ড্ৰাগছ, ইয়াৰ ভয়াৱহতা আৰু প্ৰতিকাৰ। Drugs, it's horrors and Remedies.
সূচীপত্ৰত:
১/ ড্ৰাগছ কি?
২/ ইয়াৰ ভয়াৱহতা কেনেধৰণৰ?
৩/প্ৰতিকাৰৰ ব্যৱস্থা আৰু সজাগতা বৃদ্ধি ?
৪/উপসংহাৰ
১/ ড্ৰাগছ কি ?
ড্ৰাগছ হ'ল এবিধ অতি মাৰাত্মক নিচাজাতীয় দ্ৰব্য। যি দ্ৰব্য সেৱন কৰিলে বা কোনো ব্যক্তিৰ শৰীৰত প্ৰৱেশ ঘটিলে শৰীৰত বিভিন্ন পৰিৱৰ্তন আহি পৰে। এইখিনিতে মনতৰাখিব লগীয়া কথা যে, আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সকলো ঔষধকে ড্ৰাগছ বুলিয়ে কোৱা হয়। কিন্তু এইবোৰ নিচাজাতীয় দ্ৰব্য নহয়। ঔষধ হিচাপে ব্যৱহৃত ড্ৰাগছ হ'ল উপকাৰী বা ব্যক্তিৰ হিতৰ নিমিত্তে ব্যৱহাৰ কৰা কিছুমান ঔষধ। কিন্তু দ্ৰব্যবিধ যেতিয়া মাৰাত্মক নিচাজাতীয় হয় তেতিয়া তাক ড্ৰাগছ বুলি অভিহিত কৰা হয়। সাম্প্ৰতিক সময়ত ড্ৰাগছ এবিধ সামাজিক ব্যাধি ৰূপে পৰিগণিত হৈছে। যি ব্যক্তিয়ে এবাৰ ড্ৰাগছ সেৱন কৰে,সি সহজে এৰা অসম্ভৱ হৈ পৰে।
ড্ৰাগছ হ'ল এবিধ নিচাজাতীয় দ্ৰব্য। বিশেষকৈ সুৰা, ধপাঁত, ক'কেইন, ভাং, হিৰ'ইন,কেফেইন,কানি, আফিং আদি মাৰাত্মক নিচাজাতীয় দ্ৰব্যৰ উদাহৰণ। এইবিলাকক নাৰ্কটিক ড্ৰাগছ বুলিও কোৱা হয়। নাৰ্কটিক শব্দৰ অৰ্থ হৈছে চেতনাহীন অৱস্থা । ই গ্ৰীক শব্দ নাৰ্কেৰ পৰা উৎপত্তি।
ড্ৰাগছ সেৱনে ব্যক্তি এজক তিনি ধৰণে প্ৰভাৱান্বিত কৰে। ক) উত্তেজক হিচাপে মগজুৰ ক্ৰিয়া ত্বৰান্বিত কৰি তোলে। খ) বিষাদগ্ৰস্ততা বৃদ্ধিত অৰিহণা যোগায়। গ) মগজুক ভ্ৰমাত্মক দিশলৈ ঠেলি পঠায়।
অৰ্থাৎ ব্যক্তি এজনে ড্ৰাগছ সেৱন কৰা মাত্ৰকে মগজুত উত্তেজনা বৃদ্ধি পায়। এই উত্তেজনা বৃদ্ধিৰ পিছত পুনৰ ড্ৰাগছ সেৱন কৰিবলৈ মন যায়। ফলত ইয়াৰ ধাৰাবাহিকতা বৃদ্ধি পায়।
কিছুদিন ড্ৰাগছ সেৱন কৰা পিছত লাহে লাহে মগজুৰ বিকল হৈ আহে। মগজুৱে সঠিক মতে কাম নকৰা হ'ব ধৰে। কথাবোৰ পাহৰি যায়। নতুন কথা চিন্তা কৰিবলৈ অসক্ষম হৈ পৰে।
আকৌ মাহ বছৰ চেৰেক অতিক্ৰম কৰা পিছত মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। মগজুৱে একেবাৰে কাম নকৰা অৱস্থাৰ সৃষ্টি হয়। এই পৰ্যায়ত সঠিক মতে ডাক্তৰৰ পৰামৰ্শ নললে মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।
তদুপৰি বেজিৰে ড্ৰাগ্ছ লোৱাৰ বাবে এইড্ৰ লগতে বিভিন্ন ৰোগৰ বীজাণু দেহত সংক্রমণ ঘটে। বিশেষকৈ দুৰ্বলতা, পেটৰ বিষ, ক্ষয় ৰোগ, হেপাটাইটিছ, শৰীৰৰ কঁপনি, অস্বাভাৱিক ৰক্তচাপ, যকৃতৰ বিভিন্ন ৰোগ, দৃষ্টিহীনতা, নিদ্রাহীনতা, আভোক আদি বিভিন্ন ৰোগৰ কাৰকে দেহত ঠাই লয়। আনকি কেন্সাৰ ৰোগৰ কাৰকেও কেতিয়াবা ড্ৰাগ্ছ সেৱনকাৰীৰ দেহত দেখা দিব পাৰে। গতিকে ড্ৰাগছ এবিধ অতি মাৰাত্মক নিচাজাতীয় দ্ৰব্য।
২/ ইয়াৰ ভয়াৱহতা কেনেধৰণৰ?
সাম্প্ৰতিক সময়ত নিচাজাতীয় ড্ৰাগছ অতি ভয়াৱহ সামাজিক ব্যাধি ৰূপে পৰিগণিত হৈছে। সমগ্ৰ বিশ্বজুৰি ড্ৰাগছৰ ভয়াৱহতাই চানি ধৰিছে। এছিয়া মহাদেশৰ পাকিস্তান , চীন,ভাৰত আদি বিভিন্ন দেশবোৰৰ নাগৰিক সকল ড্ৰাগছৰ আসক্তিত নিমজ্জিত হ'ব ধৰিছে। বিশেষকৈ দেশৰ যুৱচাম ড্ৰাগছৰ কৱলত সহজে পৰা পৰিলক্ষিত হয়। এই বৰবিহ ড্ৰাগছ ভাৰতৰ বিভিন্ন ঠাইত ইতিমধ্যে বিয়পি পৰিছে। ভাৰতবৰ্ষলৈ অবৈধভাৱে পাকিস্তান, বার্মা, থাইলেণ্ড, আফগানিস্তান, হংকং আৰু বহুতো লেটিন আমেৰিকান দেশৰ পৰা চোৰাং সৰবৰাহ ঘটে বুলি জনা যায়। অসমতো এই সৰবাহে প্ৰৱলভাৱে আঘাত কৰিব ধৰিছে। অসমৰ চুকে কোণে এতিয়া ড্ৰাগছৰ ভয়াৱহতাই ছানি ধৰিছে। গাওঁ চহৰ সকলোতে ড্ৰাগছৰ কেৱল ড্ৰাগছৰ বাবেই বহু ঘটনা ঘটিব লাগিছে। বাতৰি কাকত, দূৰদৰ্শন, বিভিন্ন সামাজিক মাধ্যমত অহৰহ কেৱল ড্ৰাগছৰ ভয়াৱহতাৰ বাতৰিয়ে পোৱা যায়। কোনোবাই খাইছে আন কোনোবাই ব্যৱসায়ত নামিছে। লাখ টকা, কোটি টকাৰ ড্ৰাগছ পুলিচে জব্দ কৰি জ্বলাই দিছে। ড্ৰাগছ ব্যৱসায়ীক পুলিছে থানাত নিক্ষেপ কৰিছে। অথচ ড্ৰাগছ ব্যৱসায়ী সকলে অত্যধিক টকাৰ লোভত ৰমৰমীয়া ব্যৱসায় চলায়ে আছে। যাৰ ফলত সৃষ্টি হৈছে সমাজত অশান্তি । ড্ৰাগছ সেৱনৰ ফলত অকালতে হেৰুৱাব লগীয়া হৈছে বহু সম্ভাৱনাময় জীৱন পৰ্যন্ত । সৌসিদিনা নগাঁওত ঘটি যোৱা জোনমণি ৰাভাৰ হত্যাকাণ্ডও ড্ৰাগছৰে সম্পৰ্কিত এটা অপেন ছিক্ৰেট হত্যাকাণ্ড ।
দেখা যায় যে ড্ৰাগ্ছ ব্যৱসায়ীৰ প্ৰৰোচনাত পৰি সাধাৰণতে অধিক টকা থকা পিতৃ-মাতৃৰ সন্তানসকলেই প্ৰথমে ড্রাগ্ছ সেৱন আৰু ড্ৰাগছ ব্যৱসায়ৰ ক্ষেত্ৰত আগভাগ লৈছে, লগতে কিছুমান নিৰপৰাধী তথা দৰিদ্ৰ যুৱচামক লোভ দেখুৱাই ড্ৰাগ্ছ সেৱন আৰু বিক্ৰীৰ বাবে বাধ্য কৰাইছে। ড্ৰাগছ সেৱনৰ ফলাফল অতি ভয়ানক। এবাৰ সেৱন কৰা লোকে পুনৰ সহজে এৰা সম্ভৱ নহয়। এবাৰ ড্ৰাগছ সেৱন কৰা ব্যক্তিৰ লাহে লাহে আসক্তি বাঢ়ি যায় আৰু নোখোৱাকৈ থাকিব নোৱাৰা হয়। ব্যক্তিজনৰ হাতত টকা নাথাকিলে ঘৰৰ পিতৃ-মাতৃ, ভাই-ককাই, বাই-ভনী কাকো নিচিনা হয়। দাবী হুমকি দি টকা নিবলৈ কুণ্ঠাবোধ নকৰে। ফলত ঘৰখনত অশান্তিৰ সৃষ্টি হয়। আৰু এই অশান্তি ক্ৰমান্বয়ে বিয়পি পৰে সমাজৰ মাজলৈ।
অত্যধিক ড্ৰাগছ সেৱনৰ ফলত ব্যক্তিৰ মগজুৰ বিকল আৰু স্বাস্থ্যৰ অৱনতি ঘটিব ধৰে। যাৰ ফলত ব্যক্তিজনৰ কম বয়সতে মৃত্যু অনিবাৰ্য হৈ উঠে। সেয়েহে এনে নিচাজাতীয় দ্ৰব্য সেৱন কৰা অনুচিত আৰু আনকো এনে দুষ্কাৰ্যৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া উচিত।
ড্ৰাগছ গ্ৰহণকাৰীয়ে সাধাৰণতে বেজিৰ ছিৰিঞ্জৰ দ্বাৰা দেহৰ ৰক্ত সিৰাত, ধূম্ৰপান নাইবা গিলি খোৱা আদি বিভিন্ন পদ্ধতিৰে গ্ৰহণ কৰে। আমাৰ দেশত ড্ৰাগ্ছৰ আদান-প্রদান হয় সাধাৰণতে পৰিত্যক্ত ঘৰ, নিৰ্জন ঠাই, হোটেল, পার্ক আদিত। ড্রাগ্ছ যিহেতু ব্যয়বহুল নিচাযুক্ত দ্রব্য, এই দ্ৰব্য দুখীয়া শ্ৰেণীৰ বাবে সহজসাধ্য নহয়। সেয়ে ধনীক শ্ৰেণীটোৱে ইয়াৰ পয়োভৰ বৃদ্ধি কৰিছে বুলি ন দি ক'ব পাৰি। আমাৰ যুৱচামে অৰ্থাৎ নৱপ্ৰজন্ম ইয়াৰ কবলত অতি সোনকালে পৰে। অতি সহজ আৰু কম পৰিশ্ৰমত টকা পোৱাৰ মানসিকতা থকাৰ বাবে নিশ্চয় এনে বেয়া ব্যৱসায়ৰ প্ৰতি আমাৰ নৱপ্ৰজন্ম আকৰ্ষিত হয় বুলি ক'ব পাৰি।
৩/প্ৰতিকাৰৰ ব্যৱস্থা আৰু সজাগতা বৃদ্ধি ?
সাম্প্ৰতিক সময়ত ড্ৰাগছ আসক্তি সমাজৰ এক ভয়াৱহ ব্যাধি। ড্ৰাগছ আসক্তিৰ ফলত কেৱল ব্যক্তিগত জীৱনে ধ্বংস হোৱা নাই। ইয়াৰ লগতে দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক, আধ্যাত্মিক, সামাজিক আদি সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ইয়াৰ পৰিকাঠামোত বাৰুকৈয়ে আঘাত হানিছে। গতিকে এই ব্যাধিক নিৰ্মূল কৰিবলৈ আমি সকলোৱে উঠিপৰি লগাৰ সময় সমাগত। আজিৰ যুৱশক্তি কালিলৈ দেশৰ ধৰণী। গতিকে যুৱশক্তিৰ ওপৰতে ইয়াৰ প্ৰতিৰোধৰ প্ৰাথমিক উপায় বিদ্যমান। ছাত্ৰ সমাজ আৰু যুৱ সমাজৰ সৎকর্মই, সৎচিন্তাই দেশৰ এই ধ্বংসকাৰী ব্যাধি নাশ কৰাত সহায় কৰিব। তেওঁলোকে সৎ চিন্তাত নিজকে প্রবৃত্ত কৰাব লাগিব । দ্বিতীয়তে, পিতৃ-মাতৃ, সমাজৰ অগ্ৰণী লোক, শিক্ষক তথা চৰকাৰখনৰ গুৰুদায়িত্ব আছে । নিজ সন্তানৰ প্ৰতি পিতৃ-মাতৃ সচেষ্ট হ'ব লাগিব। সন্তানে ক'ত কি কৰে, ক'ত কি খায়, কলৈ যায় আদিৰ ক্ষেত্ৰত সদায় লক্ষ্য ৰাখিব লাগে। ড্ৰাগছৰ ভয়াৱহতাৰ সম্পৰ্কে নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিব লাগে । যাতে তেওঁলোকে কেতিয়াও এনে ব্যাধিৰ সংস্পৰ্শলৈ নাহে। সমাজৰ অগ্ৰণী লোকসকলে সজাগতা সভা অনুষ্ঠিত কৰি, বাটৰ নাট প্ৰদৰ্শন কৰি ড্ৰাগছৰ ভয়াৱহতাৰ সম্পৰ্কে ৰাইজক বাৰ্তা প্ৰেৰণ কৰিব লাগিব। সাংবাদিক, বুদ্ধিজীৱী,লেখক সাহিত্যিক সকলে ড্ৰাগছৰ ভয়াৱহতাৰ সম্পৰ্কে অবিৰত গতিত সতৰ্কিত লেখা লিখি সজাগতা সৃষ্টি কৰিব পাৰে। একেদৰে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ চৌপাশৰ ছাত্ৰ-ছাত্ৰী সকলক সজাগ আৰু সচেতন কৰি তুলিবলৈ শিক্ষক সকলে বিভিন্ন পন্থা অৱলম্বন কৰিব লাগিব। বিদ্যালয়ৰ পৰ্যায়ত প্ৰাণ:সভাত ইয়াৰ কু-ফলৰ সম্পৰ্কে কোৱাৰ বাবে এটা শিতান সন্নিৱিষ্ট কৰা প্ৰয়োজন। একেদৰে মহাবিদ্যালয়ৰ পৰ্যায়ত ছাত্ৰ একতা সভা আৰু শিক্ষকৰ সহযোগত মাহেকীয়া বা পষেকীয়া ভিত্তিত সজাগতা সভা অনুষ্ঠিত কৰা উচিত। বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী সকলে বিশ্ববিদ্যালয়ৰ পৰ্যায়ত আৰু বিভিন্ন সামাজিক মাধ্যমত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়াস কৰা উচিত।
প্ৰতিজন সচেতন নাগৰিকে যদি কুফল বা ভয়াৱহতাৰ সম্পৰ্কে জ্ঞাত হয়, ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ পণ লয়,তেন্তে সমাজৰ এই ব্যাধি নিজে নিজে আঁতৰিব সেয়া নিশ্চিত।
৪/ উপসংহাৰ
পুলিচে ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমতো ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। ঠায়ে ঠায়ে ড্ৰাগছ ব্যৱসায়ী ধৰা খাইছে। বহু কুখ্যাত ড্ৰাগছ মাফিয়াৰ কোটি টকাৰ ড্ৰাগছ ধৰি নষ্ট কৰা হৈছে। অথচ নিৰ্মূল হোৱা নাই ড্ৰাগছ মাফিয়াৰ কু-চক্ৰ। কমক চাৰি ইয়াৰ প্ৰকোপ ন ন ঠাইত বৃদ্ধিহে পাইছে।
চহৰৰ পৰা গ্ৰাম্য অঞ্চললৈ ড্ৰাগছৰ বেহা বিয়পি পৰিছে। সম্ভাৱনাময় যুৱক সকল তথা দৰিদ্ৰ শ্ৰেণীৰ লোক সকল ইয়াৰ কৱলত পৰি ধ্বংস হৈছে। প্ৰায় প্ৰতিদিনেই Public app ত কাকপথাৰৰ বিভিন্ন অঞ্চলত, তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত পুলিচে ড্ৰাগছ ব্যৱসায়ী আতক কৰা সম্পৰ্কে বাতৰি পাই থাকোঁ । অসমৰ বিশেষকৈ নগাঁও, গুৱাহাটী আদিয়েই হৈছে প্ৰধান ড্ৰাগছৰ ঘাটি। গতিকে এনে ঠাইত পুলিচে অধিক কটকটীয়া পহৰাৰ ব্যৱস্থা কৰা উচিত। ৰেলৱে পুলিচ সকলেও তৎপৰতা প্ৰদৰ্শন কৰিছে যদিও আজিলৈ ড্ৰাগছৰ বেহা নিৰ্মূল হোৱা নাই। এয়া সমাজৰ বাবে নিশ্চয় নেতিবাচক খবৰ। ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি আমি সকলোৱে সৎ চিন্তা চৰ্চাৰে ড্ৰাগছ নিৰ্মূল অভিযানত অংশগ্ৰহণ কৰা উচিত।
🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
No comments:
Post a Comment
dudulsonowal32@gmail.com