📌 পাম তেল শৰীৰৰ বাবে উপযোগী হয় নে ? Is palm oil suitable for the body ?
জনবসতি সেৰেঙা অঞ্চল।
🌿 পাম তেল শৰীৰৰ বাবে উপকাৰতকৈ অপকাৰ বেছি + পাম তেলৰ ব্যৱহাৰৰ ফলশ্ৰুতি অত্যধিক মেদবহুলতা + শিশুৰ শৰীৰত মেদৰ পৰিমাণ বৃদ্ধি ঘটায় + গৰ্ভাৱস্থা সময়ত ইয়াৰ ব্যৱহাৰ বিপদজনক + শৰীৰত হৃদৰোগৰ সমস্যা আৰু ষ্ট্ৰোকৰ সমস্যা সৃষ্টিত অৰিহণা 🌿
১/ পাম তেল কি আৰু কেনেকৈ উৎপাদন কৰা হয় ?
পাম গছ বা তৈল খেজুৰৰ পৰা উৎপাদিত তেলেই হৈছে পাম তেল। অৰ্থাৎ তৈল পাম বা তৈল খেজুৰ খেজুৰী গছৰ সমজাতীয় আৰু ই পাইমাই গোত্ৰৰ অন্তৰ্ভুক্ত প্ৰজাতি। খেজুৰ গছৰ দুবিধ শ্ৰেণীৰ প্ৰধানকৈ এলেইছ গুইনীনচিছ (Elaeis guineensis ) আৰু ই.অলেইফেৰা (E.oleifera) শ্ৰেণীৰ প্ৰজাতিৰ খেতি কৰা পৰিলক্ষিত হয়। আকৌ টেনেৰা নামৰ হাইব্ৰিড পাম প্ৰজাতিক অধিক উৎপাদনক্ষম বুলি কোৱা হৈছে। পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে ইয়াৰ খেতি কৰা হয়।
এখন দেশৰ অৰ্থনৈতিক দিশ টনকিয়াল কৰাৰ ক্ষেত্ৰত পাম তেলৰ খেতি অতি আশাব্যঞ্জক। এজোপা পাম গছৰ পৰা প্ৰায় ৬০ ৰ পৰা ৭০ বছৰ পৰ্য্যন্ত আয় পাব পাৰি। ইয়াৰ অৰ্থ হৈছে ৭০ বছৰলৈ পাম গছ জোপাই উৎপাদন দি থাকিব সক্ষম বা জীয়াই থাকে। বিশেষকৈ এচিয়া মহাদেশৰ ব্ৰাজিল , দক্ষিণ-পূব এচিয়াৰ দেশসমূহত, আফ্ৰিকা , ইন্দোনেছিয়া, মালয়েছিয়া আৰু ইউৰোপ মহাদেশৰ দেশ সমূহে এই খেতি নিয়মীয়াকৈ কৰি আহিছে। সেয়ে এইসমূহ দেশৰ পৰা বিভিন্ন দেশে পাম তেল আমদানি কৰি সুগন্ধি দ্ৰব্যৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ভাৰতেও প্ৰায় ৫০% পাম তেল ইন্দোনেছিয়া আৰু মালয়েছিয়াৰ পৰা আমদানি কৰে।
দেশখনত তেল আৰু সুগন্ধিজাত দ্ৰব্যৰ চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে , তেলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে হয়তো ভাৰতৰ প্ৰায়ভাগ ৰাজ্যই তৈল পামৰ খেতি কৰিবলৈ সাজু হৈছে। পূৰ্বৰ প্ৰৱন্ধটোত http://anuragblogadress.blogspot.com/2023/08/is-aggression-of-capitalist-blessing-or.html এই সম্পৰ্কে কিছু আলোচনা আগবঢ়োৱা হৈছিল।
অসমেও এই সোঁতত আগবাঢ়ি ৰাজ্যৰ অৰ্থনৈতিক দিশ টনকিয়ালৰ লক্ষ্য আগত ৰাখি তৈল পামৰ খেতি কৰিবলৈ মন মেলিছে। অসমৰ প্ৰতিখন জিলাতে পাম তেলৰ খেতি কৰিবলৈ ইতিমধ্যে আঁচনি প্ৰস্তুত কৰিছে। বিশেষকৈ ছন পৰা মাটি, খাল বিলৰ মাটি, গড়াবাদী মাটি, নৈৰ দাঁতিৰ আবাদী অঞ্চল আদিবোৰত পাম খেতি কৰিবলৈ মাটি অধিগ্ৰহণ কৰিছে অসম চৰকাৰে। কিন্তু পাম তেলৰ সম্পৰ্কে থকা অপকাৰী দিশৰ বাবে আমাৰ সমাজৰে একাংশই ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। অৱশ্যে ইয়াৰ সৈতে ৰাজনৈতিক কাৰণো নথকা নহয়। তদুপৰি চৰকাৰৰ কিছুমান হঠকাৰী আঁচনিয়ে অসমৰ জনগণৰ মনত বিপদৰ আশংকা ইতিমধ্যে কঢ়িয়াই আনিছে। উদাহৰণস্বৰূপে বৃহৎ নদী বান্ধৰ কথাকে ক'ব পৰা যায়। সোৱণশিৰি নদী বান্ধ, নেপকোৰ নদী বান্ধ, নেপালৰ কুৰিশ্চু নদীৰ নদী বান্ধ আদিয়ে ৰাইজক যিদৰে জ্বলাকলা খুৱাইছে,ঠিক একেদৰে তৈল পামৰ খেতিয়েও যে এদিন আমাক জ্বলাকলা খুৱাব সেয়া নিশ্চিত বুলি ভাবি ৰাইজ প্ৰতিবাদমুখৰ হৈ উঠিছে। বিপদৰ, আশংকাৰ গোন্ধ পাইছে ৰাইজে। এই আশংকা চৰকাৰে দূৰ কৰিব অপাৰগ হ'লে গণ আন্দোলনৰ সন্মূখীন হোৱাৰ সম্ভাৱনাই অধিক। উল্লেখিত কাৰণতে হয়তো এনে আঁচনিবোৰৰ ওপৰত জনসাধাৰণৰ বিশ্বাসযোগ্যতা হেৰাব ধৰিছে।
ই যি কি নহওঁক, অসমৰ কৃষি বিজ্ঞানী সকলৰ মতেও তৈল পামৰ খেতি অতি লাভজনক আৰু ভৱিষ্যতৰ আশংকাহীন খেতি। তেওঁলোকৰ মতে পাম তেলৰ খেতিত পাম গছৰ পুলি ৯.০ মিটাৰ ব্যৱধানত ৰোৱা হয় বাবে আন খেতিৰ বাবেও সুবিধা থাকে। যেনে - আদা, হালধি, নেমু, জাহাজী কল, বিলাহী, বেঙেনা, জলকীয়া, বিভিন্ন ফুলৰ খেতি আদি কৰিব পৰা যায়। গতিকে এই দৃষ্টিকোণেৰে চালে পাম তেলৰ খেতি উপযোগী আৰু সম্ভাৱনাময়। কিন্তু অপকাৰী দিশবোৰলৈ দৃষ্টি দিলে এই খেতি কৰা সমীচিন নহ'ব। অসমৰ নিচিনা সেমেকা জলবায়ুৰ অঞ্চলত সকলোতকৈ বেছি ধান খেতিয়ে উত্তম খেতি হিচাপে বিবেচিত। অপকাৰী দিশ সমূহ বিশেষকৈ শৰীৰৰ বাবে অপকাৰী দিশ কি কি আছে তলত আলোচনা কৰা হৈছে।
উল্লেখ্য যে কাৰখানাত খাৰুৱা অপৰিশোধিত পাম তেলক ব্লিচিং, ডিঅ'ড্ৰাইজিং আৰু নিউট্ৰেলাইজিং কৰি ৰিফাইন পাম তেল তৈয়াৰ কৰা হয়।
২/ পাম তেলৰ পৰা কি কি প্ৰস্তুত কৰা হয় ?
মানুহৰ দৈনন্দিন জীৱনত বহুতো তৈলজাত সামগ্ৰীৰ প্ৰয়োজন হয়। তাৰ ভিতৰত বিভিন্ন সুগন্ধিজাত দ্ৰব্য ক্ৰীম, তেল, ছেম্পু, পূৰ্ব প্ৰস্তুতিত ভোজ্য সামগ্ৰী বা পেকেট খাদ্য বা শিশুৰবাবে পেকেট খাদ্য আদিয়ে প্ৰধান। উল্লেখিত সামগ্ৰী সমূহ পাম তেলৰ পৰা উৎপাদন কৰা হয়। তদুপৰি চকলেট, আইচক্ৰীম,টুথপেষ্ট আদিও পাম তেলৰ উৎপাদিত দ্ৰব্য। উল্লেখ্য যে বজাৰত উপলব্ধ বিভিন্ন পেকেটৰ খাদ্যত পাম তেল ব্যৱহাৰ কৰা হয়। মহিলা সকলৰ প্ৰিয় L'Oreal ৰ লিপিষ্টিক আৰু বিভিন্ন ক্ৰীমতো পাম তেলৰ উপাদান পাল্মিটিক এচিড (Palmitic Acid) ব্যৱহাৰ কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি চীন, ভাৰত, ইন্দোনেচিয়া, মালয়েছিয়া আৰু ইউৰোপৰ দেশসমূহেই পাম তেলৰ মুখ্য উপভোক্তা।
৩/ কোন শ্ৰেণীৰ মানুহৰ বাবে ইয়াৰ প্ৰয়োজন ?
সুগন্ধি দ্ৰব্য, টুথপেষ্ট,তেল আদি সকলো শ্ৰেণীৰ মানুহকে কম বেছি পৰিমানে প্ৰয়োজন হয়। সাম্প্ৰতিক সময়ত বিশ্বৰ দেশ সমূহত যিদৰে জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, তাৰ সমানুপাতে সুগন্ধি দ্ৰব্যৰো প্ৰয়োজন হৈ পৰিছে। বিভিন্ন ফুলৰ পৰা উৎপাদিত তেলে মানুহৰ এই প্ৰয়োজনীয়তা পূৰাবলৈ সক্ষম হোৱা নাই। তাৰ ওপৰত ভিত্তি কৰিয়েই আজি দেশ বিলাকে এই দিশত নতুনত্ব আনি অধিক লাভৱান হোৱাৰ মানসেৰে লগতে জনগণৰ আকাংক্ষিত চাহিদা পূৰণ কৰিবলৈ পাম তেলৰ খেতি কৰিবলৈ লৈছে। ভুল আমাৰে। কাৰণ আমি সুগন্ধি দ্ৰব্য, টুথপেষ্ট, শিশুৰ চকলেট, পেকেট খাদ্য আদিবোৰৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছো যে চৰকাৰে এই চাহিদা পূৰাবলৈ অন্য চিন্তা কৰিবলৈ একপ্ৰকাৰে বাধ্য হৈ পৰিছে।
৪/ পাম তেলৰ উপকাৰিতা আছেনে ?
তৈল খেজুৰৰ জৰিয়তে ফাৰ্ষ্টফুড তৈয়াৰী কৰা হয়। ই বহুতো ৰাসায়নিক উপাদানেৰে গঠিত এবিধ উদ্ভিদ। পাম গছৰ পৰা উৎপাদিত তেল এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ। তদুপৰি পাম তেলত ভিটামিন A আৰু ভিটামিন E নিহিত থাকে । ভিটামিন A নিহিত থকাৰ বাবে ই দৃষ্টি শক্তি বৃদ্ধিকাৰক। হাড় শক্তিশালী কৰাত সহায় কৰে। আমাৰ চুলি, ত্বক আৰু নখৰ অৱস্থা উন্নতি ঘটায়। আনকি ইয়াক বিভিন্ন ঔষধ হিচাপেও ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। মহিলাৰ ডিম্বাশয়, জৰায়ু বা স্তনৰ ৰোগৰ উপশমৰ ক্ষেত্ৰত ই ফলদায়ক ঔষধ।
আন গছতকৈ ১০ গুণ বেছি পৰিমাণে অক্সিজেন গেছ জীৱ জগতক প্ৰদান কৰাত পাম গছে সহায় কৰে। এজোপা পাম গছৰ পৰা অতি কমেও ৬০ ৰ পৰা ৭০ বছৰ পৰ্য্যন্ত আয় কৰিব পৰা যায়। অৱশ্যে প্ৰদূষণ মুক্ত পৰিৱেশ সৃষ্টি, অৰ্থনৈতিক মুক্তি, বেকাৰ জীৱন অৱসান আদিৰ ক্ষেত্ৰতো ই অৰিহণা আগবঢ়ায়।
তদুপৰি পামতেল এবিধ কলেষ্টৰেল মুক্ত ভোজ্য দ্ৰব্য, সেয়ে ইয়াৰ ব্যৱহাৰৰ ফলত দেহত কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস পায়। তাৰোপৰি পামতেলে উপকাৰী এইছ ডি এল কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি ঘটোৱাত সহায় কৰে। হৃদৰোগৰ প্ৰৱণতা হ্ৰাসতো ইয়াৰ অৰিহণা আছে।
৫/ পাম তেলৰ অপকাৰী গুণ কি কি ?
পাম তেলত নিহিত থকা বিভিন্ন উপাদান সমূহ নিৰীক্ষণ কৰি অধ্যয়ন কৰিলে বুজিব পাৰি যে পাম তেল মানুহৰ বাবে কিমান অপকাৰী। ইয়াৰ আগৰ প্ৰৱন্ধটোত পাম তেলৰ অপকাৰী দিশ কিছুমান উল্লেখ কৰিছিলোঁ। এতিয়া ইয়াৰ উপাদান সমূহৰ আৰু মানুহৰ শৰীৰত হ'ব পৰা পাৰ্শ্বক্ৰিয়া সম্পৰ্কে আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিম।
পাম তেল বিভিন্ন উপাদানেৰে গঠিত এবিধ প্ৰাকৃতিক ভাৱে আহৰিত তেল। পাম তেলত নিহিত থকা বিশেষ উপাদান সমূহ হৈছে - প্ৰায় ৫০ শতাংশ সংপৃক্ত চৰ্বি থাকে য'ত ৪৪ শতাংশ পাল্মিটিক এচিড, ৫ শতাংশ ষ্টেৰিক এচিড আৰু ক্ষুদ্ৰ পৰিমাণৰ মাইৰিষ্টিক এচিড থাকে। আনহাতে ৪০ শতাংশ একক অসংপৃক্ত চৰ্বি (Monounsaturated fat) অলিক এচিড থাকে আৰু ১০ শতাংশ বহু অসংপৃক্ত চৰ্বি (Polyunsaturated fat) লিন'নিক এচিড থাকে। উল্লেখ্য যে চিকিৎসক সকলৰ মতে অতিৰিক্ত সংপৃক্ত চৰ্বিয়ে আমাৰ শৰীৰত হৃদৰোগৰ সমস্যা আৰু ষ্ট্ৰোকৰ সমস্যা সৃষ্টিত অৰিহণা যোগায়। মেদবহুলতাও পাম তেল ব্যৱহাৰৰ অন্যতম কাৰণ।
পাম তেলৰ বহু পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হয়। বিজ্ঞানীসকলৰ ভাষ্য অনুসৰি 'ৰঙা পাম তেল'ত বিটা কেৰটিন নামৰ ৰাসায়নিক উপাদান বেছিকৈ থাকে। বিটা-কেৰোটিন (β- Carotene / C40H56) অৰ্থাৎ β-কেৰোটিন মুখ্যতঃ শৰীৰৰ চৰ্বি কলাত সঞ্চিত থাকে। অত্যাধিক β-কেৰোটিন ব্যৱহাৰৰ আটাইতকৈ সচৰাচৰ পাৰ্শ্বক্ৰিয়া হৈছে কেৰোটেনোডাৰ্মিয়া বা কেৰোটেনেমিয়া বা জণ্ডিছ , এক শাৰীৰিকভাৱে ক্ষতিহীন স্থিতি যি এপিডাৰ্মিছৰ আটাইতকৈ বাহিৰৰ স্তৰত কেৰোটিনইড জমা হোৱাৰ ফলত উদ্ভৱ হোৱা এক সুস্পষ্ট কমলা ছালৰ ৰং হিচাপে উপস্থাপন কৰে। অৰ্থাৎ বি কেৰোটিনৰ মাত্ৰা অধিক হ'লে শৰীৰত হালধীয়া বৰণ ধৰে যাক জণ্ডিছ বুলি কোৱা হয়। পাম তেলত এই উপাদান বেছি পৰিমাণে জমা থকাৰ বাবে পাম তেল এমাহৰ পৰা দুমাহ খোৱাৰ পাছত শৰীৰত অত্যধিক চৰ্বিয়ে বাহ সাজে যাৰ ফলত পাম তেলে মানৱ শৰীৰত ভীষণ ক্ষতি সাধন কৰাত অৰিহণা যোগায়। দেহত চৰ্বিৰ পৰিমাণ বাঢ়ে, ফলত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পায়। সেয়ে কোনো ৰোগীৰ দেহত চৰ্বিৰ মাত্ৰা হ্ৰাস পালে চিকিৎসকে বি কেৰোটিন খাবলৈ পৰামৰ্শ আগবঢ়ায়।
শিশু সকলৰ ক্ষেত্ৰতো এই প্ৰভাৱ দেখা যায়। মৰ্টন, চকলেট, জেমছ আদি পাম তেলৰ সহায়ত প্ৰস্তুত কৰা হয়। এইবোৰ শিশুৰ প্ৰিয় খাদ্য হিচাপে চিহ্নিত। শিশুৱে দিনত অতি কমেও দুটা চকলেট, জেমছ আৰু পেকেট খাদ্য খায়। ফলস্বৰূপে তেওঁলোকৰ শৰীৰত ক্ৰমান্বয়ে মেদৰ পৰিমাণ আমাৰ অলক্ষিতে বৃদ্ধি পাবলৈ ধৰে। সেয়ে আজিকালি শিশু অৱস্থাতেই ল'ৰা ছোৱালীবিলাকৰ শৰীৰত অত্যধিক মেদবহুলতাই দেখা দিয়ে। অৱশ্যে কেৱল পাম তেলৰ বাবে শিশুৰ মেদবহুলতা নহয়। আন বিভিন্ন প্ৰতিক্ৰিয়াৰ কাৰণো নিশ্চয় আছে।
গৰ্ভাৱস্থা সময়ত পাম তেলৰ ব্যৱহাৰ অতি বিপদজনক বুলি চিকিৎসকসকলে ক'ব খোজে। কাৰণ পাম তেলে অতিৰিক্ত মেদৰ সৃষ্টি কৰে। গৰ্ভাৱস্থা সময়ত উদৰত অতিৰিক্ত মেদ জমা হ'লে সন্তান জন্মত অসুবিধাই দেখা দিয়ে। তদুপৰি প্ৰসূতি গৰাকীৰ এনিমিয়া হোৱাৰ সম্ভাৱনাও থাকে। অৱশ্যে গৰ্ভাৱস্থাৰ শেষৰ দুমাহৰ সময়ছোৱাত পাম তেল ব্যৱহাৰ কৰিব পাৰে বুলি চিকিৎসকে পৰামৰ্শ আগবঢ়ায়।
৬/ সামৰণি
২০১৬ চনত বিশ্বব্যাপী পাম তেলৰ উৎপাদন আছিল আনুমানিক ৬২.৬ মিলিয়ন টন , ইয়াৰ বিপৰীতে ২০১৫ চনত কেৱল ৫৯.৯ মিলিয়ন টন উৎপাদন হৈছিল বুলি জনা যায়। যাৰ পৰিমাণ ২০১৫ চনতকৈ ২.৭ মিলিয়ন টন বেছি। আকৌ ২০১৬ চনত উৎপাদিত তেলৰ মূল্য আছিল আনুমানিক ৩৯.৩ বিলিয়ন ডলাৰ। ইয়াৰ পৰা বুজিব পাৰি যে সাম্প্ৰতিক সময়ত পাম তেলৰ চাহিদা কিমান বৃদ্ধি হ'ব ধৰিছে।
বহু দেশে পাম খেতি কৰিবলৈ এৰিছে বুলি কোৱা কথাষাৰ এশ শতাংশ অৰ্থাৎ সম্পূৰ্ণ সত্য নহয়। কাৰণ বৰ্তমানৰ সময়ত বিভিন্ন দেশে কৰি থকা পাম খেতিৰ সম্পৰ্কে অধ্যয়ন কৰিলে এই কথা গম পোৱা যায়। নতুনকৈ বহু দেশে পাম খেতি কৰিবলৈ সাজু হোৱা কথাহে গম পোৱা যায়। শ্ৰীলংকাই পাম তেলৰ খেতি আংশিক ভাৱে বন্ধ কৰিব বাধ্য হ'ল কাৰণ দেশখনৰ জনসাধাৰণে ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল। জনসাধাৰণৰ মতে পাম তেল খেতিয়ে শ্ৰীলংকাৰ জলবায়ু প্ৰদূষিত কৰিছে আৰু সাগৰৰ পানী ব্যাপক হাৰত শুকাই যোৱাৰ আশংকা আছে।
কিন্তু এমিৰিটাছ অধ্যাপক আছোকা নুগাৱেলাই (চিইএ বিশেষজ্ঞ পেনেলৰ পৰামৰ্শদাতা) বিশেষজ্ঞ মংগাবেক কৈছিল যে "যদি আপুনি তেলৰ পাম খেতি-বাগান পৰিদৰ্শন কৰে, তেন্তে আপুনি জীৱনেৰে পৰিপূৰ্ণ স্বাস্থ্যকৰভাৱে প্ৰবাহিত সোঁতবোৰহে দেখিবলৈ পাব ।"
আকৌ প্ৰতিবাদকাৰীসকলৰ যুক্তি খণ্ডন কৰি নুগাৱেলাই কৈছিল , "শ্ৰীলংকাৰ প্ৰথম তেল পাম খেতি নাকিয়াডেনিয়া ইষ্টেটত ৫০ বছৰৰো অধিক সময় ধৰি চলি আছে, অথচ অঞ্চলটোত পানীৰ সমস্যাৰ কোনো লক্ষণ নাই । 2018 চনৰ এক অধ্যয়নত নাকিয়াডেনিয়াৰ এটা সোঁতত মিঠা পানীৰ মাছৰ এটা নতুন প্ৰজাতিৰ বৰ্ণনা এতিয়াও পোৱা গৈছে ; নুগাৱেলাই কৈছিল যে এইটোৱে প্ৰমাণ কৰে যে তৰ্ক কৰি পানী শুকাই যোৱা বুলি কোৱা কথাবোৰ ভিত্তিহীন। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন হৈছে পানীৰ উপলব্ধতা প্ৰভাৱিত কৰা এক অধিক সম্ভাৱনাপূৰ্ণ কাৰক, বৰষুণৰ প্ৰকাৰ অধিক অনিয়মীয়া হৈ পৰিছে। তেওঁ এইটোও কৈছিল যে মাটি খহনীয়াৰ বিষয়টো এটা ব্যৱস্থাপনা সমস্যা যাৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।"
অৰ্থাৎ ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে পাম তেলৰ খেতিৰ বাবে পানী শুকাই যোৱা কথাটো সম্পূৰ্ণ ভাৱে সত্য নহয়। ৫০ বছৰো অধিক কৰা খেতিৰ পাছতো যদি পানী শোষণৰ কোনো প্ৰমাণিক তথ্য নাথাকে তেন্তে আমি কি ভাবিম ?
কিন্তু আমি নিশ্চিত ভাৱে ক'ব পাৰোঁ যে পাম তেলৰ খেতিৰ ফলত পেলনীয়া তেলৰ সামগ্ৰী আৰু পাম গছৰ শুকান পাতবোৰ চাফা কৰাৰ নামত যদি জ্বলাই দিয়া হয় তেন্তে ইয়াৰ পৰা নিৰ্গত হ'ব বহু পৰিমাণৰ কাৰ্বন মন-অক্সাইড গেছ যাৰ ফলত জলবায়ু প্ৰদূষিত হোৱাৰ ৯৯% সম্ভাৱনা আছে।
ইন্দোনেছিয়াত আজি ২৫ - ৩০ বছৰ পৰ্য্যন্ত পাম তেলৰ খেতি কৰি আহিছে। তাকো সম্পূৰ্ণ পাহাৰৰ ওপৰত। য'ত পানীৰ পৰিমাণ কম। অথচ সেই পাহাৰতে সুন্দৰ সৰু বৰ, চৰকাৰী নতুবা ব্যক্তিগত পাম তেলৰ বাগান আজিও অক্ষুণ্ণ আছে। ইয়াৰ কাৰণ কি ? নিশ্চয় অত্যধিক পৰিমাণে পানী শুকাই যোৱা বুলি কৰা আশংকা মিছা প্ৰচাৰ। অৱশ্যে খেতিৰ অঞ্চল পাহাৰীয়া অঞ্চল হোৱা বাবে তাৰ পৰা পেলনীয়া বা বৰ্জিত সামগ্ৰী সমভূমি অঞ্চলৈ বৈ যোৱাত অধিক হাৰত প্ৰদূষণ হ'ব ধৰিছে। ইন্দোনেছিয়াৰ এটা ৱেবছাইটত পোৱা মতে পাম গছৰ তেলৰ পৰা লাভ হয় যিমান, পৰিৱেশ বিনষ্ট কৰে সিমান। ইণ্ডোনেছিয়াত পাম তেলৰ খেতিৰ বহনক্ষম আৰু স্থায়িত্বৰ বাবে ইণ্ডোনেছিয়া বহনক্ষম পাম তেল প্ৰণালী (আই.এছ.পি.ও.) প্ৰৱৰ্তন কৰা হৈছিল। সকলো উৎপাদকৰ বাবে প্ৰযোজ্য হোৱা পৰিৱেশ, শ্ৰমিক আৰু স্থানীয় জনসংখ্যাৰ সন্মান সম্পৰ্কীয় নিয়মবোৰৰ মানদণ্ড আৰু সন্মান নিশ্চিত কৰাৰ বাবে ই এক বাধ্যতামূলক প্ৰমাণপত্ৰৰ আঁচনি হিচাপে বিবেচিত। অৰ্থাৎ পাম তেলৰ খেতি কৰিবলৈ হ'লে বহনক্ষম ক্ষমতা অক্ষুণ্ণ ৰাখিব পৰা ব্যৱস্থাও খেতি কৰা কম্পেনীয়ে কৰিব লাগিব।
শ্ৰীলংকাৰ এজন বিশেষজ্ঞৰ মতে 'পানী শুকাই যোৱাৰ সম্ভাৱনা আছে' বুলিহে ক'ব খোজে বিজ্ঞানী সকলে। পাম তেলৰ খেতিৰ সম্পৰ্কে অসমৰ বিজ্ঞ সমাজ আজিও নিমাত কিয় ?
সময়েহে ক'ব কৰ পানী কলৈ যায়। মুঠৰ ওপৰত বিষয়টো বৰ স্পৰ্শকাতৰ যেন অনুভৱ হ'লেও পাম তেলৰ খেতি যে নিশ্চিত সেয়া নকলেও হয়।
এচামে বুজি উঠিলে যে অসমৰ মানুহবোৰ আবেগিক। সময় চেৰেক অতিক্ৰম কৰা মাত্ৰকে মূল ঘটনাৰ সম্পৰ্কে পাহৰি যায়। হঠাৎ দপদপাই জ্বলি উঠা জুই, নিমিষতে নিৰ্বাপিত হয়। সেই সুবিধা গ্ৰহণ কৰিছে পুঁজিপতি শ্ৰেণীয়ে । আনহাতে প্ৰয়োজনীয়তা পূৰাবলৈ বিকল্প চিন্তা কৰাত বাদে গত্যন্তৰ নাই।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
Source : Wikipedia, Article Name -
1. Oil palm production in Indonesia 2. Oil palm plantation Indonesia
By Harryboyels of Indonesia.
Source: Wikipedia, Article Name -
3. Mire , By Baylorfk of Indonesia.
Source : Aajtak Bangla, Article Name -
4. Palm Oil Disadvantages
Source : Bangla Wikipedia , Article Name - 5. পাম তেল উদ্ভিজ্জ্য তেল
By Kanik Bot of Bangladesh.
Source: MONGABAY, Article Name -
6. Sri Lanka to ban palm oil. imports ,raze plantations over. environmental concerns.
By Malaka Rodrigo, 2021.
💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল। শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
ভাল হৈছে, Source সমুহ উল্লেখ কৰিলে ভাল হয়।
ReplyDeleteউল্লেখ কৰিলোঁ, আপোনাৰ পৰামৰ্শৰ বাবে আন্তৰিক ধন্যবাদ।
Delete