্ধিয়া সুৰ' কবিতা পুথিখনত কবিৰ প্ৰকৃত ভাৰতীয় কবি প্ৰাণৰ স্বাক্ষৰ প্ৰতিফলিত হৈছে। তেখেতৰ কবিতাবোৰৰ বিশেষ লক্ষণ হৈছে - অতীন্দীয়বাদ। ১৯৬৮ চনত 'অলকানন্দা' কবিতা পুথিৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। নলিনীবালা দেৱীৰ কাব্যত ৰবীন্দ্ৰ কাব্যৰ প্ৰভাৱ পৰিলক্ষিত হয়। তদুপৰি ভাৰতীয় আধ্যাত্মিক দৰ্শন, জন্মান্তৰবাদ, কৰ্মফলবাদ, আদিৰ প্ৰভাৱ তেখেতৰ কবিতাত বিদ্যমান।


তেখেতৰ কবিতাত অতীন্দ্ৰিয় ভাৱধাৰা: 
        
       নলিনীবালা দেৱীৰ প্ৰায় প্ৰতিটো কবিতা অতীন্দ্ৰিয় ভাৱধাৰাৰে সংপৃক্ত। জীৱনৰ ঘাত-প্ৰতিঘাত, জীৱনৰ পৰম সত্য মানৱ সত্ত্বাৰ অপৰিহাৰ্য আৰু অবিচ্ছেদ্য অংগ। মানৱৰ তৃষ্ণাৰ সজীৱ চিত্ৰ কবিতাবোৰত প্ৰকাশ পাইছে। উদাহৰণস্বৰূপে তেখেতৰ 'পৰমতৃষ্ণা' কবিতাটো এটা আধ্যাত্মিক ভাৱ সম্পন্ন কবিতা য'ত প্ৰকাশ পাইছে ভাৰতীয় আধ্যাত্মিক দৰ্শন। জীৱনৰ পৰম সত্যৰ সম্পৰ্কে কবিয়ে ইয়াত সুন্দৰকৈ বৰ্ণনা আগবঢ়াবলৈ সক্ষম হৈছে।
        কবি গৰাকীৰ মতে মানুহে কেৱল পঞ্চ ইন্দ্ৰিয়ৰ তৃপ্তি লাভ কৰি সন্তুষ্ট থাকিব নোৱাৰে। ইয়াৰ বাহিৰেও মানুহে আৰু বহু কিবাকিবি বিচাৰে। সেয়ে কবি গৰাকীৰ পৰমজনৰ সৈতে মিলনৰ প্ৰচেষ্টা কৰিছে কবিতাৰ জৰিয়তে। যিহেতু আত্মাৰ সৈতে পৰমৰ মিলন ঘটাবলৈ মানুহে আদিম কালৰে পৰাই প্ৰচেষ্টা কৰি আহিছে। এই প্ৰচেষ্টাই বা কৰ্মই হ'ল মানুহৰ অন্তৰত সুপ্ত অৱস্থাত থকা তৃষ্ণা।
        কবি নলিনীবালা দেৱীৰ মতে পৃথিৱীখনেই এখন জীৱন্ত নাটঘৰ। এই নাটঘৰত ভাও দিবলৈ যেন মানুহ আহিয়ে আছে আৰু গৈয়ে আছে অবিৰাম। এই যাত্ৰা অবিৰত। পূৰ্বজন্মৰ কৰ্মফল অনুসৰি মানুহে হেনো এইজন্মত ফলাফল লাভ কৰে। অৰ্থাৎ পূৰ্বজন্মৰ কৰ্মফল ভাল হ'লে এই জন্মত জীৱই সময় সাপেক্ষে পক্ষীৰ মধুৰ কাকলি, চৰাই চিৰিকটিৰ সুৱদী গীত-মাত, নদীৰ কুলু কুলু ধ্বনি শুনিবলৈ পায়। 'পৰমতৃষ্ণা' কবিতাত কবি গৰাকীয়ে কৈছে, যি মানৱৰ মনত সৌন্দৰ্য আৰু আশাৰ আভা বিৰিঙাই তোলে, ইয়ে মানুহৰ মনক ক্ষন্তেকৰ বাবে হ'লেও মায়াই আৱৰি ৰাখে। ইয়াৰ মাজতে মানুহে নিজৰ অস্তিত্ব সম্পৰ্কে উপলব্ধি কৰি অতীত ৰোমন্হন কৰি অতিষ্ঠ হয়। জন্ম মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ ইচ্ছা কৰে। মানুহৰ মনত নানা প্ৰশ্নৰ উদয় হয়। এই পৃথিৱীলৈ মানুহ কিয় আহে ? কিয় মানুহৰ মায়া উপজে ? আদি বিভিন্ন প্ৰশ্নই মানুহক আমনি কৰে। মানুহৰ এই চিৰসুন্দৰ ব্যক্তিজনৰ সৈতে একীভূত হোৱাৰ প্ৰৱল তৃষ্ণা যিদিনা অন্ত পৰিব, সিদিনাই মানুহৰ মন পৰমাত্মাৰ লগত মিলি যাব। 
        প্ৰতিজন মানুহৰ যেতিয়া স্বাভাৱিক প্ৰবৃত্তি কামনা-বাসনা লয় পাব, তেতিয়াহে মানুহৰ এই সংসাৰৰ প্ৰতি মোহ ভংগ হ'ব। মানুহে পৰিদৃশ্যমান জগতৰ বৈচিত্ৰ্যতাৰ মাজত অহনিৰ্শে এটা সৃষ্টিৰ শক্তি, এটা দিশৰ শক্তি বিচাৰি চলাথ কৰিছে। যি শক্তিক সৃষ্টিৰ মূল শক্তি হিচাপে চিহ্নিত কৰিব পাৰি।
         কবিয়ে তেখেতৰ কবিতাত ভোগবাদী মানৱৰ মনৰ দাপোনৰ নানা ৰঙৰ ছবি উদ্ভাসিত হোৱাৰ বাৰ্তা প্ৰেৰণ কৰাত সমৰ্থ হৈছে। কবিৰ 'নাটঘৰ' নামৰ কবিতাটোও অতীন্দ্ৰিয় ভাৱধাৰাৰে সংপৃক্ত। এই কবিতাটোতো অতি সুন্দৰ ভাৱে জীৱনৰ পোৱা নোপোৱা আৰু জীৱন মৰীচিকা সম্পৰ্কে বৰ্ণনা পোৱা যায়। কবিয়ে এই কবিতাত এনেদৰে কৈছে -         
            "জীৱন সপোন-স্মৃতি দিঠকৰ মৰীচিকা
                         ছঁয়াময়া ছবি সপোনৰ,
             জীৱনৰ অৱশেষ বিফলতা হা-হুতাহ
                         জোখ-মাখ আপোন-পৰৰ।
              কোন মহাশূণ্য ভেদি আহিছিলো অকলই
                        তাকে বহি ভাবোঁ মনে মনে,
               বিশাল বিশ্বত আহি পাতিছো কিহৰ খেল
                        কিনো পালে মানুহ জীৱনে।"

   সত্যেন্দ্ৰনাথ শৰ্মা দেৱে 'অসমীয়া সাহিত্যৰ ইতিবৃত্ত' গ্ৰন্থত নলিনীবালা দেৱীৰ কবিতাৰ সম্পৰ্কে কৈছে - "আধ্যাত্মিক বেদনাৰ কাৰুণ্যই নলিনীবালা দেৱীৰ কবিতাক নিয়ৰত সিক্ত ফুলৰ দৰে স্নিগ্ধ আৰু ৰমনীয় কৰি তোলিছে। ভাৰতীয় দৰ্শনৰ বেদান্তৰ জন্মান্তৰবাদ, কৰ্মফলবাদ, আৰু ভক্তিবাদে নলিনীবালা দেৱীৰ কবিতাক অধিক ভাৱপুষ্ট কৰিছে।" 
   এই গৰাকী মহান কবি ১৯৭৭ চনৰ ২৪ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰি স্বৰ্গগামী হয়। তেখেতৰ অমূল্য সৃষ্টিৰাজিয়ে মানুহৰ মাজত, সমাজত তেখেতক সদায়ে জীয়াই ৰাখিব।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
     লেখক - দুদুল সোণোৱাল।
     শিক্ষক, হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।





🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒
   

     

                          
        

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts