বায়ু প্ৰদূষণ আৰু সাম্প্ৰতিক সময়ৰ
পাৰিপাৰ্শ্বিক ভাৰসাম্যতা।
বায়ু প্ৰদূষণ সাম্প্ৰতিক সময়ৰ এক সংকটজনক অৱস্থা আৰু ই পৰিৱেশৰ বাবে এক ভাবুকিস্বৰূপ কাৰক হিচাপে চিহ্নিত। বিভিন্ন কাৰণত বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ ফলত মানুহৰ জীৱনলৈ ভয়াৱহ বাৰ্তা কঢ়িয়াই অনাৰ লগতে পশু-পখীকূলৰো বিপদ অনিবাৰ্য হৈ উঠিছে। বায়ু প্ৰদূষণ হোৱাৰ লগে লগে মানুহকে ধৰি জীৱকূলো বিভিন্ন ৰোগত আক্ৰান্ত হ'ব লগা হৈছে। বিশেষকৈ শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আনকি জড় পদাৰ্থ সমূহৰ ক্ষেত্ৰতো ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বায়ু প্ৰদূষণৰ ফলত আমাৰ গৌৰৱ 'তাজমহল'ৰ বাহ্যিক সৌন্দৰ্য ক্ষতি সাধন হোৱাৰ আশংকাও আছে বুলি আমাৰ পৰিৱেশবিদসকলে কবলৈ খোজে। সুউচ্চ অট্টালিকাৰ ক্ষেত্ৰত বায়ু প্ৰদূষণৰ প্ৰভাৱ মনকৰিবলগীয়া।
আহাৰৰ অবিহনে কিছুদিনলৈ অনায়াসে জীয়াই থাকিব পাৰি কিন্তু বায়ুৰ অবিহনে আমি এক মিনিটো জীয়াই থাকিব নোৱাৰোঁ। সেয়েহে বায়ুৰ অপৰিহাৰ্যতা ইয়াৰ পৰা অনুধাৱন কৰিব পাৰি। আমি সেৱন কৰা বায়ুৰ গুণাগুণ যদি উত্তম নহয়, স্বাস্থ্যৰ বাবে হানিকাৰক হয় তেন্তে আমাৰ শৰীৰৰ বাবে তেনে বায়ু উপযোগী হ'বই নোৱাৰে।
খুব বেছি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই, আমাৰ চৌপাশৰ পৰিবেশ পৰ্যৱেশন কৰিলে ইয়াৰ সত্যাসত্য নিৰূপণ কৰিব পৰা যায়। গ্ৰাম্য অঞ্চলতেই হওঁক বা চহৰৰ অঞ্চলতেই হওঁক আজিকালি মুখখন ৰুমালেৰে ঢাকি নল'লে অহা-যোৱা কৰাই মুস্কিল হৈ পৰে। পথৰ কাষত পেলায় থোৱা জাবৰৰ দম, য'তে ত'তে কৰা প্ৰস্ৰাৱ আৰু পাইখানাৰ গোন্ধই বায়ু প্ৰদূষণ হোৱাত পূৰামাত্ৰাই সহায় কৰিছে। বায়ু প্ৰদূষণে সাম্প্ৰতিক পাৰিপাৰ্শ্বিক ভাৰসাম্যতাত বাৰুকৈয়ে আঘাত হানিছে। যদি প্ৰদূষণ এই হাৰত বৃদ্ধি পায় গৈ থাকে তেন্তে এটা সময়ত এই সুন্দৰ পৃথিৱীখন মানুহৰ বাসস্থানৰ বাবে অনুপযোগী হৈ পৰিব। সেয়েহে আমি সময় থাকোঁতেই বায়ু প্ৰদূষণ ৰোধ কৰি বায়ুমণ্ডল মানুহৰ উপযোগী কৰি তোলাৰ অহোপুৰুষাৰ্থ প্ৰয়াস কৰাৰ সময় সমাগত।
বায়ু প্ৰদূষণ কি আৰু কি কি কাৰণত বায়ু প্ৰদূষণ হয় ?
ভাৰতৰ বাবে বায়ু প্ৰদূষণ হ'ল এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক বিষয়। বিভিন্ন কাৰণত ভাৰতত বায়ু প্ৰদূষণৰ মাত্ৰা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে । বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ভাৰতত ১৯৮১ চনত বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন গৃহীত হৈছিল আৰু তেতিয়াৰ পৰা কেতবোৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ প্ৰগতি লাভ কৰাৰ বাবে অহোপুৰুষাৰ্থ প্ৰয়াস কৰি থকা পৰিলক্ষিত হৈছে। তথাপি ২০১৩ ৰ পাৰিৱেশিক দক্ষতা সূচকাংকৰ ক্ষেত্ৰত ভাৰতে ১৭৮ খন দেশৰ মাজত ১৫৫ তম স্থানহে লাভ কৰিছিল। এই তথ্যৰ পৰা ক'ব পাৰি ভাৰতৰ বায়ু প্ৰদূষণ এক চূড়ান্ত পৰ্য্যায়ত উপনীত হৈছেহি। বিশেষকৈ ভাৰতত - যান-বাহনৰ পৰা হোৱা নিৰ্গমন আৰু যান-জঁট , ইন্ধনৰ বাবে কাঠখৰি জ্বলোৱা, জীৱ-জন্তুৰ দহন, ইন্ধনৰ ভেজালকৰণ, গছৰ পাত জ্বলোৱা, পেলনীয়া আৱৰ্জনা জ্বলোৱা আদিৰ কাৰণত বায়ু প্ৰদূষিত হৈছে বুলি বিবেচনা কৰা হয়। বিভিন্ন কাৰণত জ্বলোৱা জুইৰ পৰা ওলোৱা ধোঁৱাৰ ফলত বায়ুমণ্ডলত ধোৱাময় আৰু ধোঁৱামিশ্ৰিত কুঁৱলীৰ আচ্ছাদনৰ সৃষ্টি হয়। এই আচ্ছাদন ক্ষুদ্ৰ ক্ষুদ্ৰ বায়ুমণ্ডলীয় কিছুমান কণিকাৰ দ্বাৰা গঠিত। এই ধোৱাময় কণিকাৰ পৰিমাণ বায়ুমণ্ডলত প্ৰয়োজনাধিক হ'লে বায়ুমণ্ডল প্ৰদূষিত হোৱা বুলি কোৱা হয়। অৰ্থাৎ ক'ব পাৰি যে বায়ুমণ্ডলত কিছুমান পদাৰ্থৰ অবাঞ্চিত উপস্থিতি অথবা বায়ুমণ্ডলত থকা বিভিন্ন উপাদান সমূহৰ অতিৰিক্ত উপস্থিতিয়ে মানুহৰ লগতে জীৱকূলৰ ওপৰত যি অনিষ্টকাৰী প্ৰভাৱ বিস্তাৰ কৰে, যি ক্ষতিসাধন কৰে তাকেই সাধাৰণতে বায়ু প্ৰদূষণ বোলা হয়।
বায়ু প্ৰদূষণৰ প্ৰধান কাৰক সমূহৰ ভিতৰত- বিস্তাৰিত উদ্যোগিক অঞ্চলো অন্যতম। তদুপৰি ওপৰত উল্লেখ কৰা হৈছে যে যান-বাহনৰ দ্বাৰা নিৰ্গত হোৱা অত্যধিক ধোঁৱা , বিভিন্ন ইন্ধনৰ দাহন , পেলনীয়া সামগ্ৰী দাহ কৰোঁতে উৎপন্ন হোৱা ধোঁৱা, পলিথিন জ্বলোৱাৰ ফলত সৃষ্টি হোৱা ধোঁৱা আদিক প্ৰধান কাৰক হিচাপে চিহ্নিত কৰিব পাৰোঁ। তদুপৰি মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা ধোঁৱাও বায়ু প্ৰদূষণৰ প্ৰধান কাৰক হিচাপে চিহ্নিত।
উল্লেখযোগ্য যে বিভিন্ন কলকাৰখানাৰ পৰা নিৰ্গত কাৰ্বন মনক্সাইড (CO), কাৰ্বন-ডাই-অক্সাইড ( CO2) , ছালফাৰ ডাই অক্সাইড (SO ₂ ), হাইড্ৰজেন ছালফাইড (H₂S ) আৰু হাইড্ৰকাৰ্বন আদি গেছে বায়ু প্ৰদূষণ হোৱাত অৰিহণা যোগায়। ইয়াৰোপৰি কিছুমান ৰাসায়নিক উদ্যোগৰ পৰা অত্যধিক হাৰত নিৰ্গত হোৱা হাইড্ৰক্লৰিক এচিড, ক্লৰিণ,ফ্লৰিণ, নাইট্ৰজেন অক্সাইড, দস্তা, সীহ, আৰ্ছেনিক, তাম, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মনক্সাইড আদিয়েও বায়ু প্ৰদূষণত সহায় কৰিছে। তদুপৰি সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত বায়ুমণ্ডলত হাইড্ৰকাৰ্বন, নাইট্ৰজেন অক্সাইড, পেৰিক্স এচিটাইল নাইট্ৰেট (PAN) আৰু অজ'ন ( O₃) সৃষ্টি কৰি বায়ুমণ্ডলক আঘাত হানিব পৰা এক দূষিত ধোঁৱাৰ সৃষ্টি কৰে। উল্লেখ্য যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হ'লে সূৰ্যৰ পৰা বিকিৰিত ৰশ্মি কুঁৱলী আৰু কাৰ্বন ডাই অক্সাইডৰ ডাঠ তৰপ ভেদি ওলাই যাব নোৱাৰা হয়। ইয়াৰ ফলত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে আৰু এই অৱস্থাকেই সেউজ গৃহৰ প্ৰভাৱ ( green house effect) বোলা হয়। যদি উদ্যোগৰ পৰা বছৰি ৬০০০ নিযুত টন কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলত সৃষ্টি হয় তেন্তে কেনেকৈ সুৰক্ষিত হৈ থাকিব বায়ুমণ্ডল ?
এইবোৰ আমাৰ দেশত ঘটিয়ে আছে অবিৰামভাৱে। বায়ুমণ্ডল যিয়েই নহওঁক তাৰ ওপৰত প্ৰায় ভাগৰে ভ্ৰুক্ষেপ নাই।
ইয়াৰোপৰি শক্তিৰ বাবে কাঠ, কৃষিক্ষেত্ৰত বৰ্জিত সামগ্ৰী আৰু জীৱ-জন্তুৰ বৰ্জিত সামগ্ৰী দাহ কৰাৰ ফলত দেশত বায়ু প্ৰদূষণ অব্যাহত হৈ ৰৈছে। ভাৰতত বছৰি জনমূৰি ইন্ধন হিচাপে ব্যৱহাৰ হোৱা কাঠ, কৃষিক্ষেত্ৰত বৰ্জিত পেলনীয়া সামগ্ৰী আৰু গৰু-ম’হৰ গোবৰৰ পৰিমাণ ২০৬ কিলো যিটো পৰিসংখ্যা কয়লাৰ সম পৰিমাণৰ বুলি কোৱা হয়।
'অসম' নামৰ সংবাদপত্ৰৰ ডিজিটেল সংস্কৰণৰ এটা বিজ্ঞপ্তিত প্ৰকাশ যে প্ৰতিবছৰে কেৱল হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশে পাঁচ কোটি টন শস্যৰ অৱশিষ্ট জ্বলাই দিয়ে। যাৰ ফলস্বৰূপে এই ৰাজ্যৰ লগতে নিকটৱৰ্তী ৰাজ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। উল্লেখ্য যে যদি একটন শস্য জ্বলাই দিয়া হয় তেন্তে ৬০ কিঃগ্ৰাঃ পৰিমাণৰ কাৰ্বন মনক্সাইড, ১০০ কিঃগ্ৰাঃ গ্ৰীণহাউচ গেছ আৰু ৩ কিঃগ্ৰাঃ ছালফাৰ ডাই অক্সাইড গেছ নিৰ্গত হয়। ইয়াৰ জৰিয়তে বায়ুমণ্ডলত কেনে মাৰাত্মক প্ৰভাৱ পৰিছে সেয়া সহজে অনুমেয়।
বিগত সময়চোৱাত ইয়াৰ কু-প্ৰভাৱ বিশেষকৈ দিল্লীত পৰা পৰিলক্ষিত হৈছিল। খেতিয়কে শস্যৰ অৱশিষ্ট জ্বলাই দিয়াৰ ফলত সামগ্ৰিকভাৱে দিল্লীৰ আকাশ-বতাহ ধোঁৱাই ছানি ধৰিছিল।যাৰ বাবে দিল্লী চৰকাৰে ৰাজহুৱা স্বাস্থ্যজনিত আপাতকালীন স্হিতি ঘোষণা কৰিবলৈ বাধ্য হৈছিল। আনকি নৱেম্বৰ মাহৰ ৫ তাৰিখৰলৈকে দিল্লী চৰকাৰে স্থানীয় বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰাৰ লগতে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ নিৰ্দেশ দিবলগা হৈছিল। বিগত বছৰটোত বায়ুৰ গুণগত মানদণ্ডৰ সূচাংক অধ্যয়ন কৰিলে বুজিব পাৰি যে ভাৰতৰ বায়ুৰ প্ৰদূষণ কিমান বিপদজনক হৈ উঠিছে। ২০২১ চনত বায়ুৰ গুণগত মানদণ্ডৰ সূচাংকৰ শীৰ্ষত আৰোহণ কৰা কেইখনমান ভাৰতৰ অতি বিপদজনক মহানগৰ হ'ল - দিল্লীৰ সূচাংক ৩৬৭ , কলকাতাৰ সূচাংক ২১১, লক্ষ্ণৌৰ সূচাংক ২৭৪ , আহমেদাবাদৰ সূচাংক ১১৭, জয়পুৰৰ সূচাংক ২৬৭, ডিব্ৰুগড়ৰ সূচাংক ১৮৬ , গুৱাহাটীৰ সূচাংক ২৪৪ আদি । উল্লেখ্য যে যদি ঠাইখনৰ বায়ুৰ গুণগত মানদণ্ডৰ সূচাংক ১০০ ৰ ওপৰত হয় তেন্তে সেই ঠাইৰ পৰিৱেশ মানুহ বা অন্য জীৱ-জন্তুৰ বাবে অনুপযোগী হৈ পৰে।
বায়ু প্ৰদূষণৰ ফলত হোৱা কু-প্ৰভাৱে পাৰিপাৰ্শিক ভাৰসাম্যতাত বাৰুকৈয়ে আঘাত হানিছে । বিশেষকৈ-
১/ জীৱ-জন্তুৰ দেহত বিভিন্ন ৰোগৰ জন্ম।
২/ মানুহ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে।
৩/আনকি জড় পদাৰ্থৰো অনিষ্ট সাধন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
৪/সেউজ গৃহৰ সৃষ্টি।
৫/ কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধিৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি।
৬/ বতৰৰ তাৰতম্য অৱস্থাৰ সৃষ্টি।
৭/ সঘনাই প্ৰাকৃতিক দুৰ্যোগৰ প্ৰাদুৰ্ভাৱ।
বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আমি বিস্তৃত ভাৱে সেউজ বনানিকৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ইয়াৰোপৰি নিম্নোক্ত প্ৰতিৰোধৰ ব্যৱস্থা সমূহ আমি গ্ৰহণ কৰিব পাৰোঁ।
ক) চি এন জি (CNG) আৰু সীহবিহীন পেট্ৰল ব্যৱহাৰ কৰি গাড়ী মটৰ চলোৱাৰ ব্যৱস্থা কৰিব লাগে।
খ) ডিজেল আৰু পেট্ৰলচালিত গাড়ী হ্ৰাসকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা।
গ) জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা।
ঘ) সৌৰ শক্তি, বেটাৰী চালিত , বিদ্যূৎচালিত গাড়ী মটৰ চলোৱাৰ ব্যৱস্থা কৰা।
ঙ) চাইকেল অতিমাত্ৰাত ব্যৱহাৰ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া।
চ) পেলনীয়া আৱৰ্জনা নিষ্কাষণৰ ব্যৱস্থা কৰা।
ছ) অধিক হাৰত বৃক্ষৰোপণ কৰাৰ ব্যৱস্থা কৰা।
জ) যিকোনো সভা সমিতি অনুষ্ঠিত হওঁতে ডাষ্টবিনৰ ব্যৱহাৰ কৰা।
ঝ) অনুষ্ঠান প্ৰতিষ্ঠান সমূহৰ চৌহদত ডাষ্টবিন ব্যৱহাৰ কৰা।
সামৰণি
চৌপাশৰ পৰিবেশ সুস্থ সবল হ'লে মানৱ জাতিৰ বাবে অতি মঙ্গল। সুন্দৰ পৃথিৱী আৰু পৰিবেশৰ ভাৰসাম্যতা সঠিকভাৱে আগবাঢ়িবলৈ হ'লে মানৱ জাতিৰ সচেতনতা প্ৰয়োজন হৈ পৰিছে । উপৰোক্ত অধ্যয়নৰ পৰা বুজিব পাৰি বায়ু প্ৰদূষণৰ ফলত আমাৰ কিমান অনিষ্ট সাধন হ'ব পাৰে। এজোপা গছ কাটিলে তাৰ বিনিময়ত দহ জোপা গছ ৰোপণ কৰাৰ সংকল্প আমি ল'ব লাগিব।
বায়ু প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসজনিত আৰু হৃদৰোগ ,হাপানি, ব্ৰংকাইটিছ, হাঁওফাঁওৰ কৰ্কট আৰু হাৰ্ট এটেকৰ দৰে ৰোগ সমূহে দিখা দিয়ে । ৰোগৰ গোলকীয় বোজা সম্পৰ্কীয় ২০১০ চনৰ অধ্যয়নৰ প্ৰতিবেদন ২০১৩ চনত ৰাজহুৱা হৈছিল, য’ত কোৱা হৈছে যে ভাৰতত মৃত্যুৰ পঞ্চমটো অন্যতম কাৰক হৈছে বাহ্যিক বায়ু প্ৰদূষণ আৰু ২০১০ বছৰটোত ইয়াৰ বাবে ৬,২০,০০০ টা আগতীয়া মৃত্যুৰ ঘটনা ঘটিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বৰ আটাইতকৈ প্ৰদূষিত ২০ খন মহানগৰৰ ভিতৰত ১৩ খনেই ভাৰতৰ। গতিকে সময় এতিয়া জুৰ পুৰি হাত পালেহি। আহক আমি সকলোৱে নিজৰ ঠাইখনৰ পাৰিপাৰ্শ্বিক অৱস্থা সুন্দৰ আৰু সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে এই ধৰা সুৰক্ষিত হৈ থাকে।
সহায়ক উৎস: ১/ ইন্টাৰনেট
২/ দৈনিক জনমভূমি বাতৰি কাকত
৩/ অসম সংবাদ।
লেখকৰ ঠিকনা:: দুদুল সোণোৱাল।
সহ শিক্ষক, হাঁহখাটী হাইস্কুল ।
০৭/০১/২০২২
No comments:
Post a Comment
dudulsonowal32@gmail.com