Sunday, November 8, 2020

তোমাৰ আগমনৰ পিছৰ খবৰ...

   তোমাৰ আগমনৰ পিছৰ খবৰ...

ভবাই নাছিলোঁ দিনবোৰ এদিন
তুমি অহা বাটত ৰৈ থাকিব আশাৰ শেতেলি পাৰি
বুকুখনত ফুলি ৰ'ব ৰ'দঘাইৰ কহুৱা এডৰা
বসন্তৰ পম খেদি নিজানে নিতালে
ঠিক মলয়া এজাকৰ দৰে 

ভবাই নাছিলোঁ মই তোমাৰ কলপতীয়া মৰমবোৰ
আঁউসীৰ আন্ধাৰৰ দৰে লহপহকৈ বাঢ়ি আহিব
বুকুৰ কন্দৰত কুৰুকি কুৰুকি সোমাব 
বেদনাৰ উল্কা হৈ নামি আহিব সময়ৰ মাজেৰে
প্ৰাপ্তি অপ্ৰাপ্তিৰ হালধীয়া ঠিকনা।

ঠিক তোমাৰ হাত আৰু ওঁঠৰ তপত স্পৰ্শত
প্ৰাণ পাই উঠিছিল মোৰ বিৱৰ্ণ দুভৰিৰ ছন্দ
তোলা কোমল বুকুৰ উৰজৰ স্পৰ্শত 
হেন্দোলিত হৈছিল মোৰ সমগ্ৰ সত্তা 
তেতিয়াই ৰঙীন স্বপ্ন এটাই ৰিঙিয়াই মাতিছিল মোক
মই 'তুমি' হোৱাৰ প্ৰৱল হাবিয়াসত
এতিয়া নৈ এৰাসুঁতিৰ সদৃশ বৈ আছোঁ অবিৰাম ।

এতিয়া 
প্ৰতি খোজতে সৰি সৰি পৰে উৎকণ্ঠাৰ পাপৰি
আলিঙ্গনাৱন্ধ অন্যমনস্কতাৰ বাটেৰে বাট বুলোতে
হেৰাই যায় ভাৱনাৰ সাগৰত মনৰ তন্ময়তা
ছাঁ হৈ ডুলি থাকে মন গহন বনত 
তোমাৰ কহুৱাঁ বৰনীয়া প্ৰতিচ্ছবি
অহনিৰ্শে !!

 
সময় : ৮.২০ ,ৰাতি ।
দিনাঙ্ক : ৮/,১১/২০২০

1 comment:

dudulsonowal32@gmail.com

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts