Monday, July 24, 2023

অসমৰ বানপানী আৰু কিছু ইতিবাচক চিন্তা। Assam Floods and some positive thoughts.

অসমৰ বানপানী আৰু কিছু ইতিবাচক চিন্তা। Flood of Assam and some thoughts about it.

💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

                 বানপানীৰ মৰ্মান্তিক দৃশ্য !
 
🚀 অসম বানপানী প্ৰৱণ এলেকা। যাক আমি সকলোৱে জানো। জন্মলগ্নৰে পৰা আমি দেখি আহিছোঁ যে ক'ৰবাত মথাউৰি ভগাৰ ফলত বানপানী হৈছে, ক'ৰবাত নদী বান্ধে এৰা পানীৰ ফলত বানপানী, ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী প্ৰৱেশৰফলত বানপানী হৈছে, অতিপাত বৰষুণৰ ফলত বানপানী হৈছে আদি। অৰ্থাৎ অসমৰ জ্বলন্ত সমস্যা হ'ল বানপানী। বাৰিষাকাল অৰ্থাৎ আহাৰ মাহৰ পৰাই অসমত বানপানী হোৱা দেখা যায়।

     বানপানী হোৱাৰ মূলতঃ কাৰণ - ১) নদ-নদীৰ গভীৰতা হ্ৰাস,২) প্ৰৱল ভাৱে হোৱা মৌচুমী বৰষুণ, ৩/ নদীৰ দাঁতি কাষৰ বনধ্বংস, ৪) ব্ৰহ্মপুত্ৰ নদীৰ উপচি পৰা পানী বা ব্ৰক্ষ্মপুত্ৰ নদীৰ ধাৰণক্ষমতাৰ হ্ৰাস।


     নদীৰ বিস্তৃত প্ৰণালীৰ বাবে, অসম বান পানী আৰু খহনীয়াৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সংবেদনশীল, যি ৰাজ্যখনৰ সামগ্ৰিক প্ৰগতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। অসমত বানপানীৰ প্ৰাথমিক কাৰণ হৈছে ৰাজ্যখনত প্ৰতি বছৰে হোৱা প্ৰচুৰ মৌচুমী বৰষুণ। ওপৰত উল্লেখ কৰা অনুসৰি আমি কাৰণ চালি জাৰি চাব বিচাৰিছো।
    ১) নদ-নদীৰ গভীৰতা হ্ৰাস: অসমৰ মানচিত্ৰত নদ-নদীৰ পৰিমাণ বহু বেছি। ব্ৰহ্মপুত্ৰৰ লগত উত্তৰৰ পৰা ৫৭খন আৰু দক্ষিণৰ পৰা ৩৩খন সৰু-বৰ উপনৈ যোগ হৈ মুঠ ৯০খন নদী অসমত আছে। বাৰিষাকালত হোৱা প্ৰৱল বৰষুণৰ ফলত এই নদ-নদী পানীৰে উপচি পৰে আৰু পানীবোৰ যেনি-তেনি সিঁচৰিত হৈ বিস্তৃত অঞ্চল বোৰাই পেলায়। যাক আমি বানপানী হোৱা বুলি কও। ইয়াৰ মূলতে হ'ল নদীৰ গভীৰতা হ্ৰাস। বিভিন্ন কাৰণত নদী সমুহৰ গভীৰতা হ্ৰাস পাবলৈ ধৰিছে। মানুহৰ কু-কৰ্মই নদীৰ গভীৰতা হ্ৰাসৰ ক্ষেত্ৰত মুখ্য অৰিহণা যোগাইছে। বিভিন্ন কলকাৰখানাৰ পৰা নিৰ্গত তৈল জাতীয় পদাৰ্থ, সহজে নপচা প্লাষ্টিক, ঘৰ সাজোতে ব্যৱহাৰ্য পেলনীয়া সামগ্ৰী, নদীৰ পাৰত থকা গছ-গছনি কটাৰ ফলত সৃষ্টি হোৱা পাৰ্শ্ব ক্ৰিয়াই নদীৰ গভীৰতা হ্ৰাসত প্ৰভাৱ পেলায়ছে। কিন্তু কেনেকৈ ? পেলনীয়া পদাৰ্থ সমূহ নদীত পেলোৱা লগে লগে এইবোৰ নদীৰ তলিত জমা হৈছে। জমা হোৱা পদাৰ্থবোৰত পলস পৰি এটা এটা টিলাত পৰিণত হৈছে যাৰ বাবে পানীয়ে ইয়াৰ মাজেৰে পাৰ হ'ব নোৱাৰি আন ফালে গতি লৈছে। এনেদৰে পানী তলৰ মাটিৰ লগত অপচনশীল পদাৰ্থ লগলাগি পানীৰ গভীৰতা হ্ৰাসত প্ৰভাৱ পেলায়। আমি সকলোৱে স্ব-চক্ষুৰে দেখি আহিছোঁ যে নদীত প্লাষ্টিকৰ জোতা,চেণ্ডেল, বেগ, পলিথিন আদি ওপঙি যায়। এইবোৰ কোনো গছৰ মুঢ়া বা নদীত গজা সৰু গছত লাগি ধৰি পানীক বাধাৰ সৃষ্টি কৰে। এনেকৈ বাঢ়ি গৈ ডাঙৰ বাধালৈ পৰিণত হয়। এই বাধাত সাৰপানী জগাই পলসে বা বালীয়ে। পানীত উটি অহা বালি বা পলস এনে জেং বিলাকত লাগি বালি চাপৰিৰ সৃষ্টি হোৱাত অৱদান আগবঢ়াই। সেয়ে পানীত কোনো পৰিস্থিতিতে অপচনশীল পদাৰ্থ পেলোৱা অনুচিত। দৰাচলতে নদীৰ গভীৰতা হ্ৰাস পোৱা আন কাৰণ হৈছে গৰাখহনীয়া ৰোধৰ বাবে কৰা অপচেষ্টা। গঢ়াখহনীয়া ৰোধৰ নিমিত্তে বহু আগৰ পৰাই চৰকাৰে পাৰ্কিউপাইন পদ্ধতি অৱলম্বন কৰি আহিছে। এই পদ্ধতিত পকা খোটা তিনিটাকৈ একেলগ কৰি খহনীয়া ৰোধৰ বাবে দিয়া হয়। অৰ্থাৎ পানীৰ সোঁত সলাবলৈ এই ব্যৱস্থা কৰা হয় যদিও পদ্ধতিটো যে সুচল নহয় তাক ইতিমধ্যে প্ৰমাণ পোৱা গৈছে। এনেধৰণে ব্যৱহাৰ কৰা খুটাবোৰেও পানীৰ মাজত পলস আৰু বালিক অৱৰোধ কৰি বালি চাপৰিৰ সৃষ্টিত অৰিহণা যোগাইছে। এনেবোৰ কাৰণতে নদীৰ গভীৰতা নিতৌ হ্ৰাস পাবলৈ ধৰিছে।

২) প্ৰৱল ভাৱে হোৱা মৌচুমী বৰষুণ : ৰাজ্যত প্ৰৱল ভাৱে হোৱা মৌচুমী বৰষুণৰ ফলত খাল-বিল, নদ-নদী আদি পানীৰে উপচি পৰে। প্ৰায় জেঠ মাহ সোমোৱাৰ লগে লগে মৌচুমী বায়ু অসমত প্ৰৱেশ ঘটে আৰু নেৰানেপেৰা বৰষুণ হ'ব ধৰে। প্ৰচুৰ বৰষুণ দিয়াৰ ফলত পথাৰ, খাল-বিল, নদ-নদী আদি পানীৰে পৰিপূৰ্ণ হয় বিস্তৃত অঞ্চল বোৰাই পেলায়। গ্ৰামাঞ্চলত থকা নলা-নৰ্দমা, পুখুৰী আদিও তথৈবচ অৱস্থাৰ সৃষ্টি হয়। একেসময়তে ব্ৰক্ষ্মপুত্ৰৰ বুকুত উফন্দি উঠা পানীয়ে অন্য ৰূপ লয় আৰু দাঁতি-কাষৰীয়া অঞ্চল পানীৰে বোৱাই পেলায়। একেৰাহে হোৱা বৰষুণে এই পানীক আন আন ঠাইলৈ বোৱাই নিয়াত সহায় কৰে। সেয়ে মৌচুমী বৰষুণেও অসমৰ বানপানীত সহায় কৰা বুলি কোৱা হয়। অৰ্থাৎ এয়াই হৈছে প্ৰাকৃতিক দুৰ্যোগ।
    
৩/ নদীৰ দাঁতি কাষৰ বনধ্বংস : গছ-গছনিৰ শিপাই মাটি খামোচ মাৰি ধৰি ৰখাত সহায় কৰে। বিশেষকৈ নদ-নদীৰ দাঁতিত বিভিন্ন গছ-গছনি থকা উচিত। উদ্ভিদৰ অবিহনে নদীৰ পাৰ কোমল হৈ পৰে আৰু পানী বঢ়া মাত্ৰকে নদীৰ পাৰ খহিবলৈ ধৰে। আকৌ পানী কমি যোৱাৰ লগে লগেও পাৰৰ মাটি খহি নদীত পৰে। ইয়ে নদীৰ গভীৰতা হ্ৰাসত প্ৰভাৱ পেলায়। কিন্তু যদি বিভিন্ন গছ-গছনি আৰু উদ্ভিদে পাৰটো পৰিপূৰ্ণ হৈ থাকে, তেতিয়া পাৰৰ মাটি তাৰ শিপাই টানকৈ ধৰি ৰাখে যাৰ বাবে মাটিবোৰ সহজতে খহি নাযায়। এনে দৃশ্য যিকোনো নদীৰ পাৰত গ'লে নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিব। তদুপৰি নদীৰ বাঢ়ি অহা পানীবোৰ সহজে বিস্তৃৰ্ণ এলেকাত প্ৰৱেশ নকৰিবলৈ গছ-গছনিৰ প্ৰয়োজন। নদীখনৰ উফন্দি উঠা পানী সহজে বা দ্ৰুত বেগত বৈ যোৱাত গছ-গছনিয়ে বাধা প্ৰদান কৰিব পাৰে। অৰ্থাৎ বানপানী নহ'বৰ বাবে গছ-গছনিয়ে প্ৰত্যক্ষভাৱে সহায় কৰে। সেয়ে নদীৰ পাৰৰ গছ-গছনি‌ কটা অনুচিত। সুবিধা অনুসৰি গছ-গছনি ৰোপন কৰাটো অতি প্ৰয়োজন।
   
৪) ব্ৰহ্মপুত্ৰ নদীৰ উপচি পৰা পানী বা ব্ৰক্ষ্মপুত্ৰ নদীৰ ধাৰণক্ষমতাৰ হ্ৰাস : 
     অসমৰ আয়ুসৰেখা সদৃশ ব্ৰহ্মপুত্ৰ নদ অসমৰ মাজেৰে অৰ্থাৎ শদিয়াৰ পৰা ধুবুৰীলৈ বৈ গৈছে। নদীখনৰ ধাৰণক্ষমতা পূৰ্বে যিমান আছিল, আজিৰ দিনত ইয়াৰ পৰিমাণ বহু পৰিমাণে যে হ্ৰাস পাইছে এয়া নকলেও সকলোৱে জানে। পূৰ্বতে অসমৰ জনসংখ্যাৰ পৰিমাণ কম আছিল আৰু সেয়ে বিস্তৃৰ্ণ এলেকাত মানুহৰ ঘৰ-বাৰী নাছিল। সৰহসংখ্যক ঠাই বা মাটি হাবিৰে পৰিপূৰ্ণ আছিল আৰু খাল-বিলৰ সংখ্যাও বেছি আছিল। অতিপাত বৰষুণৰ ফলত হোৱা পানী খাল-বিল সমূহে ধৰি ৰাখিবলৈ সক্ষম হৈছিল। যাৰ বাবে বানপানীৰ পৰিমাণো কম আছিল। কিন্তু বৰ্তমান সময়ত তেনে খালী ঠাই সমূহ, ডাঙৰ ডাঙৰ খাল-বিলসমূহ মাটিৰে পুতি অট্টালিকা নতুবা আবাসগৃহ সজা হ'ল। আকৌ কৰবাত মানুহৰ প্ৰয়োজনাৰ্থে পাৰ্ক ,খেলৰ বাবে ষ্টেডিয়াম আদি দ খাৱৈ পুতি বনাবলৈ ধৰিলে। অসমৰ সকলো ঠাইতে আগৰ খালী ঠাই এতিয়া নাই। চুকে কোনে অনিয়ন্ত্ৰিত ভাৱে নিয়মবৰ্হিভূতভাৱে ঘৰ সাজি সমভূমিত পৰিণত কৰিলে। বৰ্ধিত জনসংখ্যাই ইয়াৰ ঘাই কাল। ফলস্বৰূপে নদীৰ পানী নতুবা অলপ বৰষুণতে আমাৰ চৌপাশ পানীৰে ভৰি পৰা হ'ল। সেয়ে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী প্ৰৱেশৰ মাত্ৰকে আগৰে পৰা জমা হৈ থকা পানীৰ সৈতে মিলি বৃহৎ বানপানীৰ আকাৰ পৰিগ্ৰহ কৰে। 
     আনহাতে ব্ৰক্ষ্মপুত্ৰ মাজভাগত বালি আৰু পলসৰ আঘাতত ডাঙৰ ডাঙৰ বালি চাপৰি নিতৌ গঢ় ল'ব ধৰিছে। ইয়াৰ ফলত নদীয়ে সুঁতি সলাবলৈ ধৰিছে। ফলস্বৰূপে ব্ৰহ্মপুত্ৰ নদীৰ আকাৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত আপুনি অনায়াসে ঘৰ সাজি বাস কৰিব পাৰে। আনকি বহু লোকে মহৰ খুটি আৰু গৰুৰ খুটি পাতি এনে আবাদী চৰ অঞ্চলত বাস কৰি আহিছে। গতিকে ব্ৰহ্মপুত্ৰই যে ধাৰণ ক্ষমতা হেৰুৱাইছে সেই কথা ইয়াৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি। উদাহৰণস্বৰূপে শদিয়াৰ পাৰঘাটৰ পৰা ছৈখোৱা পাৰঘাটৰ দূৰত্ব পৰিমাপণ কৰিলে ইয়াৰ উত্তৰ পাব পাৰিম। নব্বৈ দশকৰ আগতে ইয়াৰ দৈৰ্ঘ্য প্ৰায় তিনি কিলোমিটাৰ মান ( বয়োজ্যেষ্ঠজনৰ মুখেৰে শুনা কথা) আছিল, কিন্তু সাম্প্ৰতিক ইয়াৰ দৈৰ্ঘ্য ইয়াৰ তিনি গুণ হ'ব। ইতিহাসৰ মতে ইয়াৰ গভীৰতাও বহু বেছি আছিল। বৰ ভূমিকম্পৰ আগতে বহু ঠেক আছিল বুলি জনা যায়। বৰ্তমান গৰাখহনীয়াৰ কৱলত পৰি ব্ৰহ্মপুত্ৰৰ আগৰ ৰূপ সলনি হ'ল। আকাৰ হ'ল বহল কিন্তু মাজৰ ঠাইখণ্ড পৰিণত হ'ল চাপৰিলৈ। অৱশ্যে শদিয়াৰ ব্ৰহ্মপুত্ৰৰ আকাৰ বহল হোৱাৰ আন এটা কাৰণ হৈছে ব্ৰহ্মপুত্ৰৰ কেইবাখনো উপনৈৰ ই সংগম স্থল । পাগলাদিয়া, দিহিং আদি উপনৈ সমূহ লগ লাগিছে। তথাপিও আমি একেআষাৰে ক'ব পাৰোঁ যে ব্ৰহ্মপুত্ৰৰ গভীৰতা বহু পৰিমাণে হ্ৰাস পাইছে। 
   
সামৰণি : 
    ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত বাৰিষা ঋতুত যথেষ্ট পৰিমাণৰ পানী থাকে। নদীখনৰ ইয়াৰ পাৰবোৰ উপচি পৰে, যাৰ ফলত ৰাজ্যখনত ব্যাপক বানপানী হয়। বনধ্বংসই মাটি খহনীয়াৰ সম্ভাৱনা বৃদ্ধি কৰে, আৰু বান্ধ আৰু জলাশয় সৃষ্টিত প্ৰভাৱ পেলায়, যি নদীৰ প্ৰবাহ সলনি কৰিব পাৰে। বানপানীয়ে মানৱ জীৱন আৰু পৰিৱেশ দুয়োটাকে প্ৰভাৱিত কৰে, যাৰ ফলত ৰাজ্যখনৰ অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি কৰে। 
     অসমৰ জ্বলন্ত সমস্যাটো সমাধানাৰ্থে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ব্যৱস্থা গ্ৰহণৰ কথা আছিল। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে পথ নিৰ্মাণ আৰু ব্ৰহ্মপুত্ৰৰ খনন এই দুটা সিদ্ধান্ত সোণোৱাল চৰকাৰে যদি কাৰ্যকৰী কৰিল হেঁতেন তেন্তে আজিৰ দিনত সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা অক্ষত অৱস্থাত থাকিল হেঁতেন। কিন্তু দুৰ্ভাগ্য , সেইটো কাৰ্যকৰী নহ'ল ফলত সমস্যাটো সমস্যাভাগে জীয়াই থাকিল। আৰু কোনো এখন চৰকাৰে যে এই সিদ্ধান্ত নলয় সেয়া ধ্ৰুৱসত্য। কাৰণ ই অতি ব্যয়বহুল কাম। কিন্তু মোৰ মতে ইয়াক দীৰ্ঘম্যাদী পৰিকল্পনাৰে সমাধান কৰিব পৰা যাব। 
  সমস্যাটো সমাধানাৰ্থে কেইটামান ল'ব পৰা দিশ:
     ক) ব্ৰহ্মপুত্ৰ খনন কৰা আৰু দুয়োপাৰে মথাউৰি নিৰ্মাণ কৰা।
     খ) মথাউৰিৰ পাৰ (পানীৰ দিশত) অতি কমেও ত্ৰিশ ফুট তললৈ বৈজ্ঞানিক পদ্ধতিৰে পকীকৰণৰ ব্যৱস্থা কৰা। 
     গ) অসমৰ মূল উপনৈ সমূহ খনন কৰা আৰু পাৰত বৃক্ষৰোপণ কাৰ্যসূচী অব্যাহত ৰখা।
     ঘ) বৃক্ষৰোপণৰ বাবে অসমৰ প্ৰতিখন গাঁওৰ মানুহে বিশেষ দিন এটা নিৰ্বাচন কৰি সেই অনুসৰি বৃক্ষৰোপণৰ কাৰ্যসূচী গুৰুত্ব সহকাৰে লোৱা উচিত।
     ঙ) গছ নিধন যজ্ঞ বন্ধ কৰাত ৰাইজে সচেতনতা অৱলম্বন কৰিব লাগে।
     চ) প্ৰতিজন লোককেই ঘৰ সাজোতে পানী উলাই যাবলৈ অতি কমেও তিনি মিটাৰ প্ৰস্থৰ নলা খন্দাটো বাধ্যতামূলক কৰিব লাগে। আকৌ মূল নলাৰ সৈতে সংযোগৰ ব্যৱস্থাও কৰোৱাব লাগে।

    অসমৰ বানপানী সমস্যা এক জটিল সমস্যা। ইয়াক ইমান সহজে সমাধান কৰাটো সম্ভৱ নহয়। অসমত আদি কালৰে পৰা বানপানী আছে আৰু থাকিব। কিন্তু ইয়াৰ পৰিমাণ নিশ্চয় হ্ৰাস কৰিব পৰা যাব। 



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

   

 
     চন্দ্ৰযান -৩ ৰ অভিযান, চাওক।
  











No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts