কাঠফুলা খেতি আৰু ইয়াৰ লাভজনক ব্যৱসায়িক দিশ।জানো আহক।
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কাঠফুলা কি ? What is mushroom ?
কাঠফুলা কি ?
কাঠফুলা বা মাশ্বৰুম (Mushroom) ভেঁকুৰ শ্ৰেণীৰ এবিধ উদ্ভিদ ৷ কাঠকুলাৰ আকাৰ সাধাৰণতে ভেঁকুৰ বুলিলে বুজা উদ্ভিদ বিলাকতকৈ ডাঙৰ ৷ পচা গছপাত, জাবৰ আদিত আৰু সেমেকা মাটিত কাঠফুলা গজে ৷ বিশেষকৈ বাৰিষা কালছোৱাত হাবি – বননিত কাঠফুলা গজা দেখা যায় ৷ আনবিলাক সেউজীয়া উদ্ভিদৰ দৰে ইয়াৰ সেউজ – ৰঙৰ সৃষ্টিকাৰক পত্ৰহৰিৎকণা নাই ৷ সেয়ে এই উদ্ভিদবিধ বগা, মাখন বৰণীয়া বা মুগা ৰঙৰ হয় আৰু ফলস্বৰূপে খাদ্য পুষ্টি আহৰণৰ অৰ্থে জৈৱিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰিব লাগে – মৃতজীৱি হিচাবে ৷
কাঠফুলাৰ ইতিহাসৰ সম্পৰ্কে আপুনি জানেনে ?
খাদ্য সামগ্ৰী হিচাবে কাঠফুলা ব্যৱহাৰৰ ইতিহাস যথেষ্ট পুৰণি ৷ চিন দেশত প্ৰায় ১০০০ বছৰৰ পূৰ্বেই খাদ্যৰ উপযোগী কাঠফুলাৰ খেতি আৰম্ভ হৈছিল ৷ ফ্ৰান্সত ১৬৫০ চনত প্ৰথমবাৰৰ বাবে এই খেতি কৰা হৈছিল বুলি জনা যায় ৷ কেইবাটাও সভ্যতাত শিল আদিত খোদিত কাঠফুলাৰ আৰ্হি দেখা যায় ৷ গৌতম বুদ্ধয়ো কাঠফুলা ব্যৱহাৰ কৰিছিল ৷ প্ৰণালীবদ্ধ ভাৱে নহলেও প্ৰকৃততে ভাৰতত ইয়াৰ খেতি আৰম্ভ হৈছিল ১৮৮৬ চনৰ পৰাই৷
কাঠফুলা খেতিৰ বৰ্ত্তমানৰ ৰেহৰূপ কেনে ?
বৰ্ত্তমান সময়লৈকে দুহেজাৰতকৈ অধিক কাঠফুলা খাদ্যৰ বাবে উপযুক্ত বুলি চিনাক্ত কৰা হৈছে ৷ সাতটা জাতিৰ অন্তৰ্গত প্ৰায় ২৮৫ টা প্ৰজাতি ভাৰতত পোৱা যায় ৷ খাদ্য হিছাপে পাহাৰিয়া জনজাতি, চাহ বাগিছাৰ ন-অসমীয়া আনকি গাৱঁৰ লোকে বহু আগৰে পৰা কাঠফুলা ব্যৱহাৰ কৰি আহিছে যদিও ইয়াৰ খেতিৰ পদ্ধতি তেওঁলোকৰ মাজত প্ৰচলন হোৱা নাই ৷ ইয়াৰ বাবে তেওঁলোকে প্ৰাকৃতিক ভাবে গজা কাঠফুলাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ৷ কিন্তু কাঠফুলাৰ আধুনিক কৃষি পদ্ধতি উদ্ভাৱনৰ লগে লগে আন আন লোকৰ মাজতো ইয়াৰ খাদ্যাভ্যাস আৰু জনপ্ৰিয়তা বৃদ্ধি পাইছে ৷ বৰ্ত্তমান অসমত কাঠফুলাৰ খেতি প্ৰচলন হোৱা এটা দশকৰো বেছি হ’ল ৷
কাঠফুলা কিহৰ বাবে জনপ্ৰিয় ?
কাৰণ হিচাপে উল্লেখ কৰিব লাগিব যে ইয়াৰ স্বাদ অতি লোভনিয় আৰু অনুপম ৷ সেয়েহে প্ৰক্ৰিতিৰ বুকুত গজা যিকোনো কাঠফুলা সংগ্ৰহ কৰি আনি খাদ্য হিছাপে ব্যৱহাৰ কৰিবলৈ আগৰে পৰা অভ্যস্ত লোাকসকলৰ মাজত দুৰন্ত হাবিয়াস আছে৷ কিন্তু কেৱল চিনি পোৱা, অবিষাক্ত খাঠফুলাহে বুতলি আনা উচিত ৷ গুণাগুনৰ দিশৰ পৰা চালে দেখা যায় যে কাঠফুলা বহুতো গুণৰ অধিকাৰী৷ বিশেককৈ শৰীৰত পুষ্টি সাধিব পৰা অতুলনিয় গুণাগুণ সমূহ ৷ ইয়াক নিৰামিষহাৰীৰ বাবে মাংস বুলিবও পৰা যায়৷ কিয়নো মাংস, মাছ আৰু কণীৰ পিছতেই প্ৰটিনৰ পৰিমাণ অনুসৰি কাঠপুলাক স্হান দিব পৰি ৷ সতেজ কাঠফুলাত গডে ৩.৭ শতাংশ প্ৰটিন আৰু ৪ শতাংশ কাৰ্বহাইড্ৰেট থাকে৷ আমাৰ শৰিৰে এই প্ৰটিনৰ শতকৰা ৬০-৭০ ভাগেই পৰিপাক কৰিব অৰ্থাৎ গ্ৰহণ কৰিব পাৰে ৷ ভিটামিণ B,C,D আৰু Kযথেষ্ট পৰিমাণে থাকে ৷ কাঠফুলাত কম শৰ্কৰা (০.০৫%) থকাৰ বাবে বহুমূত্ৰ ৰেগীৰ বাবে উপযোগী আৰু সম্পূৰ্ণ কলেষ্ট্ৰল যুক্ত হোৱাৰ বাবে হৃদৰোগত ভোগা ব্যক্তিসকলে খাবলৈ ব্যৱহাৰ কৰিব পাৰে৷ কাঠফুলাত কৰ্কট ৰোগ আৰু AIDS নিৰাময় কৰিব পৰা গুণ আছে ৷ লগতে নিয়মিত কাঠফুলাৰ ব্যৱহাৰ কৰি যিকোনো ৰোগৰ বাবে আমাৰ শৰীৰত পতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে ৷ এই বিলাকৰ উপৰিও কাঠফুলা অন্যান্য গুণাগুণৰ উৎস ৷
কাঠফুলাৰ জাত আৰু খেতিৰ সময় ::
সৰ্বাধিক প্ৰচলিত কাঠফুলা কেইবিধ হ’ল-
(ক) বুটাম সদৃশ কাঠফুলা :
এইবিধ কাঠফুলা দেখাত ঘুৰণীয়া বগা বুটামৰ দৰে আৰু আঠাইকৈ জনপ্ৰিয় ৷ ইয়াৰ খেতিৰ বাবে এটা নিৰ্দ্দিষ্ট পদ্ধতিৰে পছনসাৰ তৈয়াৰ কৰি ল’ব লাগে৷ খেতিৰ বাবে জলবায়ুৰ নাইবা কৃত্ৰিমভাবে নিয়ন্ত্ৰিত কোঠালিৰ উষ্ণতা ১৬ও-২০ও ছেন্টিগ্ৰড হ’ব লাগে ৷ গতিকে অসমৰ পৰিবেশত ডিচেম্বৰ আৰু জানুৱাৰী মাতহ ইয়াৰ খেতি কৰিব পৰা যায় ৷
(খ) ধান খেৰত হোৱা কাঠফুলা :
পৈণত অৱস্হাত এই কাঠফুলাবিধ দেখাত ছাতিৰ দৰে ৷ ইয়াৰ খেতি কেৱল ধান খেৰত কৰিব পাৰি ৷ ইয়াৰ খেতিৰ বাবে লাগতিয়াল উষ্ণতা হৈছে ৩০০-৩৫০ ছেন্টিগ্ৰেড৷ জুন, যুলাই আৰু আগষ্ট মাহৰ জলবায়ু ইয়াৰ খেতিৰ বাবে অনুকুল ৷
(গ) অয়ষ্টাৰ বা সাগৰীয় শামুকীয় জাতৰ কাঠফুলা :
এইবিধ কাঠফুলাৰ পাহিবোৰ দেখাত এবিধ সাগৰীয় সামুকৰ দৰে ৷ ইয়াৰ কৃষি প্ৰণালী আটাইকৈ সহজ, সুলভ আৰু উৎপাদনো যথেষ্ট বেছি হই৷ ইয়াৰ খেতি ধানখেৰৰ উপৰিও যিকোনো শষ্যৰ জাবৰ, কুঁহিয়াৰৰ ডাবৰি, পেলনীয়া কাগজ, কাঠৰ গুৰি আদিত কৰিব পাৰি৷ অয়ষ্টাৰৰ প্ৰজাতি বিলাকৰ খেতিৰ বাবে ২২০-২৮০ ছেন্টিগ্ৰড পৰিসৰৰ উষ্ণতাৰ আৱশ্যক ৷ সেয়ে অসমৰ জলবায়ুত ইয়াৰ খেতি সমগ্ৰ বছৰ জুৰি কৰিব পাৰিলেও ছেপ্তেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে অথৰ্াৎ ৮ মাহ বৰ ভালদৰে কৰিব পাৰি৷
কেনেকৈ সংৰক্ষণ কৰিব ?
চপাই অনা সতেজ কাঠফুলাৰ পাহিবোৰ ২০০ গ্ৰামকৈ পেকেট কৰি ৰাখিব লাগে৷ পলিথিনৰ পেকেটতকৈ কাগজৰ পেকেট বেছি উপযুক্ত৷ পলিথিনৰ পেকেটত ৰাখিব হ’লে তাত কেইটামান সৰু সৰু ফুটা কৰি ল’ব লাগে যাতে কাঠফুলাৰ পহিবোৰৰ পৰা ভাপ হৈ অহা জলীয় বাষ্প পেকেটৰ ভিতৰত জমা হ’ব নোৱাৰে৷ সাধাৰণ উষ্ণতাত কোঠালিত কাঠফুলা বিলাক ছিঙাৰ পিছত কেৱল এদিন হে ৰাখিব পৰা যায়৷ আনহাতে ৰেফ্ৰিজাৰেটৰত ৩ বা ৪ দিনকৈ বেছি ৰাখিব নালাগে৷ ৰ’ডত ভালদৰে শুকুৱাই পলিঠিনৰ পেকেটত বন্ধ কৰি কাঠফুলা ৫-৬ মাহলৈকে সংৰক্ষ্যণ কৰিব পাৰি৷
পৰিবেশন কৰিব জানেনে ?
কাঠফুলাৰ ৰন্ধন প্ৰণালী অন্যান্য পাছলি বা মাছ-মাংহতকৈ কোনো বেলেগ নহয়৷ ছিঙি অনা কাঠফুলাখিনি পৰিস্কাৰকৈ পানীৰে ধুই ল’ব লাগে আৰু নিজৰ ৰুচি অনুযায়ী ৰান্ধিব লাগে৷ কাঠফুলাৰ বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰা স বহুতো লিখনি পোৱা যায়৷ অম্লেট, ছালাড, তৰকাৰী, চেণ্ডুইচ, আচাৰ, চোৰোহা আদিৰ উপৰিও বিভিন্ন প্ৰকাৰৰ বেকাৰীৰ ব্যঞ্জন যেনে পেটিছ, বিস্কুট, ভুজিয়া তৈয়াৰ কৰিব পাৰি৷
সাৱধানীৰ মৰণ নাই !!
বাতৰি কাকতত প্ৰায়েই কাঠফুলা ভক্ষণ কৰি মানুহৰ মৃতু্য হোৱা নাইবা শাৰীৰিক ক্ষতিসাধন হৈ থকাৰ বাতৰি পঢ়িবলৈ পোৱা যায়৷ এনে দুৰ্ঘটনা কেৱল ভাৱে হাবি-বননিত গজা বিষাক্ত কাঠফুলা বুটলি আনি খোৱাৰ ফলত হয়৷ বৈজ্ঞানিকভাৱে খেয়ি কৰা কাঠফুলা কেইবিধৰ পৰা এনে অভাৱনিয় পৰিস্হিতি কেতিয়াও নহয় নহয়৷ থলুৱা বিষাক্ত কাঠফুলা আৰু খোৱাৰ উপযোগী কাঠফুলাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাটো বৰ জটিত৷ এই ক্ষেত্ৰত থলুৱা কাঠফুলা ব্যৱহাৰ কৰিলে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে দুৰ্ভাগ্যজনক পৰিণতিৰ পৰা হাত সাৰিবৰ বাবে৷ যিকোনো সন্দেহ হ’লে, মনত সংশয় থাকিলে এনে কাঠফুলা খাবলৈ ব্যৱহাৰ নকৰাই মংগল৷ আমাৰ লোকসকলৰ মাজত খাদ্যোপযোগী কাঠফুলা চিনাক্তকৰণৰ কেইটামান পদ্ধতি ৰীতিগতভাৱে চলি আহিছে৷
প্ৰাথমিক চিনাক্তকৰণত থলোৱা প্ৰণালী কেইটা হ’ল :
ক) বিষাক্ত কাঠফুলা বিলাক উজ্জ্বল, আকৰ্ষণীয়, সয্য কৰিব নোৱাৰা গন্ধযুক্ত আৰু তিতা, কেহা আৰু বেয়া স্বাদযুক্ত ৷
খ) বিষাক্ত কাঠফুলাত সাধাৰণতে পোক-পৰুৱা নাথাকে নাইবা কম থাকে৷
গ) ৰূপৰ আৰু তামৰ সামগ্ৰী বিষাক্ত কাঠফুলাৰ আঞ্জাত দিলে কলা পৰে৷
ঘ) এঁৱা গাখীৰত বিষাক্ত কাঠফুলাৰ টুকুৰা দিলে গাখীৰখিনি সোনকালে গোট মাৰি দৈৰ লেখীয়া হয় ৷
ঙ) বিষাক্ত কাঠফুলাৰ ছালখন পাতলকৈ সহজে গুচাব নোৱাৰি৷
চ) বিষাক্ত কাঠফুলাৰ ঠাৰিডালৰ মধ্যভাগত এটা আঙঠি অঅৰু গুৰিভাগত এটা কাপ বা বাতি সদৃশ ছাল লাগি থাকে৷ অবিষাক্ত, খোৱাৰ উপযোগী কাঠফুলাত আঙঠি আৰু বাতিৰ যিকোনো এটা বৈশিষ্টহে দেখা যায়৷ মনত ৰাখিবলগীয়া আৰু অনিবাৰ্যভাৱে ল’বলগীয়া সাৱধানতা হ’ল : কাঠফুলাৰ আঞ্জাৰ সৈতে কেতিয়াও মদ্য পান কৰিব নালাগে, অন্যথা ইয়াৰ অন্তিম পৰিণতি মাৰাত্মক৷
ছ) বিষাক্ত কাঠফুলা বেঙেনাৰ লগত সিজালে ক'লা পৰে।
ধানখেৰৰ কাঠফুলাৰ (Volvariella sp.) খেতি কেনেকৈ কৰিব ?
ই এবিধ উষ্ণতাৰ প্ৰতি আসক্তি থকা কাঠফুলা ৷ এই জাতৰ কাঠফুলাৰ বনাবলৈ ২৮০ ৰ পৰা ৩৫০ ছেন্টিগ্ৰেড উষ্ণতা আৰু ৮০ৰ পৰা ৮৫ শতাংশ আদ্ৰতাৰ জলবায়ু সবাতকৈ উত্তম ৷ জুন, জুলাই আৰু আগষ্ট মাহত এইবিধ কাঠফুলাৰ খেতি ভাল হয় ৷ এই তিনিতা মাহ অয়েষ্টাৰ (Pleurotus sp.) কাঠফুলাৰ খেতিৰ বাবে উপযোগী নহয় ৷ সেয়েহে দুয়োটা জাতৰ কাঠফুলা গোটেই বছৰটোৰ উৎপাদনৰ বাবে কৰিব পাৰি ।
‘ধানখেৰৰ কাঠফুলা’ৰ সুবিধা সমুহ :-
এই বিধ কাঠফুলা আন সকলোবোৰ কাঠফুলাতকৈ সোনকালে উৎপাদন হয় ৷
ই সাগৰীয়া শামুক জাতৰ কাঠফুলাতকৈ বেছি সোৱাদ ৷
খেতি কৰাৰ পদ্ধতি খুউব সহজ ৷
অতি সহজ আচবাব যেনে, চিমেন্টৰ ডাঙৰ পাত্ৰ, বাল্টি, বাঁহৰ ফ্ৰেম, খেৰ, ৰহৰ অইল, কাঠফুলাৰ বীজ ইত্যাদিৰ প্ৰয়োজন ৷
‘ধানখেৰৰ কাঠফুলা’ৰ অসুবিধাসমুহ
এই বিধ কাঠফুলা চপোৱাৰ পিছত ৰাখি থলে সোৱাদ কমি যায় ৷ পালেঙৰ পৰা চপোৱাৰ দিনৰ পৰাই ইয়াক খোৱাৰ দৰকাৰ ৷
ইয়াক ২৪ ঘন্টাতকৈ বেছি সময় সাঁচি ৰাখিলে ই পানীয় ধৰণৰ হয় আৰু ইয়াৰ পৰা বেয়া গোন্ধ ওলাই ৷ ৰেফ্ৰিজাৰেটৰত ৰাখিলে এদিনৰ বাবে ৰাখিব পাৰি৷
ইয়াৰ খেতি কৰিবলৈ বেছি খেৰৰ প্ৰয়োজন হয় ৷ ১০০ কিলোগ্ৰাম খেৰৰ পৰা মাত্ৰ ১৩ কিলোগ্ৰাম মান কাঠফুলাহে পোৱা যায় ৷বছৰত মে, জুন, জুলাই আৰু আগষ্ট এই চাৰি মাহত এই জাতৰ খেতি কৰিব পাৰি ৷ আগষ্ট মাহত সৰ্বাধিক উৎপাদন পোৱা যায় ৷
কেচাঁমাল
‘ধানখেৰৰ কাঠফুলা’ খেতিৰ বাবে ধানখেৰেই ভাল৷ বৰষুণত তিতি থকা ধানখেৰ বা নিম্নমানৰ খেৰ ব্যৱহাৰ কৰিলে খাদ্য অনুপযোগী আন জাতৰ কাঠফুলা (যেনে – Coprinus sp.) গজি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
খেৰ মুঠা বন্ধা
খেৰবোৰৰ ৮০ ছেন্টিমিটাৰ দীঘল X ১২ ছেন্টিমিটাৰ ব্যাসৰ মুঠা বান্ধিব লাগে৷ প্ৰ্ৰত্যেকটো মুঠাৰ ওজন ৮০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰাম হোৱাৰ দৰকাৰ৷ এখন পালেং তৈয়াৰ কৰিবলৈ এনেকুৱা ২৪ টা খেৰৰ মুঠাৰ প্ৰয়োজন৷ ২০ কিলোগ্ৰাম শুকান খেৰ এখন পালেংৰ বাবে ব্যৱহাৰ কৰা হয়৷
খেৰ কটা
খেৰৰ মুঠাবোৰৰ মূৰৰ ফালে কাঠফুলা ওলাবৰ বাবে মুঠাবোৰ দুয়োমূৰে সমানকৈ কাটি দিয়াৰ দৰকাৰ ৷
খেৰৰ মুঠা পানীত তিওৱা পদ্ধতি
এক মিটাৰ ওখ আৰু এক মিটাৰ ব্যাসৰ চিমেন্টৰ পাত্ৰ বা তেলৰ ড্ৰামত প্ৰথমে খেৰৰ মুঠাবোৰ ভৰাই ল’ব লাগে ৷ তাৰ পিছত মুঠাবোৰৰ ওপৰলৈ পানী ভৰাব লাগে ৷ মুঠাবোৰ ভাঁহি নাথাকিবৰ বাবে ইয়াৰ ওপৰত ডাঙৰ শিল বা ইটা ৰখা দৰকাৰ এনে মুঠাবোৰৰ ২৪ ৰ পৰা ৪৮ ঘন্টা পানীত দুবাই থব লাগে ৷
মুঠা দ’ম কৰা :-
মুঠাবোৰ পনীৰ পৰা উঠাই অতিৰিক্ত পানীভাগ নিগৰি যোৱাৰ বাবে পৰিষ্কাৰ চাং এখনৰ ওপৰত ৰাখিব লাগে ৷
বাঁহৰ ফ্ৰেম :-
৯০ ছেন্টিমিটাৰ X ৯০ ছেন্টিমিটাৰ X ১৫ ছেন্টিমিটাৰ ওখ বাঁহৰ ফ্ৰেম এটা সজাই ল’ব লাগে ৷ বাঁহৰ ফ্ৰেম সজাই লোৱাৰ কাৰণ হ’ল – (১) কাঠফুলাৰ পালেং আৰু মজিয়াৰ মাজত পোনপটিয়া সংযোগ বন্ধ কৰা আৰু (২) খেৰৰ মুঠাত থকা অতিৰিক্ত পানী ভাগ ওলাই যোৱাত সুবিধা হয় ৷
কাঠফুলা উৎপাদন কৰা ঘৰ
কাঠফুলা উৎপাদন কৰিবলৈ লোৱাৰ ঘৰটোৰ প্ৰস্হ ৩ মিটাৰ, দুয়োফালে উচ্চতা ২.৫ মিটাৰ আৰু দীঘ ৬ মিটাৰ হোৱাৰ দৰকাৰ ৷ ছালখন খেৰৰ তৈয়াৰী হ’ব লাগে ৷ পকী মজিয়াত ৫ চেন্টিমিটাৰ মানৰ বালিৰ তৰপ দিব লাগে ৷ বেৰ চাৰিখন খেৰ আৰু বাঁহৰে তৈয়াৰী কৰি ল’ব লাগে ৷ বেৰ চাৰিখনত প্লাষ্টিক ওলমাই থব লাগে, এনে কৰিলে ধৰখনৰ উষ্ণতাৰ লগতে আৰ্দ্ৰতাও বৃদ্ধি হয় ৷
কাঠফুলাৰ বীজ :
বিশুদ্ধ কাঠফুলাৰ বীজ ইটা বৰণীয়া হয় এখন পালেংৰ বাবে ৩০০ গ্ৰাম বীজেই যথেষ্ট ৷ ৩০০ গ্ৰাম বীজক ৭৫ গ্ৰাম, ৭৫ গ্ৰাম আৰু ১৫০ গ্ৰাম এই তিনিভাগত ভগাই ল’ব লাগে ৷ প্ৰতিটো ভাগৰ বীজবোৰক এক চেন্টিমিটাৰ জোখৰ টুকুৰা টুকুৰাকৈ ভাঙি লোৱাৰ দৰকাৰ ৷
ছকৰ গুড়ি :
৫ গ্ৰাম ছকৰ গুড়ি ১ লিটাৰ পানীত মিহলাই কাঠফুলাৰ বীজ দিয়াৰ আগত খেৰৰ দমবোৰত স্প্ৰে কৰি ল’ব লাগে ৷ এনে কৰিলে খেৰৰ আম্লতা বৃদ্ধি হয় ৷
পালেং তৈয়াৰ কৰা পদ্ধতি :
৬ টা খেৰৰ মুঠা বাঁহৰ ফ্ৰেমৰ ওপৰত একে শাৰীত থব লাগে ৷
অকনমান বীজ লৈ বীৰ টুকুৰাবোৰ খেৰৰ দমটোৰ ওপৰত ছটিয়াই দিব লাগে ৷ ই কাঠফুলাৰ বৃদ্ধি খৰতকীয়া কৰাত সহায় কৰে ৷
প্ৰথম তৰপটোৰ ওপৰত মুঠাবোৰ বিপৰীত দিশৰ আন ৬ টা মুঠাৰে দ্বিতীয় তৰপ দিব লাগে ৷
আগৰ দৰে ৭৫ গ্ৰাম বীজ দি তাৰ ওপৰত ৫০ গ্ৰাম ৰহৰ দাইলৰ গুৰি ছটিয়াই দিব লাগে ৷
দ্বিতীয় তৰপটোৰ বিপৰীত দিশত ৬ টা মুঠাৰে তৃতীয় তৰপ দিয়াৰ দৰকাৰ ৷
১২০ গ্ৰাম বীজ আৰু ১২০ গ্ৰাম ৰহৰ দাইলৰ গুৰি এই তৃতীয় তৰপটোৰ ওপৰত ছটিয়াব লাগে ৷
তৃতীয় তৰপটোৰ মুঠাবোৰৰ বিপৰীত দিশত ৬ টা মুঠাৰে শেষৰ তৰপটো দি পালেংখন ভালদৰে হেঁচি দিব লাগে ৷
২ মি: X ২ মি: জোখৰ পলিথিন এখনেৰে পালেংখন ভালদৰে ঢাকি দি পলিথিনৰ কাষবোৰ ফ্ৰেমটোৰ তলত ভালদৰে সুমুৱাই দিব লাগে ৷
পলিথিনৰ ঢাকনখন ১০ দিনৰ পিছত গুছোৱাই দিব লাগে ৷ ১৩ ৰ পৰা ১৬ দিনৰ পিছত কাঠফুলা ওলোৱা আৰম্ভ হ’ব ৷ কাঠফুলাবোৰ কণীৰ আকৃতিৰ লয় আৰু এইটোৱেই কাঠফুলা চপোৱাৰ উত্তম সময় ৷ ছাটিৰ দৰে আকৃতি অহালৈ বাট চাব নালাগে ৷ এই অৱস্হাত কাঠফুলাবোৰ সোনকালে নষ্ট হৈ যায় ৷
প্ৰথম থোপা কাঠফুলা চপোৱাৰ পাচত পালেং বোৰত ৰাতিপুৱা আৰু সন্ধিয়া পানী ছটিয়াব লাগে ৷ দ্বিতীয় থোপা কাঠফুলা ১ সপ্তাসৰ পিছত ওলাই আহিব ৷
ধানখেৰৰ কাঠফুলা খেতিৰ সমস্যা-
অসংখ্য ক্ষুদ্ৰ মকৰাবোৰে কাঠফুলা সূতাৰ দৰে অংশবোৰ খায় ৷ কাঠফুলা চপোৱাৰ সময়ত মানুহৰ গাত বগাই আমনি কৰে ৷ ইথিয়ান ৫০ ই চি মিলি: প্ৰতি লিটাৰ পানীত মিহলাই বীজ দিয়াৰ আগতে স্প্ৰে কৰিব লাগে ৷ ২০ লিটাৰ ঔষধ মিশ্ৰিত পানী ২০ কি: গ্ৰা: ওজন খেৰৰ বাবে যথেষ্ট ৷০
অয়ষ্টাৰ কাঠফুলাৰ বাবে খেৰ কটা আৰু তিওৱাৰ পদ্ধতি
অয়ষ্টাৰ কাঠফুলাৰ খেতিৰ বাবে পালেং তৈয়াৰ কৰিবলৈ প্ৰথমে উপযুক্ত আধাৰ নিৰ্বাচন কৰাটো অতি প্ৰয়োজনীয় ৷ সেইবাবে শুকান, ভাল ধানখেৰ কাটি ল’ব লাগে আৰু সাধাৰণতে আহুধানৰ খেৰতকৈ শালিধানৰ খেৰ বেছি উপযোগী ৷ অয়ষ্টাৰ কাঠফুলাৰ বাবে ধানখেৰৰ বাহিৰেও অন্য জৈৱিক আধাৰ সমূহ, যেনে সৰিয়হৰ কটালি, গোমধানৰ ডিলা, পাত আৰু ঠাৰি, কলৰ গা-গছ, পাত, পানী-মেটেকা, কঁহিয়াৰৰ ডাবৰি, নাৰিকলৰ পাত আৰু বাকলি, কাঠৰ চোঁচ বা কাঠ, বিভিন্ন ঘাঁহ, সূৰ্য্যমূখী ফুলৰ ঠাৰি, বাদামৰ বাকলি, শিমলূ আলুৰ পৰিত্যক্ত অংশ আদিও ব্যৱহাৰ কৰিব পাৰি ৷ ইয়াৰ ভিতৰত অসমৰ পৰিবেশত ধানখেৰেই সৰহীয়াকৈ সহজলভ্য ৷ কাঠফুলাৰ খেতিৰ বাবে সকলো আধাৰকেই প্ৰথমে ২” – ৩” জোখত টুকুৰা টুকুৰাকৈ কাটি ল’ব লাগে ৷ খেৰ কটাৰ বাবে মেচিন নাথাকিলে কাঠৰ গড় এডালৰ ওপৰত থৈ দাৰে সহজে কটি ল’ব পাৰি ৷ এনে কৰিলে – ক) সানমিহলি কৰিবলৈ, খ) মোনাতে ভৰাবলৈ আৰু গ) পানীত তিয়াবলৈ সুবিধাজনক হয় ৷
ইয়াৰ পাছত কাটি লোৱাৰ খেৰ খিনি বহল পাত্ৰ এটাত এৰাতি বা ১২-১৮ ঘন্টাৰ বাবে তিয়াই ৰাখিব লাগে ৷ এনে কৰিলে ক) কিছু পৰিমানে মুক্ত ভাবে লাগি থকা বীজাণুবোৰ পানীত এৰা খাই আতৰি যায়, খ) পানীত তিওৱাৰ ফলত আধাৰৰ কোষবোৰ ঢ়িলা হয়, যাতে অনুসূত্ৰই সহজে সোমাই গৈ কোষৰ পৰা পোষক দ্ৰব্য শুহি ল’ব পাৰে , গ) আধাৰৰ বাবে লাগতিয়াল পানী ভাগ (৭০-৮০%) শুহি ল’ব পাৰে ৷
নিৰ্দ্দিষ্ট সময় তিওৱাৰ পাচত পাত্ৰটোৰ পানী খিনি নিগৰাই পেলাই দিব লাগে ৷ এই দৰে তিওৱা খেৰখিনিৰ ওজন শুকান খেৰৰ প্ৰায় তিনিগুণ হয়গৈ আৰু এই তিতাখেৰ খিনিয়েই সিজোৱাৰ বাবে উপযুক্ত হয় ৷
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। দুদুল সোণোৱাল।
সংগৃহীত।
🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀
No comments:
Post a Comment
dudulsonowal32@gmail.com