Thursday, July 21, 2022

মানৱ শৰীৰৰ বাহ্যিক অংগ আৰু লবলগীয়া যতন। External organs of the human body and maintenance to be taken.

মানৱ শৰীৰৰ বাহ্যিক অংগ আৰু লবলগীয়া যতন।External organs of the human body and maintenance to be taken.


🙏মানুহৰ শৰীৰৰ অন্ত:ভাগৰ অংগবিলাক শৰীৰৰ বাবে যিমান গুৰুত্বপূৰ্ণ , ঠিক একেদৰে বাহ্যিক ভাগত থকা অংগবিলাকো সমানে গুৰুত্বপূৰ্ণ। বাহ্যিক ভাগৰ অংগবিলাক হৈছে - নাক, কাণ, চকু, হাত আৰু ভৰি। এই পাঁচটা বাহ্যিক ইন্দ্ৰিয় মানৱ শৰীৰৰ পঞ্চইন্দ্ৰিয়ৰ অন্তৰ্ভুক্ত। 

দেহে এই ইন্দ্ৰিয়ৰ জৰিয়তে সকলো বাহ্যিক ভাগৰ কাম সমাধান কৰে। ইয়াৰ যিকোনো এটা অংগ বিকল হ'লে মেচিন এটাৰ যন্ত্ৰপাতি বেয়া হোৱাৰ ফলত যি অৱস্থা সৃষ্টি হয় সেই একে অৱস্থাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে মানুহে দৈহিক ইন্দ্ৰিয়সমূহ সদায় তত্বাৱধান আৰু যতন লোৱা উচিত। বাহ্যিক অংগবিলাকৰ বিষয়ে তলত থূলমূলকৈ আলোচনা আগবঢ়োৱালৈ প্ৰয়াস কৰা হৈছে। 
নাক (Nose) : মানুহে যিকোনো বস্তুৰ বা সামগ্ৰীৰ গোন্ধ ল'বলৈ নাকৰ সহায় লয়। অৰ্থাৎ গোন্ধ বা ঘ্ৰাণ লবৰ কাৰণে যি অংগ শৰীৰে ব্যৱহাৰ কৰে সেয়াই হৈছে নাক বা Nose। নাকটোত সাধাৰণতে দুটা বিন্ধা থাকে যাক আমি সকলোৱে জানো। নাকৰ আগৰ অংশ উপাস্হিৰে আৰু গুৰিৰ অংশ অস্থি বা হাড়েৰে গঠিত। আগফালে থকা ছিদ্ৰ বা বিন্ধা দুটাক নাসাৰন্ধ্ৰ বোলা হয়। বিন্ধা দুটাক ভিতৰ ভাগত কিছুদূৰলৈ এখন উপাস্হিৰে পৃথক কৰি ৰাখে। তাৰপাছত বিন্ধা দুটা নাসাগহ্বৰত মিলিত হয়। নাসাগহ্বৰ এটা বহল অংশ। নাসাগহ্বৰৰ ওপৰফালে থকা আৱৰণীখনত বহুতো ঘ্ৰাণগ্ৰাহী কোষ থাকে। কোষবিলাকে নাকক গোন্ধ পোৱাত সহায় কৰে। নাসাগহ্বৰত থকা কোষবিলাকৰ আগ অংশত কিছুমান অতি ক্ষুদ্ৰ শুং থাকে।উশাহ লোৱাৰ সময়ত নাকৰ সৰু ছিদ্ৰৰে বায়ু নাকলৈ সোমাই আৰু গোন্ধ সৃষ্টি কৰা পদাৰ্থৰ কণিকা ঘ্ৰাণগ্ৰাহী কোষৰ সংস্পৰ্শলৈ আহে। কোষবোৰে ইয়াৰ পিছত দেহত থকা স্নায়ুৰ সহায়ত গোন্ধৰ চেতনা মগজুলৈ প্ৰেৰণ কৰে, তেতিয়াই আমি গোন্ধ পাবলৈ সক্ষম হও।
     মানুহৰ নাকৰ দুটা বিন্ধাৰ আৰম্ভণিতে চুটি চুটি নোম গজে। এই নোমবোৰে নাকত ধূলি বালি, বীজাণু আদি নাকত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰি মানুহক ৰোগৰ পৰা ৰক্ষা কৰে। সেয়ে আমি সদায় বাহ্যিক অংগ নাকৰ ফলপ্ৰসূ যতন ল'ব লাগে।
     নাকৰ যতন : ১/ নিজৰ নাকটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। নাকৰ ভিতৰত খজুৱালে আঙুলি সোমোৱাওতে অতি সাৱধান হোৱা দৰকাৰ যাতে আঙুলিৰ নখে নাকৰ ভিতৰত থকা ছালখনত ঘা নলগায়। নাকৰ বেৰত ঘা লাগিলে বীজাণু সহজে সংক্ৰমণ হয়। কৰোণা ভাইৰাছৰ পৰা বাচিবৰ বাবে সেয়ে নাক-মুখত মুখা পিন্ধা হয়।
     ২/ পানী লগা জ্বৰ হ'লে শেঙুনেৰে নাকৰ বন্ধ কৰি দিয়ে। এনে সময়ত বেছি কষ্ট পোৱাকৈ জোৰেৰে নাকত হেঁচি শেঙুন উলিয়াবলৈ চেষ্টা কৰিব নালাগে। তেনে কৰিলে কেতিয়াবা অকস্মাত নাকত ঘা লাগি তেজ ওলাব পাৰে। তাৰ পৰিৱৰ্তে কুহুমীয়া গৰম পানীত অকণমান নিমখ মিহলাই নাকেৰে উজাব লাগে। তেতিয়া হাঁচি আহিব আৰু হাঁচিত শেঙুন বাহিৰ হ'ব।
     ৩/ শুকান বতৰত নাকৰ বিন্ধা ফাটে। যিহেতু ছালখন শুকাই কৰকৰীয়া হয়। এনে অৱস্থাত ভেচলিন, বৰোলিন বা মিঠাতেল লগাই কোমল কৰি ৰাখিব লাগে।
কাণ (Ear) : কাণ হৈছে মানুহৰ এক অতি গুৰুত্বপূৰ্ণ বাহ্যিক অংগ। এই অংগৰ অবিহনে মানুহে কোনো শব্দ শুনা নাপায়। যাৰফলত মানুহ এজনে আ এনজনৰ সৈতে যোগাযোগ অক্ষুণ্ণ ৰাখিব অপাৰগ হৈ পৰে। সেয়ে কাণৰ প্ৰতি আমি সদায় সচেতন হ'ব লাগে। কাণ দুখন সদায় পৰিষ্কাৰকৈ ৰখা উচিত। কাণৰ বহি:অংশক কৰ্ণপল্লৱ বোলা হয়। কৰ্ণপল্লৱৰ ভিতৰৰফালে কাণৰ আন অংশবোৰ থাকে। কাণৰ ভিতৰৰ আৰু বাহিৰৰ অংশক লৈ মুঠ তিনিটা অংশ থাকে। ভাগ কেইটা হৈছে - ক) বহি:কৰ্ণ, খ) মধ্য কৰ্ণ, আৰু গ) অন্ত:কৰ্ণ।
      ক) বহি:কৰ্ণ : কৰ্ণপল্লৱৰ পৰা কাণৰ ভিতৰলৈ থকা নলী বা কৰ্ণ কুহক আৰু কুহকৰ শেষত থকা কৰ্ণ পটহ নামে এখন পাতল ছালৰ পৰ্দা যাক বহি:কৰ্ণ বোলা হৈছে।
      খ) মধ্য কৰ্ণ : কৰ্ণপটহৰ ঠিক পিছতে তিনি টুকুৰা ক্ষুদ্ৰ ক্ষুদ্ৰ হাড়ৰ সৈতে এটা কোঠা থাকে যাক মধ্য কৰ্ণ বোলা হয়। 
      গ) অন্ত:কৰ্ণ : এই অংশটো শামুকৰ খোলাৰ দৰে পাক খোৱা এটা জটিল নলীৰে গঠিত।

      বহি:কৰ্ণৰ কাম হৈছে কৰ্ণপল্লৱৰ সহায়ত শব্দৰ তৰংগ গ্ৰহণ কৰি কৰ্ণকুহকৰ ভিতৰলৈ প্ৰেৰণ কৰা। এই শব্দৰ তৰংগই কৰ্ণপটহৰ অংশ কঁপাই তোলে। তেতিয়া মধ্যকৰ্ণই দি শব্দৰ তৰংগ অন্ত:কৰ্ণত পায়গৈ আৰু তাত থকা শব্দগ্ৰাহী কোষে শব্দৰ চেতনা মগজুলৈ প্ৰেৰণ কৰে তেতিয়াই আমি শব্দটো শুনা পাওঁ। সেয়ে কাণৰ বিন্ধা দুটা বন্ধ কৰি ৰাখিলে মানুহে শুনা নাপায়।
      কাণৰ যতন: ১/ পিন, জুইশলা কাঠি, বাঁহৰ কাঠি আদি ব্যৱহাৰ কৰি কাণ খজুৱা বা চাফা কৰা অনুচিত। চাফা কৰোঁতে কৰ্ণপটহত আঘাত লাগি কৰ্ণপটহ ফালি যোৱাৰ আশংকা থাকে। তেনে ঘটনা ঘটিলে মানুহৰ শ্ৰৱণ শক্তি লোপ পাব পাৰে। সেয়ে এনেক্ষেত্ৰত সাৱধান হোৱা উচিত।
      ২/ কোনো বেক্টেৰিয়া বা বীজাণুৱে আক্ৰমণ কৰিবলৈ যাতে নোৱাৰে তাৰ বাবে কোমল কাপোৰ বা কপাহেৰে কানৰ ভিতৰ আৰু বাহিৰৰ ভাগ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।
      ৩/ বেক্টেৰিয়াজনিত কাৰণত কেতিয়াবা কাণৰ পৰা পুঁজ ওলোৱা দেখা যায়। এনে সময়ত অভিজ্ঞ লোকৰ বা ডাক্টৰৰ ল'ব লাগে আৰু চাফা কৰাব লাগে।
হাত (Hand) : নিজৰ হাতখনৰ সম্পৰ্কে আমি সকলোৱে নিশ্চয় জানো । হাতৰ অবিহনে কোনো কামেই কৰিব পৰা নাযায়। খোৱা-বোৱা কৰাৰ পৰা দৈনন্দিন বিভিন্ন ধৰণৰ কাম-কাজৰ সমাধানৰ ক্ষেত্ৰত হাতে আমাক সহায় কৰে। 
     হাতৰ আগ অংশত আঙুলি পাঁচোটাকৈ থাকে। মণিবন্ধ, কিলাকুটি আৰু বাউসি এই তিনিটা অংশত হাতখন লৰচৰ কৰিব পাৰি। লৰচৰ কৰিব পৰা অংশটো সন্ধিৰ সহায়ত হাড়বোৰ যোৰা লাগি থাকে। হাতৰ মণিবন্ধ পিচলা সন্ধি (Gliding joint), বুঢ়া আঙুলি আৰু মণিবন্ধৰ মাজৰ অংশ চেডল্‌ সন্ধি (Saddle joint) ৰ দ্বাৰা লগলাগি থাকে। সেয়ে আমি হাতৰ বিভিন্ন অংশ লৰচৰ কৰিব পাৰোঁ।
     হাতৰ যতন : ১/ চোকা কটাৰী,দা আদি লওতে আমি সাৱধান হোৱা উচিত যাতে আমাৰ হাতৰ কোনো অংশ ঘূণীয়া নহয়। 
     ২/ বিভিন্ন কাম কৰা পিছত চাবোন বা চেনিটাইজাৰ লগাই পৰিষ্কাৰ পৰিচ্ছন্নকৈ হাত ধুব লাগে যাতে হাতত বীজাণু লাগি নাথাকে।
     ৩/ হাতৰ প্ৰতিটো অংশ গুৰুত্বপূৰ্ণ। সেয়ে আমি সদায় সচেতন হৈ যতন ল'ব লাগে।

ভৰি (Leg) : নজনা মানুহ নাই যে ভৰি মানুহৰ অতি লাগতিয়াল অংগ। ভৰি হ'ল মানুহৰ শৰীৰৰ চকা। ভৰিৰ অবিহনে মানুহৰ কি অৱস্থা হলহেতেন বাৰু ? নিশ্চয় ভৰি বা ঠেং নথকা হেতেন মানুহ জড় পদাৰ্থত পৰিণত হ'লহেঁতেন । যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা সুচাৰুৰূপে পালন কৰে আমাৰ ভৰিয়ে। ভৰিটোত তিনিটা অংশত সন্ধি থাকে। ভৰিৰ পতাৰ ওপৰত সন্ধি থাকে, আঁঠুত সন্ধি থাকে আৰু ককালত সন্ধি থাকে। ভৰিৰ আঁঠুত কব্জা সন্ধি, ককালত বল আৰু চকেট সন্ধি আৰু ভৰিৰ পতাৰ ওপৰত ধুৰাগ্ৰ সন্ধি আদি থাকে। 

ভৰিৰ যতন : ১/ ভৰি অক্ষত অৱস্থাত থাকিবৰ বাবে জোতা,চেণ্ডেল ,পাদুকা আদি পিন্ধিব লাগে। 
        ২/ দা, কোৰ , কুঠাৰ আদি চলাওতে সাৱধান হোৱা উচিত যাতে ভৰিত কোনো আঘাত সানিব নোৱাৰে। 
        ৩/ বিভিন্ন কাম কৰাৰ পিছত ভৰি চাবোন বা চেনিটাইজাৰ লগাই পৰিষ্কাৰ পৰিচ্ছন্নকৈ ধুব লাগে যাতে কোনো বেমাৰৰ বীজাণুৱে বাহ ল'ব নোৱাৰে।


[মনত ৰাখিব লগীয়া :
চাইন’ভিয়েল সন্ধিত দুডাল হাড়ৰ সংযোগ স্থলত চাইন’ভিয়েল ৰসেৰে পৰিপূৰ্ণ এটা গহ্বৰ থাকে। চাইনভিয়েল ৰসৰ উপস্থিতিৰ বাবে এই সন্ধিয়ে চলনত যথেষ্ট সহায় কৰে। এইবোৰ সন্ধিৰ জৰিয়তে অংগবোৰ বিভিন্ন আৰ্হিত লৰচৰ কৰিব পাৰে যেনে – বাহুৰ হিউমেৰাচ আৰু বক্ষবেষ্টনীৰ মাজৰ বল আৰু চকেট (Ball and socket) আৰ্হি, আঁঠুৰ জোৰাত থকা কব্জা আৰ্হিৰ সন্ধি (Hinge joint), প্ৰথম কশেৰুকা (এটলাচ) আৰু দ্বিতীয় কশেৰুকাৰ মাজৰ ধুৰাগ্ৰ সন্ধি (Pivot joint), মণিবন্ধবোৰৰ মাজত থকা পিচলা সন্ধি (Gliding joint), বুঢ়া আঙুলি আৰু মণিবন্ধৰ মাজৰ চেডল্‌ সন্ধি (Saddle joint) ইত্যাদি।]

উল্লেখিত মানৱদেহৰ বাহ্যিক অংগ বিলাকৰ সম্পৰ্কে আমি সজাগ ? অংগবোৰৰ যতনে দেহত ৰোগৰ বীজাণু প্ৰৱেশত বাধা আৰোপ কৰে। সুস্বাস্থ্য বৰ্তাই ৰখাৰ বাবে আমি ইয়াৰ সম্পৰ্কে অধ্যয়ন কৰা প্ৰয়োজন। 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক : দুদুল সোণোৱাল।


🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts