বিদ্যালয়ত কেনেকৈ ভাষণ দিয়া হয় ? বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলৰ বাবে লেখাটো আগবঢ়োৱা হ'ল। How are speeches delivered in schools? Let's know.
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
পৰম শ্ৰদ্ধাৰ ,আজিৰ সম্বৰ্দ্ধনা সভাৰ সভাপতি মহোদয়, প্ৰমুখ্যে শ্ৰদ্ধাৰ শিক্ষাগুৰুবৃন্দ, শ্ৰদ্ধাৰ বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল আৰু ভাইটি-ভণ্টিসকল।
জয়জয়তে আজি 'শিক্ষক দিৱস'ৰ শুভ মূহুৰ্তত মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক মোৰ আন্তৰিক শ্ৰদ্ধা তথা শুভেচ্ছা নিবেদন কৰিছোঁ।
আজি 'শিক্ষক দিৱস'ৰ লগত সংগতি ৰাখি উদযাপন কৰা সম্বৰ্দ্ধনা সভাত মোৰ মনৰ কথাবোৰ ক'বলৈ সুবিধা দিয়াৰ বাবে মই আপোনালোকৰ ওচৰত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।
আপোনালোক সকলোৱে নিশ্চয় জানে ৫ চেপ্তেম্বৰ দিনটোত কিয় শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৮৮৮ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৫ চেপ্তেম্বৰ'৬২ তাৰিখে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল । ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এগৰাকী একাধাৰে - শিক্ষক, দাৰ্শনিক, ৰাজনীতিবিদ, লেখক, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি । শিক্ষক ৰাধাকৃষ্ণণৰ অৱদানৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।
উল্লেখ্য যে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে তেখেতৰ জন্ম দিনটো উদযাপন কৰিবৰ বাবে শিক্ষাগুৰুজনৰ অনুমতি বিচাৰিছিল। তেওঁলোকৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ৰাধাকৃষ্ণণে জন্ম দিনটো উদযাপন কৰিবলৈ তেওঁলোকক অনুমতি দিছিল। কিন্তু সমগ্ৰ ভাৰতৰে শিক্ষক সমাজক এই দিনটোতে শ্ৰদ্ধা, ভক্তি আৰু বন্দনা কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়াইছিল। সেয়েহে ৰাধাকৃষ্ণণৰ পৰামৰ্শক শ্ৰদ্ধা জনায় ১৯৬২ চনৰ ৫ চেপ্তেম্বৰ দিনটোত শিক্ষক দিৱস হিচাপে তেওঁলোকে উলহ-মালহেৰে উদযাপন কৰে। সেই তেতিয়াৰ পৰাই আজিলৈকে তেওঁৰ জন্ম দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সম্পৰ্কে সংক্ষেপে বৰ্ণনা আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে অন্ধ্ৰপ্ৰদেশৰ তিৰুতান্নি গাঁৱত, এটা ব্ৰাহ্মণ পৰিয়ালত । পিতৃ আছিল বীৰা চাৰ্মিয়া আৰু মাতৃ সীতাম্মা । তেওঁৰ পত্নীৰ নাম আছিল শিৱা কামু।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে স্নাতকোত্তৰ পঢ়ি শেষ কৰিয়েই ১৯০৯ চনত মাদ্ৰাছ প্ৰেচিডেন্সী কলেজত মালায়ালম ভাষাৰ এটা অস্থায়ী পদত শিক্ষকতাৰে তেওঁৰ শিক্ষক জীৱন আৰম্ভ কৰিছিল। তাৰপাছতেই ডঃ ৰাধাকৃষ্ণণে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ সন্মানীয় প্ৰবক্তা হিচাপে যোগদান কৰিছিল। ১৯২১ চনত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক কলকাতা বিশ্ববিদ্যালয়ৰ ৰজা পঞ্চম জৰ্জ আসনৰ অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৯৩১ চনত ডঃ ৰাধাকৃষ্ণণক অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হয়। তেওঁ ১৯৩৬চনলৈকে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেওঁক ইংলেণ্ডৰ অক্সফোর্ড বিশ্ববিদ্যালয়লৈ প্ৰবক্তা হিচাপে যোগদান কৰিবলৈ নিমন্ত্ৰণ জনোৱা হ’ল। তাৰপাছত পণ্ডিত মদন মোহন মালব্যৰ আমন্ত্ৰণত ডঃ ৰাধাকৃষ্ণণে ১৯৩৯ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ গ্ৰহণ কৰে। আৰু তেওঁ ১৯৪৮ চনলৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত থাকে।
তদুপৰি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৪৬ ৰ পৰা ১৯৫২ চনলৈ ইউনেস্ক’ত ভাৰতৰ প্ৰধান প্ৰতিনিধি হিচাপে আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ডঃ ৰাধাকৃষ্ণণে ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভালৈও নিৰ্বাচিত হৈছিল। ১৯৪৯ চনত গঠন হোৱা ভাৰতৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ তেওঁ সভাপতি আছিল আৰু অতি দক্ষতাৰে আৰু সফলতাৰে তেওঁ এই শিক্ষা আয়োগৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল।
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৫২ আৰু ১৯৬২ চনত ভাৰতৰ উপৰাষ্ট্ৰপতি পদত দুবাৰকৈ নিৰ্বাচিত হৈছিল । তাৰপাছতেই ডঃ ৰাধাকৃষ্ণণে ১৯৬২ চনত ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত ডঃ ৰাধাকৃষ্ণণে তেওঁৰ ৰাজনৈতিক জীৱনৰ অন্ত পেলায়। তাৰপাছত তেওঁ নিজৰ মাদ্ৰাজৰ পুৰণি ঘৰখনলৈ ঘূৰি যায় আৰু জীৱনৰ অন্তিম দিনকেইটা তাতে থাকিবলৈ লয় । ১৯৭৫ চনৰ ২২ জুনৰ দিনা ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ইহলীলা সম্বৰণ কৰি স্বৰ্গগামী হয়।
ৰাধাকৃষ্ণণে লিখা কেইখনমান গ্ৰন্থ হৈছে -১/ The philosophy of Rabindranath Tagore, ২) Indian Philosophy , ৩/ The Hindu View of Life , ৪/ An Idealist View of Life , ৫/ Eastern Religions and Western Thought আদি।
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ লগতে বিশ্বৰ এগৰাকী মহান শিক্ষাবিদ, দাৰ্শনিক তথা সন্মানীয় শিক্ষাগুৰু আছিল। ভাৰতৰত্ন ৰাধাকৃষ্ণণৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰাতো সাৰ্থক কাৰ্য বুলি গণ্য কৰিব পাৰি।
সেয়ে আজিৰ দিনটো শিক্ষাগুৰু সকলৰ কাৰণে এটা বিশেষ দিন হিচাপে বিবেচিত। শিক্ষক সমাজৰ
অপৰিসীম অৱদানক আজিৰ দিনটোতে মূল্যায়ন কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগুৰু সকলক শ্ৰদ্ধা, ভক্তি আৰু সেৱা নিবেদন কৰে। শিক্ষাগুৰুৰ প্ৰতি তেওঁলোকৰ আনুগত্যতা বিনম্ৰতাৰে প্ৰকাশ কৰে।
এই আপাহতে আমিও..... আমাৰ বিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰুৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু গভীৰ শ্ৰদ্ধা, ভক্তি আৰু সেৱা নিবেদন কৰিছোঁ । যিদৰে বহু কষ্ট স্বীকাৰ কৰি, নিজক সমৰ্পণ কৰি বিগত দিনবোৰত শিক্ষাগুৰু সকলে আমাক জ্ঞানৰ মাৰ্গ দেখুওৱালে, জ্ঞানৰ আলোকেৰে জীৱন আলোকিত কৰাত নিজক ত্যাগ কৰিলে, একেদৰে আগন্তুক দিনবিলাকতো তেওঁলোকে যাতে সেই শক্তি লাভ কৰে, দীৰ্ঘায়ু হৈ কৰ্মত নিজকে নিয়োজিত কৰাব পাৰে, আমি তাৰে একান্ত কামনা কৰিলোঁ। যিসকল শিক্ষাগুৰুৱে বহু ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই আমাৰ মাজৰ পৰা চিৰকাললৈ সংসাৰৰ মায়া-মোহ ত্যাগ কৰি আঁতৰি গ'ল আৰু যিসকল অৱসৰ গ্ৰহন কৰি ঘৰত নিজা কৰ্মত ব্ৰতী হৈ আছে তেখেতসকলকো এই ছেগতে আন্তৰিক শ্ৰদ্ধা, ভক্তি আৰু সেৱা নিবেদন কৰিছোঁ।
এইখিনিতে আমি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিগৰাকী শিক্ষাগুৰুক গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ চিনস্বৰূপে এখনি ফুলাম গামোচাৰে আন্তৰিক সম্বৰ্দ্ধনা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ শিক্ষাগুৰুসকল ধন্য হ'ব আৰু তেখেতসকলে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক গভীৰতম মানসেৰে আৰ্শীবাদ জনাব।
আজিৰ 'শিক্ষক দিৱস'ৰ তাৎপৰ্য অক্ষুণ্ণ ৰাখিবলৈ আমি সকলো ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়াস কৰা উচিত। কেৱল 'শিক্ষক দিৱস'ৰ দিনটোতে শিক্ষাগুৰু সকলক সন্মান জনাই ক্ষান্ত থাকিলে নহ'ব, ইয়াৰ পৰৱৰ্তী প্ৰতিটো সময়তে আমি তেখেতসকলক সন্মান জনাব লাগিব। তেখেতসকলৰ গুণগান গাব পাৰিব লাগিব। শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথা মনোযোগেৰে শুনিব লাগিব। শিক্ষাগুৰুৰ পৰামৰ্শ বোৰ শিৰোধাৰ্য বুলি গণ্য কৰিব লাগিব। কেৱল বিদ্যালয়ৰ চৌহদৰ আৱেষ্টনীত তেখেতসকলক সন্মান জনালেই নহ'ব, এই ধাৰা আমি আমাৰ জীৱনৰ প্ৰতিটো সময়তে অক্ষুণ্ণ ৰাখিব পাৰিলেহে শিক্ষাগুৰু সকলক প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা হ'ব। তেতিয়াহে 'শিক্ষক দিৱস' আয়োজন কৰাৰ সাৰ্থকতা থাকিব।
আৰু বেছি বঢ়াই নাথাকো। পুনৰাই মোৰ আন্তৰিক শ্ৰদ্ধা, ভক্তি আৰু সেৱা প্ৰতিজন শিক্ষাগুৰুলৈ নিবেদন কৰিছোঁ । তেখেতসকলৰ শ্ৰী চৰণত ভক্তিৰ পুষ্পমাল্য আগবঢ়াই মোৰ চমু বক্তব্য সামৰণি মাৰিলো।
জয়তু 'শিক্ষক দিৱস ' জয় !
জয়তু শিক্ষাগুৰুবৃন্দ জয় !
জয় আই অসম !
🎈🎈🎈🎈🪴🎈🎈🎈🎈🎈🎈🪴🎈🎈🎈🎈🎈
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
No comments:
Post a Comment
dudulsonowal32@gmail.com