Thursday, February 3, 2022

সূচক আৰু ঘাত । Exponent and Power.

সূচক আৰু ঘাত 
Exponent and Power.

বৃহৎ বা ডাঙৰ সংখ্যাক বুজিবলৈ, পঢ়িবলৈ, তুলনা কৰিবলৈ আৰু সিহঁতৰ প্ৰক্ৰিয়া কৰাটো সহজ কৰিবলৈ সূচকীয় ৰূপ ব্যৱহাৰ কৰা হয়। সূচকীয় ৰূপ মানে হৈছে কোনো এটা সংখ্যাক উৎপাদকত বিশ্লেষণ কৰি উৎপাদকৰ সংখ্যাক সূচক হিচাপে লিখি উৎপাদকটোক ভূমি হিচাপে লিখাৰ এক ৰূপ। সূচকীয় ৰূপেৰে ডাঙৰ সংখ্যাক সহজে লিখিব পৰা যায়। ধৰা 16 সংখ্যাটোৰ সূচকীয় ৰূপ লিখিব লাগে। কেনেকৈ লিখিবা চোৱা। - 

16= 2×2×2×2 
    = 2⁴ 
 -------
ইয়াত 16 ৰ উৎপাদক হৈছে 2×2×2×2 আৰু 2 ক চাৰিবাৰ লিখা হৈছে সেয়ে সূচক হৈছে 4 , আৰু ভূমি হৈছে 2 । ইয়াৰ 2⁴ ক ' 2ৰ চতুৰ্থ ঘাত' বুলি পঢ়া হয়। ইংৰাজীত পঢ়িলে হ'ব '2 to the power 4' বুলি পঢ়া হয়। এই 2⁴ ৰূপটোকে সূচকীয় ৰূপ বোলা হয়।

সূচকীয় ৰূপত লিখাৰ নিয়ম :

১/ 24 = 2×2×2×3 [ইয়াত 2 দুবাৰ আৰ 3 এবাৰ                   
             = 2³×3¹ পোৱা গৈছে। সেয়ে 2 ৰ
                                 ওপৰত সূচক হ'ব 3 আৰু 3
                                   ৰ সূচক হ'ব 1 ]

2/ 30 = 2×3×5
          = 2¹×3¹×5¹ 
          
ইয়াত উৎপাদক 2, 3, 5 এবাৰকৈ পোৱা গৈছে। সেয়ে ইহঁতৰ সূচক হ'ব প্ৰত্যেকৰে 1 ।

এনেদৰে তোমালোকে নিজে বিভিন্ন সংখ্যাক সূচকীয় ৰূপত লিখিবলৈ চেষ্টা কৰা। 

চেষ্টা কৰা :
১/ 343
২/ 729
৩/ 12
৪/ 48
৫/ 225

সূচকীয় বিধি :
সূচকৰ কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে বা নিয়ম আছে। সেই নিয়ম অনুসৰি যিকোনো সংখ্যাক পূৰণ,হৰণ সহজতে কৰিব পাৰি। এই নিয়ম সমূহকে বিধি বোলা হয়। 

১/ একে ভূমি বিশিষ্ট ঘাতৰ পূৰণ 

বিধি : 

এই ধৰ্মৰ জৰিয়তে একে ভূমি যুক্ত আৰু বেলেগ বেলেগ সূচক থকা দুটা বা তাতোধিক পদৰ পুৰণ ফল নিৰ্ণয় কৰিব পাৰি।তলত কৰি দেখুওৱা হৈছে।

1/ 4⁵×4³
সমাধান :
  4⁵×4³
= 4⁵+³
= 4⁸ (সূচক 5 ৰ পৰা 3 বিয়োগ কৰিলে 2 হয়)
-----

২/ 3¹²×3¹⁰
  =3¹²+¹⁰
  = 3²² ( এইটোৱেই সূচকীয় ৰূপ)
  -----

নিজে চেষ্টা কৰা :
১/ 3⁷×3⁵

2/ 3⁵×3⁷×3¹⁰


-------------+++++----------------

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts