Friday, July 1, 2022

গল্পৰ চলেৰে..... ' পৰিবৰ্তন' ।

গল্পৰ চলেৰে......

                     

           পৰিবৰ্তন       

   মদনে হয়তো কোনো দিনে ভবা নাছিল এনে এটা দিনৰ কথা। যিটো দিনত কেৱল পৰিৱৰ্তন হ'ব চৌদিশ অঞ্চলটোৰ পথবোৰ শিলৰ আলকতৰা দি পকা কৰা হ'ল।আকৌ ক'ৰবাত ক'ৰবাত চিমেণ্টেৰে তৈয়াৰী ইটাৰে নিৰ্মিত হ'ল পথ। আনকি সিহঁতৰ গাঁওখনৰ মাজেদি যোৱা পথটোও শিলেৰে নিৰ্মিত হ'ল। ঠাইখন সৰুমটীয়া নগৰলৈ পৰিণত হ'ল।কাষৰ ঘৰবোৰ ওখ ওখ অট্টালিকালৈ লাহে লাহে পৰিবৰ্তন হ'ব ধৰিছে। মুঠতে পৰিৱৰ্তন। চাৰিওফালে কেৱল পৰিৱৰ্তন। অথচ আজিৰ পৰা এশ বছৰৰ আগতে ঠাই ডোখৰ আছিল জয়াল। দিনতে ভয়লগা পৰিৱেশ। পথবোৰ আছিল একাঠু বোকা। একাঠু পানীৰে ভৰা। কিন্তু হ'লেও পথত বানপানী হোৱা মনত নপৰে। কাৰণো নথকা নহয়।সেই সময়ত ৰাইজে একেলগ হৈ পথৰ দুটা দাঁতিত দুটা দ নলা খান্দি প্ৰতি বছৰে পথত মাটি তুলিছিল। পানীবোৰ নলাৰে পথাৰৰ ফালে বেগত বাগৰি গৈছিল। এতিয়া চৰকাৰী আলিবাট হ'ল কিন্তু মেৰামতি নাই। নলা নৰ্দমা বন্ধ। এজাক বৰষুণতে পানী নহয় কি হ'ব। আকৌ ৰাইজেও ততকে ধৰিব নোৱাৰে নিজে কৰিব নে চৰকাৰে কৰিব ! খেলিমেলি হয় সকলো। সেয়ে অপৰিষ্কাৰ হৈয়ে ৰয় পথ। এলেকাটো সম্প্ৰতি নগৰলৈ পৰিৱৰ্তন হৈছে। ডাঙৰ ডাঙৰ অট্টালিকা হৈছে। সুন্দৰ পথ হৈছে। কিন্তু নলা নৰ্দমা সঠিক অৱস্থাত নাই। চৰকাৰী নলা আছে কিন্তু পানী নাযায়। মানুহে পেলায় দিয়া জাবৰ জোঁঠৰ, পলিথিনৰ প্ৰকোপত নলা বন্ধ । অলপীয়া বৰষুণতে এতিয়া চহৰ খনত ভীষণ বানপানী। এয়া মানুহৰ কুকৰ্মৰ ফল।

      গধূলি সময়ত দিননাথ, বগেন আৰু সি প্ৰায়ে খোজকাঢ়ি গাওঁৰ সিটো মূৰলৈ গৈছিল। এনেয়ে সদায় চক্কৰ এটা মাৰে সিহঁতে। আহোঁতে ৰাতি হয়।গগণ ফালি চিঞৰি চিঞৰি ৰাগ টানি আহে সিহঁতে। ভূতৰ ভয়। জয়াল ঠাই। জানোচা ভূতে পায় ! তেনেকৈয়ে পাৰ হৈছিল দিনবোৰ । সময়বোৰ। আজি বুঢ়া বয়সত মদনক কথাবোৰে জুমুৰি দি ধৰিছে। মনত পৰিছে কথাবোৰ। সমনীয়াৰ সৈতে কৰা ধেমালিবোৰ। কিমান আনন্দকৰ আছিল সেই সময়। কিমান সুন্দৰ আছিল সেই জীৱন। মদনৰ মনৰ তলিৰ পৰা কথাবোৰ ইটোৰ পাছত সিটো চিনেমাৰ ৰিলবিলাকত ওলোৱা নিচিনা উলাই আহিব ধৰিছে। 

       দিননাথে কৈছিল ,"সময় এদিন পৰিবৰ্তন হ'ব। পৰিবৰ্তন সময়ে হয়তো ঠাইডোখৰ সুন্দৰ কৰিব। নতুবা এলাগী , আপচু কৰি তুলিব । " এৰা তাৰ কথাই ফলিয়ালে। সি এনেয়ে কোৱা নাছিল কিন্তু। কিছু গণনা কৰিহে কথাটো কৈছিল হবলা। সি আৰু কৈছিল,"নগৰৰ সিটো মূৰত থকা মানুহবোৰ অলপ লেতেৰা স্বভাৱৰ।" আচলতে সিহঁতৰ সৰহসংখ্যকেই অনাঅসমীয়া। ঘৰ-বাৰী ঘণ ঘণ। ইটোৰ লগত সিটো লগা। নলা নৰ্দমা নাই। জাবৰ জোঁঠৰ, পলিথিন আদি য'তে ত'তে পেলায়। সি হেনো এইবোৰ দৃশ্য নিজ চকুৰে দেখিছে। গতিকে ভৱিষ্যতৰ নগৰখন বৰ সুন্দৰ নহ'ব ! - এয়া যুৱাৱস্হাৰ বন্ধু দিননাথৰ কথা। 

       এতিয়াৰ চুমনিচুক চহৰখন অলপীয়া বৰষুণতে বানপানী হয়। কৃত্ৰিম বানপানী। মানুহে চপাই লোৱা বানপানী। তাৰ ঘৰৰ পৰা তিনি চাৰি কিলোমিটাৰ মান দূৰ হ'ব নেকি বাৰু ? হয়। সিমানেই হ'ব চাগে। আমি কৈশোৰৰ কালছোৱাত কেতিয়াবা চাইকেলেৰে গৈছিলো। আকৌ কেতিয়াবা খোজকাঢ়িয়ে পোনাইছিলো। মুঠতে সেইসময়ত আমাৰ বাবে এই দূৰত্ব সাধাৰণ আছিল। আজিকালিহে ল'ৰা ছোৱালীয়ে চাইকেল বা মটৰচাইকেল নহ'লে লৰচৰ হবকে নুখোজে। কি যে হ'ব আজিৰ প্ৰজন্ম ! অজানিতে এটা হুমুনিয়াহ উলাই আহিল। জেঠীজনীয়ে ঠিক ঠিক কৰিছে। তাৰ ভাৱ চিন্তাবোৰক শলাগিছে হবপাই। সেই সময়তে দুৱাৰত আঘাত কৰা টক্ টক্ শব্দৰ ফলত তাৰ ভাৱনাত আউল লাগিল।

     : ককা, ফিকা চাহ। - নাতিনীজনীয়ে একাপ চাহ দি গ'ল। 

     : টেবুলতে থোৱা । - ককাকে ক'লে। গৰম চাহ। কুণ্ডলীপকাই উৰি আহিছে তাৰ শুকুলা ধোৱা। সি বিছনাৰ পৰা উঠি গৈ চাহকাপ খাব নে পুনৰ তাৰ গল্পৰ প্লটৰ মাজলৈ যাব সি কথাটো ঠাৱৰ কৰিব পৰা নাই। 

     বগেনে ক'লে , " আজি নাওৰ পাৰঘাটলৈ যাম। এনেয়ে সময় পাৰ কৰিম। লুইতৰ জলৰাশিৰ সৰলৰৈখিক গতি চাম। শিহুৰ পল জাম্প দিখোয়ে বা কিজানি ! " আমিবোৰে মূৰ দুপিয়াই সন্মতি প্ৰকাশ কৰিলোঁ। চুমনিচুক চহৰৰ পৰা পাৰঘাট বৰ দূৰ নহয়। দুই কিল'মিটাৰ মান হ'ব লাগে। আবেলি তিনিওৱে খোজকাঢ়ি পোনালো পাৰঘাটলৈ। পাৰঘাটত মানুহৰ ভিৰ। কিছুমান সিটো পাৰলৈ যাবলৈ নাওত উঠিছে। কিছুমানে অস্থায়ী হোটেলত ভাত খোৱাত লাগিছে। আন কিছুমানে এনেয়ে ঠাইখনত টহল দিছে। সিহঁতে অলপ আগবাঢ়ি গৈ ঘাটৰ নামনিৰ নিজান এডোখৰ ঠাইত বহি ল'লে। "কথা এটা শুনিছনে তহঁতি ?" - দিনই আমাৰ ফালে চাই ক'লে। "কি ?"- একেস্বৰতে আমি দুজনে মাতদিলো। " কিয় ? এই পাৰঘাটতো উঠি যাব নহয় ।" "কিন্তু পাৰঘাট বন্ধ হ'লে মানুহ কেনেকৈ পাৰাপাৰ হ'ব অ' ?" - বগেনৰ কথাৰ উত্তৰত আমি এইদৰে ক'লো । তেতিয়া বগেনৰ মুখেৰে গম পাইছিলো যে অহা বছৰলৈ ইয়াত এখন ডাঙৰ দলং হ'ব। শদিয়া আৰু ধলা সংযোগ হ'ব। বৰ ভাল কথা।বৰ ভাল কথা। আমি শলাগিছিলো। কিন্তু এচাম খাটি খোৱালোকৰ পেট নমৰিবনে ? এই যে পাৰঘাটত হোটেল দিয়া মানুহবোৰ, নাও চলাই, নাওত কাম কৰি পৰিয়াল পোহপাল দিয়া মানুহবোৰৰ কি দশা হ'ব ? সিহঁতে বাৰু জীৱনটো পৰিচালনা কৰিব পৰাকৈ এটা সংস্থাপন পাব নে ? চৰকাৰে সিহঁতৰ বাবে কিবা এটা কৰিব নে ? নে উপাৰ্জনৰ একমাত্ৰ পথ হেৰুৱায় সিহঁতে অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঢাপলি মেলিব ? "পৰিবৰ্তন বুজিছ, বন্ধু। সকলো পৰিবৰ্তন। আমি নামানিলেও উপায় নাই। আচলতে পৰিবৰ্তন হ'বলৈ হ'লে কিবা এটা হেৰুৱাব লগা হয়েই দেচোন।"- দিননাথৰ মন্তব্য। ঠিক আমি আলোচনা কৰাৰ পৰৱৰ্তী পোন্ধৰ বছৰৰ পাছত দলংখন উদ্ধোধন হ'ল। হাজাৰ হাজাৰ লোকে লোকাৰণ্য ঠাইত মোদীজীয়ে ভাষণ দি উদ্ধোধন কৰা হ'ল বুলি ঘোষণা কৰিলে। জাউৰিয়ে জাউৰিয়ে হাততালি বাজিল। চাওঁতে চাওঁতে কেতিয়ানো সময়ে ৰূপ সলালে ততকে ধৰিব নোৱাৰিলোঁ। চুমনিচুক চহৰখন বা পাৰঘাটৰ অৱস্থা পৰিৱৰ্তনৰ এক চেহেৰা। কিন্তু পৰিৱৰ্তন মানুহৰ অনুকুল হোৱাৰ প্ৰয়োজন আছে। ঠাই পৰিৱৰ্তন হ'লে মানুহৰ মনৰো পৰিৱৰ্তন হোৱা দৰকাৰ। মানুহৰ মনবোৰৰো সঠিকমতে পৰিৱৰ্তন হৈছে নে বাৰু ? অজস্ৰ প্ৰশ্নই তাৰ মনত আমনি কৰি থাকিল। ....

    

     এৰা অ' পৰিৱৰ্তনে কেতিয়াবা মানুহক সুবিধাও আনি দিয়ে । আৰু কেতিয়াবা অসুবিধাও আনি দিয়ে। আকৌ দুৱৰাত টুকৰ। নাতিনী হ'ব পাই। লাহেকৈ কম্বলখন গাৰ পৰা খহাই সি দুৱাৰৰ ফালে অনিচ্ছা সত্ত্বেও আগবাঢ়ি গ'ল...।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

(গল্পটোৰ কাহিনীৰ সৰহভাগেই কল্পনাৰ ৰহণ। কাৰোবাৰ কাহিনীৰ সৈতে মিলি গ'লে লেখক দায়ী নহয়। )
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।  
লেখক: দুদুল সোণোৱাল

    
    
 🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅
  
  

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts