সৰস্বতী পূজা অতীত আৰু বৰ্তমান- এক চমু অৱলোকন।
"স্বৰ স্বৰ স্বৰস্বতী আমি বোলো আই
যিখিনি পাহৰিছো দিবা সোঁৱৰাই।"
আই গোসাঁনী সৰস্বতী হৈছে ' জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী । সৰস্বতী হ'ল সৰস্বতী-লক্ষ্মী-পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম চৰিত্ৰ।। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা। এই জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক পূজা কৰিলে জ্ঞানত পাৰ্গত, বুদ্ধিত প্ৰসৰ হয় বুলি জনবিশ্বাস আছে। বিশেষকৈ সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋগবেদত। বৈদিক যুগৰ পৰা আধুনিক যুগলৈকে সৰস্বতীক হিন্দুধৰ্মৰ এক গুৰুত্বপূৰ্ণ দেৱী হিচাপে পূজা কৰি অহা হৈছে।। হিন্দুসকলে বসন্তপঞ্চমী মাঘ মাহৰ শুক্লাচতুৰ্থী তিথিত সৰস্বতী পূজা অনুষ্ঠিত কৰে । পশ্চিম আৰু মধ্য ভাৰতত জৈনসকলেও সৰস্বতীৰ পূজা কৰে । জ্ঞান, সংগীত আৰু শিল্পকলাৰ দেৱী হিচাপে ভাৰতৰ বাহিৰে জাপান, ভিয়েটনাম, বালি আৰু ম্যানমাৰতো সৰস্বতী পূজা কৰা হয় বুলি জনা যায়। ই যি কি নহওঁক, পূৰ্বৰ পৰা নিজস্ব ৰীতি-নীতিৰে চলি অহা এই জ্ঞানৰ উৎসৱ আজিৰ সময়ত যথেষ্ট পৰিমাণে পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে । সেই সম্পৰ্কে আজি এই লেখা আপোনালোকক সাদৰে আগবঢ়ালোঁ।
সৰস্বতী পূজা অৰ্থাৎ বাগদেৱীৰ পূজা অতীতত কেনে আছিল বুলি ক'লে বহু কথাই মনত লুকা-ভাকু খেলে। পূজা মানেই কেৱল ভগৱানৰ আৰধনা নে ? নিশ্চয় নহয়। ইয়াৰ লগত সম্পৰ্ক আছে আনন্দৰ সমাহাৰো। গতিকে অতীতত পূজা কেনে আছিল বুলি ক'লে উত্তৰ দিয়াটো বৰ সহজ নহয়। এতিয়া যেনেকৈ ছাত্ৰ ছাত্ৰীসকললে বিশেষকৈ ছাত্ৰীসকলে সাজি-কাঁচি পূজা থলীত পৰ্দাপণ কৰে আগৰ দিনবিলাকতো সেই একেদৰেই পূজালৈ আহিছিল। কিন্তু আগৰ দিনত আজিৰ দৰে জাকজমকতা নাছিল। কেৱল বাগদেৱীৰ আশীষ নিৰ্মালি গ্ৰহণৰ নিমিত্তে সাজি কাঁচি পূজা থলীলৈ অহা যেন লাগিছিল। ছাত্ৰ-ছাত্ৰী সকলে পূজা থলীলৈ আহি পূজা কৰা পৰিলক্ষিত হৈছিল আৰু সৰস্বতীৰ আৰ্শীবাদ গ্ৰহণ কৰা যেন অনুভৱ হৈছিল। এতিয়াও ইয়াৰ ব্যতিক্ৰম হোৱা নাই যদিও কিছু ক্ষেত্ৰত যে পৰিবৰ্তন আহিছে সেয়া ধূৰূপ।
সময়ে নতুনত্ব আনে। আদৰ্শ মূলক নতুনত্বই আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে। যদি নতুনত্বত কোনো আদৰ্শ নাথাকে, কোনো জ্ঞান আহৰণৰ সুযোগ নাথাকে, প্ৰজ্ঞাৰ পৰিপন্থী হয় তেন্তে সেই নতুনত্ব ছাত্ৰ ছাত্ৰীৰ কেতিয়াও অনুকূল হ'ব নোৱাৰে। বৰ্তমান সময়ত বাগদেৱীৰ আৰধনাৰ সলনি সৌন্দৰ্য প্ৰতিযোগিতাৰ থলী হিচাপে পৰিগণিত হৈছে সৰস্বতীৰ পূজা। এয়া আমাক দূৰদৰ্শনৰ বাতৰি বা সুন্দৰী প্ৰতিযোগিতাৰ কাৰ্যসূচী সমূহে ভাবিবলৈ বাধ্য কৰিছে। প্ৰকৃততে এনে সুন্দৰী প্ৰতিযোগিতাৰ প্ৰয়োজন আছে নে ? ছাত্ৰ-ছাত্ৰী মানেই হৈছে অধ্যয়ন আৰু শিক্ষাৰ সৈতে সম্পৰ্ক থকা এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। এই চৰিত্ৰৰ গুণসমূহ অক্ষুণ্ণ ৰাখিবৰ বাবেই প্ৰজ্ঞাৰ দেৱী সৰস্বতী আইৰ সহায় আৰ্শীবাদ কামনা কৰা হয়। তেন্তে ইয়াত সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰয়োজন ক'ত ? সৰস্বতী পূজাৰ নামত দূৰদৰ্শনত তুমুল বিতৰ্কৰ প্ৰয়োজন আছেনে ? মোৰ মতে ইয়াৰ উত্তৰ নঞৰ্থক। পূজা হোৱা উচিত পূজাৰ বাবে। জাকজমকতা আৰু ডি,জে বস্ক আদিৰ জৰিয়তে সৰস্বতী আইক পাব পাৰি নে নোৱাৰি নাজানো কিন্তু ইয়াৰ পৰা যে শব্দ প্ৰদূষণৰ সৃষ্টি হয় সেয়া আমি এশ শতাংশই জানো।
আকৌ এনেধৰণৰ ছাত্ৰ ছাত্ৰীও পৰিলক্ষিত হয় যিয়ে ঘৰত নথকাৰ বাবে এসাঁজ ভাল কাপোৰ পিন্ধিব নোৱাৰি বিদ্যালয়ৰ একোনত দুখত মন মাৰি বহি থাকে। সাধাৰণ কাপোৰ পিন্ধিলেও তেওঁলোকক ধুনীয়া দেখাই । কিন্তু তেওঁলোকে জাকজমকতাৰ সৈতে ফেৰ মাৰিব নোৱাৰি লাজ অনুভৱ কৰে। এই ব্যৱস্থাই কি সূচায় ? ধনী দুখীয়াৰ স্পষ্ট ভেদাভেদৰ সৃষ্টি হোৱা নাই জানো ? মনত এটা বৈষম্যৰ মনোভাৱ আনি নাই জানো ?
যি কি নহওঁক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা কথা কও - গুণেহে তৰে, ষ্টাইলে নতৰে দেহা। গতিকে সমভাৱ পোষন কৰি ঐক্যসাজ বা নিজৰ জাতীয় সাজ পৰিধান কৰি অসমীয়া বুলি পৰিচয় দিব পৰাকৈ সাজ পিন্ধি অহাৰ প্ৰয়োজন । জাতীয় সাজ পৰিধান কৰি সৰস্বতীক উপাসনা কৰিলে দেখিবলৈও ভাল লাগে আৰু জাতিৰ মানো অক্ষুণ্ণ থাকে।
নতুন প্ৰজন্মই ভালটো কৰক, সুন্দৰী প্ৰতিযোগিতাৰ সদৃশ কাৰ্যসূচী পতাতকৈ সৃষ্টিমূলক অনুষ্ঠান এই পূজাৰ লগত সংগতি ৰাখি পাতিলে সকলো ছাত্ৰ ছাত্ৰীয়ে লাভৱান হ'ব। বিজ্ঞানৰ উত্তৰণৰ দিনত ইয়াৰ জাকজমকতা পূৰ্ণ পূজাৰ প্ৰয়োজন নিশ্চয় নাই। যি কি নহওঁক , পূজা সকলোৰে কাম্য যেতিয়া সুন্দৰকৈ পূজা কৰি জ্ঞান আহৰণ কৰাৰ আশাক বাস্তৱায়িত হ'বৰ বাবে আই সৰস্বতীৰ ওচৰত শৰণাপন্ন হওক আৰু আৰ্শীবাদ লাভ কৰক। স
সকলোলৈকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ আৰু লেখা সামৰিলো।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক -- দুদুল সোণোৱাল।
No comments:
Post a Comment
dudulsonowal32@gmail.com