কৃত্ৰিম 'বেলাড' হিচাপে চন্দ্ৰ কুমাৰ আগৰৱালাৰ 'তেজীমলা' কবিতাটোৰ বিচাৰ । Can we consider that Chandra Kumar Agarwal's poem 'Tejimala' as an artificial 'ballad' ?
ৰোমান্টিক যুগৰ কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ দিনতেই পুৰণি বেলাডৰ আৰ্হিত এবিধ নতুন কাব্যৰূপৰ সৃষ্টি হ'ল। চমুকৈ নতুনকৈ লিপিবদ্ধ কৰা এই কবিতাবিধেই হৈছে বেলাড। ইয়াক সাহিত্যিক মালিতা বা গাঁথা বুলিও কোৱা হয়। বেলাড বা ইংৰাজীত Ballad হৈছে এক বিশেষ শ্ৰেণীৰ কবিতা । বেলাড মানে হৈছে কোনো ঘটনাৰ বৰ্ণনাত্মক লোকগীত অৰ্থাৎ মালিতা । যিদৰে লোকগীত পৌৰাণিক কাহিনী সমৃদ্ধ ঠিক একেদৰে বেলাডসমূহো কাহিনী মূলক। এই কবিতাৰ অন্যতম লক্ষণ হৈছে - অলৌকিতা আৰু পৌৰাণিক কাহিনী সমৃদ্ধ। ইয়াৰোপৰি এই ধৰণৰ কবিতাবোৰৰ প্ৰকাশ ভংগী সহজ-সৰল হয়। ৰূপশৈলীৰ কোনো এটি চৰণত চৰিত্ৰটো বাৰম্বাৰ আৱিৰ্ভাৱ ঘটে। এনে কবিতা বা গীতসমূহৰ ক্ষেত্ৰত সমগ্ৰ গীতটো এটি বিশিষ্ট ৰূপেৰে উজ্বলি উথে।
'তেজীমলা' নামৰ অসমীয়া কবিতাটোও স্বনামধন্য কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত এটা উৎকৃষ্ট মালিতা। আন কিছুমান বেলাডৰ দৰে 'তেজীমলা' কবিতাটোতো লৌকিক কাহিনী বিদ্যমান। অৱশ্যে বেলাড বা মালিতাত থকাৰ দৰে ইয়াত কাহিনী এটাৰ বৰ্ণনা নাই। বিশেষকৈ কবিতাটোত অতি প্ৰাকৃত পৰিৱেশ এটাক কবিয়ে স্বাভাবিকভাবে দাঙি ধৰাৰ প্ৰয়াস কৰিছে।এক ৰহস্যময়তাৰ ভাৱ আৰু সৌন্দৰ্যৰ স্ফুৰণে ইয়াত ৰমন্যাসিকতাৰ বোল সানিছে। প্ৰকৃততে 'তেজীমলা'বেলাডৰ আৰ্হিত ৰচিত এটা কবিতাহে বুলি ক'ব পাৰি। 'তেজীমলা' হৈছে অসমীয়া সাধু কথাৰ সৃষ্টি কাৰক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা সাধুকথাৰ এটা দুখেৰে পৰিপূৰ্ণ চৰিত্ৰ। তেজীমলা মাহীমাকৰ অত্যাচাৰৰ বলি হৈ মৃত্যুক আকোঁৱালি লোৱাৰ লগতে ফুল হৈ ধৰাত পুনৰ জন্ম লৈছে। কিন্তু তথাপিও মানুহ নামৰ জ্ঞানী প্ৰাণীবিধৰ নিষ্ঠুৰতাৰ হাত সাৰিব পৰা নাই। আহকছোন মূল কবিতাটোত কি আছে সুক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰিবলৈ কবিতাটোত এভূমুকি মাৰো। --
তেজীমলা:
তেজগোৰা বেলি জিলিঙনি মেলি
সাবটিব আহি ধৰা ;
পুৱাৰ মলয়া উঠি ছয়াঁ-ময়া
বোলে উঠা তেজীমলা।
মেঘ-মলা ৰঙা পিন্ধি দিগঙ্গনা
সিঁচিছে আশাৰ ধাৰি ;
উত্ৰাৱল পানী ৰঙা হাঁহি সানি
খলকিছে চুই ভৰি।
ৰূপতে ৰূপ তুলি পাৰিজাত ফুলি
তেজীমলা জকমকায় ;
চৌপাশে বেৰি। মৰমে সাদৰে
পানীৰ লতা বগায়।
মানুহ কুটুমে দলিয়াই পেলালে
কাকনো কুটুম পালি ;
মৰম-বেথাৰে সাঁতুৰি ফুৰিছে
এটাইকে নিজা কৰিলি ।
তোৰে পানীৰ চৰাই সাঁতুৰি ফুৰিছে
কতো বা উৰিছে বনাই ;
মলয়া বায়ুৰে মিতিৰ পাতিলি
ঘৰৰহে বাতৰি নাই।
দূপৰীয়া বেলি পানীয়ে উছালি
সিঁচিছে মুকুতা-তৰা ;
ফটিক পানীৰ মাজে মাজে ধীৰ
চৰিছে পোৱাল-ডৰা ।
সোণ-ৰূপ মাছ আহিছে গইছে
ঘৰ -পোহনীয়া তোৰে ;
মনত পৰেনে পাৰযুৰি তোৰ
মাতিলে হাতত পৰে। (?)
ফুলনী শুৱনি পৰিয়েহে আছে
চৰেনে হৰিণাজনী ; (?)
কোনে ভুলাইছে মৰমৰ তোৰ
শাঁৱলী পোৱালিকণি । (?)
সখীৰ বাতৰি কোনে ক'ব পাৰে----
তোৰ জীৱনৰ লগ ;
মৰমৰ সখী আঁতৰালে কোনে
আকৌ নে মেলিব সঙ্গ ?
কুমাৰী ছোৱালী কুটুমে পেলালে
দলিয়াই মৰমফেৰি ;
মানুহে মানুহে। ইমানহে মৰম
চকুলো পৰে সুঁৱৰি।
মানুহৰ চোতালত মাধুৰী ফুটিলে
মানুহে নিচিনি হায় ;
সাৰি তুলি ছিঙি মোহাৰি পেলালে
মানুহৰ মৰমো নাই ।
মৰমৰ পানী নোহোৱা ঠাইত
কেনেকৈ বিশ্বাস থয়?
সেয়ে তেজীমলা দূৰতে শিপাই
পাৰিজাত হৈ ৰয় ।
শকত বান্ধেৰে তলিৰে সইতে
বান্ধিলে নিছিগা কৰি ;
ধুমুহা-বতাহে খং-ৰাগে আৰু
কিটোনো কৰিব পাৰি ?
সিদিনা সন্ধিয়া দৰে আজি কিয়
তেনেকুৱা কৰে মন ?
বেজাৰ মাৰ গই বেলিটিয়ে তোক
দিছিলেযে বিসৰ্জন ।
আজি পুৱাই বেলি হাঁহি চকু মেলি
পঠালে বাতৰি কিবা ;
চিকুন নাওখনি আশাৰে উজালি
আহিছে উধাই বা ।
মানুহৰ নাও মানুহৰ ভাও
দেখিযে লাগিছে ভাল ;
মানুহৰ মিতিৰ বৰ মৰমৰ
পাতিছে কিহৰ জাল ?
গহীন মু'খনি মৰমেৰে সনা
মোৰেইতো দেৱতা এওঁ ;
কেলেই লাগিছে মানুহৰ লগ----
আহিয়ে দেখোঁ ধৰেও।
"হাতো নেমেলিবি ফুলো নিছিঙিবি
ক'ৰে নাৱৰীয়া তই ;
মানুহে ফুলৰ কি জানে আদৰ
তেজীমলাহে মই ।"
চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ তেজীমলা কবিতাটিক কৃত্ৰিম বেলাড হিচাপে আখ্যা দিয়া হৈছে এই কাৰণেই যে ইয়াৰ সমল সাধুকথাৰ পৰা আহৰণ কৰা হৈছে। আৰু কবিয়ে নিজস্ব শৈলীৰে তাক কাব্যিক ৰূপত গঢ় দিছে। কৃত্ৰিম বেলাডৰ লক্ষণসমূহ সম্পূৰ্ণ ৰূপে প্ৰতিফলিত নহ'লেও, বেলাডৰ বহুখিনি গুণ তেজীমলা কবিতাত বিদ্যমান হোৱা দেখা গৈছে।
তেজীমলা সাধুটোৰ মূল কথাখিনি আছিল এনেধৰণৰ --
"এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল’ৰা-ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল, সেইদেখি তাইক মাহীয়েকে তুলিতালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল; কিন্তু মাহীয়েকে হ’লে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল; কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্রতিপাল কৰি ডাঙৰ দীঘল কৰিব লগীয়াত পৰিছিল।
আজি-কালিকৈ তেজীমলা দহ-এঘাৰ বছৰীয়া হ’ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰ সৈতে বাপেকে সখি বন্ধাই দিলে।
তেজীমলাৰ বাপেক বেপাৰ-বানিজ্যৰে জড়িত মানুহ; বেহা-বেপাৰলৈ নগ’লে নচলে। সেইদেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। এইবাৰ ৬/৭ মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাব লগীয়াত পৰিল। সেইদেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰৰ তেজীমলাক ঘৈণীয়েকৰ হাতত গতাই দি ক’লে যে, “এইবাৰ মই ৬/৭ মাহলৈকে বিদেশলৈকে যাওঁ। তোৰ হাতত মোৰ তেজীমলাক গতালোঁ। তাই আদৰুৱা ছোৱালী; তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি।”
সাউদনীয়ে ভাবিলে, “এইবাৰ মোৰ বেছ সুবিধা হৈছে; এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ কুটা, দাঁতৰ শূলটো গুচাব পাৰিম। তাইক ঠেকেচি ঠেকেচি মোৰ মনৰ হেঁপাহ পলুৱাম।” আৰু তাই ভাবিলে- “অকল ঠেকেচিয়েই নেৰোঁ, সেইদৰে এৰিলে, বাপেকে আহি সেইকথা কেনেবাকৈ বুজি পালে এখন হাই উৰুমিহে বাহ হ’ব। এই আপদৰ একেবাৰেই জইন মাৰিম। এইক বিয়া দিওঁতে মোৰ ঘৰৰ আধাখিনি বস্তু এইৰ লগত উলিয়াই দিব লাগিব। এই হ’ল মোৰ সতিনীৰ জী। মোৰ কপালততো কোনো ল’ৰা-ছোৱালী নহ’লেই, সতিনীৰ এইটোকোনো পোহ-পাল কৰি নিৰ্বাহ দি মোৰ কি লাভ হ’ব ? বাপেকে এইৰ লগত যিখিনি ধন-বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালে উপকাৰ দিব। হেনজানি এইৰ দেউতাক উভতি অহাৰ আগতেই এটা বুধি কৰি এইৰ ওৰ পেলাব লাগিব।” ইয়াকে মাহীয়েকে ভাবি, সাউদে নাও মেলি যোৱাৰ দিনৰ পৰা তেজীমলাৰ দায়ৰ চেলু বিচাৰিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলশৰীয়া কৈ ৰাখিবলৈ চেষ্টা কৰিলে।
ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। পৰহিলৈ বিয়া। সখীয়েকৰ ঘৰৰপৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। বিয়াৰ তিনি-চাৰিদিন সখীয়েকৰ ঘৰত থাকি তেজীমালী ৰঙ-ধেমালি কৰি নোৱাই-ধোৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰো বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং ধেমালি কৰি তাই বিয়া খাব।
মাহীয়েকে অনেক দিনৰে পৰা আলচা কথা সিদ্ধি হ’বৰ আগন্তুক হৈছে ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক মুৰুক কৰি, তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াবলৈ ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে, সিটো পেৰা মেলিছে, “এইযোৰ কাপোৰ আমাৰ আইটি তোলৈ ভাল হ’বনে?” “এইখন ৰিহা সেইখন মেখেলাই তোক শুৱাবনে?” এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিবলৈ ধৰিলে। মাহীয়েকৰ ভাল পাটৰ ৰিহা-মেখেলা এযোৰ আৰু এখন উত্তম ৰিহাৰ গুণাৰ পাৰি দিয়া খনীয়াকাপোৰ আছিল; শেষত তাকে মাহীয়েকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি ক’লে, - “আইটি এই কাপোৰযোৰ আৰু খনীয়াকাপোৰখনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰযোৰেৰেই সখীয়েৰৰ ঘৰলৈ যা, সখীয়েৰৰ ঘৰৰ ওচৰপালেই টোপোলাত দিয়া ৰিহা-মেখেলা আৰু কাপোৰ পিন্ধিবি, ইয়াৰপৰা সেই কাপোৰ পিন্ধি গ’লে খোজ কাঢ়ি যাওঁতে বাটত ধূলি-মাকটি লাগি ক’লা হ’ব।” ইয়াকে কৈ মাহীয়েকে পাটৰ ৰিহা মেখেলাযোৰৰ ভিতৰত মনে মনে এটা নিগনি সুমুৱাই দি আৰু পাৰি দিয়া খনীয়া কাপোৰখনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা এটা কৰি তেজীমলাৰ হাতত দিলে।
সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথা মতে পাটৰ ৰিহা-মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰযোৰৰ ভিতৰৰ পৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰ পৰা এটা আঙঠা সৰকি পৰিল। তেজীমলাই দেখি বিচূৰ্তি হ’ল যে ৰিহা-মেখেলাযোৰ নিগনিয়ে কূটি থকা-সৰকা কৰিলে আৰু পাৰি দিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই গ’ল, তাই ঠক ঠক কৰে কঁপি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। লগত যোৱা মানুহেও আই কন্দা দেখি আচৰিত হৈ কথাবোৰ জানি তেজীমলাক অনেক বুজাই-বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ লৈ গৈ তাৰ পৰা এযোৰ ৰিহা-মেখেলা আৰু এখন কাপোৰ খুজি তাইক পিন্ধাই বিয়া চাবলৈ দিলে। বিয়াৰ পিছত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিল। মাহীয়েকে তাইক কাপোৰৰ কথা সুধিলত, তাই ভয়ত কঁপি কঁপি সেই পোৰা আৰু কূটা কাপোৰৰ টোপোলা মাহীয়েকৰ আগত পেলাই দিলে। মাহীয়েকে পোৰা আৰু কূটা কাপোৰ দেখি কৃত্ৰিম খঙত জলি পকি তেজীমলাক নথৈ গালি-শপনি পাৰি মাৰি তাও কৰিলে। ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলাল। পিছত তেজীমালক টানি আনি মাহীয়েকে ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই, নিজে ধুম ধুম কৰে ঢেঁকী দিবলৈ লাগিল। মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাত চাব মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোহাঁতখন খুন্দি পেলালে। সোহাঁতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিয়ঁৰি কান্দিবলৈ ধৰিলে। তেতিয়া বাঢ়নী মাৰি ডালেৰে মাহীয়েকে তেজীমালৰ পিঠিত কোবাবলৈ ধৰি তেজীমালক বাওঁ হাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিলে। বাওঁহাতেৰে খুবলিত ধান বঢ়াই থাকোঁতেই মাহীয়েকে সোঁহাতৰ দৰে তেজীমলাৰ বাওঁ হাতখনো খুন্দিলে। বাওঁহাত খুন্দি তাৰপিছত মাহীয়েকে তেজীমলাক সোঁ ভৰিৰে ধান বঢ়াবলৈ কৈ সোঁ ভৰিখনো খুন্দিলে আৰু তাৰ পিছত সেইদৰে বাওঁভৰিখনো খুন্দিলে। শেহত মাহীয়েকে মুৰেৰে ধান বঢ়াবলৈ কৈ তেজীমলাৰ মুৰটোও খুন্দি পেলালে। তেজীমলা মৰিল।
এইদৰে গিৰিয়েকৰ আলাসৰ লাড়ু চেনেহৰ তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানীপোতাতে গাঁত এটা খান্দি পুতি থলে।
তেজীমালক পোতা ঠাইডোখৰত কিছুদিনৰ মূৰত এজোপা লাওগছ গজি লহ-পহ কৰে ডাঙৰ হ’ল আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিল। ইফালে ওচৰ-চুবুৰীয়া মানুহে ভালেমান দিন তেজীমালক দেখিবলৈ নাপাই, মাহীয়েককক তাইৰ বাতৰি সুধিলত মাহীয়েকে উত্তৰ দিলে, “তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই।”
এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ ছালত লাওবোৰ লাগি থকা দেখি সাউদনীৰ ওচৰলৈ আহি ক’লে, “আই মোক লাও এটা দিয়ক।” তেজীমলাক মৰাৰ দিনৰে পৰা মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল দেখি লাওজোপা তাইৰ চকুত পৰাই নাছিল। সেইদেখি তাই মাগনী বুঢ়ীক উত্তৰ দিলে, “মই তোক লাও দিবলৈ ক’ত পাম? নিজেই আজি ভালেমান দিন লাও খোৱা নাই।” মাগনীয়ে ক’লে, “কিয় আই এনেকৈ কয়, আপোনাৰ ঢেঁকীশালৰ ছালতে দেখোন লাও ভৰি লাগি আছে।” বুঢ়ীৰ কথা শুনি সাউদনীয়ে আচৰীত মানি ক’লে, “মই হ’লে দেখা নাই, তই দেখিছ যদি কেইটা লাগে ছিঙি নেগৈ।” বুঢ়ীৰ এই কথা শুনি লাওগছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোঁতেই লাও-জোপাই বিনাই মাত লগালে -
“হাতো নেমেলিবি লাৱো নিছিঙিবি,
ক’ৰে মগনীয়া তই,
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে
তেজীমলাহে মই।”
লাওগছে মতা শুনি বুঢ়ীয়ে ভয় খাই লাও নিছিঙি গুচি আহি সাউদনীক ক’লে, “আই, লাও ছিঙিবলৈ হাত মেলোতেই মোক এইদৰে লাও জোপাই মাত লগালে। মোক আৰু লাও নেলাগে আই, মই গুচি যাওঁ।” এইবুলি মাগনী বুঢ়ী গুচি গ’ল। তেতিয়া সাউদনীয়ে কথাটোৰ আচল মানে ভালকৈ বুজিব পাৰি, কটাৰী এখন লৈ গৈ লাওগছজোপা কাটি টানি নি বাৰীৰ পিছফালে পেলাই দি গুচি আহিল।
লাওজোপা কাটি য’তেই পেলাই দিছিল সেইখিনিতে কিছুমান দিনৰ মূৰত এজোপা জৰাটেঙা হৈ ডাল ভৰি জৰা টেঙা লাগিল। গছজোপাত জৰাটেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত গছজোপা দোঁ-খাই পৰিছিল। এদিন কিছুমান গৰখীয়া ল’ৰাই গৰু চৰাওঁতে সেই জৰাগছত জৰাটেঙা দেখি খাবলৈ মন কৰি সাউদনীৰ ওচৰলৈ আহি ক’লে, “আই, আমাক গোটাচেৰেক জৰাটেঙা খাবলৈ দিবনে?” সাউদনীয়ে “মই ক’ত জৰাটেঙা পাম?” বুলি ক’লত সিহঁতে ক’লে, “কিয় আই, আপোনাৰ বাৰীৰ পিছফালে এজোপা জৰাগছত জৰাটেঙা দেখোন ভৰি লাগি আছে।” সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে, “মই হ’লে ক’ত জৰাটেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি কিমান লাগে পাৰি নে গৈ।”
সাউদনীৰ হুকুম পাই গৰখীয়া ল’ৰাকেইটা জৰাটেঙাৰ কাষলৈ গৈ জৰাটেঙা পাৰিব খোজোঁতেই গছজোপাই বিনাই মাত লগালে --
“ভাইও বোলোঁ মই ককাইও বোলো মই,
গাঁৱৰে গৰখীয়া ,
হাতো নেমেলিবি জৰাও নিছিঙিবি,
ঘৰলৈ উভটি যা।
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে,
মইহে তেজীমলা।”
গৰখীয়া ল’ৰাহঁতে এই বিননি শুনি কিবা দেওভূত গছজোপাত আছে বুলি জৰাটেঙা নিছিঙি তাৰপৰা আহি সাউদনীক এই কথা কৈ গুচি গ’ল। সাউদনীৰ ছাঁট কৰে মনত পৰিল যে তাই লাওজোপা কাটি সেইখিনিতে পেলাইছিল। এই কথা মনত পৰিলত তাই বুজিব পাৰিলে যে তেজীমলাইহে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰাগছ জোপা নদীত উটাই দিলে।
জৰা গছজোপা নদীত উটি গৈ ওচৰৰে ঘূলি এটাত ৰৈ এজোপা পদূম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ’ল। কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ বাপেকে নাৱেৰে উভটি আহোঁতে নৈৰ ঘূলিত গছজোপাত সুন্দৰ পদূম ফুল এটা ফুলি থকা দেখি তেজীমলালৈ সেই ফুলটো লৈ যাঁও বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক’লে। নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোঁতেই পদূমে বিনাই গালে -
“হাতো নেমেলিবি ফুলো নিছিঙিবি,
ক’ৰে নাৱৰীয়া তই।
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে,
তেজীমলাহে মই।”
ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক’লত, সাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলোতে ফুলে বিনাই মাতিলে -
“হাতো নেমেলিবা ফুলো নিছিঙিবা
চেনেহৰ পিতাদেউ ঐ,
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে
তেজীমলাহে মই।”
বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাবৰ কথা আগৰে পৰা জানি থৈছিল। সেই কাৰণে ভাবিলে যে, “এইজনী নিশ্চয় মোৰ তেজীমলা।” ইয়াকে মুদৈয়ে ভাবি তেওঁৰ বাঁওহাতত তেওঁৰ মুখৰ তামোলৰ এখন চোবা আৰু সোহাঁতত এটা লাড়ু লৈ ক’লে যে, “যদি তই মোৰ তেজীমলাহে হয়, তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই চোবাটি খাবি; আৰু যদিহে নহয়, আন কোনোবাহে হয় তেন্তে লাড়ুটো নিবি।” এইবুলি তেওঁ ক’লতে পদূম ফুলটি শালিকা এটি হৈ উৰি আহি তেওঁৰ হাতত পৰি চোবাটি খালে। বাপেকে তেতিয়া তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত সুমুৱাই লৈ আহিল। সাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে, “তেজীমলা ক’লৈ গ’ল?” ঘৈণীয়েকে ক’লে, “মোমায়েকৰ ঘৰলৈ গ’ল।” সদাগৰে ঘৈণীয়েকক ঘুকটি ঘুকটি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই সৈ কঢ়ালে। ইয়াৰ পিছত শালিকাটিৰ গাত নিজৰ পানীগামোচাখন পেলাই দি ক’লে, “যদি তই মোৰ তেজীমলাহে আৰু যদি মোলৈ তোৰ মৰম আছে, এই গামোচাখন পিন্ধি তই মানুহ হ’বি।” এই কথা শুনি তেতিয়াই তেজীমলা আগৰদৰে হ’ল আৰু সাউদে ঘৈণীয়েকক হত্যা কৰিলে ।"
কাহিনী ভাগৰ আটাইবোৰ কথা খুব সুন্দৰকৈ কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ তেজীমলা কবিতাটোত সন্নিবিষ্ট হৈছে। সাধুটোৰ মূল লেখক লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ তেজীমলা অতি জনপ্ৰিয় আৰু চৰ্চিত এটা সাধুৰ চৰিত্ৰ। সেই চৰিত্ৰৰ সকলো গুণ অক্ষুণ্ণ ৰাখি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ তেজীমলা কবিতাটো প্ৰকাশিত হৈছে। ই পৌৰাণিক কাহিনী সমৃদ্ধ। সহজ-সৰল ভাৱ-ভাষা। এটি জনপ্ৰিয় চৰিত্ৰ কবিতাটোত প্ৰতিফলিত হৈছে। কবিতাটো কাহিনী সমৃদ্ধ আৰু অলৌকিকতাৰ বিদ্যমান। তেজীমলা মৰাৰ পাছত লাউ গছ হিচাপে জন্ম লৈছে, জৰা গছ হিচাপে জন্ম লৈছে, পদুম ফুল হৈ ফুলি ৰৈছে এই অৱস্থাই এক অলৌকিক পৰিৱেশৰ সৃষ্টি কৰাত সহায় কৰিছে। তদুপৰি তেজীমলা শালিকা হৈ বাপেকৰ হাতত পৰা আৰু গামোচাখন পিন্ধাৰ লগে লগে মানুহলৈ ৰূপান্তৰ হোৱাটোৱে অলৌকিকতাক প্ৰতিফলিত কৰিছে। সেয়ে এই কবিতাটোক মালিতা বা বেলাড হিচাপে আখ্যা দিব পাৰি।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক : দুদুল সোণোৱাল ।
(সাধুটোৰ মূল কথাখিনি ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু ভুলবোৰ শুধৰাই ইয়াত সন্নিৱিষ্ট কৰা হৈছে।)
🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇
No comments:
Post a Comment
dudulsonowal32@gmail.com