📌 'হৰমোহনৰ পৰা' কাব্যাংশটিৰ মাজেৰে প্ৰকাশ পোৱা ভক্তিৰ আকুলতাৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।
📌 'হৰমোহন পৰা' কাব্যাংশটি শংকৰদেৱৰ 'কীৰ্তন ঘোষা'ৰ অন্তৰ্গত। শংকৰদেৱৰ 'হৰমোহন পৰা' কাব্যাংশটিৰ আধাৰ গ্ৰন্থ হ'ল ভাগৱত পুৰাণ। অসমৰ বৈষ্ণৱ ধৰ্মৰ 'চাৰি পুথি'ৰ অন্তৰ্গত কীৰ্তন ঘোষাত 'হৰমোহন পৰা' অংশটি অন্তৰ্ভুক্ত। কবিয়ে ভগৱানৰ মহিমাৰ বিষয়ে কাব্যাংশটিৰ জৰিয়তে এটি বিৱৰণ দাঙি ধৰিছে। ভক্ত কবিয়ে ভগৱানৰ মহিমাৰ বিষয়ে সুন্দৰকৈ বিশ্লেষণ কৰি দেখুৱাইছে। গতিকে এই কবিতাটোৰ বৰ্ণনা শংকৰদেৱৰ মৌলিক অৱদান। কবিতাটো বিশেষকৈ বিষ্ণু স্তুতিৰ যোগেদি বেদান্ত দৰ্শন,দাস্যভক্তি আদি দাৰ্শনিক ভাৱ প্ৰথমৰ পৰা শেষলৈ বিয়পি পৰিছে।
মহাপুৰুষ শংকৰদেৱৰ মতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত ভগৱান তথা ব্ৰহ্মাই সত্য। সত্যৰ অবিহনে জগত , সংসাৰ সকলো মিছা। ব্ৰহ্মই নিত্য, বাকী সকলো অনিত্য। তেওঁ সমস্ত প্ৰাণীতে বিৰাজমান। পৃথিৱীৰ সকলো বস্তুৰে তেওঁৱেই স্ৰজনা, তেওঁৱেই পালন কৰোঁতা আৰু অৱশেষত সকলো তেওঁতেই নিমজ্জিত হয়। বৰ্হি প্ৰকৃতিৰ প্ৰতিটো বস্তুৰে সৃষ্টি কাৰক হৈছে তেওঁ অৰ্থাৎ ভগৱান বা ব্ৰহ্ম। সত্ব,ৰজ আৰু ত্বম এই তিনি গুণৰ একমাত্ৰ তেওঁৱেই অধিকাৰী। সোণ আৰু কুণ্ডলৰ মাজত পাৰ্থক্য নোহোৱাৰ দৰে জগত আৰু পৰমাত্মাৰ মাজত কোনো প্ৰভেদ নাই। কবিতাটোত তেখেতে এনেদৰে উল্লেখ কৰিছে -
"তুমি কাৰ্য কাৰণ সমস্তে চৰাচৰ,
সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।
তুমি পশু-পক্ষী সুৰাসুৰ তৰু-তৃণ,
অজ্ঞানত মূঢ়জনে দেখে ভিন ভিন।"
কাঠৰ ভিতৰত যেনেকৈ জুই বিদ্যমান ঠিক তেনেকৈ প্ৰকৃতিৰ প্ৰতিটো বস্তুতে তেওঁ বিৰাজমান। প্ৰকৃত ভক্তই আচল ভক্তিৰে তেওঁৰ স্বৰূপ হৃদয়ত উপলব্ধি কৰিব পাৰে। প্ৰকৃত বৈষ্ণৱেহে কৰ্ম বন্ধনৰ পৰা মুক্তি হৈ হৃদয়ত তেওঁক উপলব্ধি কৰিব পাৰে। কবিয়ে মুক্তি সুখকো বাঞ্ছা নকৰি পৰমেশ্বৰৰ চৰণত একান্ত ভকতিহে কামনা কৰিছে। তেওঁ কবিতাটোত উল্লেখ কৰি কৈছে -
"নবাঞ্চোহো সুখ ভোগ নমাগো মুকুতি।
তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি।।"
মহাপুৰুষ জনাৰ মতে পৰমাত্মাই একমাত্ৰ গৰাকী। যি সকলে ভগৱানৰ স্বৰূপ উপলব্ধি কৰিব পাৰিছে, পৰমাত্মাৰ বিষয়ক জ্ঞান উপলব্ধি কৰিব পাৰিছে তেনে জ্ঞানী আৰু সাধুজনে মুক্তিৰ অভিলাষী নহয়। বৈষ্ণৱ ধৰ্মত মোক্ষ বা মুকুতিয়েই হ'ল ভক্তৰ চৰম লক্ষ্য। কিন্তু যিজন পৰম বৈষ্ণৱ আৰু যিজন উচ্চতম ভক্তিৰ সাধক তেওঁ মুক্তিৰ কথা চিন্তা নকৰে, কাৰণ ভগৱানৰ ভক্তিহে তেওঁলোকৰ চৰম প্ৰাপ্য, মুক্তি নহয়। মহাপুৰুষ মাধৱদেৱে'যত্ৰ জীৱ তত্ৰ শিৱ' এই বাণী সাৰোগত কৰি কবিতাটোত বৰ্ণনা আগবঢ়াইছে । বাক্যাংশত শিৱই ভগৱানৰ স্তুতি কৰি কৈছে যে তেওঁ স্বৰ্গীয় সুখ বাঞ্ছা নকৰে, মুকুতিও নিবিচাৰে, বিচাৰে মাথোঁ ভগৱানৰ প্ৰতি তেওঁৰ অচলা ভক্তি। তেওঁৰ মুখেৰে যেন সদায় ভগৱানৰ নাম লয়, তেওঁৰ কানে যেন সদায় ভগৱানৰ নামহে শুনিব পাৰে, তেওঁৰ হৃদয়ত ভগৱান যেন সদায় বিৰাজমান হৈ থাকে, তেওঁ যেন সদায় সাধু সজ্জনৰ সংগ লাভ কৰিব পাৰে, তেনেধৰণৰ আৰ্শীবাদহে ভগৱানৰ পৰা শিৱই কামনা কৰে।
মহাপুৰুষ শংকৰদেৱক ভক্তি কবি বুলিও কোৱা হয়। তেওঁ বিশুদ্ধ চিত্তেৰে পৰমেশ্বৰৰ চৰণত একান্ত ভকতিৰে শ্ৰৱণ কীৰ্তন কৰাৰ ওপৰত মনোনিবেশ কৰিছে। একান্ত বৈষ্ণৱ ভাৱধাৰাই মোক্ষকো নেওচি ভকতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে।
মহাপুৰুষীয়া ধৰ্মত মুক্তিৰ বাঞ্ছা নাই, সেয়েহে মুক্তিক শংকৰদেৱে 'মুক্তিতনিস্পৃহ --' বুলি কৈছে। শংকৰদেৱৰ মতে মুকুতিত বাঞ্ছা নকৰি একান্ত ভকতিৰে পৰমেশ্বৰৰ চৰণত নিজক সমৰ্পণ কৰা । এই আত্ম সমৰ্পণৰ সুৰ 'হৰমোহনৰ পৰা' কাব্যাংশত সুন্দৰ ভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তদুপৰি মহাপুৰুষ মাধৱদেৱে একান্ত ভকতিৰ নিদৰ্শন হিচাপে দেৱ-দেৱীৰ পূজাত গুৰুত্ব নিদি কেৱল সাধু সজ্জনৰ সংগৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে। 'হৰমোহনৰ পৰা' কাব্যাংশত কবি শংকৰদেৱে অতি কম কথাৰে বৈষ্ণৱ ভক্তি তত্ত্বৰ সম্পৰ্কে বৰ্ণনা আগবঢ়াবলৈ সক্ষম হৈছে।
সম্পূৰ্ণ কবিতাটো তলত উল্লেখ কৰিলোঁ:
হৰমোহনৰ পৰা
- শংকৰদেৱ ।
নমো নমো মাধৱ বিধিৰ বিধি দাতা।
তুমি জগতৰ গতি মতি পিতা মাতা।।
তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোমাত বিতিৰেক।।
তুমি কাৰ্য কাৰণ সমস্তে চৰাচৰ।
সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।।
তুমি পশু-পক্ষী সুৰাসুৰ তৰু-তৃণ।
অজ্ঞানত মূঢ়জনে দেখে ভিন ভিন।।
তোমাৰেসে মায়ায়ে মোহিত সৰ্ব্বক্ষণে।
তুমি আত্মা তোমাক নজানে একোজনে।।
সমস্ত ভূতৰে তুমি আছা হৃদয়ত।
তত্ত্ব নপাই তোমাক বিচাৰে বাহিৰত।।
তুমিসে কেৱলে সত্য মিছা সৱে আন।
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান।।
নবাঞ্চোহো সুখ ভোগ নমাগো মুকুতি।
তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি।।
মুখে লৌক নাম মোৰ কৰ্ণে তৱ কথা।
হৃদয়ত পাদ-পদ্ম থাকোক সৰ্ব্বথা।।
সজ্জনৰ সংগ নুগুচোক সৰ্ব্বক্ষণে।
এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে।।
-------------------+-----------------------
📌 প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒
সুন্দৰ
ReplyDelete