Sunday, May 18, 2025

প্ৰাকৃতিক সম্পদ সংৰক্ষণ , জনসজাগতা আৰু বহনক্ষম জীৱনশৈলীত ব্যক্তিৰ ভূমিকা। The role of individuals in conservation of natural resources, public awareness and sustainable lifestyle.

🚀প্ৰাকৃতিক সম্পদ সংৰক্ষণ, জনসজাগতা আৰু বহনক্ষম জীৱনশৈলীত ব্যক্তিৰ ভূমিকা । The role of individuals in conservation of natural resources, public awareness and sustainable lifestyle.


🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾

       পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সুৰক্ষা আজিৰ যুগৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজন। ইয়াৰ বাবে কেৱল চৰকাৰী নীতি বা সংস্থাৰ ওপৰত নিৰ্ভৰ নকৰি প্ৰতিজন ব্যক্তিৰ সক্ৰিয় অংশগ্ৰহণো অপৰিহাৰ্য। এজন ব্যক্তিৰ দৈনন্দিন জীৱনশৈলী, সচেতনতা আৰু কৰ্মপন্থাই সমগ্ৰ সমাজত এক গভীৰ প্ৰভাৱ পেলাব পাৰে। 

       সাম্প্ৰতিক সময়ত দেখা গৈছে চৰকাৰেও ছেগা-চোৰোকাকৈ হ'লেও প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতবৰ্ষৰ চুকে-কোণে বৃক্ষৰোপণ অতি সন্তপৰ্ণে হ'লেও চলি আছে। অসম চৰকাৰে মহিলা সকলকো বৃক্ষৰোপণৰ ক্ষেত্ৰত উদ্বুদ্ধ কৰিছে। এয়া নিশ্চয় প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা। প্ৰকৃততে আমি প্ৰতিজন ব্যক্তিয়ে সমাজৰ তথা দেশৰ দায়িত্বৱান নাগৰিক হিচাপে এইক্ষেত্ৰত নিজেই সজাগ আৰু সচেতন হোৱা প্ৰয়োজনীয়তা আহি পৰিছে। 'এজোপা কাটিলে দুজোপা গছ ৰোপণ কৰা ' নীতিৰে আগবাঢ়িলেহে ধৰণী সেউজীয়া হোৱাত সহায়ক হ'ব। ইয়াৰ বিপৰীতে আগবাঢ়িলে কিন্তু গছ লগোৱাৰো কোনো অৰ্থ নাথাকিব। 
       পদ্মশ্ৰী 'বৃক্ষমানৱ যাদৱ পায়েঙ'ৰ কৰ্মক অনুসৰণ কৰি আমিও একোজন যাদৱ পায়েং হ'বলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে অৰণ্য সেউজীয়া হৈ থাকিব। গছ-গছনিয়ে অৰণ্য আৱৰি থাকিব। প্ৰকৃতিত সুস্থিৰতাই বিৰাজ কৰি মেঘে ধৰালৈ নমাই আনিব দোপালপিটা বৰষুণৰ ঢল। 

১. প্ৰাকৃতিক সম্পদ সংৰক্ষণত ব্যক্তিৰ কৰ্তব্য: 
         প্ৰাকৃতিক সম্পদ যেনে পানী, বায়ু, মাটি, অৰণ্য আদিৰ সদব্যৱহাৰ কৰাটো প্ৰতিজন ব্যক্তিৰ নৈতিক দায়িত্ব আৰু কৰ্তব্যত পৰে। উদাহৰণস্বৰূপে—  
ক) পুন:ব্যৱহাৰ: পানী আৰু বিদ্যুৎৰ নিষ্ক্ৰিয় অপচয় ৰোধ কৰা, পুনৰ্ব্যৱহাৰযোগ্য শক্তি (যেনে সৌৰশক্তি)ৰ প্ৰয়োগ, আৰু প্লাষ্টিকৰ সলনি পৰিৱেশিক সহায়ক সামগ্ৰী (যেনে কাপোৰৰ বেগ) ব্যৱহাৰ কৰা আদিৰ দৰে কামবোৰ আমি নিষ্ঠা আৰু সততাৰে নকৰি প্ৰকৃতিৰ সম্পৰ্কে আনক দোষাৰোপ কৰি থাকি লাভ নাই।

খ)বৰ্জ্য দ্ৰব্য নিয়ন্ত্ৰণ: ৰিচাইক্লিং আৰু কম্পোষ্টিংৰ দ্বাৰা আৱৰ্জনা হ্ৰাস কৰা। অসমত উদ্যোগিক আৱৰ্জনা আৰু প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাত ব্যক্তিগত প্ৰচেষ্টা গুৰুত্বপূৰ্ণ। পৰিলক্ষিত হয় যে অসমৰ প্ৰায়ভাগ উদ্যোগে আৱৰ্জনাৰ সঠিক নিষ্কাষণ নকৰে। ইয়াৰ প্ৰমান তিনিচুকীয়া জিলাৰ দুলিয়াজানলৈ যোৱা ঘাইপথৰ কাষৰ উদ্যোগিক আৱৰ্জনা বিলাক। এইবোৰে তাকে সোঁৱৰাই দিয়ে। নামৰূপৰ সাৰ কাৰখানাৰ পৰা নিৰ্গত বৰ্জ্য দিহিংত এৰি দিয়া হয়। ইয়াৰ ফলত যে বায়ুমণ্ডল দূষিত হয় তাক বুজাই কোৱাৰ নিষ্প্ৰয়োজন।

গ) স্থানীয় সম্পদৰ সংৰক্ষণ: অসমৰ জৈৱবৈচিত্ৰ্য (যেনে -হলৌ ,বান্দৰ, মানাহৰ চৰাই) ৰক্ষাৰ বাবে বনাঞ্চল ধ্বংসৰ বিৰোধিতা কৰা আৰু স্থানীয় উদ্ভিদ ৰোপণত অংশগ্ৰহণ কৰাত আমি সকলোৱে মনোনিবেশ কৰিব লাগিব। 

২. জনসজাগতা সৃষ্টিৰ মাধ্যম হিচাপে ব্যক্তি:  
    জ্ঞান আৰু সচেতনতাই সমাজৰ মনভাৱ পৰিবৰ্তন কৰিব পাৰে। এজন ব্যক্তিয়ে এই ক্ষেত্ৰত কৰিব পৰা কাৰ্য হ'ল—  

ক) শৈক্ষিক উদ্যোগ: সামাজিক মাধ্যম, স্থানীয় আলোচনা চক্ৰ, বা বিদ্যালয়ত পৰিৱেশ শিক্ষা প্ৰসাৰিত কৰাত সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে, নদীৰ প্ৰদূষণ ৰোধৰ বাবে অসমৰ নদীসমূহৰ সুৰক্ষাৰ বিষয়ে আলোচনা কৰা। নদী খনন কাৰ্যৰে গতিপথ সলনি কৰি ভৌগোলিক পৰিসীমা সন্তুলিত অৱস্থাত ৰখা। 

খ) আদৰ্শ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰা: সেউজ আৰ্থিক অভ্যাস (যেনে চাইকেল চলোৱা, স্থানীয় খাদ্য কিনা) আদিৰ জৰিয়তে অন্যসকলক প্ৰেৰণা দিয়া।  

গ)সম্পৰ্ক গঠন: স্থানীয় সংগঠন, এনজিঅ’, বা যুৱ ক্লাবৰ সৈতে যুক্ত হৈ বৃক্ষৰোপণ, স্বচ্ছতা অভিযান আদিত অংশ লোৱা।  

৩. সম্পদৰ ন্যায়সঙ্গত ব্যৱহাৰ আৰু বহনক্ষম জীৱনশৈলী:  
          সম্পদৰ ন্যায্য বিতৰণ আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তাৰ প্ৰতি সচেতন হ’লেই কেৱল বহনক্ষম উন্নয়ন সম্ভৱ। ইয়াৰ বাবে—  
ক) উপভোক্তা দায়িত্ব: বজাৰৰ পৰা নিৰ্বাচিত পণ্য যাতে ন্যায়সঙ্গত উৎপাদন প্রক্রিয়াৰে হয় (যেনে নৈতিক ফেশ্বন, অৰগেনিক খাদ্য আদি),সেই সম্পৰ্কত আমি উপভোক্তা হিচাপে সচেতন হ'ব লাগিব।

খ)অতিভোগৰ পৰিহাৰ: আৱশ্যকীয় বস্তুৰ বাহিৰে বেছি কিনা ৰোধ কৰি এক সৰল জীৱন-যাপনৰ প্ৰচাৰ কৰা। অসমৰ পৰম্পৰাগত জীৱনশৈলী (যেনে বাঁহৰ শিল্প, প্ৰাকৃতিক চিকিৎসা)ৰ পুনৰুজ্জীৱন ইয়াৰ এক উদাহৰণ।  

গ)নীতিৰ ৰূপায়নত আপোচ নকৰা: চৰকাৰক পৰিৱেশবান্ধৱী নীতি (যেনে প্লাষ্টিক নিষিদ্ধকৰণ, অৰণ্য সংৰক্ষণ) ৰূপায়ণৰ বাবে আমি চাপ সৃষ্টি কৰিব লাগে যাতে চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰে। তদুপৰি আমি দায়িত্বৱান নাগৰিক হিচাপে চুক বা চুবুৰী মিলি প্লাষ্টিক বৰ্জন আদিৰ দৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ।

উপসংহাৰ:
প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীয়াই থকাটো এটা নৈতিক বাধ্যবাধকতা। প্ৰতিজন ব্যক্তিয়ে সৰু সৰু পদক্ষেপৰ জৰিয়তে—সংৰক্ষণ, সজাগতা আৰু ন্যায়ৰ ভেটিত—এক সুস্থ ভৱিষ্যত গঢ়িব পাৰে। অসমৰ দৰে সম্পদসমৃদ্ধ অঞ্চলত এই দায়িত্ব অধিক গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ জৈৱবৈচিত্ৰ্য আৰু সম্পদেই হ’ল আমাৰ অস্তিত্বৰ ভেঁটি। সেয়েহে, "স্থানীয় চিন্তা, গোলকীয় কাৰ্য্য"ৰ নীতিৰে প্ৰতিজনে নিজৰ ভূমিকা পালন কৰা উচিত।


প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
- দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

সন্ত্ৰাসবাদ আৰু পাকিস্তান: এক নিৰপেক্ষ আলোচনা। Terrorism and Pakistan: A fair negotiation.

      সন্ত্ৰাসবাদ আৰু পাকিস্তান: এক নিৰপেক্ষ বিশ্লেষণ।  Terrorism and Pakistan: A Natural Analysis. 🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺 -------...

Popular posts