Thursday, August 24, 2023

বিদ্যালয়ত কেনেকৈ ভাষণ দিয়া হয় ? জানো আহক। How are speeches delivered in schools? Let's know.

বিদ্যালয়ত কেনেকৈ ভাষণ দিয়া হয় ? বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলৰ বাবে লেখাটো আগবঢ়োৱা হ'ল। How are speeches delivered in schools? Let's know.

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

   
     পৰম শ্ৰদ্ধাৰ ,আজিৰ সম্বৰ্দ্ধনা সভাৰ সভাপতি মহোদয়, প্ৰমুখ্যে শ্ৰদ্ধাৰ শিক্ষাগুৰুবৃন্দ, শ্ৰদ্ধাৰ বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল আৰু ভাইটি-ভণ্টিসকল।
       জয়জয়তে আজি 'শিক্ষক দিৱস'ৰ শুভ মূহুৰ্তত মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক মোৰ আন্তৰিক শ্ৰদ্ধা তথা শুভেচ্ছা নিবেদন কৰিছোঁ।
   আজি 'শিক্ষক দিৱস'ৰ লগত সংগতি ৰাখি উদযাপন কৰা সম্বৰ্দ্ধনা সভাত মোৰ মনৰ কথাবোৰ ক'বলৈ সুবিধা দিয়াৰ বাবে মই আপোনালোকৰ ওচৰত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।
   আপোনালোক সকলোৱে নিশ্চয় জানে ৫ চেপ্তেম্বৰ দিনটোত কিয় শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৮৮৮ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৫ চেপ্তেম্বৰ'৬২ তাৰিখে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল । ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এগৰাকী একাধাৰে - শিক্ষক, দাৰ্শনিক, ৰাজনীতিবিদ, লেখক, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি । শিক্ষক ৰাধাকৃষ্ণণৰ অৱদানৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 
    উল্লেখ্য যে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে তেখেতৰ জন্ম দিনটো উদযাপন কৰিবৰ বাবে শিক্ষাগুৰুজনৰ অনুমতি বিচাৰিছিল। তেওঁলোকৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ৰাধাকৃষ্ণণে জন্ম দিনটো উদযাপন কৰিবলৈ তেওঁলোকক অনুমতি দিছিল। কিন্তু সমগ্ৰ ভাৰতৰে শিক্ষক সমাজক এই দিনটোতে শ্ৰদ্ধা, ভক্তি আৰু বন্দনা কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়াইছিল। সেয়েহে ৰাধাকৃষ্ণণৰ পৰামৰ্শক শ্ৰদ্ধা জনায় ১৯৬২ চনৰ ৫ চেপ্তেম্বৰ দিনটোত শিক্ষক দিৱস হিচাপে তেওঁলোকে উলহ-মালহেৰে উদযাপন কৰে। সেই তেতিয়াৰ পৰাই আজিলৈকে তেওঁৰ জন্ম দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। 
     ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সম্পৰ্কে সংক্ষেপে বৰ্ণনা আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে অন্ধ্ৰপ্ৰদেশৰ তিৰুতান্নি গাঁৱত, এটা ব্ৰাহ্মণ পৰিয়ালত । পিতৃ আছিল বীৰা চাৰ্মিয়া আৰু মাতৃ সীতাম্মা । তেওঁৰ পত্নীৰ নাম আছিল শিৱা কামু।  
     ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে স্নাতকোত্তৰ পঢ়ি শেষ কৰিয়েই ১৯০৯ চনত মাদ্ৰাছ প্ৰেচিডেন্সী কলেজত মালায়ালম ভাষাৰ এটা অস্থায়ী পদত শিক্ষকতাৰে তেওঁৰ শিক্ষক জীৱন আৰম্ভ কৰিছিল। তাৰপাছতেই ডঃ ৰাধাকৃষ্ণণে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ সন্মানীয় প্ৰবক্তা হিচাপে যোগদান কৰিছিল। ১৯২১ চনত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক কলকাতা বিশ্ববিদ্যালয়ৰ ৰজা পঞ্চম জৰ্জ আসনৰ অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৯৩১ চনত ডঃ ৰাধাকৃষ্ণণক অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হয়। তেওঁ ১৯৩৬চনলৈকে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেওঁক ইংলেণ্ডৰ অক্সফোর্ড বিশ্ববিদ্যালয়লৈ প্ৰবক্তা হিচাপে যোগদান কৰিবলৈ নিমন্ত্ৰণ জনোৱা হ’ল। তাৰপাছত পণ্ডিত মদন মোহন মালব্যৰ আমন্ত্ৰণত ডঃ ৰাধাকৃষ্ণণে ১৯৩৯ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ গ্ৰহণ কৰে। আৰু তেওঁ ১৯৪৮ চনলৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত থাকে। 
     তদুপৰি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৪৬ ৰ পৰা ১৯৫২ চনলৈ ইউনেস্ক’ত ভাৰতৰ প্ৰধান প্ৰতিনিধি হিচাপে আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ডঃ ৰাধাকৃষ্ণণে ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভালৈও নিৰ্বাচিত হৈছিল। ১৯৪৯ চনত গঠন হোৱা ভাৰতৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ তেওঁ সভাপতি আছিল আৰু অতি দক্ষতাৰে আৰু সফলতাৰে তেওঁ এই শিক্ষা আয়োগৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল। 
        ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৫২ আৰু ১৯৬২ চনত ভাৰতৰ উপৰাষ্ট্ৰপতি পদত দুবাৰকৈ নিৰ্বাচিত হৈছিল । তাৰপাছতেই ডঃ ৰাধাকৃষ্ণণে ১৯৬২ চনত ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত ডঃ ৰাধাকৃষ্ণণে তেওঁৰ ৰাজনৈতিক জীৱনৰ অন্ত পেলায়। তাৰপাছত তেওঁ নিজৰ মাদ্ৰাজৰ পুৰণি ঘৰখনলৈ ঘূৰি যায় আৰু জীৱনৰ অন্তিম দিনকেইটা তাতে থাকিবলৈ লয় । ১৯৭৫ চনৰ ২২ জুনৰ দিনা ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ইহলীলা সম্বৰণ কৰি স্বৰ্গগামী হয়। 
     ৰাধাকৃষ্ণণে লিখা কেইখনমান গ্ৰন্থ হৈছে -১/ The philosophy of Rabindranath Tagore, ২) Indian Philosophy , ৩/ The Hindu View of Life , ৪/ An Idealist View of Life , ৫/ Eastern Religions and Western Thought আদি। 
     ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ লগতে বিশ্বৰ এগৰাকী মহান শিক্ষাবিদ, দাৰ্শনিক তথা সন্মানীয় শিক্ষাগুৰু আছিল। ভাৰতৰত্ন ৰাধাকৃষ্ণণৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰাতো সাৰ্থক কাৰ্য বুলি গণ্য কৰিব পাৰি।
     সেয়ে আজিৰ দিনটো শিক্ষাগুৰু সকলৰ কাৰণে এটা বিশেষ দিন হিচাপে বিবেচিত। শিক্ষক সমাজৰ
অপৰিসীম অৱদানক আজিৰ দিনটোতে মূল্যায়ন কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগুৰু সকলক শ্ৰদ্ধা, ভক্তি আৰু সেৱা নিবেদন কৰে। শিক্ষাগুৰুৰ প্ৰতি তেওঁলোকৰ আনুগত্যতা বিনম্ৰতাৰে প্ৰকাশ কৰে।
     এই আপাহতে আমিও..... আমাৰ বিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰুৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু গভীৰ শ্ৰদ্ধা, ভক্তি আৰু সেৱা নিবেদন কৰিছোঁ । যিদৰে বহু কষ্ট স্বীকাৰ কৰি, নিজক সমৰ্পণ কৰি বিগত দিনবোৰত শিক্ষাগুৰু সকলে আমাক জ্ঞানৰ মাৰ্গ দেখুওৱালে, জ্ঞানৰ আলোকেৰে জীৱন আলোকিত কৰাত নিজক ত্যাগ কৰিলে, একেদৰে আগন্তুক দিনবিলাকতো তেওঁলোকে যাতে সেই শক্তি লাভ কৰে, দীৰ্ঘায়ু হৈ কৰ্মত নিজকে নিয়োজিত কৰাব পাৰে, আমি তাৰে একান্ত কামনা কৰিলোঁ। যিসকল শিক্ষাগুৰুৱে বহু ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই আমাৰ মাজৰ পৰা চিৰকাললৈ সংসাৰৰ মায়া-মোহ ত্যাগ কৰি আঁতৰি গ'ল আৰু যিসকল অৱসৰ গ্ৰহন কৰি ঘৰত নিজা কৰ্মত ব্ৰতী হৈ আছে তেখেতসকলকো এই ছেগতে আন্তৰিক শ্ৰদ্ধা, ভক্তি আৰু সেৱা নিবেদন কৰিছোঁ।
     এইখিনিতে আমি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিগৰাকী শিক্ষাগুৰুক গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ চিনস্বৰূপে এখনি ফুলাম গামোচাৰে আন্তৰিক সম্বৰ্দ্ধনা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ শিক্ষাগুৰুসকল ধন্য হ'ব আৰু তেখেতসকলে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক গভীৰতম মানসেৰে আৰ্শীবাদ জনাব। 
     আজিৰ 'শিক্ষক দিৱস'ৰ তাৎপৰ্য অক্ষুণ্ণ ৰাখিবলৈ আমি সকলো ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়াস কৰা উচিত। কেৱল 'শিক্ষক দিৱস'ৰ দিনটোতে শিক্ষাগুৰু সকলক সন্মান জনাই ক্ষান্ত থাকিলে নহ'ব, ইয়াৰ পৰৱৰ্তী প্ৰতিটো সময়তে আমি তেখেতসকলক সন্মান জনাব লাগিব। তেখেতসকলৰ গুণগান গাব পাৰিব লাগিব। শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথা মনোযোগেৰে শুনিব লাগিব। শিক্ষাগুৰুৰ পৰামৰ্শ বোৰ শিৰোধাৰ্য বুলি গণ্য কৰিব লাগিব। কেৱল বিদ্যালয়ৰ চৌহদৰ আৱেষ্টনীত তেখেতসকলক সন্মান জনালেই নহ'ব, এই ধাৰা আমি আমাৰ জীৱনৰ প্ৰতিটো সময়তে অক্ষুণ্ণ ৰাখিব পাৰিলেহে শিক্ষাগুৰু সকলক প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা হ'ব। তেতিয়াহে 'শিক্ষক দিৱস' আয়োজন কৰাৰ সাৰ্থকতা থাকিব। 
     আৰু বেছি বঢ়াই নাথাকো। পুনৰাই মোৰ আন্তৰিক শ্ৰদ্ধা, ভক্তি আৰু সেৱা প্ৰতিজন শিক্ষাগুৰুলৈ নিবেদন কৰিছোঁ । তেখেতসকলৰ শ্ৰী চৰণত ভক্তিৰ পুষ্পমাল্য আগবঢ়াই মোৰ চমু বক্তব্য সামৰণি মাৰিলো। 
     জয়তু 'শিক্ষক দিৱস ' জয় !
     জয়তু শিক্ষাগুৰুবৃন্দ জয় !
     জয় আই অসম !


🎈🎈🎈🎈🪴🎈🎈🎈🎈🎈🎈🪴🎈🎈🎈🎈🎈
 
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।

💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
    
     

Saturday, August 12, 2023

পাম তেল শৰীৰৰ বাবে উপযোগী হয় নে ? Is Palm oil suitable for the body ?

📌 পাম তেল শৰীৰৰ বাবে উপযোগী হয় নে ? Is palm oil suitable for the body ?

            ইন্দোনেছিয়াৰ পাম গছৰ বাগান 
                জনবসতি সেৰেঙা অঞ্চল।
     

     🌿 পাম তেল শৰীৰৰ বাবে উপকাৰতকৈ অপকাৰ বেছি + পাম তেলৰ ব্যৱহাৰৰ ফলশ্ৰুতি অত্যধিক মেদবহুলতা + শিশুৰ শৰীৰত মেদৰ পৰিমাণ বৃদ্ধি ঘটায় + গৰ্ভাৱস্থা সময়ত ইয়াৰ ব্যৱহাৰ বিপদজনক + শৰীৰত হৃদৰোগৰ সমস্যা আৰু ষ্ট্ৰোকৰ সমস্যা সৃষ্টিত অৰিহণা 🌿

১/ পাম তেল কি আৰু কেনেকৈ উৎপাদন কৰা হয় ?
    পাম গছ বা তৈল খেজুৰৰ পৰা উৎপাদিত তেলেই হৈছে পাম তেল। অৰ্থাৎ তৈল পাম বা তৈল খেজুৰ খেজুৰী গছৰ সমজাতীয় আৰু ই পাইমাই গোত্ৰৰ অন্তৰ্ভুক্ত প্ৰজাতি। খেজুৰ গছৰ দুবিধ শ্ৰেণীৰ প্ৰধানকৈ এলেইছ গুইনীনচিছ (Elaeis guineensis ) আৰু ই.অলেইফেৰা (E.oleifera) শ্ৰেণীৰ প্ৰজাতিৰ খেতি কৰা পৰিলক্ষিত হয়। আকৌ টেনেৰা নামৰ হাইব্ৰিড পাম প্ৰজাতিক অধিক উৎপাদনক্ষম বুলি কোৱা হৈছে। পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে ইয়াৰ খেতি কৰা হয়। 
    এখন দেশৰ অৰ্থনৈতিক দিশ টনকিয়াল কৰাৰ ক্ষেত্ৰত পাম তেলৰ খেতি অতি আশাব্যঞ্জক। এজোপা পাম গছৰ পৰা প্ৰায় ৬০ ৰ পৰা ৭০ বছৰ পৰ্য্যন্ত আয় পাব পাৰি। ইয়াৰ অৰ্থ হৈছে ৭০ বছৰলৈ পাম গছ জোপাই উৎপাদন দি থাকিব সক্ষম বা জীয়াই থাকে। বিশেষকৈ এচিয়া মহাদেশৰ ব্ৰাজিল , দক্ষিণ-পূব এচিয়াৰ দেশসমূহত, আফ্ৰিকা , ইন্দোনেছিয়া, মালয়েছিয়া আৰু ইউৰোপ মহাদেশৰ দেশ সমূহে এই খেতি নিয়মীয়াকৈ কৰি আহিছে। সেয়ে এইসমূহ দেশৰ পৰা বিভিন্ন দেশে পাম তেল আমদানি কৰি সুগন্ধি দ্ৰব্যৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ভাৰতেও প্ৰায় ৫০% পাম তেল ইন্দোনেছিয়া আৰু মালয়েছিয়াৰ পৰা আমদানি কৰে। 
    দেশখনত তেল আৰু সুগন্ধিজাত দ্ৰব্যৰ চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে , তেলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে হয়তো ভাৰতৰ প্ৰায়ভাগ ৰাজ্যই তৈল পামৰ খেতি কৰিবলৈ সাজু হৈছে। পূৰ্বৰ প্ৰৱন্ধটোত http://anuragblogadress.blogspot.com/2023/08/is-aggression-of-capitalist-blessing-or.html এই সম্পৰ্কে কিছু আলোচনা আগবঢ়োৱা হৈছিল। 
    অসমেও এই সোঁতত আগবাঢ়ি ৰাজ্যৰ অৰ্থনৈতিক দিশ টনকিয়ালৰ লক্ষ্য আগত ৰাখি তৈল পামৰ খেতি কৰিবলৈ মন মেলিছে। অসমৰ প্ৰতিখন জিলাতে পাম তেলৰ খেতি কৰিবলৈ ইতিমধ্যে আঁচনি প্ৰস্তুত কৰিছে। বিশেষকৈ ছন পৰা মাটি, খাল বিলৰ মাটি, গড়াবাদী মাটি, নৈৰ দাঁতিৰ আবাদী অঞ্চল আদিবোৰত পাম খেতি কৰিবলৈ মাটি অধিগ্ৰহণ কৰিছে অসম চৰকাৰে। কিন্তু পাম তেলৰ সম্পৰ্কে থকা অপকাৰী দিশৰ বাবে আমাৰ সমাজৰে একাংশই ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। অৱশ্যে ইয়াৰ সৈতে ৰাজনৈতিক কাৰণো নথকা নহয়। তদুপৰি চৰকাৰৰ কিছুমান হঠকাৰী আঁচনিয়ে অসমৰ জনগণৰ মনত বিপদৰ আশংকা ইতিমধ্যে কঢ়িয়াই আনিছে। উদাহৰণস্বৰূপে বৃহৎ নদী বান্ধৰ কথাকে ক'ব পৰা যায়। সোৱণশিৰি নদী বান্ধ, নেপকোৰ নদী বান্ধ, নেপালৰ কুৰিশ্চু নদীৰ নদী বান্ধ আদিয়ে ৰাইজক যিদৰে জ্বলাকলা খুৱাইছে,ঠিক একেদৰে তৈল পামৰ খেতিয়েও যে এদিন আমাক জ্বলাকলা খুৱাব সেয়া নিশ্চিত বুলি ভাবি ৰাইজ প্ৰতিবাদমুখৰ হৈ উঠিছে। বিপদৰ, আশংকাৰ গোন্ধ পাইছে ৰাইজে। এই আশংকা চৰকাৰে দূৰ কৰিব অপাৰগ হ'লে গণ আন্দোলনৰ সন্মূখীন হোৱাৰ সম্ভাৱনাই অধিক। উল্লেখিত কাৰণতে হয়তো এনে আঁচনিবোৰৰ ওপৰত জনসাধাৰণৰ বিশ্বাসযোগ্যতা হেৰাব ধৰিছে। 
    ই যি কি নহওঁক, অসমৰ কৃষি বিজ্ঞানী সকলৰ মতেও তৈল পামৰ খেতি অতি লাভজনক আৰু ভৱিষ্যতৰ আশংকাহীন খেতি। তেওঁলোকৰ মতে পাম তেলৰ খেতিত পাম গছৰ পুলি ৯.০ মিটাৰ ব্যৱধানত ৰোৱা হয় বাবে আন খেতিৰ বাবেও সুবিধা থাকে। যেনে - আদা, হালধি, নেমু, জাহাজী কল, বিলাহী, বেঙেনা, জলকীয়া, বিভিন্ন ফুলৰ খেতি আদি কৰিব পৰা যায়। গতিকে এই দৃষ্টিকোণেৰে চালে পাম তেলৰ খেতি উপযোগী আৰু সম্ভাৱনাময়। কিন্তু অপকাৰী দিশবোৰলৈ দৃষ্টি দিলে এই খেতি কৰা সমীচিন নহ'ব। অসমৰ নিচিনা সেমেকা জলবায়ুৰ অঞ্চলত সকলোতকৈ বেছি ধান খেতিয়ে উত্তম খেতি হিচাপে বিবেচিত। অপকাৰী দিশ সমূহ বিশেষকৈ শৰীৰৰ বাবে অপকাৰী দিশ কি কি আছে তলত আলোচনা কৰা হৈছে।
  উল্লেখ্য যে কাৰখানাত খাৰুৱা অপৰিশোধিত পাম তেলক ব্লিচিং, ডিঅ'ড্ৰাইজিং আৰু নিউট্ৰেলাইজিং কৰি ৰিফাইন পাম তেল তৈয়াৰ কৰা হয়। 
    
২/ পাম তেলৰ পৰা কি কি প্ৰস্তুত কৰা হয় ?
    মানুহৰ দৈনন্দিন জীৱনত বহুতো তৈলজাত সামগ্ৰীৰ প্ৰয়োজন হয়। তাৰ ভিতৰত বিভিন্ন সুগন্ধিজাত দ্ৰব্য ক্ৰীম, তেল, ছেম্পু, পূৰ্ব প্ৰস্তুতিত ভোজ্য সামগ্ৰী বা পেকেট খাদ্য বা শিশুৰবাবে পেকেট খাদ্য আদিয়ে প্ৰধান। উল্লেখিত সামগ্ৰী সমূহ পাম তেলৰ পৰা উৎপাদন কৰা হয়। তদুপৰি চকলেট, আইচক্ৰীম,টুথপেষ্ট আদিও পাম তেলৰ উৎপাদিত দ্ৰব্য। উল্লেখ্য যে বজাৰত উপলব্ধ বিভিন্ন পেকেটৰ খাদ্যত পাম তেল ব্যৱহাৰ কৰা হয়। মহিলা সকলৰ প্ৰিয় L'Oreal ৰ লিপিষ্টিক আৰু বিভিন্ন ক্ৰীমতো পাম তেলৰ উপাদান পাল্মিটিক এচিড (Palmitic Acid) ব্যৱহাৰ কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি চীন, ভাৰত, ইন্দোনেচিয়া, মালয়েছিয়া আৰু ইউৰোপৰ দেশসমূহেই পাম তেলৰ মুখ্য উপভোক্তা। 
   
৩/ কোন শ্ৰেণীৰ মানুহৰ বাবে ইয়াৰ প্ৰয়োজন ?
    সুগন্ধি দ্ৰব্য, টুথপেষ্ট,তেল আদি সকলো শ্ৰেণীৰ মানুহকে কম বেছি পৰিমানে প্ৰয়োজন হয়। সাম্প্ৰতিক সময়ত বিশ্বৰ দেশ সমূহত যিদৰে জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, তাৰ সমানুপাতে সুগন্ধি দ্ৰব্যৰো প্ৰয়োজন হৈ পৰিছে। বিভিন্ন ফুলৰ পৰা উৎপাদিত তেলে মানুহৰ এই প্ৰয়োজনীয়তা পূৰাবলৈ সক্ষম হোৱা নাই। তাৰ ওপৰত ভিত্তি কৰিয়েই আজি দেশ বিলাকে এই দিশত নতুনত্ব আনি অধিক লাভৱান হোৱাৰ মানসেৰে লগতে জনগণৰ আকাংক্ষিত চাহিদা পূৰণ কৰিবলৈ পাম তেলৰ খেতি কৰিবলৈ লৈছে। ভুল আমাৰে। কাৰণ আমি সুগন্ধি দ্ৰব্য, টুথপেষ্ট, শিশুৰ চকলেট, পেকেট খাদ্য আদিবোৰৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছো যে চৰকাৰে এই চাহিদা পূৰাবলৈ অন্য চিন্তা কৰিবলৈ একপ্ৰকাৰে বাধ্য হৈ পৰিছে।
৪/ পাম তেলৰ উপকাৰিতা আছেনে ?
    তৈল খেজুৰৰ জৰিয়তে ফাৰ্ষ্টফুড তৈয়াৰী কৰা হয়। ই বহুতো ৰাসায়নিক উপাদানেৰে গঠিত এবিধ উদ্ভিদ। পাম গছৰ পৰা উৎপাদিত তেল এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ। তদুপৰি পাম তেলত ভিটামিন A আৰু ভিটামিন E নিহিত থাকে । ভিটামিন A নিহিত থকাৰ বাবে ই দৃষ্টি শক্তি বৃদ্ধিকাৰক। হাড় শক্তিশালী কৰাত সহায় কৰে। আমাৰ চুলি, ত্বক আৰু নখৰ অৱস্থা উন্নতি ঘটায়। আনকি ইয়াক বিভিন্ন ঔষধ হিচাপেও ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। মহিলাৰ ডিম্বাশয়, জৰায়ু বা স্তনৰ ৰোগৰ উপশমৰ ক্ষেত্ৰত ই ফলদায়ক ঔষধ। 
      আন গছতকৈ ১০ গুণ বেছি পৰিমাণে অক্সিজেন গেছ জীৱ জগতক প্ৰদান কৰাত পাম গছে সহায় কৰে। এজোপা পাম গছৰ পৰা অতি কমেও ৬০ ৰ পৰা ৭০ বছৰ পৰ্য্যন্ত আয় কৰিব পৰা যায়। অৱশ্যে প্ৰদূষণ মুক্ত পৰিৱেশ সৃষ্টি, অৰ্থনৈতিক মুক্তি, বেকাৰ জীৱন অৱসান আদিৰ ক্ষেত্ৰতো ই অৰিহণা আগবঢ়ায়।
     তদুপৰি পামতেল এবিধ কলেষ্টৰেল মুক্ত ভোজ্য দ্ৰব্য, সেয়ে ইয়াৰ ব্যৱহাৰৰ ফলত দেহত কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস পায়। তাৰোপৰি পামতেলে উপকাৰী এইছ ডি এল কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি ঘটোৱাত সহায় কৰে। হৃদৰোগৰ প্ৰৱণতা হ্ৰাসতো ইয়াৰ অৰিহণা আছে। 
     
৫/ পাম তেলৰ অপকাৰী গুণ কি কি ?
   পাম তেলত নিহিত থকা বিভিন্ন উপাদান সমূহ নিৰীক্ষণ কৰি অধ্যয়ন কৰিলে বুজিব পাৰি যে পাম তেল মানুহৰ বাবে কিমান অপকাৰী। ইয়াৰ আগৰ প্ৰৱন্ধটোত পাম তেলৰ অপকাৰী দিশ কিছুমান উল্লেখ কৰিছিলোঁ। এতিয়া ইয়াৰ উপাদান সমূহৰ আৰু মানুহৰ শৰীৰত হ'ব পৰা পাৰ্শ্বক্ৰিয়া সম্পৰ্কে আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিম।
   পাম তেল বিভিন্ন উপাদানেৰে গঠিত এবিধ প্ৰাকৃতিক ভাৱে আহৰিত তেল। পাম তেলত নিহিত থকা বিশেষ উপাদান সমূহ হৈছে - প্ৰায় ৫০ শতাংশ সংপৃক্ত চৰ্বি থাকে য'ত ৪৪ শতাংশ পাল্মিটিক এচিড, ৫ শতাংশ ষ্টেৰিক এচিড আৰু ক্ষুদ্ৰ পৰিমাণৰ মাইৰিষ্টিক এচিড থাকে। আনহাতে ৪০ শতাংশ একক অসংপৃক্ত চৰ্বি (Monounsaturated fat) অলিক এচিড থাকে আৰু ১০ শতাংশ বহু অসংপৃক্ত চৰ্বি (Polyunsaturated fat) লিন'নিক এচিড থাকে। উল্লেখ্য যে চিকিৎসক সকলৰ মতে অতিৰিক্ত সংপৃক্ত চৰ্বিয়ে আমাৰ শৰীৰত হৃদৰোগৰ সমস্যা আৰু ষ্ট্ৰোকৰ সমস্যা সৃষ্টিত অৰিহণা যোগায়। মেদবহুলতাও পাম তেল ব্যৱহাৰৰ অন্যতম কাৰণ।
    পাম তেলৰ বহু পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হয়। বিজ্ঞানীসকলৰ ভাষ্য অনুসৰি 'ৰঙা পাম তেল'ত বিটা কেৰটিন নামৰ ৰাসায়নিক উপাদান বেছিকৈ থাকে। বিটা-কেৰোটিন (β- Carotene / C40H56) অৰ্থাৎ β-কেৰোটিন মুখ্যতঃ শৰীৰৰ চৰ্বি কলাত সঞ্চিত থাকে। অত্যাধিক β-কেৰোটিন ব্যৱহাৰৰ আটাইতকৈ সচৰাচৰ পাৰ্শ্বক্ৰিয়া হৈছে কেৰোটেনোডাৰ্মিয়া বা কেৰোটেনেমিয়া বা জণ্ডিছ , এক শাৰীৰিকভাৱে ক্ষতিহীন স্থিতি যি এপিডাৰ্মিছৰ আটাইতকৈ বাহিৰৰ স্তৰত কেৰোটিনইড জমা হোৱাৰ ফলত উদ্ভৱ হোৱা এক সুস্পষ্ট কমলা ছালৰ ৰং হিচাপে উপস্থাপন কৰে। অৰ্থাৎ বি কেৰোটিনৰ মাত্ৰা অধিক হ'লে শৰীৰত হালধীয়া বৰণ ধৰে যাক জণ্ডিছ বুলি কোৱা হয়। পাম তেলত এই উপাদান বেছি পৰিমাণে জমা থকাৰ বাবে পাম তেল এমাহৰ পৰা দুমাহ খোৱাৰ পাছত শৰীৰত অত্যধিক চৰ্বিয়ে বাহ সাজে যাৰ ফলত পাম তেলে মানৱ শৰীৰত ভীষণ ক্ষতি সাধন কৰাত অৰিহণা যোগায়। দেহত চৰ্বিৰ পৰিমাণ বাঢ়ে, ফলত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পায়। সেয়ে কোনো ৰোগীৰ দেহত চৰ্বিৰ মাত্ৰা হ্ৰাস পালে চিকিৎসকে বি কেৰোটিন খাবলৈ পৰামৰ্শ আগবঢ়ায়। 
    শিশু সকলৰ ক্ষেত্ৰতো এই প্ৰভাৱ দেখা যায়। মৰ্টন, চকলেট, জেমছ আদি পাম তেলৰ সহায়ত প্ৰস্তুত কৰা হয়। এইবোৰ শিশুৰ প্ৰিয় খাদ্য হিচাপে চিহ্নিত। শিশুৱে দিনত অতি কমেও দুটা চকলেট, জেমছ আৰু পেকেট খাদ্য খায়। ফলস্বৰূপে তেওঁলোকৰ শৰীৰত ক্ৰমান্বয়ে মেদৰ পৰিমাণ আমাৰ অলক্ষিতে বৃদ্ধি পাবলৈ ধৰে। সেয়ে আজিকালি শিশু অৱস্থাতেই ল'ৰা ছোৱালীবিলাকৰ শৰীৰত অত্যধিক মেদবহুলতাই দেখা দিয়ে। অৱশ্যে কেৱল পাম তেলৰ বাবে শিশুৰ মেদবহুলতা নহয়। আন বিভিন্ন প্ৰতিক্ৰিয়াৰ কাৰণো নিশ্চয় আছে। 
    গৰ্ভাৱস্থা সময়ত পাম তেলৰ ব্যৱহাৰ অতি বিপদজনক বুলি চিকিৎসকসকলে ক'ব খোজে। কাৰণ পাম তেলে অতিৰিক্ত মেদৰ সৃষ্টি কৰে। গৰ্ভাৱস্থা সময়ত উদৰত অতিৰিক্ত মেদ জমা হ'লে সন্তান জন্মত অসুবিধাই দেখা দিয়ে। তদুপৰি প্ৰসূতি গৰাকীৰ এনিমিয়া হোৱাৰ সম্ভাৱনাও থাকে। অৱশ্যে গৰ্ভাৱস্থাৰ শেষৰ দুমাহৰ সময়ছোৱাত পাম তেল ব্যৱহাৰ কৰিব পাৰে বুলি চিকিৎসকে পৰামৰ্শ আগবঢ়ায়। 
   
৬/ সামৰণি 
২০১৬ চনত বিশ্বব্যাপী পাম তেলৰ উৎপাদন আছিল আনুমানিক ৬২.৬ মিলিয়ন টন , ইয়াৰ বিপৰীতে ২০১৫ চনত কেৱল ৫৯.৯ মিলিয়ন টন উৎপাদন হৈছিল বুলি জনা যায়। যাৰ পৰিমাণ ২০১৫ চনতকৈ ২.৭ মিলিয়ন টন বেছি। আকৌ ২০১৬ চনত উৎপাদিত তেলৰ মূল্য আছিল আনুমানিক ৩৯.৩ বিলিয়ন ডলাৰ। ইয়াৰ পৰা বুজিব পাৰি যে সাম্প্ৰতিক সময়ত পাম তেলৰ চাহিদা কিমান বৃদ্ধি হ'ব ধৰিছে।  
    বহু দেশে পাম খেতি কৰিবলৈ এৰিছে বুলি কোৱা কথাষাৰ এশ শতাংশ অৰ্থাৎ সম্পূৰ্ণ সত্য নহয়। কাৰণ বৰ্তমানৰ সময়ত বিভিন্ন দেশে কৰি থকা পাম খেতিৰ সম্পৰ্কে অধ্যয়ন কৰিলে এই কথা গম পোৱা যায়। নতুনকৈ বহু দেশে পাম খেতি কৰিবলৈ সাজু হোৱা কথাহে গম পোৱা যায়। শ্ৰীলংকাই পাম তেলৰ খেতি আংশিক ভাৱে বন্ধ কৰিব বাধ্য হ'ল কাৰণ দেশখনৰ জনসাধাৰণে ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল। জনসাধাৰণৰ মতে পাম তেল খেতিয়ে শ্ৰীলংকাৰ জলবায়ু প্ৰদূষিত কৰিছে আৰু সাগৰৰ পানী ব্যাপক হাৰত শুকাই যোৱাৰ আশংকা আছে।
    কিন্তু এমিৰিটাছ অধ্যাপক আছোকা নুগাৱেলাই (চিইএ বিশেষজ্ঞ পেনেলৰ পৰামৰ্শদাতা) বিশেষজ্ঞ মংগাবেক কৈছিল যে "যদি আপুনি তেলৰ পাম খেতি-বাগান পৰিদৰ্শন কৰে, তেন্তে আপুনি জীৱনেৰে পৰিপূৰ্ণ স্বাস্থ্যকৰভাৱে প্ৰবাহিত সোঁতবোৰহে দেখিবলৈ পাব ।" 
    আকৌ প্ৰতিবাদকাৰীসকলৰ যুক্তি খণ্ডন কৰি নুগাৱেলাই কৈছিল , "শ্ৰীলংকাৰ প্ৰথম তেল পাম খেতি নাকিয়াডেনিয়া ইষ্টেটত ৫০ বছৰৰো অধিক সময় ধৰি চলি আছে, অথচ অঞ্চলটোত পানীৰ সমস্যাৰ কোনো লক্ষণ নাই । 2018 চনৰ এক অধ্যয়নত নাকিয়াডেনিয়াৰ এটা সোঁতত মিঠা পানীৰ মাছৰ এটা নতুন প্ৰজাতিৰ বৰ্ণনা এতিয়াও পোৱা গৈছে ; নুগাৱেলাই কৈছিল যে এইটোৱে প্ৰমাণ কৰে যে তৰ্ক কৰি পানী শুকাই যোৱা বুলি কোৱা কথাবোৰ ভিত্তিহীন। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন হৈছে পানীৰ উপলব্ধতা প্ৰভাৱিত কৰা এক অধিক সম্ভাৱনাপূৰ্ণ কাৰক, বৰষুণৰ প্ৰকাৰ অধিক অনিয়মীয়া হৈ পৰিছে। তেওঁ এইটোও কৈছিল যে মাটি খহনীয়াৰ বিষয়টো এটা ব্যৱস্থাপনা সমস্যা যাৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।"
    অৰ্থাৎ ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে পাম তেলৰ খেতিৰ বাবে পানী শুকাই যোৱা কথাটো সম্পূৰ্ণ ভাৱে সত্য নহয়। ৫০ বছৰো অধিক কৰা খেতিৰ পাছতো যদি পানী শোষণৰ কোনো প্ৰমাণিক তথ্য নাথাকে তেন্তে আমি কি ভাবিম ? 
    কিন্তু আমি নিশ্চিত ভাৱে ক'ব পাৰোঁ যে পাম তেলৰ খেতিৰ ফলত পেলনীয়া তেলৰ সামগ্ৰী আৰু পাম গছৰ শুকান পাতবোৰ চাফা কৰাৰ নামত যদি জ্বলাই দিয়া হয় তেন্তে ইয়াৰ পৰা নিৰ্গত হ'ব বহু পৰিমাণৰ কাৰ্বন মন-অক্সাইড গেছ যাৰ ফলত জলবায়ু প্ৰদূষিত হোৱাৰ ৯৯% সম্ভাৱনা আছে।
    ইন্দোনেছিয়াত আজি ২৫ - ৩০ বছৰ পৰ্য্যন্ত পাম তেলৰ খেতি কৰি আহিছে। তাকো সম্পূৰ্ণ পাহাৰৰ ওপৰত। য'ত পানীৰ পৰিমাণ কম। অথচ সেই পাহাৰতে সুন্দৰ সৰু বৰ, চৰকাৰী নতুবা ব্যক্তিগত পাম তেলৰ বাগান আজিও অক্ষুণ্ণ আছে। ইয়াৰ কাৰণ কি ? নিশ্চয় অত্যধিক পৰিমাণে পানী শুকাই যোৱা বুলি কৰা আশংকা মিছা প্ৰচাৰ। অৱশ্যে খেতিৰ অঞ্চল পাহাৰীয়া অঞ্চল হোৱা বাবে তাৰ পৰা পেলনীয়া বা বৰ্জিত সামগ্ৰী সমভূমি অঞ্চলৈ বৈ যোৱাত অধিক হাৰত প্ৰদূষণ হ'ব ধৰিছে। ইন্দোনেছিয়াৰ এটা ৱেবছাইটত পোৱা মতে পাম গছৰ তেলৰ পৰা লাভ হয় যিমান, পৰিৱেশ বিনষ্ট কৰে সিমান। ইণ্ডোনেছিয়াত পাম তেলৰ খেতিৰ বহনক্ষম আৰু স্থায়িত্বৰ বাবে ইণ্ডোনেছিয়া বহনক্ষম পাম তেল প্ৰণালী (আই.এছ.পি.ও.) প্ৰৱৰ্তন কৰা হৈছিল। সকলো উৎপাদকৰ বাবে প্ৰযোজ্য হোৱা পৰিৱেশ, শ্ৰমিক আৰু স্থানীয় জনসংখ্যাৰ সন্মান সম্পৰ্কীয় নিয়মবোৰৰ মানদণ্ড আৰু সন্মান নিশ্চিত কৰাৰ বাবে ই এক বাধ্যতামূলক প্ৰমাণপত্ৰৰ আঁচনি হিচাপে বিবেচিত। অৰ্থাৎ পাম তেলৰ খেতি কৰিবলৈ হ'লে বহনক্ষম ক্ষমতা অক্ষুণ্ণ ৰাখিব পৰা ব্যৱস্থাও খেতি কৰা কম্পেনীয়ে কৰিব লাগিব।
    শ্ৰীলংকাৰ এজন বিশেষজ্ঞৰ মতে 'পানী শুকাই যোৱাৰ সম্ভাৱনা আছে' বুলিহে ক'ব খোজে বিজ্ঞানী সকলে। পাম তেলৰ খেতিৰ সম্পৰ্কে অসমৰ বিজ্ঞ সমাজ আজিও নিমাত কিয় ? 
    সময়েহে ক'ব কৰ পানী কলৈ যায়। মুঠৰ ওপৰত বিষয়টো বৰ স্পৰ্শকাতৰ যেন অনুভৱ হ'লেও পাম তেলৰ খেতি যে নিশ্চিত সেয়া নকলেও হয়।
       এচামে বুজি উঠিলে যে অসমৰ মানুহবোৰ আবেগিক। সময় চেৰেক অতিক্ৰম কৰা মাত্ৰকে মূল ঘটনাৰ সম্পৰ্কে পাহৰি যায়। হঠাৎ দপদপাই জ্বলি উঠা জুই, নিমিষতে নিৰ্বাপিত হয়। সেই সুবিধা গ্ৰহণ কৰিছে পুঁজিপতি শ্ৰেণীয়ে । আনহাতে প্ৰয়োজনীয়তা পূৰাবলৈ বিকল্প চিন্তা কৰাত বাদে গত্যন্তৰ নাই।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Source : Wikipedia, Article Name -
             1. Oil palm production in Indonesia               2. Oil palm plantation Indonesia
             By Harryboyels of Indonesia.
Source: Wikipedia, Article Name -
              3. Mire , By Baylorfk of Indonesia.
Source : Aajtak Bangla, Article Name -
              4. Palm Oil Disadvantages
Source : Bangla Wikipedia , Article Name -                5. পাম তেল উদ্ভিজ্জ্য তেল 
                 By Kanik Bot of Bangladesh.
Source: MONGABAY, Article Name -
              6. Sri Lanka to ban palm oil.                           imports ,raze plantations over.                       environmental concerns.
                   By Malaka Rodrigo, 2021.
💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
   


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল। শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴




Thursday, August 10, 2023

পুঁজিপতিৰ আগ্ৰাসন আৰ্শীবাদ নে অভিশাপ ! Is the aggression of the capitalist a blessing or a curse ?

পুঁজিপতিৰ আগ্ৰাসন আৰ্শীবাদ নে অভিশাপ ! Is the aggression of the capitalist a blessing or a curse ?


   📌 ব্যাপক পুঁজিপতিৰ আগ্ৰাসনে এটা সময়ত ভাৰতক চানি ধৰিছিল আৰু ভাৰত পৰাধীনতাৰ শিকলিৰে বান্ধ খাই পৰিছিল। এয়া ইতিহাসৰ পাতত এতিয়াও বৰ বৰ হৰফেৰে লিপিবদ্ধ হৈ আছে। তৎকালীন সময়ৰ অৱস্থাৰ সৈতে আজিৰ অৱস্থা তুলনা কৰি চালে পুঁজিপতিৰ আগ্ৰাসনে অতি ভয়াৱহ ইংগিত বহন কৰা যেন লাগে। 
   ই যি কি নহওঁক, এখন ঠাইৰ উন্নতিত তথা অৰ্থনৈতিক উন্নয়নত পুঁজিপতি সকলৰ অৱদান অনস্বীকাৰ্য্য। পুঁজিপতি নহ'লে উদ্যোগ নহ'ব। উদ্যোগৰ অবিহনে ঠাই এখনৰ উন্নতি ত‌্বৰাণ্বিত নহ'ব। অৰ্থাৎ ঠাই এখনৰ উন্নতিত পুঁজিপতিৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। 
   মুখ্য মন্ত্ৰীৰ বক্তৃব্যৰ জৰিয়তে জনা গৈছে অসমৰ বিভিন্ন ঠাইত পাম খেতি কৰিব পুঁজিপতিয়ে। অৰ্থাৎ পাম খেতিৰ বাবে টকা বিনিয়োগ কৰিব। সৌসিদিনা শদিয়াৰ ব্ৰহ্মপুত্ৰৰ ড° ভূপেন হাজৰিকা হেতুৰ সমীপত অনুষ্ঠিত এখন বিৰাট জনসভাত সেই সংক্ৰান্ততে আহি বাবা ৰামদেৱে পাম গছ ৰোপণৰ শুভাৰম্ভ কৰে। এয়া নিশ্চয় আমাৰ বাবে তথা খাটি খোৱা লোকসকলৰ বাবে ভাল খবৰ। অতদিনে হাবি জংঘলেৰে পৰিপূৰ্ণ ঠাইডোখৰ চেলেতীয়া লোক সকলক অসম গণ পৰিষদে ১৯৯৪ চনতে আনি বহুৱালেহি। অথচ সেই খিনি মাটি চাফা কৰি অধিগ্ৰহণ কৰিবলৈ আমাৰ অসমীয়া তথা জনজাতিৰ লোকসকল টোপনিত মগ্ন আছিল। যি কি নহওঁক চৰকাৰৰ তৎপৰতাত শদিয়া সংযোগী দলং হ'ল আৰু তাৰ সমান্তৰালকৈ সেই উপকণ্ঠ অঞ্চলৰ হাবিৰে পৰিপূৰ্ণ ঠাইখন পৰিষ্কাৰ হ'ব ধৰিলে। ইয়াৰে কিছুমান মাটি স্থানীয় বঙালী, নেপালী, চেলেটীয়া, আহোম, কছাৰী লোকসকলৰ কিছুমানে চাফা কৰি অধিগ্ৰহণ কৰিলে। দলংৰ তলত প্ৰায় ১০০ বিঘামান মাটিত চৰকাৰে ভূপেন হাজৰিকাৰ স্মৃতিত মিউজিয়াম অথবা ভূপেন হাজৰিকাৰ অৱদান জীয়াই ৰখাৰ মানসেৰে সংগ্ৰাহলয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তৎকালীন সময়ৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰে। গতিকে সেই সিদ্ধান্ত কাৰ্যকৰী কৰিব লাগে কিন্তু তাৰ ঠাইত গুৰুত্ব পালে পাম খেতিয়ে। 
   পাম খেতি আৰু ইয়াৰ ফলাফল:
   পাম গছৰ খেতি হ'ল খেজুৰ অৰ্থাৎ পাম গছৰ তৈলজাত সামগ্ৰী উৎপাদনৰ খেতি। খেজুৰ এবিধ তৈলজাত উদ্ভিদ। অৱশ্যে কেইবাটাও জাত আছে।বিভিন্ন তৈল জাতীয় দ্ৰব্য উৎপাদনৰ বাবে এই খেতি ভাৰতৰ বিশেষকৈ সাগৰীয় দাঁতি-কাষৰীয়া অঞ্চলত কৰা দেখা যায়। পাম গছে তেল উৎপাদন দিয়াৰ লগতে ঠাইখণ্ডৰ শোভাৱৰ্দ্ধনতো অৰিহণা যোগায়। অৱশ্যে এই খেতিৰ কিছুমান অপকাৰী দিশো নথকা নহয়। 
   উল্লেখ্য যে এজোপা পৈনত তৈল উদ্ভিদ খেজুৰে দৈনিক তিনিশ লিটাৰ পৰ্যন্ত ভূগৰ্ভস্থ পানী শোষণ কৰে। তদুপৰি জনা মতে আন উদ্ভিদৰ দৰে ই কাৰ্বন ডাই অক্সাইড গেছ শোষণ নকৰি এৰিহে দিয়ে। অৰ্থাৎ পৰিৱেশত কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধি কৰাত সহায় কৰে। বিভিন্ন দেশৰ পৰিৱেশবিদ সকলে এনে মন্তব্য আগবঢ়ায়ছে বুলি চচিয়েল মিডিয়াতো ব্যাপকভাৱে প্ৰচাৰ অব্যাহত আছে। কিমান দূৰ সত্য আমি নজনাকৈয়ে মানি লম নে ? বহু জনৰ মতে অসমখন হ'বগৈ মৰুভূমি ! কিন্তু কেনেকৈ হ'ব ? প্ৰশ্নবোৰৰ আমি যথাযথ উত্তৰ বিচৰাও উচিত। যিবোৰ দেশত পাম খেতি কৰা হয় সেইবিলাক দেশ মৰুভূমিলৈ পৰিণত হৈছে নে? কথাবোৰ আমি ভালদৰে ভবা নাই নেকি ? পাম খেতিক লৈ এনে কিছুমান মনেসজা কাহিনী সৃষ্টি কৰা হৈছে যাতে পাম খেতি বন্ধ কৰিব পৰা যায়। বন্ধ হ'লে বা কৰিলে মোৰ ব্যক্তিগত ভাৱে একো লাভ বা লোকচান নহয়। সামগ্ৰিক ভাৱে চিন্তা কৰিলে নিশ্চয় লাভ লোকচানৰ সম্পৰ্কে অনুধাৱন কৰিব পৰা যাব। অৰ্থাৎ অসম কেনেকৈ লাভৱান হব আৰু এই খেতিৰ জৰিয়তে কিভাৱে উপকৃত হ'ব ? 

   পাম গছ বা খেজুৰ গছ। ইয়াৰ ইংৰাজী নাম Date Palm 🌴. উল্লেখ্য যে পাম গছ মানুহৰ বাবে বহু উপকাৰী উদ্ভিদ হিচাপে বিবেচিত। খেজুৰ গছৰ গুটিক খেজুৰ নামেৰে জনা যায়। খেজুৰ গছ প্ৰায় ২৫ মিটাৰ পৰ্যন্ত উখ হোৱা পৰিলক্ষিত হয়। গছৰ আগত থকা পাতৰ গুৰিত নাৰিকলৰ সদৃশ খেজুৰ ফল ধৰে । 

   খেজুৰ এবিধ অতি জনপ্ৰিয় আৰু উপকাৰী ফল। ইয়াৰ কিছু ঔষধি সম্পন্ন গুণো আছে। আমাৰ শৰীৰৰ বাবে এই ফল অতি লাগতিয়াল। তদুপৰি বিভিন্ন তৈলজাত সামগ্ৰী ইয়াৰ পৰা উৎপাদন কৰা হয়। ইৰাক, ইজিপ্তত দীৰ্ঘদিন ধৰি খেজুৰ খেতি কৰি আহিছে। শতকৰা ৬০ ভাগ খেতি আৰৱ দেশ সমূহত কৰা দেখা যায়। তদুপৰি ভাৰতৰ গৰম দেশ সমূহত এই খেতি কৰি আহিছে। বিশেষকৈ সাগৰীয় উপকণ্ঠ অঞ্চলসমূহ খেজুৰ খেতিৰ বাবে উপযোগী। উল্লেখ্য যে মৰুভূমিতো পাম খেতি ভাল হয়। মালয়েছিয়া , ইন্দোনেছিয়া আদি দেশে এই খেতি কৰে।
  
 উপকাৰী দিশ: 
  তৈল খেজুৰৰ জৰিয়তে ফাৰ্ষ্টফুড তৈয়াৰী কৰা হয়। ই বহুতো ৰাসায়নিক উপাদানেৰে গঠিত এবিধ উদ্ভিদ। পাম গছৰ পৰা উৎপাদিত তেল এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ। তদুপৰি ভিটামিন A নিহিত থকাৰ বাবে ই দৃষ্টি শক্তি বৃদ্ধিকাৰক। হাড় শক্তিশালী কৰাত সহায় কৰে। আমাৰ চুলি, ত্বক আৰু নখৰ অৱস্থা উন্নতি ঘটায়। আনকি ইয়াক বিভিন্ন ঔষধ হিচাপেও ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। মহিলাৰ ডিম্বাশয়, জৰায়ু বা স্তনৰ ৰোগৰ উপশমৰ ক্ষেত্ৰত ই ফলদায়ক ঔষধ। 
      আন গছতকৈ ১০ গুণ বেছি পৰিমাণে অক্সিজেন গেছ জীৱ জগতক প্ৰদান কৰাত পাম গছে সহায় কৰে। এজোপা পাম গছৰ পৰা অতি কমেও ৬০ ৰ পৰা ৭০ বছৰ পৰ্য্যন্ত আয় কৰিব পৰা যায়। অৱশ্যে প্ৰদূষণ মুক্ত পৰিৱেশ সৃষ্টি, অৰ্থনৈতিক মুক্তি, বেকাৰ জীৱন অৱসান আদিৰ ক্ষেত্ৰতো ই অৰিহণা আগবঢ়ায়।
     তদুপৰি পামতেল এবিধ কলেষ্টৰেল মুক্ত ভোজ্য দ্ৰব্য, সেয়ে ইয়াৰ ব্যৱহাৰৰ ফলত দেহত কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস পায়। তাৰোপৰি পামতেলে উপকাৰী এইছ ডি এল কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি ঘটোৱাত সহায় কৰে। হৃদৰোগৰ প্ৰৱণতা হ্ৰাসতো ইয়াৰ অৰিহণা আছে। 
     শিশু সকলৰ বিভিন্ন খাদ্য দ্ৰব্য প্ৰস্তুত কৰণত তৈল পামৰ গুটি ব্যৱহাৰ কৰা হয়। মৰ্টন, চকলেট আদিও তৈয়াৰ কৰা হয়।
     অপকাৰী দিশ: এইটো সত্য কথা যে প্ৰতিটো সামগ্ৰীৰে যিমতে উপকাৰী দিশ থাকে, সেইমতে অপকাৰী দিশো থাকে। তৈল পামৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াৰো অপকাৰী দিশ আছে। 
     
 📌+ এজোপা পৈনত তৈল খেজুৰে দৈনিক প্ৰায় তিনিশ লিটাৰ পৰ্যন্ত ভূগৰ্ভস্থ পানী শোষণ কৰে।
 + কাৰ্বণ ডাই অক্সাইড গেছ বা গ্ৰীণহাউচ গেছ নিৰ্গমন কৰে।
 + সহজে মাটিৰ অৱক্ষয় ঘটায়।
 + বন বা অৰণ্য ধ্বংসৰ ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰে
 + বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে।
 + তৈল পাম গছে মাটিৰ উৰ্বৰতা শক্তি খুব কম সময়তে হ্ৰাস কৰে। কাৰণ এই উদ্ভিদক বহু পৰিমাণে পুষ্টিৰ প্ৰয়োজন হয়। গতিকে মাটিৰ গুণাগুণত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।
 + জৈৱ বৈচিত্ৰ্যৰ ওপৰত আঘাত হানাৰ সম্ভাৱনা প্ৰকট হয়।
 + পাম গছৰ পৰা নিৰ্গত পাম তেলে পানী প্ৰদূষণত অৰিহণা যোগায়।

  উল্লেখ্য যে সমগ্ৰ বিশ্বত ২০০৬ বৰ্ষৰ হিচাপ মতে পাম তেল বাগানৰ ক্ৰমবৰ্ধমান মাটিৰ হিচাপ প্ৰায় ১১০,০০,০০০ হেক্টৰ ( ৪২০০০ বৰ্গমাইল) । বৰ্তমান সময়ত এই মাটিৰ পৰিমাণ দুগুণ বৃদ্ধি হ'ব ধৰিছে। উপসাগৰীয় দেশ সমূহত এই খেতিৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছে। কাৰণ বিশ্বৰ প্ৰতিখন দেশতেই পৰ্য্যাপ্ত পৰিমাণৰ সুগন্ধি দ্ৰব্য আৰু তেলৰ প্ৰয়োজন হয়। সুগন্ধি তেলৰ চাহিদা বৃদ্ধিৰ লগে লগে উৎপাদন কৰা কেঁচামালৰ চাহিদাৰো বৃদ্ধি পাবলৈ ধৰে। সেয়ে হয়তো বৰ্তমান সময়ত তৈল পামৰ খেতিৰ জনপ্ৰিয়তা বৃদ্ধি পাব ধৰিছে। 
  বহু লোকে এতিয়াও পাম খেতিক সমৰ্থন নকৰে। অসমৰ ক্ষেত্ৰতো একেই দশা। কাৰণ ইয়াৰ যিদৰে উপকাৰী দিশ আছে, একেদৰে অপকাৰী দিশো কম নহয়। পৰিৱেশবিদ বা প্ৰকৃতি প্ৰেমী সকলে ক'ব খোজে যে পাম গছ এবিধ মাৰাত্মক পুষ্টি শোষণকাৰী উদ্ভিদ। কিন্তু কেৱল পাম গছৰ ক্ষেত্ৰত কিয় বিৰোধিতা কৰা হৈছে। আমাৰ অৰণ্যত আন এনে কিছুমান গছ আছে যিয়ে পাম গছৰ সদৃশ পানী শোষণ কৰে। আকৌ প্ৰতিজোপা গছেই কম বেছি পৰিমাণে পানী শোষণ কৰে। তদুপৰি প্ৰতিজোপা আন গছৰো উপকাৰী আৰু অপকাৰী উভয় গুণেই আছে।
    পাম গছৰ খেতি কৰক কিন্তু তাৰ মাজে মাজে কদম গছ ৰোপণ কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে হ'ব পৰা আশংকা সমাধানত সহায়ক হয়। এশাৰী কদম আৰু আনশাৰী পাম গছ আকৌ এশাৰী কদম আৰু আনশাৰী পাম গছ অৰ্থাৎ এশাৰী এৰি এশাৰী পাম গছ ৰোপণৰ বা খেতিৰ ব্যৱস্থা কৰক। তেতিয়া পৰিৱেশো বিনষ্ট নহ'ব আৰু অৰ্থনৈতিক দিশৰ ক্ষেত্ৰতো স্থবিৰতা নাহিব। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
গাওঁ : আৰৈমূৰীয়া।

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴

Saturday, August 5, 2023

বিদ্যালয়ৰ অনাময় ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশত ইয়াৰ প্ৰভাৱ। The sanitation of the school and its impact on the educational environment.

1.নিৰ্বাচিত সমস্যা:

আমাৰ বিদ্যালয়ৰ অনাময় ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশত ইয়াৰ প্ৰভাৱ। The sanitation of the school and its impact on the educational environment.

২. সাৰাংশ:
হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ দূৰৱস্থাৰ অৱস্থাই ছাত্ৰ ছাত্ৰীসকলক অসুবিধাত পেলোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত কোনো ধৰণৰ উপযুক্ত পানীৰ ব্যৱস্থা এতিয়াও নাই। যাৰ বাবে প্ৰস্ৰাৱাগাৰৰ প্ৰস্ৰাৱৰ গোন্ধ শ্ৰেণী কোঠাৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰু সকলে পাব লগা হয়। তদুপৰি শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত দুৱাৰ খিৰিকী ভাল অৱস্থাত নাই। এইবোৰৰ পুনৰ মেৰামতিৰ প্ৰয়োজন আছে। আৰু পানীৰ টেপ লগোৱাৰ ব্যৱস্থা কৰা প্ৰয়োজন আছে। 
    উপৰোক্ত সমস্যা সমূ্হ সমাধান কৰিব পাৰিলে ছাত্ৰ ছাত্ৰী সকল লাভান্বিত হ'ব।


৩/ সূচীপত্ৰ
-------------------------------------------
বিষয়বস্তু। | পৃষ্ঠা 
                        -------------------------------------------
   ১/ পাতনি |
   ২/ ধাৰণা |
   ৩/ পৰিকল্পনা। |
⬇️
------------------------------------------


৪/ পাতনি:
'আমাৰ বিদ্যালয়ত অনাময় ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশত ইয়াৰ প্ৰভাৱ' শীৰ্ষক সমস্যাটো সমাধানাৰ্থে অধ্যয়ন কৰিবলৈ বিষয়বস্তু হিচাপে বাছনি কৰিলোঁ। আমাৰ বিদ্যালয়ত প্ৰত্যক্ষ হৈছে যে বিদ্যালয়ত বৰ্তমান উপযুক্ত শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ নাই। ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথককৈ প্ৰস্ৰাৱাগাৰ আছে যদিও এইবোৰ উপযুক্ত বুলি গণ্য কৰিব নোৱাৰি। কাৰণ বৰ্তমান থকা এই প্ৰস্ৰাৱাগাৰ বিলাকত পানী ঢলাৰ কোনো উপযুক্ত ব্যৱস্থা নাই।যাৰ বাবে প্ৰস্ৰাৱাগাৰৰ প্ৰস্ৰাৱৰ গোন্ধ বিদ্যালয়ৰ সকলোতে বিয়পি পৰে। যাৰ ফলত শৈক্ষিক পৰিৱেশতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। গতিকে এই সমস্যাটো সহজে কেনেকৈ সমাধান কৰিব পৰা যাব সেই সম্পৰ্কে জানিবলৈ এই সমস্যাটো অধ্যয়ন কৰিবলৈ লোৱা হৈছে। 
    ধাৰণা কৰা হৈছে যে সমস্যাটোৰ সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিব পাৰিলে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকল প্ৰত্যক্ষ ভাৱে লাভাৱান্বিত হ'ব। তদুপৰি শৈক্ষিক পৰিৱেশতো কোনো প্ৰভাৱ নপৰিব। 

    সৰু সৰু ল'ৰা-ছোৱালী বিলাকে দূপৰীয়া আহাৰ গ্ৰহণৰ পিছত বা আগত শৌচ খোলোচা কৰিবলৈ শৌচাগাৰ বিচাৰি কাষৰ মানুহৰ ঘৰত দৌৰা পৰিলক্ষিত হয়। কাৰণ বিদ্যালয়ত উপযুক্ত তথা ব্যৱহাৰৰ উপযোগী পায়খানাৰ অভাৱ। এই অভাৱ দূৰ কৰিবলৈ পূৰণা পায়খানা সমূহ পুন:নিৰ্মাণ কৰা প্ৰয়োজন। পায়খানাৰ দূৱাৰ, খিৰিকী আৰু পানীৰ ব্যৱস্থা কৰিলে এনে উল্লেখিত সমস্যাৰ পৰা হাত সাৰিব পৰা যাব। 

    এই সমস্যাটো সমাধান কৰিবলৈ এটা হ্ৰস্বম্যাদী আঁচনি বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিব লাগিব। প্ৰায় ১৫-২০ দিনৰ ভিতৰত সমস্যাটো সমাধান কৰিবলৈ পৰা যাব। ইয়াৰ বাবে মুঠ আনুমানিক খৰছৰ পৰিমাণ হ'ব প্ৰায় ২০,০০০/- টকা। এই টকা ছাত্ৰ ছাত্ৰী সকলৰ পৰা আধা সংগ্ৰহ কৰি আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষই আধা খৰছৰ ব্যৱস্থা কৰি সমাধান কৰিব পৰা যাব। নতুবা অভিভাৱক অভিভাৱিকা সকলৰ এই ক্ষেত্ৰত সহায় বিচাৰিব পৰা যাব। কাৰণ বহুতো বিদ্যালয়ত তেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি বিদ্যালয়ৰ কিছুমান কাম সমাধা কৰিবলৈ সক্ষম হোৱাৰ উদাহৰণ নথকা নহয়। 
    গতিকে সমস্যাটোৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পটো কৰিবলৈ সেয়ে চমু প্ৰয়াস কৰিছোঁ।

৫/ ধাৰণা:
   ক) সমস্যাটো সমাধান হ'লে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলো উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে।
   খ) শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰৰ দুৱাৰ খিৰিকী ভঙা। লগতে পানীৰ সু-ব্যৱস্থা নাই। এইবোৰৰ সমাধানৰ ব্যৱস্থা কৰিলে ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা পৰিব বুলি আশা কৰা হৈছে।
    

৬/পৰিকল্পনা :
ক) আমাৰ বিদ্যালয়ৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ নিৰীক্ষণ কৰি যাৱতীৱ ব্যৱস্থা প্ৰস্তুত কৰিম।
খ) খোৱা পানীৰ সু-ব্যৱস্থা সম্পৰ্কে অধ্যয়ন কৰি সমস্যাটোৰ সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম।


৭/ তথ্য সংগ্ৰহ আৰু বিশ্লেষণ:
সমস্যা চিনাক্তকৰণৰ কাৰণসমূহ:
ক) সমস্যাটো বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত।
খ) সৰু সৰু ল'ৰা-ছোৱালী বিলাকে শৌচ-প্ৰস্ৰাৱৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা দূৰীকৰণাৰ্থে ।
গ) সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এই দিশত কি অসুবিধা হৈছে তাক জনাৰ মানসেৰে।
ঘ) অনাময় দুব্যৱস্থাই শৈক্ষিক পৰিৱেশত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে তাক জনাৰ কাৰণে। 

সমস্যা চিনাক্তকৰণৰ কাৰণসমূহ:
----------------------------

ক) সমস্যাটো বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত।
খ) সৰু সৰু ল'ৰা-ছোৱালী বিলাকে শৌচ-প্ৰস্ৰাৱৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা দূৰীকৰণাৰ্থে ।
গ) সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এই দিশত কি অসুবিধা হৈছে তাক জনাৰ মানসেৰে।
ঘ) অনাময় দুব্যৱস্থাই শৈক্ষিক পৰিৱেশত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে তাক জনাৰ কাৰণে। 

সম্ভাব্য সমাধান সূত্ৰ:
------------------
ক) অনাময় ব্যৱস্থাৰ উন্নত কৰিবলৈ শৌচাগাৰ নিৰ্মাণ কৰা ।
খ) পৃথককৈ প্ৰস্ৰাৱাগাৰ নিৰ্মাণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা।
গ) প্ৰস্ৰাৱাগাৰৰ টেংকি মাটিৰ তলত আহল-বহলকৈ নিৰ্মাণ কৰা।
ঘ) নলীনাদৰ ব্যৱস্থা উন্নত মানদণ্ডৰ কৰা আৰু শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত টেপ লগোৱাৰ ব্যৱস্থা কৰা।

সমাধান লাভ কৰাৰ ফলত প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব পৰা লক্ষিত গোটসমূহ :
ক) ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকল লাভান্বিত হ'ব।
খ) শৈক্ষিক পৰিৱেশ উন্নত হোৱাত প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব।

সমাধান লাভ কৰা ফলত পৰোক্ষভাৱে লাভান্বিত
হ'ব পৰা লক্ষিত গোটসমূহ:
ক) বিদ্যালয়ৰ সৈতে সম্পৰ্কিত আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ লাভ হ'ব পাৰে।
খ) বিদ্যালয়ৰ সৈতে সম্পৰ্কিত অভিভাৱক অভিভাৱিকা আৰু স্থানীয় ৰাইজ পৰোক্ষভাৱে লাভান্বিত হ'ব।

সমাধানৰ বাবে প্ৰয়োজনীয় সময় সীমা: এই সমস্যাটো সমাধান কৰিবলৈ অতি কমেও পাঁচ ছয়মাহৰ প্ৰয়োজন হ'ব যদিও ইয়াৰ প্ৰাথমিক সমস্যা সমূহ ১৫-২০ দিনৰ ভিতৰতে সমাধান কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

৮/ তুলনামুলক অধ্যয়ন :
      বিদ্যালয়ত যিমান শৌচাগাৰ-প্রস্রাৱগাৰ আছে, সেইবোৰৰ পৰিৱেশ লেতেৰা হ'লে তাত শৌচ-প্রস্রাৱ কৰাটো প্রায় অসম্ভৱ হৈ পৰে। শৌচ-প্রস্রাৱৰ পৰাই নানা ধৰণৰ ৰোগ হয় বুলি জনাৰ পাছতো ছাত্ৰ ছাত্ৰীসকল এইবোৰ চাফ-চিকুণকৈ ৰখাৰ বাবে যত্নপৰ নহ'লে বিদ্যালয়খন কেতিয়াও সুস্থ হৈ নুঠে। যিহেতু যুৱ শক্তিয়েই দেশৰ শক্তি, তেওঁলোকেই সৃষ্টিশীল, নির্মাণকাৰী আৰু ভৱিষ্যতৰ নেতা৷ তেওঁলোকে ভৱিষ্যতক সলনি কৰি পেলাব পাৰে যদিহে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ -সবল হয় আৰু যদিহে তেওঁলোকৰ থাকে সিদ্ধান্ত লোৱাৰ ক্ষমতা৷ যিহেতু স্বাস্থ্যৰ লগত চাফ-চিকুণতাৰ কথা সাঙোৰ খাই থাকে, সেয়ে স্বচছতা অৱিহনে সু-স্বাস্থ্য আশা কৰিব নোৱাৰি৷ সেয়েহে আমি আটায়ে বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ অভ্যাস গঢ়ি তোলিব লাগে। 
     আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল প্ৰায় ভাগ নিম্ন দৰিদ্ৰ সীমাৰেখাৰ অধীনৰ । তেওঁলোকৰ কিছুমানে যতে ততে শৌচ প্ৰস্ৰাৱ কৰাৰ মানসিকতা আছে। এই মানসিকতা আঁতৰোৱাৰ ব্যৱস্থা বিদ্যালয়ত কৰিব লাগিব। ছাত্ৰ ছাত্ৰী সকলক অনাময়ৰ উপকাৰিতা সম্বন্ধে বুজাব লাগিব। সেয়ে ছাত্ৰ ছাত্ৰী সকলক অনাময়ৰ এটা ভাল পৰিৱেশ বিদ্যালয়ৰ কতৃপক্ষই দিব লাগিব। ইয়াৰ বাবে বেয়া হৈ থকা শৌচাগাৰ, প্ৰস্ৰাৱাগাৰ উন্নত কৰি বনোৱাৰ ব্যৱস্থা কৰিব লাগে।
     আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ উত্তৰ দিশত এটা শৌচ-প্ৰস্ৰাৱাগাৰ আছে। কিন্তু ই উন্নত মানদণ্ডৰ নহয়। শ্ৰেণীৰ পাঠদানৰ সময়ত ইয়াৰ পৰা দুৰ্গন্ধ আহি শ্ৰেণীৰ পৰিৱেশ বিনষ্ট কৰি তোলে। ইয়াৰ মূল কাৰণ হৈছে প্ৰস্ৰাৱাগাৰত পানী নঢলা। প্ৰস্ৰাৱাগাৰত পানীৰ ব্যৱস্থা নাই। সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰস্ৰাৱাগাৰত আৰু শৌচাগাৰত পানী টেপৰ সু-ব্যৱস্থা কৰা অত্যন্ত প্ৰয়োজন। এই কাম প্ৰায় সপ্তাহ দিনৰ ভিতৰত সমাপ্ত কৰিব পৰা যাব। টইলেটটো পুনৰ মেৰামতি কৰি পানীৰ ব্যৱস্থা কৰিবলৈ অত্যধিক ২০০০০ টকামান প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে। 
     একেদৰে দক্ষিণ দিশত থকা ছোৱালীৰ প্ৰস্ৰাৱাগাৰো উপযুক্ত নহয়। দশম আৰু নৱম শ্ৰেণীৰ বাবে থকা শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰো বৰ উন্নত মানদণ্ডৰ নহয় আৰু পানীৰ সু-ব্যৱস্থা নাই। গতিকে এই সমস্যাটো জৰুৰী বুলি গণ্য কৰি সমাধানৰ দিহা কৰিব লাগে। বিদ্যালয় কৰ্তৃপক্ষই সমস্যাটো সমাধানাৰ্থে উৰ্দ্ধতন কৰ্তৃপক্ষক জনাব লাগিব। নতুবা অতি কম খৰছত,প্ৰায় ২০০০০/= টকাত সমস্যাটো সমাধান কৰি তুলিব পাৰে।
 
 
 
৯/ ফটো : 


১০/ মন্তব্য 
   পৰিষ্কাৰ-পৰিচছন্নতা সু-স্বাস্থ্যৰ মূলমন্ত্র৷ ই বহু ৰোগক নিলগত ৰাখিব পাৰে৷ সেয়ে পৰিষ্কাৰ পৰিৱেশ সভ্য সমাজ গঢ়াৰ প্রথম চর্ত৷ সম্প্রতি চাফ-চিকুণতা এখন বিদ্যালয়ৰ বা এখন ৰাজ্য বা এখন দেশৰ বিষয় হৈ থকা নাই৷ বর্তমান ই এটা আন্তঃৰাষ্ট্রীয় বিষয়৷ ৰাষ্ট্রসংঘই ১৯৮০ৰ পৰা ১৯৯০ চনলৈকে এই দশকটো ‘ইণ্টাৰনেশ্যনেল ডিকেড ফৰ ড্রিংকিং ৱাটাৰ এণ্ড ছেনিটেশ্যন ১৯৮০-৯০’ ঘোষণা কৰে৷ ২০১৪ চনৰ দুই অক্টোবৰৰ পৰা মহাত্মা গান্ধীৰ জন্মদিনটোত ভাৰত চৰকাৰে আৰম্ভ কৰিলে স্বচছ ভাৰত অভিযান৷ কেন্দ্রীয় চৰকাৰে শুভাৰম্ভ কৰা ‘স্বচছ ভাৰত অভিযান’ নিঃসন্দেহে এক অত্যন্ত প্রাসংগিক আৰু গুৰুত্বপূর্ণ আঁচনি৷ মুকলি ঠাইত মলত্যাগ কৰাৰ বদ অভ্যাস বন্ধ কৰা, শৌচালয়ৰ ব্যৱহাৰ আৰু নির্মাণ কার্য নিৰীক্ষণ, শৌচালয় ব্যৱহাৰ সম্পর্কে সজাগতা সৃষ্টি, অনাময় আঁচনিৰ সফলতাৰ বাবে গ্রামাঞ্চলত কর্মৰত গোটৰ দ্বাৰা সেৱা প্রদান আদি হৈছে স্বচছ ভাৰত অভিযানৰ লক্ষ্য। এই আচঁনিৰ সৈতে সংগতি ৰাখি আমাৰ বিদ্যালয়তো অনাময় ব্যৱস্থাৰ উন্নত মানদণ্ডৰ কৰি তোলা উচিত হ'ব। আমাৰ বিদ্যালয়ৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাল শৌচাগাৰ অভাৱৰ বাবে প্ৰস্ৰাৱাগাৰতে মধ্যাহ্ন ভোজনৰ পিছত মল ত্যাগ কৰি দিয়ে।যাৰ বাবে পৰিৱেশটো দূষিত হৈ পৰে। এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰৰ উন্নয়নৰ বাদে গত্যন্তৰ নাই। এই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হ'লে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল লাভান্বিত হোৱাৰ লগতে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ভাল হ'ব।
   
লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক :  দুদুল সোণোৱাল।


🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴





🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴




Friday, August 4, 2023

ড্ৰাগছ, ইয়াৰ ভয়াৱহতা আৰু প্ৰতিকাৰ। Drugs, its horrors and remedies.

ড্ৰাগছ, ইয়াৰ ভয়াৱহতা আৰু প্ৰতিকাৰ। Drugs, it's horrors and Remedies.


সূচীপত্ৰত:
১/ ড্ৰাগছ কি?
২/ ইয়াৰ ভয়াৱহতা কেনেধৰণৰ?
৩/প্ৰতিকাৰৰ ব্যৱস্থা আৰু সজাগতা বৃদ্ধি ?
৪/উপসংহাৰ

১/ ড্ৰাগছ কি ?
   
      ড্ৰাগছ হ'ল এবিধ অতি মাৰাত্মক নিচাজাতীয় দ্ৰব্য। যি দ্ৰব্য সেৱন কৰিলে বা কোনো ব্যক্তিৰ শৰীৰত প্ৰৱেশ ঘটিলে শৰীৰত বিভিন্ন পৰিৱৰ্তন আহি পৰে। এইখিনিতে মনতৰাখিব লগীয়া কথা যে, আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সকলো ঔষধকে ড্ৰাগছ বুলিয়ে কোৱা হয়। কিন্তু এইবোৰ নিচাজাতীয় দ্ৰব্য নহয়। ঔষধ হিচাপে ব্যৱহৃত ড্ৰাগছ হ'ল উপকাৰী বা ব্যক্তিৰ হিতৰ নিমিত্তে ব্যৱহাৰ কৰা কিছুমান ঔষধ। কিন্তু দ্ৰব্যবিধ যেতিয়া মাৰাত্মক নিচাজাতীয় হয় তেতিয়া তাক ড্ৰাগছ বুলি অভিহিত কৰা হয়। সাম্প্ৰতিক সময়ত ড্ৰাগছ এবিধ সামাজিক ব্যাধি ৰূপে পৰিগণিত হৈছে। যি ব্যক্তিয়ে এবাৰ ড্ৰাগছ সেৱন কৰে,সি সহজে এৰা অসম্ভৱ হৈ পৰে।
     ড্ৰাগছ হ'ল এবিধ নিচাজাতীয় দ্ৰব্য। বিশেষকৈ সুৰা, ধপাঁত, ক'কেইন, ভাং, হিৰ'ইন,কেফেইন,কানি, আফিং আদি মাৰাত্মক নিচাজাতীয় দ্ৰব্যৰ উদাহৰণ। এইবিলাকক নাৰ্কটিক ড্ৰাগছ বুলিও কোৱা হয়। নাৰ্কটিক শব্দৰ অৰ্থ হৈছে চেতনাহীন অৱস্থা । ই গ্ৰীক শব্দ নাৰ্কেৰ পৰা উৎপত্তি। 
     ড্ৰাগছ সেৱনে ব্যক্তি এজক তিনি ধৰণে প্ৰভাৱান্বিত কৰে। ক) উত্তেজক হিচাপে মগজুৰ ক্ৰিয়া ত্বৰান্বিত কৰি তোলে। খ) বিষাদগ্ৰস্ততা বৃদ্ধিত অৰিহণা যোগায়। গ) মগজুক ভ্ৰমাত্মক দিশলৈ ঠেলি পঠায়। 
     অৰ্থাৎ ব্যক্তি এজনে ড্ৰাগছ সেৱন কৰা মাত্ৰকে মগজুত উত্তেজনা বৃদ্ধি পায়। এই উত্তেজনা বৃদ্ধিৰ পিছত পুনৰ ড্ৰাগছ সেৱন কৰিবলৈ মন যায়। ফলত ইয়াৰ ধাৰাবাহিকতা বৃদ্ধি পায়। 
     কিছুদিন ড্ৰাগছ সেৱন কৰা পিছত লাহে লাহে মগজুৰ বিকল হৈ আহে। মগজুৱে সঠিক মতে কাম নকৰা হ'ব ধৰে। কথাবোৰ পাহৰি যায়। নতুন কথা চিন্তা কৰিবলৈ অসক্ষম হৈ পৰে। 
     আকৌ মাহ বছৰ চেৰেক অতিক্ৰম কৰা পিছত মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। মগজুৱে একেবাৰে কাম নকৰা অৱস্থাৰ সৃষ্টি হয়। এই পৰ্যায়ত সঠিক মতে ডাক্তৰৰ পৰামৰ্শ নললে মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।
   তদুপৰি বেজিৰে ড্ৰাগ্‌ছ লোৱাৰ বাবে এইড্ৰ লগতে বিভিন্ন ৰোগৰ বীজাণু দেহত সংক্রমণ ঘটে। বিশেষকৈ দুৰ্বলতা,  পেটৰ বিষ, ক্ষয় ৰোগ, হেপাটাইটিছ, শৰীৰৰ কঁপনি, অস্বাভাৱিক ৰক্তচাপ, যকৃতৰ বিভিন্ন ৰোগ, দৃষ্টিহীনতা, নিদ্রাহীনতা, আভোক আদি বিভিন্ন ৰোগৰ কাৰকে দেহত ঠাই লয়। আনকি কেন্সাৰ ৰোগৰ কাৰকেও কেতিয়াবা ড্ৰাগ্‌ছ সেৱনকাৰীৰ দেহত দেখা দিব পাৰে। গতিকে ড্ৰাগছ এবিধ অতি মাৰাত্মক নিচাজাতীয় দ্ৰব্য।
     
২/ ইয়াৰ ভয়াৱহতা কেনেধৰণৰ?
    সাম্প্ৰতিক সময়ত নিচাজাতীয়  ড্ৰাগছ অতি ভয়াৱহ সামাজিক ব্যাধি ৰূপে পৰিগণিত হৈছে। সমগ্ৰ বিশ্বজুৰি ড্ৰাগছৰ ভয়াৱহতাই চানি ধৰিছে। এছিয়া মহাদেশৰ পাকিস্তান , চীন,ভাৰত আদি বিভিন্ন দেশবোৰৰ নাগৰিক সকল ড্ৰাগছৰ আসক্তিত নিমজ্জিত হ'ব ধৰিছে। বিশেষকৈ দেশৰ যুৱচাম ড্ৰাগছৰ কৱলত সহজে পৰা পৰিলক্ষিত হয়। এই বৰবিহ ড্ৰাগছ ভাৰতৰ বিভিন্ন ঠাইত ইতিমধ্যে বিয়পি পৰিছে। ভাৰতবৰ্ষলৈ অবৈধভাৱে পাকিস্তান, বার্মা, থাইলেণ্ড, আফগানিস্তান, হংকং আৰু বহুতো লেটিন আমেৰিকান দেশৰ পৰা চোৰাং সৰবৰাহ ঘটে বুলি জনা যায়। অসমতো এই সৰবাহে প্ৰৱলভাৱে আঘাত কৰিব ধৰিছে। অসমৰ চুকে কোণে এতিয়া ড্ৰাগছৰ ভয়াৱহতাই ছানি ধৰিছে। গাওঁ চহৰ সকলোতে ড্ৰাগছৰ কেৱল ড্ৰাগছৰ বাবেই বহু ঘটনা ঘটিব লাগিছে। বাতৰি কাকত, দূৰদৰ্শন, বিভিন্ন সামাজিক মাধ্যমত অহৰহ কেৱল ড্ৰাগছৰ ভয়াৱহতাৰ বাতৰিয়ে পোৱা যায়। কোনোবাই খাইছে আন কোনোবাই ব্যৱসায়ত নামিছে। লাখ টকা, কোটি টকাৰ ড্ৰাগছ পুলিচে জব্দ কৰি জ্বলাই দিছে। ড্ৰাগছ ব্যৱসায়ীক পুলিছে থানাত নিক্ষেপ কৰিছে। অথচ ড্ৰাগছ ব্যৱসায়ী সকলে অত্যধিক টকাৰ লোভত ৰমৰমীয়া ব্যৱসায় চলায়ে আছে। যাৰ ফলত সৃষ্টি হৈছে সমাজত অশান্তি । ড্ৰাগছ সেৱনৰ ফলত অকালতে হেৰুৱাব লগীয়া হৈছে বহু সম্ভাৱনাময়  জীৱন পৰ্যন্ত । সৌসিদিনা নগাঁওত ঘটি যোৱা জোনমণি ৰাভাৰ হত্যাকাণ্ডও ড্ৰাগছৰে সম্পৰ্কিত এটা অপেন ছিক্ৰেট হত্যাকাণ্ড । 
    দেখা যায় যে ড্ৰাগ্‌ছ ব্যৱসায়ীৰ প্ৰৰোচনাত পৰি সাধাৰণতে অধিক টকা থকা পিতৃ-মাতৃৰ সন্তানসকলেই প্ৰথমে ড্রাগ্‌ছ সেৱন আৰু ড্ৰাগছ ব্যৱসায়ৰ ক্ষেত্ৰত আগভাগ লৈছে, লগতে কিছুমান নিৰপৰাধী তথা দৰিদ্ৰ যুৱচামক লোভ দেখুৱাই ড্ৰাগ্‌ছ সেৱন আৰু বিক্ৰীৰ বাবে বাধ্য কৰাইছে। ড্ৰাগছ সেৱনৰ ফলাফল অতি ভয়ানক। এবাৰ সেৱন কৰা লোকে পুনৰ সহজে এৰা সম্ভৱ নহয়। এবাৰ ড্ৰাগছ সেৱন কৰা ব্যক্তিৰ লাহে লাহে আসক্তি বাঢ়ি যায় আৰু নোখোৱাকৈ থাকিব নোৱাৰা হয়। ব্যক্তিজনৰ হাতত টকা নাথাকিলে ঘৰৰ পিতৃ-মাতৃ, ভাই-ককাই, বাই-ভনী কাকো নিচিনা হয়। দাবী হুমকি দি টকা নিবলৈ কুণ্ঠাবোধ নকৰে। ফলত ঘৰখনত অশান্তিৰ সৃষ্টি হয়। আৰু এই অশান্তি ক্ৰমান্বয়ে বিয়পি পৰে সমাজৰ মাজলৈ। 
    অত্যধিক ড্ৰাগছ সেৱনৰ ফলত ব্যক্তিৰ মগজুৰ বিকল আৰু স্বাস্থ্যৰ অৱনতি ঘটিব ধৰে। যাৰ ফলত ব্যক্তিজনৰ কম বয়সতে মৃত্যু অনিবাৰ্য হৈ উঠে। সেয়েহে এনে নিচাজাতীয় দ্ৰব্য সেৱন কৰা অনুচিত আৰু আনকো এনে দুষ্কাৰ্যৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া উচিত। 
    ড্ৰাগছ গ্ৰহণকাৰীয়ে সাধাৰণতে বেজিৰ ছিৰিঞ্জৰ দ্বাৰা দেহৰ ৰক্ত সিৰাত, ধূম্ৰপান নাইবা গিলি খোৱা আদি বিভিন্ন পদ্ধতিৰে গ্ৰহণ কৰে। আমাৰ দেশত ড্ৰাগ্‌ছৰ আদান-প্রদান হয় সাধাৰণতে পৰিত্যক্ত ঘৰ, নিৰ্জন ঠাই, হোটেল, পার্ক আদিত। ড্রাগ্ছ যিহেতু ব্যয়বহুল নিচাযুক্ত দ্রব্য, এই দ্ৰব্য দুখীয়া শ্ৰেণীৰ বাবে সহজসাধ্য নহয়। সেয়ে ধনীক শ্ৰেণীটোৱে ইয়াৰ পয়োভৰ বৃদ্ধি কৰিছে বুলি ন দি ক'ব পাৰি। আমাৰ যুৱচামে অৰ্থাৎ নৱপ্ৰজন্ম ইয়াৰ কবলত অতি সোনকালে পৰে। অতি সহজ আৰু কম পৰিশ্ৰমত টকা পোৱাৰ মানসিকতা থকাৰ বাবে নিশ্চয় এনে বেয়া ব্যৱসায়ৰ প্ৰতি আমাৰ নৱপ্ৰজন্ম আকৰ্ষিত হয় বুলি ক'ব পাৰি।


৩/প্ৰতিকাৰৰ ব্যৱস্থা আৰু সজাগতা বৃদ্ধি ?
    সাম্প্ৰতিক সময়ত ড্ৰাগছ আসক্তি সমাজৰ এক ভয়াৱহ ব্যাধি। ড্ৰাগছ আসক্তিৰ ফলত কেৱল ব্যক্তিগত জীৱনে ধ্বংস হোৱা নাই। ইয়াৰ লগতে দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক, আধ্যাত্মিক, সামাজিক আদি সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ইয়াৰ পৰিকাঠামোত বাৰুকৈয়ে আঘাত হানিছে। গতিকে এই ব্যাধিক নিৰ্মূল কৰিবলৈ আমি সকলোৱে উঠিপৰি লগাৰ সময় সমাগত। আজিৰ যুৱশক্তি কালিলৈ দেশৰ ধৰণী। গতিকে যুৱশক্তিৰ ওপৰতে ইয়াৰ প্ৰতিৰোধৰ প্ৰাথমিক উপায় বিদ্যমান। ছাত্ৰ সমাজ আৰু যুৱ সমাজৰ সৎকর্মই, সৎচিন্তাই দেশৰ এই ধ্বংসকাৰী ব্যাধি নাশ কৰাত সহায় কৰিব। তেওঁলোকে সৎ চিন্তাত নিজকে প্রবৃত্ত কৰাব লাগিব । দ্বিতীয়তে, পিতৃ-মাতৃ, সমাজৰ অগ্ৰণী লোক, শিক্ষক তথা চৰকাৰখনৰ গুৰুদায়িত্ব আছে । নিজ সন্তানৰ প্ৰতি পিতৃ-মাতৃ সচেষ্ট হ'ব লাগিব। সন্তানে ক'ত কি কৰে, ক'ত কি খায়, কলৈ যায় আদিৰ ক্ষেত্ৰত সদায় লক্ষ্য ৰাখিব লাগে। ড্ৰাগছৰ ভয়াৱহতাৰ সম্পৰ্কে নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিব লাগে । যাতে তেওঁলোকে কেতিয়াও এনে ব্যাধিৰ সংস্পৰ্শলৈ নাহে। সমাজৰ অগ্ৰণী লোকসকলে সজাগতা সভা অনুষ্ঠিত কৰি, বাটৰ নাট প্ৰদৰ্শন কৰি ড্ৰাগছৰ ভয়াৱহতাৰ সম্পৰ্কে ৰাইজক বাৰ্তা প্ৰেৰণ কৰিব লাগিব। সাংবাদিক, বুদ্ধিজীৱী,লেখক সাহিত্যিক সকলে ড্ৰাগছৰ ভয়াৱহতাৰ সম্পৰ্কে অবিৰত গতিত সতৰ্কিত লেখা লিখি সজাগতা সৃষ্টি কৰিব পাৰে। একেদৰে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ চৌপাশৰ ছাত্ৰ-ছাত্ৰী সকলক সজাগ আৰু সচেতন কৰি তুলিবলৈ শিক্ষক সকলে বিভিন্ন পন্থা অৱলম্বন কৰিব লাগিব। বিদ্যালয়ৰ পৰ্যায়ত প্ৰাণ:সভাত ইয়াৰ কু-ফলৰ সম্পৰ্কে কোৱাৰ বাবে এটা শিতান সন্নিৱিষ্ট কৰা প্ৰয়োজন। একেদৰে মহাবিদ্যালয়ৰ পৰ্যায়ত ছাত্ৰ একতা সভা আৰু শিক্ষকৰ সহযোগত মাহেকীয়া বা পষেকীয়া ভিত্তিত সজাগতা সভা অনুষ্ঠিত কৰা উচিত। বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী সকলে বিশ্ববিদ্যালয়ৰ পৰ্যায়ত আৰু বিভিন্ন সামাজিক মাধ্যমত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়াস কৰা উচিত।
    প্ৰতিজন সচেতন নাগৰিকে যদি কুফল বা ভয়াৱহতাৰ সম্পৰ্কে জ্ঞাত হয়, ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ পণ লয়,তেন্তে সমাজৰ এই ব্যাধি নিজে নিজে আঁতৰিব সেয়া নিশ্চিত।
    
৪/ উপসংহাৰ 
      পুলিচে ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমতো ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। ঠায়ে ঠায়ে ড্ৰাগছ ব্যৱসায়ী ধৰা খাইছে। বহু কুখ্যাত ড্ৰাগছ মাফিয়াৰ কোটি টকাৰ ড্ৰাগছ ধৰি নষ্ট কৰা হৈছে। অথচ নিৰ্মূল হোৱা নাই ড্ৰাগছ মাফিয়াৰ কু-চক্ৰ। কমক চাৰি ইয়াৰ প্ৰকোপ ন ন ঠাইত বৃদ্ধিহে পাইছে। 
      চহৰৰ পৰা গ্ৰাম্য অঞ্চললৈ ড্ৰাগছৰ বেহা বিয়পি পৰিছে। সম্ভাৱনাময় যুৱক সকল তথা দৰিদ্ৰ শ্ৰেণীৰ লোক সকল ইয়াৰ কৱলত পৰি ধ্বংস হৈছে। প্ৰায় প্ৰতিদিনেই Public app ত কাকপথাৰৰ বিভিন্ন অঞ্চলত, তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত পুলিচে ড্ৰাগছ ব্যৱসায়ী আতক কৰা সম্পৰ্কে বাতৰি পাই থাকোঁ । অসমৰ বিশেষকৈ নগাঁও, গুৱাহাটী আদিয়েই হৈছে প্ৰধান ড্ৰাগছৰ ঘাটি। গতিকে এনে ঠাইত পুলিচে অধিক কটকটীয়া পহৰাৰ ব্যৱস্থা কৰা উচিত। ৰেলৱে পুলিচ সকলেও তৎপৰতা প্ৰদৰ্শন কৰিছে যদিও আজিলৈ ড্ৰাগছৰ বেহা নিৰ্মূল হোৱা নাই। এয়া সমাজৰ বাবে নিশ্চয় নেতিবাচক খবৰ। ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি আমি সকলোৱে সৎ চিন্তা চৰ্চাৰে ড্ৰাগছ নিৰ্মূল অভিযানত অংশগ্ৰহণ কৰা উচিত।


🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক :  দুদুল সোণোৱাল।
শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹








 

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts