Sunday, June 8, 2025

সন্ত্ৰাসবাদ আৰু পাকিস্তান: এক নিৰপেক্ষ আলোচনা। Terrorism and Pakistan: A fair negotiation.

      সন্ত্ৰাসবাদ আৰু পাকিস্তান: এক নিৰপেক্ষ বিশ্লেষণ।  Terrorism and Pakistan: A Natural Analysis.


🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
-------------------------------------------------------------------
          সন্ত্ৰাসবাদ আৰু পাকিস্তান শব্দৰ অৰ্থ ফঁহিয়াই চালে দেখা যায় যে ইহঁতৰ এটা আনটোৰ মাজত থকা অৰ্থ সম্পূৰ্ণ বিপৰীত। ইয়াৰ সম্পৰ্কে বিশদভাৱে জানিবলৈ হ'লে আমি ইহঁতৰ অৰ্থ ফঁহিয়াই চোৱাত বাদে গন্ত্যন্তৰ নাই। ইহঁত অৰ্থগত দিশৰ পৰা পৃথক হ'লেও বৰ্তমানৰ প্ৰেক্ষাপটত ইহঁতৰ কাৰ্যগত কোনো পাৰ্থক্য দেখা নাই। গতিকে বুজিবলৈ কিছু নিৰপেক্ষ মনোভাৱেৰে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ।
       সন্ত্ৰাসবাদ বুলিলে থোৰতে ক'ব পাৰি যে ই এক ভয় বা হিংসাত্মক আচৰণ প্ৰদৰ্শন কৰা কাৰ্য। অৰ্থাৎ ই এক হিংসাত্মক কাৰ্য বা নীতি যাৰ জৰিয়তে ভয়, আতংক বা বলপ্ৰয়োগৰ দ্বাৰা ৰাজনৈতিক, ধৰ্মীয় বা সামাজিক উদ্দেশ্য সাধন কৰা হয়। ইয়াক সাধাৰণতে সংগঠিত গোট বা ব্যক্তিয়ে নিৰ্দোষ লোক, চৰকাৰ বা কোনো নিৰ্দিষ্ট শ্ৰেণীৰ লোকৰ ওপৰত প্ৰয়োগ কৰে। ইয়াত মানৱতা নামৰ গুণক জ্বলাঞ্জলি দিয়া হয়। মানৱতাক ভেঙুচালি কৰা হয়। ভয়, ভাবুকি, হঠকাৰী চিন্তা, নানা কুটাঘাত,প্ৰৱঞ্চনা আদিৰ জৰিয়তে সমাজত সন্ত্ৰাসৰ বিষবাষ্প বিয়পায় অস্থিৰতাৰ পৰিৱেশ সৃষ্টি কৰিব বিচৰা হয়।
      আনহাতে পাকিস্তান শব্দৰ অৰ্থ সুকীয়া। পাকিস্তান শব্দৰ অৰ্থ হ'ল পৱিত্ৰ ভূমি । যি অঞ্চলত পৱিত্ৰ কৰ্ম চলে, যি অঞ্চলৰ ভূমিক পৱিত্ৰ বুলি গণ্য কৰা হয় সেয়ে হ'ল পাকিস্তান। শব্দটো উৎপত্তি হৈছে উৰ্দু আৰু পাৰ্চী ভাষাৰ পৰা। উৰ্দু আৰু পাৰ্চী ভাষাত 'পাক' মানে পৱিত্ৰ বা শুচি অঞ্চল আৰু 'স্থান' মানে ভূমি বা অঞ্চল। উল্লেখযোগ্য যে ১৯৩৩ চনত চৌধুৰী ৰহমত আলী নামৰ এজন ছাত্ৰই 'Pakistan' নামটো প্ৰস্তাৱ কৰিছিল। তেওঁ এই নামটোত ভাৰতৰ মুছলমান-অধ্যুষিত অঞ্চলসমূহৰ প্ৰতীকী অৰ্থ সন্নিৱিষ্ট কৰিছিল । অৰ্থাৎ পঞ্জাবৰ (Punjab) P আখৰ , আফগানিয়াৰ (Afghania , সীমান্ত প্ৰদেশ) A আখৰ, 
কাশ্মীৰৰ (Kashmir) K আখৰ, 
সিন্ধ (Sindh) ৰৰ S আখৰ আৰু 
বেলুচিস্তান (Balochistan)ৰ TAN ক লৈ সৃষ্টি কৰিছিল Pakistan বা পাকিস্তান শব্দৰ। এই তথ্য গুগলৰ প্ৰতিটো পৃষ্ঠাতে উপলব্ধ। এইদৰে পাকিস্তান নামটোৱে এক নিৰ্দিষ্ট ভৌগলিক অঞ্চলক সাঙুৰি লয় আৰু ধৰ্মীয় দৃষ্টিকোণৰ ফালৰ পৰা পৱিত্ৰতাক বুজায়।
    
সন্ত্ৰাসবাদৰ সমানে পাকিস্তান জগৰীয়া, কিন্তু কিয়?

        সন্ত্ৰাসবাদৰ চৰিত্ৰ যেনেধৰণৰ, ঠিক একেধৰণৰ চৰিত্ৰ জনমানসত প্ৰকাশিত হৈছে পাকিস্তানৰ। সন্ত্ৰাসবাদক ৰক্ষণাবেক্ষণ দিয়া কাৰ্য আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰা প্ৰায় সদৃশ কথা। যিটো বৰ্তমান পাকিস্তানে অহৰহ কৰি আহিছে। পাকিস্তানৰ স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়ৰ পৰাই সন্ত্ৰাসবাদক ৰক্ষণাবেক্ষণ দিয়াৰ সম্পৰ্কত পাকিস্তান বিশ্বৰ বিভিন্ন মহলৰ সমালোচনাৰ সম্মুখীন হৈ আহিছে। তথাপিও পাকিস্তানে সন্ত্ৰাসবাদক ৰক্ষণাবেক্ষণ দিবলৈ এৰা নাই। ভাৰতৰ সৈতে কাৰগিল যুদ্ধ , সময়ে অসময়ে গুলা-বাৰুদ,মৰ্টাৰ আদি নিক্ষেপ কৰি সন্ত্ৰাসবাদৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখি আহিছে। আনকি পাকিস্তানৰ কু-চক্ৰান্ততে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে বিগত বৰ্ষত ভাৰতৰ নতুন দিল্লীস্তিত তাজ হোটেলত শ শ নিৰপৰাধী মানুহক হত্যা কৰিছিল। যোৱা কেইদিনমানৰ আগতে পেহেলগামত সংঘটিত ২৮জন নিৰপৰাধী লোকৰ হত্যাকাণ্ডও পাকিস্তানৰ সমৰ্থনপুষ্ট সন্ত্ৰাসবাদীৰ বৰ্বৰ এক ঘৃণনীয় কাৰ্য যাক সকলোৱে ভালদৰে জ্ঞাত। কিন্তু কি কাৰণত ভাৰতৰ সৈতে ইমান শত্ৰুতা ? ইয়াৰ মূল কাৰণ হৈছে ভূ-স্বৰ্গ কাশ্মীৰ। লগতে ৰাজনৈতিক অস্থিৰতা, ধৰ্মীয় উন্মাদনা ,সামাজিক অসমতা , বৈদেশিক হস্তক্ষেপ , দৰিদ্ৰতা আৰু ন্যায়হীনতা আদিৰ বিষয়ে উল্লেখ কৰিব পাৰি।
       আগতে কৈছোঁ,পাকিস্তানে সন্ত্ৰাসবাদক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ বহু বছৰৰ পুৰনা। বিশেষকৈ ১৯৭০ দশকৰ পৰা পাকিস্তানৰ ওপৰত সন্ত্ৰাসবাদেৰে সম্পৰ্ক ৰক্ষা কৰাৰ কথা আন্তঃৰাষ্ট্ৰীয় মহলত উত্থাপিত হৈ আহিছে। ইয়াৰ মূল কাৰণ হ’ল ভাৰত, আফগানিস্তান আৰু অন্যান্য অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে কিছু সন্ত্ৰাসবাদী গোটক পাকিস্তানে সমৰ্থন কৰা। 
       অৰ্থগত দিশৰ পৰা পাকিস্তানৰ চৰিত্ৰ যি,তাক পাকিস্তানে কেতিয়াবাই হেৰুৱালে। ভ্ৰাতৃ, মিত্ৰ আদিৰ দৰে শব্দ তেওঁলোকৰ মতে অৰ্থহীন। মানুহক হত্যা কৰা যেন তেওঁলোকৰ এটা নৈমিত্তিক পেচা ! সেয়ে মানুহ হত্যা কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে। তেনে এক বিষময় বাতাবৰণকেই আমি দেখিবলৈ পাইছোঁ। 

সন্ত্ৰাসবাদ আৰু ইয়াৰ ভৱাবহতা : 
       সন্ত্ৰাসবাদক আমি কোনো কাৰণতেই সমৰ্থন কৰা উচিত নহয়। সন্ত্ৰাসবাদে যে এক ভয়াবহ পৰিৱেশৰ সৃষ্টি কৰে তাক দুনাই কোৱাৰ নিষ্প্ৰয়োজন। যিকোনো 
দেশৰ অৰ্থনীতি দুৰ্বল কৰাত সন্ত্ৰাসবাদ অতিকৈ লেতেৰা এক আহিলা। সন্ত্ৰাসবাদৰ ফলত মানৱীয় জীৱনৰ বিস্তৰ ক্ষতি, সমাজত বিভেদ আৰু অবিশ্বাসৰ সৃষ্টি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত অৱনতি আদিৰ দৰে কু-প্ৰভাৱ পৰে। ইয়াৰ ফলত দেশ এখনৰ শান্তিৰ কাঠগৰাত কুঠাৰাঘাত কৰে। 
     সাম্প্ৰতিক সময়ত পাকিস্তানৰ সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠনসমূহ হৈছে -আল-কায়দা, আইএছআইএছ (ISIS), লস্কৰ-ই-তোইবা আদিয়ে প্ৰধান। এই সংগঠনবোৰৰ মূল বৈশিষ্ট্যই হৈছে - হিংসাত্মক আক্ৰমণ, মনস্তাত্ত্বিক আতংকৰ সৃষ্টি, ৰাজনৈতিক অস্থিৰতা, ধৰ্মীয় অস্থিৰতা সৃষ্টি, নিৰ্দোষী লোকৰ হত্যা কৰা আদি। ১৯৭০ চনৰ আৰম্ভণিৰে পৰা পাকিস্তানৰ ছত্ৰছাঁয়াত সন্ত্ৰাসবাদীয়ে পাকিস্তানত নিগাজীকৈ অৱস্থান গ্ৰহণ কৰি আহিছে। 
         অতীত বৰ নিষ্ঠুৰ। ই আমাক ঘটনাৰ ক্ৰমবোৰ সোঁৱৰাই থাকে। ১৯৭৯-১৯৮৯ চনত হৈছিল আফগান যুদ্ধ। তেতিয়া ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে আফগান মুজাহিদীনক আমেৰিকা আৰু পাকিস্তানে সমৰ্থন আগবঢ়াইছিল। অৰ্থাৎ আমেৰিকাও এনে এখন দেশ যিয়ে নিজৰ কু-চৰিত্ৰ সময়ে সময়ে প্ৰকাশ কৰি থাকে। অলপতে অপাৰেশ্যন সিন্ধুৰ সময়ত আমেৰিকাই পাকিস্তানক সমৰ্থন কৰি পুনৰ তেওঁলোকৰ সন্ত্ৰাসবাদী চৰিত্ৰ পৰিস্ফুতিত কৰিলে। 
       পাকিস্তানৰ ISI (ইণ্টাৰ-চাৰ্ভিচেছ ইন্টেলিজেন্স) য়ে মুজাহিদীনক প্ৰশিক্ষণ, অস্ত্ৰ আৰু ধন যোগান ধৰাৰ অভিযোগ এতিয়াৰ নহয়। পাকিস্তানৰ আই-এছ-আইৰ মদতপুষ্টত জন্ম হৈছিল তালিবান আৰু আলকায়দাৰ দৰে মাৰাত্মক গোট বা জেহাদীৰ উৎপত্তি হৈছিল। জেহাদী বা জিহাদী শব্দৰ অৰ্থ হ'ল সংগ্ৰাম বা প্ৰচেষ্টা। ইছলামিক পৰিভাষাত জিহাদৰ দুটা মূল অৰ্থ আছে : প্ৰথমটো হ'ল - আধ্যাত্মিক সংগ্ৰাম। ইয়াৰ অৰ্থ হৈছে নিজৰ মনৰ কু-প্ৰবৃত্তি, অহংকাৰ আৰু পাপৰ বিৰুদ্ধে যুদ্ধ কৰা। দ্বিতীয়টো হ'ল- বাহ্যিক সংগ্ৰাম। ইয়াৰ অৰ্থ হৈছে অন্যায়, অত্যাচাৰ বা ইছলামৰ বিৰুদ্ধে হোৱা আক্ৰমণৰ বিৰুদ্ধে আত্মৰক্ষামূলক যুদ্ধ। 
      এই যুদ্ধ ধৰ্মীয় সংগ্ৰামী, আধ্যাত্মিক যোদ্ধা বা সশস্ত্ৰ যুঁজাৰু হ’ব পাৰে । কিন্তু ইছলামৰ মৌলিক শিক্ষাত জিহাদৰ অৰ্থ হিংসাত্মক নহয়, বৰঞ্চ ন্যায় আৰু শান্তিৰ বাবে যুঁজ দিয়াহে বুজায়। 
     গতিকে জেহাদী শব্দই সাধাৰণতে জিহাদত জড়িত ব্যক্তি বা জিহাদৰ সমৰ্থকক বুজায়। কিন্তু আধুনিক সময়ত এই শব্দটোৰ অপব্যৱহাৰ হৈ কিছু চৰম মূহুৰ্তত উপনীত হৈছে। এতিয়া এই শব্দ 'সশস্ত্ৰ সংগ্ৰামী' বা 'উগ্ৰপন্থী' বুলি ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ইছলামিক পণ্ডিত সকলে কয় যে জিহাদৰ মূল উদ্দেশ্য হ'ল ন্যায়, শান্তি আৰু আত্মৰক্ষা—নিজৰ ধৰ্ম ৰক্ষা কৰা, অন্যায়ৰ বিৰুদ্ধে থিয় দিয়া, কিন্তু নিৰীহ লোকৰ বিৰুদ্ধে হিংসা নহয়। কিন্তু বাস্তৱত আমি ইয়াৰ বিপৰীত দৃশ্যহে দেখি আহিছোঁ। এই সমস্ত চৰিত্ৰ পাকিস্তানৰ গাত বিদ্যমান।
        ১৯৯০ ৰ দশকত পাকিস্তানে কাশ্মীৰত ভাৰত বিৰোধী গোট 'লস্কৰ-ই-তৈবা', 'জৈশ-ই-মহম্মদ' দৰে কুখ্যাত সন্ত্ৰাসবাদীক সমৰ্থন কৰিছিল। আনকি তালিবানক সহায় কৰি আফগানিস্তানত চৰকাৰ গঠনতো পাকিস্তানে মুখ্য ভূমিকা লৈছিল।
     পাকিস্তানে এনেদৰে বিগত প্ৰায় ৫০ বছৰ ধৰি কৌশলগতভাৱে সন্ত্ৰাসবাদক ব্যৱহাৰ কৰি আহিছে, যদিও আনুষ্ঠানিকভাৱে ইয়াৰ নিষেধাজ্ঞা আছে। 

       সদৌ শেষত কও, ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ কঠোৰ আইন গ্ৰহণ কৰক । এয়া সময় সমাগত। কেইটামান গুৰুত্বপূৰ্ণ দিশ আগবঢ়ালোঁ -
ক) আইনী ব্যৱস্থা গ্ৰহণ: সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন আৰু ইয়াৰ সঠিক প্ৰয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে দ্ৰুত বিচাৰ ব্যৱস্থা গ্ৰহণ কৰা জৰুৰী। তদুপৰি সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিত্তীয় উৎস , যেনে হাওলা, মাদক দ্ৰব্যৰ সৰবৰাহ, ক্ৰিপ্টো কৰেন্সি আদিৰ দৰে বিত্তীয় উৎসসমূহ বন্ধ কৰিবলৈ কঠোৰ ব্যৱস্থা ল'ব লাগে । অসমৰ বিভিন্ন ঠাইত ড্ৰাগছ,আফিং আদি অবৈধ সৰবৰাহ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা ড্ৰাগছৰ সৰবৰাহ ইয়াৰ জ্বলন্ত উদাহৰণ।
খ) আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি : সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ বিভিন্ন ৰাষ্ট্ৰৰ মাজত তথ্য বিনিময়, যুটীয়া কাৰ্য্যকলাপ আৰু কূটনৈতিক সহযোগিতা বৃদ্ধি কৰিব লাগে । ইয়ে সন্ত্ৰাসবাদ নিৰ্মূল কৰণত সহায় কৰিব।
ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে কাম কৰি সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিলে এটা উত্তম ফল পোৱা যাব 
 । 
গ) সামৰিক আৰু নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা অতিকৈ প্ৰয়োজন। সন্ত্ৰাসবাদীৰ আক্ৰমণ ৰোধ কৰিবলৈ সীমান্ত সুৰক্ষা, কটকটীয়া গুপ্তচৰ ব্যৱস্থা আৰু সৈন্যবাহিনীৰ সক্ষমতা বৃদ্ধি কৰাটোত গুৰুত্ব দিয়া উচিত । আধুনিক প্ৰযুক্তি , যেনে- ড্ৰোনৰ ব্যৱস্থা, সাইবাৰ সুৰক্ষাৰ সহায়ত সন্ত্ৰাসবাদী কাৰ্যকলাপ চিহ্নিত কৰা আৰু ইয়াৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
ঘ) সমাজ আৰু শিক্ষাৰ মাধ্যমত পৰিৱৰ্তন আনিবলৈ 
যুৱসমাজক সন্ত্ৰাসবাদৰ পৰা দূৰ ৰাখিবলৈ শিক্ষা প্ৰদান কৰা উচিত। কৰ্মসংস্থান আৰু সামাজিক সংহতিৰ প্ৰচাৰ কৰিও এই ধাৰা অক্ষুণ্ণ ৰাখিব পাৰি ।  
ধৰ্মীয় মৌলবাদ আৰু উগ্ৰপন্থী মতাদৰ্শৰ প্ৰতিৰোধ কৰিবলৈ সজাগতা আৰু সচেতনতা বৃদ্ধিৰ বাবে কাৰ্যসূচী বাধ্যতামূলক ভাৱে ল'ব লাগে ।  
       তদুপৰি অৰ্থনৈতিক বিকাশ আৰু সুৰক্ষাৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ দৰে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰক যাৰ জৰিয়তে এনে কুখ্যাত সন্ত্ৰাসবাদীক বিশ্বৰ পৰা নিপাত কৰিব পৰা যাব। যিবিলাক দেশে সন্ত্ৰাসবাদক সমৰ্থন আগবঢ়াই আহিছে সেইবিলাক দেশক বিশ্বত এঘৰীয়া কৰাৰ নীতি অৱলম্বন কৰা উচিত। সন্ত্ৰাসবাদ এক জটিল সমস্যা, যাৰ বাবে বহুমুখী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে ইয়াক পৰাস্ত কৰিব পাৰি।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

প্ৰৱন্ধটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লেখক: দুদুল সোণোৱাল। সজ উপদেশ আৰু সজ পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিলোঁ।


🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺

    




 








No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

সন্ত্ৰাসবাদ আৰু পাকিস্তান: এক নিৰপেক্ষ আলোচনা। Terrorism and Pakistan: A fair negotiation.

      সন্ত্ৰাসবাদ আৰু পাকিস্তান: এক নিৰপেক্ষ বিশ্লেষণ।  Terrorism and Pakistan: A Natural Analysis. 🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺 -------...

Popular posts