লাচিত বৰফুকন : এক সংক্ষিপ্ত অৱলোকন। Lachit Borphukan: a brief overview. জন্ম-মৃত্যু , সেনাপতি ভাৰৰ দায়িত্ব পালন, শৰাইঘাটৰ যুদ্ধ, আলবৈৰ ৰণ আদি সন্নিবিষ্ট কৰা হৈছে।
পাতনি:
বৰ অসমৰ আহোম সাম্ৰাজ্যৰ এটি উজ্বল নক্ষত্ৰ হ'ল লাচিত বৰফুকন। লাচিত আছিল অপৰিসীম সাহস, ধৈৰ্য, তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু পৰাক্ৰমী বীৰ। ফুকনলুং বীৰ লাচিতৰ অসীম বীৰত্বৰ ফলতেই আৰু তেখেতৰ তত্বাৱধানতেই ১৬৭১ খ্ৰীষ্টাব্দত অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য সামন্তক পৰাজিত কৰি অসমৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিল। আনকি শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে নৰিয়া গাৰে শত্ৰুৰ লগত যুদ্ধ দি বীৰত্বৰে শত্ৰুক পৰাস্ত কৰিছিল। সেয়ে আজিও ইতিহাসৰ পাতত তেখেতৰ নাম বৰ বৰ হৰফেৰে সোণালী আখৰেৰে উজ্বলি আছে।
মহান বীৰ সেনাপতি গৰাকীৰ জন্ম হৈছিল ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰ তাৰিখে শিৱসাগৰৰ চৰাইদেউত। পিতৃৰ নাম আছিল মোমাই তামূলী বৰবৰুৱা । অৱশ্যে পিতৃৰ প্ৰথমাৱস্থাত নাম আছিল নেচাংগ।
শিক্ষা: সামৰিক আৰু অসামৰিক ।
মহাবীৰ লাচিত বৰফুকনৰ সম্পৰ্কে বিশেষ তথ্য পৰ্য্যাপ্ত পৰিমানে ইতিহাসৰ পাতত উপলব্ধ নহয়। লাচিত বৰফুকনে এটা ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। সেইবাবে তেওঁ সামৰিক আৰু অসামৰিক উভয়বিধ শিক্ষাই বাধ্যতামূলক ভাৱে গ্ৰহণ কৰিবলগীয়া হৈছিল। তেখেত আছিল অতি কৰ্তব্যপৰায়ণ, কৰ্মনিষ্ঠা, সততা, ধৈৰ্যশীল আদি মহৎ গুণৰ অধিকাৰী ব্যক্তি। লাচিত বৰফুকন আছিল আহোমৰ লুখুৰাখন ফৈদৰ 'লান ফিমা বংশ'ৰ অন্তৰ্ভুক্ত লোক। ইতিহাসৰ পৰা জনা যায় যে এই বংশৰ বা ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ অহা লোক। পিতৃ মোমাই তামূলী বৰবৰুৱাৰ গুণেৰে মহীয়ান লাচিত বৰফুকন অতি সাহসী স্বভাৱৰ ব্যক্তি আছিল। তেওঁৰ সততা, কৰ্তব্যপৰায়ণতা ,নিয়মানুৱৰ্তীতা স্পষ্টবাদিতা আদিৰ দৰে মানৱীয় গুণসমূহৰ বাবেই স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ অতি প্ৰিয়ভাজন আছিল।
লাচিত বৰফুকনে জীৱনৰ প্ৰাৰম্ভিক শিক্ষা ঘৰতেই লাভ কৰিছিল। বিশেষকৈ বৰবৰুৱাৰ চ'ৰাত দৈনন্দিন হোৱা ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আদি আলোচনাৰ পৰা তেখেতে পৰ্য্যাপ্ত পৰিমানে শিক্ষা আহৰণ কৰিবলৈ সক্ষম হৈছিল বুলি জনা যায়। লাচিত বৰফুকনৰ শিক্ষাৰ বাবে পিতৃৰ দ্বাৰা ঘৰুৱা শিক্ষক নিয়োগ কৰা হৈছিল। শিক্ষকৰ পৰা লাচিতে আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি , অৰ্থশাস্ত্ৰ আদি বিষয়ত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তদুপৰি দেশৰ বুৰঞ্জী আৰু শাসন কাৰ্যৰ সম্পৰ্কে যথেষ্ট জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল। এই শিক্ষাৰ লগতে অস্ত্ৰ-শস্ত্ৰ চালনা আৰু আন সামৰিক জ্ঞানো লাভ কৰিছিল। ঘোঁৰা চেকুৰাই যুদ্ধ কৰাৰ কৌশল, নাৱৰে যুদ্ধ কৰাৰ কৌশল, হেংদাং চালনাৰ কৌশল আদি সামৰিক দিশত শিকিবলগীয়া হৈছিল।
আহোম সাম্ৰাজ্যৰ বিষয়া ৰূপে কাৰ্য্যনিৰ্বাহ :
লাচিত বৰফুকনে একেদিনাই আহোম ৰাজ্যৰ বৰফুকন বা ফুকনলুং হোৱা নাছিল। বহু কষ্ট, চেষ্টা আৰু অধ্যৱসায়ৰ বিনিময়ত তেখেতে আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতি পদ অলংকৃত কৰিবলৈ সক্ষম হৈছিল।
আহোম ৰাজ্যৰ ৰাজনীতিত লাচিতে প্ৰথম প্ৰৱেশ কৰিছিল ৰাজমন্ত্ৰী ডাঙৰীয়াৰ 'হাঁচতিধৰা তামূলী' পদৰ জৰিয়তে। ৰাজমন্ত্ৰী ডাঙৰীয়াৰ''হাঁচতিধৰা তামূলী' পদৰ পাছতেই তেওঁ নিযুক্তি পাইছিল ' ঘোঁৰা বৰুৱা' পদত। এই পদৰ কাম আছিল ঘোঁৰা ৰখীয়া বা তত্বাৱধান লোৱা। লাচিতে নিজৰ কাৰ্যকালত বহু সংখ্যক দুৰ্দান্ত ঘোঁৰাক বশ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিছিল। লাচিতৰ অকুণ্ঠ প্ৰতিভা প্ৰতিফলিত হৈছিল এনে সাহসিক কাৰ্যৰ জৰিয়তে। সেয়ে আহোম স্বৰ্গদেউ সুপ্ৰসন্ন হৈ তেওঁক ' দুলীয়াবৰুৱা' পদলৈ পদোন্নতি দিছিল। এই পদতো স্বৰ্গদেউ চক্ৰধ্বজ সিংহ সন্তোষ্ট হৈছিল আৰু সেয়ে 'শিমলুগুৰিয়া ফুকন' বিষয়বাব প্ৰদান কৰিছিল। কিছুদিন 'শিমলুগুৰিয়া ফুকন' পদত কাম কৰাৰ পিছত লাচিতক পুনৰ 'দোলাকাষৰীয়া বৰুৱা' ৰ পদবীত নিযুক্তি প্ৰদান কৰিছিল। 'দোলাকাষৰীয়া বৰুৱা'ৰ কাম আছিল স্বৰ্গদেৱে দোলাত যোৱাৰ সময়ত পালি পহৰীয়া অৰ্থাৎ চাওদাং সকলক নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থা কৰা। এই পদবীত থাকোঁতেই স্বৰ্গদেউৰ দৃষ্টি লাচিতৰ ওপৰত নিবদ্ধ হৈছিল। লাচিতৰ গুণবোৰৰ প্ৰতি আকৃষ্ট হৈ স্বৰ্গদেৱে তেওঁক ফুকনলুং বা সেনাপতি পতাৰ মনস্থ কৰিছিল। আৰু সেইমতে পৰৱৰ্তী সময়ত লাচিতক 'বৰফুকন' পদত নিযুক্তি দিয়া হৈছিল। কিন্তু সেনাপতি নিযুক্তি পোৱাৰ আগতে এটা পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া হৈছিল পদবীৰ প্ৰাৰ্থী। সেয়ে লাচিতেও এই পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া হৈছিল তেওঁৰ অজ্ঞাতে । লাচিতক চাওফা অৰ্থাৎ স্বৰ্গদেউৰ ওচৰত মাতি পঠিওৱা হ'ল। লাচিতে স্বৰ্গদেউৰ সন্মুখত আঁঠু ল'ব খুজোতেই কৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ পাগুৰিটো থাপ মাৰি লৈ গৈছিল। এয়া অৱশ্যে স্বৰ্গদেউৱে পৰিকল্পিতভাৱে কৰোৱাইছিল। এই কাৰ্যত লাচিতৰ খং উঠিছিল আৰু খাপৰ পৰা হেংদাং উলিয়ায় লগুৱাজনক খেদি গৈছিল। চাওফাৰ হস্তক্ষেপতহে লগুৱাজন বাচিল। লাচিতে এনে নিৰ্ভীকতা আৰু আত্মমৰ্যদা পৰীক্ষাত উত্তীৰ্ণ হৈ সেনাপতি পদৰ ভাৰ চমজি লৈছিল। চাওফা চুপুংমুংই লাচিতক এখন সোণোৱালী হেংদাং পুৰস্কাৰ দি ফুকনলুং পদত অধিষ্ঠিত কৰাইছিল।
সেনাপতি ভাৰ গ্ৰহণ কৰি লোৱা পদক্ষেপ :
'সেনাপতি' ৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈয়েই লাচিতে প্ৰথমে সৈন্য সামন্ত সংগঠিতকৰণত মনোনিবেশ কৰিছিল। সৈন্য সামন্ত সকলক ৰণৰ বাবে সমৰকৌশল প্ৰশিক্ষণ দি শক্তিশালী কৰি তুলিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিছিল। ইয়াৰ পিছতে ১৬৬৭ খ্ৰীষ্টাব্দত মোগলৰ অধীনলৈ যোৱা গুৱাহাটী উদ্ধাৰৰ বাবে তৎপৰ হয় লাচিতৰ নেতৃত্বত আহোম সৈন্য । আৰু ১৬৬৭ খ্ৰীষ্টাব্দত মোগলক আক্ৰমণ কৰি গুৱাহাটী নিজৰ দখললৈ আনে। ইয়াৰ পিছত ক্ৰমান্বয়ে গুৱাহাটীৰ সমীপৰ অনেক গুৰুত্বপূৰ্ণ স্থান লাচিত বৰফুকনৰ নেতৃত্বত আহোমৰ অধীনলৈ আনে। আনকি ১৬৬৭ খ্ৰীষ্টাব্দত ইটাখুলি আৰু গুৱাহাটীৰ দূৰ্গ অধিকাৰ কৰিছিল। মোগলৰ চৈয়দ চান্না আৰু ফিৰোজ খাক বন্দী কৰিবলৈ সক্ষম হৈছিল একমাত্ৰ লাচিতৰ চতুৰ নেতৃত্বৰ সহায়ত।
১৬৬৯ খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিবলৈ সৈন্য সামন্তৰে সুসজ্জিত হৈ মোগলৰ সেনাপতি ৰামসিংহ অসমত প্ৰৱেশ কৰিছিল। ইয়াৰ পাছতেই লাচিত বৰফুকনে আহোম সৈন্যক অধিক শক্তিশালী কৰি তোলে আৰু শত্ৰু নিধনৰ বাবে ৰণকৌশল ৰচনা কৰিছিল। তেতিয়া গুৱাহাটী দুৰ্ভেদ্য দুৰ্গত পৰিণত হৈছিল।
আলবৈ ৰণ, মোমাই কটা গড় আৰু শৰাইঘাটৰ যুদ্ধ :
১৬৬৭ খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল আলবৈৰ ৰণ। কিন্তু এই যুদ্ধত অতি কৰুণভাৱে লাচিতৰ আহোম সৈন্যই হেৰুৱাব লগীয়া হৈছিল প্ৰায় দহ হাজাৰ সৈন্য। লাচিত বৰফুকন ভাঙি পৰিছিল। কিন্তু ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ সাহসত পুনৰ দুগুণ সাহসেৰে যুদ্ধৰ প্ৰস্তুতিত জপিয়াই পৰিছিল।
কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিতে নিজ মোমায়েককো হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। কথিত আছে যে ৰামসিংহই গুৱাহাটী আক্ৰমণ কৰিবলৈ লোৱা ক্ষণতে মোমায়েকক এটা গড় ৰাতিটোৰ ভিতৰতে বান্ধিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু শ্ৰমিকসকলৰ ভাগৰুৱা অৱস্থা দেখি ৰাতি কাম বন্ধ কৰি শুবলৈ কৈছিল আৰু নিজেও টোপনিত লালকাল দিছিল। এই কাৰ্যৰে মোমায়েকে কৰ্তব্যত অৱহেলা কৰিছিল। দেশৰ সংকটজনক মূহুৰ্তত কৰা এনে কাৰ্যক দেশদ্ৰোহী হিচাপে গণ্য কৰা হৈছিল। আৰু লাচিতে সেয়ে মোমায়েকক ' দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি কৈ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। উল্লেখযোগ্য যে কিছুমান পণ্ডিতৰ মতে লাচিতে প্ৰকৃততে মোমায়েকক কটা নাছিল 'মোমেই'কহে শিৰচ্ছেদ কৰিছিল। মোমেই মানে হৈছে সেই সময়ত গড় নিৰ্মাণকাৰী অভিযন্তা। এই সংঘটিত ঘটনাত সন্ত্ৰস্ত হৈ একেৰাতিতে শ্ৰমিকসকলে গড় নিৰ্মাণ কৰি উলিয়াইছিল।
ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ বাবে লাচিত বৰফুকন অসমৰ বুৰঞ্জীত আজিও মহাবীৰ সেনাপতি ৰূপে খ্যাত। লাচিত বৰফুকনৰ নেতৃত্বত আহোমৰ সৈন্যৰ সৈতে বহুবাৰ মোগল সেনাপতি ৰামসিংহৰ সৈন্য সামন্তৰ যুদ্ধ হৈছিল। কিন্তু এই যুদ্ধত মোগলে সফলতাৰ মুখ দেখাৰ সৌভাগ্য নহ'ল। সেয়ে শৰাইঘাটত পূৰ্ণাংগ যুদ্ধ কৰিবলৈ ৰামসিংহ সাজু হৈছিল। কিন্তু বিধিৰ বিপাক সেই সময়ত আহোমৰ সেনাপতি লাচিত বৰফুকন টান নৰিয়াত পৰিছিল। এই বাৰ্তাটো ৰামসিংহৰ কাণত গুপ্তচৰৰ জৰিয়তে পৰিছিলগৈ । সেই ছেগতে ৰামসিংহই আহোম সকলক আক্ৰমণ কৰিছিল। লাচিতৰ অবৰ্তমানত হোৱা যুদ্ধত আহোম সেনানী চেদেলি-ভেদেলি হ'ল। আনকি ৰণ ত্যাগ কৰিবলৈ আহোম সৈন্য সাজু হৈছিল। কিন্তু লাচিতে ইয়াকে দেখি কৈছিল, "মই ইয়াতে মৰিম। যুদ্ধ ত্যাগ কৰিবলৈ মই কাপুৰুষ নহওঁ । চিলা পৰ্বতৰ ওপৰত মাটি চাৰি কঠা কিনি থৈছোঁ তাতে মোক মৈদাম দিবি।" ইয়াৰ পিছত নৰিয়া গাৰে লাচিত বৰফুকনে নাৱৰ চালিত বহিছিল। সেনাপতিৰ এই দেশপ্ৰেমী আচৰণত আহোম সেনাই সাহস আৰু প্ৰেৰণা পাইছিল। হিলৈ,বৰটোপ মাৰি লাচিতৰ নাৱ মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি গ'ল। সৈন্য সামন্তও আগবাঢ়ি গ'ল। সেই সময়তে অসমীয়া সেনাৰ মনোবল বৃদ্ধি কৰাবৰ বাবে লাচিতে চিঞৰি চিঞৰি পুনৰ কৈছিল, "অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক। তোমালোকে সুখেৰে ঘৰলৈ ঘূৰি যোৱা।" লাচিতৰ এই কথাত অসমীয়া সেনা উৎসাহিত হৈছিল আৰু দুগুণ সাহসেৰে যুদ্ধক্ষেত্ৰত নামি পৰিছিল। অসমীয়া সেনাৰ এই মৰণপন আক্ৰমণত মোগল সৈন্যই তিষ্ঠিব নোৱাৰি মোগলৰ সেনাপতি ৰামসিংহই পৰাজয় বৰণ কৰিছিল। লাচিত বৰফুকন আৰু আহোম সৈন্যৰ বল-বিক্ৰমৰ কথা স্বীকাৰ কৰি মোগল সেনাপতি ৰামসিংহই কৈছিল, "ধন্য ৰজা। ধন্য মন্ত্ৰী, ধন্য সেনাপতি। প্ৰতিজন অসমীয়া সৈন্য নাও চলোৱা, কাড় মৰা, হিলৈ মৰা, খাৱৈ খন্দা সকলো ক্ষেত্ৰতে পাকৈত। মই ৰামসিংহই যুদ্ধত থাকি কোনো ছিদ্ৰকে নাপালোঁ। এনে অপূৰ্ব সৈন্য মই ভাৰতৰ কোনো ঠাইতে দেখা নাই।"
মৃত্যু তথা সামৰণি :
শৰাইঘাটৰ যুদ্ধৰ পিছতে ১৬৭১ খ্ৰীষ্টাব্দত তীৰকঁপে হোৱা জ্বৰৰ প্ৰকোপত লাচিত বৰফুকন মৃত্যুমুখত পৰে। ১৬৭২ খ্ৰীষ্টাব্দত যোৰহাটৰ সমীপৰ হোলোঙাপাৰ নামৰ ঠাইত লাচিত বৰফুকনৰ মৈদাম নিৰ্মাণ কৰা হৈছিল
মহান যোদ্ধা আহোম সেনাপতি লাচিত বৰফুকনৰ অসীম পৰাক্ৰম আৰু অতুলনীয় স্বদেশপ্ৰেম ইতিহাসৰ পাতত সেয়ে আজিও উজ্বলি আছে আৰু নিশ্চয় অনাগত দিনলৈ উজ্বলি থাকিব। তেওঁৰ অৱদানে চিৰকাল লুইতপৰীয়াবাসীক সজ্ঞীৱিত কৰি ৰাখিব । এইজনা মহান বীৰ সেনাপতি লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধৰ পিছতে ১৬৭১ খ্ৰীষ্টাব্দত তীৰকঁপে হোৱা জ্বৰৰ প্ৰকোপত লাচিত বৰফুকনে মৃত্যুক আকোঁৱালি লয়। ১৬৭২ খ্ৰীষ্টাব্দত যোৰহাটৰ সমীপৰ হোলোঙাপাৰ নামৰ ঠাইত লাচিত বৰফুকনৰ মৈদাম নিৰ্মাণ কৰা হৈছিল । লাচিত বৰফুকনৰ জন্ম দিনটোতে সমগ্ৰ অসমত লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিৰ চিনস্বৰূপে 'লাচিত দিৱস' হিচাপে উদযাপন কৰি অহা হৈছে। উল্লেখ্য যে লাচিত বৰফুকনৰ অকৃত্ৰিম দেশপ্ৰেম আজিও সৰ্বত্ৰে চৰ্চিত। সেয়ে লাচিতক বাদ দি আহোম ৰাজ্যৰ বৰ্ণনা অপূৰ্ণ বুলি ক'ব পাৰি। লাচিত বৰফুকন হ'ল সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ এক সোণালী প্ৰতীক। লাচিত বৰফুকনৰ সদৃশ কৰ্মনিষ্ঠা সেনাপতি আহোমৰ শাসনকালত বিৰল আছিল। সেয়েহে লাচিতৰ চৰিত্ৰ সাম্প্ৰতিক সময়তো অতি প্ৰাসঙ্গিক চৰিত্ৰ হিচাপে বিবেচিত হৈছে আৰু হৈ থাকিব। বৰ্তমান সমাজত এনে দুৰ্লভ চৰিত্ৰ দেশ আৰু জাতিৰ বাবে অতীব প্ৰয়োজন হৈ পৰিছে। নৱ প্ৰজন্মৰ লগতে জ্যেষ্ঠ জনেও লাচিতৰ চাৰিত্ৰিক গুণসমূহ আয়ত্ব কৰি লাচিতৰ দৰে হ'বলৈ আন্তৰিক প্ৰয়াস কৰা উচিত কাৰণ এয়া সময়ৰ আহ্বান।
লেখক : দুদুল সোণোৱাল ।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
সহায়ক গ্ৰন্থ :
১/ লাচিত বৰফুকন - ড° সূৰ্য কুমাৰ ভূঞা।
২/ অসম বুৰঞ্জী। -- পদ্মনাথ গোহাঞিবৰুৱা।
good writing.
ReplyDeleteAwesome
ReplyDelete