Wednesday, July 29, 2020

জানোঁ আহক

এজন শিক্ষকৰ গুণাৱলী 

শিক্ষাদান হ'ল এক অবিৰত ভাবে হোৱা বিকাশৰ প্ৰক্ৰিয়া। শিক্ষাদান প্ৰক্ৰিয়াত মূল ভূমিকা পালন কৰা ব্যক্তিজনে হ'ল শিক্ষক যি বহু কষ্ট স্বীকাৰ কৰি হাজাৰ হাজাৰ ল'ৰা ছোৱালীক ভৱিষ্যত জীৱনৰ নৱতম দিশ উন্মোচন কৰিবলৈ সক্ষম। কমাৰে লো পিটি প্ৰয়োজনীয় আহিলা সুন্দৰকৈ গঢ়াৰ দৰে শিক্ষকেও বহু নৱ প্ৰজন্মক শিক্ষাদান কৰি লক্ষ্যস্হানৰ মাৰ্গ সঠিকভাৱে দেখুৱাই। এনে এটা গুৰুত্বপূৰ্ণ বিষয়বাব বা বৃত্তি গ্ৰহণ কৰা শিক্ষকৰ বহু জ্ঞান থকাটো অতি প্ৰয়োজনীয়। বহু দাৰ্শনিক, ভাষাবিদ তথা পণ্ডিতে শিক্ষকৰ সম্পৰ্কে বহু সুন্দৰ আৰু গ্ৰহণযোগ্য আৰু তত্ত্বগধূৰ মন্তব্য আগবঢ়াযছে। ফ্লৱেল , ৱাৰ্ম আদি চিন্তাবিদ সকলে শিক্ষকক শিশু বিকাশৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা এজন মহান লোক বুলি কৈছে। ফ্লৱেলে শিক্ষকক এজন মালীৰ লগত ৰিজনি কৰি কৈছে যে মালীয়ে যিদৰে গছ গজাৰ পৰা আৰম্ভ কৰি ফুলৰ বিকাশত অৰিহণা যোগায়, ঠিক একেদৰে এজন শিক্ষকেও শিক্ষাত শিশু বিকাশৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। যি কি নহওঁক আমি অনুধাৱন কৰা উচিত শিক্ষকতা এক সৃজনীশীল শিল্পকলা। গতিকে এজন শিক্ষকে গভীৰ আত্ম নিয়োগেৰে শিক্ষাদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি শিশুৰ সৰ্বদিশ বিকাশৰ লগতে সমাজৰ বিকাশ হোৱাৰ পৰিকল্পনাৰে ভূমিকা পালন কৰা উচিত। 
    

গুণাৱলী 

 ১/ বিষয় বস্তুৰ ওপৰত গভীৰ জ্ঞান থকা বাঞ্চনীয়।
২/ পাঠদানৰ দক্ষতা তথা কৌশলৰ জ্ঞান থাকিব লাগে।
৩/ শিক্ষাদানৰ পদ্ধতিৰ সম্পৰ্কে পৰ্যাপ্ত জ্ঞান থকা দৰকাৰ।
৪/ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সৈতে সহযোগিতা অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়াস কৰিব লাগে।
৫/ নিৰপেক্ষ দৃষ্টিভংগীৰ হ'ব লাগে।
৬/ শিশুৰ মানসিক দক্ষতাৰ পৰীক্ষা তথা মূল্যায়ন কৰিব জানিব লাগে।
৭/ চৰিত্ৰ আৰু ব্যক্তিত্বৰ সম্পৰ্কে সদায় সজাগ হ'ব লাগে।
৮/ সজ আচৰণ প্ৰদৰ্শন কৰা
৯/ শিক্ষাৰ সঁজুলি ব্যৱহাৰৰ জ্ঞান থাকিব লাগে।
১০/ সময়ানুৱৰ্তিতাৰ জ্ঞান 
    তদুপৰি সুকণ্ঠ , ক্ষিপ্ৰতা, পৰিষ্কাৰ পৰিচ্ছন্ন,ধৈৰ্য্য, হাস্যৰস, আশাবাদী, চাতুৰ্য্যতা, বাগ্মিতা, নেতৃত্বদান আদি মহান গুণৰাশি থাকিব লাগে। উল্লেখিত ,এনে গুণৰ অধিকাৰী হোৱাৰ বাবে শিক্ষক আমাৰ বাবে এজন মহান স্ৰষ্টা শিল্পী।

                    পঢ়ি চোৱাৰ বাবে

      আপোনালৈ অশেষ ধন্যবাদ জনালো ।।



,-----------------++++++++++++++---------------------
                 


Tuesday, July 28, 2020

সুখী জীৱনৰ উপায় -২

সুখী জীৱনৰ সহজ উপায়

       সুখ প্ৰত্যেকৰে সুকীয়া হ'ব পাৰে অৰ্থাৎ পৃথক পৃথক হ'ব পাৰে যদিও প্ৰাপ্তৰ উপায় নিশ্চয় সদৃশ।

আপোনাৰ বাবে সুখ কি ? কেতিয়াবা ভাবি চাইছে নে ? আপোনাৰ বাবে সুখ হ'ব পাৰে এইটো যিয়ে আপোনাৰ জীৱনত শান্তিৰ নিজৰা বোৱাই দিব সক্ষম। অথবা যিয়ে আপোনাৰ সপোনৰ গভীৰতাক অবাধ স্বাধীনতা প্ৰদানেৰে সাকাৰ ৰূপ দিয়াত সহায় কৰিছে। 

      সঁচা অৰ্থত আপোনাৰ সুখৰ সংস্কৰণ হ'ল শ্ৰদ্ধা ভক্তিৰ মনোভাৱ। এনে মনোভাৱে সুখী জীৱন নিৰ্বাহ কৰাত সহায় কৰে। সাধাৰণতে বহু সন্তোষিত জীৱন কিছু জটিল প্ৰক্ৰিয়া মাজেৰে অতিবাহিত কৰাৰ পিছত প্ৰাপ্ত হয়। জীৱনত সৰু সৰু অথচ কিছুমান গুৰুত্বপূৰ্ণ অভ্যাসে আপোনাৰ জীৱনৰ প্ৰতিটো পল অনুপল সুখী কৰি তোলিব পাৰে। আহকচোন আমি অনুসৰণ কৰো কিছু বিষয় যিয়ে আপোনাক আনন্দ, প্ৰশান্তি আৰু আৰ্শীবাদ প্ৰদান কৰি জীৱন সুখময় কৰি তোলাত সহায় কৰিব পাৰে।

১/ অনুশীলন কৰক: 

      আপোনাৰ সুস্বাস্হ্যৰ বাবে অনুশীলন এটা গুৰুত্বপূৰ্ণ বিষয়। নিয়মিত যোগাভ্যাসে আপোনাৰ মনত অনুভূত মানসিক চাপ, উদ্বগ্নিতা , বিষন্নতা,হীনমন্যতা আদি নেতিবাচক মনোভাব দূৰ কৰে। 
 

২/ পৰ্য্যাপ্ত পৰিমানে শোঁৱক :

      আধুনিক পৃথিৱীৰ আধুনিক সমাজত যেন টোপনি বা শয়ন এটা গুৰুত্বপূৰ্ণ বিষয় নহয়। যন্ত্ৰবত মানুহবোৰে কেৱল কাম কৰা আৰু কৰা মনোভাৱহে পুহি ৰাখিছে। আধুনিক সমাজত খাওন শোঁৱনৰ ক্ষেত্ৰত সীমাবদ্ধ। ব্যস্ততাপূৰ্ণ জীৱন অতিক্ৰমৰ বাবে প্ৰতিজন মানুহক আজি সময়ে গ্ৰাস কৰি পেলাইছে। কিন্তু ভাল দৰে নোশোঁলে ভাল মগজু কামনা কৰিব পাৰি নে ? আপুনিও ভাবকচোন। সুস্বাস্হ্যৰ বাবে পৰ্যাপ্ত শয়ন আপোনাৰ বাবে মহৌষধ। গভীৰ টোপনিয়ে মগজুৰ বিভিন্ন অংগৰ গতি সঠিক কৰি ৰাখে। এজন প্ৰাপ্তবয়স্ক লোকে প্ৰতি দিনত গড়ে ৭ ৰ পৰা ৮ ঘণ্টা শোঁৱ লাগে। চাব আকৌ অত্যধিক শয়নেও মানুহৰ ক্ষতি সাধন কৰে। 

৩/ সুষম আহাৰ খাওঁক

   আপুনি নিশ্চয় জানে যে শাৰীৰিক ভাৱে সবল আৰু সুস্হ হৈ থাকিবলৈ আহাৰৰ ক্ষেত্ৰত বিজ্ঞানেও গুৰুত্বপূৰ্ণ দিহা দি আহিছে। সুষম আহাৰ গ্ৰহণে আপোনাৰ শৰীৰ প্ৰয়োজনীয় উপাদান প্ৰাপ্ত কৰে। ভিটামিন, চৰ্বি, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, খনিজ লৱণ আদি উপাদানযুক্ত খাদ্য খাব লাগে। গাখীৰ,কণী, মাছ, মাংস নিয়মিত পৰিমাণে আৰু দাইল, সেউজীয়া শাক-পাচলি, ফলমূল আদি খাব পাৰে।

৪/ গভীৰভাৱে উশাহ-নিশাহ লওঁক

      সুস্বাস্হ্য থাকিলেহে সুখী জীৱন পাব পাৰি।
গভীৰ ভাৱে উশাহ-নিশাহ লোৱাৰ যোগাভ্যাস কৰক। ইয়ে আপোনাৰ মনৰ জঠৰতা, ব্যস্ততাৰ একঘেয়ামীৰ চাপ নাইকিয়া কৰে। কিছু সময় দুচকু জপাই জীৱনৰ সুন্দৰ ঠাই বা সময়খিনিৰ সম্পৰ্কে স্মৰণ কৰক আৰু জোৰেৰে দীঘলীয়াকৈ নাকৰ এটা বিন্ধাৰে উশাহ লৈ আনটোৰে লাহে লাহে নিশাহত বায়ুখিনি এৰি দিয়ক। মনলৈ প্ৰশান্তিৰ ভাৱ আহিছে নে বাৰু ? 

৫/ অসুখী মুহূৰ্ত্তবোৰক মূল্যায়ন কৰক

      ইতিবাচক চিন্তাই মনক শান্তি দিয়ে। কিন্তু বেয়া ঘটনা বা কাৰ্যবোৰে মনত সদায় দুখ দিয়ে আৰু ই জীৱনৰ অংশৰ দৰে পৰিগণিত হয়। বেয়া কাৰ্যবোৰ বা ফলবোৰ জীৱনৰ এটা অংশ বুলি সহজভাৱে স্বীকৃতি দিয়ক। মনত প্ৰশান্তি পাব। যদি আপুনি বেয়া খবৰবোৰ, সংঘটিত ভুল বোৰ অনবৰতে সাবতি থাকে তেন্তে এয়া আপোনাৰ বাবে মাৰাত্মক কথা হ'ব পাৰে। সেয়ে অসুখী মুহূৰ্ত্তবোৰক মান্যতা প্ৰদান কৰক,ই এটা জীৱনৰ অংশ হিচাপে। এনে মনোভাৱে আপোনাৰ সময়বোৰ সুখেৰে পৰিপূৰ্ণ কৰি তোলিব ।

       সদৌ শেষত কঁও আপোনাৰ কাৰ্যই আপোনাক জীৱন সুখী কৰি তোলাত সহায় কৰিব। সুকৰ্মৰ পৰা সুফল আৰু কুকৰ্মৰ পৰা কুফল পোৱা যায়। গতিকে সুচিন্তা,সুকৰ্ম কৰক আৰু জীৱন সুখময় কৰি তোলক।
     ---------+++++++++-------+++++++-------

Sunday, July 26, 2020

শিশুৰ বৃদ্ধিত সুষম আহাৰৰ প্ৰভাৱ

    সুষম আহাৰ বুলিলে বহু দামী কিছুমান বিশেষ আহাৰৰ কথা নুবুজায় । চৌপাশৰ পৰিৱেশত পোৱা কম মূল্যযুক্ত বা বিনামূল্যে পোৱা খাদ্য বস্তুও সুষম আহাৰ হ'ব পাৰে। আমাৰ শৰীৰক নিতৌ প্ৰয়োজন হোৱা কাৰ্বহাইড্ৰেট, প্ৰ'টিন , চৰ্বি, ভিটামিন, খনিজ লৱণ আদি উপাদানবোৰ নিৰ্ধাৰিত হাৰত যি আহাৰত পোৱা যায়, সেয়ে হ'ল সুষম আহাৰ।
      শিশুৰ শাৰীৰিক , মানসিক আৰু বৌদ্ধিক সাধনত সুষম আহাৰৰ ভূমিকা উল্লেখনীয়। শিশু পৰ্যায়ত মানুহৰ শৰীৰক অধিক পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়। বিশেষকৈ শৈশৱ কালছোৱাত মানুহৰ শৰীৰে সৰুৰ পৰা ডাঙৰলৈ ক্ৰমশঃ বৃদ্ধি হবলৈ ধৰে। শিশুৰ শৰীৰ সঠিকভাৱে তেতিয়াহে বিকাশ ঘটিব, যেতিয়া শৰীৰে লাগতিয়াল উপাদান সমূহ লাভ কৰিব। সেয়ে শিশু অৱস্থাটোক মানৱ দেহৰ গুৰুত্বপূৰ্ণ স্তৰ বুলিব পাৰি।এজন নিৰোগী সুস্হ-সুঠাম স্বাস্হ্যৰ অধিকাৰী শিশু পাবলৈ সুষম আহাৰৰ প্ৰয়োজন আছে।সুষম আহাৰৰ জৰিয়তেহে শিশুৰ বিকাশ সম্ভৱ। প্ৰত্যেক পিতৃ-মাতৃয়ে শিশু অৱস্থাতে নিজৰ সন্তানক পুষ্টিদায়ক খাদ্য,যেনে- মাছ, মাংস, কণী, গাখীৰ , বিভিন্ন ফলমূল , সেউজীয়া শাক-পাচলি- লাই ,মূলা,কচু ,লফা , কবি , তিয়ঁহ, বিন, পালেং, ৰঙা লাও আদি খাদ্য শিশুৰ বয়স আৰু শাৰীৰিক পৰিসৰ অনুপাতে খুৱাব লাগে।পুষ্টিদায়ক খাদ্যই শিশুৰ দেহত শক্তি যোগাই শৰীৰ বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়োৱাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। সুষম খাদ্য পুষ্টিদায়ক । পুষ্টিজনক খাদ্যই শৰীৰৰ সকলো দিশত বিকাশ সম্ভৱ কৰি তোলে। 
      সুষম খাদ্যৰ অভাৱত শিশুৰ গাত বিভিন্ন ৰোগে আক্ৰমণ কৰি বিকাশত বাধা দিয়ে। যাক চিকিৎসা বিজ্ঞানত অভাৱজনিত ৰোগ বোলা হয়। খাদ্যৰ উপাদান কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আদিৰ অভাৱত এই ৰোগ হয়। কাৰ্বহাইড্ৰেটৰ অভাৱত দেহত বল-শক্তি কমি যোৱা, ভাগৰ বা দুৰ্বল অনুভৱ কৰা, টান কাম কৰিব নোৱাৰা আদি উপসৰ্গই দেখা দিয়ে।প্ৰ'টিনৰ অভাৱত 'কোৱাছিৱকাৰ' , মাৰাছমাছ ৰোগ ; খনিজ পদাৰ্থৰ অভাৱত হাড়ৰ বৃদ্ধিত বাধাগ্ৰস্থ হোৱা,কটা-ছিঙাত অতিপাত ৰক্তক্ষয়, ৰক্তহীনতা, হাড় আৰু দাঁত দুৰ্বল হোৱা আদি ৰোগসমূহে দেখা দিয়ে। ভিটামিনৰ অভাৱে শিশুজনক নিশকতীয়া কৰি পেলায়। ভিটামিন হ'ল এক প্ৰকাৰ প্ৰৱল শক্তি সম্পন্ন জৈৱ-ৰাসায়নিক যৌগ। ভিটামিন বা খাদ্যপ্ৰাণ হ'ল জটিল জৈৱ যৌগ ,যি পৰিমাণত অলপ হ'লেও প্ৰাণী দেহৰ বৃদ্ধিৰ বাবে অতি আৱশ্যকীয়। ইয়াৰ অভাৱত প্ৰাণী দেহ বিভিন্ন ৰোগৰ সন্মুখীন হয়।দ্ৰৱনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি ভিটামিনক দুটা ভাগত ভাগ কৰা হৈছে--- ফেটত দ্ৰৱণীয় ভিটামিন ( ভিটামিন A, D, E, K ) আৰু পানীত দ্ৰৱণীয় ভিটামিন ( ভিটামিন B - কমপ্লেক্স আৰু C )।
       ভিটামিনৰ কাৰ্য আৰু অভাৱজনিত ৰোগ : 
        দেহৰ সামগ্ৰিক বৃদ্ধি , চকুৰ আৱৰণী কলাস্তৰৰ সাধাৰণ গঠন, দৃষ্টি শক্তি অক্ষুণ্ণ ৰখা, স্নায়ু কোষ আৰু পেশী কোষৰ পুষ্ট সাধন কৰা, হাড় আৰু দাঁতৰ স্বাভাৱিক বিকাশত অংশগ্ৰহণ কৰা , জননাংগৰ গঠন আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা আদিয়েই ভিটামিনৰ প্ৰধান কাৰ্য।
        অভাৱ জনিত ৰোগৰ ভিতৰত --- দেহৰ স্বাভাৱিক বৃদ্ধি আৰু ওজন হ্ৰাস পোৱা , কুকুৰীকণা , বেৰিবেৰি , পয়ালগা , শুষ্কাক্ষি ( জেৰ'পথেলমীয়া ) ৰোগ , চকুৰ পৰ্দাৰ অস্বচ্ছতা ৰোগ , চৰ্মৰ স্হূলতা আৰু শুষ্কতাৰ চৰ্মৰোগ ,জনন ক্ষমতাৰ ত্ৰুটী দেখা দিয়া আদি ৰোগ হোৱা দেখা যায়। 
        শিশুক উল্লিখিত ৰোগৰ পৰা ৰক্ষা কৰিবলৈ খাদ্যৰ উপাদান নিহিত থকা আহাৰ যোগান ধৰিব লাগিব । ৪ বছৰৰ পৰা ১০ বছৰলৈকে এটি শিশুক নিম্ন উল্লিখিত নিৰ্ধাৰিত পৰিমাণত সুষম আহাৰৰ আৱশ্যক হয়, যাৰ সহায়ত শিশুজনৰ দৈহিক আৰু মানসিক উৎকৰ্ষ সাধন সঠিকভাৱে হয়।
      সুষম আহাৰৰ নাম।             পৰিমাণ
               (প্ৰতিদিনৰ হিচাপত)
চাউল,আটা :                    ১২৫----------২৫০ গ্ৰাম
দাইল।         :                    ৬২ ----------   ৯৩ গ্ৰাম.
মাছ, মাংস।  :                   ১২৫ ---------১৮৬ গ্ৰাম
গাখীৰ।        :                    ৫০০  ------  ৭৫০মি.লি.
ঘিউ ,তেল    :                       ১৫  -------  ৩০ গ্ৰাম
কণী             :                     ১টা
সেউজীয়া
শাক-পাচলি  :                    ১২৫   ----- ১৮৬ গ্ৰাম
ফলমূল।       :                    পৰিমিত
      সুষম আহাৰৰ মৌলিক উপাদান নিহিত থকা খাদ্যৰ উৎস --- ভাত ,ৰুটি , আলু ,চিৰা , মুড়ি , দাইল , গাখীৰ, দৈ,কণী, মাছ,মাংস , তেল , ঘিউ,মাখন,ময়দা, সেউজীয়া শাক-পাচলি, ফলমূল, ছয়াবিন আদি।
       তদুপৰি শৰীৰত পৰ্য্যাপ্ত পৰিমাণে পানীৰো প্ৰয়োজন। পানীৰ অভাৱ ঘটিলে শৰীৰৰ বৰ্জিত পদাৰ্থবোৰ বাহিৰ হোৱাত অসুবিধা হয়। পানীৰ অভাৱত দেহৰ কোষবোৰ উজ্জীৱিত নহয় আৰু শৰীৰ শীতল কৰি ৰখাত বাধা দিয়ে। সেয়ে এটি শিশুক সঠিক পৰিমাণৰ পানীৰ লগতে আন উপাদান সমূহ পাব পৰাৰ ব্যৱস্থা পিতৃ মাতৃয়ে কৰা উচিত।
        সম্প্ৰতি অসমত অভাৱনীয়ভাৱে পুষ্টিহীনতাত
ভোগা শিশুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যৰ প্ৰায় ১৫ লাখ শিশু পুষ্টিহীনতাত ভুগিছে আৰু এই সংখ্যা আফ্ৰিকাৰ একাংশ দৰিদ্ৰ দেশৰ পুষ্টিহীনতাত ভোগা শিশুতকৈও অধিক ( দৈনিক জনমভূমি, হেমন্ত কুমাৰ নাথ) । বিভিন্ন আঁচনিৰ অধীনত চৰকাৰে প্ৰতি বছৰে শ শ কোটি টকা ব্যয় কৰাৰ পাছতো ৰাজ্যখনৰ প্ৰায় ৩০.৮ শতাংশ শিশু পুষ্টিহীনতাত ভোগাটোৱে ৰাজ্যখনৰ দৰিদ্ৰতা নিৰ্মূল নোহোৱা কথাকে সূচায়। দৰিদ্ৰতা আৰু পুষ্টিহীনতাৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে। সেয়ে দৰিদ্ৰতা নিৰ্মূলৰ বাবে সকলো স্তৰৰ ব্যক্তিয়ে চৰকাৰৰ আঁচনি সমূহ সঠিকভাৱে আৰু সময়মতে ৰূপায়ন কৰাৰ বাবে সজাগ - সচেতন হ'ব লাগিব তেহে ৰাজ্যৰ প্ৰতি জন দৰিদ্ৰ শিশুৱে সুষম আহাৰ পাবলৈ সক্ষম হ'ব আৰু পুষ্টিহীনতা নিৰ্মূল হ'ব।
                ----- সমাপ্ত------ 
           পূৰ্বে প্ৰকাশিত -- দৈনিক জনমভূমি 
             ‌‌‌‌‌‌       লেখক ----  দুদুল সোণোৱাল।

Friday, July 24, 2020

অসমত ইমান বানপানী হয় কিয় ? - চমু অৱলোকন ।

 প্ৰৱন্ধটোৰ অন্তভাগত পাব--

* পাতনি

* বানপানী হোৱাৰ কাৰণ সমূহ

* বুৰঞ্জী মূলক অধ্যয়ন

* পূৰ্বৰ নদ-নদীৰ সমূহৰ গভীৰতা আৰু বিশালতা

   ইয়াৰ কাৰণ সমূহ

* নদ-নদী সমূহৰ বৰ্তমানৰ অৱস্থা

* কিদৰে গঢ়াখহনীয়া প্ৰতিৰোধ কৰিব পৰা যাব

* নদ-নদী সমূহ কিয় খান্দিব লাগিব

* নদীয়ে বহনক্ষম ক্ষমতা কিয় হেৰুৱাইছে 

* পৰামৰ্শ আৰু সামৰণি

     
   * বছৰ বছৰ ধৰি বানপানী অসমৰ এক জ্বলন্ত সমস্যা ৰূপে চিহ্নিত হৈ আহিছে। অসমত বানপানীৰ যি সমস্যা সেয়া সমাধান হোৱাৰ বিপৰীতে দিনক দিনে ইয়াৰ প্ৰকোপ বৃদ্ধি পাবলৈহে ধৰিছে। আনকি বাৰিষাকালিৰ উপৰিও শীতকালতো বানপানীৰ দুৰ্যোগে অসমৰ জনসাধাৰণক লগ নেৰা হৈছে। বৰষুণৰ ফলত হোৱা বানপানী , কৃত্ৰিম বানপানীৰ কবলত পৰি অসমৰ জনসাধাৰণ নিতৌ ককবকাব লাগিছে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি ? এক লাখটকীয়া প্ৰশ্ন হিচাপে চিহ্নিত হৈ ৰৈছে। কেতিয়াবা প্ৰৱল বৰষুণৰ ফলত বানপানী হৈছে, কেতিয়াবা কোনো জলবিদ্যুৎ প্ৰকল্পই মেলি দিয়া পানীৰ ফলত বানপানী হৈছে নতুবা কোনো কৃত্ৰিম কাৰণত বানপানী হৈছে , মুঠতে বানপানী আৰু বানপানী। বছেৰেকৰ অৰ্ধেক সময় অসমবাসীয়ে পানীৰ তলত থাকিব লগা পৰিস্থিতি সদৃশ সৃষ্টি হৈছে। বহু চৰকাৰ আহিল আৰু বহু চৰকাৰ গ'ল কিন্তু অসমৰ বানপানী সমস্যাৰ স্হায়ী সমাধান আজিকোপতি নহ'ল। এয়া অসমবাসী জনগনৰ বাবে কিমান পৰিতাপৰ বিষয়।
    * অসমৰ নদ-নদী সমূহৰ অৱয়বলৈ দৃষ্টি ৰাখি ক'ব পাৰি ইয়াৰ মূল কাৰণ হ'ল নদ-নদীৰ গভীৰতা হ্ৰাস। নদ-নদী সমূহৰ গভীৰতা হ্ৰাস হোৱাৰ লগে লগে ইয়াৰ পানীৰ ধাৰণ ক্ষমতাও হ্ৰাস পাব ধৰিছে। পাত্ৰ এটাৰ গভীৰতা যিমানেই বেছি হয় ইয়াৰ ধাৰণ ক্ষমতাও বেছি হয়। একেদৰে অসমৰ নদ-নদী সমূহৰ গভীৰতা হ্ৰাস হৈছে কিন্তু ইয়াৰ বিশালতা বৃদ্ধি পাইছে আৰু নদী গঢ়াৰ সমান মূল অংশ হৈ পৰিছে যাৰ ফলত পানীবোৰ নদ-নদীয়ে সহজে ধৰি ৰাখিব সক্ষম হোৱা নাই আৰু পানী যেনিয়ে তেনিয়ে বৈ যাবলৈ সুবিধা হৈছে। 
    দ্বিতীয়তে সময়ে সময়ে হোৱা প্ৰবল বৰষুণ আৰু ধুমুহাৰ প্ৰকোপত গঢ়াখহনীয়া ধাৰাবাহিক ৰূপত হ'ব ধৰিছে। নৈৰ গৰা খহনীয়াৰ ফলত নৈৰ গভীৰতাত বাৰুকৈয়ে আঘাত হানিছে। অৰ্থাৎ খহনীয়াৰ মাটি পৰোতে পৰোতে নৈৰ মূল সুঁতি ক্ৰমশঃ পোত খাই গভীৰতা হ্ৰাস পাবলৈ ধৰিছে ফলত ইয়াৰ পানীৰ ধাৰণ ক্ষমতা লোপ পাবলৈ ধৰিছে।
   তৃতীয়তে, নৈ সোঁতে বিভিন্ন ঠাইত মানুহে দলিয়াই দিয়া জাবৰ-জোঁঠৰ আৰু বালি উঁটুৱাই আনি মূল সুঁতিত আনি পেলোৱাৰ ফলত নৈৰ গভীৰতা হ্ৰাস পাইছে। আনহাতে ইয়াৰ লগে লগে পানী উফন্দি উঠাৰ ফলত গঢ়াৰ মাটি কোমল হৈ পৰিছে আৰু খহি খহি বিস্তৃত ৰূপলৈ পৰিৱৰ্তন ঘটিছে। আৰু এইদৰে এটা সময়ত নদ-নদী সমূহ গঢ়াহীন নৈলৈ পৰিবৰ্তন ঘটাও পৰিলক্ষিত হৈছে।যাৰ বাবে অলপ পৰিমাণৰ বৰষুণতে পানী ওফন্দি যেনি তেনি সিঁচৰিত হৈ বাগৰি গৈ বানপানীৰ সৃষ্টি কৰিছে।
      ক্ৰমশঃ>



Tuesday, July 21, 2020

সুখী জীৱনৰ সহজ পথ -১

         জীৱনৰ প্ৰকৃত উদ্দেশ্যই হ'ল নিজক সুখেৰে আৰু স্বাচ্ছন্দ্যৰে ৰখা। মানৱ জাতিৰ অস্তিত্ব এই মুলুকত বৰ্তাই ৰখাৰ এয়া সৰ্বশেষ আৰু প্ৰধান লক্ষ্য। তথাপি আমি সুখ আহৰণৰ বাবে বহু যোজন দূৰৈত অৱগাহিত হৈ ৰঁও আৰু জীৱনৰ ইচ্ছা অনন্ত চিন্তাৰ সমষ্টিৰে ৰৈ যায় যেন এটা সুখৰ গল্প হৈ ভ্ৰমি ফুৰে মনৰ প্ৰতিটো কন্দৰত। কিন্তু প্ৰকৃতাৰ্থত সুখে ইতিমধ্যে আমাৰ সৈতে প্ৰতিটো ক্ষণত গোপনে সহবাস কৰিছে। যাক আমি উপলব্ধি নকৰোঁ নতুবা সুক্ষ্ম ভাৱে ভাবি নাচাও।সুস্হ আৰু সুখী হৈ থাকিবলৈ আমাক বহু সময় কিম্বা বহু টকাও প্ৰয়োজন নাই। লাগে মাথোঁ অকৃত্ৰিম তিলমাত্ৰ অভিপ্ৰায় আৰু প্ৰৱল ইচ্ছাশক্তি । এটা সুখী জীৱন যাপন কৰাৰ কেইটামান সৰু সৰু পথ অনুসৰণ কৰো আহকচোন-

১. আপুনি ভালপোৱা অনুসৰি কামটো কৰক 
     আপুনি যিটো কাম কৰি ভাল পায়,যি আপোনাৰ প্ৰিয় সেই কামটো আন্তৰিকতাৰে কৰিবলৈ প্ৰয়াস কৰক। যদি আপুনি শিক্ষাদান কৰি ভাল পায় নতুবা গল্প লিখি ভাল পায় নতুবা উপন্যাস পঢ়ি ভাল পায় নতুবা সাঁতুৰি ভাল পায় নতুবা খেল খেলি ভাল পায় : জীৱনৰ এই আমোদজনক কামবিলাক কৰিবলৈ নিৰ্দিষ্ট সময় নিৰূপণ কৰি লওঁক। আপোনাৰ নিজা পছন্দৰ কামত নিজ ইচ্ছা আৰু আগ্ৰহেৰে ব্ৰতী হওঁক । চাব ইয়ে আপোনাৰ মনলৈ প্ৰশান্তিৰ ভাৱ কঢ়িয়াই আনিছে। যি কাম আপুনি স্ব-ইচ্ছাৰে কৰিব, আপোনাৰ পছন্দ অনুসৰি কৰিব সেই কামে আপোনাক নিশ্চয় সুখী আৰু আনন্দিত কৰিব।
২. কৃতজ্ঞ হওঁক
    যদি আপুনি সকলোবিলাক কামৰ সম্পৰ্কে ভাৱে যে কামবিলাকে আপোনাক জীৱনত কৃতজ্ঞ হ'বলৈ শিকাইছে আৰু তেতিয়া আপুনি উপলব্ধি কৰিব আপোনাৰ সমান সৌভাগ্যৱান ব্যক্তি দ্বিতীয় এজন নাই। বহু সময়ত আমি আমাৰ প্ৰাথমিক সুচলতাক ভগৱানৰ দান বুলি গ্ৰাহ্য কৰো। আনকি ইয়াক আমাৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ তাক উপলব্ধি নকৰাকৈ , আমি প্ৰদত্ত সম্পদসমূহ অপব্যৱহাৰ কৰো আৰু অন্তিম পৰ্যায়লৈকে অসাৱধানতাৰে অপব্যয় কৰো। যদি আমি সম্পদসমূহৰ গুণাগুণ বুজিবলৈ আৰম্ভ কৰোঁ, যিবোৰ ইতিমধ্যে আমাৰ মাজত উপলব্ধ, তেতিয়া নিশ্চয় আমি আমাৰ জীৱনত বিমল সুখ অনুভৱ কৰিবলৈ আৰম্ভ কৰিম। 
 ৩. আনক সহায়ৰ হাত আগবঢ়াওক
      কিছুমান ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী মূহুৰ্তত আমি আমাৰ নিজা সিদ্ধান্তৰে সহায়ৰ বাবে আগবাঢ়োতে নিজ উদ্দেশ্য সিদ্ধি নহয় বা বিভিন্ন জনৰ অৱজ্ঞাসূচক মন্তব্যৰ বাবে দুখত ক্লান্ত হৈ পৰো, তেতিয়া আমি ভাবোঁ যে জীৱনত আমাৰ উদ্দেশ্য আৰু কাৰ্যই আৱশ্যক অনুসৰি প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই আৰু তেতিয়াই সময়ৰ ওচৰত আমি আত্মসমৰ্পন কৰোঁ। আপুনি যেতিয়া স্বেচ্ছাৰে সেৱা আগবঢ়াব অথবা মানুহক সহায় কৰিব তেতিয়া এই কৰ্মই আপোনাৰ মনত অপাৰ আনন্দ অনুভৱৰ সৃষ্টি কৰিব। এনে কাৰ্যৰ পৰা আমি সন্তোষিত অনুভৱ কৰোঁ আৰু আমাৰ মনত বিশেষ স্বৰ্গসুখৰ প্ৰাপ্ত হয়।
৪. আনৰ সৈতে অংশীদাৰীত্ব হওঁক
     যেতিয়া আমি আমাৰ চিন্তাধাৰাসমূহ, আমাৰ সুযোগ সুবিধা সমূহৰ ক্ষেত্ৰত আনৰ সৈতে অংশীদাৰীত্ব কৰোঁ বা ভাগবাটোৱাৰা কৰোঁ তেতিয়া আমাৰ মনত সুখৰ অনুভূত হয়, প্ৰশান্তিৰ কিৰণে দুচকুত তিৰবিৰাই। জীৱিত অৱস্থাত যদি আমি কাৰোৰে সৈতে অংশীদাৰীত্ব নকৰোঁ বা বন্ধুত্ব
নগঢ়োঁ তেন্তে আপোনাক অকলশৰীয়া আৰু নিঠৰুৱা মনোভাৱে আমনি কৰিব। যেতিয়া আপুনি কাৰোবাৰ সৈতে সুখ-দুখৰ সমভাগী হয় তেতিয়া তেওঁলোকে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিব আৰু বিপদে আপদে সহায়ৰ হাত আগবঢ়াব , ইয়ে আপোনাৰ মনক পুলকিত আৰু আনন্দিত কৰিব।
৫. হাঁহক আৰু হহুঁৱাওক 
     হাঁহি আৰু আনন্দেৰে কামত অগ্ৰসৰ হওঁক আৰু ইয়ে আপোনাৰ জীৱনত কিদৰে প্ৰভাৱ পেলায়ছে নিৰীক্ষণ কৰক। আপুনি দেখিব আপোনাৰ চৌদিশে মানুহৰ কিমান সমাগম ঘটিছে। আপুনি সাধাৰণ ভাৱে থিয় হৈ আগন্তুকৰ মুখলৈ দৃষ্টি দি মিচিকিয়াঁই হাঁহি মাৰক, দেখিব আপুনি কিমান সুন্দৰকৈ প্ৰতি সম্ভাষণ লাভ কৰিছে।হাঁহিয়ে মানুহৰ জীৱন সীমাহীন সুখময় কৰাত সহায় কৰে আৰু সম্ভাৱনাৰ অমনোযোগীতাক আঁতৰাই দূৰলৈ ঠেলি দিয়ে, আপোনাৰ প্ৰয়োজনীয়তাক যিয়ে ঘৃণা কৰে তাক জোৰেৰে দূৰলৈ ঠেলি পঠিয়ায়। এইদৰে আপুনি হাঁহিৰে সহজে শত্ৰু বশ কৰিব পাৰে। 
৬. শোৱাৰ আগতে অতিকমেও এঘণ্টা জিৰণি লওঁক
    বিছনালৈ যোৱাৰ এঘণ্টাৰ আগতে সঠিকভাৱে মোবাইল বা কম্পিউটাৰটোৰ ইণ্টাৰনেট সংযোগ বন্ধ কৰক আৰু ক্ষন্তেক জিৰণি লওঁক । শোৱাৰ আগমূহূৰ্ত্তত কোনো অনুশীলন নকৰিব কাৰণ ইয়ে আপোনাৰ পথৰ প্ৰসাৰতা বৃদ্ধিহে কৰিব। আপুনি মানসিক ভাৱে পৰিষ্কাৰ বা সবল সতেজ হ'বলৈ প্ৰয়াস কৰক ,যাতে ৰাতিৰ টোপনি সুন্দৰকৈ হয়। অৱশ্যে ইয়াৰোপৰি এখন সুন্দৰ কাহিনী যুক্ত কিতাপ পঢ়িব পাৰে নতুবা দূৰদৰ্শনৰ সন্মুখত কিছু সময় অলসভাৱে বহি মনৰ আৰু দেহাৰ জঠৰতা আঁতৰাব পাৰে। কিছুমান লোকক আকৌ দেখা যায় যে দিনৰ ব্যস্ততাৰ ফলত জুমুৰা পৰা মনৰ আৰু দেহাৰ শিঠিলতা নাইকিয়া কৰিবৰ বাবে গা-ধোৱা ঘৰত শ্বাৱাৰ খুলি মূৰ-গা ধুই সতেজ হ'বলৈ প্ৰয়াস কৰে,ইয়ে আপোনাৰ মনক ৰাতিপুৱা সময়কণত থকা সতেজ অৱস্হালৈ পৰিৱৰ্তন হোৱাত সহায় কৰে। 
৭. সুন্দৰ খাদ্যাভ্যাসৰ বাবে অনুশীলন কৰক
      যেতিয়া আপুনি অসুস্হ হয়, তেতিয়া কঠিন বহনক্ষম অনুভৱে আপোনাক মানসিক ভাৱে প্ৰফুল্লিত কৰি ৰাখিব পাৰে। কোনো প্ৰকাৰে যেতিয়া আপুনি শুদ্ধকৈ বা নিৰ্দিষ্ট পৰিমাপত খাদ্য গ্ৰহণ কৰে, আপুনি শাৰীৰিক ভাৱে আৰু সামানুপাতিকভাৱে সুস্হ অনুভৱ কৰিব। কিন্তু প্ৰয়োজনতকৈ বেছিকৈ খালে, আপোনাৰ দেহাত ইয়াৰ বিপৰীত কাৰকে দেখা দিব। ইয়াৰোপৰি কোনো জাংফুড গ্ৰহণ কৰাৰ পৰা পৰাপক্ষত বিৰত থাকি নিজক শাৰীৰিক ভাৱে সুস্হ সবল কৰি ৰাখিবৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰা উচিত।
৮. আপোনাৰ প্ৰিয়তমৰ সৈতে সময় অতিবাহিত কৰক
     আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে শক্তি আৰু সঞ্চয়ীগুণ স্হানান্তৰৰ কোনো বেলেগ উপায় নাই। আমি হ'লো সামাজিক প্ৰাণী , সম্ভাৱনাৰ অমনোযোগীতাৰ বাবে যিয়ে আপোনাক চিন্তাশীল ব্যক্তি অথবা বিদ্ৰোহী ব্যক্তি হিচাপে থিয় কৰোৱাত উৎসাহ যোগাব পাৰে। ব্যক্তিগত লালন পালনেৰে সময় সঞ্চয় কৰি তেওঁলোকৰ মাজত মৰম স্নেহৰ আদান প্ৰদান কৰি সময় অতিবাহিত কৰাৰ প্ৰয়াস কৰা উচিত। সম্পূৰ্ণ অকলশৰীয়াকৈ জীয়াই থাকিবলৈ জীৱনটো ইমান দীঘলীয়া নহয়, সেয়ে সংগীৰ সৈতে মিলামিছা আলাপ-আলোচনা আৰু হৃদয় দিয়া নিয়া সুখী জীৱনৰ এটা মহান অংশ হিচাপে পৰিগণিত ।
---------------+++++++++++++++------------------
 

Friday, July 17, 2020

মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা

     ১. বৃত্তিমূলক শিক্ষা কি ?
     ২. ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ?
     ৩. কিয় প্ৰয়োজন/ বিৱৰণ ?
     ৪. বৃত্তিমূলক শিক্ষাই কিদৰে সহায় কৰে ?
     ৫. পৰামৰ্শ/ সামৰণি ।
     
       বৃত্তিমূলক শিক্ষা কি ? 
       বৃত্তিমূলক শিক্ষা হ'ল এক অনানুষ্ঠানিক শিক্ষা। অৱশ্যে বৰ্তমান সময়ত আনুষ্ঠানিক ৰূপত বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ ঘটোৱা হৈছে। এনে শিক্ষা হ'ল হাতে -কামে কৰা শিক্ষা। এনে শিক্ষা প্ৰাপ্তিৰ জৰিয়তে ব্যক্তি এজনে নিজক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। অৰ্থাৎ আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাই মানুহক উপাৰ্জনৰ পথ প্ৰশস্ত কৰাত সহায় কৰে সেয়ে হ'ল বৃত্তিমূলক শিক্ষা। বৰ্তমান সময়ত মহাবিদ্যালয় , বিশ্ববিদ্যালয়সমূহত কাৰিকৰী জ্ঞানৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ৰাজ্যত বা দেশত কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ অনুষ্ঠান, অধ্যয়ন কেন্দ্ৰৰ স্হাপন কৰি বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ ঘটোৱা হৈছে। সত্তৰ দশকৰ পৰৱৰ্তী সময়ত ক্ৰমশ বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ ভাৰতৰ চুকে-কোণে দ্ৰুত হাৰত বৃদ্ধি পায়। 
     বৃত্তিমূলক শিক্ষাই মানুহক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰে, স্বনিয়োজনত প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰে আৰু ইয়াৰ ফলত নিবনুৱা সমস্যা দূৰীকৰণত সহায় হয়। বিভিন্ন বৃত্তিমূলক শিক্ষাৰ মাধ্যমেৰে আজিৰ ছাত্ৰ-ছাত্ৰীয়ে নিজক গঢ় দি নিজৰ লগতে সমাজক আগুৱাই নিয়াত অৱদান আগবঢ়াব পাৰে। সেয়েহে বৰ্তমান বৃত্তিমূলক শিক্ষাৰ চাহিদা বাঢ়িব ধৰিছে। 
    বৃত্তিমূলক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি ? 
    বৃত্তিমূলক শিক্ষাৰ মূল উদ্দেশ্য হ'ল এজন ব্যক্তিক সম্পূৰ্ণ জীৱন নিৰ্বাহৰ উপায় প্ৰদান কৰা। প্ৰশিক্ষণৰ জৰিয়তে ব্যক্তিজনৰ স্ব-ইচ্ছাৰে কৰিব মনস্হ কৰা কামক অগ্ৰাধিকাৰ দি বিষয়টোৰ ওপৰত সবিশেষ জ্ঞান প্ৰদান কৰি কিদৰে প্ৰয়োগ কৰিব পৰা যাব আদিৰ সম্পৰ্কে শিক্ষা দি পাকৈত কৰি তুলিবলৈ যত্ন কৰা হয়। স্ব-ইচ্ছাৰে নিৰ্বাচিত কামৰ জৰিয়তে নিজৰ সৃজনীমূলক মনোভাৱৰ দক্ষতাৰ জ্ঞান বৃদ্ধি আৰু বিকাশ সাধনৰ সম্ভৱ হয়। সৃজনীমূলক মনৰ বিকাশ ঘটাবলৈ সেয়ে বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণত কিছুমান কায়দা কিটিপ শিকোৱা হয় ,যিয়ে কাৰিকৰী জ্ঞান বৃদ্ধিত সহায় কৰে। লগতে মানুহৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধন সম্ভৱ কৰি তোলে। এই শিক্ষাই ব্যক্তি এজনক আৰ্থিক ভাৱে স্বচ্ছল হোৱাত প্ৰভাৱ পেলায়।
        কিয় প্ৰয়োজন / বিৱৰণ : 
        সাম্প্ৰতিক সময়ত বৃত্তি মূলক শিক্ষাৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পাইছে। কাৰণ আনুষ্ঠানিক শিক্ষাৰ ডিগ্ৰী গ্ৰহণৰ যি পথ সেয়া বৰ দীঘলীয়া আৰু ডিগ্ৰী লাভৰ অন্তত  চাকৰি বিচাৰি প্ৰায় ৭০% তকৈও অধিক শিক্ষাৰ্থী হাবাথুৰি খাব লগীয়া হয় । আনহাতে ব্যৱসায় বানিজ্য কৰিবলৈও মূলধনৰ অভাৱে সেঙাৰ হৈ থিয় দিয়ে। ইয়াৰ পিছতে বহু সময়ত চাকৰিৰ মূখ নেদেখি নিৰাশা হতাশাৰ দাবানলত পৰি ছটফটায় সময় কটাবলগীয়া সদৃশ অৱস্হা হয়। সেয়ে প্ৰচলিত শিক্ষা ব্যৱস্থাই মানৱ সম্পদ আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ সক্ষম নোহোৱা যেন অনুভৱ হয়। কিন্তু বৃত্তি মূলক শিক্ষাৰ পৰা বহু আশা কৰিব পাৰি। 
       কেৱল কিতাপৰ শিক্ষাই শিক্ষাৰ্থী বা ব্যক্তি এজনৰ সৃজনীশীল শক্তিক উপলুঙা কৰাই নহয়, বহু সময়ত সুন্দৰ সম্ভাৱনা নষ্ট হোৱাৰো পৰিলক্ষিত হয়। গতিকে এনে এটা শিক্ষাৰ প্ৰয়োজন যি শিক্ষাই প্ৰতিজন লোকক উৎপাদনৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰ হোৱাত প্ৰত্যক্ষ প্ৰভাৱ পেলাবলৈ সক্ষম। এই সমস্যা দূৰীকৰণৰ বাবে একমাত্ৰ বিকল্প পথ হ'ল বৃত্তি মূলক শিক্ষা, এই শিক্ষা গ্ৰহণৰ জৰিয়তে নিজক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা সম্ভৱ। মটৰ মেকানিক, ৰাজমিস্ত্ৰী , কাঠমিস্ত্ৰী, পেইণ্টাৰ ,বিউটিচিয়ান , ইলেক্ট্ৰিচিয়ান, ম'বাইল মেকানিক, কম্পিউটাৰ মেকানিক , বিভিন্ন পৰম্পৰাগত  বাঁহ বেতৰ সামগ্ৰী প্ৰস্তুতকৰণ  আদি জীৱনৰ অপৰিহাৰ্য বৃত্তিমূলক শিক্ষা আহৰণৰ বিষয়বস্তু। দৈনন্দিন জীৱনত এই বিষয়বস্তু বিলাকৰ প্ৰতিটোৰে গুৰুত্ব অপৰিসীম। নিৰ্দিষ্ট বিষয় এটাৰ ক্ষেত্ৰত এজন দক্ষ ব্যক্তিয়েহে বিষয়টোৰ ওপৰত উদ্ভৱ হোৱা সমস্যা সমাধানভ সফল হয়। সেয়ে এনে কাৰিকৰী শিক্ষাৰ চাহিদা বৰ্তমান যুগত অত্যন্ত বেছি। 
     ভাৰত চৰকাৰে ইতিমধ্যে আৰম্ভ কৰা 'কৌশল বিকাশ যোজনা'ৰ মূল লক্ষ্যও এনেধৰণৰ দক্ষতা বিকাশ সাধন কৰি প্ৰতিজন ব্যক্তিক তথা নিবনুৱা ব্যক্তিক স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তুলি মানৱ সম্পদলৈ পৰিবৰ্তন কৰা। ব্যক্তি এজন যেতিয়া স্ব- উপাৰ্জনেৰে সবল হয় আৰু জাতীয় আয় বৃদ্ধিত অৰিহণা যোগায়, তেতিয়াই ব্যক্তিজন মানৱ সম্পদলৈ ৰূপান্তৰিত হয়। তাৰ অৰ্থ হ'ল কোনো এজন ব্যক্তি যদি উপাৰ্জনক্ষম নহয় তেন্তে সি মানৱ সম্পদ হ'ব নোৱাৰে। এই উপাৰ্জক্ষম হ'বৰ বাবে দক্ষতাৰ কৌশল সমুহ তথা বৃত্তি মূলক শিক্ষা আহৰণ কৰিব লাগিব। ইয়াৰ জৰিয়তে নিজক আৱিস্কাৰ কৰি নিজৰ সৃজনীমূলক বিচক্ষণতাৰে আগুৱাই নিব লাগিব জীৱনৰ প্ৰয়োজনীয়তাৰ খাতিৰত।
       এখন সমাজৰ লগতে এখন দেশৰ উন্নতিৰ ক্ষেত্ৰত মানৱ সম্পদৰ বিকাশ এক এৰাব নোৱাৰা বিষয়। যিমানেই মানৱ সম্পদৰ উন্নয়ন হ'ব সিমানেই দেশ এখনে উৎপাদন কাৰ্যত সফলতা অৰ্জন কৰিব আৰু ইয়াৰ সমান্তৰালকৈ দেশৰ আয় বা ৰাষ্ট্ৰীয় আয় দ্ৰুত গতিত বৃদ্ধি পাব।উল্লেখ্য যে ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখন সবল আৰু স্বাৱলম্বী হোৱাত সহায় কৰে। 
        মানৱ সম্পদ উন্নয়নৰ মূল চালিকাশক্তি হৈছে উপযুক্ত শিক্ষা, সুস্বাস্হ্য আৰু প্ৰশিক্ষণৰ সুব্যৱস্থা। শিক্ষা আৰু প্ৰশিক্ষণে মানুহৰ সুপ্ত চিন্তাশক্তি জাগ্ৰত কৰে, দক্ষতা বৃদ্ধি কৰে, উদ্ভাৱনী মূলক চিন্তাধাৰাৰ উন্মেষ ঘটাই আৰু সুস্বাস্হ্যই মানুহৰ কৰ্মশক্তি বৃদ্ধি কৰে। গতিকে উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণে মানৱ সম্পদ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এটা কথা সত্য যে গুণগত মানদণ্ডৰ আনুষ্ঠানিক শিক্ষা 'সম্পদ উন্নয়নৰ' প্ৰাথমিক চৰ্ত। অৰ্থাৎ শিক্ষা ব্যৱস্থা সঠিক, ফলপ্ৰসূ পৰিমাপৰ হ'লেহে মানৱ সম্পদ সৃষ্টি হোৱা সম্ভৱ হয়। ফোপোলা শিক্ষা ব্যৱস্থাৰ পৰা মানৱ সম্পদ আশা কৰাটো পৰ্বতত কাছ কণী বিচৰাৰ দৰে কথা। প্ৰবাদ আছে- " গুৰি পচা কলগছৰ পৰা ভাল কল আশা কৰাটো মিছা।" গতিকে বৃত্তিমুলক শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ আনুষ্ঠানিক শিক্ষা গুণগত মানদণ্ডৰ হ'বই লাগিব। ই যি কি নহওঁক বৰ্তমান সময়ত বৃত্তি মূলক শিক্ষা আহৰণ কৰি নিজক প্ৰতিষ্ঠিত কৰি অনায়াসে জীৱন নিৰ্বাহ কৰাৰ সুযোগ আছে। পলিটেকনিক, আই টি আই কম্পিউটাৰ শিক্ষা , ম'বাইল মেকানিক আদিৰ চাহিদা বিভিন্ন উদ্যোগৰ বাবে বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ প্ৰসাৰতাও বাঢ়িছে আৰু উপাৰ্জনৰ পথ মুকলি হৈছে। নিৰ্দিষ্ট বিষয় এটাৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰি সেই দিশত সৰু-বৰ উদ্যোগ গঢ়ি ব্যৱসায় কৰি লাভৱান হ'ব পাৰে। অৰ্থাৎ কোনো চৰকাৰী চাকৰিৰ বাবে বোন্দাপৰ দিয়াৰ প্ৰয়োজন নাই। নিজৰ সৃজনীমূলক মনোভাৱৰে নিৰ্বাচিত বিষয়ৰ বৃত্তি গ্ৰহণ কৰি আৰ্থিক ভাৱে টনকিয়াল হোৱাৰ পথ প্ৰশস্ত কৰিব পাৰি। 
      বৃত্তিমূলক শিক্ষাই কিদৰে সহায় কৰে? 
   বৃত্তি মূলক শিক্ষাই মানুহৰ জীৱনৰ প্ৰতিটো পদক্ষেপতে সহায় কৰিব পাৰে।এজন কাপোৰ চিলাই কৰা দৰ্জীয়ে তেওঁৰ দক্ষতা প্ৰয়োগেৰে বিভিন্ন গ্ৰাহকৰ অভাৱ পূৰণ কৰি আৰ্থিক ভাৱে স্বনিৰ্ভৰশীল হৈ নিজৰ জীৱন সুন্দৰকৈ পৰিচালনা কৰিব পাৰে। বৰ্তমান সময়ত একেদৰে এজন ৰাজমিস্ত্ৰী মানুহৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয় সম্পদলৈ পৰ্যবসিত হৈছে। বসবাস কৰিবৰ বাবে যি বাসস্হান আমাক প্ৰয়োজন, সেয়া কেৱল এজন ৰাজমিস্ত্ৰীয়েহে তৈয়াৰ কৰি দিব পাৰে। ৰাজমিস্ত্ৰীজনৰ অভাৱে সমাজত সুন্দৰ প্ৰয়োজনীয় বাসস্হান সৃষ্টিত অসুবিধাই দেখা দিব। আনকি গ্ৰাম্য বা চহৰাঞ্চলত পকীঘৰ বনাবলৈ , মেৰামতি কৰিবলৈ মিস্ত্ৰী ( mason) বিচাৰি হায়ৰান হ'বলগীয়া পৰিস্থিতিও উদ্ভৱ হয়। গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বৃত্তি মূলক শিক্ষাই মানুহৰ জীৱনৰ প্ৰতিটো মূহুৰ্ততে , প্ৰতিটো কামতে প্ৰত্যক্ষভাৱে সহায় কৰি আহিছে। 
    জীৱনৰ প্ৰত্যাশা পূৰণত , দেশৰ জনমূৰি আয় বৃদ্ধিত বৃত্তি মূলক শিক্ষাৰ বিকল্প নাই।আজিৰ সমাজৰ নৱ প্ৰজন্মলৈ চালে দেখা যায় বহু উচ্চ শিক্ষিত হৈও অৱশেষত 'নিবনুৱা' বিশেষণ লৈ জীয়াই থাকিব লগা পৰিস্থিত হৈছে। আত্মনিৰ্ভৰশীল হ'ব পৰা নাই, স্বচ্ছল জীৱন ধাৰণ কৰিব সক্ষম হোৱা নাই । যাৰ ফলত নিৰাশা হতাশাৰ ব্যৰ্থতাৰ গ্লানিয়ে দেহমন আৱৰি ৰাখি হীনমন্যতাৰে অতিবাহিত কৰিব লগা হৈছে বহু শিক্ষিত যুৱকো। ইয়াৰ কেৰোণ ক'ত, আমি বিচাৰি উলিওৱাৰ সময় সমাগত। কাৰিকৰী বা বৃত্তি মূলক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ লগত সংযুক্ত হোৱা নাই। ই এটা সম্পূৰ্ণ পৃথক কেটেগৰী হিচাপে পৰিচালিত শিক্ষা। সেয়ে বহু দৰিদ্ৰ লোকে ইচ্ছা থাকিলেও আৰ্থিক দূৰৱস্থাৰ ফলত এনে শিক্ষাৰে দীক্ষিত হ'ব পৰা নাই। গতিকে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বৃত্তি মূলক শিক্ষা ব্যৱস্থাক আনুষ্ঠানিক শিক্ষাৰ লগত সাঙুৰি লৈ দৰিদ্ৰ লোকৰ সন্তানক সোণালী সুযোগ প্ৰদান কৰিব লাগে। তেহে মানৱ সম্পদ উন্নয়ন সঠিক ভাৱে হ'ব। 
     সামৰণি/পৰামৰ্শ : 
     আমাৰ শিক্ষা ব্যৱস্থাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে প্ৰতিজন শিক্ষাৰ্থীৰ ফলাফলৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা চৰকাৰে বাধ্যতামূলক কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ সময় সমাগত। প্ৰথম বিভাগ, দ্বিতীয় বিভাগ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা বৃহৎসংখ্যক শিক্ষাৰ্থীৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা সকলেহে উচ্চ শিক্ষাৰ বাবে সহজে আসনৰ বাবে নিৰ্বাচিত হয় কিন্তু তৃত্বীয় বিভাগত উত্তীৰ্ণসকল স্কুল কলেজৰ আসন সীমিত হোৱাৰ বাবে পঢ়িবলৈ সুযোগ নাপায়। যাৰফলত বৃহৎ সংখ্যক মানৱ সম্পদ অপচয় হোৱাৰ পথ সুগম হয়। এনে পৰিস্থিতিত বৃত্তি মূলক শিক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা সকলক বাধ্যতামূলক ভাৱে অধ্যয়ন কৰিবলৈ সুবিধা ৰাখিব লাগে। এনে কিছুমান শিক্ষাৰ্থী বা ব্যক্তি আছে যি আনুষ্ঠানিক শিক্ষাত কেঁচা হ'লেও আন ভিন্ন বিষয়ত মেধা আৰু পাকৈত। কথাতে কয় বোলে - 'ধানটো প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো ।' এখন শাকৰ আঞ্জা বনাওঁতে মিল থকা শাকহে মিশ্ৰিত কৰি সিজোৱা হয়, অমিল শাক কেতিয়াও একেলগ কৰি সিজোৱা নহয়, এনে আঞ্জাৰ পৰা সুফল পাব নোৱাৰি।যেনে ঔটেঙাৰ লগত তিতা কেৰেলা সম্ভৱ নহয়। স্বাস্হ্যৰ ই ক্ষতিকাৰক। একেদৰে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰতো এনে নিয়মৰ প্ৰযোজ্য হয় বুলি ঠাৱৰ কৰিব পাৰি। কাৰণ আমি স্ব-চাক্ষুস দেখিবলৈ পাওঁ বহু মেট্ৰিকৰ দেওনা পাৰ হ'ব নোৱাৰা বা তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ল'ৰাই ৰাজমিস্ত্ৰী , দৰ্জী , কম্পিউটাৰ মেকানিক , ম'বাইল মেকানিক আদিৰ দৰে কৰ্মত নিজকে দক্ষতাৰে নিয়োজিত কৰিছে। গতিকে বৃত্তিমূলক শিক্ষাৰ উত্তৰনেহে সঠিকভাৱে মানৱ সম্পদ উন্নয়নত সহায় কৰিব।
       -----------+++++++++++------------

Tuesday, July 14, 2020

শৈক্ষিক পৰিচালনা আৰু শিক্ষা ব্যৱস্থাত ইয়াৰ প্ৰয়োজনীয়তা ।

     শিক্ষানুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত ভিত্তি কৰিয়েই কেতবোৰ কিছুমান সিদ্ধান্ত বিদ্যালয়ৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিব লগা হয়। তাৰেই এটা অংগ হ'ল শৈক্ষিক পৰিচালনা। সঠিকভাৱে পৰিচালনা নোহোৱাৰ হেতুকে বহু ক্ষেত্ৰত এক ভাল শিক্ষা ব্যৱস্থা বা শিক্ষানুষ্ঠানো বেয়াৰ দিশলৈ গতি কৰিব পাৰে। 'শৈক্ষিক পৰিচালনাৰ' অৰ্থ অতি ব্যাপক । পৰিচালনা বা management শব্দটো হ'ল ফ্ৰান্স দেশৰ শব্দ manage ৰ পৰা উৎপত্তি হোৱা শব্দ আৰু ইয়াৰ অৰ্থ হৈছে 'গৃহ পৰিচালনা' (House keeping) । " সাধাৰণ অৰ্থত management শব্দই এদল বিশেষ ব্যক্তিক বুজায় যাৰ কৰ্তব্য হ'ল আন মানুহৰ চেষ্টা আৰু কাৰ্যক সাধাৰণ উদ্দেশ্যত উপনীত হ'বৰ বাবে নিৰ্দেশিত কৰা।" 
      বিখ্যাত শিক্ষাবিদ Paul Monare ৰ মতে " শৈক্ষিক মতাদৰ্শ হিচাপে বিদ্যালয় পৰিচালনা হৈছে শ্ৰেণীকোঠাৰ কাৰ্য প্ৰণালীৰ কৌশলৰ লগত সম্পৰ্ক থকা আৰু সফল শিক্ষকসকলৰ অনুশীলনৰ পৰা অনা নীতি আৰু কাৰ্যৰ সমষ্টি। শিক্ষক সকলে বা শিক্ষাবিদ সকলে, মনোবিজ্ঞান,সমাজবিজ্ঞান আৰু নীতি শাস্ত্ৰৰ আৰু মৌলিক নীতি সমূহৰ আধাৰত সেই নীতি আৰু কাৰ্যসমূহ বিভিন্ন ধৰণৰে ব্যাখ্যা কৰা।" উল্লেখিত এই সংজ্ঞাৰ পৰা বুজা যায় যে শিক্ষানুষ্ঠানৰ সৰ্বদিশতে চোৱা-চিতা কৰা, সঠিকভাৱে কাৰ্য নীতি তৈয়াৰ কৰা, নিৰ্দেশনা দিয়া আদি সম উন্নয়নৰ বিষয়ৰ দিশবোৰ সাঙুৰি লৈ শিক্ষাৰ দিশটোক টনকিয়াল কৰাৰ বাবে যি পৰিচালনা কৰা হয় সেয়ে হ'ল শৈক্ষিক পৰিচালনা। শিক্ষাৰ পৰিচালনাই শৈক্ষিক পৰিচালনা সমূহ কাৰ্যকৰী ভাৱে ৰূপায়ন কৰি শৈক্ষিক লক্ষ্য আহৰণত উদ্গনি যোগোৱাকে বুজায়। শিক্ষা ব্যৱস্থাৰ বিভিন্ন উপাদান সমূহক একত্ৰিত কৰি উপযুক্ত প্ৰয়োগৰ জৰিয়তে শৈক্ষিক লক্ষ্য আহৰণ কৰিবলৈ শিক্ষাৰ প্ৰচেষ্টা চলাব লাগে।যেনেদৰে ভূমি,শ্ৰম, মূলধনৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হয়, ঠিক একেদৰে শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত মানৱ সম্পদ, বৈষয়িক সম্পদ আৰু বিত্তীয় সম্পদৰ সুপ্ৰয়োগ কৰিব পাৰিলেহে নিৰ্দিষ্ট শিক্ষানুষ্ঠানটোৰ লক্ষ্যত সফলতা অৰ্জন কৰিব সক্ষম হ'ব আৰু ইয়াৰ বাবেই শৈক্ষিক পৰিচালনাৰ'অতীব প্ৰয়োজন আছে।
         প্ৰয়োজনীয়তা : শিক্ষানুষ্ঠানৰ সঠিক পৰিচালনা বাবে শৈক্ষিক পৰিচালনাৰ প্ৰয়োজনীয়তা এক গুৰুত্বপূৰ্ণ বিষয় । শিক্ষানুষ্ঠানৰ শৈক্ষিক বাতাবৰণ সৃষ্টি, শৈক্ষিক অগ্ৰগতি নিৰূপণ, যাৱতীয় শিকন-শিক্ষন সঁজুলি মজুত ৰখা আদি কাম-কাজৰ সম্পৰ্কে সদায় মনোনিবেশ কৰিলেহে বিদ্যালয় এখনে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয়। সেয়েহে বিদ্যালয়ৰ প্ৰধান শিক্ষকে বা বিদ্যালয় পৰিচালনা সমিতিয়ে এই ক্ষেত্ৰত বাৰ্ষিক পৰিকল্পনা কৰি আগবাঢ়িব লাগে। শিক্ষাৰ সকলো উপাদান সঠিকভাৱে কাৰ্য ক্ষেত্ৰত প্ৰয়োগ হৈছে নে নাই , বিদ্যালয়ৰ সৌষ্টৱ বৃদ্ধি কিদৰে কৰিব পৰা যাব, শ্ৰেণীকক্ষত কিহৰ অভাৱ আছে- চকী,বেন্স, ডেক্স, টেবুল ,ডাষ্টবিন , মজিয়াৰ অৱস্হা আৰু চিলিঙী আদি সকলো কি অৱস্হাত আছে পৰাপক্ষত প্ৰতিদিনে পৰীক্ষা নিৰীক্ষা কৰা প্ৰয়োজন আছে। তদুপৰি প্ৰাথমিক পৰ্যায়ৰ ক্ষেত্ৰত মধ্যাহ্ন ভোজনৰ সম্পৰ্কে তদাৰক কৰিব লগা হয়। গতিকে এই সমস্হ দিশত চোৱা চিতাৰ বাবে আৰু সুচাৰুৰূপে পৰিচালিত হ'বৰ বাবে আগতীয়াকৈ পৰিকল্পনা প্ৰস্তুত কৰি ল'লে সুবিধা হয়। ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিকভাৱে বিকাশ সাধন সম্ভৱ হ'ব যদিহে সিঁহতৰ অভাৱ অভিযোগ, মনস্তত্ত্বৰ দিশ ভালদৰে বুজা যায় আৰু সেইমতে শ্ৰেণীৰ পাঠদান হৈছে নে নাই , শিক্ষকৰ দুৰ্বলতা সবলতাৰ দিশ নিৰীক্ষণ কৰি বিষয় বিতৰণ আদি সৰু সৰু কথাবোৰো নিৰীক্ষণত ৰাখিব লাগে । আনহাতে শিক্ষক শিক্ষয়িত্ৰী ৰ অভাৱ অভিযোগ সমূহৰ সম্পৰ্কেও বিদ্যালয়ৰ পৰিচালকে ভালদৰে জ্ঞাত হোৱাৰ দৰকাৰ আছে। বিদ্যালয় এখনৰ সৰ্বদিশত উন্নতি হ'বলৈ হ'লে সেয়ে শৈক্ষিক পৰিচালনা নিতান্তই প্ৰয়োজন আছে। এটা শিক্ষানুষ্ঠানৰ মানৱ সম্পদ, বৈষয়িক সম্পদ আৰু বিত্তীয় সম্পদৰ সঠিক প্ৰয়োগে বিদ্যালয় উন্নয়নত অৰিহণা আগবঢ়ায়। 

Friday, July 10, 2020

ই-লাৰ্ণিংৰ সুবিধা আৰু অসুবিধাসমূহ | Conveniences and Inconveniences of E-Learning

 ই-লাৰ্ণিং কি ? What is E-LEARNING ?
    E-learning হ'ল বৈদ্যুতিক সংযোগৰ জৰিয়তে প্ৰদান কৰা অনলাইন শিক্ষা ব্যৱস্থা। বৈদ্যুতিক আহিলা বা ডিভাইচ ব্যৱহাৰ কৰি ইণ্টাৰনেট (Internet)ৰ মাধ্যমেৰে এই শিক্ষা প্ৰদান কৰা হয়। ই-লাৰ্ণিংৰ 'E' আখৰে ইংৰাজীত ইলেক্ট্ৰনিক (Electronic) আৰু লাৰ্ণিং (Learning) শব্দই শিক্ষা গ্ৰহণ বা জ্ঞানাৰ্জন কৰাৰ সম্পৰ্কে বুজায়। বৈদ্যুতিক শিক্ষা ব্যৱস্থা মূলতঃ অনলাইন ভিত্তিক শিক্ষাৰ এটা প্লেটফৰ্ম য'ত বিভিন্ন বিষয়ৰ ওপৰত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। কেৱল মোবাইল ফোন অথবা কম্পিউটাৰৰ সহায়ত ইণ্টাৰনেট সংযোগ ঘটাই ই-লাৰ্ণিংৰ জৰিয়তে যিকোনো বিষয়ৰ শ্ৰেণীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰি। এই শিক্ষা ব্যৱস্থা বৰ সুন্দৰ, আনন্দদায়ক, মনোৰঞ্জনধৰ্মী আৰু কষ্ট মুক্ত ।
       সাম্প্ৰতিক সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশে মানুহক শিক্ষাৰ ক্ষেত্ৰত বহু দূৰ আগুৱাই লৈ গৈছে। বৰ্তমান যি কৰণা ভাইৰাছৰ মহামাৰীয়ে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰিকাঠামোত কুঠাৰাঘাট কৰিছে, সেই সময়ত অনলাইন শিক্ষা ব্যৱস্থা ইয়াৰ বিকল্প শিক্ষা গ্ৰহণৰ উপায় হিচাপে পৰিগণিত হৈছে।সেয়ে বৰ্তমান সময়ত ই-লাৰ্ণিংৰ প্ৰাসঙ্গিকতা আহি পৰিছে। 
      অনলাইনৰ জৰিয়তে নিজ দেশৰ উপৰিও বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিক্ষা গ্ৰহণৰ সুবিধা আছে। অনলাইনৰ শিক্ষা ব্যৱস্থাৰে প্ৰাপ্ত ডিপ্লমা বা ডিগ্ৰী সকলো দেশতেই গ্ৰহণযোগ্য আৰু কলেজৰ আনুষ্ঠানিক শিক্ষাৰ সহায়ত প্ৰাপ্ত ডিগ্ৰীৰ সমপৰ্যায়ৰ বুলি গণ্য কৰা হয়।
         ১৯৯৯ চনত 'এলিয়ট মাইসি' নামৰ এজন লোকে ই-লাৰ্ণিং শব্দটোৰ সৃষ্টি কৰি প্ৰথম ব্যৱহাৰ কৰিছিল বুলি জনা যায়। পৰৱৰ্তী সময়ত কম্পিউটাৰ আৰু স্মাৰ্ট ফোনৰ সহজলভ্য আৰু বহুলভাৱে ব্যৱহৃত হোৱাৰ লগে লগে অনলাইন ব্যৱস্থাত ই-লাৰ্ণিংৰ ব্যাপকভাৱে সূচনা হয়। এতিয়া সমগ্ৰ বিশ্বত ই-লাৰ্ণিং গ্ৰহণযোগ্য আৰু তড়িৎ গতিত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ শিক্ষা আহৰণ কৰিব পৰা ভেটি হিচাপে বিবেচিত হৈছে। যদিও ই-লাৰ্ণিং শিক্ষা ব্যৱস্থা বহু জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে , জনপ্ৰিয় পৰ্টেল হিচাপে পৰিগণিত হৈছে তথাপি ই সীমাবদ্ধ হোৱাৰ লগতে ইয়াৰ বহু সুবিধা অসুবিধা পৰিলক্ষিত হৈছে। তলত সংক্ষিপ্ত ভাৱে উল্লখ কৰা হ'ল।-- 
    ই-লাৰ্ণিংৰ সুবিধা :
   (I) নিজৰ ইচ্ছানুসৰি খুব কম ব্যয় সাপেক্ষে ই-লাৰ্ণিং কোৰ্চ গ্ৰহণ কৰিব পাৰি। 
    (ii) শাৰীৰিকভাৱে শ্ৰেণীকোঠাত উপস্হিত থকাৰ প্ৰয়োজন নাই। কেৱল ইণ্টাৰনেট সংযোগ ঘটাই অনলাইনত আহি নিৰ্দিষ্ট বিষয়ত শিক্ষা গ্ৰহণৰ সুবিধা।
     (iii) শাৰীৰিক ভাৱে অক্ষম লোকে ঘৰতে বহি অনায়াসে অনলাইন শিক্ষা গ্ৰহণ কৰিব পাৰে।
      (iv) চাকৰি বা কামৰ লগত সংগতি ৰাখি ই-লাৰ্ণিং ৰ ব্যৱস্থা কৰা হয় যাতে কোৰ্চ শেষ হোৱাৰ পিছতে চাকৰিত নিযুক্তি লাভ কৰিব পাৰি। 
       (v) আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত সময়ৰ ধৰাবন্ধা নিয়ম থাকে কিন্তু অনলাইন শিক্ষা ব্যৱস্থাত যিকোনো সময়তে শিক্ষা আহৰণ পাৰি।
        (vi) ই-লাৰ্ণিংৰ জৰিয়তে আপুনি পৃথিৱীৰ যিকোনো ঠাইৰ পৰা, যিকোনো বিষয়ত, কোনো কষ্ট নকৰাকৈয়ে ঘৰত বহি অনায়াসে প্ৰতিদিনে শিক্ষা গ্ৰহণ কৰিব পাৰে।
        (vii) যিকোনো ক'ৰ্চ কৰোঁতে বিষয়টোৰ লগত সম্পৰ্কিত বিশেষজ্ঞৰ সৈতে মুখামুখি হোৱাৰ সুবিধা। এই সুবিধা ক'ৰ্চ প্ৰদান কৰা ব্যক্তিয়ে প্ৰদান কৰে।
       (viii) ই-লাৰ্ণিংত দৃশ্য-শ্ৰাব্য ব্যৱস্থাৰে শিক্ষা দিয়াৰ ফলত শিক্ষা অধিক মনোগ্ৰাহী আৰু আনন্দদায়ক হয়।
       (ix) আলোচনা বৰ্ডৰ সহায়ত অথবা আড্ডাৰ মাধ্যমেৰে অনলাইনেৰে বিভিন্ন জনৰ সৈতে সংযোগ স্হাপনেৰে বাৰ্তালাপ কৰি কোনো পাঠ্যৰ কঠিন অংশৰ সম্পৰ্কে বিশদভাৱে সহজে জানি ল'ব পাৰি।যাৰ ফলত ক'ৰ্চ প্ৰদানকাৰী শিক্ষকে দিয়া সমস্যাবোৰ সমাধান কৰাত সুবিধা হয়।
       (X) ই-লাৰ্ণিং শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে দৃশ্য শ্ৰাব্য সঁজুলিত পাঠৰ যিকোনো লাগতিয়াল বিষয়বস্তু, পৰীক্ষামূলক পৰীক্ষণ পাঠ আদি ডাউনল'ড কৰি সাচি ৰাখিব পাৰে।
        (xi) যিকোনো এটা অনলাইন ক'ৰ্চ আদান-প্ৰদান প্ৰক্ৰিয়াৰ যি দক্ষ উপায় অৱলম্বন কৰা হয়,সেয়া ই-লাৰ্ণিংৰ মাধ্যমেৰে শিকিব পাৰে। বিশেষকৈ নিজে ৰেজিষ্টাৰ কৰি পাঠদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাত দক্ষতা বৃদ্ধি কৰে। 
      
       ই-লাৰ্ণিংৰ অসুবিধাসমূহ :
       যিদৰে ই-লাৰ্ণিংৰ বহু সুবিধা আছে,সেই একেদৰে ইয়াৰ বহু অসুবিধাও পৰিলক্ষিত হয়। অসুবিধাৰ সম্পৰ্কে সংক্ষিপ্তৰূপত তলত উল্লেখ কৰা হ'ল। --
       (i) কম্পিউটাৰ সম্পৰ্কীয় জ্ঞান নথকা এজন ব্যক্তিৰ বাবে অনলাইন শিক্ষা ব্যৱস্থা অতি জটিল আৰু সংযোগ স্হাপন অসম্ভব হৈ পৰে।
        (ii) ভিডিঅ' কনফাৰেন্স অথবা সন্মুখত মুখামুখি হৈ বিষয়বস্তুৰ ওপৰত বাৰ্তালাপ কৰিব পাৰে যদিও ই অতি ব্যয়বহুল হোৱাৰ বাবে সকলো শিক্ষাৰ্থীৰ বাবে এয়া সম্ভৱ নহয়। 
        (iii) অনলাইন শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া অতি সীমিত হৈ থাকে।
        (iv) ইণ্টাৰনেট (Internet) ব্যৱস্থা দূৰ্বল হ'লে ই-লাৰ্ণিং ৰ পাঠদান কাৰ্যসূচী গ্ৰহণ কৰাত অসুবিধাই দেখা দিয়ে।
        (v) দুৰ্গম এলেকাত ই-লাৰ্ণিং ৰ শিক্ষা সম্ভৱ নহয় কাৰণ mobile network বা internet সেৱা এনে ঠাইত উপলব্ধ নহয়।
        (vi) দৰিদ্ৰ ঘৰৰ শিক্ষাৰ্থীৰ বাবে ই-লাৰ্ণিং ৰ ব্যৱস্থাৰে শিক্ষা গ্ৰহণ সম্ভৱ নহয়।
        (vii) ই-লাৰ্ণিং সকলোৰে বাবে গ্ৰহণযোগ্য শিক্ষা হ'লেও ই সাৰ্বজনীন শিক্ষা কেতিয়াও হ'ব নোৱাৰে কাৰণ সমাজৰ দৰিদ্ৰ এচাম লোক ইয়াৰ পৰা একো উপকৃত হ'ব নোৱাৰে।
        বৰ্তমান সময়ত ই-লাৰ্ণিংৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। একেটা সময়তে বিজ্ঞজনে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰি জ্ঞানৱান হোৱাৰ লগতে বিভিন্ন অনলাইন ব্যৱস্থাৰে ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু কাৰীকৰিমূলক শিক্ষা একেটা পৰ্টেলত উপলব্ধ হোৱাৰ লগতে এটা নতুন ব্যৱস্থাৰে শিক্ষা পৰিচালিত হৈ আগবাঢ়িব পৰাৰ সুযোগ, কোনো চিঞঁৰ-বাখৰ ,হাই-উৰুমি নোহোৱা পৰিৱেশত জ্ঞান আহৰণ কৰিব সুযোগ থকাৰ বাবে মানুহক ই-লাৰ্ণিং ব্যৱস্থাই আকৰ্ষণ কৰিছে আৰু ই-লাৰ্ণিং ব্যৱস্থাই মানুহৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ নতুন প‌্ৰজন্মই এই মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু ইয়াক নিশ্চয় সময়ৰ দাবী বুলি গণ্য কৰিব পাৰি।

    ------------++++++-----++++++--------

Thursday, July 2, 2020

ৰোমন্হন

      জীৱনৰ সময়বোৰ যে কেতিয়াবা ইমান কঠিন আৰু হতাশাদায়ক হৈ পৰিব তাই কস্মিন কালেও ভবা নাছিল। কেতিয়াবা কিয় বাৰু মানুহৰ  জীৱনলৈ নভবাকৈয়ে কিছুমান ঘটনা ঘটি যায় ! তাইয়ো কোনো দিন ভবা নাছিল  নতুবা কল্পনাও কৰা নাছিল এনে এটা হতাশাৰে পূৰ্ণ জীৱন। কৰ পৰা যে কি ঘটি গ'ল ! বিখ্যাত যোদ্ধা নেপোলিয়ন বোনাপাৰ্টে  কোৱাৰ দৰে -"সংগ্ৰামহীন জীৱন, জীৱনেই নহয়। সংগ্ৰাম বা সংঘাটে মানুহক যি মনোবল আৰু প্ৰেৰণা যোগায়,সেই প্ৰেৰণাৰে মানুহে অসাধ্যও সাধন কৰে।"  কথাটো কিমান দূৰ সত্য নাজানো, কিন্তু মানুহে যদি প্ৰৱঞ্চিত হয় , হতাশাত জৰ্জৰিত হোৱাৰ সম্ভাৱনাই অধিক।তেতিয়া কি মনোবলেৰে জীৱন সংগ্ৰাম চলাই নিব পাৰি নাজানো। আচলতে তাইৰ বাবে যেন জীৱনটো এটা বিৰাট প্ৰহেলিকা মাথোন। ৰবৰ ডোখৰ টান মাৰিলে দীঘল হ'বৰ দৰে যেন জীৱনৰ দুখবোৰো দীঘল হৈ গৈ থাকে। অবিৰাম। অনন্তহীন মায়াৰ ভঁৰাল জীৱন। মায়া মমতাৰ আঁচলত ধৰি আগুৱাই যায় সকলো। জীৱনৰ নৈ এইদৰে অহৰহ কেৱল বৈ থাকে আৰু বৈ থাকে। 
     মণিমালাৰ মনলৈ তড়িৎ গতিত কথাবোৰে পাকঘূৰণি খায় মনটোক বশ কৰি পেলাইছে। সেইদিনা আছিল শনিবাৰ।তাইৰ গৰ্ভৱতীৰ ন মহীয়া কাল । টান কাম কৰিব নোৱাৰি। বাহি কাপোৰ ধূবলৈ মানুহৰ অভাৱ । শাহু মা'ক জুলুম কৰাৰ পক্ষপাতী তাই নহয়। আনহাতে গিৰীয়েক সনাতনক  ক'বই নোৱাৰি। একেবাৰে চাৎ কৰে কৈয়ে দিয়ে-' মা'ই ধুই দিব নহয়। তই ইমান চিন্তা কৰিব নালাগে দেচোন।' সাত পাছ ভাবি সেয়ে তাই ভনীয়েক ঈস্পিতাক মাতি পঠিয়ালে। তাৰপাছত ভনীয়েকে কাপোৰ কানিবোৰ ধুই দিয়া হ'ল।  এনেকৈয়ে দিনবোৰ সুকলমে অতিবাহিত হ'ব ধৰিলে। ভনীয়েকে অহা দহ পোন্ধৰ দিন অতিক্ৰম কৰাৰ পাছত তাইৰ গা খালাচ হ'ল। আমাৰ মাজলৈ আহিল দ্বিতীয় সন্তান পৰিস্মৃতা । তাইৰ কলকলনিত ঘৰৰ পৰিৱেশ উদুলি-মুদুলি। তাই কেৱল কেঁচুৱাৰ লগত লাগি থাকোঁতে সময়বোৰ অতিক্ৰম হয়। ক্ৰমশঃ গিৰীয়েকেও তাইক অৱহেলা কৰা যেন অনুভৱ হ'ল। দিনবোৰ এইদৰে অতিক্ৰম হ'ল । 
    ৰাতি উঠি গিৰীয়েকে সদায় ক'লৈ যায়  তাই নাজানে । তাই  টোপনিত লালকাল দিয়াৰ পাছত গিৰীয়েক উঠি যায়। মনিমলাৰ মনত এক অজান আকাংক্ষাই বাহ ল'ব ধৰিলে। তাই ভাবিলে -- "গাভৰু ভনীয়েক জনী আছেহি । তাইক অতি সোনকালে ঘৰলৈ পঠিয়াই দিয়া উচিত হ'ব। কোনে জানে কেতিয়া কি ঘটে। নঘটিব যে কি মানে আছে । মই দেখিছোঁ নহয় সিদিনা ভিনীহিয়েকৰ লগত কিদৰে ঠেলাঠেলি লাগিছে,যেন মতা-মাইকিহে হ'ল। সেইদিনাৰ পৰাই মোৰ মনত সংশয়ৰ অনামি ভাৱ এটাই মনত দোলা দি আছে। ৰাতি গিৰীয়েকে কলৈ যায়,কিয় যায় ? ঈস্পিতাৰ লগত হলিগলি হোৱা নাইতো! " অজানিতে তাইৰ মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে। আজি তাই গিৰীয়েকক পিছা কৰিব। কথামতে কাম।
     পিছদিনা মনিমালাই টোপনি যোৱাৰ ভাও জুৰি শুই পৰিল। ৰাতি গিৰীয়েকে লাহেকৈ উঠি যাবলৈ ধৰিলে। তাইয়ো হাতত সাৰে ভৰিত সাৰে পতিৰ পিছ ল'লে। গিৰীয়েকে ভনীয়েকৰ কোঠাৰ ফালে অগ্ৰসৰ হোৱা দেখি তাইৰ বুকুখন ধপ ধপ কৰিব ধৰিলে। দুৱাৰত সৰু টোকৰ এটা মাৰা লগে লগে ভনীয়েকে দুৱাৰ খুলি দিলে। আৰু তাই তৎক্ষণাৎ গৈ ...... জোৰেৰে দুৱাৰ খন খুলি দিয়াৰ মাত্ৰকে ভিনীহিয়েক খুলশালীয়েকক অসংযত ৰপত দেখা পাই মনিমালা ঠাইতে জঁঠৰ হৈ পৰিল।  কান্দি কান্দি বাউলী হৈ তাই ভনীয়েকক চৰিয়ালে আৰু গিৰীয়েকৰ লগতো কাজিয়া লাগিল। শাহুয়েক শহুৰেকে বহু বুজালে । কিন্তু কি কৰিম । যি ভনীয়েকক তাই ইমান মৰম কৰিছিল,সেই ভনীয়েকে আজি তাইক প্ৰৱঞ্চিত কৰিলে ,আনৰ পতিক কাঢ়ি ল'ব পাৰিলে, মনিমালাই কিদৰে তাইৰ দৰে এজনীক ক্ষমা কৰিব পাৰে। আনহাতে গিৰীয়েককে বা কোন স'তে ক্ষমা কৰি দিব । সি কেইদিনমানৰ বাবে ধৈৰ্য্য ধৰিব নোৱাৰিল হেঁতেন নে ? পুৰুষ কি ইমান ধৈৰ্য্যহীন, দমনহীন ? নাই নহ'ব। তাই আৰু কোনো দিন গিৰীয়েকৰ লগত নথকাৰ বাবে চৰম সিদ্ধান্ত  লৈ পেলালে। তাই ঘৰলৈ যাবগৈ এৰি যাব সকলো। 
       যি মানুহৰ বিবেক আছে , সেই মানুহে কেতিয়াও অন্যায় ভাৱে আনৰ তলতীয়া হ'ব নিবিচাৰে। মনিমালাৰো সেয়ে হ'ল । তাই গিৰীয়েকৰ এই দোষ ,কোনো কালে ক্ষমা কৰিব নোৱাৰে । গতিকে তাই মাক দেউতাকৰ সৈতে শেষ নিশ্বাস ত্যাগ কৰিব । এয়া তাইৰ শেষ মত। সেই কালৰাত্ৰিৰ পৰাই তাই সেই ঘৰৰ মায়া মোহ ত্যাগ কৰি  আহি ভাৰতীয় আৰ্মিত যোগদান কৰিছিল। আজি তাই নিষ্কণ্টক। নিৰজঞ্জাল জীৱন যাপন কৰি দেশমাতৃৰ সেৱাত নিজকে উচৰ্গা কৰিছে। 
       এতিয়া সংসাৰৰ বান্ধোনৰ পৰা তাই  মুক্ত । সংসাৰৰ মায়া মোহৰ প্ৰতি তাইৰ কোনো আসক্তি নাই। হঠাৎ কলিংবেলটো বাজি উঠাত তাইৰ ভাৱত যতি পৰিল। মনৰ বেদনা মিশ্ৰিত ভাৱবোৰ আঁতৰাই মণিমালাই এখোজ দুখোজ কৰি দুৱাৰ খনৰ ফালে অগ্ৰসৰ হ'ল। 
     -----------++++++++++++++----------
  
    
      

       

     





Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts