Saturday, February 26, 2022

বিদ্যালয়ত বগা ঐক্য সাঁজ হেৰাই যাব নেকি ? Will white uniform be lost in school ?

বিদ্যালয়ত বগা ঐক্য সাঁজ হেৰাই যাব নেকি ? Will white uniforms be lost in school ? 

বগা ৰঙৰ অৰ্থ , নীলা ৰঙৰ অৰ্থ আৰু হালধীয়া ৰঙৰ অৰ্থ কি ? জানেনে আপুনি ? আহক জানি লও --




বিদ্যালয়ত বগা ঐক্য সাঁজ হেৰাই যাব নেকি ? বহু ইতিহাস বহন কৰা বগা ঐক্য সাঁজ বিদ্যালয়ৰ পৰা প্ৰায় আঁতৰাই পেলোৱা পৰিলক্ষিত হৈছে। বগাৰ সলনি বৰ্তমান সময়ত নীলা ৰঙ আৰু হালধীয়া ৰঙৰ ঐক্য সাঁজ চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীক দিয়া হৈছে। বিদ্যালয়ত প্ৰয়োভৰ হ'ল ৰঙা আৰু হালধীয়া।

বগা ৰঙৰ অৰ্থ হৈছে সত্য, সততা , বিশুদ্ধতা, নিষ্পাপতা, সম্পূৰ্ণতা আৰু সম্পূৰ্ণতা।

    বগা ৰংটো সাধাৰণতে আটাইতকৈ সম্পূৰ্ণ আৰু বিশুদ্ধ ৰঙ । ইয়াক নিখুঁততাৰ ৰং হিচাপে বিবেচিত কৰা হয় । বগাৰ মানসিক অৰ্থ হৈছে বিশুদ্ধতা, নিষ্পাপতা, সম্পূৰ্ণতা আৰু সম্পূৰ্ণতা।
    ৰঙৰ মনোবিজ্ঞানৰ মতে বগা হৈছে নতুন আৰম্ভণিৰ ৰং । বগা ৰঙে ইন্দ্ৰিয়বোৰক উদ্দীপিত নকৰে, ই মনটোৱে গ্ৰহণ কৰিব পৰা যিকোনো বস্তু সৃষ্টিকৰাৰ পথ মুকলি কৰে। শান্তিৰ প্ৰতীক হৈছে বগা ৰং। এনেও বগা ৰঙৰ কাপোৰ পিন্ধা মানুহক সুন্দৰ দেখাই আৰু মানুহজনৰ গাম্ভীয্যতা প্ৰকাশ পায়। অতীজৰে পৰা আমাৰ সমাজত বগা ৰঙৰ প্ৰতি আদৰ বেছি। শিক্ষক সকলৰ মাজতো বগা ৰঙৰ প্ৰাধান্যতা আছিল। তেতিয়া শিক্ষক সকলে বগা কামিজ আৰু বগা চুৰীয়া পিন্ধি বিদ্যালয়লৈ গৈছিল। এই অভ্যাসে নিজৰ লগতে সমাজৰ আৰু জাতিৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰতো অৰিহণা যোগাইছিল। 

বগা চাৰ্ট আৰু নীলা হাফ পেন্টেৰে শাৰী শাৰী ছাত্ৰ ছাত্ৰীসকলক সুন্দৰ দেখাইছিল। ছাত্ৰ-ছাত্ৰী সকলে বগা সাঁজৰ পৰা কিছুমান কথা শিকিবলৈ সক্ষম হৈছিল। যেনে - বগা সাঁজ সহজে মলিয়ন হৈছিল। সেয়ে কেনেকৈ লেতেৰা নোহোৱাকৈ পিন্ধিব পাৰি সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকল সজাগ হ'বলৈ শিকিছিল। এযোৰ পোছাক অন্ততঃ তিনিটা দিন সহজে সিহঁতে পিন্ধিব পাৰিছিল। এনে ধৰণৰ সৰু সৰু কথাবোৰৰ প্ৰতি তেওঁলোককক সচেতন হ'বলৈ বগা সাঁজে অনুপ্ৰাণিত কৰিছিল।

পৰিবৰ্তিত সময়ৰ সৈতে খাপ খাবলৈ বা ব্যক্তিগত বিদ্যালয়ৰ সৈতে ফেৰ মাৰিবলৈ নতুবা বিদ্যালয়ত পৰিৱৰ্তন অনাৰ মানসেৰে এতিয়া বগা ৰঙৰ ঠাই অধিগ্ৰহণ কৰিলে নীলা আৰু হালধীয়াই। 

নীলাৰ অৰ্থ হৈছে - বিশ্বাস, দায়িত্ব, সততা আৰু আনুগত্য।

      এই ৰং সংৰক্ষিত আৰু শান্ত । ই হুলস্থুল বা মনোযোগ আকৰ্ষণ কৰাৰ বিৰুদ্ধ । এই ৰঙে সংঘৰ্ষক ঘৃণা কৰে কিন্তু কামবোৰ নিজৰ ধৰণে কৰিব বিচাৰে। ৰঙৰ মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা নীলা হৈছে নিৰ্ভৰযোগ্য আৰু দায়বদ্ধ ৰং । এই ৰঙে মানুহৰ আভ্যন্তৰীণ সুৰক্ষা আৰু আত্মবিশ্বাস প্ৰদৰ্শন কৰাত সহায় কৰে। মানুহৰ মনত নীলা ৰঙে শান্ততা, শিথিলতা আৰু শৃংখলাৰ অনুভূতি সৃষ্টি কৰে । যেনে - যদি আপুনি উজ্জ্বল নীলা আকাশৰ ফালে চাই শুই থাকে তেন্তে আপুনি নিশ্চিতভাৱে শান্তি অনুভৱ কৰিব। অৰ্থাৎ যিমানেই নীলা হ'ব, সিমানেই আমি স্বাতীনতা অনুভৱ কৰোঁ। নীলা ৰঙে বিশেষকৈ আদৰ্শবাদীতাকো প্ৰতিনিধিত্ব কৰে। আত্মপ্ৰকাশ বৃদ্ধি কৰা, প্ৰয়োজনীয়তা বোৰ আজুৰি অনাৰ ক্ষেত্ৰত নীলা ৰঙে আমাক ধৈৰ্য্য প্ৰদান কৰে। এই ৰঙে উচ্চ আদৰ্শক অনুপ্ৰাণিত কৰে। নীলা ৰঙক আত্মা, ভক্তি আৰু আধ্যাত্মিক অধ্যয়নৰ ৰং বুলিও কোৱা হয়। তদুপৰি এই ৰঙে বিশ্বাসযোগ্যতাকো প্ৰতিপন্ন কৰে। সম্পৰ্ক সুদৃঢ় কৰাত নীলা ৰঙে সহায় কৰে। নীলা সকলোৰে গ্ৰহণযোগ্য আৰু সাৰ্বজনীন ভাৱে পছন্দ কৰা ৰং। কাৰণ এই ৰং সুৰক্ষিত আৰু ভাবুকিবিহীন । গতিকে ৰংৰ অৰ্থগত দিশৰ পৰা ফঁহিয়াই চালে নীলা ৰঙ বিদ্যালয়ৰ লগত জড়িত কৰাটো ভাল পদক্ষেপ বুলি গণ্য কৰিব পাৰি।

দ্বিতীয় ৰংটো হৈছে হালধীয়া। 

হালধীয়াৰ অৰ্থ হৈছে চিন্তা, অনুসন্ধিৎসু , আশাবাদ, সৃষ্টিশীলতা আৰু আত্মবিশ্বাস। 


হালধীয়া ৰঙ বিশেষকৈ জ্ঞানৰ সৈতে সম্পৰ্কিত এটা ৰং। বৰ্ণালীৰ আটাইতকৈ পাতল ৰং হৈছে হালধীয়া। সেয়ে মানুহে এই ৰং ভাল পায়। এই ৰঙে মানুহৰ মনত আশাবাদৰ জন্ম দিয়ে। মনত সুখ, আনন্দ, প্ৰফুল্লতা আৰু আমোদ প্ৰদান কৰাত এই ৰঙৰ অৱদান আছে। আকৌ হালধীয়াই চিন্তা আৰু অনুসন্ধিৎসু মনক জগাই তোলে। নতুনত্ব সৃষ্টিত অৰিহণা যোগায়। সেয়ে বসন্ত কালত নতুনকৈ হালধীয়া পাটমাদৈ চৰাইজনী দেখিলে আমাৰ মন আনন্দত নাচি উঠে। গা-মন থৌকি-বাথৌ লাগে। হালধীয়া ফুলৰ সৰিয়হডৰা সকলোৱে ৰ' লাগি হেঁপাহ পলুৱাই চায়। 
       জীৱনৰ বাবে উৎসাহ সৃষ্টি কৰিবলৈ হালধীয়া হৈছে সৰ্বশ্ৰেষ্ঠ ৰং আৰু ই অধিক আত্মবিশ্বাস আৰু আশাবাদ জাগ্ৰত কৰিব পাৰে। হালধীয়া ৰঙে প্ৰত্যাহ্বানক ভাল পায়, বিশেষকৈ এক মানসিক প্ৰত্যাহ্বান। এনে সুন্দৰ অৰ্থৰ সমাহাৰ হোৱাৰ বাবেই হয়তো হালধীয়া বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিলে। ছাত্ৰ-ছাত্ৰীৰ শৰীৰত হালধীয়া ৰঙে জিলিকি উঠিল।


চৰকাৰী বিদ্যালয়বোৰত নীলা আৰু হালধীয়া ৰঙ পদাৰ্পন কৰা লগে লগে আমাৰ বহু ইতিহাস সমৃদ্ধ বগা ৰঙৰ প্ৰতি অনাদৰ হ'ল। হ'লেও আমাৰ মনত বগাই বহু ঠাই নিগাজিকৈ দখল কৰি আছে। সেই স্থান নীলা আৰু হালধীয়া ৰঙে পূৰ কৰিব পাৰিব নাই ক'ব নোৱাৰোঁ। কিন্তু মনত যে নষ্টালজিয়াই আমনি কৰিবহি সেয়া ধূৰূপ। অনাগত দিনত নীলা আৰু হালধীয়াই ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ ভেটি সুদৃঢ় কৰাত সহায় কৰক , অসমীয়া বিদ্যালয়সমূহত নতুনত্বই উজ্জীৱিত প্ৰদান কৰক। গভীৰ প্ৰত্যাশা আগত ৰাখি আগবাঢ়ি যোৱাৰ মানসিকতা ছাত্ৰ ছাত্ৰীসকলৰ মনত সৃষ্টি হওক তাৰেই অন্যতম কামনা। 





প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক : দুদুল সোণোৱাল। সহ শিক্ষক,
 হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।


মোৰ ইউটিউবলৈ যাবলৈ ক্লিক কৰক 
https://youtu.be/gfyYUxK7rDU

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏






 





Monday, February 21, 2022

কাঠফুলা খেতি আৰু ইয়াৰ লাভজনক ব্যৱসায়িক দিশ । Mushroom 🍄🍄🍄.

কাঠফুলা খেতি আৰু ইয়াৰ লাভজনক ব্যৱসায়িক দিশ।জানো আহক।

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏


কাঠফুলা কি ? What is mushroom ?
কাঠফুলা কি ?

কাঠফুলা বা মাশ্বৰুম (Mushroom) ভেঁকুৰ শ্ৰেণীৰ এবিধ উদ্ভিদ ৷ কাঠকুলাৰ আকাৰ সাধাৰণতে ভেঁকুৰ বুলিলে বুজা উদ্ভিদ বিলাকতকৈ ডাঙৰ ৷ পচা গছপাত, জাবৰ আদিত আৰু সেমেকা মাটিত কাঠফুলা গজে ৷ বিশেষকৈ বাৰিষা কালছোৱাত হাবি – বননিত কাঠফুলা গজা দেখা যায় ৷ আনবিলাক সেউজীয়া উদ্ভিদৰ দৰে ইয়াৰ সেউজ – ৰঙৰ সৃষ্টিকাৰক পত্ৰহৰিৎকণা নাই ৷ সেয়ে এই উদ্ভিদবিধ বগা, মাখন বৰণীয়া বা মুগা ৰঙৰ হয় আৰু ফলস্বৰূপে খাদ্য পুষ্টি আহৰণৰ অৰ্থে জৈৱিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰিব লাগে – মৃতজীৱি হিচাবে ৷

কাঠফুলাৰ ইতিহাসৰ সম্পৰ্কে আপুনি জানেনে ?

খাদ্য সামগ্ৰী হিচাবে কাঠফুলা ব্যৱহাৰৰ ইতিহাস যথেষ্ট পুৰণি ৷ চিন দেশত প্ৰায় ১০০০ বছৰৰ পূৰ্বেই খাদ্যৰ উপযোগী কাঠফুলাৰ খেতি আৰম্ভ হৈছিল ৷ ফ্ৰান্সত ১৬৫০ চনত প্ৰথমবাৰৰ বাবে এই খেতি কৰা হৈছিল বুলি জনা যায় ৷ কেইবাটাও সভ্যতাত শিল আদিত খোদিত কাঠফুলাৰ আৰ্হি দেখা যায় ৷ গৌতম বুদ্ধয়ো কাঠফুলা ব্যৱহাৰ কৰিছিল ৷ প্ৰণালীবদ্ধ ভাৱে নহলেও প্ৰকৃততে ভাৰতত ইয়াৰ খেতি আৰম্ভ হৈছিল ১৮৮৬ চনৰ পৰাই৷

কাঠফুলা খেতিৰ বৰ্ত্তমানৰ ৰেহৰূপ কেনে ?

    বৰ্ত্তমান সময়লৈকে দুহেজাৰতকৈ অধিক কাঠফুলা খাদ্যৰ বাবে উপযুক্ত বুলি চিনাক্ত কৰা হৈছে ৷ সাতটা জাতিৰ অন্তৰ্গত প্ৰায় ২৮৫ টা প্ৰজাতি ভাৰতত পোৱা যায় ৷ খাদ্য হিছাপে পাহাৰিয়া জনজাতি, চাহ বাগিছাৰ ন-অসমীয়া আনকি গাৱঁৰ লোকে বহু আগৰে পৰা কাঠফুলা ব্যৱহাৰ কৰি আহিছে যদিও ইয়াৰ খেতিৰ পদ্ধতি তেওঁলোকৰ মাজত প্ৰচলন হোৱা নাই ৷ ইয়াৰ বাবে তেওঁলোকে প্ৰাকৃতিক ভাবে গজা কাঠফুলাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ৷ কিন্তু কাঠফুলাৰ আধুনিক কৃষি পদ্ধতি উদ্ভাৱনৰ লগে লগে আন আন লোকৰ মাজতো ইয়াৰ খাদ্যাভ্যাস আৰু জনপ্ৰিয়তা বৃদ্ধি পাইছে ৷ বৰ্ত্তমান অসমত কাঠফুলাৰ খেতি প্ৰচলন হোৱা এটা দশকৰো বেছি হ’ল ৷

কাঠফুলা কিহৰ বাবে জনপ্ৰিয় ?

কাৰণ হিচাপে উল্লেখ কৰিব লাগিব যে ইয়াৰ স্বাদ অতি লোভনিয় আৰু অনুপম ৷ সেয়েহে প্ৰক্ৰিতিৰ বুকুত গজা যিকোনো কাঠফুলা সংগ্ৰহ কৰি আনি খাদ্য হিছাপে ব্যৱহাৰ কৰিবলৈ আগৰে পৰা অভ্যস্ত লোাকসকলৰ মাজত দুৰন্ত হাবিয়াস আছে৷ কিন্তু কেৱল চিনি পোৱা, অবিষাক্ত খাঠফুলাহে বুতলি আনা উচিত ৷ গুণাগুনৰ দিশৰ পৰা চালে দেখা যায় যে কাঠফুলা বহুতো গুণৰ অধিকাৰী৷ বিশেককৈ শৰীৰত পুষ্টি সাধিব পৰা অতুলনিয় গুণাগুণ সমূহ ৷ ইয়াক নিৰামিষহাৰীৰ বাবে মাংস বুলিবও পৰা যায়৷ কিয়নো মাংস, মাছ আৰু কণীৰ পিছতেই প্ৰটিনৰ পৰিমাণ অনুসৰি কাঠপুলাক স্হান দিব পৰি ৷ সতেজ কাঠফুলাত গডে ৩.৭ শতাংশ প্ৰটিন আৰু ৪ শতাংশ কাৰ্বহাইড্ৰেট থাকে৷ আমাৰ শৰিৰে এই প্ৰটিনৰ শতকৰা ৬০-৭০ ভাগেই পৰিপাক কৰিব অৰ্থাৎ গ্ৰহণ কৰিব পাৰে ৷ ভিটামিণ B,C,D আৰু Kযথেষ্ট পৰিমাণে থাকে ৷ কাঠফুলাত কম শৰ্কৰা (০.০৫%) থকাৰ বাবে বহুমূত্ৰ ৰেগীৰ বাবে উপযোগী আৰু সম্পূৰ্ণ কলেষ্ট্ৰল যুক্ত হোৱাৰ বাবে হৃদৰোগত ভোগা ব্যক্তিসকলে খাবলৈ ব্যৱহাৰ কৰিব পাৰে৷ কাঠফুলাত কৰ্কট ৰোগ আৰু AIDS নিৰাময় কৰিব পৰা গুণ আছে ৷ লগতে নিয়মিত কাঠফুলাৰ ব্যৱহাৰ কৰি যিকোনো ৰোগৰ বাবে আমাৰ শৰীৰত পতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে ৷ এই বিলাকৰ উপৰিও কাঠফুলা অন্যান্য গুণাগুণৰ উৎস ৷

কাঠফুলাৰ জাত আৰু খেতিৰ সময় ::

সৰ্বাধিক প্ৰচলিত কাঠফুলা কেইবিধ হ’ল-

(ক) বুটাম সদৃশ কাঠফুলা : 

এইবিধ কাঠফুলা দেখাত ঘুৰণীয়া বগা বুটামৰ দৰে আৰু আঠাইকৈ জনপ্ৰিয় ৷ ইয়াৰ খেতিৰ বাবে এটা নিৰ্দ্দিষ্ট পদ্ধতিৰে পছনসাৰ তৈয়াৰ কৰি ল’ব লাগে৷ খেতিৰ বাবে জলবায়ুৰ নাইবা কৃত্ৰিমভাবে নিয়ন্ত্ৰিত কোঠালিৰ উষ্ণতা ১৬ও-২০ও ছেন্টিগ্ৰড হ’ব লাগে ৷ গতিকে অসমৰ পৰিবেশত ডিচেম্বৰ আৰু জানুৱাৰী মাতহ ইয়াৰ খেতি কৰিব পৰা যায় ৷

(খ) ধান খেৰত হোৱা কাঠফুলা :

    পৈণত অৱস্হাত এই কাঠফুলাবিধ দেখাত ছাতিৰ দৰে ৷ ইয়াৰ খেতি কেৱল ধান খেৰত কৰিব পাৰি ৷ ইয়াৰ খেতিৰ বাবে লাগতিয়াল উষ্ণতা হৈছে ৩০০-৩৫০ ছেন্টিগ্ৰেড৷ জুন, যুলাই আৰু আগষ্ট মাহৰ জলবায়ু ইয়াৰ খেতিৰ বাবে অনুকুল ৷

(গ) অয়ষ্টাৰ বা সাগৰীয় শামুকীয় জাতৰ কাঠফুলা :

এইবিধ কাঠফুলাৰ পাহিবোৰ দেখাত এবিধ সাগৰীয় সামুকৰ দৰে ৷ ইয়াৰ কৃষি প্ৰণালী আটাইকৈ সহজ, সুলভ আৰু উৎপাদনো যথেষ্ট বেছি হই৷ ইয়াৰ খেতি ধানখেৰৰ উপৰিও যিকোনো শষ্যৰ জাবৰ, কুঁহিয়াৰৰ ডাবৰি, পেলনীয়া কাগজ, কাঠৰ গুৰি আদিত কৰিব পাৰি৷ অয়ষ্টাৰৰ প্ৰজাতি বিলাকৰ খেতিৰ বাবে ২২০-২৮০ ছেন্টিগ্ৰড পৰিসৰৰ উষ্ণতাৰ আৱশ্যক ৷ সেয়ে অসমৰ জলবায়ুত ইয়াৰ খেতি সমগ্ৰ বছৰ জুৰি কৰিব পাৰিলেও ছেপ্তেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে অথৰ্াৎ ৮ মাহ বৰ ভালদৰে কৰিব পাৰি৷

কেনেকৈ সংৰক্ষণ কৰিব ?

চপাই অনা সতেজ কাঠফুলাৰ পাহিবোৰ ২০০ গ্ৰামকৈ পেকেট কৰি ৰাখিব লাগে৷ পলিথিনৰ পেকেটতকৈ কাগজৰ পেকেট বেছি উপযুক্ত৷ পলিথিনৰ পেকেটত ৰাখিব হ’লে তাত কেইটামান সৰু সৰু ফুটা কৰি ল’ব লাগে যাতে কাঠফুলাৰ পহিবোৰৰ পৰা ভাপ হৈ অহা জলীয় বাষ্প পেকেটৰ ভিতৰত জমা হ’ব নোৱাৰে৷ সাধাৰণ উষ্ণতাত কোঠালিত কাঠফুলা বিলাক ছিঙাৰ পিছত কেৱল এদিন হে ৰাখিব পৰা যায়৷ আনহাতে ৰেফ্ৰিজাৰেটৰত ৩ বা ৪ দিনকৈ বেছি ৰাখিব নালাগে৷ ৰ’ডত ভালদৰে শুকুৱাই পলিঠিনৰ পেকেটত বন্ধ কৰি কাঠফুলা ৫-৬ মাহলৈকে সংৰক্ষ্যণ কৰিব পাৰি৷

পৰিবেশন কৰিব জানেনে ?

কাঠফুলাৰ ৰন্ধন প্ৰণালী অন্যান্য পাছলি বা মাছ-মাংহতকৈ কোনো বেলেগ নহয়৷ ছিঙি অনা কাঠফুলাখিনি পৰিস্কাৰকৈ পানীৰে ধুই ল’ব লাগে আৰু নিজৰ ৰুচি অনুযায়ী ৰান্ধিব লাগে৷ কাঠফুলাৰ বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰা স বহুতো লিখনি পোৱা যায়৷ অম্লেট, ছালাড, তৰকাৰী, চেণ্ডুইচ, আচাৰ, চোৰোহা আদিৰ উপৰিও বিভিন্ন প্ৰকাৰৰ বেকাৰীৰ ব্যঞ্জন যেনে পেটিছ, বিস্কুট, ভুজিয়া তৈয়াৰ কৰিব পাৰি৷

সাৱধানীৰ মৰণ নাই !!

বাতৰি কাকতত প্ৰায়েই কাঠফুলা ভক্ষণ কৰি মানুহৰ মৃতু্য হোৱা নাইবা শাৰীৰিক ক্ষতিসাধন হৈ থকাৰ বাতৰি পঢ়িবলৈ পোৱা যায়৷ এনে দুৰ্ঘটনা কেৱল ভাৱে হাবি-বননিত গজা বিষাক্ত কাঠফুলা বুটলি আনি খোৱাৰ ফলত হয়৷ বৈজ্ঞানিকভাৱে খেয়ি কৰা কাঠফুলা কেইবিধৰ পৰা এনে অভাৱনিয় পৰিস্হিতি কেতিয়াও নহয় নহয়৷ থলুৱা বিষাক্ত কাঠফুলা আৰু খোৱাৰ উপযোগী কাঠফুলাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাটো বৰ জটিত৷ এই ক্ষেত্ৰত থলুৱা কাঠফুলা ব্যৱহাৰ কৰিলে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে দুৰ্ভাগ্যজনক পৰিণতিৰ পৰা হাত সাৰিবৰ বাবে৷ যিকোনো সন্দেহ হ’লে, মনত সংশয় থাকিলে এনে কাঠফুলা খাবলৈ ব্যৱহাৰ নকৰাই মংগল৷ আমাৰ লোকসকলৰ মাজত খাদ্যোপযোগী কাঠফুলা চিনাক্তকৰণৰ কেইটামান পদ্ধতি ৰীতিগতভাৱে চলি আহিছে৷

প্ৰাথমিক চিনাক্তকৰণত থলোৱা প্ৰণালী কেইটা হ’ল :

ক) বিষাক্ত কাঠফুলা বিলাক উজ্জ্বল, আকৰ্ষণীয়, সয্য কৰিব নোৱাৰা গন্ধযুক্ত আৰু তিতা, কেহা আৰু বেয়া স্বাদযুক্ত ৷

খ) বিষাক্ত কাঠফুলাত সাধাৰণতে পোক-পৰুৱা নাথাকে নাইবা কম থাকে৷

গ) ৰূপৰ আৰু তামৰ সামগ্ৰী বিষাক্ত কাঠফুলাৰ আঞ্জাত দিলে কলা পৰে৷

ঘ) এঁৱা গাখীৰত বিষাক্ত কাঠফুলাৰ টুকুৰা দিলে গাখীৰখিনি সোনকালে গোট মাৰি দৈৰ লেখীয়া হয় ৷

ঙ) বিষাক্ত কাঠফুলাৰ ছালখন পাতলকৈ সহজে গুচাব নোৱাৰি৷

চ) বিষাক্ত কাঠফুলাৰ ঠাৰিডালৰ মধ্যভাগত এটা আঙঠি অঅৰু গুৰিভাগত এটা কাপ বা বাতি সদৃশ ছাল লাগি থাকে৷ অবিষাক্ত, খোৱাৰ উপযোগী কাঠফুলাত আঙঠি আৰু বাতিৰ যিকোনো এটা বৈশিষ্টহে দেখা যায়৷ মনত ৰাখিবলগীয়া আৰু অনিবাৰ্যভাৱে ল’বলগীয়া সাৱধানতা হ’ল : কাঠফুলাৰ আঞ্জাৰ সৈতে কেতিয়াও মদ্য পান কৰিব নালাগে, অন্যথা ইয়াৰ অন্তিম পৰিণতি মাৰাত্মক৷ 
ছ) বিষাক্ত কাঠফুলা বেঙেনাৰ লগত সিজালে ক'লা পৰে। 

ধানখেৰৰ কাঠফুলাৰ (Volvariella sp.) খেতি কেনেকৈ কৰিব ?

ই এবিধ উষ্ণতাৰ প্ৰতি আসক্তি থকা কাঠফুলা ৷ এই জাতৰ কাঠফুলাৰ বনাবলৈ ২৮০ ৰ পৰা ৩৫০ ছেন্টিগ্ৰেড উষ্ণতা আৰু ৮০ৰ পৰা ৮৫ শতাংশ আদ্ৰতাৰ জলবায়ু সবাতকৈ উত্তম ৷ জুন, জুলাই আৰু আগষ্ট মাহত এইবিধ কাঠফুলাৰ খেতি ভাল হয় ৷ এই তিনিতা মাহ অয়েষ্টাৰ (Pleurotus sp.) কাঠফুলাৰ খেতিৰ বাবে উপযোগী নহয় ৷ সেয়েহে দুয়োটা জাতৰ কাঠফুলা গোটেই বছৰটোৰ উৎপাদনৰ বাবে কৰিব পাৰি ।

‘ধানখেৰৰ কাঠফুলা’ৰ সুবিধা সমুহ :-

এই বিধ কাঠফুলা আন সকলোবোৰ কাঠফুলাতকৈ সোনকালে উৎপাদন হয় ৷
ই সাগৰীয়া শামুক জাতৰ কাঠফুলাতকৈ বেছি সোৱাদ ৷
খেতি কৰাৰ পদ্ধতি খুউব সহজ ৷
অতি সহজ আচবাব যেনে, চিমেন্টৰ ডাঙৰ পাত্ৰ, বাল্টি, বাঁহৰ ফ্ৰেম, খেৰ, ৰহৰ অইল, কাঠফুলাৰ বীজ ইত্যাদিৰ প্ৰয়োজন ৷

‘ধানখেৰৰ কাঠফুলা’ৰ অসুবিধাসমুহ

এই বিধ কাঠফুলা চপোৱাৰ পিছত ৰাখি থলে সোৱাদ কমি যায় ৷ পালেঙৰ পৰা চপোৱাৰ দিনৰ পৰাই ইয়াক খোৱাৰ দৰকাৰ ৷
ইয়াক ২৪ ঘন্টাতকৈ বেছি সময় সাঁচি ৰাখিলে ই পানীয় ধৰণৰ হয় আৰু ইয়াৰ পৰা বেয়া গোন্ধ ওলাই ৷ ৰেফ্ৰিজাৰেটৰত ৰাখিলে এদিনৰ বাবে ৰাখিব পাৰি৷
ইয়াৰ খেতি কৰিবলৈ বেছি খেৰৰ প্ৰয়োজন হয় ৷ ১০০ কিলোগ্ৰাম খেৰৰ পৰা মাত্ৰ ১৩ কিলোগ্ৰাম মান কাঠফুলাহে পোৱা যায় ৷বছৰত মে, জুন, জুলাই আৰু আগষ্ট এই চাৰি মাহত এই জাতৰ খেতি কৰিব পাৰি ৷ আগষ্ট মাহত সৰ্বাধিক উৎপাদন পোৱা যায় ৷

কেচাঁমাল

‘ধানখেৰৰ কাঠফুলা’ খেতিৰ বাবে ধানখেৰেই ভাল৷ বৰষুণত তিতি থকা ধানখেৰ বা নিম্নমানৰ খেৰ ব্যৱহাৰ কৰিলে খাদ্য অনুপযোগী আন জাতৰ কাঠফুলা (যেনে – Coprinus sp.) গজি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

খেৰ মুঠা বন্ধা

খেৰবোৰৰ ৮০ ছেন্টিমিটাৰ দীঘল X ১২ ছেন্টিমিটাৰ ব্যাসৰ মুঠা বান্ধিব লাগে৷ প্ৰ্ৰত্যেকটো মুঠাৰ ওজন ৮০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰাম হোৱাৰ দৰকাৰ৷ এখন পালেং তৈয়াৰ কৰিবলৈ এনেকুৱা ২৪ টা খেৰৰ মুঠাৰ প্ৰয়োজন৷ ২০ কিলোগ্ৰাম শুকান খেৰ এখন পালেংৰ বাবে ব্যৱহাৰ কৰা হয়৷

খেৰ কটা

খেৰৰ মুঠাবোৰৰ মূৰৰ ফালে কাঠফুলা ওলাবৰ বাবে মুঠাবোৰ দুয়োমূৰে সমানকৈ কাটি দিয়াৰ দৰকাৰ ৷

খেৰৰ মুঠা পানীত তিওৱা পদ্ধতি

এক মিটাৰ ওখ আৰু এক মিটাৰ ব্যাসৰ চিমেন্টৰ পাত্ৰ বা তেলৰ ড্ৰামত প্ৰথমে খেৰৰ মুঠাবোৰ ভৰাই ল’ব লাগে ৷ তাৰ পিছত মুঠাবোৰৰ ওপৰলৈ পানী ভৰাব লাগে ৷ মুঠাবোৰ ভাঁহি নাথাকিবৰ বাবে ইয়াৰ ওপৰত ডাঙৰ শিল বা ইটা ৰখা দৰকাৰ এনে মুঠাবোৰৰ ২৪ ৰ পৰা ৪৮ ঘন্টা পানীত দুবাই থব লাগে ৷

মুঠা দ’ম কৰা :-

মুঠাবোৰ পনীৰ পৰা উঠাই অতিৰিক্ত পানীভাগ নিগৰি যোৱাৰ বাবে পৰিষ্কাৰ চাং এখনৰ ওপৰত ৰাখিব লাগে ৷

বাঁহৰ ফ্ৰেম :-

৯০ ছেন্টিমিটাৰ X ৯০ ছেন্টিমিটাৰ X ১৫ ছেন্টিমিটাৰ ওখ বাঁহৰ ফ্ৰেম এটা সজাই ল’ব লাগে ৷ বাঁহৰ ফ্ৰেম সজাই লোৱাৰ কাৰণ হ’ল – (১) কাঠফুলাৰ পালেং আৰু মজিয়াৰ মাজত পোনপটিয়া সংযোগ বন্ধ কৰা আৰু (২) খেৰৰ মুঠাত থকা অতিৰিক্ত পানী ভাগ ওলাই যোৱাত সুবিধা হয় ৷

কাঠফুলা উৎপাদন কৰা ঘৰ


কাঠফুলা উৎপাদন কৰিবলৈ লোৱাৰ ঘৰটোৰ প্ৰস্হ ৩ মিটাৰ, দুয়োফালে উচ্চতা ২.৫ মিটাৰ আৰু দীঘ ৬ মিটাৰ হোৱাৰ দৰকাৰ ৷ ছালখন খেৰৰ তৈয়াৰী হ’ব লাগে ৷ পকী মজিয়াত ৫ চেন্টিমিটাৰ মানৰ বালিৰ তৰপ দিব লাগে ৷ বেৰ চাৰিখন খেৰ আৰু বাঁহৰে তৈয়াৰী কৰি ল’ব লাগে ৷ বেৰ চাৰিখনত প্লাষ্টিক ওলমাই থব লাগে, এনে কৰিলে ধৰখনৰ উষ্ণতাৰ লগতে আৰ্দ্ৰতাও বৃদ্ধি হয় ৷

কাঠফুলাৰ বীজ :

বিশুদ্ধ কাঠফুলাৰ বীজ ইটা বৰণীয়া হয় এখন পালেংৰ বাবে ৩০০ গ্ৰাম বীজেই যথেষ্ট ৷ ৩০০ গ্ৰাম বীজক ৭৫ গ্ৰাম, ৭৫ গ্ৰাম আৰু ১৫০ গ্ৰাম এই তিনিভাগত ভগাই ল’ব লাগে ৷ প্ৰতিটো ভাগৰ বীজবোৰক এক চেন্টিমিটাৰ জোখৰ টুকুৰা টুকুৰাকৈ ভাঙি লোৱাৰ দৰকাৰ ৷

ছকৰ গুড়ি :

৫ গ্ৰাম ছকৰ গুড়ি ১ লিটাৰ পানীত মিহলাই কাঠফুলাৰ বীজ দিয়াৰ আগত খেৰৰ দমবোৰত স্প্ৰে কৰি ল’ব লাগে ৷ এনে কৰিলে খেৰৰ আম্লতা বৃদ্ধি হয় ৷

পালেং তৈয়াৰ কৰা পদ্ধতি :

৬ টা খেৰৰ মুঠা বাঁহৰ ফ্ৰেমৰ ওপৰত একে শাৰীত থব লাগে ৷
অকনমান বীজ লৈ বীৰ টুকুৰাবোৰ খেৰৰ দমটোৰ ওপৰত ছটিয়াই দিব লাগে ৷ ই কাঠফুলাৰ বৃদ্ধি খৰতকীয়া কৰাত সহায় কৰে ৷
প্ৰথম তৰপটোৰ ওপৰত মুঠাবোৰ বিপৰীত দিশৰ আন ৬ টা মুঠাৰে দ্বিতীয় তৰপ দিব লাগে ৷
আগৰ দৰে ৭৫ গ্ৰাম বীজ দি তাৰ ওপৰত ৫০ গ্ৰাম ৰহৰ দাইলৰ গুৰি ছটিয়াই দিব লাগে ৷
দ্বিতীয় তৰপটোৰ বিপৰীত দিশত ৬ টা মুঠাৰে তৃতীয় তৰপ দিয়াৰ দৰকাৰ ৷
১২০ গ্ৰাম বীজ আৰু ১২০ গ্ৰাম ৰহৰ দাইলৰ গুৰি এই তৃতীয় তৰপটোৰ ওপৰত ছটিয়াব লাগে ৷
তৃতীয় তৰপটোৰ মুঠাবোৰৰ বিপৰীত দিশত ৬ টা মুঠাৰে শেষৰ তৰপটো দি পালেংখন ভালদৰে হেঁচি দিব লাগে ৷
২ মি: X ২ মি: জোখৰ পলিথিন এখনেৰে পালেংখন ভালদৰে ঢাকি দি পলিথিনৰ কাষবোৰ ফ্ৰেমটোৰ তলত ভালদৰে সুমুৱাই দিব লাগে ৷
পলিথিনৰ ঢাকনখন ১০ দিনৰ পিছত গুছোৱাই দিব লাগে ৷ ১৩ ৰ পৰা ১৬ দিনৰ পিছত কাঠফুলা ওলোৱা আৰম্ভ হ’ব ৷ কাঠফুলাবোৰ কণীৰ আকৃতিৰ লয় আৰু এইটোৱেই কাঠফুলা চপোৱাৰ উত্তম সময় ৷ ছাটিৰ দৰে আকৃতি অহালৈ বাট চাব নালাগে ৷ এই অৱস্হাত কাঠফুলাবোৰ সোনকালে নষ্ট হৈ যায় ৷
প্ৰথম থোপা কাঠফুলা চপোৱাৰ পাচত পালেং বোৰত ৰাতিপুৱা আৰু সন্ধিয়া পানী ছটিয়াব লাগে ৷ দ্বিতীয় থোপা কাঠফুলা ১ সপ্তাসৰ পিছত ওলাই আহিব ৷
ধানখেৰৰ কাঠফুলা খেতিৰ সমস্যা-

অসংখ্য ক্ষুদ্ৰ মকৰাবোৰে কাঠফুলা সূতাৰ দৰে অংশবোৰ খায় ৷ কাঠফুলা চপোৱাৰ সময়ত মানুহৰ গাত বগাই আমনি কৰে ৷ ইথিয়ান ৫০ ই চি মিলি: প্ৰতি লিটাৰ পানীত মিহলাই বীজ দিয়াৰ আগতে স্প্ৰে কৰিব লাগে ৷ ২০ লিটাৰ ঔষধ মিশ্ৰিত পানী ২০ কি: গ্ৰা: ওজন খেৰৰ বাবে যথেষ্ট ৷০

অয়ষ্টাৰ কাঠফুলাৰ বাবে খেৰ কটা আৰু তিওৱাৰ পদ্ধতি
অয়ষ্টাৰ কাঠফুলাৰ খেতিৰ বাবে পালেং তৈয়াৰ কৰিবলৈ প্ৰথমে উপযুক্ত আধাৰ নিৰ্বাচন কৰাটো অতি প্ৰয়োজনীয় ৷ সেইবাবে শুকান, ভাল ধানখেৰ কাটি ল’ব লাগে আৰু সাধাৰণতে আহুধানৰ খেৰতকৈ শালিধানৰ খেৰ বেছি উপযোগী ৷ অয়ষ্টাৰ কাঠফুলাৰ বাবে ধানখেৰৰ বাহিৰেও অন্য জৈৱিক আধাৰ সমূহ, যেনে সৰিয়হৰ কটালি, গোমধানৰ ডিলা, পাত আৰু ঠাৰি, কলৰ গা-গছ, পাত, পানী-মেটেকা, কঁহিয়াৰৰ ডাবৰি, নাৰিকলৰ পাত আৰু বাকলি, কাঠৰ চোঁচ বা কাঠ, বিভিন্ন ঘাঁহ, সূৰ্য্যমূখী ফুলৰ ঠাৰি, বাদামৰ বাকলি, শিমলূ আলুৰ পৰিত্যক্ত অংশ আদিও ব্যৱহাৰ কৰিব পাৰি ৷ ইয়াৰ ভিতৰত অসমৰ পৰিবেশত ধানখেৰেই সৰহীয়াকৈ সহজলভ্য ৷ কাঠফুলাৰ খেতিৰ বাবে সকলো আধাৰকেই প্ৰথমে ২” – ৩” জোখত টুকুৰা টুকুৰাকৈ কাটি ল’ব লাগে ৷ খেৰ কটাৰ বাবে মেচিন নাথাকিলে কাঠৰ গড় এডালৰ ওপৰত থৈ দাৰে সহজে কটি ল’ব পাৰি ৷ এনে কৰিলে – ক) সানমিহলি কৰিবলৈ, খ) মোনাতে ভৰাবলৈ আৰু গ) পানীত তিয়াবলৈ সুবিধাজনক হয় ৷

ইয়াৰ পাছত কাটি লোৱাৰ খেৰ খিনি বহল পাত্ৰ এটাত এৰাতি বা ১২-১৮ ঘন্টাৰ বাবে তিয়াই ৰাখিব লাগে ৷ এনে কৰিলে ক) কিছু পৰিমানে মুক্ত ভাবে লাগি থকা বীজাণুবোৰ পানীত এৰা খাই আতৰি যায়, খ) পানীত তিওৱাৰ ফলত আধাৰৰ কোষবোৰ ঢ়িলা হয়, যাতে অনুসূত্ৰই সহজে সোমাই গৈ কোষৰ পৰা পোষক দ্ৰব্য শুহি ল’ব পাৰে , গ) আধাৰৰ বাবে লাগতিয়াল পানী ভাগ (৭০-৮০%) শুহি ল’ব পাৰে ৷

নিৰ্দ্দিষ্ট সময় তিওৱাৰ পাচত পাত্ৰটোৰ পানী খিনি নিগৰাই পেলাই দিব লাগে ৷ এই দৰে তিওৱা খেৰখিনিৰ ওজন শুকান খেৰৰ প্ৰায় তিনিগুণ হয়গৈ আৰু এই তিতাখেৰ খিনিয়েই সিজোৱাৰ বাবে উপযুক্ত হয় ৷



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। দুদুল সোণোৱাল।

সংগৃহীত।



🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀

Monday, February 14, 2022

বায়ু প্ৰদূষণ আৰু সাম্প্ৰতিক সময়ৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা। Air pollution and the environmental balance of the current times.


  বায়ু প্ৰদূষণ আৰু সাম্প্ৰতিক সময়ৰ
       পাৰিপাৰ্শ্বিক ভাৰসাম্যতা।                       


    বায়ু প্ৰদূষণ সাম্প্ৰতিক সময়ৰ এক সংকটজনক অৱস্থা আৰু ই পৰিৱেশৰ বাবে এক ভাবুকিস্বৰূপ কাৰক হিচাপে চিহ্নিত। বিভিন্ন কাৰণত বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ ফলত মানুহৰ জীৱনলৈ ভয়াৱহ বাৰ্তা কঢ়িয়াই অনাৰ লগতে পশু-পখীকূলৰো বিপদ অনিবাৰ্য হৈ উঠিছে। বায়ু প্ৰদূষণ হোৱাৰ লগে লগে মানুহকে ধৰি জীৱকূলো বিভিন্ন ৰোগত আক্ৰান্ত হ'ব লগা হৈছে। বিশেষকৈ শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আনকি জড় পদাৰ্থ সমূহৰ ক্ষেত্ৰতো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বায়ু প্ৰদূষণৰ ফলত আমাৰ গৌৰৱ 'তাজমহল'ৰ বাহ্যিক সৌন্দৰ্য ক্ষতি সাধন হোৱাৰ আশংকাও আছে বুলি আমাৰ পৰিৱেশবিদসকলে কবলৈ খোজে। সুউচ্চ অট্টালিকাৰ ক্ষেত্ৰত বায়ু প্ৰদূষণৰ প্ৰভাৱ মনকৰিবলগীয়া।

   আহাৰৰ অবিহনে কিছুদিনলৈ অনায়াসে জীয়াই থাকিব পাৰি কিন্তু বায়ুৰ অবিহনে আমি এক মিনিটো জীয়াই থাকিব নোৱাৰোঁ। সেয়েহে বায়ুৰ অপৰিহাৰ্যতা ইয়াৰ পৰা অনুধাৱন কৰিব পাৰি। আমি সেৱন কৰা বায়ুৰ গুণাগুণ যদি উত্তম নহয়, স্বাস্থ্যৰ বাবে হানিকাৰক হয় তেন্তে আমাৰ শৰীৰৰ বাবে তেনে বায়ু উপযোগী হ'বই নোৱাৰে।
   খুব বেছি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই, আমাৰ চৌপাশৰ পৰিবেশ পৰ্যৱেশন কৰিলে ইয়াৰ সত্যাসত্য নিৰূপণ কৰিব পৰা যায়। গ্ৰাম্য অঞ্চলতেই হওঁক বা চহৰৰ অঞ্চলতেই হওঁক আজিকালি মুখখন ৰুমালেৰে ঢাকি নল'লে অহা-যোৱা কৰাই মুস্কিল হৈ পৰে। পথৰ কাষত পেলায় থোৱা জাবৰৰ দম, য'তে ত'তে কৰা প্ৰস্ৰাৱ আৰু পাইখানাৰ গোন্ধই বায়ু প্ৰদূষণ হোৱাত পূৰামাত্ৰাই সহায় কৰিছে। বায়ু প্ৰদূষণে সাম্প্ৰতিক পাৰিপাৰ্শ্বিক ভাৰসাম্যতাত বাৰুকৈয়ে আঘাত হানিছে। যদি প্ৰদূষণ এই হাৰত বৃদ্ধি পায় গৈ থাকে তেন্তে এটা সময়ত এই সুন্দৰ পৃথিৱীখন মানুহৰ বাসস্থানৰ বাবে অনুপযোগী হৈ পৰিব। সেয়েহে আমি সময় থাকোঁতেই বায়ু প্ৰদূষণ ৰোধ কৰি বায়ুমণ্ডল মানুহৰ উপযোগী কৰি তোলাৰ অহোপুৰুষাৰ্থ প্ৰয়াস কৰাৰ সময় সমাগত।

   
  বায়ু প্ৰদূষণ কি আৰু কি কি কাৰণত বায়ু প্ৰদূষণ হয় ?
  ভাৰতৰ বাবে বায়ু প্ৰদূষণ হ'ল এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক বিষয়। বিভিন্ন কাৰণত ভাৰতত বায়ু প্ৰদূষণৰ মাত্ৰা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে । বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ভাৰতত ১৯৮১ চনত বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন গৃহীত হৈছিল আৰু তেতিয়াৰ পৰা কেতবোৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ প্ৰগতি লাভ কৰাৰ বাবে অহোপুৰুষাৰ্থ প্ৰয়াস কৰি থকা পৰিলক্ষিত হৈছে। তথাপি ২০১৩ ৰ পাৰিৱেশিক দক্ষতা সূচকাংকৰ ক্ষেত্ৰত ভাৰতে ১৭৮ খন দেশৰ মাজত ১৫৫ তম স্থানহে লাভ কৰিছিল। এই তথ্যৰ পৰা ক'ব পাৰি ভাৰতৰ বায়ু প্ৰদূষণ এক চূড়ান্ত পৰ্য্যায়ত উপনীত হৈছেহি। বিশেষকৈ ভাৰতত - যান-বাহনৰ পৰা হোৱা নিৰ্গমন আৰু যান-জঁট , ইন্ধনৰ বাবে কাঠখৰি জ্বলোৱা, জীৱ-জন্তুৰ দহন, ইন্ধনৰ ভেজালকৰণ, গছৰ পাত জ্বলোৱা, পেলনীয়া আৱৰ্জনা জ্বলোৱা আদিৰ কাৰণত বায়ু প্ৰদূষিত হৈছে বুলি বিবেচনা কৰা হয়। বিভিন্ন কাৰণত জ্বলোৱা জুইৰ পৰা ওলোৱা ধোঁৱাৰ ফলত বায়ুমণ্ডলত ধোৱাময় আৰু ধোঁৱামিশ্ৰিত কুঁৱলীৰ আচ্ছাদনৰ সৃষ্টি হয়। এই আচ্ছাদন ক্ষুদ্ৰ ক্ষুদ্ৰ বায়ুমণ্ডলীয় কিছুমান কণিকাৰ দ্বাৰা গঠিত। এই ধোৱাময় কণিকাৰ পৰিমাণ বায়ুমণ্ডলত প্ৰয়োজনাধিক হ'লে বায়ুমণ্ডল প্ৰদূষিত হোৱা বুলি কোৱা হয়। অৰ্থাৎ ক'ব পাৰি যে বায়ুমণ্ডলত কিছুমান পদাৰ্থৰ অবাঞ্চিত উপস্থিতি অথবা বায়ুমণ্ডলত থকা বিভিন্ন উপাদান সমূহৰ অতিৰিক্ত উপস্থিতিয়ে মানুহৰ লগতে জীৱকূলৰ ওপৰত যি অনিষ্টকাৰী প্ৰভাৱ বিস্তাৰ কৰে, যি ক্ষতিসাধন কৰে তাকেই সাধাৰণতে বায়ু প্ৰদূষণ বোলা হয়। 
  

      বায়ু প্ৰদূষণৰ প্ৰধান কাৰক সমূহৰ ভিতৰত- বিস্তাৰিত উদ্যোগিক অঞ্চলো অন্যতম। তদুপৰি ওপৰত উল্লেখ কৰা হৈছে যে যান-বাহনৰ দ্বাৰা নিৰ্গত হোৱা অত্যধিক ধোঁৱা , বিভিন্ন ইন্ধনৰ দাহন , পেলনীয়া সামগ্ৰী দাহ কৰোঁতে উৎপন্ন হোৱা ধোঁৱা, পলিথিন জ্বলোৱাৰ ফলত সৃষ্টি হোৱা ধোঁৱা আদিক প্ৰধান কাৰক হিচাপে চিহ্নিত কৰিব পাৰোঁ। তদুপৰি মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা ধোঁৱাও বায়ু প্ৰদূষণৰ প্ৰধান কাৰক হিচাপে চিহ্নিত।
     উল্লেখযোগ্য যে বিভিন্ন কলকাৰখানাৰ পৰা নিৰ্গত কাৰ্বন মনক্সাইড (CO), কাৰ্বন-ডাই-অক্সাইড ( CO2) , ছালফাৰ ডাই অক্সাইড (SO ₂ ), হাইড্ৰজেন ছালফাইড (H₂S ) আৰু হাইড্ৰকাৰ্বন আদি গেছে বায়ু প্ৰদূষণ হোৱাত অৰিহণা যোগায়। ইয়াৰোপৰি কিছুমান ৰাসায়নিক উদ্যোগৰ পৰা অত্যধিক হাৰত নিৰ্গত হোৱা হাইড্ৰক্লৰিক এচিড, ক্লৰিণ,ফ্লৰিণ, নাইট্ৰজেন অক্সাইড, দস্তা, সীহ, আৰ্ছেনিক, তাম, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মনক্সাইড আদিয়েও বায়ু প্ৰদূষণত সহায় কৰিছে। তদুপৰি সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত বায়ুমণ্ডলত হাইড্ৰকাৰ্বন, নাইট্ৰজেন অক্সাইড, পেৰিক্স এচিটাইল নাইট্ৰেট (PAN) আৰু অজ'ন ( O₃) সৃষ্টি কৰি বায়ুমণ্ডলক আঘাত হানিব পৰা এক দূষিত ধোঁৱাৰ সৃষ্টি কৰে। উল্লেখ্য যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হ'লে সূৰ্যৰ পৰা বিকিৰিত ৰশ্মি কুঁৱলী আৰু কাৰ্বন ডাই অক্সাইডৰ ডাঠ তৰপ ভেদি ওলাই যাব নোৱাৰা হয়। ইয়াৰ ফলত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে আৰু এই অৱস্থাকেই সেউজ গৃহৰ প্ৰভাৱ ( green house effect) বোলা হয়। যদি উদ্যোগৰ পৰা বছৰি ৬০০০ নিযুত টন কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলত সৃষ্টি হয় তেন্তে কেনেকৈ সুৰক্ষিত হৈ থাকিব বায়ুমণ্ডল ?
এইবোৰ আমাৰ দেশত ঘটিয়ে আছে অবিৰামভাৱে। বায়ুমণ্ডল যিয়েই নহওঁক তাৰ ওপৰত প্ৰায় ভাগৰে ভ্ৰুক্ষেপ নাই।
       ইয়াৰোপৰি শক্তিৰ বাবে কাঠ, কৃষিক্ষেত্ৰত বৰ্জিত সামগ্ৰী আৰু জীৱ-জন্তুৰ বৰ্জিত সামগ্ৰী দাহ কৰাৰ ফলত দেশত বায়ু প্ৰদূষণ অব্যাহত হৈ ৰৈছে। ভাৰতত বছৰি জনমূৰি ইন্ধন হিচাপে ব্যৱহাৰ হোৱা কাঠ, কৃষিক্ষেত্ৰত বৰ্জিত পেলনীয়া সামগ্ৰী আৰু গৰু-ম’হৰ গোবৰৰ পৰিমাণ ২০৬ কিলো যিটো পৰিসংখ্যা কয়লাৰ সম পৰিমাণৰ বুলি কোৱা হয়।
     
'অসম' নামৰ সংবাদপত্ৰৰ ডিজিটেল সংস্কৰণৰ এটা বিজ্ঞপ্তিত প্ৰকাশ যে প্ৰতিবছৰে কেৱল হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশে পাঁচ কোটি টন শস্যৰ অৱশিষ্ট জ্বলাই দিয়ে। যাৰ ফলস্বৰূপে এই ৰাজ্যৰ লগতে নিকটৱৰ্তী ৰাজ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। উল্লেখ্য যে যদি একটন শস্য জ্বলাই দিয়া হয় তেন্তে ৬০ কিঃগ্ৰাঃ পৰিমাণৰ কাৰ্বন মনক্সাইড, ১০০ কিঃগ্ৰাঃ গ্ৰীণহাউচ গেছ আৰু ৩ কিঃগ্ৰাঃ ছালফাৰ ডাই অক্সাইড গেছ নিৰ্গত হয়। ইয়াৰ জৰিয়তে বায়ুমণ্ডলত কেনে মাৰাত্মক প্ৰভাৱ পৰিছে সেয়া সহজে অনুমেয়।
  বিগত সময়চোৱাত ইয়াৰ কু-প্ৰভাৱ বিশেষকৈ দিল্লীত পৰা পৰিলক্ষিত হৈছিল। খেতিয়কে শস্যৰ অৱশিষ্ট জ্বলাই দিয়াৰ ফলত সামগ্ৰিকভাৱে দিল্লীৰ আকাশ-বতাহ ধোঁৱাই ছানি ধৰিছিল।যাৰ বাবে দিল্লী চৰকাৰে ৰাজহুৱা স্বাস্থ্যজনিত আপাতকালীন স্হিতি ঘোষণা কৰিবলৈ বাধ্য হৈছিল। আনকি নৱেম্বৰ মাহৰ ৫ তাৰিখৰলৈকে দিল্লী চৰকাৰে স্থানীয় বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰাৰ লগতে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিবলগা হৈছিল। বিগত বছৰটোত বায়ুৰ গুণগত মানদণ্ডৰ সূচাংক অধ্যয়ন কৰিলে বুজিব পাৰি যে ভাৰতৰ বায়ুৰ প্ৰদূষণ কিমান বিপদজনক হৈ উঠিছে। ২০২১ চনত বায়ুৰ গুণগত মানদণ্ডৰ সূচাংকৰ শীৰ্ষত আৰোহণ কৰা কেইখনমান ভাৰতৰ অতি বিপদজনক মহানগৰ হ'ল - দিল্লীৰ সূচাংক ৩৬৭ , কলকাতাৰ সূচাংক ২১১, লক্ষ্ণৌৰ সূচাংক ২৭৪ , আহমেদাবাদৰ সূচাংক ১১৭, জয়পুৰৰ সূচাংক ২৬৭, ডিব্ৰুগড়ৰ সূচাংক ১৮৬ , গুৱাহাটীৰ সূচাংক ২৪৪ আদি । উল্লেখ্য যে যদি ঠাইখনৰ বায়ুৰ গুণগত মানদণ্ডৰ সূচাংক ১০০ ৰ ওপৰত হয় তেন্তে সেই ঠাইৰ পৰিৱেশ মানুহ বা অন্য জীৱ-জন্তুৰ বাবে অনুপযোগী হৈ পৰে। 
  

বায়ু প্ৰদূষণৰ ফলত হোৱা কু-প্ৰভাৱে পাৰিপাৰ্শিক ভাৰসাম্যতাত বাৰুকৈয়ে আঘাত হানিছে । বিশেষকৈ-
১/ জীৱ-জন্তুৰ দেহত বিভিন্ন ৰোগৰ জন্ম।
২/ মানুহ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে।
৩/আনকি জড় পদাৰ্থৰো অনিষ্ট সাধন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
৪/সেউজ গৃহৰ সৃষ্টি।
৫/ কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধিৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি।
৬/ বতৰৰ তাৰতম্য অৱস্থাৰ সৃষ্টি।
৭/ সঘনাই প্ৰাকৃতিক দুৰ্যোগৰ প্ৰাদুৰ্ভাৱ।

বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আমি বিস্তৃত ভাৱে সেউজ বনানিকৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ইয়াৰোপৰি নিম্নোক্ত প্ৰতিৰোধৰ ব্যৱস্থা সমূহ আমি গ্ৰহণ কৰিব পাৰোঁ।
ক) চি এন জি (CNG) আৰু সীহবিহীন পেট্ৰল ব্যৱহাৰ কৰি গাড়ী মটৰ চলোৱাৰ ব্যৱস্থা কৰিব লাগে।
খ) ডিজেল আৰু পেট্ৰলচালিত গাড়ী হ্ৰাসকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা।
গ) জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা।
ঘ) সৌৰ শক্তি, বেটাৰী চালিত , বিদ্যূৎচালিত গাড়ী মটৰ চলোৱাৰ ব্যৱস্থা কৰা।
ঙ) চাইকেল অতিমাত্ৰাত ব্যৱহাৰ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া।
চ) পেলনীয়া আৱৰ্জনা নিষ্কাষণৰ ব্যৱস্থা কৰা।
ছ) অধিক হাৰত বৃক্ষৰোপণ কৰাৰ ব্যৱস্থা কৰা।
জ) যিকোনো সভা সমিতি অনুষ্ঠিত হওঁতে ডাষ্টবিনৰ ব্যৱহাৰ কৰা।
ঝ) অনুষ্ঠান প্ৰতিষ্ঠান সমূহৰ চৌহদত ডাষ্টবিন ব্যৱহাৰ কৰা।

সামৰণি 
চৌপাশৰ পৰিবেশ সুস্থ সবল হ'লে মানৱ জাতিৰ বাবে অতি মঙ্গল। সুন্দৰ পৃথিৱী আৰু পৰিবেশৰ ভাৰসাম্যতা সঠিকভাৱে আগবাঢ়িবলৈ হ'লে মানৱ জাতিৰ সচেতনতা প্ৰয়োজন হৈ পৰিছে । উপৰোক্ত অধ্যয়নৰ পৰা বুজিব পাৰি বায়ু প্ৰদূষণৰ ফলত আমাৰ কিমান অনিষ্ট সাধন হ'ব পাৰে। এজোপা গছ কাটিলে তাৰ বিনিময়ত দহ জোপা গছ ৰোপণ কৰাৰ সংকল্প আমি ল'ব লাগিব।
     বায়ু প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসজনিত আৰু হৃদৰোগ ,হাপানি, ব্ৰংকাইটিছ, হাঁওফাঁওৰ কৰ্কট আৰু হাৰ্ট এটেকৰ দৰে ৰোগ সমূহে দিখা দিয়ে । ৰোগৰ গোলকীয় বোজা সম্পৰ্কীয় ২০১০ চনৰ অধ্যয়নৰ প্ৰতিবেদন ২০১৩ চনত ৰাজহুৱা হৈছিল, য’ত কোৱা হৈছে যে ভাৰতত মৃত্যুৰ পঞ্চমটো অন্যতম কাৰক হৈছে বাহ্যিক বায়ু প্ৰদূষণ আৰু ২০১০ বছৰটোত ইয়াৰ বাবে ৬,২০,০০০ টা আগতীয়া মৃত্যুৰ ঘটনা ঘটিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বৰ আটাইতকৈ প্ৰদূষিত ২০ খন মহানগৰৰ ভিতৰত ১৩ খনেই ভাৰতৰ। গতিকে সময় এতিয়া জুৰ পুৰি হাত পালেহি। আহক আমি সকলোৱে নিজৰ ঠাইখনৰ পাৰিপাৰ্শ্বিক অৱস্থা সুন্দৰ আৰু সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে এই ধৰা সুৰক্ষিত হৈ থাকে।


 সহায়ক উৎস: ১/ ইন্টাৰনেট 
                        ২/ দৈনিক জনমভূমি বাতৰি কাকত
                        ৩/ অসম সংবাদ।

লেখকৰ ঠিকনা:: দুদুল সোণোৱাল।
                        সহ শিক্ষক, হাঁহখাটী হাইস্কুল ।
                        ০৭/০১/২০২২

Sunday, February 6, 2022

লতা মংগেশকাৰ: সোঁৱৰণীৰ পৰ্দা তুলি.. Lata Mangeshkar: Lift the curtain of the memorial ....

  লতা মংগেশকাৰ : সোঁৱৰণীৰ পৰ্দা তুলি.. Lata Mangeshkar: Lift the curtain of the memorial...


   হিন্দী ছবি জগতৰ অন্যতম তথা অতি জনপ্ৰিয় গায়িকা লতা মংগেশকাৰ ইহসংহাৰত আৰু নাই। আজিৰ দূৰদৰ্শনৰ বাতৰিত বাতৰিটো পোৱা মাত্ৰকে মনটো সেমেকি উঠিল। ভাৰতৰ নাইটিংগেল তথা কোকিল কণ্ঠীৰ গায়িকা গৰাকী মৃত্যু ভাৰতৰ ছবি জগতৰ এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হ'ব। বহু বছৰ ধৰি বিভিন্ন ভাষাত গীত গাই ভাৰতৰ ছবি জগতৰ একছত্ৰী সম্ৰাট হিচাপে খ্যাতি অৰ্জন কৰা লতা মংগেশকাৰ তেখেতৰ অৱদানৰ বাবেই জনসাধাৰণৰ মনত অজৰ অমৰ হৈ থাকিব।


   লতা মংগেশকাৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে মধ্য প্ৰদেশত। তেখেত আছিল ভাৰতৰ আটাইতকৈ জনপ্ৰিয় আৰু সন্মানীয় গায়িকা, যাৰ ছয় দশকৰ কাৰ্যকাল সফলতাৰে পৰিপূৰ্ণ হৈছিল বুলি ক'ব পাৰি। যদিও লতাজীয়ে 30 টাতকৈও অধিক ভাষাত চলচ্চিত্ৰ আৰু অ-চলচ্চিত্ৰ গীতত কণ্ঠ নিগৰাইছে , প্ৰকৃততে তাই ভাৰতীয় চলচ্চিত্ৰত নেপথ্য গায়িকা হিচাপেহে স্বীকৃতি লাভ কৰিছে বুলি জনা যায়। লতা মংগেশকাৰে তাইৰ ভগ্নী আশা ভন্সলেৰ সৈতে চলচ্চিত্ৰ গীতৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ অৱদান আগবঢ়াই গৈছে। কণ্ঠস্বৰ সম্ৰাজ্ঞী, ৰাষ্ট্ৰৰ কণ্ঠস্বৰ, শহৰবদিৰ কণ্ঠস্বৰ, ভাৰত কোকিলকণ্ঠী আদি বিভিন্ন বিষেণেৰে তেখেত পৰিচিত আছিল। অসমৰ ড° ভূপেন হাজৰিকাৰ দৰে তেখেতো আছিল একাধাৰে গায়ক, গীতিকাৰ আৰু সুৰকাৰ। তদুপৰি তেখেত আছিল প্লে-বেক গায়ক, সংগীত পৰিচালক আৰু প্ৰযোজক। এই সন্মানীয় গায়ক গৰাকীৰ পিতৃ দীননাথ মংগেশকাৰ আৰু মাতৃ আছিল শৱন্তী মংগেশকাৰ ।

তেখেতে পোৱা পুৰস্কাৰৰ পমখেদি :

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।
বেংগল ফিল্ম জাৰ্নেলিষ্ট অৰ্গেনাইজেচন বঁটা।
ফিল্মফেয়াৰ শ্ৰেষ্ঠ প্লেবেক গায়ক বঁটা ।
ফিল্মফেয়াৰ বিশেষ বঁটা ।
ফিল্মফেয়াৰ লাইফটাইম গেইন বঁটা ।
ভাৰত ৰত্ন আদি বিভিন্ন সন্মানেৰে তেখেত সন্মানিত আছিল।

    লতাৰ যাদুকৰী কণ্ঠ সমগ্ৰ বিশ্বৰ লগতে ভাৰতীয় উপমহাদেশৰ বাবেও উন্মাদ। টাইম আলোচনীয়ে তেওঁক ভাৰতীয় প্লেবেক গানৰ অপৰিহাৰ্য আৰু একক সম্ৰাজ্ঞী হিচাপে অভিহিত কৰিছে। লতা মংগেশকাৰক ভাৰত চৰকাৰে 'ভাৰত ৰত্ন' প্ৰদান কৰিছিল।

   উল্লেখযোগ্য যে 6 ফেব্ৰুৱাৰী, 2022 তাৰিখে মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত কোভিড সম্পৰ্কীয় জটিলতাৰ ফলত তেওঁৰ মৃত্যু হয়। তেখেত কিছু সময়ৰ বাবে অসুস্থ আছিল। তেওঁৰ মহান গান আৰু মনোৰম কণ্ঠই সমগ্ৰ বিশ্বৰ শ্ৰুতাৰে মন জিনিবলৈ সক্ষম হৈছিল। তেওঁৰ যাদুকৰী গীতে সকলোকে বলিয়া কৰি তুলিছিল।

তেখেতৰ শৈশৱৰ ৰেঙনি :

    লতাৰ জন্ম হৈছিল গোমন্তক মাৰাঠা সমাজ পৰিয়ালত, মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত জ্যেষ্ঠ কন্যা হিচাপে পণ্ডিত দীনানাথ মংগেশকাৰৰ মধ্যবিত্ত পৰিয়ালত। তেওঁৰ দেউতাক এজন থিয়েটাৰ এলজিকে শিল্পী আৰু গায়ক আছিল। তেওঁৰ পৰিয়ালত আছে ভাতৃ হৃদয়নাথ মংগেশকাৰ আৰু ভগ্নী ঊষা মংগেশকাৰ, মীনা মংগেশকাৰ আৰু আশা
ভোশলে, তেওঁলোকৰ সকলোৱে আজীৱন সংগীত সাধনা কৰি গ'ল।

      যদিও লতাৰ জন্ম ইন্দোৰত হৈছিল, তেওঁ মহাৰাষ্ট্ৰত ডাঙৰ দীঘল হৈছিল। তাই সৰুৰে পৰা এগৰাকী গায়িকা হ'ব বিচাৰিছিল। শৈশৱতে, চন্দিদাসৰ কুন্দন লাল চেহগলৰ এখন চলচ্চিত্ৰ চোৱাৰ পিছত, তাই কৈছিল যে তাই ডাঙৰ হ'ব আৰু চেহগলক বিয়া কৰাব। প্ৰথমবাৰৰ বাবে লতাই ভাচাং যোগলেকাৰৰ দ্বাৰা পৰিচালিত কিৰতি হাছাল নামৰ এখন চলচ্চিত্ৰৰ বাবে গান গাইছিল। তেওঁৰ দেউতাকে লতাই চলচ্চিত্ৰৰ বাবে গান গোৱাটো নিবিচাৰিছিল, সেয়েহে এই গানটো ছবিখনৰ পৰা আঁতৰাই দিয়া হৈছিল। কিন্তু বসন্ত যোগলেকাৰ তাইৰ প্ৰতিভাৰ দ্বাৰা বহুত প্ৰভাৱিত হৈছিল।

  দেউতাকৰ মৃত্যুৰ পিছত (যেতিয়া লতাৰ বয়স মাত্ৰ তেৰ বছৰ আছিল), লতাই যথেষ্ট ধনৰ অভাৱৰ সন্মুখীন হ'ব লগা হৈছিল আৰু যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। তেওঁ অভিনয় খুব বেছি ভাল নাপাইছিল কিন্তু দেউতাকৰ অকাল মৃত্যুৰ বাবে তেওঁ কিছুমান হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত পইচাৰ বাবে কাম কৰিব লগা হৈছিল। এগৰাকী অভিনেত্ৰী হিচাপে তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল পাহিলি মঙ্গলাগৌৰ (১৯৪২), য'ত তেওঁ স্নেহাপ্ৰভা প্ৰধানৰ সৰু ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। পিছলৈ তেওঁ মাই চাইল্ড, চিমুকলা সংসাৰ (১৯৪৩), গজভাউ (১৯৪৪), এল্ডাৰ মাদাৰ ( বড়ী মাঁ,,১৯৪৪), জীৱন যাত্ৰা (১৯৪৬) ,মাঁদ (১৯৪৮), ছত্ৰপতি শিৱাজী (১৯৫২) কে ধৰি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰে। দ্য এল্ডাৰ মাদাৰ ত, লতাই নুৰজাহানৰ সৈতে অভিনয় কৰিছিল আৰু তাইৰ সৰু ভগ্নী আশা ভন্সলেনৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ নিজৰ চৰিত্ৰৰ বাবে গান গাইছিল আৰু আশাৰ বাবে প্লেবেক গাইছিল।

   ১৯৪২ চনত লতা মংগেশকাৰৰ দেউতাকৰ মৃত্যু হয়, এই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ তেৰ বছৰ। ভাই-ভনীসকলৰ মাজত ডাঙৰ হোৱাৰ বাবে, পৰিয়ালটোৰ দায়িত্বৰ বোজাও তেওঁলোকৰ কান্ধত পৰিছিল। আনহাতে, তেওঁ নিজৰ কেৰিয়াৰও বিচাৰি আছিল। ১৯৪৮ চনত যেতিয়া লতা মংগেশকাৰে প্লেবেক সংগীতত ভৰি দিছিল, সেই সময়ত নুৰজাহান, আমিৰবাই কৰ্ণতাকী, শ্মশাদ বেগম আৰু ৰাজকুমাৰী আদিয়ে এই ক্ষেত্ৰত বক্তব্য ৰাখিছিল। এনে পৰিস্থিতিত, তেওঁলোকৰ বাবে তেওঁলোকৰ নিজৰ পৰিচয় প্ৰস্তুত কৰাটো ইমান সহজ নাছিল। লতাৰ প্ৰথম গানটো আছিল মাৰাঠী চলচ্চিত্ৰ কীতি হাছালৰ বাবে, কিন্তু ইয়াক মুক্তি দিব পৰা নগ'ল।

১৯৪৫ চনত উস্তাদ গোলাম হায়দৰে (যি আগতে নুৰজাহান আৱিষ্কাৰ কৰিছিল) লতাক তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ বাবে প্ৰযোজকৰ ষ্টুডিঅ'লৈ লৈ যায়, য'ত কামিনী কৌশলে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁলোকে বিচাৰিছিল যে লতাই সেই ছবিখনৰ বাবে গান গাওক। কিন্তু গোলাম হায়দৰ হতাশ হৈছিল। ১৯৪৭ চনত বসন্ত যোগলেকাৰে লতাক তেওঁৰ ছবি আপকী সেৱা মেত গান গাবলৈ সুযোগ দিয়ে। লতা এই চলচ্চিত্ৰখনৰ গানবোৰৰ সৈতে বহুত চৰ্চিত হৈছিল। ইয়াৰ পিছত, লতাই "ইংৰাজী ছোৰা চেল্লা গয়া" আৰু "দিল মেৰা টোডা হি মে কহিন কাহিন কা লিয়ে নহিন কাহিন্টে" চলচ্চিত্ৰখনৰ গানলৈ যায়

  ১৯৪৯ চনত লতাই "মহল" চলচ্চিত্ৰখনৰ "আয়েগা আনিৱালা" গানটোৰ সৈতে এনে সুযোগ লাভ কৰে। গানটো সেই সময়ৰ আটাইতকৈ ধুনীয়া আৰু বিখ্যাত অভিনেত্ৰী মধুবালাৰ ওপৰত চিত্ৰিত কৰা হৈছিল। চলচ্চিত্ৰখন বহুত সফল আছিল আৰু লতা আৰু মধুবালা দুয়োৰে বাবে অতি শুভ প্ৰমাণিত হৈছিল। তাৰ পিছত, লতাই কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই।

   তাইৰ প্ৰথম গান মাৰাঠী ছবি 'কিতি হাছাল'ত গাইছিল । লতা মংগেশকাৰে মহল চলচ্চিত্ৰখনৰ পৰা তাইৰ আটাইতকৈ ডাঙৰ বিৰতি পাইছিল। তেওঁৰ গান "আয়েগা আনে ৱালা" এটা চুপাৰ ডুপাৰ হিট গীত হিচাপে বিবেচিত হৈছিল। লতা মংগেশকাৰে এতিয়ালৈকে 20 টাতকৈও অধিক ভাষাত 30,000 ৰো অধিক গান গাইছে।
লতা মংগেশকাৰে ১৯৮০ চনৰ পৰা চলচ্চিত্ৰত তাইৰ গান গোৱা হ্ৰাস কৰিছিল কিন্তু মঞ্চ অনুষ্ঠানত অধিক মনোযোগ দিবলৈ আৰম্ভ কৰিছিল।
লতা হৈছে একমাত্ৰ জীৱিত ব্যক্তি যাৰ নামত ভাৰতৰ আটাইতকৈ সন্মানীয় পুৰষ্কাৰবোৰ জীৱিত অৱস্থাত দিয়া হৈছিল। লতা মংগেশকাৰে আনন্দ ঘান বেনাৰৰ অধীনত চলচ্চিত্ৰও নিৰ্মাণ কৰিছিল আৰু সংগীতো ৰচনা কৰিছিল।


লতা মংগেশকাৰৰ জীৱন জোৰা সাধনাৰ স্বীকৃতি লাভ কৰা বঁটা বাহন :


১/ ফিল্মফেয়াৰ বঁটা (১৯৫৮, ১৯৬২, ১৯৬৫, ১৯৬৯, ১৯৯৩ আৰু ১৯৯৪)
২/ ৰাষ্ট্ৰীয় বঁটা (১৯৭২, ১৯৭৫ আৰু ১৯৯০)
৩/ মহাৰাষ্ট্ৰ চৰকাৰী বঁটা (১৯৬৬ আৰু ১৯৬৭)
৪/ ১৯৬৯ - পদ্মভূষণ
৫/ ১৯৭৪ – বিশ্বৰ সৰ্বাধিক সংখ্যক গানৰ গিনিজ বুক ৰেকৰ্ড ।
৬/ ১৯৮৯ - দাদাচাহেব ফালকে বঁটা।
৭/ ১৯৯৩ - ফিল্মফেয়াৰৰ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড ।
৮/ ১৯৯৬ – দ্য স্ক্ৰীণৰ বাবে লাইফটাইম এচিভমেণ্ট বঁটা।
৯/ ১৯৯৭ - ৰাজীৱ গান্ধী বঁটা।
১০/ ১৯৯৯ - এন.টি.আৰ. পুৰস্কাৰ ।
১১/ ১৯৯৯ - পদ্ম বিভূষণ ।
১২/১৯৯৯ -জি চিনেৰ বাবে জীৱনজোৰা প্ৰাপ্তি বঁটা।
১৩/ ২০০১ - আই.এ.এ.এফ. লাইফটাইম এচিভমেণ্ট এৱাৰ্ড ।
১৪/ ২০০১ - ষ্টাৰডাষ্টৰ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড।
১৫/ ২০০১ - ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান "ভাৰত ৰত্ন" ।
১৬/ ২০০১ - নুৰজাহান বঁটা ।
১৭/ ২০০১ - মহাৰাষ্ট্ৰ ভূষণ ।

উপসংহাৰ :
  তেখেতৰ মৃত্যু ভাৰতৰ ছবি জগতৰ বৃহৎ ক্ষতি হিচাপে বিবেচিত হৈছে। হাজাৰ হাজাৰ গীত গাই মানুহৰ মন জিনিবলৈ সক্ষম হোৱা গায়িকা গৰাকীৰ মৃত্যুত আমি 'জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ' ব্লগৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ আত্মাই বৈকুণ্ঠত চিৰশান্তি লাভ কৰক। তাকে কামনা কৰি মোৰ চমু লেখা সামৰণি মাৰিলো। 



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল। সহ শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।

শুভাকাংশীৰ মন্তব্য :

অশেষ আন্তৰিক ধন্যবাদ জনালো ।

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏



 

Friday, February 4, 2022

সৰস্বতী পূজা অতীত আৰু বৰ্তমান। Saraswati Puja- past and present.

Saraswati Puja - past and present.
সৰস্বতী পূজা অতীত আৰু বৰ্তমান- এক চমু অৱলোকন।

"স্বৰ স্বৰ স্বৰস্বতী আমি বোলো আই
যিখিনি পাহৰিছো দিবা সোঁৱৰাই।"

আই গোসাঁনী সৰস্বতী হৈছে  ' জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী । সৰস্বতী হ'ল সৰস্বতী-লক্ষ্মী-পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম চৰিত্ৰ।। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা। এই জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক পূজা কৰিলে জ্ঞানত পাৰ্গত, বুদ্ধিত প্ৰসৰ হয় বুলি জনবিশ্বাস আছে।  বিশেষকৈ সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋগবেদত। বৈদিক যুগৰ পৰা আধুনিক যুগলৈকে সৰস্বতীক হিন্দুধৰ্মৰ এক গুৰুত্বপূৰ্ণ দেৱী হিচাপে পূজা কৰি অহা হৈছে।। হিন্দুসকলে বসন্তপঞ্চমী মাঘ মাহৰ শুক্লাচতুৰ্থী তিথিত সৰস্বতী পূজা অনুষ্ঠিত কৰে ।  পশ্চিম আৰু মধ্য ভাৰতত জৈনসকলেও সৰস্বতীৰ পূজা কৰে । জ্ঞান, সংগীত আৰু শিল্পকলাৰ দেৱী হিচাপে ভাৰতৰ বাহিৰে জাপান, ভিয়েটনাম, বালি আৰু ম্যানমাৰতো সৰস্বতী পূজা কৰা হয় বুলি জনা যায়।  ই যি কি নহওঁক, পূৰ্বৰ পৰা নিজস্ব ৰীতি-নীতিৰে চলি অহা এই জ্ঞানৰ উৎসৱ আজিৰ সময়ত যথেষ্ট পৰিমাণে পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে । সেই সম্পৰ্কে আজি এই লেখা আপোনালোকক সাদৰে আগবঢ়ালোঁ।


    সৰস্বতী পূজা অৰ্থাৎ বাগদেৱীৰ পূজা অতীতত কেনে আছিল বুলি ক'লে বহু কথাই মনত লুকা-ভাকু খেলে। পূজা মানেই কেৱল ভগৱানৰ আৰধনা নে ? নিশ্চয় নহয়। ইয়াৰ লগত সম্পৰ্ক আছে আনন্দৰ সমাহাৰো। গতিকে অতীতত পূজা কেনে আছিল বুলি ক'লে উত্তৰ দিয়াটো বৰ সহজ নহয়। এতিয়া যেনেকৈ ছাত্ৰ ছাত্ৰীসকললে বিশেষকৈ ছাত্ৰীসকলে সাজি-কাঁচি পূজা থলীত পৰ্দাপণ কৰে আগৰ দিনবিলাকতো সেই একেদৰেই পূজালৈ আহিছিল। কিন্তু আগৰ দিনত আজিৰ দৰে জাকজমকতা নাছিল। কেৱল বাগদেৱীৰ আশীষ নিৰ্মালি গ্ৰহণৰ নিমিত্তে সাজি কাঁচি পূজা থলীলৈ অহা যেন লাগিছিল। ছাত্ৰ-ছাত্ৰী সকলে পূজা থলীলৈ আহি পূজা কৰা পৰিলক্ষিত হৈছিল আৰু সৰস্বতীৰ আৰ্শীবাদ গ্ৰহণ কৰা যেন অনুভৱ হৈছিল।  এতিয়াও ইয়াৰ ব্যতিক্ৰম হোৱা নাই যদিও কিছু ক্ষেত্ৰত যে পৰিবৰ্তন আহিছে সেয়া ধূৰূপ। 
    সময়ে নতুনত্ব আনে। আদৰ্শ মূলক নতুনত্বই আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে। যদি নতুনত্বত কোনো আদৰ্শ নাথাকে, কোনো জ্ঞান আহৰণৰ সুযোগ নাথাকে, প্ৰজ্ঞাৰ পৰিপন্থী হয় তেন্তে সেই নতুনত্ব ছাত্ৰ ছাত্ৰীৰ কেতিয়াও অনুকূল হ'ব নোৱাৰে। বৰ্তমান সময়ত বাগদেৱীৰ আৰধনাৰ সলনি সৌন্দৰ্য প্ৰতিযোগিতাৰ থলী হিচাপে পৰিগণিত হৈছে সৰস্বতীৰ পূজা। এয়া আমাক দূৰদৰ্শনৰ বাতৰি বা সুন্দৰী প্ৰতিযোগিতাৰ কাৰ্যসূচী সমূহে ভাবিবলৈ বাধ্য কৰিছে। প্ৰকৃততে এনে সুন্দৰী প্ৰতিযোগিতাৰ প্ৰয়োজন আছে নে ? ছাত্ৰ-ছাত্ৰী মানেই হৈছে অধ্যয়ন আৰু শিক্ষাৰ সৈতে সম্পৰ্ক থকা এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। এই চৰিত্ৰৰ গুণসমূহ অক্ষুণ্ণ ৰাখিবৰ বাবেই প্ৰজ্ঞাৰ দেৱী সৰস্বতী আইৰ সহায় আৰ্শীবাদ কামনা কৰা হয়।  তেন্তে ইয়াত সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰয়োজন ক'ত ?  সৰস্বতী পূজাৰ নামত দূৰদৰ্শনত তুমুল বিতৰ্কৰ প্ৰয়োজন আছেনে ? মোৰ মতে ইয়াৰ উত্তৰ নঞৰ্থক। পূজা হোৱা উচিত পূজাৰ বাবে। জাকজমকতা আৰু ডি,জে বস্ক আদিৰ জৰিয়তে সৰস্বতী আইক পাব পাৰি নে নোৱাৰি নাজানো কিন্তু ইয়াৰ পৰা যে শব্দ প্ৰদূষণৰ সৃষ্টি হয় সেয়া আমি এশ শতাংশই জানো।  
    আকৌ এনেধৰণৰ ছাত্ৰ ছাত্ৰীও পৰিলক্ষিত হয় যিয়ে ঘৰত নথকাৰ বাবে এসাঁজ ভাল কাপোৰ পিন্ধিব নোৱাৰি বিদ্যালয়ৰ একোনত দুখত মন মাৰি বহি থাকে। সাধাৰণ কাপোৰ পিন্ধিলেও তেওঁলোকক ধুনীয়া দেখাই । কিন্তু তেওঁলোকে জাকজমকতাৰ সৈতে ফেৰ মাৰিব নোৱাৰি লাজ অনুভৱ কৰে। এই ব্যৱস্থাই কি সূচায় ? ধনী দুখীয়াৰ স্পষ্ট ভেদাভেদৰ সৃষ্টি হোৱা নাই জানো ?  মনত এটা বৈষম্যৰ মনোভাৱ আনি নাই জানো ? 
   যি কি নহওঁক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা কথা কও - গুণেহে তৰে, ষ্টাইলে নতৰে দেহা। গতিকে সমভাৱ পোষন কৰি ঐক্যসাজ বা নিজৰ জাতীয় সাজ পৰিধান কৰি অসমীয়া বুলি পৰিচয় দিব পৰাকৈ সাজ পিন্ধি অহাৰ প্ৰয়োজন । জাতীয় সাজ পৰিধান কৰি সৰস্বতীক উপাসনা কৰিলে দেখিবলৈও ভাল লাগে আৰু জাতিৰ মানো অক্ষুণ্ণ থাকে। 

     নতুন প্ৰজন্মই ভালটো কৰক, সুন্দৰী প্ৰতিযোগিতাৰ সদৃশ কাৰ্যসূচী পতাতকৈ সৃষ্টিমূলক অনুষ্ঠান এই পূজাৰ লগত সংগতি ৰাখি পাতিলে সকলো ছাত্ৰ ছাত্ৰীয়ে লাভৱান হ'ব। বিজ্ঞানৰ উত্তৰণৰ দিনত ইয়াৰ জাকজমকতা পূৰ্ণ পূজাৰ প্ৰয়োজন নিশ্চয় নাই।  যি কি নহওঁক , পূজা সকলোৰে কাম্য যেতিয়া সুন্দৰকৈ পূজা কৰি জ্ঞান আহৰণ কৰাৰ আশাক বাস্তৱায়িত হ'বৰ বাবে আই সৰস্বতীৰ ওচৰত শৰণাপন্ন হওক আৰু আৰ্শীবাদ লাভ কৰক। স
   সকলোলৈকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ আৰু লেখা সামৰিলো। 
    
 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। 
লেখক -- দুদুল সোণোৱাল।

Thursday, February 3, 2022

সূচক আৰু ঘাত । Exponent and Power.

সূচক আৰু ঘাত 
Exponent and Power.

বৃহৎ বা ডাঙৰ সংখ্যাক বুজিবলৈ, পঢ়িবলৈ, তুলনা কৰিবলৈ আৰু সিহঁতৰ প্ৰক্ৰিয়া কৰাটো সহজ কৰিবলৈ সূচকীয় ৰূপ ব্যৱহাৰ কৰা হয়। সূচকীয় ৰূপ মানে হৈছে কোনো এটা সংখ্যাক উৎপাদকত বিশ্লেষণ কৰি উৎপাদকৰ সংখ্যাক সূচক হিচাপে লিখি উৎপাদকটোক ভূমি হিচাপে লিখাৰ এক ৰূপ। সূচকীয় ৰূপেৰে ডাঙৰ সংখ্যাক সহজে লিখিব পৰা যায়। ধৰা 16 সংখ্যাটোৰ সূচকীয় ৰূপ লিখিব লাগে। কেনেকৈ লিখিবা চোৱা। - 

16= 2×2×2×2 
    = 2⁴ 
 -------
ইয়াত 16 ৰ উৎপাদক হৈছে 2×2×2×2 আৰু 2 ক চাৰিবাৰ লিখা হৈছে সেয়ে সূচক হৈছে 4 , আৰু ভূমি হৈছে 2 । ইয়াৰ 2⁴ ক ' 2ৰ চতুৰ্থ ঘাত' বুলি পঢ়া হয়। ইংৰাজীত পঢ়িলে হ'ব '2 to the power 4' বুলি পঢ়া হয়। এই 2⁴ ৰূপটোকে সূচকীয় ৰূপ বোলা হয়।

সূচকীয় ৰূপত লিখাৰ নিয়ম :

১/ 24 = 2×2×2×3 [ইয়াত 2 দুবাৰ আৰ 3 এবাৰ                   
             = 2³×3¹ পোৱা গৈছে। সেয়ে 2 ৰ
                                 ওপৰত সূচক হ'ব 3 আৰু 3
                                   ৰ সূচক হ'ব 1 ]

2/ 30 = 2×3×5
          = 2¹×3¹×5¹ 
          
ইয়াত উৎপাদক 2, 3, 5 এবাৰকৈ পোৱা গৈছে। সেয়ে ইহঁতৰ সূচক হ'ব প্ৰত্যেকৰে 1 ।

এনেদৰে তোমালোকে নিজে বিভিন্ন সংখ্যাক সূচকীয় ৰূপত লিখিবলৈ চেষ্টা কৰা। 

চেষ্টা কৰা :
১/ 343
২/ 729
৩/ 12
৪/ 48
৫/ 225

সূচকীয় বিধি :
সূচকৰ কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে বা নিয়ম আছে। সেই নিয়ম অনুসৰি যিকোনো সংখ্যাক পূৰণ,হৰণ সহজতে কৰিব পাৰি। এই নিয়ম সমূহকে বিধি বোলা হয়। 

১/ একে ভূমি বিশিষ্ট ঘাতৰ পূৰণ 

বিধি : 

এই ধৰ্মৰ জৰিয়তে একে ভূমি যুক্ত আৰু বেলেগ বেলেগ সূচক থকা দুটা বা তাতোধিক পদৰ পুৰণ ফল নিৰ্ণয় কৰিব পাৰি।তলত কৰি দেখুওৱা হৈছে।

1/ 4⁵×4³
সমাধান :
  4⁵×4³
= 4⁵+³
= 4⁸ (সূচক 5 ৰ পৰা 3 বিয়োগ কৰিলে 2 হয়)
-----

২/ 3¹²×3¹⁰
  =3¹²+¹⁰
  = 3²² ( এইটোৱেই সূচকীয় ৰূপ)
  -----

নিজে চেষ্টা কৰা :
১/ 3⁷×3⁵

2/ 3⁵×3⁷×3¹⁰


-------------+++++----------------

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts